পাপৰি গোস্বামী

ৰঙাৰ লগত ঈষৎ হালধীয়া ৰংটো মিহলাই পুনৰ এবাৰ তেওঁ মনে বিচৰা ৰংটো তৈয়াৰ কৰিবলৈ
প্ৰয়াস কৰিলে।
  চন্দনৰ
তিলক লগোৱা
 কপালখনত দুটা ডাঙৰকৈ ভাঁজ দেখা গল। নাই, পৰিমাণটো হয়তো ঠিক হোৱা নাই। এইবাৰো সন্তুষ্ট নহল তেওঁ। 

কাষত থকা বাকীবোৰ ৰঙৰ টেমা এটা এটাকৈ হাতত লৈ
ঘূৰাই ঘূৰাই চাই থাকিল কিছু পৰ।
 হঠাতে, আগেয়ে
চাই থৈ দিয়া টেমা এটা পুনৰ হাতত তুলি ল
লে। মনতেই যেন মিশ্ৰণটো তৈয়াৰ কৰি চালে তেওঁ। কপালৰ  ভাঁজ দুটা এইবাৰ কিছু সৰু হৈ আহিল। সৰু ব্ৰাছ
এডাল তুলি ল
লে
তেওঁ।
 

কমলা ৰঙৰ টেমাটো খুলি তাৰেই দুটোপালমান মূল  মিশ্ৰণটোত মিহলি কৰি দিলে তেওঁ। বহু পৰ লৰাই
থাকি ব্ৰাছেৰে
 অলপ ৰং চকা
এটাৰ
  মাৰি এডালত
লগাই চালে। কপালৰ ভাঁজ দুটা এইবাৰ শোটোৰা পৰা ছালখনৰ লগত মিলি গ
ল। 

মুখত হাঁহি এটা বিৰিঙিল। হয়তো মনে বিচৰাটো  পালে। তাৰেই সাক্ষী প্ৰায় বেছিভাগ দাঁতেই সৰি
যোৱা মুখখনত উজলি উঠা হাঁহিটো।
 নতুন
উদ্যমত হাতখনৰ ব্যস্ততা বাঢ়ি গ
ল তেওঁৰ। বাৰে বাৰে বিভিন্ন আনুপাতিক মিশ্ৰণেৰে বোলাই গৈছে
নিৰ্দিষ্ট ঠাইবোৰত। সমানুপাতিকভাৱে প্ৰত্যেকটো দিশৰ
 ভাঁজবোৰৰ সবলতালৈও লক্ষ্য কৰিছে। কৰবাত দুই-এটা
গজালৰ প্ৰয়োজন হৈছে। ব্ৰাছ থৈ লগে লগেই হাতুৰী তুলি লৈছে।
 

অকণমান আঁতৰত লতাই মগুদাইলৰ বড়িবোৰ ৰদত শুকাবলৈ দি
আছে। যদিও হাতেৰে
 অকণ অকণকৈ
বড়িবোৰ পলিথিনখনৰ এমূৰৰ পৰা সজাই গৈ আছে
,  চকুযুৰি
কিন্তু এক নিৰ্দিষ্ট ঠাইত আবদ্ধ হৈ আছে।

মানুহজনে পুৱাৰে পৰাই একেটা কামতে লাগি আছে।
বেলি মূৰৰ ওপৰ পালেগৈ, কিন্তু মানুহজনে
 একমনে
ৰংবোৰৰ লগতেই খেলা কৰি আছে।
 লতাই যোৱা
ষাঠিটা বছৰ পাৰ কৰি আহিছে তেওঁৰ সৈতে। তেওঁৰ প্ৰতিটো মুহূৰ্তৰ সংগী হৈ কাষত থিয় দি
ৰৈছে। কিন্তু
, বিশেষ কেইটামান দিনত লতাই অনুভৱ কৰে মানুহজন
যেন তেওঁলোকৰ সৰু জগতখনত প্ৰায় অনুপস্থিত।
 নিজাকৈ
আন এখন জগত সাজি লৈছে
 মানুহজনে।
কাঠ
, বাঁহ, গজাল, খিলা, হাতুৰী, বটালি, ৰং, ব্ৰাছ
আদিহে তেওঁৰ
 জগতখনৰ মূল
বাসিন্দা হৈ পৰিছে। তেওঁৰ ইচ্ছামতেই সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰি থাকে।
অৱশেষত
, শাসক আৰু বাসিন্দাসকলৰ অহৰ্নিশ শ্ৰমৰ ফলত মেৰামতি কৰি পুনৰ সুন্দৰ কৰি তোলে ৰাজপ্ৰাসাদটো।  লাহে লাহে ৰাজপ্ৰাসাদটোৱে ৰথ এখনৰ আকৃতি লৈছে। 

