ৰাজশ্ৰী ধনদিয়া

চাপৰ ভেঁটিটোৰে সৈতে ঘৰটোৰ পি‍ছফালে গাতে লাগি আছে
বাঁহনিডৰা
, গেজেপ মাৰি ধৰা,
 তাৰ পি‍ছতেই পথাৰখন। দিনদুপৰত
পথাৰখনত তীক্ষ্ণ মাতটোৰে উৰি ফুৰা বালিঘোঁৰা চৰাইটো ৰাতি
বিয়লিও
সাৰে থাকে হ
বলা। জাৰণিডৰাত খিৰিক্‌কৈ‍
শব্দ হ
লেই চৰাইটোৱে মাত দিয়ে;
 আনকি বাঁহপাত এটা বতাহত লৰিলেও।

 বালিঘোঁৰা চৰাইটোৰ লগতে আজিকালি ওৰে ৰাতি মানুহহাল সাৰে
থাকিবলৈ লোৱা হৈছে।

মানুহজনীৰ শেতেলিৰ শিতান কুহুমীয়া নিমখীয়া
পানীখিনিত সেমেকি থাকে। যিমানেই নাকৰ সোঁত-সোঁতনি বাঢ়ে
, সিমানে কাষতে শুই থকা মানুহজনৰ হুমুনিয়াহবোৰ
দীঘল হৈ গৈ থাকে। ৰাতিৰ ৰাতিটো মানুহহালে শেতেলিত বাগৰ সলাই লহমাবোৰ পাৰ কৰে
, ইজনে সিজনলৈ পিঠি দি মনৰ ধৰফৰণিবোৰ লুকুৱাবলৈ
চেষ্টা কৰে।

পিছে নাই! স মিছা।

কোনে কাক ফাঁকি দিব পাৰে?

এপাকত দুঃচিন্তাত বিতত হোৱা বুকুখনত মানুহজনে
সামৰি লয় মানুহজনীক। দুখন বুকুৰ ধৰফৰণিৰ প্ৰতি সমূলি নিৰুদ্বেগ
নিৰুত্তাপ এখন বেপৰোৱা কলিজাই
সেই সময়ত নিষিদ্ধ নিচা শুহি থাকে। সেইখন কলিজা এইহাল মানুহৰ কলিজাৰ এফাল আছিল।
তেওঁলোক দুয়োৰে মন আকাশৰ জোন আছিল। অথচ এতিয়া যেন হৈ পৰিছে মানুহহালৰ কলিজাৰ ঘা
,
 কেতিয়াও নুশুকুৱা এটুকুৰা কেঁচা ঘা।

মানুহহালৰ লৰাটো, দিনে দিনে নিবোকা চামোন হেন হৈ পৰা লৰাটো! ধনগুলৈৰ জুয়ে মাতিছে তাক। মানুহজনীয়ে হুমুনিয়াহ
কাঢ়ে
, দুচকুত ধৰা দিয়ে একুৰা জুয়ে। লৰালিৰ ঘৰখনৰ বাৰীৰ পি‍ছফালে থকা বহল পথাৰডৰাৰ মাজত দোভাগ ৰাতি ধনগুলৈয়ে দেখা দিছিল। যখে ৰাখি
থোৱা ধন মুঠিয়ে মুঠিয়ে আনিবলৈ গৈ তেজ বতিয়াই মাৰিছিল ওপজা গাঁওখনৰে দদাইটি। সেই
তেজতে যেন লুটুৰি
পুতুৰি হৈ মানুহহালৰ বি বছৰত ভৰি দিয়া পুতেক সোণকণ আহে। সেই ধনগুলৈৰ জুয়ে লৰাটোকো খেদিছে,
 নে লৰাটোহে সেইকুৰা জুই দেখি হাত মেলি গৈছে? অজানা
ধনৰ ৰখীয়া হৈ থকা যখৰ কবলত পৰিছে ল
ৰাটো। সেই ধন যেন খান্দি
আনিবলৈহে গৈছে সি।

বালিঘোঁৰা চৰাইটোৱে পৰ দি থাকে। ৰাতিৰ ৰাতিটো সাৰে
থাকে মানুহহাল। কোঠাৰ ভে
ণ্টি‍লে‍টৰেদি সৰকি অহা জোনৰ জান নিজান পোহৰকণত চোতালৰ তামোলজোপাৰ ছিৰিলা-ছিৰিলি
পাতবোৰৰ ক
লা অৱয়বটো
হালি
জালি থাকে। কোঠালিটোৰ বাহিৰৰ ৰাতিটোৰ পৃথিৱীখন যিমান
মুক্ত
,
 যিমান সজীৱ ঠিক সিমানেই যেন
কোঠালিটোৰ ভিতৰৰ বায়ুবোৰ ৰুদ্ধ হৈ পৰে
, চেপা উত্তেজনা বা অস্থিৰতা এটাই ৰেপি ৰেপি
যন্ত্ৰণাদায়ক কৰি তোলে কোঠালিটোৰ অন্তৰ্ভাগ। দুঃচিন্তাত চকুৰ টিপ নমৰা মানুহহালৰ
গধুৰ উশাহ
 নিশাহবোৰে শিল হেন গোমোঠা
কৰি তোলে কোঠালিটোৰ আ
হাৱা। এই কোঠাটোৰ বাহিৰৰ পৃথিৱীখনত প্ৰাণ আছে, অথচ ইয়াৰ ভিতৰত থকা প্ৰাণ দুটিহে যেন নিস্পন্দন! সময়অসময়, ছাঁপোহৰৰ দোমোজাত দোদুল্যমান দুখন হৃদয়। ডাঠ
নীলা ৰঙৰ পুৰণি আঁঠুৱাটোৰ বহু বছৰ হোৱাৰ ফলত ৰং গৈ মলিয়ন যেন হৈ পৰিছে। আঁঠুৱাটোত
ঠায়ে ঠায়ে কেইবাটাও ফুটা
, কোনোবাটোত ছে‍ফ্‌টি পিন এটা মাৰি ফুটাটো বন্ধ কৰি ৰখা হৈছে,
 আন কোনোবাটোত আকৌ হাত চিলাই কৰি থোৱা আছে।
আঁঠুৱাৰ বাহিৰত মহজাকৰ শব্দ। আন্ধাৰতে
পঁইতাচোৰা এটা উৰি আহি আঁঠুৱাৰ বাহিৰ পিনে
পৰা বুলি মানুহজনীয়ে উমান পায়। হাতখনেৰে
আছাৰ মাৰি দিয়ে।
খাৰু দুপাত জুনুককৈ বাজি উঠে। তাকে শুনি মানুহজনেও গ
লখে‍কাৰি
 মাৰি সাৰে থকাৰ সঁহাৰি দিয়ে।

