ডাঃ ঘনকান্ত দলে
আজি ছমাহতকৈ অধিক কাল অসমৰ পোহনীয়া গাহৰিবোৰ
মহামাৰি হৈ বৃহৎ সংখ্যাত মৃত্যুমুখত পৰিছে।
দেখা যায়, গাহৰিৰ এই ৰোগ মানৱ সমাজত বৰ্তমান আতংক সৃষ্টি কৰি থকা ক’ৰনা অতিমাৰিৰ সময়ৰ
পৰাই আৰম্ভ হৈছিল। উল্লেখযোগ্য যে, এই বেমাৰৰ সাদৃশ্য হ’ল এই বেমাৰৰ কোনো ভেক্চিন
(ছিটা) নাই। এই বেমাৰ কোনো বাহক (Carrier) মৃত গাহৰিৰ তেজ, মাংস বা সম্পৰ্কৰ পৰা সংক্ৰমণ
হয়। ই পানী, সংক্ৰমিত হোৱা গাহৰি সংস্পৰ্শলৈ অহা মানুহ, জীৱ-জন্তু, পক্ষী, বাচন-বৰ্তন,
খাদ্য আদিৰ পৰা নিৰোগী গাহৰিৰ দেহলৈ বিয়পি
পৰে। এই বেমাৰৰ এটাই ভাল গুণ— এই ভাইৰাছে মানুহৰ কোনো অনিষ্ট নকৰে।

আফ্ৰিকান ছোৱাইন
ফিভাৰ কি?
আফ্ৰিকান ছোৱাইন
ফিভাৰ একমাত্ৰ গাহৰি প্ৰজাতি আক্ৰান্ত হোৱা আৰু ১০০% মৃত্যু ঘটাব পৰা এক মাৰাত্মক ভাইৰাছজনিত
সংক্ৰামক ৰোগ। এই ভাইৰাছে মানুহক আক্ৰমণ নকৰে। এই ৰোগ পূৰ্বৰে পৰাই আফ্ৰিকা মহাদেশ,
য়ুৰোপৰ নিৰ্বাচিত কেইখনমান দেশত বিস্তৃত হৈ আছে যদিও, যোৱা ২০১৮ চনৰ পৰা চীন, ক’ৰিয়া,
কম্ব’দিয়া, ম্যানমাৰ আদি আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহত বিয়পি পৰিছে।

আমি কিয় এই ভাইৰাছৰ
প্ৰতি শংকিত?
আফ্ৰিকান ছোৱাইন
ফিভাৰ ভাইৰাছ এচ্ফাৰ ভাইৰাইদি বৰ্গৰ ডি এন এ জিনস্থিত ভাইৰাছ। ই সহজে নিষ্ক্ৰিয় নহয়
আৰু সকলো বয়সৰ গাহৰিকে সমানে আক্ৰমণ কৰি ২ সপ্তাহৰ ভিতৰত ১০০% য়ে মৃত্যু ঘটাব পাৰে।
উদ্বিগ্নৰ কথা হ’ল এই ৰোগৰ কোনো প্ৰতিকাৰক তথা প্ৰতিষেধক ব্যৱস্থা নাই। উত্তৰ-পূৰ্বাঞ্চল
তথা সমগ্ৰ ভাৰতবৰ্ষতেই আফ্ৰিকান ছোৱাইন ফিভাৰৰ আগ্ৰাসন হ’ব পাৰে। উন্মুক্ত আন্তঃৰাষ্ট্ৰীয়
সীমাৰে ইতিমধ্যে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা এই ভাইৰাছ আমাৰ দেশত প্ৰৱেশ কৰিছে। আফ্ৰিকান
ছোৱাইন ফিভাৰ ভাইৰাছে অৱশ্যে মানুহৰ কোনো অনিষ্ট নকৰে।