দেখিছে লতাই, তেওঁ
এই কামটো বৰ মনোযোগেৰে কৰাটো
 দেখি
আহিছে ছটা দশকজুৰি। পুতেক
, নাতিয়েকহঁতে বহুবাৰ
আপত্তি কৰা সত্ত্বে‍ও
 আশীৰ ঊৰ্ধ্বৰ  মানুহজনে এই কামটো এৰি দিয়া নাই। যেন তেওঁৰ জীৱনটো এই কামটোৰ লগতেই সংযোজিত।
কামটোৰ পৰা অব্যাহতি লোৱা মানেই
  যেন
জীৱনৰ পৰাই মেলানি মাগি লোৱা।
 

বেয়া নাপায় লতাই এই ক্ষেত্ৰত। বছৰৰ
নিৰ্দিষ্ট কেইটামান দিন মানুহজনে যেন সাংসাৰিক জীৱনৰ পৰা আঁতৰি থাকে। প্ৰথমতে
 লতাই অভিযোগ-অভিমান কৰিছিল। লাহে লাহে বুজি
পাইছিল যে বছৰৰ এই দিনকেইটা মানুহজনে কাৰো লগতেই কটাব নোৱাৰে। বাধ্য তেওঁ কামটোৰ
প্ৰতি অনুগত হৈ থাকিবলৈ। অৱশেষত
, বছৰৰ সেই বিশেষ
দিনটো আহে। তেওঁ আতুৰ হৈ পৰে। পুৰণা আলমাৰীটো খুলি
 চেগুন
কাঠৰ নক্সা কটা সৰু বাকচটোৰ পৰা আলফুলে উলিয়াই আনে টোপোলাটো। মেৰিয়াই ৰখা মখমল
কাপোৰৰ আঁৰৰ পৰা ওলাই আহে
 সোনাৰ
গৌড়

নিৰ্দিষ্ট আসনত বহুৱাই চন্দন পানীৰে গা ধুৱায়। নতুন বস্ত্ৰ পৰিধান কৰাই পুষ্পসজ্জিত
ৰথখনত বহুৱায়। কাষতে
 কুঁহিলাৰে
নিৰ্মিত
 গৌড়ৰ দুয়ো
সহোদৰ আৰু সহোদৰাই আসন লয়। চোঁৱৰেৰে বা দিয়ে। ৰাধা-কৃষ্ণৰ বসনধাৰী কেইটামান শিশুৰ
সৈতে মানুহজন বহি লয়। তেওঁ এতিয়া সাৰথি হৈ পৰে নিজৰেই সৃষ্ট ৰথখনৰ।
 আৰম্ভ হয় ৰথযাত্ৰা। সোনাৰ গৌড় পৰিৱৰ্তিত হয়
জগন্নাথ মহাপ্ৰভুলৈ। লোকপৰম্পৰা অনুসৰি তিনিও ভাতৃ-ভগ্নীয়ে
 পেহীয়েকৰ ঘৰলৈ যাত্ৰা কৰে। আগফালে লগাই থোৱা
ৰছীবোৰ অঞ্চলটোৰ সকলো নাৰী-পুৰুষে নিজৰেই ভাগ্য বুলি টানি নিয়ে।
 সৰু ঠাইখনৰ প্ৰতিটো গলিৰেই ৰথখন গৈ থাকে। অৱশেষত, তেওঁৰ ঘৰৰ কাষৰ
মুকলি ঠাইখনত ওলোটা ৰথৰ মেলা হয়। অঞ্চলটোৰ সৰু-বৰ সকলোৰে বাবে এইটো
 এটা আনন্দ উৎসৱ হৈ পৰে। ভূৰি ভূৰি ধন্যবাদ
দিয়ে মানুহজনক। সেৱা লয় তেওঁৰ ওচৰত। মানুহজনৰ বাবেই হাজাৰ মাইল দূৰৈৰ ৰথযাত্ৰা
চকুৰ আগতে চাবলৈ পোৱাৰ ভাগ্য মিলিছে বুলি আলোচনা কৰে।

