অসীম তালুকদাৰ
গেছটো জ্বলাই চচপেনটোত বহাই দিয়াৰ পাছত তেওঁৰ এনে লাগিল পানী যেন অলপ কম হ’ল৷ কাপ এটাত অলপমান পানী
ভৰাই লৈ তেওঁ পুনৰ চচপেনটোত ঢালিলে৷ এইবাৰ তেওঁৰ ভাব হ’ল পানী বেছি হ’ব নেকি ? কোনো কথা নাই, পূবালী
অৰ্থাৎ তেওঁৰ পৰিবাৰে চাহ অলপ বেছিকৈ দিলে ভালেই পায়৷
চামুচখনেৰে দুকাপৰ জোখেৰে চাহপাত লৈ তেওঁ পানীখিনিত দিলে৷ প্লাষ্টিকৰ চামুচখনৰ আচল
ৰং কি আছিল তেওঁৰ মনতেই নাই৷ বছৰৰ পাছত বছৰ ব্যৱহাৰ কৰি থকাৰ কাৰণে আচল ৰং
নাইকিয়া হৈ এতিয়া ক’লা ৰং
ধৰিছে৷ চামুচখন সলাবলগীয়া হৈছে নেকি ? নাই, এইখন চামুচ তেওঁলোকৰ
পাকঘৰৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ একো নহয়৷ যিমান দিন থাকে থাকক৷ পুনৰ চামুচখন
তেওঁ টেমাটোত ভৰাই সাফৰখন মাৰিলে৷ এইবাৰ তেওঁ চাহখিনিত অকণমান নিমখ দিলে৷ সৰ্বশেষত
তেওঁৰ ছিক্ৰেট ইন্গ্ৰেডিয়েণ্ট
অৰ্থাৎ আধা চামুচতকৈ অকণমান বেছি জালুকৰ গুৰি উতলি থকা পানীখিনিত ছটিয়াই দিলে৷
অলপ পাছত গেছটো বন্ধ কৰি দুটা কাপত চাহখিনি বাকিলে৷
ডেকা কালত গাখীৰ নিদিয়া চাহ পলাশ কাকতিয়ে খাবই নোৱাৰিছিল৷
চাকৰি পোৱাৰ পৰা বিয়া পতাৰ সময়লৈ তেওঁ প্ৰায়েই গাখীৰত পানী নিদিয়াকৈ চাহপাত দি
খাইছিল৷ লগতে সেই অনুপাতে চেনি৷ পূবালীৰ অৱশ্যে তেনে কোনো বাচ-বিচাৰ নাছিল৷ কমকৈ
গাখীৰ দিয়া, বেছিকৈ
গাখীৰ দিয়া, কমকৈ
চেনি দিয়া, বেছিকৈ
চেনি দিয়া – সকলো ধৰণৰ চাহেই পূবালীয়ে তৃপ্তিৰে
খাইছিল৷ বিয়াৰ পাছত এমাহ পলাশ আৰু পূবালী গাঁৱৰ ঘৰত আছিল৷ তাৰ পাছত পলাশৰ
কৰ্মস্থলীলৈ আহিল৷ পলাশে অনতিপলমে গম পালে যে ৰাতিপুৱা সোনকালে উঠিবলৈ পূবালীয়ে
বেয়া পায়৷ সেয়েহে ৰাতিপুৱাৰ চাহকাপ সদায় পলাশে কৰিবলৈ আৰম্ভ কৰে৷ অৱশ্যে
সন্ধিয়া ভাগৰে–জুগৰে
অহা পলাশৰ কাৰণে চাহকাপ পূবালীয়ে নিজে কৰিছিল৷ এদিন পলাশৰ এজন চিকিৎসক বন্ধুৱে
