জোনধনে জোনালীতে তৰাৱতীক চায়

দীপামণি শইকীয়া



শান্তি নিকেতনৰ কলা একাডেমি‍ৰ পৰা অসমলৈ
ঘূৰি অহাৰ প্ৰায় পাঁচ বছৰ মানেই হৈছিল পৱন দুৱৰাৰ
দেশ-বিদেশৰ
বিভিন্ন স্থানৰ পৰা কামৰ বাবে কত নিমন্ত্ৰণ আহিছিল, কিন্তু তেওঁক  যেন সেই লোভনীয় প্ৰস্তাৱবোৰে  স্পৰ্শই  কৰিব পৰা নাছিল
তেওঁ
কেনভাছত ছবি আঁকিছিল, শিল কাটি ভাস্কৰ্য বনাইছিল
কিন্তু
সেই কামবোৰেও সেই যুৱকৰ  দূৰন্ত মনটোক  ধৰি ৰাখিব পৰা নাছিল
তেওঁৰ
বহেমিয়ান মনটোৱে আন কিবা এটা আশ্ৰয় বিচাৰিহে যেন অৰঙে-দৰঙে ঢপলিয়াই ফুৰিছিল
সেই বিভ্ৰমৰ মাজতে গুৱাহাটীৰ আৰ্ট স্কুলত তেওঁ কাম শিকাবলৈ
আৰম্ভ কৰিছিল আৰু খালী সময়বোৰত তেওঁ হয় দীঘলীয়া যাত্ৰাত ওলাই গৈছিল, নহয় হাতত তুলিকা
লৈ বন্ধ কোঠাত নিজক আবদ্ধ কৰি পেলাইছিল

পিছে যলৈকে গ’লেও লগত তেওঁ
সদায়ে এটা বস্তু কঢ়িয়াই ফুৰিছিল,  নিজৰ সৰু
ৰেডিঅ’টো
  
স্কুলত তিনি দিনৰ বন্ধ পাই সেইবাৰ পৱন  ওলাইছিল শোণি‍তপুৰলৈ উষা-অনিৰুদ্ধৰ
নগৰ শোণি‍তপুৰৰ প্ৰতিটো শিলাখণ্ডত যেন সিঁচৰতি‍ হৈ আছিল জীয়া  ইতিহাস! প্ৰেমৰ অমল নিৰ্যাস ল’বলৈ তেওঁ আগেয়েও বহুবাৰ
আহিছে ইয়ালৈ
বাৰে বাৰে আহিছে দৰাচলতে
তেওঁৰ বন্ধু দুলাল তালুকদাৰৰ ঘৰ শোণি‍তপুৰৰ চতিয়াত
 তেওঁ যেতিয়াই এইফালে আহে, দুলালৰ ঘৰতে ৰাতি
থাকে
বন্ধু হ’লেও পৱনৰ পৰা বহু পৃথক ব্যক্তিত্বৰ ল’ৰা এই
দুলাল তালুকদাৰ
 স্নাতকোত্তৰ শেষ কৰি কলেজত শিক্ষকতা আৰম্ভ কৰাৰ পাছৰ পৰা ব্যক্তিত্বত আৰু
গম্ভীৰতা আহি পৰিছে
পৱনৰ অস্থিৰ মনটোক লৈ তেওঁ বহু উজৰ-আপত্তি-উদ্বিগ্নতা
প্ৰকাশ কৰি আহিলেও, মনৰ পৰা ভাল পায় এই শিল্পী বন্ধুক
সেইবাৰো
শোণি‍তপুলৈ আহি দুলালৰ ঘৰতে দুৰাতি আছিলহি পৱন দুৱৰা এজাক নেৰানেপেৰা বৰষুণৰ বাবে ওৰেটো দিন ঘৰৰ ভিতৰত আবদ্ধ
হৈ থকাৰ অন্তত  আবেলিলৈ তেওঁ দুলালৰ চাইকেলখনকে
 লৈ বাটলৈ বুলি ওলাই আহিছিল
বৰষুণে মাগুৰ মাছৰ গাৰ দৰে পিছল কৰি পেলাইছে গাঁৱৰ কেঁচা
বাট-পদূলিবোৰ
দিনটোৰ অন্তিম সময়কণত পশ্চিম আকাশত  ৰতোৱাল বেলিটোৱে মুখ দেখুৱাইছেগৈ  যেনিবা
পৱনে বাটত জমা হোৱা পানীৰ ডোঙাবোৰ
নেউচি খুব সন্তৰ্পণে‍ চাইকেলখন চলাই গৈ আছিল
সেমেকা
মাটিৰ বাটবোৰত এটা গোন্ধ থাকে
কৰবাত সৰি থাকে হিজল ফুল, আন ক’ৰবাত তল ভৰি
ৰসভৰা জামুনবোৰ
    