দোভাগ ৰাতি এটা সময়ত পাছ দুৱাৰত কাৰোবাৰ ভুকু
পৰে।

এবাৰ, দুবাৰ, কেইবাবাৰো! সোণকণ ঘূৰি অহাৰ শব্দ সেয়া।

শুবৰ সময়ত নিলগাই ৰখা চাদৰখন গাত মেৰিয়াই
লৰালৰিকৈ
খুঁচি থোৱা
আঁঠুৱাটো দাঙি শোৱাপাটীৰ পৰা নামি যাওঁতে মানুহজনীয়ে উজুটি খাবলৈ লয়।
পি‍ছচোতালৰ সংলগ্ন হাফৱালৰ কোঠাটোৰ কম পাৱাৰৰ লাইটটো জ্বলাই দি মানুহজনীয়ে
দুৱাৰখন খুলি দিয়েগৈ। যিটো ব্যগ্ৰতাৰে শোৱাপাটীৰ পৰা নামি আহিছিল
, তাক তিলমানো উদঙাই নেদেখুৱাবলৈ মানুহজনীয়ে আপ্ৰাণ চেষ্টা কৰে। কিন্তু
নোৱাৰে! অথচ মানুহজনীৰ দুকুল উপচি পৰা মমতাৰ ধলক আওকাণ কৰি ল
ৰাটো গপ্‌প্‌কৈ‍ ভিতৰলৈ সোমাই
যায়। তাৰ গাৰ পৰা ভাহি অহা দৰ
জাতীয় গোন্ধটো পাই সংকুচিত হৈ
পৰে মানুহজনী।

বালিঘোঁৰা চৰাইটোৱে তেতিয়াও পি‍ছফালৰ বাঁহনিডৰাত মাতি থাকে।
মন্থৰ খোজেৰে উভতি অহা মানুহজনী আঁঠুৱাৰ বাহিৰতে বিছনাত বহি ৰয়। মহজাকে
 কোনকোনাই থাকে। মানুহজনীয়ে অপেক্ষা কৰে পাকঘৰত
থাল-বা
টি‍ উদঙোৱাৰ
শব্দবোৰৰ বাবে। কেতিয়াবা খোৱা মেজৰ ভাতৰ কাঁহী উদঙাই দিওঁতে থনৰকৈ শব্দ হয়।
মানুহজনীয়ে ব্যগ্ৰ হৈ শোৱাপাটীতে বহি ৰয় সেই শব্দটো শুনিবলৈ। ষ্টীলৰ জাৰটোৰ পৰা
গিলা
চলৈ‍ পানীখিনি বাকি লোৱাৰ পাছত পাকঘৰৰ পৰা চোতাললৈ যাব
পৰা দুৱাৰখন খোলাৰ শব্দ
,
 পিৰালিৰ চুকৰ পৰা মুখ ধোওঁতে ভাহি অহা শব্দ, কচুৱনিডৰাত সৰুপানী চোৱাৰ শব্দ, উভতি দুৱাৰখনৰ হুকটো লগোৱাৰ শব্দশব্দবোৰ
মানুহজনীৰ মুখস্থ হৈ থাকে। সেই চিনাকি শব্দবোৰকে শুনিবলৈ মানুহজনী উদগ্ৰীৱ হৈ ৰৈ
থাকে। কেতিয়াবা এটাও শব্দ ভাহি নাহে। যি ভাগেই ল
ৰাটো ঘৰ সোমায়, সেইভাগেই নিজৰ কোঠালৈ গৈ ধামকৈ দুৱাৰখন জপাই দিয়ে। শব্দবোৰ শুনাৰ হেঁপাহটো বুকুত সামৰি বিছনাত বাগৰ দিয়া মানুহজনীলৈ মানুহটোৰ খং উঠে। বুকুৰ
আগমঙহকণে তেওঁলোকক নেও
চা দিলে,
 তাক লৈ দুঃচিন্তাত বিতত হৈ লাভ নাই বুলি নিজৰ
বুকুত শিল বান্ধি নিজকে প্ৰবোধ দিব পাৰিলেও কাষত শুই থকা মানুহজনীৰ বিগলিত মমতাৰ
 ধলে‍ তেওঁৰ বুকুৰ শিলৰ গৰাটো
খহাই নিয়াৰ উপক্ৰম হয়। আনপিনে চিলমিল টোপনিৰ আৱেশতে মানুহজনীয়ে সপোন দেখে। গাখীৰ
বেবী পাউদাৰ মিহলি গোন্ধ এটাই যেন লাহে লাহে তেওঁক আৱৰি ধৰে।

……….