গাখীৰ দিয়া চাহৰ অপকাৰিতাৰ বিষয়ে বহলকৈ ব্যাখ্যা কৰিলে৷ লগতে চাহৰ লগত কিয় কমকৈ
চেনি খাব লাগে সেয়াও সবিস্তাৰে ক’লে৷
তাৰ পাছৰ পৰাই তেওঁলোকে চেনি নিদিয়া ৰঙা চাহ খাবলৈ আৰম্ভ কৰিলে৷ চাহত অকণমান
জালুকৰ গুৰি দিয়া নিয়মটো অৱশ্যে পলাশে নিজে নিজে কৰিছিল৷
চহৰলৈ অহাৰ দেৰ বছৰমান পাছত পূবালীয়ে মাষ্টাৰ ডিগ্ৰী শেষ
কৰিলে৷ তাৰ কিছুদিনৰ পাছত ৰোণিতৰ জন্ম হ’ল৷
ৰোণিত অলপ ডাঙৰ হোৱাৰ পাছত পূবালীয়ে ওচৰৰে ব্যক্তিগত প্ৰতিষ্ঠান এটাত কিছুদিন কাম
কৰিছিল৷ তৰালীৰ জন্মৰ কেইমাহমান আগতে তেওঁ সেই চাকৰিটো বাদ দিলে৷ তৰালীৰ দুবছৰীয়া
জন্মদিনৰ দিনা স্থানীয় স্কুলখনত শিক্ষয়িত্ৰীৰ চাকৰি পোৱাৰ খবৰটো পাইছিল পূবালীয়ে৷ তাৰ
পাছত আঠত্ৰিছ বছৰ বাগৰি গৈছে৷ পলাশ আৰু পূবালী দুয়ো চাকৰিৰ পৰা অৱসৰ পালে৷ সময়ত
ৰোণিত আৰু তৰালীৰ বিয়া হ’ল৷
এতিয়া ৰোণিতৰ দুজন ল’ৰা আৰু
তৰালীৰ এজনী ছোৱালীও আছে৷ কৰ্মসূত্ৰে সিহঁত বেলেগ বেলেগ ঠাইত থাকে৷ কিন্তু সিহঁতে
মাক-দেউতাকৰ খবৰ নোলোৱাকৈ নাথাকে৷ প্ৰায়েই আহি সিহঁত দুই-তিনিদিন থাকি যায়৷
ইমান দিনৰ পাছতো ৰাতিপুৱা আৰু সন্ধিয়াৰ চাহকাপ পলাশ কাকতিয়ে
নিজেই কৰে৷ অৱসৰৰ পাছত হাতত সময়েই সময়৷ তথাপি চাহকাপৰ দায়িত্ব বেলেগক দিবলৈ
তেওঁ ভাল নাপায়৷ আনকি পূবালীৰ মতে গিৰীয়েকে কৰা চাহকাপৰ সোৱাদটো কেতিয়াও কোনেও
আনিব নোৱাৰে আৰু সেইকাপ চাহ খালেহে হেনো তেওঁৰ টোপনি ভাগে৷ প্লে’ট এখনত তেওঁ থিন
এৰোৰুট বিস্কুট কেইটামান ল’লে৷
ৰাতিপুৱা চাহকাপৰ লগত তেওঁলোকে থিন এৰোৰুট নাইবা অন্য কিবা নিমখীয়া বিস্কুট খায়৷
তেওঁলোক দুয়োজনে সাধাৰণতে বাৰান্দাতে বহি চাহ খায়৷ ট্ৰে’ এখনত কাপ দুটা আৰু বিস্কুটৰ প্লে’টখন
লৈ তেওঁ খোজ ল’লে৷
পাকঘৰৰ পৰা বাহিৰলৈ যাবলৈ ড্ৰয়িংৰূমৰ মাজেৰে যাব লাগে৷ ড্ৰয়িংৰূমতেই তেওঁলোকৰ
কিতাপৰ ডাঙৰ আলমাৰীটো আছে৷ আলমাৰীৰ কাষতেই থকা চোফাখনৰ ওপৰত পলাশ আৰু পূবালীৰ এখন