জিৰজিৰাই বতাহ কোবাই থকা বাঁহনি এখন অতিক্ৰম
কৰি তেওঁ অলস অথচ ভাবুক  মন এটা লৈ পেডেল মাৰি
গৈ  আন এটা চুবুৰি ওলাইছিলগৈ
চুবুৰিটোৰ তৃতীয়ঘৰ মানুহৰ চৌহদটো বৰ আহল-বহল তেওঁ দেখিছিল চোতালখনৰ একোণে‍  থকা হেডালিখনৰ পৰা ছোৱালী এজনীয়ে বাটলৈ পিঠি দি জিকা
ছি‍ঙি আছে
মানুহঘৰলৈ চকু দি পেডেল মাৰি  গৈ থাকোঁতে হঠাৎ তেওঁৰ চাইকেলৰ আগচকা  বাটৰ মাজৰে এটা দ পানীৰ ডোঙাত সোমাই পৰিল আৰু বৰ
বেয়াকৈ কৰ্ফাল খাই তেওঁ চাইকেলখনৰ পৰা দূৰৈত ছিটিকি পৰিলগৈ
বোকা
পানীত কাপোৰ-কানি গোটেইখন লুটুৰি-পুটুৰি হ’ল
তেওঁ
বাটৰ কাষলৈ গৈ পানীৰ সুঁতি এটাত  গাৰ বোকাবোৰ
চাফা কৰি উঠি চাইকেলখন থিয় কৰাবলৈ লৈ দেখে, এজোৰ কৰুণ চকু লৈ জিকা ছি‍ঙি থকা ছোৱালীজনীয়ে
তেওঁৰ ফাললৈকে চাই আছে
তেওঁৰ দৃষ্টিত সেই দুচকু পৰাৰ লগেলগে  এনে লাগিল, কাৰুণ্যৰ কাজল সানি চাই থকা ক’লা ভোমোৰাৰ
দৰে চকু দুটিৰ পৰা যেন অহৰহ উতলি থকা তেওঁ মনটোক জুৰণি দিবলৈ  বুকুৰ ভিতৰলৈ হঠাৎ সোমাই আহিল এজাক চেঁচা বতাহ
কোনোদিনে অনুভৱ নকৰা সেই উপলব্ধিত তেওঁ মানুহটো নিজেই
জিকাৰ খাই উঠিল
নিশ্বাসৰ দৰে প্ৰশান্তিময় সেই শীতলতাত অৱগাহন
কৰি তেওঁ তাত তেনেকৈয়ে দুদণ্ড থিয় দি ৰ’ল আৰু এসময়ত মুখত এটা ৰহস্যঘন হাঁহি লৈ লাহে
লাহে তাৰ পৰা আঁতৰি আহিল
গুৱাহাটীলৈ কিবা কামত আহিলে দুলাল সদায় বন্ধু
পৱনৰ ঘৰতে থাকে
সেইবাৰ পিছে কথা অন্য আছিল সি কোনো কামত আহি পৱনৰ ঘৰত থকাহি নাছিল বৰঞ্চ সি আহিছিল দস্তুৰমত পৱনৰ পিতাকৰ লগত কিছু কথা
মুখামুখীকৈ আলোচনা কৰা যাওক বুলিয়ে
‘‘বৰদেউতা চাওকচোন! সি এনে অবান্তৰ সিদ্ধান্ত
এটা ল’বলৈ গৈ নিজৰ জীৱনটোক স্থৱি‍ৰ কৰিবলৈ যোৱা নাই নে? মই ললিতাৰ কোনো শতৰু নহয়
ককাইদেউ বুলি সম্বোধন কৰে  তাই মোক
তাইৰ নিজৰ বায়েকৰ বিয়া হৈছে
মোৰ গাঁৱলৈ
বায়েকৰ ঘৰত ফুৰিবলৈ আহি থাকোঁতেই পৱনে প্ৰথম
দেখা পাইছিল ললিতাক
বৰদেউতা, সেইজনী ছোৱালী এটা আৰোগ্যবিহীন
ৰোগত আক্ৰান্ত
যি সুৱদী কণ্ঠৰে গীত গাই তাই অত  মানুহক মোহাচ্ছন্ন কৰি আহিছিল, হ’ব পাৰে ভৱিষ্যতে  কথা ক’বলৈও এদিন তাইৰ মুখত সেই মাত নাথাকিবগৈ এই  ৰোগটোৱেই
যে  এনেকুৱা
! তাৰ নিজৰ জীৱনৰে এতিয়ালৈ এটা সঠিক ঠিকনা নাই,  তেনে স্থলত তেনে এজনী ছোৱালী নিজৰ লগত সাঙুৰি লোৱাটো
কোন বিৱে‍কৰ সিদ্ধান্ত? আপুনি পৱনক মানা কৰি দিয়ক বৰদেউতা
পিতৃত্বৰ
অধিকাৰেৰে মানা কৰি দিয়ক!’’
‘‘বন্ধু হিচাপে তুমি ভবা কথাবোৰ খুবেই বাস্তৱিক
দুলাল
কিন্তু কি কৰিবা, তোমাৰ বন্ধু সেই ছোৱালীৰ  প্ৰেমত পৰিল প্ৰেম
জানো এনেকুৱা বস্তু, আমি মানা কৰি দিলেই সি তাক নস্যাৎ কৰি পেলাব পাৰিব?’’
দেউতাকৰ সৈতে বন্ধুৱেক দুলালৰ কথোপকথনখিনি
দূৰৰ পৰা শুনি মিচিকিয়াই হাঁহি আছিল পৱনে

