দুখন উপন্যাস আৰু দুটা গল্পৰ মাজত এজন নবীন বৰুৱা

 উৎপল দত্ত

 

নবীন বৰুৱাৰ কটন
কলেজ
পঢ়িবলৈ হাতত তুলি লোৱাৰ একমাত্ৰ কাৰণ আছিল কিতাপখনৰ
নামটো৷
কটন কলেজআছিল এক ধৰণৰ অজানা
ৰহস্যময় আকৰ্ষণবিন্দু
, বিশেষকৈ হাইস্কুলৰ ওপৰৰ শ্ৰেণীত পঢ়া
সময়তে শুনিছিলোঁ কটন কলেজৰ অলেখ ৰোমা
ঞ্চকৰ কাহিনী- সফলতাৰ
বহু সত্য-কাহিনী আৰু বিফলতাৰ কৰুণ বিলাপ
, বহু গল্প-উপন্যাসতো
পাইছিলোঁ কটন কলেজ আৰু তাৰ গাতে লাগি থকা পাণবজাৰৰ সোণালী সন্ধিয়াৰ বহু কাহিনী।
আমি থকা সৰু চহৰ নলবাৰীৰ বহু উজ্জ্বল ছাত্ৰ-ছাত্ৰী পঢ়িছিল
, স্কুলৰ
বহু সহপাঠীৰ দাদা-বাইদেউ পঢ়িছিল কটনত
, আছিল হোষ্টেলত তেওঁলোকৰ
মুখৰ পৰাই শুনিছিলোঁ অলেখ ৰসাল বৰ্ণনা
, মনত বিশ্বাসে দানা
বান্ধিছিল কটনেই যেন যোগ্য কেৰিয়াৰত প্র
ৱেশৰ বাবে উৎকৃষ্ট
ঠাই
, হাইস্কুলৰ শেষ শ্ৰেণীত ভাল ৰিজাল্ট কৰাজনৰ বাবে যেন
কটনেই যোগ্য শিক্ষানুষ্ঠান। মেট্ৰিক পৰীক্ষা
, আচলতে নামটো
বেলেগ কিন্তু মেট্ৰিক বুলি ক
লে পৰীক্ষাটোৰ ৰূপটো উপলব্ধি
কৰিবলৈ ভাল লাগে
, সেই পৰীক্ষাটি দিয়াৰ পাচৰ সেই অফুৰন্ত
সময় খৰচ কৰিবলৈ আৰু প্রায় এবছৰ ধৰি
বাহিৰা কিতাপনপঢ়াৰ ভোক পূৰাবলৈ পুথিভড়ালৰ কিতাপৰ মাজত আগতে নপঢ়া আৰু অলপ আকৰ্ষণীয়
যেন লগা কিতাপ বিচাৰি থাকোতে এখন কিতাপত হাত স্থিৰ হৈ ৰৈ গৈছিল। কটন কলেজৰ পুৰণি
বিল্ডিঙৰ ফটো আৰু হাতে অঁকা ছবিৰ সংমিশ্ৰণেৰে বেটুপাতৰ চতুৰ্থ পৃষ্ঠালৈ বিয়পি
থকাকৈ ত্ৰৈলোক্য দত্তই অঁকা ছবিৰে গুৱাহাটী বুক ষ্টলে সুন্দৰকৈ ছপাই উলিওৱা কিতাপ
,
লেখকৰ নামটি নতুননবীন বৰুৱা, কিতাপখন কটন কলেজ । চাই দেখোঁ কিতাপখন উপন্যাস। স্কুলৰ ছাত্ৰ অৱস্থাত
উপন্যাস পঢ়াটো কিছু সাহসী কামেই আছিল
, যিখিনি পঢ়িছিলোঁ,
সেইখিনি আছিল বিশ্ববিখ্যাত উপন্যাসৰ অসমীয়া অনুবাদ, আমৰ মন মগজুত সোমাই আছিল পা-ফু’, ‘ৰংমন’, ‘অমূল্য ৰত্নৰ দ্বীপ’, ‘হাও গ্ৰীণ ৱজ মাই ভেলি’, ‘উড়ন্ত মেঘৰ ছাঁ’ আদিৰ দৰে মাত্ৰকেইখনমান উপন্যাস। ভাব হৈছিল হাউ
গ্ৰীণ
জ মাই ভেলিআদিৰ দৰে উপন্যাসেই
ল উপন্যাসৰ মাপকাঠি। মেট্ৰিক পৰীক্ষা দিয়াৰ পাছত নিজকে অলপ
পৰিপক্ক হোৱা বুলি ধৰি লৈ পূৰ্বৰ কোনো চাৰ্টিফিকেট নথকা কিন্তু কেৱল
কটন কলেজ নামটোৱে আকৰ্ষণ কৰা বাবেই কিতাপখন পঢ়িবলৈ
ললোঁ ৷ কিন্তু যি আগ্ৰহেৰে কিতাপখন লৈছিলোঁ
, সেই কিতাপখনে
সেই আগ্ৰহক সন্তুষ্ট কৰিব নোৱাৰিলে। মূল চৰিত্ৰৰ
ণাত্মক
পৰিণতি আছিল উপন্যাসখন ভাল নলগাৰ প্রথম কাৰণ৷ আৰু ইমানদিনে বিভিন্ন লেখাৰ মাজেৰে
যিখন কটন কলেজৰ লগত পৰিচিত হৈ পৰিছিলোঁ
, সেই কটন কলেজখন এই
উপন্যাসত অনুপস্থিত। এবাৰ পঢ়িলোঁ আৰু পাহৰি গলোঁ
, তেনেকুৱা
বহু কিতাপৰ মাজত কিন্তু
কটন কলেজ
নামটো নোসোমাল
, প্রধানতঃ নামটোৰ বাবে আৰু দ্বিতীয়টো কাৰণ
কিতাপখনৰ ব্যতিক্ৰমী বেটুপাত। এতিয়াও এই উপন্যাসখনৰ পুনৰ মুদ্ৰ
হৈছে, কিন্তু স্মৃতিৰ একোণত ৰৈ যোৱা সেই বেটুপাতটি
এতিয়া নাই
, এতিয়াৰ সংস্কৰটোত আছে
অতি দুৰ্বল হাতেৰে অঁকা সৌন্দৰ্যহীন বেটুপাত এটা।
 

