সুৰভি দত্ত

কোমল চাউলৰ
টাৰ্ট

   অসমীয়া সমাজৰ অতি জনপ্ৰিয় জলপান কোমল চাউল আৰু চিৰাৰে এটি
সুস্বাদু মিঠা ব্যঞ্জন প্ৰস্তুত কৰিব পাৰে। ইটা
লি
জনপ্ৰিয় মিঠা ব্যঞ্জন টাৰ্ট (
tart)-ৰ ৰূপ দিয়া হৈছে। আমাৰ
অসমীয়া থলুৱা খাদ্যকো সংমিশ্ৰণ দি অতি সুন্দৰকৈ পৰিৱেশন কৰিব পাৰি।

উপকৰণ:

তলৰ অংশৰ বাবে

১. কোমল চাউল— একাপ (milkmaid-ৰ টেমাৰে)

২. চেনি— ৫ চামুচ

৩. শুকান ফল— খেজুৰ, বাদাম, কিৱি, কিচমিচ, ডাব
নাৰিকল
; সকলো সমান পৰিমাণে লৈ এবাটি।

৪. বাটাৰ— ২ চামুচ (গলাই লোৱা)

৫. ব্ৰাউন ছুগাৰ— আধা কাপ

৬. ছয়া ছছ— ২ চামুচ

৭. মৌ— ৩ চামুচ

৮. ইলাচি গুড়ি— আধা চামুচ

৯. পানী— ৫ চামুচ

মাজৰ অংশৰ বাবে

১. চিৰা— একাপ (চাহ খোৱা কাপেৰে)

২. ৰিফাইন তেল— ৪ চামুচ

৩. চেনিৰ গুড়ি— ৪ চামুচ

. কন্ডেন্স্ড  মিল্ক— ৫ চামুচ

৫. ক্ৰিম— ৩ চামুচ

৬. গাখীৰ— এগিলাচ

ওপৰৰ অংশ সজাবৰ বাবে

১. ক্ৰিম— আধা কাপৰো কম

২. আপেল এটা, ক’লা আঙুৰ কেইটামান,
চেৰি কেইটামান, পদিনাৰ পাত, ডালিমৰ গুটি দুটামান।


প্ৰণালী:

   কোমল চাউল ২০ মিনিট তিয়াই থৈ টুকি ২০ মিনিট ভাপত সিজাই ল’ব। এটা
পাত্ৰত চেনি ৫ চামুচ আৰু পানী ৩ চামুচ দি চেনি
caramelized হোৱাৰ লগে লগেই ২ চামুচ পানী যোগ কৰি ছুগাৰ ছিৰাপ বনাই থ’ব। আন এটা
পাত্ৰত ব্ৰাউন ছুগাৰ
, শুকান ফল (সৰু সৰুকৈ কাটি ল’ব),
বাটাৰ, ছয়া ছছ, ইলাচিৰ গুড়ি লৈ কোমল চাউলখিনি মিহলাই দিব। মৌ, ছুগাৰ ছিৰাপ দি এবাৰ লৰাই পুনৰ ১০ মিনিটৰ বাবে ভাপত দিব। নমাই লৈ
ছিলভাৰ ফইল লগোৱা বাচনটোত হেঁচা দি ছে’ট হ’বলৈ দিব।

   এইবাৰ ঘিউ গৰম কৰি চিৰা ভাজি লৈ মিক্সিত গুড়ি কৰি ল’ব। পেন এখনত
ঘিউ দি চিৰা
, চেনিৰ গুড়ি এক মিনিট ভাজি গাখীৰ ঢালি ঘনাই
লৰাই গাখীৰ শুকাই অহাৰ লগে লগে কন্ডেন্স্ড মিল্ক
, ক্ৰিম
দিব। মিশ্ৰণটোৱে পেন এৰাত নমাই কোমল চাউলৰ ওপৰত সমানকৈ হেঁচা দি থ’ব। ক্ৰিমখিনি
ইলেক্ট্ৰিক হেণ্ড্ ব্লেণ্ডাৰেৰে ফেটি ল’ব। আধা ঘণ্টাৰ পাছত ছিলভাৰ ফইলখন দাঙি আনি
লাহেকৈ এৰুৱাই একেবাৰে ওপৰত মিহিকৈ ক্ৰিম দি ফলেৰে সজাই পৰিৱেশন কৰিব।




