সম্পদ সংৰক্ষণ আৰু উন্নয়ন (ৰূপক)

ৰমেশ গোস্বামী 

  

(চৰিত্ৰসমূহ: দীপু – নৱম শ্ৰেণীৰ ছাত্ৰ; ৰূপু
সপ্তম শ্ৰেণীৰ ছাত্ৰী; মাকস্কুলৰ শিক্ষয়িত্ৰী; মামাদীপুৰূপুৰ মোমায়েক, কলেজৰ অধ্যাপক)

ৰূপুমা, মা।

মাকমই পাকঘৰত, কচোন৷

ৰূপুবংশীয়ে কিমান পানী নষ্ট কৰিছে চোৱাঁগৈচোন৷

দীপুদেউতাৰ বাইকখন ধুই আছে, ধুয়েই আছে৷ তুমি তেওঁক বন্ধ কৰাগৈ৷

মাকহয়নে? সি পানীৰ মূল্য বুজা নাই৷ ৰচোন; হেহেৰৌ বংশী, ইমান পানী নষ্ট কৰিছ
যে
?

দীপুপৰহি মা, নগৰৰ পৰা অহা এগৰাকী অধ্যাপকে আমাক এনেবোৰ কথাকে
কৈছিল৷ তেওঁ মাটি আৰু
 পানীৰ ব্যৱহাৰ
        কেনে হোৱা উচিত সুন্দৰকৈ কৈছিল৷

ৰূপুময়ো শুনিছিলোঁ মাহেৰি নহয়,
দেউতা যে গাড়ী ধুৱাই অহাই নাই, আমাক নিব কেতিয়া?

মাকলৈ?

ৰূপু, দীপুবক্তৃতাটোৰ পাছতে ছাৰে আমাক এটা প্ৰজেক্ট দিছে৷
দুয়ো মিলি কৰিম৷

মাকতাত দেউতাৰৰ কাম কি?

দীপুআৰম্ভণিৰ কামখিনিত দেউতাই সহায় কৰিব লাগিব৷ আমাক হাবিজংগল, বিলডোং আদি দেখুৱাব লাগিব৷
                সেইবোৰ চাই
মেলি আমি কিবাকিবি জৰীপ কৰিব
লাগিব৷

ৰূপুফটোও লব লাগিব৷

দীপুত গছগছনি কাটি তহিলং কৰিছে,
ত কেনেকুৱা খহনীয়া হৈছে, ত আৱৰ্জনা দম কৰি পেলাইছে                এনেবোৰ
তথ্য গোটাব লাগিব৷ তাৰ পাছতহে

(কলিং বেল
বাজে
)

মাকযাচোন কোন আহিছে

দুয়োবিজু মামা৷ আহাঁ আহাঁ৷ আমাৰ
ভালেই হ
ল মা৷

মাকআগতে বহিবলৈ দেচোন৷

মামাআঁ, এয়া বহিলোঁ৷ এতিয়া কচোন৷

মাকঘৰত প্ৰীতি, ৰিম্পী, ৰুবু সকলোৰে
ভালনে
?

মামাআছে আছে৷ সব ঠিক আছে৷ কচোন

দীপুময়েই কওঁ : আমি দুয়ো পৰিৱেশৰ ওপৰত এটা প্ৰজেক্ট কৰিম৷
তুমি আমাক গাইড কৰিব লাগিব৷

মামা – হব দে, চিন্তা কৰিব নালাগে৷ মইতো পৰিৱেশৰে অধ্যাপক৷ পিছে
প্ৰজেক্টৰ নাম কি হ
ব ভাবিছনে?

দীপুভাবিছোঁ মামা – ‘সম্পদ সংৰক্ষণ আৰু উন্নয়ন

ৰূপুদেউতাই গাড়ী ধুৱাই আহি আমাক প্ৰজেক্টৰ কামত কিছুমান ঠাইলৈ লৈ যাব৷

মামাবাঃ, জোৰদাৰ লাগি গৈছ দেখিছোঁ৷ বাইদেউ ব্ৰেকফাষ্ট ৰেডি
কৰ৷ ৰে
ডি হয় মানে মই ইহঁতৰ লগত অলপ কথা             পাতি লওঁ৷

দীপুমামা, এক মিনিট৷ বংশীয়ে বাইকখন ধুই আছে৷ পানীৰ টেপটো
বন্ধ কৰিবই নোখোজে৷ মই বন্ধ কৰাই আহোঁ৷

মামাএৰা, এয়াই সংৰক্ষণৰ আদি পাঠ৷

ৰূপু  মানে মামা?

মামাচাহঁক, আমাৰ জীৱনটো বচাই ৰাখিবলৈ হলে বহু কিবাকিবি লাগে৷ তাৰ ভিতৰত একেবাৰে অনিবাৰ্য কি কি ক        পাৰিবিনে?