এই ভাইৰাছৰ উৎস ক’ত?
সকলো আক্ৰান্ত ঘৰচীয়া
আৰু বনৰীয়া গাহৰিৰ দেহৰ পৰা শৌচ, প্ৰস্ৰাৱ, নাক-মুখ চকুৰ পৰা ওলোৱা পানী, তেজ আদিৰ
জৰিয়তে ৩-২০ দিন পৰ্যন্ত আফ্ৰিকান ছোৱাইন ফিভাৰৰ ভাইৰাছ নিৰ্গত হৈ থাকিব পাৰে। মৃত্যুমুখত
নপৰা আক্ৰান্ত গাহৰিয়ে ৩ মাহলৈ এই ভাইৰাছ দেহত কঢ়িয়াই লৈ ফুৰিব পাৰে। হিমায়িত মাংসত
এই ভাইৰাছ বহু দিনলৈ বৰ্তি থাকে। ভাইৰাছ আক্ৰান্ত গাহৰিৰ তেজ ভক্ষণ কৰা অন্নিথোডোৰাছ্
নামৰ চিকৰাৰ দেহত এই বিজাণু বহু দিনলৈ সক্ৰিয় হৈ থাকে।

ফিভাৰ ৰোগত আক্ৰান্ত গাহৰিৰ প্ৰত্যক্ষ সংস্পৰ্শত আহিলে তথা বেমাৰী গাহৰিৰ নাড়ী-ভুঁৰু,
তেজ, মাংস আদি ভক্ষণ কৰিলে এই ভাইৰাছ সুস্থ গাহৰিৰ দেহলৈ সংক্ৰমিত হ’ব পাৰে। মানুহ,
যান-বাহন, জোতা, কাপোৰ আদিৰ যোগেদিও এই ভাইৰাছ বিস্তাৰিত হয়। ইয়াৰ উপৰি গাহৰিৰ ছালত
থকা অৰ্নিথোডোৰাছ্ নামৰ ছিকৰাই আফ্ৰিকান ছোৱাইন ফিভাৰ ভাইৰাছ এজনীৰ পৰা আন এজনী গাহৰিৰ
দেহলৈ বিয়পায়।
অসমলৈ এই ৰোগ ক’ৰ
পৰা কেনেকৈ আহিল?
আফ্ৰিকান ছোৱাইন
ফিভাৰ (এ.এছ.এফ.) অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণেই এক নতুন সংক্ৰমণ। সংক্ৰমণৰ স্থান
অধ্যয়ন কৰিলে দেখা যায় উত্তৰ-পূৰ্বাঞ্চলৰ দুখন সীমান্তৱৰ্তী ৰাজ্য ক্ৰমে অৰুণাচল আৰু
অসমত প্ৰথমে এই বেমাৰৰ লক্ষণ দেখা পোৱা গৈছিল। প্ৰথম অৱস্থাত অসমৰ সীমামূৰীয়া জিলা
ধেমাজিৰ জোনাই মহকুমাত ইয়াৰ লক্ষণ যোৱা জানুৱাৰি মাহতে দেখা পোৱা গৈছিল। সচৰাচৰ অসমত
দেখা পোৱা গাহৰি জ্বৰ (Classical Swine Fever)-ৰ লগত ইয়াৰ সাদৃশ্যতা লক্ষ্য কৰি চিকিৎসা
প্ৰদান কৰা হৈছিল, কিন্তু অতি মাত্ৰাত গাহৰিৰ মৃত্যু হোৱালৈ চাই লক্ষীমপুৰ পশু চিকিৎসা
মহাবিদ্যালয়ৰ এটা বিশেষজ্ঞ দলে উক্ত স্থানৰ পৰা ১৪ জানুৱাৰি ২০২০ তাৰিখে ছেম্প্ল
সংগ্ৰহ কৰি লৈ যায় আৰু জ্বৰবাত (Haemorrhagic Septicemic) লগতে গাহৰি জ্বৰৰ কিছু কিছু
ঠাইত হোৱাৰ কথা সদৰি কৰে। সেই মৰ্মেই দুইবিধ বেমাৰৰ চিতাকৰণ আৰম্ভ কৰা হৈছিল। কিন্তু
পশু চিকিৎসাৰ প্ৰতিষেধক আৰু প্ৰতিকাৰৰ সকলো চেষ্টা বিফলে যায়। এই সময়খিনিতে ধেমাজি
জিলাৰ বহু নদীত মৃত গাহৰি বৃহৎ হাৰত উপঙি থকা লক্ষ্য কৰা হয়। সংবাদ মাধ্যমৰ বাতৰিলৈ
চাই পশু চিকিৎসা মহাবিদ্যালয়, খানাপাৰা আৰু ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰ, বৰাপানীস্থিত
কেন্দ্ৰৰ বিশেষজ্ঞ দলে ৮ মাৰ্চ, ২০২০ তাৰিখে পিপলগুৰি ৰাজ্যিক পশু চিকিৎসালয়ৰ পৰা প্ৰয়োজনীয়
কোষ (Tissue Sample) সংগ্ৰহ কৰে, একে মাহত অসমৰ কিছু জিলা আৰু অৰুণাচলৰ পৰা এনে চেম্পল
সংগ্ৰহ কৰি ভূপালস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ ৰাষ্ট্ৰীয় উচ্চ স্তৰীয় সুৰক্ষা
পশু ৰোগ সংস্থান (ICAR-NIHSAD) লৈ ৰোগৰ বীজাণু
পৰীক্ষাৰ বাবে পঠিয়াই আৰু উক্ত সকলোবোৰ প্ৰেৰিত কোষবোৰত মাৰাত্মক আফ্ৰিকান ছোৱাইন ফিভাৰৰ
বীজাণু উপস্থিতি ধৰা পেলায়। তাৰ পিছতে অসমৰ বিশেষকৈ বিশ্বনাথ, শিৱসাগৰ, কামৰূপ, যোৰহাট,
ধেমাজি জিলাৰ ১৪ টা স্থানক বেমাৰৰ অভিকেন্দ্ৰ হিচাপে চিহ্নিত কৰি পেলায় আৰু তাৰ পৰৱৰ্তী
সময়ত উক্ত অভিকেন্দ্ৰৰ ১ কি.মি. ব্যাসাৰ্ধৰ ভিতৰৰ গাঁওবোৰত সামগ্ৰীক গাহৰি নিধন কৰাৰ
সিদ্ধান্ত গ্ৰহণ কৰিছে।

