অভিব্যক্তি নে আত্মপ্ৰত্যয়

 আকাশ দীপ্ত ঠাকুৰ

        ইমান
কিয় ভাবনাবিভোৰ মন মৈথিলী 
! আমিতো আজি কেৱল
মৌনতাক সাক্ষী কৰি এনেকৈ ক্ষণ গণি থাকিম বুলি লগ হোৱা নাছিলোঁ৷ আচৰিত…তোমাৰ নিৰৱতাই
যদি এতিয়া মোকো ভাষাহীন কৰি তোলে…
? ”

        খিলখিলাই
হাঁহি দিলে ৰাধাই৷

       ক্ষণিকৰ
বাবে যেন কঁপি উঠিল প্ৰৱাহিনী যমুনাৰ নীলিম সলিলৰাশি৷ লহৰে লহৰে মৃদু তৰঙ্গ সৃষ্টি কৰিলে দিনান্তত শ্ৰান্ত হৈ পৰা যমুনাৰ নিৰৱধি প্ৰৱাহত৷

        অস্থিৰ
ভাবনাৰ উৰ্মিমালাই অশান্ত কৰি তুলিলে কাষতে ধীৰ-স্থিৰ হৈ বহি থকা সীতাৰ অন্তৰ৷
শুভ্ৰ বালিত
বৈ পৰা হেঙুল বৰণীয়া আঁচল
, চপাই লোৱা আঁঠু দুটাত থুঁতৰিৰে ভেজা দি, তললৈ
দৃষ্টি নিক্ষেপ কৰি মৌন হৈ বহি আছিল কেইটামান মুহূৰ্ত৷

        মনৰ
হেঁপাহেৰে কেইটামান কথা পাতিম বুলিয়েতো আজি আমন্ত্ৰণ জনাইছিল ৰাধিকাক৷ উৎফুল্ল হৈ পৰিছিল
বৃষভানু কন্যা
–“সঁচাকৈ
কৈছা সীতা 
?
তুমি আহিবা…মোক লগ পাবলৈ ? মোৰ যে বিশ্বাসেই হোৱা নাই ! কিন্তু কত…কত লগ হম আমি ? কোৱা
হে বৈদেহী
;
মই…মই সঁচাকৈ অধীৰ হৈ পৰিছোঁ৷

        এনেদৰেই
যেন খহি পৰিছিল দুটা যুগৰ মাজৰ এখনি অদৃশ্য দেৱাল…ত্ৰেতা
, দ্বাপৰ…; আৰু
কলি…
!

       সিদ্ধান্ত
হৈছিল
যমুনা…হয়
যমুনাৰ তীৰেই হ
ব পাৰে
দুয়োৰে বাবে সুবিধাজনক এডোখৰ ঠাই৷ চঞ্চলা সেই তটিনীৰ প্ৰতিটো তৰংগই পৰিচিত দুয়োৰে৷
যি কথা কোৱা হোৱা নাই কাহানিও
, মনৰ নিভৃতৰপৰা বৈ অহা সেই অব্যক্ত অভিধাৰ
সাক্ষী হৈ ৰ
ব প্ৰৱাহিনী
যমুনাৰ অশান্ত উৰ্মিমালা৷