ৰূপুবায়ু আৰু পানী৷

দীপুমাটি নহলে কত হ?

মামাঠিক কথা৷ এই তিনিওটা উপাদানেই লাগিব৷

মাকভাইটি বল৷ ডাইনিং টেবুললৈ আহ৷ অতহঁত দুটাও আহ৷

            (যন্ত্ৰসংগীতব্ৰেকফাষ্ট খোৱাৰ পৰিৱেশ)

মামাবাইদেউ তই আহি থাক৷ আমি ড্ৰয়িং ৰূমলৈ আহিলোঁ৷ (দীপুৰূপুলৈ) আমি কি কথা পাতি আছিলোঁ?

ৰূপুমাটি, বায়ু আৰু পানীৰ সংৰক্ষণৰ কথা৷

মামাবাৰু, ৰূপুৱে কচোন, মাটিতো খাব
নোৱাৰি৷ তেন্তে মাটি লাগে কিয়
?

ৰূপুমাটি নহলে কত ঘৰ সাজিব মানুহে?
খোৱা বস্তুনো কত পাম?

দীপুখেতি কৰিবি ক?

(মাক
সোমাই আহে
)

ৰূপুমা আহাঁ। মোৰ ওচৰতে বহা৷

মামাবাইদেৱে যে বনাই খুৱালে ৰুটি, ভাজি, ৰাজমাহৰ তৰ্কাএইবোৰ কৰ পৰা
আহিল
? ভাজিত থকা কাচকল, আলু,         বেঙেনাএইবোৰ…?

ৰূপুএইবোৰ পাবলৈ মাটিতো লাগিবই৷

মাকমাটিয়ে শস্যবোৰক পুষ্টিৰ যোগান ধৰে৷ পানীও যোগায়৷

মামাতেন্তে মাটি অত্যন্ত দৰকাৰী সম্পদ৷ সেই মাটি বা ভূমি সংৰক্ষন অতি প্ৰয়োজনীয়
কথা৷ কিন্তু ভূমি সংৰক্ষণ                 বুলিলেনো কি বুজিব লাগিব
? (অলপ ৰৈমাটি সংৰক্ষণ মানে পৃথিৱীৰ পিঠিৰ ওপৰ তৰপৰ মাটি ক্ষয় হোৱা বা          হেৰাই যোৱাৰ পৰা
ৰক্ষা কৰা ৷ আৰু লগতে মাটিক খেতিৰ উদ্দেশ্যে উৰ্বৰা কৰি ৰখা৷ সংৰক্ষণৰ বাবে এই              দুয়োটাই
আৱশ্যকীয়৷

দীপুমানে মাটি ক্ষয় হৈ হেৰাই নোযোৱা আৰু…

ৰূপুখেতিৰ বাবে সাৰুৱা কৰি ৰখা৷ নহয়নে মামা?

মামাঠিক কথা৷ পিছে মাটিনো কি কি কাৰণত ক্ষয় হব পাৰে জাননে
তহঁতে
? অনুমান কৰচোন৷

ৰূপুঢিলা মাটি পালে পানীৰ সোঁতে খান্দি লৈ যায়৷

মাকনদীয়ে বাৰিষা নদীৰ পাৰ খহাই নিয়াতো তহঁতে টিভিত দেখিয়ে থাক দেখোন৷

মামাএৰা, গৰা খহনীয়া৷ গৰা খহনীয়াই আমাৰ অসমখনতে কিমান মাটি
ধ্বংস কৰিছে ভাবিলেই ভয় লাগি যায়৷

দীপমাজুলীখন খহাই খহাই বহুত সৰু কৰি পেলালে৷

মাকপৃথিৱীৰ বৃহত্তম নদীদ্বীপ হৈয়েই নাথাকিব যেন লাগিছে অ’!

মামা অন্য এটা কাৰণ কচোন দীপু

দীপুবতাহেও এঠাইৰ মাটি আন এঠাইলৈ উৰুৱাই নিব পাৰে৷ বিশেষকৈ, বালিয়া মাটি৷

মামামাটি বোলোঁতে, বুইছ, ঘৰবাৰী সজা মাটিৰ কথাও বুজিব লাগিব, ৰাষ্টা-ঘাট নতুবা অন্যান্য নিৰ্মাণ কাৰ্য চলোৱা             মাটিৰ কথাও বুজিব লাগিব৷

ৰূপুপাহাৰৰ, মামা!

মামাপাহাৰভৈয়াম কথা নাই, সকলো মাটিৰ
কথাই আহিব৷ কিছুমান মাটিৰ গুণাগুণৰ বৰ কথা নাই৷ কিন্তু খেতিৰ মাটি         উৰ্বৰা
, মানে সাৰুৱা, বই লাগিব৷ উৰ্বৰা
মানে বুজিছনে ৰূপু
?