ইতিমধ্যে ধাৰাসাৰভাৱে বহু অসমীয়া উপন্যাস পঢ়ি শেষ কৰিছিলোঁ। সেই
সময়তে নবীন বৰুৱাৰ আন এখন উপন্যাসেও দৃষ্টি কাঢ়ি নিছিল। সেই একেই কাৰণ
নামটো ৷ ফিনিক্স পখীৰ গান
ফিনিক্স হ
বিদেশী আখ্যানৰ চৰাই
, সি বা কি গান গায়, এই
উপন্যাসৰ কাহিনীৰ লগত কি বা সম্বন্ধ
এইবোৰ প্রশ্নই মোক কিতাপখনৰ প্রতি অলপ আগ্ৰহী কৰি তুলিছিল। লেখকগৰাকীৰ প্রতি বিশেষ আগ্ৰহ
নাথাকিলেও কেৱল কিতাপখনৰ নামটোৰ বাবেই কিতাপখন পঢ়িবলৈ হাতত তুলি লৈছিলোঁ আৰু
প্রথম অধ্যায়টি পঢ়ি শেষ কৰাৰ লগে লগে আমাৰ মনত সৃষ্টি হোৱা ভাবটি আছিল
এনে এখন কিতাপৰ বাবেই আমি অপেক্ষা কৰি আছিলোঁ ৷ প্ৰচলিত অসমীয়া
উপন্যাসবোৰতকৈ বেলেগ
, আধুনিক আৰু গতিসম্পন্ন।