        চঞ্চলা
ময়ূৰী

দৰেই আজন্ম চিনাকি কদম তললৈ খৰ খোজেৰে আহিছিল ৰাধিকাসুন্দৰী৷ গাঢ় নীলবৰণত বন-সেউজীয়া
ৰহণ মিহলি
,
তাতে সোণ বৰণৰ তৰা-ফুটুকীয়া ঘাগৰি, একে
ৰং-আৰ্হিৰ কিলাকুটিলৈকে দীঘল হাতৰ চোলাটো
; আৰু… সেউজ গিৰিমালাৰ
বুকুত শৰতৰ এচমকা
শুভ্ৰ মেঘৰ দৰেই ফাল্গুনী লহৰে উৰুৱাই নিব খোজা উত্তৰীয়খন৷ জিকমিকাই
থকা এমুঠি বালিছন্দা হাতলৈ লৈ মুঠি মাৰি এৰি দিওঁতে বতাহৰ ঢৌৱে উৰুৱাই লৈ গৈছিল যমুনাৰ
বুকুলৈ৷ মিচিকিয়াই হাঁহিছিল যমুনাই৷ হেলনীয়া হৈ বৈ অহা কদমৰ শাখা এটাই আলফুলে স্পৰ্শ
কৰি চাইছিল অলসভাৱে বান্ধি লোৱা কবৰী৷ কৃত্ৰিম ভ্ৰূকূটিৰে ৰাধাই কদমজোপাৰ ফালে ঘূৰিব
খোজোঁতেই অদূৰৈত দেখিছিল জানকীক৷ বুৰিবলৈ যো-জা কৰা দিনমণিৰ হেঙুল কিৰণে ৰহণ চৰাইছিল
মৈথিলীৰ দেহৰ একে বৰণৰ সাজযোৰত৷ বাঁও বাঁউসীয়েদি চপাই লোৱা মুক্ত কেশী বৈদেহীৰ হিৰন্ময়ী তনুজ আভাৰ পৰশ পাই ক্ষণিকৰ বাবে যেন যমুনায়ো উচপ খাই উঠিছিল
কি অপৰূপ
সৌন্দৰ্য 
! অথচ যেন… সদা নিষ্পৃহ এক সন্ন্যাসিনী
এই জনকনন্দিনী৷

        মৈথিলী
কাষ চাপি অহাৰ পাছত ৰাধা আৰু চঞ্চলা হৈ উঠিছিল
–“আহাঁ সীতা৷ তোমাৰ
বাবেই সৌৱা ৰৈ আছে চোৱাঁ চিৰপ্ৰৱাহিনী যমুনা৷
নিজেই ৰসিকতা
কৰি মিচিকিয়াই হাঁহিছিল ৰাধিকাই
– “সৌৱা দুই দণ্ড সময় এতিয়াও বাকী দিনমণিৰ
বিদায়ৰ বাবে৷

        বসুধাতনয়াই
একেথৰে এপলক চাইছিল ৰাধালৈ
সঁচাকৈ…অপূৰ্ব সুন্দৰী তুমি ৰাধিকা; যেন
চঞ্চলা-চপলা কোনো বন মৃগৰ দৰেই মনোময়
, মোহনীয় তুমি৷ অথচ…৷

        সেই
তেতিয়াৰপৰাই মৌন হৈ বহি পৰিছিল জনকনন্দিনী৷ মনৰ মাজত অগণন প্ৰশ্নৰ উত্থান-পতন৷ কিন্তু
প্ৰকাশ কৰে কেনেকৈ 
?
কাষতে বহি আছে এয়া ৰাধা; যাক কোনো কথাই কাহানিও যেন বিচলিত কৰিব
নোৱাৰে৷ কিমান মুকলি অন্তৰেৰে প্ৰশ্ন কৰিছে তেওঁকেই
– কিয়… কিয় এই
মৌনতা
!

        সি যি
নহওক
, আজি
ব পাৰিব
লাগিব সীতাই৷ এটা যুগৰ প্ৰতিভূ হৈ আহিছে আজি তেওঁ বসুধাবক্ষৰপৰা৷ হয়তোবা বহু প্ৰতীক্ষাৰ
অন্তত দুয়ো এয়া মুখামুখি
– দুটা যুগক প্ৰতিনিধিত্ব কৰা দুটি নাৰী
সত্তা৷