ৰূপুউদ্ভিদৰ বাবে দৰকাৰী সাৰ থকা মাটি৷

দীপুমানে পুষ্টিদ্ৰব্য থকা মাটি৷

মামাসুন্দৰ৷ বুজি পাইছ৷ নদীৰ পলস পৰা মাটি স্বাভাৱিকতেই উৰ্বৰা হয়৷

মাকব্ৰহ্মপুত্ৰৰ দুয়োপাৰে প্ৰায়েই শস্যৰে নদনবদন মাটি দেখা
পোৱা যায়৷

দীপুখৰালি কালত আনকি নদীৰ বুকুত পৰা বালিচৰতো ধুনীয়া খেতি দেখা পাওঁ৷

মামাপলসুৱা মাটিৰ বাবেই তাতো ভাল খেতি হয়৷ পিছে এটা কথা নহয় দীপু

দীপুকোৱাঁ মামা

মামাখেতিৰ মাটি ছহাওঁতে বহুতে কৰে কি, মাটি পৰীক্ষা নকৰাকৈ
নিজৰ ইচ্ছা মতে ৰাসায়নিক সাৰ দি দিয়ে৷ তেতিয়া         মাটিৰ প্ৰাকৃতিকভাৱে থকা উৰ্বৰতাখিনিও কমিহে
যায়৷ খেতিৰ বাবে অনুপযোগী হৈ উঠে৷

মাকতাৰ মানে মাটি থাকিও নথকাৰ নিচিনা হয়৷ আৰু এনেদৰে আওপকীয়া ৰাস্তাৰেও মাটি কমি
যায়৷ নহয় বিজু
?

মামাঠিকেই কৈছ বাইদেউ৷ বাৰুআৰু এটা কথালৈ মন কৰহঁকচোন
: অকল অসমতে কিয়, গোটেই পৃথিৱীতে দিনক        দিনে জনসংখ্যা
বাঢ়ি গৈ আছে৷ গতিকে ঘৰবাৰী সজা, অফিচ আদি সজা কামতো বহু মাটি ব্যৱহাৰ হৈছে৷ তহঁত         থকা অঞ্চলটোতে মন কৰিবিচোন৷

দুয়োহয় মামা৷ তেনেকৈও মাটি কমি গৈ আছে৷

মামাকিন্তু যিখিনি এতিয়াও আছে, বিশেষকৈ খেতিৰ কাৰণে,
তাক যিকোনো উপায়েৰে সংৰক্ষণ কৰিব লাগিব৷ নহলে
            খাদ্যৰ অভাৱতে বহু মানুহ মৰিব৷

মাকমাটি সংৰক্ষণৰ বাবে চৰকাৰী ব্যৱস্থা নাই জানো?

মামাআছে৷ কিন্তু আমাৰ মানুহ চৰকাৰী ব্যৱস্থাৰ প্ৰতি উদাসীন৷ গুৰুত্বই দিব নোখোজে৷

ৰূপুমানে মামা?

মামাচা, মাটিত ৰাসায়নিক সাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰীবেচৰকাৰী কৃষি বিশেষজ্ঞসকলে বহুতো নীতিনিৰ্দেশনা দিয়ে৷
            যেনে
, মাটি এডৰাক কেনে সাৰ লাগে, কোনটো
খেতিৰ বাবে কি সাৰ কিমান উপযোগী হ
এনেবোৰ
কথাত          কৃষি বিশেষজ্ঞৰ পৰামৰ্শ ল
ব লাগে৷ কিন্তু কৃষকসকলৰ কেইজনে
তেনে কৰে
? তেওঁলোকক ভুকুতে কল পকাই          ধনী হবলৈ লাগে৷ মাটিৰ ভৱিষ্যত জহন্নামে গলেও যাওক!
(অলপ ৰৈ) সাৰ দিয়াৰ উপৰি কীটনাশক,                      অপতৃণনাশক আদিও দিয়ে নহয়৷ সেইবোৰো অনিষ্টকাৰী৷

দীপুসেইবোৰেওতো মাটিৰ গুণাগুণত প্ৰভাৱ পেলাব কিজানি?

মামাকিছু পৰিমাণে হলেও পেলাব৷ (প্ৰসংগ
সলাই
) বি৷ কৃষিৰ
মাটি সংৰক্ষণৰ কথাহে কৈ আছোঁ৷ এতিয়া অন্য             মাটিৰ কথালৈ আহোঁ৷

দীপুমামা, বতাহে যে মাটি ক্ষয় কৰে

ৰূপুবতাহে উৰুৱাই নিনিবৰ বাবে মাটি কিহবাৰে ঢাকি ৰাখিব লাগিব, নহয়নে মামা?

