দিগন্ত কুমাৰ বড়া


কাউৰীয়ে ৰমলিয়ায় কা কা কৰি।

ফেঁচাবোৰে কুৰুলিয়া গছৰ ডালত বহি।।

মৌ-মাখিৰ গুণ্ গুণ্, পাৰই দিয়ে ৰুণ।

সাপৰ ফোঁচফোঁচনি আঁতৰৰ পৰাই শুন।

শিয়ালে হোৱা দিছে বাঁহনিৰ আঁৰত।

কুকুৰটোৱে ভুকি আছে পদূলি
মুখত।।

হটোৱে টেঁটাইছে পথাৰৰ মাজত৷

ছাগলীয়ে বেবাইছে পেটৰ ভোকত।।

ৰুৰ হেম্বেলনি, কুৰুৱা চৰাইৰ ৰাও।

ঘোঁৰাটোৱে হেঁহায়, কয় কেঁচা বুট
খাওঁ।।

বাঘৰ গোঁজৰণিত হাবিখন কঁপে৷

ভেকুলীয়ে টোৰটোৰাই বৰষুণ মাতে।।

হাতীৰ চিঞৰ শুনি জিৰাফ নিমাত৷

দেচোন কোনে পাৰ মেকুৰীৰ মাত।।

 

ঠিকনা :

স্নাতকোত্তৰ শিক্ষক, ভূগোল বিভাগ
ৰাজধৰ বড়া উঁচ্চতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ
(মহানগৰ)
ভ্ৰাম্যভাষ -৯৬১৩৬-৯৬১৪৬
Address: Agrim Vista Apartment
Flat – 1E, Block – 2, 1st Floor
Dharapur, Guwahati
P.O. – Dharapur, District –
Kamrup (M)
Pin – 781014
Mobile: 9613696146
E-mail: diganta96146@gmail.com
Facebook Link:
https://www.facebook.com/digantakumar.bora