        মূৰ
তুলি সন্মুখলৈ দৃষ্টি নিক্ষেপ কৰিলে সীতাই৷ যি ক
ব আজি, তাৰ সাক্ষী হৈ
ব এই
যমুনা
, এই কদমতল৷
ভয় নকৰে সীতাই৷ যিমানেই দুৰ্বলা বুলি ভাবিব নোখোজক এই সমাজে
, সিমানেই কিন্তু দৃঢ় সীতাৰ হৃদয়৷ অগ্নিয়েও স্পৰ্শ কৰিব পৰা নাছিল যাৰ
পাৰ্থিৱ শৰীৰ 
! আৰু এতিয়া… ক্ষণিকৰ বাবেও আৰু বিচলিত
নহয় তেওঁ কাহানিও
; বলৈও আৰু একো নাই৷ কিন্তু ৰাধাক এবাৰ
লগ পোৱাটো তেওঁৰ বাবে বৰ জৰুৰী হৈ পৰিছিল৷ বহু কথাৰ বাবে…৷

       ৰাধা…অয়ন
পত্নী ৰাধাই আজি শুনিব লাগিব দাশৰথিজায়াৰ অকপট স্বীকাৰোক্তি৷ বিচাৰ কৰিব লাগিব৷ যদি
এয়ে পৰিচয় হয় এগৰাকী নাৰীৰ
; তেন্তে …কাললৈ বুলি অৱনমিত হব পাৰে
সীতাৰ দৰে আৰু বহু নাৰীৰ অস্তিত্ব তথা অৱস্থান 
! চিৰচঞ্চলা সন্মোহিনী
ৰাধা
– যাৰ
খিলখিল হাঁহিত যমুনায়ো লহৰ তোলে
, কদমৰ ডালত পৰি নাচোন ধৰে বুলবুলি-সখীয়তীয়ে…, অথচ ৰাধাই নাজানে, নে জানিব নোখোজে প্ৰকৃত কথাবোৰ…? সমগ্ৰ পৃথিৱীয়ে পৰকীয়া প্ৰেমৰ
কলংকৰ চেকা সানি দিব খোজা ৰাধাই প্ৰকৃততে কি ভুল কৰি আছে
– সেয়া জানিব লাগিব
আজি ৷

        সীতাই
স্থিৰ দৃষ্টিৰে ৰাধাৰ মুখলৈ চালে৷ যদিও ৰাধাৰ দৃষ্টি নিবদ্ধ হৈ আছে যমুনাৰ সলিলবক্ষত
, মনটো
কিন্তু উন্মুখ হৈ আছে জানকীৰ কথা শুনিবলৈ৷

        হয়… উন্মুক্ত
ব আজি
সীতাৰো
হৃদয়৷ ৰুদ্ধ কপাট মুক্ত কৰি বহু কথাই কব লাগিব
ৰাধাক৷ বিচাৰ… বিচাৰ নিজে কৰিব মোহন-প্ৰেয়সীয়ে
; মানি লব লাগিব
তেওঁৰ
হৃদয়েও– প্ৰকৃততে শ্ৰেয়ঃ কোন!

        ৰাধিকা ! আচলতে বহু কথাই কবলগীয়া আছে তোমাক; যাৰ
বাবে মই এয়া নিজে আহিছোঁ তোমাৰ কাষলৈ৷ একান্তই নিভৃতে লগ পাবলৈ৷ বহু কথা… শিল হৈ আছে
বুকুত
– যি কথা
কাহানিও কোৱা নাই
, অদ্যাপি যি কথা শুনা নাই কাহানিও কোনেও… সেই কথাকে কম তোমাক৷