মামাহয়, ঠিকেই ভাবিছ৷ কিন্তু কিহেৰে ঢাকিবি?

দুয়োমাটিত গছগছনি ৰুব লাগিব৷

মাকগছগছনি থাকিলে অকল বতাহৰ পৰাই নহয়, কিছুমান পানীৰ সোঁতৰ পৰাও মাটি বচাব পাৰি৷

মামাহয়৷ উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰি থাকে৷ গতিকে মাটিখিনি ঢাকি থোৱাৰ নিচিনাই
হয়৷ বতাহ বা পানীয়ে             খান্দি
কুৰি নিয়াত কিছু বাধা পৰে৷ তদুপৰি,
উদ্ভিদৰ ডালপাত অংশই বতাহৰ সোঁতকো কিছু পৰিমাণে
বাধা দিব          পাৰে৷

মাকডাঙৰ গছগছনি থাকিলে নদীৰ গৰাত থকা মাটিও কিছু নিৰাপদে
থাকে৷

দীপুএটা কথা নহয় মামা

মামাকচোন

দীপুগছগছনিৰে ভৰা মাটিত গছৰ পাতচাত
পৰি পঁচি যাব পাৰে৷

ৰূপুপানী পালেহে পঁচিব৷

দীপুঅৱশ্যে৷ পঁচি গলে সেই পঁচা পাতবোৰে অলপ হলেও জৈৱ সাৰৰ কাম কৰিব!

মামাসঁচা৷ তাৰ মানে তহঁতে বুজিলি, গছ ৰুলে মাটিখিনি দুই ধৰণে
সংৰক্ষিত হয়৷ কি দুই ধৰণে বাৰু
?

দীপুগছ থাকিলে পানী আৰু বতাহে মাটি খান্দি নিয়াত বাধা পা্য৷

ৰূপুআনটো হৈছেগছৰ পাৰবোৰ সৰি পৰিলে যদিহে পঁচে তেন্তে
সিও সাৰ হয়৷

মামাবুইছ দীপু, ৰূপু, বহুতো খেতিয়কে
এটা নকৰিবলগীয়া কাম কৰে৷ তেওঁলোকে ধান
, মাহ, সৰিয়হ, কুঁহিয়াৰ আদি             শস্য চপোৱাৰ পাছত গাগছৰ যি অংশ মাটিত ৰৈ যায় তাত জুই লগাই দিয়ে৷ তেওঁলোকে ভাবে, পথাৰখন চাফা          হওক, নতুন খেতিৰ বাবে সাজু হৈ উঠক৷

ৰূপুজুই লগোৱা দেখিয়ে থাকোঁ মামা৷

মামাতেনে কৰাটোও অনুচিত৷ জুইৰ তাপত মাটিত থকা অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ পোকপতংগও নিঃশেষ হৈ নাযাবনে?                 এইদৰে মৰি যোৱা পোকপতংগৰ ভিতৰত বহুতো উপকাৰী অনুজীৱও থাকে৷ সইবোৰে মাটি উৰ্বৰা কৰি ৰখাত           বাৰুকৈয়ে সহায় কৰে৷

দীপুআমাৰ চৌহদত কিন্তু তেনে কাম কেতিয়াও কৰা হোৱা নাই৷

মামানৰা বা গুৰিভাগে আৰু শুকান ডালপাত আৰু ঘাঁহবনে মাটিত পানী ধৰি ৰখাত সহায় কৰে৷ উপকাৰী অনুজীৱৰ         বংশবৃদ্ধিতো আগভাগ লয়৷

দীপুআমাৰ প্ৰজেক্টত এই কথাবোৰ বিশেষভাৱে পোহৰলৈ আনিম৷

মামাআৰু জানি থ, সৰহভাগ শস্যৰ ঠাৰি অংশত ৭০ ৰ পৰা ৭৫ শতাংশ
পটেছিয়াম থাকে৷

মাকপুৰি পেলালে সেয়াওতে অবাবতে যায়!

ৰূপুপচন সাৰ কৰিব নোৱাৰিনে মামা?

মামাপাৰি৷ তেনে কৰিলে সাৰো হ, ঠাইবোৰো
চাফা হ
ল৷ আৰু চাহঁক, পচন সাৰত উদ্ভিদৰ প্ৰয়োজনীয়
১৫
/ ১৬             বিধ পুষ্টিদ্ৰৱ্য থাকে৷

ৰূপুৰাসায়নিক সাৰত মাত্ৰ তিনিবিধহে মূল দ্ৰৱ্য থাকে৷

দীপুসেইবোৰ হৈছে নাইট্ৰজেন, ফছফৰাছ আৰু পটেছিয়াম৷

মামাঠিকেই এই তিনিবিধেই থাকে৷ বাৰু, আমি মাটি সংৰক্ষণৰ কথাকে
পাতি আছোঁ নহয়
?