বছ, তাৰ পাছত
সকলোৱে পাহৰি যায়। পাহৰি যায় গৌড়ৰ কথা
, ৰথযাত্ৰাৰ কথা। 

কেৱল নাপাহৰে মানুহজনে। পাহৰিব নোৱাৰে তেওঁ। কেইবাখনো অপেক্ষাৰত মুখে তেওঁক আমনি কৰে। প্ৰতি বছৰে অপেক্ষাৰত
এই দিনকেইটালৈ। সেই মুখকেইখনৰ লগত সাক্ষাৎ হয় তেওঁৰ। কথা পাতে সেই মুখকেইখনৰ লগত।
  সম্পূৰ্ণ কোলাহলৰ মাজতো  নিৰৱে… নিঃশব্দে…।

***

 

 “ ওৰে….
ছেড়ে দিলে সোনাৰ গৌড়

ক্ষ্যাপা… ছেড়ে দিলে সোনাৰ গৌড়

আৰতো পাব না না না…

ছেড়ে দেবো না। 

তোমাৰ হৃদ মাঝাৰে ৰাখিবো 

ছেড়ে দেবো না…”

কাষৰ কোনো ঘৰৰ পৰা ভাহি অহা বাউলৰ সুৰে তেওঁৰ
হৃদয় কঁপাই তোলে। বহু কথাই তেওঁৰ মানসপটত সজীৱ হৈ পৰে। সেই বহুবোৰ কথাৰ মাজত
কিছুমান কথা সজীৱ হোৱাটোত তেওঁ প্ৰাণে পণে বাধা দিয়ে। কিন্তু
, তেওঁৰ
বাধাৰ বান্ধটো সেই বিষাক্ত সোঁৱৰণি‍ৰ ঢৌবোৰে খুন্দিয়াই খুন্দিয়াই ভাঙি পেলায়। ছট্‌ফটাই
থাকে তেওঁ বহু পৰ। দেওলগা অতীতৰ
 প্ৰতিটো
মুহূৰ্ত যেন বিষাক্ত সৰ্পৰ মেৰপাশত পৰিণত হৈ যায়। বিষধৰৰ আৱে‍ষ্টনীৰ পৰা ওলাবলৈ
প্ৰচণ্ড আস্ফালন। কিন্তু
, যিমানেই মুক্ত হবলৈ বিচাৰে
সংলগ্ন আন কেতবোৰ সোঁৱৰণি‍ৰূপী সৰু সৰু কীটে তেওঁক দংশন কৰিবলৈ লয়। উশাহবোৰ চুটি
হৈ যায় তেওঁৰ। শেষৰ নিশ্বাসটোহে যে বাকী…

“.. বোকা
ছেলেটা … একদম বোকা ছেলে…।”

 কাণত
প্ৰতিধ্বনি হয়।
 

সঞ্জীৱনী সুধা! হয় হয়… এয়াই সঞ্জীৱনী… 

নিশ্বাসটোৱে‍ উশাহৰ
ৰূপ লয়।
  বিষাক্ত
স্মৃতিৰ ঠাই লয় সুকোমল অনুভৱবোৰে। যি অনুভৱ তেওঁৰ মনত অনুভূত হোৱাত হয়তো
  পলম হৈছিল। সেইবাবেই তেওঁ হৈ ৰৈছিল বোকা ছেলেটা’। 

মুখত  হাঁহি
এটা ওপঙে। মৃত্যুমুখী হৃদয়খনলৈ বসন্ত
  নামি
আহে।
  

***

 

 ‘‘ঐ গৌড়, কেবিনেট
মিশ্যনটা আবাৰ কি জিনিস্
?  সবাই বলছে দেশটা নাকি দুই ভাগ হবে, তাই
নাকি..
? 

— ‘‘ জানিনা।’’ 

কাঠৰ টুকুৰাটোত ফুল কাটি কাটি মূৰ
নোতোলাকৈয়ে উত্তৰ দিয়ে গৌড়ে।
 

 ‘‘ইচচচ…
এইটো যে
, কেৱল কাঠৰ টুকুৰাকেইটাতেই দিনটো কটায়…’’ 

— ‘‘ ৰথলৈ
কেইদিননো আছে… তোৰ গোপালকৃষ্ণৰ
 কাৰণে
এইবাৰ মই ফুলকটা আসন সাজিম।
 এনেয়েও
তোৰ
  সেই  ফটাকাণিৰ মাজত থাকি হেনো তেওঁৰ অসহ্য লাগিছে। ৰথযাত্ৰাৰ সময়ত সময়ত
দেখিবি গোপালকৃষ্ণ কিমান খুশী হৈ পৰিব…’’
 

— ‘‘ মোৰ সোনাৰ গোপালৰ বাবে
মোৰ ফটাকাণিয়েই ভাল। নালাগে তোৰ ফুলকটা আসন।’’
 