        ভৰি
দুখন চপাই আঁঠু দুটাত থুঁতৰিৰে ভেজা দি ৰাধাই সীতালৈ চালে
– কেনে স্নিগ্ধ
এই ৰূপৰ জ্যোতি 
! যেন চৌপাশে বিয়পি পৰিছে সৌম্য এক আভা৷
ব পাৰে– অকথিত
বহু কথাই আমনি কৰিছে আজি তেওঁক
, যাৰ বাবে বসুধা-তনয়া উদ্বাউল হৈ পৰিছে৷
নাৰী
হৃদয়ৰ ব্যথা প্ৰকৃততে উপলব্ধি কৰিব পাৰে
কেৱল নাৰীয়ে৷ কিমান সংঘাতে মষিমূৰ কৰি থৈ গ
ল তেওঁক ৰাধাই জানো নাজানে ? দেওৰ
লক্ষ্মণে নাক-কাণ কাটিলে
শূৰ্পনখাৰ; আৰু
ৰাৱণে অপহৰণ কৰি লৈ গ
ল সীতাক৷ পুৰুষৰ বীৰত্ব সদায় নাৰীৰ ওপৰতহে৷ আৰু তাৰ বাবেই তেওঁ নীৰৱে সহিবলগীয়া
ল কিমান
লাঞ্ছনা… কত যে কিমান অথন্তৰ 
!

        কওক… আজি
ইমান যুগৰ পাছত যি ভাবনাই হয়তোবা তেওঁক এনেকৈ আমনি কৰিছে
, আজিয়ে উন্মুক্ত
হওক সকলো৷ ৰাধাই শুনিব সেই কথা
, বিৰহী অন্তৰৰ ব্যথা…৷

        শুনা
হে বৃষভানু কন্যা৷ ভুল নুবুজিবা মোক৷ প্ৰথমেই মই তোমাক জগৰীয়া কৰিম আজি৷ কোৱাঁ… এবাৰো
কিয় নাভাবিলা তুমি
, নে ভাবিব নোৱৰা হৈ গলা ? গোটেই
বৃন্দাবনখন বুকুত বহন কৰি ফুৰি
 অৱশেষত তুমি কি বিশেষণ পালা ? কলংকিনী ? মোলৈ
চোৱাঁ এবাৰ… মোৰ বুকুত কি নাছিল সেই বৃন্দাবন 
?”

        উচপ
খাই উঠিল ৰাধা৷ ক্ষণিকৰ বাবে যেন স্থবিৰ হৈ পৰিল কল্লোলিনী যমুনাৰো নিৰৱধি ধাৰা
! সীতাৰ বুকুতো আছিল এখনি বৃন্দাবন ? ৰৈ ৰৈ বাজিছিল
নেকি তাত মোহন বাঁহীৰ উন্মনা সুৰ 
? একেথৰে দৃষ্টি নিক্ষেপ কৰিলে ৰাধাই বিদেহনন্দিনীলৈ৷
কিন্তু… তেওঁচোন নিৰ্বিকাৰ 
!

        হয়…; তুমি
হয়তো নাজানা ৰাধা৷ অশোক বনৰ চৌপাশে প্ৰতিনিয়ত বিয়পি পৰিছিল জানা… সেই আকুল প্ৰস্তাৱৰ
অনুৰণন৷ লাহে লাহে… মোৰ হৃদয়তো খোদিত হৈছিল সেই নিষ্পাপ প্ৰেমৰ প্ৰতিচ্ছবি৷ মই… মই
জানিছিলোঁ জানা ৰাধা
, তেওঁ… তেওঁৰ অন্তৰত প্ৰেম আছিল; কেৱল প্ৰেম ! যি প্ৰেমৰ বাবে প্ৰতিগৰাকী নাৰীয়ে জীৱনত এবাৰলৈ হলেও
হাবাথুৰি খায়
– সেই
প্ৰেম…সেই অনুভূতি 
! হয়তোবা অজানিতেই নিমজ্জিত হৈছিলোঁ ময়ো৷
কিন্তু… মইতো নাছিলোঁ তোমাৰ দৰে আবেগবি
হ্বলা৷ মই জানো
বুজা নাছিলোঁ
– এবাৰ… মাথোঁ এবাৰ যদি মই ৰাৱণৰ প্ৰস্তাৱ গ্ৰহণ কৰিলোঁহেঁতেন; বিনাযুদ্ধে
পৰাজিত হ
লহেঁতেন
দাশৰথি৷

        সীতাৰ
কণ্ঠত ফুটি উঠিছিল এক অদ্ভুত দৃঢ়তা৷ অবাক হৈ পৰিল ৰাধা
– এয়া…সঁচানে?