দুয়োহয় মামা ৷

মামাপিছে মোৰ নিজৰেচোন সংৰক্ষণ সন্দেহজনক হৈ উঠিছে অ’ –

মাকবুজিছোঁ৷ তোক চাহ একাপ লাগিব৷ ৰবি৷

মামাবৰ্তমান পানী এগিলাচকে দে৷

(যন্ত্ৰসংগীত)

মামাএয়া পানী খাই ললোঁ৷ ফিল্টাৰৰ পানী৷ পিছে পানীয়েতো আমাক
প্ৰতি বছৰে পানী খুৱাই আছে
! বুজিছনে বাৰু?

ৰূপুবানপানীৰ কথা কৈছা?

দীপুবানপানীৰ কথা বাতৰি কাকতত পায়েই থাকোঁ, টিভিতো দেখি থাকোঁ
মামা৷

মামাআমাৰ অসমততো তলে পানী, ওপৰে পানী, সোঁৱে পানী, বাঁৱে পানী৷ কিন্তু পানীৰ অভাৱে অসমকো জুৰুলা
কৰিব         পাৰে৷

দীপুব্ৰহ্মপুত্ৰৰ পানী হেনো বেগাই কমি গৈ আছে?

মাকচীনে হেনো ব্ৰহ্মপুত্ৰত বান্ধ দি পানী অন্যফালে বোৱাই নিবলৈ লাগিছে?

মামাবাতৰি তেনেদৰে ওলাই নথকা নহয়৷ সঁচামিছা বেলেগ কথা?
কিন্তু ব্ৰহ্মপুত্ৰৰ বুকু যে কিছু পৰিমাণে শুকাই                 আহিছে তাত সন্দেহ নাই৷
পিছে গোটেই পৃথিৱীৰ কথা ভাবচোন৷ পৃথিৱীখনত আমি অনুমান কৰিব পৰাতকৈও             বহুগুণে বেছিহে
পানী আছে৷

ৰূপুপৃথিৱীততো সাগৰেই সাগৰ৷

মামাকিন্তু পৃথিৱীখনত যিমান পানী আছে তাৰ মাত্ৰ ৫ শতাংশহে সাগৰত আছে৷

মাককি কৱ অ’! বাকীখিনি?

মামাবাকী প্ৰায় ৯৫ অংশ পৃথিৱীৰ শিলাস্তৰৰ ভিতৰতে ৱদ্ধ হৈ
আছে৷

দীপুতাকতো ব্যৱহাৰ কৰিব নোৱাৰি!

ৰূপুসাগৰৰ লুণীয়া পানীও ব্যৱহাৰ কৰা টান৷

মামাগতিকে আমি ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ বৰ কম৷ যিখিনি আছে তাৰ ৯০ ভাগেই খেতিৰ
কামত লগোৱা         হয়৷ বাকী ১০ ভাগহে আন কামৰ বাবে থাকে৷ কিন্তু তাৰো বহুখিনি অপচয় হয়৷ গাড়ী
ধোৱা
বাথৰূমত ফ্লাছ কৰা          আদি কামত লগাতকৈ বেছি খৰছ নহয়নে?

মাকআমাৰ বাইকখন ধোঁওতেও ইমান পানী লাগে!

মামাঅসমত পানীৰ অভাৱ নাই বুলি গৌৰৱ কৰিলে নহব৷ অপচয় কমাবই
লাগিব৷

দীপুআমাৰ অসমত যে বানপানীয়ে বছৰি ইমান সাসম্পত্তি ধ্বংস
কৰে
, তাতকৈ বানপানীৰ সহায়ত ভাল কাম কৰাব             নোৱাৰিনে?

মামামূল্যৱান প্ৰশ্ন সুধিছ দীপু৷ ভাল কাম কৰাব পৰা যাব৷ কিন্তু তাৰ বাবে উপযুক্ত
পৰিকল্পনা লাগিব৷ খৰচো কৰিব             লাগিব৷

মাকচৰকাৰীভাৱেহে পৰা যাব নেকি! কিন্তু কেনে কামৰ কথা কব খুজিছ?

মামামই ভাবোঁ, ঠায়ে থায়ে মজলীয়া আকাৰৰ পকী পুখুৰী সাজি তেনে
পানীৰ সামান্য অংশ হ
লেও সেইবোৰত জমা             কৰিব পাৰি৷ পাছত দৰকাৰ মতে
তাক কিছুমান কামত ব্যৱহাৰ কৰিব পৰা যায়৷

দীপুখুউব সম্ভৱ খেতি পথাৰত জলসিঞ্চনৰ কামত লগাব পৰা যাব৷

ৰূপুতেনেহলে এনেকুৱা পুখুৰীৰ কথা নুশুনো কিয়?