আজিকালি মানুহজনীৰ প্ৰতিটো কথাতে আউল লগা হৈছে।
দিনত মানুহজনীয়ে অবোধ ভেড়া ছাগলী এটাৰ বেবনি শুনা পায়
, ৰাতি
লে বাৰীৰ পি‍ছপিনৰ পথাৰডৰাৰ মাজভাগত
ধনগুলৈ দেখা পায়। চিন্তাৰ
 জঁটবোৰত উজুটি খোৱা মানুহজনীয়ে উদং হাতেৰে গাখীৰৰ ছছপে‍নটো গেছৰ পৰা নমাবলৈ লৈ
সেইদিনা ভালকৈয়ে হাত দুখন পুৰিলে। ঢোপ উঠি যোৱা হাত দুখনত বা
ৰ্নল সানি গালি দি থকা মানুহজন কৰুণ ভীতিগ্ৰস্ত চকুহাললৈ চাই এখন্তেক ৰৈ গল।

বছৰৰ পাছত বছৰ নীৰৱ সাধনাৰ ফলত নিৰ্ধাৰিত
সময়তকৈ দুমাহ সোনকালে আহিছিল সি কোলালৈ। বিয়াৰ পাছৰ আঠটা বছৰ মানুহহালে এটা
প্ৰাৰ্থনা একেলগে বুকুত বাজিবলৈ দি পাৰ কৰিছিল। গাখীৰে তিয়াই ৰখা গুলপীয়া ওঁঠ
দুখনিৰ পৰশ বিচাৰি চকুলোৰে থাপনা তিয়াইছিল মানুহজনীয়ে। ওচৰ
চুবুৰীয়া, মিতিৰকুটুমে সেই বিশেষ নামটোৰে মানুহজনীক চিনাকি
দিবলৈ লৈছিল। মানুহজনীৰ লগত বয়সৰ ব্যাপক ব্যৱধান থকা মানুহজনে সেইবোৰৰ প্ৰতি
তিলমানো ভ্ৰূক্ষেপ নকৰাকৈ স্কুলৰ কামবোৰ চম্ভালিছিল। স্কুলখনৰ ল
ৰা-ছোৱালীবোৰৰ মাজতে তেওঁ যেন পিতৃত্বৰ বিশাল বটবৃক্ষজোপাৰ শাখাপ্ৰশাখা মেলি ছাঁ বিলাই আছিল। হয়তো সেয়ে পলমকৈ হলেও
চকু মেলি চাইছিল অদৃষ্টই। বিয়াৰ সুদীৰ্ঘ আঠ বছৰৰ মূৰত কোলা শুৱনি কৰিছিল
কেঁচুৱাকণে। অনেক জটিলতা পাৰ কৰি দুমাহ আগতীয়াকৈ ভূমিষ্ঠ হোৱা সেই পাৰপোৱালি হেন
নিচেই সৰু কেঁচুৱাকণ ডাঙৰ কৰোঁতে মানুহজনী হাড়ে-ছালে লাগিছিল। তেঁ তেঁকৈ কান্দি
থকা সেইকণ কেঁচুৱা এতিয়া গায়ে
গাৰিয়ে এটা পাহোৱাল ডেকা হলহি। মাক-দেউতাকক ভেকাহি মাৰি উত্তৰ দিব পৰা হ,
বিচৰা বস্তুটো নাপালে ভাতৰ কাঁহী দলিয়াব জনা হ, ৰাতি দেৰিলৈকে ঘৰৰ বাহিৰত আড্ডা দি ঢলংপলংকৈ ঘূৰি আহি বন্ধ দুৱাৰৰ সমুখত ৰৈ কাণত হাত দিবলগা হোৱাকৈ অবাইচ মাত মাতিব
পৰা হ
ল। চুলিকেইডাল দীঘলকৈ ৰাখি এখন কাণত ফুলি পিন্ধা লৰাটোৰ মাত-কথাবোৰ যিমানেই হুঁটা হৈ আহিল, পানী হেন নিমাখিত মানুহহাল সিমানেই নিমখ পাই সংকুচিত হোৱা কুমজেলেকুৱাটোৰ
দৰে কোঁচ খাই আহিল। অৱসৰ লোৱাৰ পাছৰে পৰা লজ্জাৰ ভয়ত মানুহজন ক
লৈকো ওলাই নোযোৱা হল। বছৰেকৰ বিহুটোৰ দিনা চান্দা
বিচাৰি অহা গাঁৱৰ জ্যেষ্ঠকেইজনে নামঘৰ
সবাহলৈ নোযোৱা বাবে
তেওঁক মৃদু ভৰ্ৎসনা কৰি থৈ গ
ল। ঘৰতে বহি বহি বুঢ়া হৈ যোৱা
মানুহজনক চাই মানুহজনীৰ বুকুখন প্ৰায়ে বিষাই উঠা হ
ল। তেওঁ
জানে
,
 সেই একেই ধৰফৰণিটোৱে শান্তি
নিদিয়া হ
ল মানুহজনকো।
চাই থাকোঁতেই যে ল
ৰাটো মাক-দেউতাকৰ পৰা বিচ্ছিন্ন হৈ গল।