      সঁচা
ৰাধা
; সকলো
সঁচা৷ মই অকলে যুদ্ধ কৰিছিলোঁ জানা… এখনি মানসিক যুদ্ধ৷ আৰু মনৰ দৃঢ়তাৰেই ক্ষত-বিক্ষত কৰিছিলোঁ
দশাননৰ
হৃদয়৷ ছিন্ন-ভিন্ন হৈ পৰিছিল তেওঁৰ মনোবল৷
কোৱাঁ ৰাধা
– সেয়া
কি নাছিল মোৰ পৰাক্ৰম 
? মোৰ কাষততো নাছিল কোনো বানৰ-যোদ্ধা-সেনানী৷ মানসিক সেই যুদ্ধত
ধৰাশায়ী হৈছিল লংকাপতি৷ তেন্তে 
? ত বীৰত্ব কোৱাঁ
প্ৰভু ৰামচন্দ্ৰৰ 
? মৰি যোৱাজনক কেৱল বধ কৰিছিল তেওঁ, তাকো গৃহশত্ৰুৰ
ছলনা-মন্ত্ৰণাৰ সাহায্যত৷ আৰু এনেকৈয়ে বিজয়ী হৈছিল তেওঁ৷
ক্ষণিকৰ বাবে
যেন ভাবুক হৈ পৰিল বৈদেহী৷

        পুনৰ
নিজকে কিছু সুস্থিৰ কৰি লৈ সীতাই ৰাধাৰ ফালে চালে
– “জানা ৰাধাতেওঁ
ৰাৱণৰ
হৃদয়লৈ শৰ নিক্ষেপ কৰিবপৰা নাছিল; কিয়নো
তেওঁ জানিছিল
– এক মুহূৰ্তৰ
বাবেও লংকাপতিৰ
হৃদয়ৰপৰা আঁতৰি যোৱা নাছিল মোৰ প্ৰতিচ্ছবি৷ কিমান
নিষ্পাপ… কিমান গভীৰ আছিল সেই প্ৰেম
; মই… মই জানো বুজা নাছিলোঁ?”

        পুনৰ
আৱেগিক হৈ পৰিল সীতা ক্ষণিকৰ বাবে৷ পাছ মুহূৰ্ততে পুনৰ
নিজকে নিয়ন্ত্ৰণো কৰি ললে অতি কৌশলেৰে৷ দুৰ্বল হৈ পৰাৰ সময় নহয় এয়া; মনৰ ভিতৰত গুমৰি
অহা ক্ষোভৰ বহিৰ্প্ৰকাশৰহে সময়

        মাথোঁ
ছল-বল-কৌশল
;
হৰধনু ভংগৰপৰা বালি নিধনলৈকে৷ প্ৰেমৰ নামত মাথোঁ প্ৰহসন; অদম্য
স্বাভিমানৰ আঁৰত ভুৱা অনুৰাগ৷ আৰু… আৰু সকলো জানিও
, সকলো বুজিও আজিও
যে সহনশীলা মোৰ নাম৷

        ৰাধাই
কেৱল শুনি গৈছিল জানকীৰ কণ্ঠনিঃসৃত অকথিত বিষাদগাথা৷ মনৰ মাজত যেন অবাৰিত কৌতূহল
– এয়াই
যদি অপ্ৰকাশিত সত্য
; তেন্তে…পাৰ্থক্য কত ৰাধা আৰু সীতাৰ ? সীতাই
যি কৰিলে
– সেয়া
কেৱল অভিনয় 
?
নাই নাই… ৰাধাই নোৱাৰে কৰিব তেনে অভিনয়৷ হৃদয়ত অংকুৰিত প্ৰেমৰ বীজ উভালি, মোহাৰি
সতীত্বৰ চানেকি দিব নোৱাৰে ৰাধাই৷ কিবা এষাৰ ক
ব খুজিছিল তেওঁ; কিন্তু
সীতাই যেন বাৰণ কৰিলে৷