মামাতেনে পুখুৰী সাজিবলৈ মাটি আৰু ধন দুয়োটাৰে অভাৱ৷

মাকঅসমত বৰ প্ৰয়োজনো নাই নেকি বিজু৷ কাৰণ ইয়াত বহুতো পুখুৰীত পানী থাকেই৷

মামাবানপানী সংৰক্ষণৰ কথা সুকীয়াকৈ এৰা হওক৷ পানী সংৰক্ষণৰ প্ৰচেষ্টা আজিৰ কথা
নহয়৷ আজিৰ পৰা ৫০০০             মান বছৰ পূৰ্বেই মানুহে পানী সংৰক্ষণ আৰু পানীৰ সমুচিত ব্যৱহাৰৰ
বিষয়ে চিন্তা কৰিছিল৷ সিন্ধু সভ্যতাৰ কথা          শুনিছনে
?

দুয়োশুনিছোঁ৷ পাঠ্যপুথিতে পাইছোঁ৷

দীপুহৰপ্পা আৰু মহেঞ্জোদাৰোৰ সভ্যতাৰ কথা নহয়নে?

মামাহয়৷ দুয়োখন চহৰতে সিন্ধু সভ্যতাৰ অৱশেষ পোৱা গৈছে৷

ৰূপুকিতাপত মাটিৰ তলেদি বনোৱা নৰ্দমাৰ ছবি দেখা পাওঁ মামা৷

মামাতাহানিৰ মানুহবোৰে শিল কাটিও বহুতো ডাঙৰ ডাঙৰ আৰু মজলীয়া আকাৰৰ চৌবাচ্চা বা খালৰ
নিচিনা পাত্ৰ             নিৰ্মাণ কৰিছিল৷ আৰু সেইবোৰত বৰষুণৰ পানী জমা কৰি ৰাখিছিল৷ 
আৰু শুন – পুৰণিকালত ৰাজস্থানৰ মানুহে          এনে ধৰণে ঘৰ
সাজিছিল
, যাতে চাদৰ ওপৰত বৰষুণৰ পানী জমা কৰি ৰাখিব পৰা যায়৷
তদুপৰি মাটিৰ তলত           টেংকি সাজি চাদত জমা হোৱা পানী নলীৰে তালৈ বোৱাই নি জমা কৰিছিল৷

মাকআজিওতো এনে ব্যৱস্থা থাকিব পাৰে কৰবাত৷

মামাআছে৷ অন্ততঃ মধ্যপ্ৰদেশ, কৰ্নাটক আৰু মহাৰাষ্ট্ৰত আছে৷
বৰং পানী বোৱাই নিয়া নলী আদিৰ ব্যৱস্থা বহু উন্নতহে৷

ৰূপুসেই পানী পাছত কি কামত ব্যৱহাৰ কৰে মামা?

মামাতাৰ পৰা নলীৰে উলিয়াই নি সেই পানী খেতিবাতিত ব্যৱহাৰ
কৰে
, মানে জলসিঞ্চন আদি কামত৷ চাফা হলে
            তাক কাপোৰ ধোৱা
, গাড়ীমটৰ ধোৱা,
ঘৰ মচা আদি বিভিন্ন কামত লগায়৷

ৰূপুমামা

মামাকচোন বাৰু

ৰূপুমায়ে পাচলি ধোৱা, চাউল ধোৱা, আধা
খাই গিলাচত এৰা
, এনেবোৰ পানী এটা বাল্টিত থৈ দিয়ে৷ ইমান কৃপণ!

মামাকৃপণ? অতি সুন্দৰ কাম। এয়া সংৰক্ষণৰ
জীয়া উদাহৰণ বুইছ
?

মাকসেই পানী শাকনি বাৰীত, ফুলৰ গুৰিত, ফুলৰ তাবত দিওঁ৷ নতুবা তেনেকুৱা অইন কামত লগাওঁ৷

দীপুমাৰ এইটো বহুদিনীয়া অভ্যাস৷

মামাহুঁ৷ এটা কথা নহয়বহুতৰে ঘৰৰ পানীৰ টেপ, নলী, পানীৰ অভাৰ টেংকি আদিত লিক্
থাকে৷ দেখিছনে তহঁতে?