এতিয়া সংক্ৰমণৰ স্থানৰ
আঁৰত থকা তথ্যৰ ওপৰত কিছু আলোচনা কৰা উচিত হ’ব। আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ প্ৰথমে
অৰুণাচলৰ উজনি আৰু নামনি চিয়াং জিলাত হৈছিল। বিশ্বত সেই সময়তে বিশেষকৈ চীন, ম্যানমাৰ,
নামবিয়া আদি দেশত এই ৰোগৰ ফলত লাখ লাখ গাহৰিৰ মৃত্যু হৈ আছিল। চীন বা ম্যানমাৰ আদি
দেশৰ পৰা তাৰ ওচৰৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশত ঘৰচীয়া আৰু বনৰীয়া গাহৰিত এই বেমাৰ
সোমাল আৰু লাহে লাহে বেলেগ বেলেগ ঠাইলৈ বিস্তাৰিত হ’ল। আনহাতে মৃত গাহৰি চিয়াং আৰু
তাৰ উপনৈ সমূহেদি উঠি আহি অসমৰ সীমামূৰীয়া জোনাই অঞ্চললৈ আহিল।

এই ৰোগ কেনেকৈ চিনাক্ত
কৰিব?
| বহু সময়ত আক্ৰান্ত গাহৰিবোৰে কোনো ৰোগৰ লক্ষণ নেদেখুওৱাকৈ হঠাৎ মৃত্যু মুখত পৰে। | |
| আক্ৰান্ত গাহৰিৰ অতিপাত জ্বৰ উঠে (১০৩-১০৮ ডিগ্ৰী ফাঃ), খাবলৈ এৰে, ঘুৰা ফুৰা কৰিব নিবিচাৰে, থুপ বান্ধি থাকে, কাণৰ দাঁতিকাষবোৰত জোঙা শীৰ্ষ অংশত ৰঙা চেকুৰা দেখা যায়। | |
| ৰোগাক্ৰান্ত গাহৰিবোৰে উশাহ লোৱাত কষ্ট পায়, কেতিয়াবা কাঁহিব ধৰে আৰু কাঁহৰ লগত তেজ নিৰ্গত হয়। | |
| বগা ছালৰ গাহৰিৰ পেটৰ তলৰ অংশত, শৌচদ্বাৰৰ চৌকাষত ৰঙা চেকুৰা আৰম্ভ হয় পাছলৈ নীলা বৰণৰ হয়। | |
| ক্ষুদ্ৰান্ত আৰু বৃহদান্ত্ৰত তেজৰ চেকুৰা দেখা পোৱা যায়৷ | |
| বিভিন্ন অংশত থকা গ্ৰন্থিবোৰ অতিপাত ৰঙচুৱা হৈ পাছলৈ ক’লা বৰণ পৰে। | |
| যকৃতৰ লগত থকা পিত্তমোনা উখহি আকাৰত যথেষ্ট বৃদ্ধি পায়। | |
| কলিজাৰ বহিঃআৱৰণি মোনাত হালধীয়া পানী জমা হয়।অন্তঃভাগত তেজৰ চেকুৰা বিস্তাৰিত হৈ থাকে। | |
| আক্ৰান্ত গাহৰিৰ প্লীহা অতিপাত উখহে আৰু পেটত হালধীয়া পানী আৱদ্ধ হৈ থাকে। | |