কথাবোৰে যিমানে মানুহজনীক বিতত কৰে, সিমানেই অবোধ ছাগলীৰ বেবনি এটা
যেন ক্ৰমশঃ বাঢ়ি আহে। এই বেবনিটো মানুহজনীৰ শৈশৱৰে চিনাকি। নিজৰ দেউতাকৰ কোলাত বহি
পাৰ কৰা শৈশৱৰ এটা সাধুৱে মানুহজনীক সেইখিনি সময়তো
 ওমলাই ৰাখিছিল যেতিয়া তেওঁ লৰাটোক বুকুৰ উমেৰে ডাঙৰ কৰিছিল।
শৈশৱৰ সাধুটোৰ ভেড়াৰখীয়াজনৰ একমাত্ৰ আৰু মৰমৰ ছাগলীটোৱে মালিকৰ হকা-বাধা নামানি
লুকাই চুৰকৈ কুকুৰনেচীয়া থকা হাবিখনৰ দাঁতিৰ পাহাৰটোত ঘাঁহ খাবলৈ গৈছিল। তাক দঢ়াই দঢ়াই
মানা কৰিছিল মালিকে কেতিয়াও সেই কোমল ঘাঁহনিডৰালৈ নাচাবলৈ
, সেইপিনে
নাযাবলৈ। কিন্তু ভেড়া ছাগলীটোৱে জানো শুনিছিল সেই কথা
?
 শনিবৰীয়া হাটত মালিক ব্যস্ত থকাৰ সময়তে সি দৌৰ
মাৰিছিল তালৈ। আৰু শেষত কুকুৰনেচীয়াৰ ধাৰাল দাঁতে তাৰ বুকু ফালি নিছিল।
মৃত্যুযন্ত্ৰণাত কাতৰ ছাগলীটোৰ দুচকুৰে তপত লোটক বাগৰিছিল। বি
বছৰো নোহোৱা নিজৰ লৰাটোক যেতিয়া অবাটে বাট লোৱা দেখে, তেতিয়া মানুহজনীয়ে অনুভৱ কৰে ছাগলীটোৱে এৰাল
ছিঙি কুকুৰনেচীয়াৰ মুখলৈ গৈ আছে। মাক- বাপেকহালৰ ছাঁটোকে সহিব নোৱৰা সেইটো যেন ল
ৰা নহয়, মালিকে কুমলীয়া ঘাঁহ খুৱাই মৰম-চেনেহেৰে‍  নিপোটলকৈ ৰখা ভেড়া ছাগলীটোহে! চোতালত খবৰ কাগজ পঢ়ি থকা দেউতাকক মাত নিদিয়াকৈ
বাইকৰ ধোঁৱা উৰুৱাই তীব্ৰ বেগেৰে যোৱা ল
ৰাটোক দেখি মানুহজনীৰ বুকুখন ধৰ্‌ফৰাই উঠে। সেইদিনা কুন্তলাই দিয়া খবৰটো কোন সতে সোণকণৰ দেউতাকক দিব তেওঁ
ভাবি নাপায়। কুন্তলা তেওঁলোকৰ প্ৰতিবেশী। চুবু
ৰিটোৰ খবৰবোৰ
ৰখা মানুহ কুন্তলা। দুপৰীয়া
আবেলি যেতিয়াই এইখন ঘৰত সোমায়, তেতিয়াই নিতৌ নতুন খবৰ একোটা দি যায়। সেইজনী কুন্তলাই চাৰি দিন আগত কোৱা কথাষাৰ ভাবিলে মানুহজনীয়ে পিয়াহত পানী এটুপিও খাবলৈ নোপোৱা
হোৱাৰ দৰে ছ
ট্‌ফটাবলৈ লয়। চুবুৰিটো
শেষলৈ সিটো মূৰে থকাঘৰৰ ল
ৰাটোৰ সংগ লৈছে হেনো সোণকণে। কুন্তলাৰ
নিজৰটো
পুতেকো তাৰ সংগতে থাকে। তাৰ মুখেদিয়ে গম পোৱা খবৰ।
অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক হ
লেও, শিক্ষকৰ
ঘৈণী হোৱা হেতুকে মানুহজনী চুবু
ৰিটো
  মাষ্টৰণীবুলিয়েই জনাজাত। মাষ্টৰণীৰ লৰাও
যে আমাৰ ইহঁতৰ লগ লাগিব কস্মিনকলেও ভাবিব নোৱৰা কথা
 বুলি কুন্তলাই খবৰটো জনাইছিল। চৌহদৰ এক অংশও
চকুত নপৰাকৈ টিনপাতেৰে ঘেৰি ৰখা চুবু
ৰিটোৰ সিটো মূৰৰ সেই কেঁচা ঘৰটোত গধূলি এক
বিশেষ ধৰণৰ নিচাৰ আড্ডা বহে বুলি জনোৱা মানুহজনীও কুন্তলাই আছিল। সেই আড্ডালৈ নিয়মিত
ভাৱে‍ সোণকণ যায় বুলি গম পালে হাই প্ৰেছাৰ থকা মানুহটোৰ
কি হ
ব ভাবি মানুহজনীয়ে
  যেতিয়াৰে পৰা কুন্তলাৰ
মুখেদি সোণকণৰ নতুন অভ্যাসটোৰ কথা গম পাইছে
, তেতিয়াৰে পৰা মানুহজনীয়ে লৰাটোক আলেঙে আলেঙে নিৰীক্ষণ কৰি থকা হৈছে। মুকলি কৈ কথা এটা নোকোৱা লৰাটোৱে ঘৰত থকা সময়ছোৱা দিনৰ
দিনটো ম
বাইলটো টিপি থাকে। পেণ্টৰ পি‍ছফালে পকেটত এখন মাত্ৰ বহী লৈ কলেজলৈ যোৱা লৰাটোৱে
বহুত দিনলৈ দাড়ি
চুলি কটাৰ নাম নলয়। কিছু দিন আগলৈকে হাতখৰৰ কাৰণে মাক-দেউতাকৰ লগত হুঁটা মাতেৰে টকা বিচৰা লৰাটোৱে আজি বে কিছু দিনৰ পৰা টকাপইচা বিচাৰি আমনি নকৰা হৈছে। কত পাইছে সি টকা?
 মানুহজনীয়ে হিচাপ কৰে। দিনত ভাত খাবলৈ ঘৰলৈ নহা লৰাটোৱে কলেজৰ কেণ্টিনতে ৰুটী-ভাজি খাওঁ বুলি কলেওচোন দিনে বিছ-ত্ৰি টকা লাগে। নিষিদ্ধ নিচাই জাল তৰা পৃথিৱী এখনৰ
কথা ভাবিবলৈ লৈ মানুহজনীৰ মূৰটো ঘূৰায়
,
 ডাঁৰডালত কাপোৰ মেলিবলৈ গৈ বাঁহডালতে ধৰি বহু পৰ
ৰৈ থাকে।

হেমন্তী!”— মানুহজনে আহি কঁপি থকা হাতখন ধৰে।

— “ৰাটোক
লগৰকেইটাই ৰসাতলে নিলে!