কাষত থকা ৰেডিঅ’ত বাজি আছিল
কাৰোবাৰ কণ্ঠৰ গান,
‘‘জোন বাই এ বেজি এটা দে
কোনে মোৰ গাই নে নেগায় 
ধুনীয়া ঘোঁৰাতে পৰীৰে দেশলে
কোনে মোৰ যায় নে নাযায়
আনিছোঁ তোমালৈ
চোলাটি  ফুলামকৈ
পিন্ধাহি আহা সোণটো আহা
কাজলৰ এটি ফোঁট
দিওঁ কপালত
এতিয়া এতিয়া হাঁহা…’’
‘‘খুব ভাল লাগিছে শুনি?’’— তেওঁৰ কাষত আহি
থিয় হোৱা দুলালৰ কণ্ঠত তীৰ্যকতা
বন্ধুৰ কতাক্ষত পৱনৰ মুখৰ পৰা পিছে মিচিকিয়া
হাঁহিটো আঁতৰি যোৱাৰ নামেই লোৱা নাই
  
‘‘কিন্তু এটা কথা জান’ নহয় তোৰ ভাবী পত্নীৰ কোলালৈ গানত গোৱা তোৰ সেই সোণমইনা কোনোকালে
নাহে! আজীৱন এই বাস্তৱ সত্যবোৰক সহি যাব পৰাকৈ তোৰ ইমানখিনি মানসিক স্থিৰতা আছেনে?
নিজৰ জীৱনটোকে লৈ তোৰ দেখোন অস্থিৰতাৰ সীমা নাই? মাথোঁ এজনী ছোৱালীক ভাল লগাৰ বাবে
ইমানখিনি ত্যাগ কৰিব পাৰিবিনে তই? সময় থাকোঁতেই কৈ থ’লোঁ মই, ভাবি চাবি
’’
‘‘কিয় নোৱাৰিম দুলাল? এয়া মাত্ৰ কোনোবা এজনী
ছোৱালীক ভাল লগাৰ  কথা নহয়, এয়া মোৰ সেই বিশেষ
কাৰোবাৰ বাবে থকা প্ৰেম বন্ধু! ভয় নকৰিবি দে! তোৰ এই বাউলা বন্ধুৱে এই সিদ্ধান্তৰ বাবে
কোনোকালে পস্তাই কান্দিবলৈ তোৰ কান্ধ বিচাৰি নাযায়!’’
কথাষাৰ কৈ তেওঁ চোলাৰ পকেটৰ পৰা চিগাৰেট
এটা উলিয়াই লৈ ওঁঠত লয়
আহত, অসহায় চাৱনিৰে দুলালে চাই ৰয়, অবুজ
 সুহৃদ বন্ধুৰ কৃত সংকল্প চকুযোৰলৈ
সেইবাৰৰ পাছৰবাৰ  দুলাল আহিছিল সখীৰ বিয়াত ছাতি ধৰা হৈ তাৰ পাছৰ সময়ছোৱাত দুলালৰ জীৱনলৈও বহু নতুন অংকৰ সংযোজন
হৈছিল
বিয়া-বাৰু হৈছিল, 
দুটা ল’ৰা সন্তানৰ পিতৃও হৈছিল