মুখখন ভেঙুচাই কথাষাৰ কৈ শ্যামলীয়ে এইবাৰ
ছামচুললৈ পোনালে।
 গৌড় আৰু শ্যামলীৰ এই
কাজিয়াবোৰৰ মাজত ছামচুল নোসোমায়। কিন্তু
  মাজে
মাজে
  সিয়েই  পাছলৈ মধ্যস্থতাকাৰীও হবলগীয়া হয়গৈ

— ‘‘ঐ ছামচুল, তই জান
নেকি
?  হিন্দুসকল ভাৰত আৰু মুছলমানসকল পাকিস্তানলৈ
যাব লাগিব হেনো।

‘‘হমম, ময়ো শুনিছোঁ।
আৰু কিবা
  হেনো গ্ৰুপিং
নে কি এটাও শুনি আহিছোঁ আব্বা আৰু
  নায়েব
চাচাৰ মুখত। আসাম আৰু পূৰ্ববংগ মিলি বেলেগ এখন দেশ হ
ব।’’ 

— ‘‘তেনেহলে, আমি কোন দেশত থাকিম..! ছামচুল, তহঁত
পাকিস্তানলৈ যাবি নেকি
? আমি তোক আৰু কেতিয়াও লগ নাপাম নেকি…?

হুমুনিয়াহ কাঢ়ে দহবছৰীয়া শ্যামলীয়ে। 

‘‘কিয় নাপাম, ছামচুল কতো নাযায়। আমি সৱেই
একেলগেই
 এই পাবনা
জিলাতেই থাকিম। আমি সকলো ভাৰতীয়। অ
, তইতো যাব লাগিব
শ্যামলী..
 . হয় দিনাজপুৰ
নহয় ৰংপুৰ… তোৰ বিয়াৰ কাৰণে প্ৰস্তাৱ আহিছে দেখোন।’’
 মূৰ তুলি উত্তৰ
দিয়ে গৌড়ে।
 

‘‘তই কেনেকৈ জানিলি…! মই বিয়া নহওঁ।’’  শ্যামলীৰ  কান্দো কান্দো ভাব। 

‘‘ৰাঙা  পিসি
আহি মা
ৰ আগত
কৈ থকা শুনিছিলোঁ। বিয়াতো হ
বই
লাগিব। নহওঁ বুলি ক
লেই জানো
তোক বিয়া নিদিয়াকৈ থাকিব…! অই
, ছামচুল, এই
পাখৰীজনীৰ বিয়াত খুব নাচিম দেই আমি।’’

গৌড়ৰ কথাত ছামচুলে শ্যামলীৰ মুখলৈ চায়। ৰঙা
হৈ পৰিছে মুখখন তাইৰ। চকু দুটা চকুপানীৰে তল্‌বল্ কৰি আছে।
  লাহেকৈ চকুৰ পতাহাল মুদি দিয়াৰ লগে লগেই
দুটোপাল কুহুমীয়া পানী গৌড়ৰ হাতত পৰিল।
 

‘‘আৰে, এতিয়াই কন্দা আৰম্ভ কৰিলি যে… জামাই বাবু
যিদিনা আহি তোক লৈ যাবহি, সিদিনাৰ কাৰণে জমা কৰি ৰাখ চকুপানীখিনি। নহ
লে জামাই বাবুৱে‍
তোক নাগিনীহে বুলিব কিন্তু.. কৈ দিলোঁ।’’
 

ধপ..

‘‘ও মাগো… কি ডাকুনী এই মেয়েটা ৰে…’’  গলধনৰ
তলত কিলটো
  পৰা ঠাইখিনি
মোহাৰি মোহাৰি কৈ উঠে গৌড়ে।

‘‘মই  কলৈকো
নাযাওঁ। চিৰদিন পাবনাতেই থাকিম বুজিলি।’’
 

— ‘‘ তাৰমানে
তই বিয়া নহৱ…!’’
 