— “নহয় হেমন্তী। সি নিজে ৰসাতলে
গৈছে। তাক বেয়া কামবোৰৰ পৰা আঁতৰি থকাৰ শিক্ষা
,
 সংস্কাৰ আমি দিয়া নাছিলোঁ নে? তাৰ বোধশক্তি ইমান লোপ পালে
কেনেকৈ যে
 …” — উষ্মাৰে কথাখিনি শেষ কৰিব নোৱাৰি তেওঁ ফোঁপায়— “কৰিব পৰাকৈ আমাৰ হাতত এতিয়া
একো নাই হেমন্তী।

— “পদুমনি গাঁৱৰ মানুহজনৰ তালৈকে
এবাৰ গৈ চায় নেকি। কিজানি চেষ্টা এটা কৰি চালে
…!”

— “কোনো বেজ-কবিৰাজে তোমাৰ লৰাক ঘূৰাই আনিব নোৱাৰে হেমন্তী। মনত ৰাখিবা, মমতাৰ
চকুলোৱে যাক টানিব নোৱাৰে
, তাক কোনো মন্ত্ৰতাবিজে বশ কৰিব নোৱাৰে।

মানুহজনীয়ে চাদৰৰ আঁচল মুখত লৈ ফেঁকুৰিব খোজে।
আচলতে দিশহাৰা মানুহহালে আউল ক
ত লাগিল ভাবি পাৰ নাপায়। আন দহটা লৰাতকৈ
বেছি মৰমত আটোল
তোলকৈ তুলিছিল। তাতেই ভুলটো হল নেকি?
 অপ্ৰাদেশীকৃত স্কুলখনৰ
শিক্ষক মানুহজনে নিজৰ প্ৰয়োজনতকৈ ল
ৰাটোৰ প্ৰয়োজনৰ প্ৰতি গুৰুত্ব দি তাক
কেতিয়াও অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। সেয়া ভুল আছিল চাগে
!
 কিন্তু কোন সতে তেওঁলোকে কেৱল নিজাকৈ বেটবল এযোৰ নথকা বাবেই সমনীয়াৰ লগত
খেলিবলৈ নোপোৱা ল
ৰাটোৰ কলা পৰা মুখখন
চাই থাকি
লহেঁতে?
 তাৰ শৈশৱত, কৈশোৰত এনেকুৱা বহু দিন তেওঁলোকে পালে,
ত লৰাৰ আব্‌দাৰ পূৰ কৰিবলৈ গৈ মানুহজনে নিজৰ প্ৰেছাৰৰ টেবলেটকেইটা
বা মানুহজনীৰ আঁঠুৰ বিষৰ বেজীটোৰ চিন্তা বাদ দিবলগা হৈছিল। ইয়াৰ ফলতে আজি সি বিচৰা
বস্তুটো নাপালে কাঁহী
বাটি‍ দলিয়াব পৰা
ল।
 এনেকুৱা পেটৰ পোৱালি থকাতকৈ মৰি যোৱাই ভাল!” মন যায়, দুঃচিন্তাত মুখ শুকুৱা বিষালি
মানুহজনীৰো ভাবিবলৈ মন যায় তেনেকৈ।
  কিন্তু নোৱাৰে। সন্তানৰ প্ৰতি মোহ! অন্ধ মোহ! গান্ধাৰীয়ে এশ পুত্ৰৰ দোষ
জানি বুজিও নিৰ্বিকাৰ
নিৰুদ্বেগ হৈ আছিল। তেওঁৰ মাথোঁ এটাহে লৰা। বি. এ.ৰ প্ৰথম বছৰতে দুখন পেপাৰত বেক লগা লৰাটোৰ কিতাপৰ প্ৰতি তিলমাত্ৰও মনোযোগ নাই। মাক- দেউতাকহালৰ আজিও মনত আছে, সি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হবৰ দিনা হাঁহ এটা আনিছিল। লৰাটোৰ জন্মদিন বুলি কোনোদিনেই মাছ বা মাংসৰে ভাত এসাঁজ খোৱাৰ পক্ষপাতী নাছিল শিক্ষক মানুহজন। ৰাকণৰ জন্মদিন
বুলি নিৰীহ জীৱ এটানো
মাৰোঁ কোন সতে হেমন্তী। তাতকৈ নামঘৰত
চাকি এগছি দিবা
, ওচৰৰে কমানিকেইটাক
বুন্দিয়া
ভুজিয়া পায়সকে খুৱাই দিম।অথচ
সেইটো মানুহেই ল
ৰাই মেট্ৰিকত তিনিটা বিষয়ত লেটাৰ মাৰ্ক সহ
ফাৰ্ষ্ট ডিভিজন পোৱাৰ সুখত তেলাল হাঁহটো নিজে কাটি
বাছি
মানুহজনীৰ আগত দাঙি ধৰিছিল। তাৰ দুবছৰৰ পাছত মেট্ৰিকৰ
পাৰ্চে‍নটেজৰ আধা নম্বৰ লৈ সি কোনোমতে হায়াৰ ছেকে‍ণ্ডাৰিটো পাছ কৰিছিল। মেট্ৰিকত অংকবিজ্ঞানত ভালকৈ লেটাৰ পোৱা
ৰাটোক ছায়ে‍ন্সত পঢ়ুৱাটো ভুল হল বুলি কেনেকৈ মানে মানুহহালে? তাৰোতো ছায়ে‍ন্সত পঢ়াৰেই ইচ্ছা আছিল। আন্ধাৰ হোৱাৰো
বহু পৰ পাছত টিউশ্যন
প্ৰেক্টিকেলৰ পৰা আহি ঘৰ সোমোৱা লৰাটো যেতিয়া দুৱাৰ মাৰি ঘণ্টাৰ পাছত ঘণ্টা সোমাই আছিল, তেতিয়া ভূভাৰস্তৰ গম নৰখা মানুহজনীয়ে ভুলতো সন্দেহ
কৰা নাছিল যে সি নকৰিবলগীয়া কিবা কাম বা নাভাবিবলগীয়া কিবা ভাৱনাত ব্যস্ত হৈ আছে।
হায়াৰ
ছেকেণ্ডাৰি‍ৰ ৰিজাল্টটোৰ পাছত পোনপ্ৰথমবাৰৰ বাবে গা চেবাইছিল
মাক-দেউতাকহালৰ। ৰিজাল্টক লৈ তেওঁলোক উৎক
ণ্ঠি‍ত থকাৰ বিপৰীতে
সি শান্ত হৈ আছিল। ৰিজাল্টৰ দিনাখনো পলমকৈ আহি ঘৰ সোমোৱা ল
ৰাটোক
হতাশাই হেঁচা মাৰি অনিষ্ট কৰিব বুলি ভাবি বুজাবলৈ গৈ দুয়ো প্ৰথমবাৰৰ বাবে সেই
গোন্ধটো তাৰ মুখত পাইছিল।