        আজীৱন
মই কেৱল প্ৰতাৰণা সহিলোঁ৷ যি প্ৰেম মোৰ প্ৰাপ্য আছিল পতি-পৰমেশ্বৰৰপৰা
; নাপালোঁ
কাহানিও৷ পালোঁ মাথোঁ লাঞ্ছনা৷ তুমি হয়তো সুধিবা
– কিয় কৰা নাছিলোঁ মই প্ৰতিবাদ ? সহি সহিও মই কেৱল প্ৰতীক্ষা কৰিছিলোঁ, মনে-প্ৰাণে বিচাৰিছিলোঁ– তেওঁৰ
হৃদয়ত প্ৰেম নাথাকিলেও থাকিব পাৰে নেকি সামান্যতম অনুকম্পা 
! কিন্তু সগৰ্ভা অৱস্থাতো যেতিয়া মোৰ বনবাস হ’ল... অৱশেষত
প্ৰতিবাদ কৰিলোঁ মই৷ আৰু… তুমিতো জানা
– প্ৰতিবাদৰ ভাষাও আছিল মোৰ সৰল– ‘নোৱাৰোঁ
সহিব ইমান লাঞ্ছনা… সেয়েহে আশ্ৰিতা পুনৰ আইৰ কোলাত৷
আচলতে জিকি জিকিও
হাৰি যোৱাত নে হাৰি হাৰিও জিকি যোৱাতেই আছিল মোৰ পৰিসমাপ্তি
!

        সীতা
বহি থকাৰ পৰা থিয় হ
ল৷ দুখোজ আগুৱাই গল যমুনাৰ ফালে৷
দূৰৈত বুৰ যাবলৈ যো-জা কৰা দিনমণিৰ অন্তিম হেঙুলী আভা৷

      আৰু
অগ্নিপৰীক্ষা 
?
জানা ৰাধা– আজিও… আজিও
প্ৰতিগৰাকী মৌন সীতাৰ কলিজাত উমি উমি জ্বলি থাকে তথাকথিত প্ৰেমিক স্বামীয়ে জ্বলাই দিয়া
সেই চিতা ৷

      এইবাৰ
ৰাধাও থিয় হ
ল৷ আগুৱাই
আহিল সীতাৰ কাষলৈ৷ সীতাই উভতি ৰাধালৈ চালে৷ যি কথা ক
ম বুলি আহিছিল, সেই
কথা যে এতিয়াও কোৱা হোৱা নাই৷

      সেইবাবেই
মই তোমাৰ কাষলৈ আহিছোঁ ৰাধা৷ তুমি… তুমি কি পালা কোৱাঁ
; কেৱল প্ৰেমৰ
বাবেই নিজকে উৎসৰ্গা কৰিও অৱশেষত সেই
– ‘কলংকিনী’ অভিধা চোৱাঁ এবাৰ, ভালদৰে
চকু মেলি চোৱাঁ
– আজিও
চৌদিশে কেৱল মোৰেই জয়গান৷

        সীতা
দুখোজ কাষলৈ আহিল
– “জানা ৰাধা– প্ৰতিজন পুৰুষে কিন্তু প্ৰতিগৰাকী নাৰীৰ
মাজত বিচাৰে কেৱল মোৰেই আত্মা… সহনশীলা মাথোঁ সহনশীলা৷