— ‘‘ইচচচ, বোকা ছেলেটা…’’

 দৌৰ
মাৰে শ্যামলী। গৌড়ে ছামচুলৰ পিনে চাই হাঁহিলে।
 

— ‘‘ গৌড়, তুই
সত্যিই বোকা ৰে…’’
 

— ‘‘ আৰে, সেই
পাগলীজনীৰ দৰে
  তয়ো
মোক বোকা ক’বলৈ ধৰিলি যে…’’

— ‘‘ নকওঁ
দে
, বুজি পাবি পাছলৈ।’’ 

বোকা ছেলেটা। বোকা হৈয়ে ৰৈ যোৱা হলে… সেই কাল  অমানিশা নহা হলে… তিনিটা কোমল হৃদয় থানবান হৈ নোযোৱা হলে…

***

 

চাৰিওফালে সন্ত্ৰাসে ছানি ধৰিছিল। লাহোৰ, অমৃতসৰত
মৃত্যুৰ বন্যা।
 পূৰ্ববংগও সাৰি
যোৱা
 নাছিল। বৃটিছে
ভাৰতবৰ্ষক স্বাধীনতা দিছিল। কিন্তু তাৰ
 বিনিময়
দিবলগা হৈছিল ভাৰতীয়ই। স্বাধীনতাৰ বিনিময় দিছিল আপোনজনৰ প্ৰাণেৰে।
 গান্ধীৰ দৰদী আহ্বান
শুনিব পৰা নাছিল
, বুজিব পৰা নাছিল কিছু সংখ্যকে। যাৰ পৰিণতি
আছিল মৃত্যুৰ বিভীষি‍কাময় পৰিস্থিতি। পূৰ্ববংগৰ পৰিচয়
 সলনি হৈছিল পূব পাকিস্তানলৈ। দিনাজপুৰ, ৰংপুৰ, পাবনা, মৈমনসিং
কোনো এখন ঠায়েই বাদ পৰা নাছিল সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা।
 আগদিনাৰ মিত্ৰই পাছদিনা শত্ৰুৰ স্থান লৈছিল। পাবনাৰ
পৰিস্থিতি বিষময় হৈ পৰিছিল। এন্ধাৰ হোৱাৰ লগে লগেই
  আতংকই
ছানি ধৰে। মাজে মাজে চিঞৰ-বাখৰ। হয়তো কাৰোবাৰ ঘৰ জ্বলাই দিয়া হৈছিল। কাৰোবাৰ বুকুৰ
পৰা সন্তান কাঢ়ি নি দুছে‍ও কৰা হৈছিল।
  

হতাশ হৈ বহি আছে গৌড়।  যোৱা এসপ্তাহে সি ছামচুল আৰু শ্যামলীক লগ পোৱা নাই। কেতিয়া যে
এইবোৰ শেষ হ
ব…!
মানুহ কেনেকৈ ইমান নিৰ্দয় হ

পাৰে…! কেৱল ধৰ্মৰ নামতেই ইমান নৃশংসতা কিয়! এয়াই শিকায় নেকি ধৰ্মই…! এয়াই
শিকায় নেকি গীতা
, কোৰান বাইবেলে…! বুজি নাপায় তাৰ বাৰ বছৰীয়া
মনটোৱে। সি আৰু ছামচুল দেখোন এক প্ৰাণ দুটা দেহ। ছামচুলৰ আব্বাই প্ৰায়েই কয়।
 তাৰ দেউতাকেও দেখোন
ছামচুলক কিমান আদৰ কৰে।
  তেনেহলে সেই ছামচুলৰ ঘৰলৈকে তাক যাবলৈ দিয়া হোৱা নাই এইকেইদিন।
ছামচুলৰ পৰা তাৰ কি ক্ষতি হ

পাৰেনো…! নাই
, আৰু এনেকৈ নোৱাৰি। কাইলৈ পুৱাতেই কোনোবাই
দেখাৰ আগতেই ছামচুলক
 লগ কৰি
আহিব। কিমান যে কথা জমা হৈ আছে তাক ক
বলৈ…। আৰু সেই পাগলীজনীৰ মুখখনেও তাক বৰকৈ আমনি কৰি আছে।
তাইক নেদেখিলে যে তাৰ ইমান বেয়া লাগিব পাৰে সেয়া ইমান দিনে অনুভৱ হোৱাই নাছিল।
এনেয়ে
  প্ৰতিদিনে তাই
দৌৰি আহে তাৰ ঘৰলৈ। কিবা নহয় কিবা এটা অজুহাত থাকেই তাইৰ। আৰু সি…
 প্ৰতি দিনে কিবাকৈ হলেও তাইৰ খং
তুলিহে সি শান্তি পায়।
 