চিন্তাৰ সুঁতিবোৰে পাক খাই এখন জাল তৰে আৰু
মানুহহালৰ গায়ে-মূৰে মেৰিয়াই ধৰে। আঁত বিচাৰিবলৈ লৈ দিশহাৰা মানুহজনৰ দুচকুত ধৰা
দিয়ে মাহচেৰেকৰ আগৰ আন এখন ছবিয়ে। সেইদিনা আবেলি তিনিআলিৰ দোকানখনলৈ তেওঁ ওলাই
গৈছিল। মাহেকৰ বজাৰকেইটা মানুহজনে নিজে কৰাটো স্বভাৱ। চিনাকি দোকানখনৰ পৰাই আটাইকেইটা
বস্তু কিনিব পাৰি। তিনি
লিটোতে তেতিয়া মানুহ এজাকে জুম বান্ধি উচ্চ স্বৰত কথা পাতি আছিল। ৰঙা হাতকটা
টপ আৰু আঁঠুলৈকে স্কাৰ্ট পিন্ধা ছোৱালী এজনীয়ে পোন মাটটোৰে কাৰোবাক গালি পাৰি আছিল
 ষ্টুপিড্, ছোৱালী জোকাবলৈ আহিছ! ঘৰত মা-ভণ্টি নাই তোৰ…?” তেওঁ জুম ফালি আগ বাঢ়ি
গৈছিল। আঁতৰৰ পৰা দেখিছিল পাহোৱাল ল
ৰা এটা কাণত ধৰি আঁঠু
কাঢ়ি আছিল জুমটোৰ মাজত। হৈ
হাল্লা কৰি দুজনমানে লৰাটোক থানালৈ লৈ যাবলৈ উদ্যত হৈছিল। মানুহজনে হেঁচাঠেলাবোৰ
অতিক্ৰমি তাৰ সন্মুখত থিয় দিছিলগৈ আৰু এচৰ মাৰিছিল তাক সকলোৰে সন্মুখতে। জুমটোৰ
মাজত উপস্থিত থকা তেওঁৰে সহকৰ্মী বৰুৱাই তৎক্ষণা

পৰিস্থিতিটো বুজিব পাৰি ক্ষান্ত কৰিছিল আনবোৰক। ম
বাইলটো
হাতত লৈ পোন চুলিৰ ৰঙা টপ পিন্ধা ছোৱালীজনী সেই ঠাইৰ পৰা আঁতৰি গৈছিল। চৰটো খাই
তাৰ দুচকু যেন জ্বলন্ত অগ্নিপিণ্ড হৈ পৰিছিল।

সেইটোৱেই জানো ভুল আছিল? নহয় নহয়। তাৰো বহুত দিন আগৰে পৰাইতো সি অবাটে বাট
বুলিবলৈ লৈছিল। সেইদিনা মাথোঁ সংযোগবশ
তঃ তেওঁ ভিৰৰ মাজত তাৰ উচ্ছৃংখলতাৰ মুখামুখি হৈছিল। কি কৈছিল?
 তিনি আলিৰ জনসমাগমটো সেৰেঙা হবলৈ লোৱাৰ পৰত দুজনমানৰ কথা বতৰাবোৰ উফৰি আহিছিল এইবোৰ আজিকালিৰ লৰা-ছোৱালীক
মাক-বাপেকেই বেয়া কৰিলে। সৰুৰে পৰা ভাল সংস্কাৰ দিলেহে ল
ৰাছোৱালী ভালে থাকিব!