ফ’টো৷ ফ’টোখনলৈ তেওঁ এখন্তেক চালে৷ পলাশৰ মুখত অকণমান হাঁহি বিৰিঙিল৷ তেওঁৰ
স্পষ্টকৈ মনত আছে ফ’টোখন আঁৰিবলৈ ৰোণিতে বেৰত
যেতিয়া গজাল এটা পুতিছিল, পূবালীয়ে
আপত্তি কৰিছিল৷ পূবালীৰ মতে এনে ধৰণৰ ফ’টো
কোনেও ড্ৰয়িংৰুমত নথয়৷ মাকে আপত্তি কৰাৰ কাৰণে ৰোণিতে দুগুণ স্ফূৰ্তি পাইছিল৷ ফ’টোখন তাজমহলৰ সম্মুখৰ
বেঞ্চখনত তোলা৷ চাৰি বছৰ মান আগতে পুত্ৰ-বোৱাৰী-নাতিৰ সৈতে তেওঁলোকে উত্তৰ ভাৰত
ভ্ৰমণ কৰিবলৈ গৈছিল৷ উত্তৰ ভাৰতৰ কিছুমান ঠাই আগতেও ফুৰিছিল যদিও সেয়া
আছিল তেওঁলোকৰ প্ৰথম তাজমহল দৰ্শন৷ ফ’টোখন
বোৱাৰীয়েক ৰূপাঞ্জলিয়ে তুলিছিল৷ পূবালীয়ে পলাশৰ বাওঁফালে সামান্য ব্যৱধান ৰাখি
বহিছিল৷ ৰূপাঞ্জলিয়ে কাষ চাপি আহিবলৈ বাৰে বাৰে কোৱাৰ পাছত অলপ কাষলৈ আহিছিল৷ তাৰ
পাছত ৰূপাঞ্জলিয়ে শহুৰেকক বাওঁহাতখন শাহুৱেকৰ কান্ধত ৰাখিবলৈ কৈছিল৷ পলাশ আৰু
পূবালী দুয়ো আপত্তি কৰিছিল৷ অগত্যা ৰূপাঞ্জলিয়ে নিচেই ওচৰলৈ আহি শহুৰেকৰ
বাওঁহাতখন শাহুৱেকৰ বাওঁ কান্ধত ৰাখিছিল আৰু চকু পকাই তেওঁলোকক লৰচৰ নকৰিবলৈ নিৰ্দেশ
দিছিল৷ “ঘোৰ
কলি কাল আহিল৷ আগতে বোৱাৰীয়েকবোৰে শহুৰ-শাহুৰ সন্মুখত লাজ কৰিছিল৷ এতিয়া ওলোটা হ’ল৷” – পূবালীয়ে নিজকে কৈছিল৷ ৰূপাঞ্জলিক একো নোকোৱাকৈ সন্মুখত
থিয় হৈ ৰং চাই থকা ৰোণিতৰ ওপৰত দুয়ো কৃত্ৰিম খং কৰিছিল৷
সেই ফ’টোখনৰে
তিনিটা কপি ৰোণিতে বন্ধাই আনিলে৷ এখন এইটো ঘৰৰ ড্ৰয়িংৰূমত, এখন তৰালীৰ কাৰণে আৰু এখন
নিজৰ ঘৰৰ কাৰণে৷ ফ’টোখন ভালকৈ চালে পূবালীয়ে অলপ লাজ কৰিছে বুলি গম পোৱা যায়৷
ইমান বয়স হোৱাৰ পাছতো লাজ ? পলাশৰ
নিজৰে হাঁহি উঠিল৷ ইমান দিন দুয়ো একেলগে কটালে৷ ইজনে সিজনৰ ওপৰত কিমান নিৰ্ভৰশীল
তেওঁলোকে চাগে নিজেই নাজানে৷ পলাশৰ মাজে মাজে ভাব হয় পূবালীয়ে যেন তেওঁৰ বিষয়ে
তেওঁ নিজে জনাতকৈও বেছিকৈ জানে৷ কেতিয়াবা যে দুয়ো বেলেগ বেলেগকৈ আছিল এতিয়া