সংসাৰী দায়িত্বই জীৱনৰ সমীকৰণবোৰ
অহৰহ সলনি কৰি থাকিলেও  কিন্তু তেওঁ গুৱাহাটীলৈ
 আহিলে বন্ধু পৱনৰ  ঘৰত এপাক মাৰিছিল
সময়ে
কুন্দলী পকাই সকলোৰে জীৱনবোৰক চেপি-খুন্দি আনিয়ে আছিল
 এসময়ত উচ্ছ্বল, অস্থিৰ ডেকা ল’ৰা পৱনৰ চেহেৰালৈ
ৰূপালী দাঢ়ি-চুলিয়ে নমাই আনিছিল এক ঋষিতুল্য সৌম্যতা
জীৱনেৰে
বিধৌত দুচকু যেন  এতিয়া সামান্য উদাস, সামান্য
ভাগৰুৱা
 
সিদিনাও দুলালে গুৱাহাটীৰ পৰা ঘূৰি যোৱাৰ
আগত বন্ধুৱেকক লগ ধৰিবলৈ বুলি আহি ওলাইছিলহি
গুৱাহাটীত
এতিয়া দুলালৰ বৰপুত্ৰৰ নিজৰো ঘৰ-দুৱাৰ

গতিকে গুৱাহাটীলৈ আহিলে পুতেকৰ
লগতে থাকে তেওঁ
দুই বন্ধুৰ মাজত কথা-বতৰা হৈ থকাৰ মাজতে
পৱনে পত্নী ললিতাক চাহ একাপো খুৱাই আছিল

বৰ আলফুলেৰে চাহৰ কাপত বিস্কুট
ডুবাইছিল, মুখেৰে ফুৱাই বিস্কুটটি ঠাণ্ডা কৰি নিজে আশ্বস্ত হোৱাৰ পাছত ললিতাৰ দুই ওঁঠৰ
মাজত  গুঁজি দিছিল
দুলালে
দেখিছিল, ললিতা মানুহজনী এতিয়া এটি শিশুৰ দৰে প্ৰতিটো কামৰ বাবেই পৱনৰ ওপৰত নিৰ্ভৰশীল
সেই ৰোগে মানুহজনীৰ শৰীৰক  সম্পূৰ্ণ শয্যাগত এটা অৱস্থালৈ লৈ আনিছে  ইতিমধ্যে     
‘‘আপুনি বন্ধুক এই নৰকৰ বাটলৈ খোজ দিওঁতেই
বাধা দিব লাগিছিল ককাইদেউ
চাওকচোন এতিয়া মোৰেই আলপেচান ধৰিব নে ৰঙৰ
তুলিকা ধৰিব?’’
চকুৰ টিপ নমৰাকৈ এহাল চাকৈ-চকোৱা চৰাইলৈ
মোহাচ্ছন্ন হৈ চাই থকা তেওঁ মানুহটো ললিতাৰ কথাষাৰত বাস্তৱলৈ ঘূৰি আহিছিল
ললিতাৰ কণ্ঠত এতিয়া শব্দবোৰ খুব অনুচ্চ, খুব জড়তাৰে
ভৰা
কিন্তু চকুত এটা ধন্য জীৱনৰ সৰল  নমনীয়তা!
‘‘তেনেহ’লে যে তাৰ জীৱনটো মাথোঁ কৃত্ৰিম
কেনভাছত ৰং বোলাওঁতেই শেষ হৈ গ’লহেঁতেন

