অত্ৰেয়ী
গোস্বামী
বায়ু
আৰু পানীৰ দৰে
এক
নিখুঁত সত্য—
মাটি৷
সকলোৰে
আদি স্থিতি
সকলোৰে
ইতিবৃত্তি
সংগোপনে
শুই থাকে মাটিত৷
কোনেও
নাজানে মাটিৰ ভৰ
সকলোতে
কেৱল মাটিৰ দামদৰ৷
উস্–আস্
নকৰা
ইমানবোৰ
বোজা মাটিৰ পিঠিত!
জীৱ-জড়
অথবা
মাত-অমাত,
পাপ-পুণ্য
আনকি
অপাপ–অন্যায়ৰ
এক অলিখিত
ইতিহাস
সামৰি থোৱা আছে
মাটিৰ
বুকুত৷
আদম-ইভৰ
পূৰ্বজ কাহিনী
মহৰ্ষিৰ
অভিষন্ধি,
যদুবংশৰ
বিনাশ
গান্ধাৰীৰ
অভিশাপ৷
গন্ধমাদন
পৰ্বত, বিষল্যকৰণি
হনুমানৰ
ঈশ্বৰভক্তি,
সকলোৰে
সাক্ষী
সেই
একেখিনিয়েই মাটি৷
বিহলঙনিৰ
পৰা অমৰলতালৈ
নাৰিকলৰ
পৰা কাঠফুলালৈ
বৰষুণৰ
পৰা ৰ’দলৈ
ভূঁইকঁপৰ পৰা লাভালৈ…
বোজাৰ
উপৰি বোজা
একালৰ
মাটি একালত পৰে ছন
বুঢ়া
লোকৰ কথা কোনে কৰে তং?
মাটি
নিমাত, মাটি নিস্তব্ধ
মাটি
অসহায়, মাটি নিৰ্বিকাৰ৷
আহক, আকৌ
এবাৰ কঠা হিচাপ কৰোঁ
এলোচা, দুলোচা
এতিয়া ক’ৰবাতে এৰোঁ৷
মাটি
মাটিয়েই,
মাত্ৰ পাঁচ হাত৷
———————
গোস্বামী
আৰু পানীৰ দৰে
নিখুঁত সত্য—
আদি স্থিতি
ইতিবৃত্তি
শুই থাকে মাটিত৷
নাজানে মাটিৰ ভৰ
কেৱল মাটিৰ দামদৰ৷
নকৰা
বোজা মাটিৰ পিঠিত!
অথবা
আনকি
এক অলিখিত
সামৰি থোৱা আছে
বুকুত৷
পূৰ্বজ কাহিনী
অভিষন্ধি,
বিনাশ
অভিশাপ৷
পৰ্বত, বিষল্যকৰণি
ঈশ্বৰভক্তি,
সাক্ষী
একেখিনিয়েই মাটি৷
পৰা অমৰলতালৈ
পৰা কাঠফুলালৈ
পৰা ৰ’দলৈ
উপৰি বোজা
মাটি একালত পৰে ছন
লোকৰ কথা কোনে কৰে তং?
নিমাত, মাটি নিস্তব্ধ
অসহায়, মাটি নিৰ্বিকাৰ৷
এবাৰ কঠা হিচাপ কৰোঁ
এতিয়া ক’ৰবাতে এৰোঁ৷
মাটিয়েই,
মাত্ৰ পাঁচ হাত৷
তিতাবৰ,যোৰহাট
ভ্ৰাম্যভাষ: ৯১০১৫৩৫৭৭৩
শ্ৰব্য ৰূপ