সৌ সিদিনাও তাইক কন্দুৱাইছিল সি। বোকা ছেলেটা’… তাইৰ মুখত এই
কথাষাৰ শুনিবলৈকে সি
 একো
নজনাৰ ভাও জুৰি থাকে। সি বুজি পায় তাইৰ মনৰ কথা। এইবোৰ
 দাংগা শেষ হলে ৰাঙা পিসিৰ আগত কৈ হলেও তাইৰ কথাটো
মাকৰ কাণ চোৱাব লাগিব। নালাগে তাই দিনাজপুৰ
, ৰংপুৰলৈ যাবলৈ।
ইয়াতেই থাকিব।
 তাৰ বুকুৰ
মাজত। পাবনাতেই সিহঁতে সুন্দৰকৈ জীৱনটো পাৰ কৰিব।
 ছামচুলক
তাৰ মনৰ ভাববোৰ ক
লেহে
শান্তি পাব মনটোৱে। লাজ লাগি গ
ল তাৰ নিজেই নিজৰ আগতেই। মাকৰ ডাঙৰ আইনাখনৰ সন্মুখত থিয় হৈ
দাঢ়ি থুঁতিয়াবলৈ ধৰা মুখখন চাবলৈ ধৰিলে।
 

ধক্ ধক্ ধক্… 

পাছফালৰ দুৱাৰত কাৰোবাৰ শব্দ। সন্ত্ৰষ্ট হৈ
পৰিল।
 নিশ্চিতভাৱেই ভয়ংকৰ বিপদৰ আগজাননী এয়া। দেউতাকক মাতিবলৈ
যাওঁতেই ছামচুলৰ
  চেপা
মাত।

গৌড়, গৌড়..
তাৰাতাৰি দৰ্জাটা খোল। জল্দি কৰ…
 

দুৱাৰখনত ডাঙৰ দাং এডাল দিয়া আছে। সেইডাল
খুলিবলৈ হ
লে অলপ
সময় লাগিব। সি তৎক্ষণাৎ সৰু খিৰি‍কীখনৰ এটা ফাল খুলি মুখেৰে সংকেত দিলে।
 

— ‘‘গৌড়, তহঁত এতিয়াই
পলাই যা। পলম নকৰিবি।’’

— ‘‘কিয়…! কি কৈছ তই ছামচুল…? কলৈ পলাই যাম?
এয়া দেখোন আমাৰেই নিজৰ ঠাই।
’’

— ‘‘বুজিবলৈ চেষ্টা কৰ গৌড়। অলপ পাছতেই তহঁতৰ ঘৰ
জ্বলাই দিয়া হ
ব।
গাঁৱৰ সকলো হিন্দুৰ ঘৰ এফালৰ পৰা জ্বলাই দিয়া হৈছে।

— ‘‘কি…! তই কেনেকৈ…!’’

— ‘‘আব্বা, ছাছা, মৌলৱী  সকলোৱে  মিলি
এই সিদ্ধান্ত লৈছে।
 নতশিৰে
কৈ ছামচুল ফেঁকুৰি উঠিল।
 

— ‘‘ক্ষমা কৰি দিবি গৌড়। পলম নকৰিবি। শীঘ্ৰেই
পলাই যা। ঘৰ-দুৱাৰৰ কথা চিন্তা নকৰিবি।
 ভাল
দিন আহিব। অপেক্ষা কৰিম তোৰ বাবে।
’’

— ‘‘কিন্তু শ্যামলীহঁত…!’’ 

উচুপি উঠিল ছামচুল। হাতত থকা টোপোলাটো গৌড়ৰ
হাতত তুলি দিলে সি।

— ‘‘শ্যামলীয়ে তোৰ হাতত দিবলৈ কৈ গৈছে।’’ 

— ‘‘লৈ পলাই গল সিহঁত?’’

— ‘‘নাজানো। মই তাইৰ ঘৰ পোৱাৰ আগতেই সিহঁতৰ ঘৰ
জ্বলাই দিয়া হৈছিল। পিছফালে জাৰণিৰ পৰা দৌৰি ওলাই আহি তাই মোক যেনেকৈয়ে নহওক, তোক
দিবলৈ ক
লে। এয়া তাইৰ হেনো সোনাৰ গৌড়। তোক সকলো বিপদৰ পৰা ৰক্ষা কৰি ৰাখিব। যা যা, গুচি যা ইয়াৰ
পৰা। পাবনা এতিয়া নৰককুণ্ড।’’
 

কান্দি কান্দি আন্ধাৰত নোহোৱা হৈ গৈছিল
ছামচুল।
 

***

কিমান সময় দৌৰি আহিছিল সি নাজানে। চাৰিওফালে
জুই জ্বলিছিল। অমানুষিক অত্যাচাৰ দেখিছিল সি। সকলো বিচ্ছিন্ন হৈ পৰিছিল তাৰ লগত।
মাক-দেউতাক
, পৰিয়ালৰ বাকীবোৰ কেনি পলাই গৈছিল, সেই সময়ত
বিচাৰ কৰাৰ শক্তি কাৰো নাছিল। আছিল মাথোঁ প্ৰাণৰ মমতা। হয়তো ভাবিছিল
, ৰাতি
পুৱালেই সকলো পুনৰ একেলগ হ