এতিয়াও স্পষ্ট
মনত আছে কেনেদৰে প্রথম অধ্যায়টিতে আমি লগ পাইছিলোঁ বৰ্ণাক। কাৰোবাৰ গাভৰু পত্নী
, সেই পুৰুষ পূৰ্বৰ প্ৰেমিক, নাঃ
নহয়
, দুয়ো গৈ বহিছে চহৰৰ সুৰা বিপণীত, হাতত জ্বলন্ত চিগাৰেটঅসমীয়া গল্প-উপন্যাসত
এনেকুৱা চৰিত্ৰ
, এনেকুৱা নাৰী চৰিত্রৰ সতে মুখামুখি হোৱাৰ অভিজ্ঞতা আছিল সেয়াই প্রথম। কি এক অকল্পনীয় আকৰ্ষণ আছিল সেই চৰিত্ৰটিত৷
সঁচাকৈয়ে বাধাৰ মাজতো নিজৰ উদ্দাম গতি হেৰুৱাই নেপেলোৱা এক বিদ্ৰোহী গাভৰুৰ ইমেইজ
আছিল বৰ্ণা ৷ প্রথম অধ্যায়তেই সেই ইমেইজ স্পষ্ট হৈ পৰিছিল। বৰ্ণা আছিল এক
প্রতিবাদী চৰিত্ৰ
, সেই মোগলআজমৰ আনাৰকলিৰ দৰে
প্রতিবাদী৷ কোনো ভণ্ডামি নাই
, মুকলিকৈ এজন পৰপুৰুষক মাতি
নিছে বাৰলৈ আৰু হাতত সুৰাৰ গিলাছ লৈ কিবা গোপন কথাৰ অৱতাৰণা কৰিছে
, এই বৰ্ণাই প্রথম অধ্যায়তেই যি কৌতূহল সৃষ্টি কৰিছিল তেনেকুৱা ঘটনা,
পৰিৱেশ আৰু চৰিত্ৰ অসমীয়া সাহিত্যত তেতিয়া
আছিল এক কথাত অকল্পনীয়৷ আৰু নিৰঞ্জন নামৰ পুৰুষ চৰিত্ৰজনো আছিল সমানেই বিচিত্ৰ।
কি সম্বন্ধ সেই নাৰীৰ লগত। এটা কথা ঠিক যে আমাৰ পাঠক মনত কৌতুহলৰ সৃষ্টি কৰা এই
উপন্যাসখনৰ আৰম্ভণি কিন্তু কোনো থ্ৰিলাৰ উপন্যাসৰ দৰে নাছিল। আছিল সাধাৰণ
সামাজিকউপন্যাসৰ দৰেই। কিন্তু চৰিত্ৰৰ বিশেষত্ব
আৰু অদৰকাৰী ভাষাই সৃষ্টি কৰা মেদৰ পৰা আঁতৰত থকা বৰ্ণনাই আছিল সেই আকৰ্ষণ।

দ্বিতীয়
অধ্যায়টিৰ দুটামান পৃষ্ঠা পঢ়িয়েই উৱাদিহ নোপোৱা হলোঁ। কি হ
,
প্রথম অধ্যায়ৰ লগত কথাবোৰ নিমিলে, কথোপকথনৰ
আৰ্হিত লেখা কথাবোৰ
, প্রথম অধ্যায়ৰ পুৰুষৰ কথা এইবাৰ গাভৰুগৰাকীৰ কথা যেন লাগে। আকৌ প্রথমৰ পৰা পঢ়িলোঁ, একেই কথা,
মাজতে কিবা পৃষ্ঠা নাই নেকি? পঢ়ি গলোঁ,
অৱশেষত আৱিষ্কাৰ কৰিলোঁ লেখকৰ কৌশল, এবাৰ
পুৰুষগৰাকীয়ে কৈছে এবাৰ গাভৰু গৰাকীয়ে৷ এইখিনি আ
ৱিষ্কাৰ
কৰোতে অলপ সময় লাগিল
, কিন্তু এবাৰ আৱিষ্কাৰ কৰাৰ পাছত
কাহিনীৰ ভিতৰত সোমাই পৰিবলৈ বেছি সময় নালাগিল। কাহিনী বৰ্ণনাৰ এই বুদ্ধিদীপ্ত আচৰণে
আমাৰ পাঠক মনটোক ভালদৰেই স্পৰ্শ কৰিছিল যাৰ শিহৰণ এতিয়াও পাহৰিব পৰা নাই।
 