        লাহে
লাহে আত্মবিভোৰ হৈ পৰিছিল জানকী৷ দৃষ্টি আছিল কেৱল সন্মুখত নিবদ্ধ৷ দ্বাপৰ যুগক প্ৰতিনিধিত্ব
কৰা ৰাধিকাই আজি বুজিব লাগিব
– কেৱল প্ৰেমাস্পদৰ আকুলতাত উটি-ভাহি যাব
পৰাতেই নাথাকে নাৰীসত্তাৰ পৰিচয়৷ হ
ব পাৰে, কলি যুগত এতিয়াও
মৰ্ত্যত মানৱৰ বন্দনা
–‘গাছে মধ্যে তুলসী, পাতে মধ্যে
পাণ
; নারীর মাজে
রাধিকা পুরুষ ভগবান৷অথচ
সেই মৰ্ত্যতে আজিও আঁতৰি যোৱা নাই ৰাধাৰ চৰিত্ৰৰপৰা পৰকীয়া প্ৰেমৰ চেকা৷ আৰু ৰাস-পূজা 
! … সেয়াও আন এক প্ৰহসন৷ জানেনে ৰাধাই, এবাৰলৈও
অনুভৱ কৰেনে সেই নিৰ্মোহ সত্য 
! ভগৱানৰ দুবাহুত কলংকিনীক গুজি দি শ্ৰীচৰণত পুষ্পাঞ্জলি বৰিষণ কৰে… সেইসকলক
চিনি পায়নে তেওঁ
?

        সীতাই
দৃষ্টি ঘূৰাই আনিলে ৰাধাৰ ফালে৷ সকলো কথা কোৱা হৈ গৈছিল৷ এতিয়া কেৱল ৰাধাৰ মনোভাৱ জানিব
লাগিব৷ তেওঁৰ ওচৰত হয়তো নাথাকিব পাৰে কোনো উত্তৰ
; কিন্তু সীতাৰ
উক্তিয়ে আজি স্পৰ্শ কৰিব পাৰিব লাগিব তেওঁৰ অন্তৰাত্মা৷

        কিন্তু… এয়া
কি
? সীতা
অবাক হৈ পৰিল
– ৰাধাচোন
একেবাৰেই নিৰ্বিকাৰ৷ অধৰত স্মিত হাঁহি লৈ সীতাৰ ফালেই চাই আছে তেওঁ৷

        এখোজ-দুখোজ
কৈ ৰাধা আগুৱাই আহিল সীতাৰ সমীপলৈ৷ ঠিক তেওঁৰ সন্মুখত ৰৈ এখন হাত জানকীৰ কান্ধত ৰাখিলে৷
সদা প্ৰসন্ন এটি হাঁহিয়ে যেন ঢৌ খেলি গ
ল হৃদয়ৰপৰা শৰীৰলৈ৷

        নহয়
হেৰা মিথিলেশনন্দিনী
; ভুল হৈছে তোমাৰ৷ৰাধাৰ মুখত পুনৰ সেই অম্লান স্মিত হাঁহি৷

        অবাক
হৈ পৰিল সীতা৷ কি কয় ৰাধাই
– ভুল হৈছে…? কিয় ভুল হৈছে… কত ভুল
?

        কৌতূহলপূৰ্ণ
দৃষ্টিৰে সীতাই ৰাধাৰ ফালে চালে… অথচ চিৰ চঞ্চলা ৰাধাৰ অংগী-ভংগী সকলোতে ইমান প্ৰত্যয় 
!