| আক্ৰান্ত গাহৰিৰ বৃক্কৰ বহিঃভাগত অতি ঘন তেজৰ বুদ বিস্তাৰিত ভাৱে থাকে। বৃক্ক দুফাল কৰিলে ভিতৰ অংশত তেজৰ চেকুৰা দেখা পোৱা যায়। |
আফ্ৰিকান ছোৱাইন
ফিভাৰ ভাইৰাছে সকলো বয়সৰ পোহনীয়া গাহৰি আৰু বনৰীয়া গাহৰিক সমানে আক্ৰান্ত কৰে। আক্ৰান্ত
গাহৰিয়ে নিম্নলিখিত ৰোগৰ লক্ষণবোৰ দেখুৱায় আৰু দেহৰ অন্তৰ্ভাগত থকা অংগ-প্ৰতংগবোৰত
বিশেষ পৰিৱৰ্তন প্ৰত্যক্ষ কৰা দেখা যায়।
আফ্ৰিকান ছোৱাইন
ফিভাৰ অইন সংক্ৰামক ৰোগৰ লগত কোনখিনিত পৃথক?
| আফ্ৰিকান ছোৱাইন ফিভাৰ | হ’গ কলেৰা বা ক্লাচিকেল ছোৱাইন ফিভাৰ | পি এৰ এৰ এছ |
|---|---|---|
| কম সময়ৰ ভিতৰত সকলো বয়সৰ গাহৰি ৯০-১০০% মৃত্যু হয় | মৃত্যুৰ হাৰ সৰু আৰু বাঢ়নীয়া গাহৰিত ৪০-৭০% | বাঢ়নীয়া গাহৰিত মৃত্যুৰ হাৰ ৪০-৬০% |
| আক্ৰান্ত গাহৰিৰ তল পেটৰ ছালত, ভৰিত, কাণত বিস্তাৰিত তেজৰ চেকুৰা দেখা যায় | কম পৰিমাণৰ পেটৰ ছালত, ভৰিত দেখা যায় | পেটৰ ছালত আৰু কাণত নীলা বৰণ হয় |
| শ্বাস-প্ৰশ্বাস ঘন হয়, কষ্ট পায় | সঘনে দেখা নাযায় | আক্ৰান্ত গাহৰিৰ কষ্টকৰ ঘন শ্বাস-প্ৰশ্বাস হয় |
| বমি আৰু শৌচৰ লগত তেজ ওলায় | দেখা নাযায় | দেখা নাযায় |
| গাভিনী গাহৰিৰ গৰ্ভপাত হয় | মৃত পোৱালি জন্ম দিয়ে | গৰ্ভপাত হয় |
| মৰণোত্তৰ পৰীক্ষাত ভিতৰৰ অংগবোৰত অতিপাত তেজৰ চেকুৰা দেখা যায়। পিত্তমোনা উখহে, পেটত হালধীয়া পানী জমা হয় | কম পৰিমাণে দেখা যায় | সঘনে দেখা নাযায় |
আপোনাৰ পামৰ গাহৰি
আক্ৰান্ত হ’লে কি কৰিব?
* সকলো গাহৰি গঁড়ালৰ
ভিতৰত আবদ্ধ কৰি ৰাখক।
ভিতৰত আবদ্ধ কৰি ৰাখক।
* আক্ৰান্ত গাহৰি
দূৰৈত পৃথকে ৰখাৰ ব্যৱস্থা কৰক।
দূৰৈত পৃথকে ৰখাৰ ব্যৱস্থা কৰক।
* লগে লগে ওচৰৰ পশু-চিকিৎসকক
ৰোগৰ খবৰ দিয়ক আৰু আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগ হোৱা নিশ্চিত কৰক।