ফিনিক্স পখীৰ
গান
বহুপঠিত উপন্যাস, কাহিনীভাগ
দোহৰাৰ প্রয়োজন নাই। উপন্যাসখন কাহিনীৰ দিশৰ পৰা
, ৰচনাৰীতিৰ
দিশৰ পৰা আছিল সময়তকৈ আগবঢ়া
, আধুনিক সময়ৰ উত্তাপ তাত আছিল
আৰু আছিল প্ৰতিবাদ৷ উপন্যাসখনত প্রতিবাদ কেইবাটিও তৰপত আছিল। অৰ্থনৈতিক পৰি
ৰ্তনৰ সতে হৈ অহা পৰিৰ্তনক নামানি তাকেই খামোচ মাৰি
ধৰি থাকিব খোজাৰ বিৰুদ্ধে প্ৰতিবাদ
, জাতিৰ অভিমানৰ বিৰুদ্ধে
প্ৰতিবাদ
, পৰিৰ্তিত সময়ৰ মূল্যবোধক
স্বীকৃতি দিব নোখোজাৰ বিৰুদ্ধে প্ৰতিবাদ
, নাৰী মনটোক চেপি
ৰাখিব খোজাৰ বিৰুদ্ধে প্রতিবাদ। এই আটাইবোৰ প্রতিবাদকেই মূলতঃ নাৰী চৰিত্ৰটোৰ মাজেৰে
প্রকাশ কৰা হৈছিল। প্রতিবাদৰ শ্লোগান নাছিল
, আছিল সৰু সৰু
কাম যিবোৰ কামৰ মাজেৰে প্রকাশ পাইছিও প্রতিবাদ। বিশেষত্ব আছিল
এই প্রতিবাদ প্রকাশৰ সূক্ষ্ম আৰু সংবেদনশীল ভাষা আৰু উপস্থাপনৰ কৌশলে
কিন্তু উপন্যাসখনৰ সাহিত্যৰসক কোনো ধৰণে আঘাত কৰা নাছিল। এই উপন্যাসৰ প্রতিবাদৰ
ভাষা কোনো ৰাজনৈতিক দলৰ ভাষণৰ সুৰত বন্ধা নাছিল বাবেই হয়তো ৰাজনৈতিক বিশ্বাসেৰে
সাহিত্য সমালোচনা কৰাসকলে এই উপন্যাসখনত প্রকাশ পোৱা প্রতিবাদৰ তীব্ৰ অথচ সূক্ষ্ম
কলাসন্মত স্বৰ হয়তো বুজি পোৱা নাছিল আৰু পাইছিল যদিও তাক গুৰুত্ব দিব লাগে বুলি
ভবা নাছিল।

বৰ্ণা
আছিল সময়ৰ লগত সলনি হোৱা আৰু নিজৰ উপলব্ধিৰে সলনি হোৱা এগৰাকী নাৰী,
সমাজৰ বিশ্বাসৰ যিখিনি কথা মানি লব নোৱাৰে
তাৰ বিৰুদ্ধে নিজৰ সীমিত সম্পদ-সুযোগ আৰু সাহসেৰে থিয় হোৱা এগৰাকী নাৰী
, কম কথা কোৱা এগৰাকী শান্ত নাৰী, কিন্তু প্ৰয়োজনত
সঠিক কথা যুক্তিৰে কোৱা আৰু কামেৰে কৰি দেখুওৱা এগৰাকী নাৰী। হ
ব লাগিছিল অসমীয়া সাহিত্যৰ অন্যতম বিখ্যাত নাৰী চৰিত্ৰ । আধুনিক অসমীয়া
সাহিত্যত বিখ্যাত নাৰী চৰিত্ৰৰ সংখ্যা বৰ
 কম। বেজবৰুৱাৰ পাটমুগী, ডালিমী,
জ্যোতিপ্রসাদৰ ৰূপালীম, লভিতা, ৰাস্না বৰুৱাৰ ছোনিয়া, বীণা
বৰুৱাৰ তগৰ
, নৱকান্ত বৰুৱাৰ মাহিন্দ্ৰী, পশুপতি ভৰদ্বাজৰ চিত্ৰা আদিকে ধৰি মুষ্টিমেয় কেইটিমান নাৰী চৰিত্ৰহে আমাৰ
চকুৰ আগত উজলি আছিল। এই তালিকাত সংযোজিত হৈছিল
চমক খুৱাই
দিয়া চৰিত্ৰ
বৰ্ণা৷ খুব মনযোগেৰে
চালে অনুভ
কৰা যায় বৰ্ণাৰ মনৰ মাজত
প্রতি
ধ্বনিত হৈ আছে লভিতাৰ কথা৷ বৰ্ণাই আমাক মুগ্ধ কৰিছিল,
কিন্তু সাহিত্যৰ সমালোচকসকলক নকৰিলে।