বিটৰুট পাটিচেপ্টা


উপকৰণ:
১. কেঁচা পিঠাগুড়ি— একাপ (কফি কাপেৰে)
২. ময়দা— একাপ
৩. চেনি— ২ চামুচ
৪. বিটৰ ৰস— ২টা বিটৰ

পূৰৰ বাবে
১. নাৰিকল ৰোকা— ১টাৰ
২. মিল্ক্‌মেইড— আধা কাপ
৪. কাজুৰ গুড়ি— ১ কাপ
৫. ইলাচিৰ গুড়ি— সামান্য
৬ চেনি— আধা কাপতকৈ কম

প্ৰণালী: নাৰিকল-চেনি মিহলাই লাড়ু বনাবলৈ লোৱাৰ দৰে ভাজি থাকি
যেতিয়া গোটা বান্ধিবলৈ ল’ব
, মিল্ক্‌মেইড আৰু কাজু দি লৰাই থাকি পেন এৰিলে নমাই ঠাণ্ডা হ’বলৈ দিব।

   পিঠাগুড়ি, ময়দা, চেনি একেলগে শুকানকৈ লৈ বিটৰ ৰস মিহলোৱা পানী দি ঘোলটো বনাই দুঘণ্টাৰ
পাছত নন্ষ্টিক টাৱাত কপাহেৰে তেল মোহাৰি ঘোল এহেতা দি টাৱাখন ঘূৰাই ঘোল বহলাই দিব।
পিঠাখনৰ ওপৰৰ ফালে পানী নাইকিয়া হৈ শুকান যেন হোৱাৰ লগে লগে পূৰ দি মেৰিয়াই দিব।





চিৰাৰ বৰফি


   আহকচোন, অকণমান নতুনত্বৰে ভৰা ৰেচিপিৰ
সোৱাদ লওঁ। বিহু বুলি ক’লেই চিৰা-দৈ আমাৰ অসমীয়া সমাজৰ সকলোৰে প্ৰিয় জলপান। জলপান
খাব নোখোজাসকলেও খাবলৈ ভাল পাব। লগতে আগতীয়াকৈ প্ৰস্তুত কৰি থোৱা চিৰাৰ জলপান
বুলিও ক’ব পাৰি।




উপকৰণ:

১. চিৰা – ২ কাপ

২. গুৰ –২ কাপ

৩. চেনি – আধা কাপ

৪. দৈ – ১ কাপ (ডাঠ)

৫. পাউদাৰ গাখীৰ – ১ কাপ

৬. ইলাচিৰ গুড়ি – আধা চামুচ (সৰু চামুচ)

৭. ঘিউ – ৩ চামুচ

৮. তিল আৰু পিস্তা বাদাম অকণমান

প্ৰণালী:

   চিৰাখিনি তিয়াই একেবাৰে কোমল কৰি লৈ টুকি থ’ব, যাতে পানী অলপো নাথাকে। গুৰ, পানী আধা কাপ লৈ
গলাই ল’ব। উতলি থাকোঁতে চেনিও দিব। চেনি গলি যোৱাত ঠাণ্ডা কৰি চেকি ল’ব।
   নন্‌ষ্টিক পেন এখনত ঘিউ দি চিৰাখিনি ভাজিব; চিৰা মচমচীয়া হোৱাকৈ। তাৰ পাছত দৈ আৰু পাউদাৰ মিল্ক্ দিব। ইলাচিৰ গুড়ি দি লৰাই থাকিব। যেতিয়া
চিৰাখিনিৰ পৰা দৈৰ পানী শুকাই আহিব
, তেতিয়া গুৰ আৰু চেনিৰ
ছিৰাপটো দিব। ঘনাই লৰাই থাকি মিশ্ৰণটোৱে পেন এৰিলে ঘিউ লগোৱা ট্ৰে’ এখনত ঢালি
বহলাই ওপৰত তিল আৰু পিস্তা বাদামেৰে সজাই দিব। অলপ ঠাণ্ডা হ’লে ফ্ৰিজত ২ ঘণ্টা
ছে’ট হ’বলৈ দি বৰফি আকাৰত কাটি পৰিৱেশন কৰিব।