ভাল সংস্কাৰ! সুশিক্ষা! শিক্ষক মানুহজনৰ ইমান
বছৰৰ শ্ৰম
, সমৰ্পণক তেওঁৰ নিজৰ তেজেই বুঢ়া আঙুলি
দেখুৱাইছিল। মাহেকীয়া বজাৰকেইটা নকৰাকৈয়ে তেওঁ থৰক
বৰককৈ ঘৰ আহি সোমাইছিল। সেইদিনা
প্ৰথমবাৰৰ বাবে সি ঘৰৰ বাহিৰত ৰাতি কটাইছিল। তাৰ এসপ্তাহ আগত সি জেদ ধৰি বাইকখন
সৰকাইছিল। যিদিনা বাইক নাপালে ঘৰলৈ উভতি
নাহোঁ
  বুলি সি ভাতৰ কাঁহী দলিয়াই
ওলাই গৈছিল
, সেইদিনাই বুকুত শিল বান্ধি তেওঁ ঠিক কৰিছিল, দি দিব তাক বাইক এখন কিনি। সেইখন আনিলেই যদি
তাৰ পোহৰ হোৱা মুখখন চাই মানুহজনীয়ে ভাত
সাঁজ খাব পাৰে, টোপনি যাব পাৰে তেন্তে তেওঁ সাঁচতীয়া টকাকেইটা
ভাঙি লৈ আহিব সেইখন। পদপথত চৰটো গালত পৰাৰ পিছদিনাৰে পৰা তাৰ কঠিন মুখাৱয়বত
তেওঁলোক দুয়োৱে স্পষ্টভাৱে দেখা পাইছিল এক অপ্ৰকাশিত আক্ৰোশ।
দপ দপকৈ জ্বলি উঠা হেন হোৱা তাৰ
চকুযুৰিৰ জুয়ে যেন দহি নিছিল মাক-দেউতাকহালক। সস্তীয়া পুৰণি মডেলৰ ম
বাইল থকা মানুহজনে একো ভু পোৱা নাছিল। হাজাৰৰ ওপৰত
লাইক
কমেণ্টশ্বেয়াৰ হৈছিল তেওঁ ব্যস্ত
জনপথত তাক মৰা চৰটো। এইবোৰ ভাবিবলগীয়া
, খেয়াল কৰিবলগীয়া কথা
বুলি গণ্যই কৰা নাছিল তেওঁ। ল
ৰাই ভুল কৰিলে মাক-দেউতাকে
শুধৰাই নিদিব নে
? যোৱা কেইবামাহ ধৰি লৰাটোৰ
গতি-বিধি সলনি হৈছে। ভালেৰে সুধিলে একো উত্তৰ পোৱা নাযায়। গোমোঠা মুখখনে গেঙেৰি
মাৰি আঁতৰি যায়
;
 ডাবি‍-ধমকি দিলে ঘৰটোৰ বস্তুহে
নষ্ট হয়। দিনটোলৈ মানুহহাল শিল পৰা কপৌৰ দৰে জঠৰ হৈ থাকে। মানুহজনে ভাবি পাৰ পোৱা
নাছিল। তাতেই ভুল হ
ল নেকি?
 মানুহজনীয়েও ভাবি ভাবি পাৰ নাপায়। সেই দিনটোৰ
কথা ক
লেই মানুহজন
জুপুকা লাগি বহে। উপায়হীন হৈ এদিনাখন তাৰ নিবোকা মুখখনৰ মুখামুখি হৈছিল মাকজনী।

 এনেকুৱাখন কিয় কৰিছ বোপাই অ’! দেউতাৰাৰ প্ৰেছাৰটো দেখিছনে…!”— কন্দনামুৱা হৈ মানুহজনীয়ে তাক কাকূটি কৰিছিল।

— “ টু হেল। ষ্টেটাছ মেইণ্টেইন কৰিব নজনা মানুহে মোক
চৰ মাৰিবলৈ আহে। কোন হয় সি এনেকৈ মোক লাজ দিবলৈ
…!”

তাৰ উগ্ৰ মূৰ্তি, কৰ্কশ মাতকথাবোৰে বৰ বিন্ধিছিল তেওঁক। মাকজনীয়ে
ভীতিবিহ্বল হৈ দুখোজ পিছুৱাই আহিছিল। সি খঙত একো নাই হৈ দলি মাৰি দিয়া টিভিৰ ৰিম
টটো মানুহজনীৰ
  কপালত লাগি মজিয়াত পৰি দুফাল হৈছিল। তাক মাৰিবলৈ আকৌ হাত
দাঙি আহিছিল তেওঁ সিদিনা। কিন্তু তাৰ ৰঙা পৰা দুচকু দেখি ৰৈ গৈছিল তেওঁ। ক
ত শিকিলে? ত শিকিলে সি ইমান বেয়া মাত কথা? কেনেকৈ পাৰিলে সি মাকলৈ হাত
দাঙিব
? কপালখন দুহাতেৰে হেঁচা মাৰি হাফ ৱালখনত আওজি
বহা মানুহজনীলৈ চাই তেওঁ অসহায় হৈ পৰিল। জীৱনৰ ইমান দূৰ বাট আগুৱাই আহোঁতে সেই দিনটোৰ
দৰে তেওঁৰ
  ইমান অসহায় কেতিয়াও অনুভৱ
হোৱা নাছিল। ৰাতিলৈ টেমুনা উঠি ক
লা পৰি যোৱা কপালখনেৰে মাকে তাৰ ভাতসাঁজ পাকঘৰত ঢাকি ৰাখিছিল।