কটন কলেজৰ নবীন
বৰুৱাই আমাক আকৰ্ষিত কৰিব পৰা নাছিল
, কিন্তু ফিনিক্স পখী গানৰ আকৰ্ষণ আৰু সন্মোহন আছিল ভাবিব নোৱৰা
(একেই সন্মোহন আছিল প্রায় একেই সময়তে পঢ়া
গোলামৰ ৷ দুয়োখন কিতাপৰে এটাই সাদৃশ্যঅদৰকাৰী শব্দৰ
অনুপস্থিতি।) নবীন বৰুৱাৰ
কটন কলেজ’-
আমাৰ চিনাকি কটন কলেজখন বিচাৰি পোৱা নাছিলোঁ
, কিন্তু ‘ফিনিক্স পখী গান’ত উল্লেখ
নথকাৰ পাছতো বুজাত অসুবিধা হোৱা নাছিল
কলেজখন আছিল কটন। ভাব
হয়
, ‘কটন কলেজৰ লেখক নবীন বৰুৱা আছিল কিছু পৰিমাণে ৰিজাৰ্ভ,
কিছু আৱেগিক আৰু ভবা সকলো কথা যেন লিখাত কিবা বাধা থকা বুলি ভাবি সংকুচিত
হৈ থকা যুৱক। কিন্তু ‘ফিনিক্স পখী গান’খনতহে নবীন বৰুৱাই সম্পূৰ্ণ মুকলি মনেৰে লিখিছে
,
মনলৈ যি কথা যেনেদৰে আহিছে তেনেদৰেই লিখিছে। চিগাৰেট হোপা, মদ খোৱা মহিলাৰ কথাৰে উপন্যাস আৰম্ভ কৰি নবীন বৰুৱাই হয়তো অসমীয়া
সাহিত্যৰ শুচিবায়ুগ্রস্ত ৰূপটোৰ প্রতি বিদ্ৰোহ ঘোষণা কৰিছিল আৰু সেই বিদ্ৰোহৰ
দামো তেখে
তে দিবলগীয়া হৈছে। উপন্যাসখন পঢ়ি থাকোঁতে ভাব হয় বৰ্ণাঅভিভাক-বন্ধু নিৰঞ্জন
যেন নবীন বৰুৱাৰে অল্টাৰ ইগো
, কিন্তু মাজে মাজে ভাব হয়,
বৰ্ণাহৈ লেখক নবীন বৰুৱাৰ মনৰ ভিতৰৰ
মানুহজন যাৰ ক
বলগীয়া বহুত কথাই মনৰ মাজত থুপ খাই আছে।

ফিনিক্স পখী গান’ৰ ৰচনা
কৌশলত এটা বিশেষ গুণ মন কৰা যায়
, শব্দৰ যোগেৰেই বিভিন্ন দৃশ্যৰ বাস্তব
উপস্থাপন আৰু সেই ছবিত প্রতীকি অৰ্থ সংযোজন ৷ অতীতত ধনগৌৰৱত ওফন্দি থকা ককায়েকে
বৰ্ণাক কলেজলৈ চিটিবাছত যাবলৈ নিদিয়ে
, কিন্তু ঘৰতে থকা পুৰণি
গাড়ীখন ষ্টাৰ্ট কৰিবলৈ অসমৰ্থ হয়। এই সৰু দৃশ্যটিৰে লেখকে বহু কথাই কৈ দিছে
,
এই কৌশল চিনেমাৰ বৰ্ণনা কৌশলৰ লগত মিল থকা৷ এনেকুৱা অলেখ দৃশ্য
ৰচনাই উপন্যাসখনৰ সামগ্ৰিক ৰূপটোক সেই সময়ৰ
উপন্যাসবোৰতকৈ
বহু নিলগত ৰাখি থৈছিল।