* পশু চিকিৎসকৰ সহায়ত
ৰোগৰ নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰক।
ৰোগৰ নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰক।
* এই ৰোগৰ কোনো চিকিৎসা
নাই।
নাই।
* মৃত গাহৰি আঁতৰত
৬ ফুট গাঁত কৰি ৪% চ’ডা য ২ক্ম ব্লিচিং পাউদাৰ দি পুতি থওক।

* কোনো কাৰণত মৃত
গাহৰি মুকলি ঠাইত অথবা নদীত পেলাই নিদিব।
গাহৰি মুকলি ঠাইত অথবা নদীত পেলাই নিদিব।
* আক্ৰান্ত তথা ওচৰৰ
অইন গাহৰিবোৰ স্থানীয় প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক।

* পামৰ চৌপাশ, গঁড়ালৰ
মজিয়া ৪% কাপোৰ ধোৱা চ’ডা বা ২% ব্লিচিং পাউদাৰ মিশ্ৰিত পানীৰে চাফ কৰক।

* আক্ৰান্ত অঞ্চলত
গাহৰি আৰু গাহৰিৰ মাংস বেচা-কিনা বন্ধ কৰক।

* যান-বাহন তথা মানুহৰ
আহ-যাহ নিয়ন্ত্ৰণ কৰক।
আহ-যাহ নিয়ন্ত্ৰণ কৰক।
আফ্ৰিকান ছোৱাইন
ফিভাৰৰ আক্ৰমণৰ পৰা পামখন কেনেকৈ মুক্ত কৰি ৰাখিব?
* আফ্ৰিকানে ছোৱাইন
ফিভাৰৰ কোনো প্ৰতিৰোধক ছিটা নাই।
ফিভাৰৰ কোনো প্ৰতিৰোধক ছিটা নাই।
* এই ৰোগ মানুহৰ দেহলৈ
নিবিয়পে।
নিবিয়পে।
* সেয়ে পামত কটকটীয়া
জৈৱ-সুৰক্ষা (Bio-security) পদ্ধতি অৱলম্বন কৰাটোৱেই একমাত্ৰ
উপায়।

* আৱদ্ধ পদ্ধতিত বিজ্ঞান
সন্মতভাৱে গাহৰি পালন কৰক।
সন্মতভাৱে গাহৰি পালন কৰক।
* মুকলিকৈ চৰি ফুৰা
জীৱ-জন্তু, বাহিৰৰ পৰা অহা মানুহ, যান-বাহন
আদি পাম চৌহদত প্ৰৱেশ কৰিব নোৱাৰাকৈ ৩
মিটাৰ
ব্যাসাৰ্দ্ধৰ অতিৰিক্ত বেৰ দিয়ক।