পাৰিবহি।

দূৰৈত ৰেলৰ উকি শুনা পাই শৰীৰত থকা শেষ শক্তিকণেৰে সি উকিৰ শব্দ
অনুসৰণ কৰি দৌৰি থাকিল। হয়তো তাতেই পাব পাৰে কিছু নিৰাপত্তা।
 

এটা সৰু ষ্টেচন। ৰাতিৰ আন্ধাৰত সিনো কোন দিশে
আহি পালে একো জনা নাই। মাথোঁ দৌৰিছিলহে। ৰে
লখন ৰৈ যোৱাৰ লগে লগে বহু যাত্ৰীৰ চিঞৰ-বাখৰ শুনা গল। ক্ষণিকৰ
ব্যৱধানতেই সি বুজি পালে সেয়া তাৰ দৰেই অভাগা লোক। হঠাতে কোনো ফালৰ পৰা জুই মশালৰে
সৈতে যাঠী-জোং লৈ এটা দল উপস্থিত হ
ল। মুহূৰ্ততে, মৰণকাতৰ
আৰ্তনাদেৰে কঁপি উঠিল সৰু ষ্টেচনটো। দীঘলীয়া উকিটোৰে ৰে
লখন লাহে লাহে
চলিবলৈ ধৰিলে। দ্বিতীয়বাৰৰ বাবে কিবা চিন্তা কৰাৰ আগতেই কোনোবাই তাক দবা এটাত টানি
উঠাই ল
লে। পাছমুহূৰ্ততে
জোঙা খুকুৰী এখনে ৰে
লৰ
খিৰিকী এখনত আঘাত কৰিলে। কথমপিহে ৰক্ষা পালে সি। সি হাতৰ মুঠিটো চেপি ৰখা
টোপোলাটোলৈ চালে। হয়তো
 এয়া তেওঁৰ ত্ৰাণকৰ্তাৰে ইচ্ছা। শ্যামলীয়ে তাৰ প্ৰাণ
বচাবলৈকে তাইৰ ভগৱানক তাৰ হাতত তুলি দিছে।

ভোকে-পিয়াহে পাছৰ দিনটোও পাৰ হৈ গৈছিল। কোনোবা এটা ৰেল ষ্টেচনত  ভৰি থৈছিল গৌড়ে। বেঞ্চ  এখনতে বহি
পৰিল সি। পূব আকাশত দোকমোকালিয়ে ৰহণ সানিছিল। সি জোৰে জোৰে উশাহ লৈছিল। উশাহ-নিশাহবোৰত
কান্দোন মিহলি হৈ থাকিলেও
 সশব্দে
কান্দিবলৈও তাৰ শৰীৰত শক্তি নাছিল। পোহৰ হৈছিল চাৰিওদিশ। অলপ দূৰৈৰ ফলকখনত লিখা
আছিল
  গোলকগঞ্জ জংচন’, আসাম।

জীৱন আৰম্ভ হৈছিল তেওঁৰ কঠিন সংগ্ৰামেৰে। নিপুণ হাতৰ কৰ্মই
তেওঁক জীৱনটো আগবঢ়াই নিয়াত সহায় কৰিছিল। নতুন ঠাইখনৰ জীৱনে তেওঁক দিছিল সাহস আৰু
নিৰাপত্তাৰ আশ্বাস। অসম আৰু অসমীয়াই তেওঁক আঁকোৱালি লৈছিল। শ্ৰদ্ধাত তেওঁৰ
 শিৰ অসমৰ প্ৰতি চিৰনত। প্ৰতিদিনে
ভূমিপ্ৰণাম কৰি তেওঁ অসমীৰ আশ্ৰয়ক সন্মান জনাই দিনটোৰ আৰম্ভ কৰি আহিছে। কিন্তু
, এতিয়াও পাবনা’-ক পাহৰিব পৰা নাই। বছৰৰ বিশেষ সময়ত তেওঁ পুনৰ হৈ পৰে বাৰ
বছৰীয়া গৌড়।

জুলাই মাহৰ প্ৰচণ্ড গৰমক নেওচি তেওঁ ৰথখন
সজাই-পৰাই তোলে
 প্ৰতি বছৰেই।
যাত্ৰাৰ সমাপ্তিলৈকে তেওঁ ৰথখনৰ কাষতেই দিনটো পাৰ কৰে।
 হয়তোবা পাছৰবাৰ এই সুযোগ মিলে নে নাই… 