এতিয়া চোৱাচোন তোমালোকে জীৱনেৰে
অঁকা  প্ৰেমৰ এই ধুনীয়া ছবিখনৰ আগত প্ৰতিটো
কেনভাছৰ ৰঙেই কিমান নিষ্প্ৰভ! বাৰু তোমালোকক  লগ পাবলৈ ল’ৰা-ছোৱালী কিছুমান আহিছে হ’বপায়!’’
তেওঁ চোতালত শুনা পোৱা কিছিৰ-মিছিৰ শব্দৰ
উৎসটো অনুধাৱন কৰি কৈ উঠিল
ইতিমধ্যে  ল’ৰা-ছোৱালীকেইটি কোঠাটোলৈ চুচুক-চামাককৈ সোমাই আহি
ললিতাৰ বিছনাখনৰ কাষতে থিয় হ’লহি
‘‘বাইদেউ! ছাৰ আৰু আপোনাৰ সাক্ষাৎকাৰ এটা
ল’বলৈ আমি সময়টো সুধিবলৈ আহিছিলোঁ
’’
‘‘অহা দেওবাৰে আহা’’
পৱনে কিবা কোৱাৰ আগত দুলালেই বিদায় দিলে
 ল’ৰা-ছোৱালীকেইটাক
‘‘তোৰ বাৰু আমনি নালাগে নে পৱন? এই সাক্ষাৎকাৰ,
ফট’ ছেছন এইবোৰ? এদিন ললিতাৰ দায়িত্ব ল’বলৈ  কাৰোবাক মাতি চাচোন, সকলোৱে উভতনি বাট বুলিব
তোক প্ৰেমৰ ভগৱান বনাই নিজে নিজে বাঃ বাঃ লোৱাত ব্যস্ত
সকলো
যদি তোৰ জীৱনক আজিৰ প্ৰজন্মই  আদৰ্শ বুলি ধৰিলেহেঁতেন, তেনেহ’লে নিজৰ জীৱনবোৰক
সেই উচ্চতালৈ নিবলৈ অনুপ্ৰায়িতও হ’লহেঁতেন

কিন্তু আজিলৈকে তেনে উদাহৰণ
আমি এটাও জানো দেখা পালোঁ?’’
বন্ধুৱেকক কথাখিনি কওঁতে দুলাল সন্ত্ৰষ্ট
হৈছিল যাতে, এই  কথোপকথন গৈ ললিতাৰ কাণত নপৰেগৈ
 