* নতুনকৈ কিনি অনা গাহৰি
৩-৪ সপ্তাহ আছুতীয়াকৈ ৰাখি ৰোগ মুক্ত বুলি নিৰীক্ষণ কৰাৰ পাছতহে পামৰ গাহৰি
জাকৰ লগত লগ
লাগিব দিয়ক।

* পামৰ চৌপাশ গঁড়ালৰ
মজিয়া নিতৌ ২% কাপোৰ ধোৱা চ’ডা অথবা ২ক্ম ব্লিচিং পাউদাৰ মিশ্ৰিত পানীৰে চাফ্ –চিকুণ কৰক। দানাৰ পাত্ৰবোৰ
পটাছ পানীত ৪-৬ ঘণ্টা জুবুৰিয়াই চাফ কৰক।
মজিয়া নিতৌ ২% কাপোৰ ধোৱা চ’ডা অথবা ২ক্ম ব্লিচিং পাউদাৰ মিশ্ৰিত পানীৰে চাফ্
পটাছ পানীত ৪-৬ ঘণ্টা জুবুৰিয়াই চাফ কৰক।
* পামৰ প্ৰৱেশ দ্বাৰত থকা
পাওদানিত চূণ বা ২ক্ম ব্লিচিং পাউদাৰ মিশ্ৰিত পানী ৰাখক।

* আক্ৰান্ত অঞ্চলৰ গাহৰি
পামৰ লগত আহ-যাহ নকৰিব।
পামৰ লগত আহ-যাহ নকৰিব।
* পামৰ কৰ্মচাৰীৰ বাবে
আছুতীয়াকৈ ৰখা পৰিষ্কাৰ পোছাক পৰিধান কৰি পামৰ কাম-কাজ কৰিব দিয়ক।

* হোটেল আৰু ঘৰৰ পেলনীয়া
খাদ্য সিজাই, লগত মিনাৰেল মিক্সাৰ মিহলাই খাব দিয়ক।

* নিয়মিত পেলুৰ ঔষধ দি
সময়মতে গাহৰিৰ অইন ৰোগৰ ছিটাবোৰ দিয়ক।
সময়মতে গাহৰিৰ অইন ৰোগৰ ছিটাবোৰ দিয়ক।
* গাহৰি কোনো ৰোগত
আক্ৰান্ত হ’লে আৰু সকলো দিহা-পৰামৰ্শৰ বাবে ওচৰৰ পশু-চিকিৎসকৰ লগত যোগাযোগ কৰক।

আপোনাৰ গাহৰি পামখন
কিদৰে আফ্ৰিকান গাহৰি জ্বৰ (African Swine Fever) ৰ পৰা সুৰক্ষিত ৰাখিব?
* আফ্ৰিকান গাহৰি জ্বৰ গাহৰিৰ
এবিধ মাৰাত্মক ৰোগ। ইয়াৰ কোনো প্ৰতিষেধক ছিটা নাই।

* যিকোনো বয়সৰ গাহৰিৰ এই ৰোগ হ’ব পাৰে। মানুহৰ দেহলৈ এই ৰোগ সংক্ৰমিত
নহয়।
নহয়।
* গাহৰি পামসমূহৰ জৈৱ সুৰক্ষা (Bio-security) ব্যৱস্থা
এশ শতাংশ নিশ্চিত কৰাটোৱেই ইয়াৰ পৰা পৰিত্ৰাণৰ
একমাত্ৰ উপায়।

* বিজ্ঞানসন্মতভাৱে আৱদ্ধ পদ্ধতি
অৱলম্বন কৰি গাহৰি পালন কৰক।
অৱলম্বন কৰি গাহৰি পালন কৰক।
* পাম চৌহদৰ চাৰিওফালে তিনি
মিটাৰ দূৰত্বত বেৰ দিয়ক, যাতে অন্য কোনো জীৱ-জন্তু, বাহিৰৰ পৰা অহা
মানুহ অথবা
যান-বাহন আদি প্ৰৱেশ কৰিব নোৱাৰে।