***

দিনকেইটা বৰ বেগেৰেই পাৰ হৈ গল। ৰথযাত্ৰাৰ
অন্ত পৰিল। মানুহবোৰ সকলোৱে নিজৰ কামত ব্যস্ত হৈ পৰিল। ব্যস্ততা নাই মাথোঁ
 মানুহজনৰ। আগদিনালৈকে থকা ব্যস্ততাৰ অন্তত যেন পুনৰ আৰু এটা বছৰলৈ জিৰণি। ৰথখনৰ এটা চুকত
বহি তেওঁ দৃষ্টি দি থাকিল দূৰ দিগন্তলৈ। হয়তোবা জীৱনৰ দীঘ-বা
ণিৰ হিচাপ কৰি
চাইছে তেওঁ। লতাই দুবাৰো আহি চাই গৈছিহি। কিন্তু তেওঁৰ উপস্থিতিৰ উমানেই পোৱা নাই
মানুহজনে। তেওঁ যে এতিয়া পাবনাৰ বাৰবছৰীয়া গৌড়।

“ .. বোকা
ছেলেটা… কিছুই বুজলে
  না…।” 

চঁক্ খাই উঠিল তেওঁ। হঠাতে যেন শ্যামলীৰ মাতটো
কাণত বাজি উঠিল।

সম্বিত ঘূৰাই পালে তেওঁ।  সোনাৰ গৌড়’-  হাতত
লৈ তেওঁ ৰথখনতেই
 ভাবত বিভোৰ হৈ
আছে বহু পৰ।
  তললৈ চাই
দেখিলে
, ছোৱালী এজনীয়ে চাইকেল এখনত ভেঁজা দি ৰথৰ ফালে
মুখ কৰি আছে। অভিমানে আৱৰি ৰখা মুখখনতো যেন কিবা এক অনন্য উজ্জ্বলতা। কাষত
  থিয় হৈ ৰৈছে প্ৰায় সমবয়সীয়া লৰা এজন। কি
জানো
  মনতে ভাবিলে
তেওঁ। ছোৱালীজনীক কাষলৈ মাতিলে। বহু পৰ চাই থাকিল মুখলৈ। সাইলাখ শ্যামলীৰ ৰূপ।
 

হাতত তুলি দিলে সেই বিশেষ টোপোলাটো। হয়তো
টোপোলাটোৰ বাবে
 তেওঁ যোগ্য উত্তৰাধিকাৰী বিচাৰি
পালে। ছোৱালীজনীয়ে তেওঁৰ চৰণ স্পৰ্শ কৰি টোপোলাটো বুকুৰ মাজত সাবটি ল
লে।

সংযোগ এয়া… অৱধাৰিত সংযোগ। যি সংযোগ
নিশ্চিত হয় নেদেখাজনৰ ইচ্ছাত। যি সংযোগ কেৱল হৃদয়ৰ মাজত গঢ়ি উঠে।
  এই সংযোগ ৰৈ যায় নিৰৱধি… আন কোনো সংযোগৰ উহ
বিচাৰি…

সেই নিশা চৌৰাশী বছৰীয়া লোকজনে সত্তৰোৰ্ধ্ব পত্নীক আলফুলে বুকুত সুমুৱাই  লে। লতাই যেন সিদিনাহে মানুহজনক সম্পূৰ্ণৰূপে পালে। যিটো
ক্ষণৰ বাবে তেওঁ সম্পূৰ্ণ ষাঠিটা বছৰ অপেক্ষাৰত আছিল। শীৰ্ণ হাতদুখনেৰে পৰম
আৱেশেৰে সামৰি ল
লে
মানুহজনক। এয়া যে তেওঁৰেই ‘সোনাৰ গৌড়’…
 

অদূৰত কোনো অনামী শিল্পীৰ কণ্ঠত বাজি আছিল 

‘‘ভুবনো মোহ গোড়া… 

কোন মনিজনাৰ মনোহৰা… 

ৰাধাৰ প্ৰেমে মাতোয়াৰা…

ধূলায় যায় ভাই গড়া গড়ি…

তোমায় বক্ষ মাঝে ৰাখিবো

ছেড়ে দেবো না…’’

 

লেখিকাৰ ঠিকনা :

গোলকগঞ্জ, ধুবৰী (অসম) 

ভ্ৰাম্যভাষ : ৯৭০৬৯১১৫৩৩