‘‘মই তেওঁলোকৰ লগত কথা পাতি ভাল পাওঁ দুলাল যি প্ৰেমক লৈ তেওঁলোক আজি প্ৰায় হতাশাবাদী,  সেই প্ৰেমৰ চিৰন্তন ৰূপত আমাক দেখি তেওঁলোক আশস্ত
হয়
বয়স আৰু সময়ে এদিন তেওঁলোককো শিকাব যে জীৱনত প্ৰেমত  সমানেই প্ৰয়োজনীয় বস্তু হ’ল দয়া, সহমৰ্মিতা  আৰু দায়বদ্ধতা তই
বাৰু চকী দুখন লৈ যাচোন
মই ললিতাকো হুইল চেয়াৰত তালৈকে লৈ আনো আজি বহু দিন এওঁৰ স’তে একেলগে মুকলি আকাশৰ তলত বহা নাই গা-মূৰবোৰ আজিকালি ভাল লাগি নথকা হৈছেগৈ অ’ এই চিগাৰেটটো ওঁঠৰ মাজত লৈ নাথাকিলে, কিবা এটা হাহাকাৰ
অনুভৱে খুন্দিয়াবলৈ ধৰে
কথাবোৰো দেখোন বৰকৈ মনতো নাথাকে আজিকালি’’
‘‘তোক কিছুমান দায়িত্বৰ পৰা  অৱসৰৰ প্ৰয়োজন হৈছে পৱন হেজাৰ
হ’লেও মানুহৰ শৰীৰ আৰু মনহে! কিমান সহিব
’’
‘‘হেহ! তেনে কথা নক’বি ললিতা  জীয়াই
থাকোঁতে অৱসৰটো বাদেই, মৃত্যুও মোৰ বাবে অসহনীয়
মই
নাথাকিলে সঁচা অৰ্থত তেওঁৰ যে কোনোৱে নাই! তেওঁক শেষ দিনলৈকে ছাঁৰ দৰে থাকিবলৈ মই জীয়াই
থাকিবই  লাগিব বন্ধু
’’
বেলতলাৰ ডাঙৰ পুতেকৰ ঘৰত দুলাল তালুকদাৰে
ছ’ফাৰ ওপৰতে হেলান লৈ বহি আছিল
কঁকালৰ শেল মাৰি ধৰা বিষটোৰ বাবে যদিওবা
শোৱা ৰুমত গৈ বিছনাখনত  বাগৰ দিবলৈ অহৰহ ইচ্ছা
গৈ আছিল
পিছে পুতেকৰ ঘৰত তেওঁৰ শোৱা কোঠালি বুলি
ভাগত পৰা কোঠাটোত অন্য আলহী এজোৰা আহি সোমালহি পুৱাতে
ল’ৰাৰ
পুৰণি বন্ধু আৰু তাৰ পৰিবাৰ
তিনিটা শোৱা কোঠালীৰ এপাৰ্টমেণ্ট এয়া নাতিল’ৰাৰ কোঠাত সচৰাচৰ কাৰোৰ প্ৰৱেশ অবাঞ্ছনীয় সন্মুখত তাৰ আহি আছে মেট্ৰিক পৰীক্ষা গতিকে সি কোঠাৰ পৰা কাচি‍তহে বাহিৰলৈ ওলায় পো-বোৱাৰীৰ কোঠাটো এৰি আলহী-অতিথিৰ বাবে আৰু এটা কোঠা শোৱনি কোঠাৰ এই টনাটনিয়ে দুলাল বৰঠাকুৰৰ মনটোক  বহু বছৰৰ আগৰ আন এটা শোৱনি কোঠাৰ  দৃশ্যপটলৈ টানি লৈ গ’ল
একেখনেই চহৰ এটা
শোৱনি কোঠাৰ আন এটা ঘৰ
বন্ধু পৱনৰ ঘৰ নৈশ
বাছত ঘৰৰ পৰা আহি পাই  বন্ধুৰ ঘৰতে পুৱাৰে পৰা
 শুই আছিলহি তেওঁ
সময়
দুপৰমান হৈছিলগৈ কিজানি, অনুচ্চ কথোপকথন এটাত দুচকুৰ পৰা টোপনিৰ আৱেশ আঁতৰি গৈছিল দুলাল
তালুকদাৰৰ
‘‘কি কামখনত লাগিছে বাৰু আপুনি? এৰকচোন!
আলতা, কুমকুম এইবোৰ পুৰুষৰ বস্তু নহয়
’’
‘‘কিয় ৰঙৰ সৈতে খেলাটো সকলো শিল্পীৰে জন্মগত
অধিকাৰ দেখোন
তাত পুৰুষ-নাৰীৰ কথা আক’ আহিল কেনেকৈ সোণজনী?’’
পত্নীৰ নখত আপোনমনে আলতা লগাই লগাই মানুহজনে
কৈ থাকে
আঙুলিৰ সূক্ষ্মতম সঞ্চালনত তেওঁ সিদ্ধহস্ত
পুৰুষ
 কিছু পৰৰ পাছত তেওঁ কয়, ‘‘হৈ গ’ল এই হাত এতিয়া ইখন হাত দিয়া ধুনীয়া
লাগিছে
নখবোৰ ফুলৰ পাহি হৈ উজলি উঠিছে’’
তেনেতে চোতালত কাৰোবাৰ আগমনৰ উমান পাই মানুহগৰাকীয়ে
কয়, ‘‘কোনোবা আহিছে হ’বপায়
চাওকগৈ৷ ভিতৰলৈ সোমাই আহি আপোনাৰ এই ল’ৰা
ধেমালিখন দেখিলে কি ভাবি‍ব!’’
‘‘এহ ৰ’বাচোন কোন
হ’ব আৰু! সেই হিচাপ দিবলৈ অহা মেনেজাৰ ল’ৰাজনে হ’ব
খিৰিকীৰে
সৌৱা চকুত পৰিছেই দেখোন
বুজিছা সোণজনী, আমাৰ ৰেষ্টুৰেণ্ট এতিয়া বঢ়িয়া
চলিছে
আৰু ভালকৈ চলিলে, এই দুকোঠলীয়া ঘৰটো তিনি কোঠলীয়া কৰিম’’
‘‘মাথোঁ এজোৰ ভৰি চলা ঘৰখনত ইমান ডাঙৰ ঘৰ
কিয় লাগে
কোনে চাফ-চিকুণ কৰিব? কোঠাৰ সংখ্যা বাঢ়িলে
বেৰৰ সংখ্যা বাঢ়িব আৰু আপুনিও দেখোন মোৰ পৰা দূৰ হৈ গৈ থাকিব
’’
‘‘তোমাক মোৰ পৰা দূৰ কৰা শক্তি কাৰোৰে নাই
বুজিছা সোণজনী! তোমাৰ বা মোৰ মৃত্যৰো নাই আনকি
’’
দুলাল তালুকদাৰে টোপনিৰ ভাও জুৰি সেই ৰূপকথাৰ
কথোপকথন শুনি শুনি পৰি আছিল বিছনাতে
একেখন পৃথিৱীতে থাকিও অন্য এক সমতলত অহৰহ
বাস কৰিছিল এই হাল মানুহে
সেই সমতললৈ উঠাৰ সোণৰ জখলাডাল আনকি তেওঁৰ
বাবে তেতিয়াও অজানা হৈয়ে থাকি গৈছিল
কঁকালত মাজে মাজে শেল মাৰি ধৰা বিষটোৱে বয়সৰ
লগে লগে এসময়ত দুলাল তালুকদাৰকো  একেবাৰেই শয্যাগত
কৰি তুলিছিলহি
ডেকাকালত ফুটবল খেলোঁতে এবাৰ পৰি কঁকালত
কঁচকা খাইছিল
এতিয়া বয়সৰ গইনা লৈ সেই বিষেই কোঙা কৰি পেলাইছিহি
তেওঁক
 চতিয়াৰ ঘৰত বিছনাতে পৰি থাকে তেওঁ দিন-ৰাত তেওঁৰ লগত থাকে পৰিবাৰ, সৰু পুত্ৰ-বোৱাৰী আৰু নাতি ছোৱালীজনী সিদিনা পুৱা সেই নাতিজনীয়েই  আহি তেওঁক খবৰটো দিলেহি, ‘‘তোমাৰ বাবে বেয়া খবৰ ককা!
ললিতা আইতা যোৱা ৰাতি ঢুকাল
টিভিতে পাবা বিতং খবৰ ৰ’বা মই টিভিটো চলাই দিওঁ গাৰুটোও
ওখ কৰি লগাই দিওঁ টিভি চাব পৰাকৈ
’’
দুলাল তালুকদাৰে কামিজৰ আস্তানেৰে চচমাজোৰ
চাফা কৰি দুচকুত পিন্ধি  ল’লে
লাহে লাহে চকুৰ সন্মুখত স্পষ্টতৰ হৈ আহিল টিভি স্ক্ৰীনৰ
ছবিবোৰ
লাখুটিত দুহাতে ভৰ দি চকীত বহি আছে সৌৱা তেওঁৰ  বন্ধু
 