* পাম সদায় পৰিস্কাৰ-পৰিচ্ছন্ন
কৰি ৰাখক। নিতৌ গঁৰালৰ মজিয়া আৰু পাম চৌহদ ২ক্ম কাপোৰ ধোৱা চ’ডা
বা ২% ব্লিচিং পাউদাৰ মিশ্ৰিত পানীৰে
পৰিস্কাৰ কৰিব।

* দানাৰ পাত্ৰবোৰ ৪ পৰা ৬ ঘণ্টা
পৰ্যন্ত প’টাছ পানীত ডুবাই ৰখাৰ পাছত পৰিস্কাৰ কৰি ব্যৱহাৰ কৰিব।
পৰ্যন্ত প’টাছ পানীত ডুবাই ৰখাৰ পাছত পৰিস্কাৰ কৰি ব্যৱহাৰ কৰিব।
* পামৰ প্ৰৱেশ দ্বাৰত থকা
পাওদানিত চূণ অথবা ২ক্ম ব্লিচিং পাউদাৰ মিশ্ৰিত পানী ৰাখিব।

* আক্ৰান্ত অঞ্চলৰ গাহৰি যাতে
পাম চৌহদৰ ওচৰলৈ নাহে তাৰ প্ৰতি সম্পূৰ্ণ সজাগ হৈ থাকিব।

* নতুনকৈ কিনি অনা গাহৰি ৩-৪
সপ্তাহ আছুতীয়াকৈ নিৰীক্ষণত ৰাখক আৰু ৰোগ মুক্ত বুলি নিশ্চিত হোৱাৰ
পাছতহে গঁৰালত
প্ৰৱেশ কৰিবলৈ দিয়ক।

* পামৰ কৰ্মচাৰীসকলে পামৰ বাবে
নিৰ্দিষ্ট কৰি থোৱা আছুতীয়া পোছাক পৰিধান কৰিহে পামত প্ৰৱেশ কৰিব।

* ঘৰ বা হোটেলৰ পেলনীয়া
খাদ্যবস্তু ভালদৰে সিজাই মিনাৰেল মিক্সাৰ মিহলি কৰি খাবলৈ দিব।

* গাহৰিক নিয়মিতভাৱে পেলুৰ দৰৱ
খুৱাব আৰু পশুচিকিৎসকৰ পৰামৰ্শমতে অন্যান্য ৰোগৰ ছিটাসমূহ প্ৰদান
কৰাব।

* গাহৰিৰ দেহত যিকোনো ৰোগৰ লক্ষণ
দেখাৰ লগে লগে ওচৰৰ পশু চিকিৎসালয় বা পশুস্বাস্থ্য উপ-কেন্দ্ৰৰ
সৈতে যোগাযোগ
কৰিব।

* যিকোনো কাৰণত গাহৰিৰ মৃত্যু
হ’লে মৃতদেহ কমেও ছয় ফুট দকৈ গাঁত খান্দি তাত ব্লিচিং পাউদাৰ দি পুতি
থ’ব।

* মৃত গাহৰিৰ শৱ কোনো কাৰণতে খাল, নৈ, বিল অথবা মুকলি ঠাইত নেপেলাব।
* যিহেতু আক্ৰান্ত জিলা সমূহত
গাহৰি আৰু গাহৰিৰ মাংস বেচা-কিনা কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে,
গতিকে সেইবোৰ
জিলাত তেনে কাম কোনো কাৰণতে নকৰিব।

জৈৱ সুৰক্ষা
(Bio-Security):
জৈৱ সুৰক্ষা হ’ল এনে এক
ব্যৱস্থা যাৰ সহায়ত কোনো অনিষ্টকাৰী বীজাণুৰ বিস্তাৰক ৰোধ কৰিব পাৰি বা কোনো
অনিষ্টকাৰী ভাইৰাছ বা বেক্টেৰীয়াৰ দ্বাৰা সংক্ৰমণ হোৱা বেমাৰক মানুহ বা আন
জীৱ-জন্তুৰ দেহলৈ বিয়পোৱাত বাধা প্ৰদান কৰা হয়। আফ্ৰিকান ছোৱাইন ফিভাৰৰ আজিলৈ কোনো
ঔষধ বা ভেকচিন প্ৰস্তুত কৰিব পৰা নাই। গতিকে এই বেমাৰ বিস্তাৰ ৰোধ কৰাৰ কাৰণে জৈৱ
সুৰক্ষা ব্যৱস্থাই অতি উপযুক্ত ব্যৱস্থাপনা।