সময়-অসময়ৰ দোমোজা এয়া।

গধূলিবোৰত চোতালত বহি ভাবি থাকে মানুহজনে। দিন-
ৰাতিৰ সন্ধিক্ষণ এয়া। অথচ তেওঁলোকৰ দিনতো আছিল এই সন্ধিক্ষণ। কিন্তু
উচ্ছৃংখল ভোগবাদ, অন্ধ লালসাৰ আন্ধাৰে বিনাশিব পৰা নাছিল
সংস্কাৰী চেতনাৰ প্ৰো
জ্জ্বল ৰশ্মিক। কিন্তু এই সময় দুঃসময়, ত সহজলভ্য ৰঙীন বিলাসিতাৰ মোহৰ মেৰপেঁচত কক্‌বকাই থাকে সঁচা সম্পৰ্কবোৰ। মানুহজনৰ
চিন্তাবোৰ মানুহজনীৰ সৰল মনটোৱে ঢুকি পাবগৈ নোৱাৰে। শিল হেন চেঁচা হৈ যোৱা ঘৰখনৰ
পৰিৱেশটোক নিজৰ দেহা খতি কৰি হ
লেও উম দিবলৈ মানুহজনীয়ে অহৰহ
বৃথা চেষ্টা কৰি থাকে
;
 কেতিয়াবা ঢেঁকীৰ চাবেৰে, কেতিয়াবা নাৰিকলৰ লাড়ুকেইটাৰ
সোৱাদেৰে
, নহলে কেতিয়াবা পদিনাৰ চাটনিকণেৰে!

……….

যোৱা কেইদিনমানৰে পৰা মানুহজনে সন্ধিয়া সময়ত
ঘৰৰ পৰা ওলাই যোৱা হৈছে। মানুহজনীয়ে ভালেই পাইছিল
, হকেবিহকে ঘৰতে সোমাই মানুহজন তেনেই বুঢ়া হোৱা
যেন হৈছিল
,
 ওচৰৰে এঘৰদুঘৰলৈ ওলাইমেলি গৈ কথাবতৰা হৈ থাকিলে মনবোৰ মুকলি হৈ থাকে। কলৈ গৈছে কি কথা তেওঁ নিজে নজনালে মানুহজনীয়েও উপযাচি নোসোধে। আগৰে পৰা
অভ্যাসৰ বাহিৰত সেয়া। তিনিটা মানুহেৰে সৰু ঘৰটো এনে নিমাওমাও হৈ থাকে
,
 একেবাৰে ভাল নালাগে। তেওঁ নিজে যেনিবা ঢেঁকীশাল, তাঁতশাল বা পাকঘৰকে লৈ ব্যস্ত থাকি সময়কণ পাৰ
কৰে
, কিন্তু এই হেন মতগজ মতা মানুহজনে দিনৰ দিনটো
ঘৰতে বহি কৰিব কি
! ল বুলিনো কিমান খবৰ কাগজ, আলোচনী বা টিভিটোকে মেলি বহিব। সেয়েহে যোৱাকেইদিন
সন্ধিয়া তেওঁ চুবু
ৰিলৈ‍ ওলাই যাওঁতে মানুহজনীয়ে সকাহ পোৱাদি হল।

কুন্তলাই দিয়া শেহতীয়া খবৰটো মানুহজনক দিয়াৰ
আগতেই সেইদিনা ৰাতি চুবু
ৰিটো
চেপা উত্তেজনা এটাই জোকাৰিলে। চুবুৰিটোৰ শেষৰ
ঘৰটোৰ পৰা
গপ্‌গপ্‌কৈ‍ কেইবাটাও ডেকা লৰাক পুলিচৰ জীপত ভৰাই লৈ গল। এইপিনে দোভাগ ৰাতিলৈকে
ঘৰলৈ নহা ল
ৰাটোৰ কাৰণে ধৰ্‌ফৰাই থকা
অন্তৰ দুখনে ইখনে আনখনক প্ৰশমিত কৰিবলৈ চেষ্টা কৰি বিফল হৈছিল।

বালিঘোঁৰা চৰাইটোৱে তেতিয়াও বাঁহনিডৰাত মাত
মাতি নিশাটোক জয়াল কৰি তুলিছিল।

ৰাটো সেই ৰাতি ঘৰলৈ নাহিল। মানুহজনীয়ে পৰে
পৰে উঠি গৈ দুৱাৰৰ ওচৰত কাণ উনালেগৈ। কেনেবাকৈ বাইক এখন আহি ৰৈছে নেকি। নাই নাহিল।
একোবত
পিছ চোতাললৈ মানুহহাল ওলাই গল।
কিজানি নিচাৰ কোবত খালে-ডোঙে পৰি আছে সি। দিনৰে পৰা মানুহজনীৰ গাটো বাৰু লাগি থকা
নাই। কুন্তলাই খবৰ দিছিল সিহঁতৰ
পি‍ছত হেনো পুলিচ লাগিছে। সোণকণৰ
দেউতাকক কথাটো কওঁ বুলিও এইকেইদিন সাহস গোটাব নোৱাৰিলে মানুহজনীয়ে।
পি‍ছ চোতালৰ পৰা
  দুয়ো মাথোঁ দেখা পালে, ঘৰৰ বাঁহনিডৰাৰ গাতে লাগি থকা পথাৰখনৰ
মাজভাগত একুৰা জুই
দপ দপকৈ জ্বলি বতাহতে আগুৱাই গল। কলপাতৰ দৰে তীঁৰ তীঁৰকৈ কঁপা মানুহজনীয়ে দুচকু মুদি কাষতে থিয় দি থকা
মানুহজনৰ হাতখনকে খ
প্‌কৈ‍ ধৰিলে।

শেহনিশাৰ জয়াল হাবিখনত বালিঘোঁৰা চৰাইটোৱে
তেতিয়াও মাতি আছিল।

*********

ঠিকনা:
সহকাৰী অধ্যক্ষ

আৰক্ষী প্ৰশিক্ষণ
মহাবিদ্যালয়
, অসম, দেৰগাঁও

ভ্ৰাম্যভাষ: ৯৭০৬৭০৭২০৩