ভাবিলে বিশ্বাসেই নহয়৷ দৰৱবোৰ সময়ত খাবলৈ যতনাই দিয়াকে ধৰি পলাশৰ প্ৰায়বোৰ
কামেই পূবালীয়ে নিয়াৰিকৈ কৰে৷ বয়স বেছি হৈ অহাৰ লগে লগে পলাশ যেন পূবালীৰ ওপৰত
বেছি নিৰ্ভৰশীল হৈ গৈ আছে৷ কথাটো পলাশেও নুবুজা নহয়৷ এদিন তেওঁ পূবালীয়ে তৰালী
আৰু ৰূপাঞ্জলিক কৈ থকা নিজ কাণেৰে শুনিছিল – “মই তেখেততকৈ আগতে
যাব নোৱাৰোঁ৷ মই নোহোৱা হ’লে দেউতাৰৰ অৱস্থা বৰ পুতৌ লগা হ’ব৷”
এইবাৰ পলাশৰ চকু কাষতে থকা আনখন ফ’টোৰ ফালে গ’ল৷ পূবালীৰ অকলে থকা ছবি এখন৷ এমাহ আগতে ফ’টোখন ৰোণিতে ওলমাবলৈ লওঁতে
পলাশে মাথোঁ শূন্য দৃষ্টিৰে চাই ৰৈছিল৷ আনকি ৰূপাঞ্জলিয়ে ৰোণিতৰ ফালে কৃত্ৰিম
ফুলৰ মালাডাল আগবঢ়াই দিওঁতেও তেওঁ একো ক’ব পৰা নাছিল৷ তেওঁ কাষতে থিয় হৈ উচুপি
থকা তৰালীক সান্ত্বনা দিবলৈ চেষ্টা কৰিছিল৷ কিন্তু অন্তৰত চলি থকা ধুমুহাজাকৰ আভাস
কাকো নিদিবলৈ তেওঁৰ বহুত কষ্ট হৈছিল৷
সকাম হৈ যোৱাৰ পাছত পৰৱৰ্তী দুসপ্তাহ পুত্ৰ, বোৱাৰী, জী, নাতি-নাতিনী সকলো থাকিল৷
তেওঁলোকে আটাইবোৰ গুচি যোৱা আজি এসপ্তাহ হৈছে৷ সকলোকে নিজৰ নিজৰ কামলৈ যাবলৈ পলাশে
নিজেই জোৰ দিছিল৷ নিজৰ কামখিনি নিজে কৰিব পাৰিব বুলি তেওঁৰ দৃঢ় বিশ্বাস আছে৷
অৱশ্যে যোৱা বিছ বছৰে তেওঁলোকৰ ঘৰুৱা কাম-কাজত সহায় কৰি দিয়া চন্দাই ৰাতিৰ সাঁজ
ৰান্ধি যায়৷ পলাশ কাকতিৰ হাতত এতিয়া সময়েই সময়৷ গতিকে তেওঁ ভাবিছে অদূৰ
ভৱিষ্যতে ৰন্ধা-বঢ়াখিনি তেওঁ নিজেই কৰিব৷
কিছুমান কথা শিকিব লাগিব৷ উদাহৰণস্বৰূপে এক কাপ চাহৰ কাৰণে
কিমান চাহপাত, নিমখ
আৰু জালুকৰ গুৰিৰ দৰকাৰ হয় সেইটো মনত ৰাখিব লাগিব৷ দুকাপ চাহৰ হিচাপটো তেওঁৰ নখ
দৰ্পণত৷ একাপৰ হিচাপটোহে তেওঁ বুজি উঠা নাই৷ একাপ চাহ কৰাটো ইমান কষ্টকৰ হ’ব পাৰে
বুলি তেওঁ সপোনতো কেতিয়াও ভাবিব পৰা নাছিল৷
ঠিকনা :
মেডিচনভিল, কেণ্টাকী
আমেৰিকা যুক্তৰাষ্ট্ৰ
ভ্ৰাম্যভাষ :
+1-270-836-0389
Email: aseemtalukdar@gmail.com