কলেজীয়া
ছাত্ৰ-ছাত্ৰীৰ মানসিকতাক লৈ নবীন বৰুৱাই লিখা সুন্দৰ গল্প এটা আছিল
ধৃতৰাষ্ট্ৰ৷ কটন কলেজৰ লৰা-ছোৱালীবিলাকেই আছিল এই গল্পৰ মূল
চৰিত্ৰ৷ যৌ
নৰ সেই দিনবোৰত যে সাহস প্রদর্শন কৰাৰ স্বাভাৱিক প্রবৃত্তি এটা থাকে, এটা দল হৈ গলে যে সাহসৰ
স্বৰূপটি পৃথক হৈ পৰে
, সদ্যযৌনপ্রাপ্ত
ৰা কেইজনমানৰ মানসিকতাৰ ছবি এই গল্পৰ মাজেৰে অতি সৰল আৰু
হৃদয়স্পৰ্শী ৰূপত প্রকাশ কৰা হৈছিল। অসমীয়া সাহিত্যত যু
ৱ মানসিকতাৰ
বিশ্বাসযোগ্য চিত্ৰ থকা গল্পৰ সংখ্যা খুব কম
, এই গল্পটো সেই
সীমিত সংখ্যক গল্পৰ মাজৰ উজ্জ্বল উদাহৰণ
৷ এক বিৱাহিত দম্পতীৰ সুখৰ সংসাৰৰ সপোন আৰু আনফালে বাস্তৰ কঠোৰ খুন্দাত
লাহে লাহে বাদ দিবলৈ বাধ্য হোৱা
, বাদ দিবলৈ ওলাই কষ্ট পোৱা
ৰোমান্তিক অনুভ
ৰ সংঘাতৰ অনুপম গল্প এটা প্রকাশ পাইছিল
ৰূপকাৰত
, এই মুহূৰ্তত নামটি মনত নাই, কিন্তু
মনত আছে কেনেদৰে ঘৰ সলাই থাকোঁতে অদৰকাৰী বস্তুবোৰ পেলাই থৈ যোৱাৰ দৰে পেলাই দিব
বিচাৰিছে পুৰণি বাতৰি-কাকত
, আলোচনীৰ সংগ্ৰহ আৰু আনকি তেওঁৰ
প্রাক্তন প্ৰেমিকা আৰু বৰ্তমানৰ পত্নীয়ে লেখা চিঠিবোৰ।৷ নিৰ্মোহ আৰু নিৰাসক্ত
ভাবত লিখি যোৱা গল্পটিয়ে একে সময়তে দুখ আৰু বিষাদৰ ভাব উদ্ৰেক কৰে
, কৰিছিল আৰু সেই ভাবেই এতিয়াও গল্পটি জীয়াই ৰাখিছে। নামটো পাহৰি গৈছোঁ,
কিন্তু এতিয়াও স্পৰ্শ কৰি আছে সেই দুখবোধৰ শীতল অনুভৱে।

ধৃতৰাষ্ট্ৰ গল্পটিক কটন কলেজৰ নোকোৱা অংশ এটি হিচাপে সহজেই ভাবি লব পাৰি। ঠিক তেনেদৰে এই গল্পটোও ফিনিক্স পখীৰ গানত নোকোৱা বা কবলৈ সুবিধা নোপোৱা কিছু কথা। এই
দুয়োটা গল্প দুয়োখন উপন্যাসৰে পৰিপূৰক আৰু এই গল্প দুটাই উপন্যাস দুখনক নতুন
মাত্ৰাৰে সজাই তোলে। কেৱল এটা গল্প বা এখন উপন্যাস পঢ়াৰ আনন্দ অনুভৱৰ বাবে এই ধৰণৰ
তুলনা বা আলোচনাৰ প্রয়োজন নাই
, কিন্তু লেখক এগৰাকীৰ সৃষ্টি
প্রক্ৰিয়াৰ বিষয়ে গভীৰভা
ৱে বুজ লবলৈ
লে, বিভিন্ন ৰচনাৰ মাজত থকা সংযোগ
বিচাৰি পালে লেখকগৰাকীৰ নতুন নতুন ৰূপ পোহৰলৈ আহে।