অসমত আফ্ৰিকান ছোৱাইন ফিভাৰ
ৰোধ কৰিব নোৱৰাৰ বহুতো কাৰণ চিহ্নিত হৈছে। এইবোৰ হ’ল–

১)ৰাইজৰ অজ্ঞতা, অসচেতনতা আৰু অনিচ্ছা।
এই বেমাৰৰ কাৰণ আৰু ৰোধ কৰাৰ কৌশলৰ ওপৰত পশুপালন
বিভাগ আৰু চৰকাৰে
ব্যৱস্থা লোৱা স্বত্বেও ৰাইজৰ অনীহা।

২)অসমৰ মানুহে আৱদ্ধ পদ্ধতিত গাহৰি
পালন নকৰি মুকলিকৈ এৰি দি পালন কৰিব বিচাৰে।

৩)এই বেমাৰ মানুহৰ দেহলৈ সংক্ৰমণ হ’ব
নোৱাৰে বুলি জানি যধে-মধে বেমাৰী গাহৰিৰ মাংস বিক্ৰি কৰে আৰু
এই মাংস ঘৰলৈ আনি
খায়। ইয়াৰ ফলত বৰ্তমান বাচি থকা গাহৰিবোৰকো সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে।

যিহেতু অসম তথা
উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীসকলে কম-বেছি পৰিমাণে গাহৰি পালন কৰি জীৱিকা নিৰ্বাহ
কৰে। এনে অৱস্থালৈ লক্ষ্য কৰিলে ই সহজে অনুমেয় যে, আফ্ৰিকান ছোৱাইন ফিভাৰ বেমাৰৰ পৰা ঘৰচীয়া
গাহৰিবোৰ জৈৱ সুৰক্ষাৰ কঠোৰ নীতিৰে নিয়ন্ত্ৰণ নকৰিলে অসমৰ থলুৱা অৰ্থনীতিত এক
সুদূৰ প্ৰসাৰী কুপ্ৰভাৱ পৰিব। এই দিশত বিভাগীয় কৰ্তৃপক্ষ, চৰকাৰ
আৰু গাহৰি পালক সকলে ঐক্যবদ্ধভাৱে এই বেমাৰ নিৰাময়ৰ কাৰণে আগবঢ়া উচিত।

উপসংহাৰ:
১। গাহৰি পালকসকলে প্ৰয়োজনীয় দিহা-পৰামৰ্শ
আৰু যাৱতীয় অনুসদ্ধানৰ বাবে খানাপাৰস্থিত পশু স্বাস্থ্য কেন্দ্ৰত
অৱস্থিত
কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষৰ দূৰভাষ নং-৯৫৩৫০৬১৬০৮ আৰু ৭০০২৪৮৩৮১০ ত যোগাযোগ কৰক।

২৷ গাহৰি পালনৰ ক্ষেত্ৰত
যিকোনো সমস্যাৰ সন্মুখীন হ’লে পশুপালন বিভাগৰ বিনামূলীয়া দূৰভাষ নং ১৯৬২–ত যোগাযোগ কৰক।
যিকোনো সমস্যাৰ সন্মুখীন হ’লে পশুপালন বিভাগৰ বিনামূলীয়া দূৰভাষ নং ১৯৬২–ত
লেখকৰ ঠিকনা:
পশু চিকিৎসা বিষয়া
ৰাজ্যিক পশু চিকিৎসালয়, পিপলগুৰি
দূৰভাষ- ৭০০২৮৯৭৮৪৩