দুয়োদেখিছোঁ মামা৷

ৰূপুপায়খানাৰ ফ্লাছ কৰা চিষ্টাৰ্ণতো বহুতৰে লিক্থাকে৷

মামাপ্ৰত্যেক মানুহে এনেবোৰ কথাও নজৰ দিব লাগে৷ নহলে পানীবোৰ
একেবাৰে অবাবতে নষ্ট হৈ যায়৷

মামাঠিক লক্ষ্য কৰিছ৷ এনেকুৱা সকলো ধৰণৰ লিক্সাৱধানে চাই
মেলি পানীৰ অপচয় কমাবই লাগিব৷ তেতিয়াহে             পানী সংৰক্ষণ কৰাত সফলতা লাভ কৰিব পৰা যাব৷

মাককোনো কোনো ঠাইত দেখা পাওঁ, চৰকাৰীভাৱে পানী যোগান ধৰোঁতে ক’ৰবাত
পাইপ ফাটি বা পাইপৰ সংযোগ             খুলি গৈ অতি দুখ লগাকৈ পানী গৈ থাকে!

মামা – বৰ উদ্বেগৰ বিষয়৷ তেনে দেখিলে
তহঁতে ডাঙৰ কাৰোবাক কৈ দিবি৷ তেওঁলোকে কথাটো কৰ্তৃপক্ষৰ নজৰলৈ             আনিব৷ (প্ৰসংগ সলাই) 
পিছে সংৰক্ষণৰ অজুহাত দেখুৱাই পানী
নাখালেতো বাচি থাকিব নোৱাৰিব!

দুয়ো – হয়, হয় মামা৷

মামা – তেন্তে যা মোৰ কাৰণে খোৱা পানী
এগিলাচ আনগৈ৷ দীপু তয়ে যা৷

(যন্ত্ৰসংগীত)

মামা – ছিঃ কিহৰ এনে অসহ্য গোন্ধ অ’?

দীপু – নলাৰ গোন্ধ মামা৷ আমি অভ্যস্ত
হৈ পৰিছোঁ৷

মাক – সৌ যে কেঁকুৰিটো দেখিছ, কেঁকুৰিটো
ঘূৰিলেই এটা কিহবাৰ ফেক্টৰি আছে৷ তাৰ ওচৰেদি যাবই নোৱাৰি অ’!

মামা – সেয়া বায়ু প্ৰদূষণ ঘটোৱা ফেক্টৰি
–৷ বাতৰি কাকততো তহঁতে নিয়মীয়াকৈ পঢ়?

দুয়ো – হয় মামা৷

মামা – বাতৰি ওলাই থাকে, দিল্লী হেনো
প্ৰায় গেছ চেম্বাৰ হৈ পৰিছে৷

মাক – দিল্লীহে নে, দেশৰ কেবাখনো চহৰতে
প্ৰায় একেই অৱস্থা৷ গুৱাহাটীৰ অৱস্থা অৱশ্যে সিমান বেয়া নহয়৷

মামা – যি নহওক, বায়ু প্ৰদূষণে আমাৰ
ভয়ংকৰ ভৱিষ্যত ৰচনা কৰিছে৷ বাৰু কচোন দীপু আৰু ৰূপু, বায়ুমণ্ডলত কি গেছ         বেছিকৈ বাঢ়ি
গৈ বিজ্ঞানী, সমাজবিজ্ঞানী সকলোকে চিন্তাত পেলাইছে?

ৰূপু – কাৰ্বন ডাই-অক্সাইড৷

মামা – এৰা, কাৰ্বন ডাই-অক্সাইড৷ পৃথিৱীৰ
বায়ুমণ্ডলত বায়ুৰ এক নিযুতভাগৰ ৩০০ ভাগহে এইবিধ গেছ থাকিব লাগে৷         তাতকৈ বেছি হ’লে বিপদ
হ’ব পাৰে৷

দীপু – সম্প্ৰতি কিমান আছে মামা?

মামা – এক নিযুত ভাগৰ ৪০০ ভাগ৷ হয়তো
তাতোকৈ বেছিহে৷

মাক – তাৰ মানে বিপদ অনিবাৰ্য৷

দীপু – কাৰ্বন ডাই-অক্সাইড বাঢ়ি যোৱা
বাবেইতো পৃথিৱীৰ সামগ্ৰিক উষ্ণতা বাঢ়ি গৈ আছে নহয়নে বাৰু?

মামা – সঁচা৷ আৰু সামগ্ৰিক উষ্ণতা
বঢ়া কাৰণে পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন ঘটিবৰ উপক্ৰম হৈছে৷ ইয়াৰ ফলত কি হৈছে         – নহ’ব লগা
কালত প্ৰচুৰ বৰষুণ হৈছে, বানপানী হৈছে৷ একেদৰে অসময়ত অনাবৃষ্টিও হৈছে৷ নহ’ব লগা ঠাইত
            মৰুভূমি হৈছে বা হ’বলৈ লৈছে৷

ৰূপু – জাৰৰ দিন, গৰমৰ দিনো আগৰ দৰে
নাই বুলি মানুহে কোৱা শুনো দেখোন?