মানুহৰ বিৰ দি বাট  নোপোৱা ভিৰৰ মাজেৰেই বাট উলিয়াই চালাক চতুৰ এজন ৰিপ’ৰ্টাৰে
 পৱনৰ 
লগত কথা পাতিবলৈ চেষ্টা কৰিছে

নিৰুদ্বে‍গ অভিব্যক্তি তাৰ
চেহেৰাত
দেখি বুজা নাই মানুহবোৰে, কিদৰে হ’ব পাৰে
এয়া এজন প্ৰেমিকৰ বিদায়ী মুদ্ৰা? দুচকুত এটোপ চকুলোও কিয় নাই মানুহজনৰ?   
মানুহৰ চকুৰ প্ৰশ্নবোৰ হয়তো অকাতৰে পঢ়ি
পেলাইছে পৱনে  আৰু ললিতা শুই থকা  হিমশীতল চিচাৰ সেই বাকতটোত হাত দি কৈ উঠিছে, ‘‘তেওঁ
শুইছে এতিয়া
কালিলৈ পুৱা আকৌ জাগি উঠিব’’
দুলাল তালুকদাৰে নিজৰ দুহাত মেলি ধৰিছে দূৰণিৰ
বন্ধুৰ বাবে  আৰু সেই বিমূৰ্ত স্থিতিত স্পষ্টভাৱে
ভাহি আহিছে  তেওঁক উদ্দেশ্যি‍ কোৱা  বন্ধু পত্নী ললিতাৰ কঁপি উঠা এষাৰ মাত, ‘‘মোক ক্ষমা
কৰি দিব ককাইদেউ
’’

গল্পটোৰ শ্ৰব্য ৰূপ

******************************


ঠিকনা: নতুন দিল্লী
ভ্ৰাম্যভাষ: ৯৫৪০৬৮২৫৬৭