মাক – ঠিকেই, আজিকালি কেতিয়াবা ফাগুন-চ’ততো
পুহৰ নিচিনা ঠাণ্ডা লাগিব পাৰে৷

ৰূপু – বিজ্ঞানীসকলে কিবা কৰিব নোৱাৰেনে?

দীপু – কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ
কমাবৰ ব্যৱস্থা কৰিব পাৰে৷

মামা – পাৰে৷ সেয়া কিন্তু মুখৰ কথা
নহয়৷ সকলোৰে সহযোগ লাগিব৷ 
বিজ্ঞানীসকলে, আচলতে
অকল বিজ্ঞানীসকলেই           নহয়, তেওঁলোকৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ ৰাজনৈতিক নেতাসকলো মিলি
বুজা-পৰাৰ মাজেদি এটা কাম               কৰিবলৈ লৈছে: তেওঁলোকে বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইড কমাই আনিবলৈ চুক্তি কৰিছে৷ আন্তৰ্জাতিক চুক্তি৷

মাক – কেনেকৈ কমাব পাৰিব?

মামা – বাৰু, দীপু কচোন – কাৰ্বন ডাই-অক্সাইড
গেছ বেছিকৈ ক’ৰপৰা ওলায়৷

দীপু – ঘাইকৈ বিভিন্ন কল-কাৰখানা আৰু
যান-বাহনৰ পৰা মামা৷

মামা – সঁচা৷ বেছি উন্নত দেশবোৰে এই গেছ বেছিকৈ
এৰে৷

ৰূপু – যেনে আমেৰিকা৷

দীপু – আৰু আছে – চীন, জাপান, ফ্ৰাঞ্চ ইত্যাদি৷

মামা – চুক্তিমতে কাম কৰিলে – মানে
সকলো দেশে উদ্যোগ, কাৰখানা, যান-বাহন আদিৰ পৰা কাৰ্বন ডাই-অক্সাইড             কমকৈ এৰি দিলে সমস্যাটো
কিছু পৰিমাণে কমিব৷

দীপু – একেকোবেই কমাব নোৱাৰিব নেকি!

মামা – নোৱাৰে৷ পৰ্যায়ক্ৰমেহে কৰিব
লাগিব৷ তাৰ বাবে ২০ বছৰমান সময়ৰ দৰকাৰ হ’ব৷

মাক – তাৰ বাবে মানে?

মামা – পৃথিৱীৰ সামগ্ৰিক উষ্ণতা সামান্য
হ’লেও কমাবৰ বাবে৷

দীপু – আমিওতো কিবা অলপ কৰিব পাৰোঁ!

ৰূপু – গছ ৰুব পাৰোঁ৷ কিতাপত পঢ়িছোঁ
মামা, গছে খাদ্য তৈয়াৰ কৰোঁতে কাৰ্বন ডাই-অক্সাইড খৰচ কৰে৷ গতিকে গছ-            গছনি বেছি থাকিলে
গেছটো বেছি পৰিমাণে খৰচ হ’ব৷

মামা – সুন্দৰ কথা কৈছ’ অ’৷ এনে প্ৰচেষ্টা
পৃথিৱীৰ বহু ঠাইত বিভিন্ন ধৰণে চলি আছে৷ আজি যে তহঁতে এটা প্ৰজেক্ট             লৈছ, সিও আওপকীয়াকৈ
এইক্ষেত্ৰত সহায় কৰিব৷

ৰূপু – তাৰ মানে আমাৰ প্ৰজেক্টটোৰ
গুৰুত্ব আছে!

মামা – আছেতো!

(গাড়ীৰ হৰ্ন বাজে)

ৰূপু – এয়া, আমাৰ গাড়ী আহি গ’ল৷ ওলাওঁগৈ
ব’ল দাদা৷

দীপু – বলিয়া নহ’বিচোন৷ দেউতাই ব্ৰেকফাষ্ট
কৰি লওক৷ তাৰ পাছতহে৷ অ’ মামা, তুমিও আমাৰ লগত ওলাব লাগিব৷

মামা – হ’ব৷ যাম বাৰু৷ তাৰ আগতে –

দুয়ো – মা –

মাক – বুইছোঁ৷ কানীয়াটোক চাহ লাগে৷
দেউতাৰৰ লগতে একেলগে দিছোঁ ৰহ৷

(আকাশবাণী, গুৱাহাটীৰ পৰা সম্প্ৰচাৰিত
ৰূপকৰ (মোৰ) কিছু পৰিশোধিত ৰূপ)