        হয় জানকী, ভুল
হৈছে তোমাৰ৷ তোমাৰ দৃষ্টিভংগী
, তোমাৰ বিবেচনাতে হৈছে সেই ভুল৷ মানি ললোঁ
বাৰু
, সাহসী
আছিলা তুমি৷ মনৰ দৃঢ়তাৰে তচনচ কৰিছিলা প্ৰেমিক ৰাৱণৰ হৃদয়
; কিন্তু… কিন্তু
সেয়াওতো আছিল মাথোঁ এক পাষাণ পৰিচয়৷
কোৱাঁ সীতা– ৰাৱণৰ প্ৰেম
নিষ্পাপ আছিল
,
সেয়া তাৰমানে তুমিও বুজিছিলা৷ নহলে… অগ্নিয়ে স্পৰ্শ কৰিব নোৱৰা শৰীৰৰ
ভিতৰৰ মনটো তুমিওতো হেৰুৱাইছিলা৷ তোমাৰ স্বীকাৰোক্তিত আজি ময়ো ভাবিবলৈ বাধ্য হৈছোঁ
– অযোধ্যালৈ
উভতি আহি সেই মনৰ দৃষ্টিৰেই জানো তুমি অংকন কৰা নাছিলা তোমাৰ প্ৰেমৰ প্ৰতিচ্ছবি 
? অথচ…
প্ৰকাশ্যে তেওঁক ইমান যন্ত্ৰণা দি অৱশেষত তুমি কি পালা 
? গৰ্ভত বিশ্বাসৰ
বীজ লৈ বনবাস 
?
কোৱাঁ হে মৈথিলী ? ”

        মৌন
হৈ পৰিল সীতা… নিৰ্বাক
, নিষ্পন্দ, স্থবিৰ৷

      আৰু
ৰাধা
! সুগভীৰ প্ৰত্যয়দীপ্ত তেওঁৰ কণ্ঠ– “ব পাৰোঁ
চিৰ কলংকিনী মই
;
তথাপি… তথাপি মোৰ মনত নাই কোনো আক্ষেপ৷ সৌৱা… সৌৱা চোৱাঁ সীতা– জগতৰ
ঈশ্বৰ তেওঁ
,
মোহন কানাই৷ কিন্তু… বন্দীত্বৰ শৃংখলচোন মোৰেই হৃদয়ত !

       হতবাক
হৈ পৰা সীতাৰ কান্ধৰপৰা নিজৰ হাতখন নমাই আনিলে ৰাধাই৷ দুখোজ আগুৱাই গ
ল যমুনাৰ
ফালে
– “মই কাকো প্ৰতাৰণা কৰা নাই৷ অক্ষম স্বামীৰ অহৈতুকী গঞ্জনা সহি সহি নিঃশেষ হৈ যোৱা নাই মই৷
মোৰ… মোৰ বুকুৰ কালিন্দী-যমুনাতে মোৰ প্ৰেমৰ আশ্ৰয়৷

        সীতাৰ
ফালে চালে ৰাধাই
– “তা… তেওঁৰ বিগ্ৰহৰ কাষত আজিও কিয় নাই
ৰুক্মিণী-সত্যভামাৰ পৰিচয় 
? ”

        শিঁয়ৰি
উঠিল জনকনন্দিনী৷

       নিৰ্বাক-নিৰুত্তৰ
জানকীৰ ফালে পুনৰ আগুৱাই আহিল ৰাধা
– “নালাগে মোক এইবোৰ প্ৰশ্নৰ উত্তৰ সীতা; কিয়নো
উত্তৰবোৰ আচলতে প্ৰশ্নতেই সোমাই আছে৷ জানা সীতা
– তোমাৰ
দৰে মোৰ মনৰ দৃঢ়তা 
নাছিল৷ আবেগবিহ্বলা মোৰ এই হৃদয়৷ তথাপি… আজিও প্ৰতিটো শৰতৰ পূৰ্ণিমাতে
মোৰ বুকুৰ বৃন্দাবনতে কিয় সকলোৰে আশ্ৰয় 
? ”

        ৰাধাই
এইবাৰ কাষ চাপি আহি দুয়োখন হাত সীতাৰ কান্ধত থ
লে৷ উজলি উঠিল
তেওঁৰ অনিন্দ্যসুন্দৰ মুখ৷

      চকু
মেলি চোৱাঁ এবাৰ হে জনকনন্দিনী
! সকলোতে দেখা
পাবা সেই গোপন
,
অথচ শাশ্বত সত্য– ‘প্ৰতিগৰাকী নাৰীয়ে পিন্ধে কেৱল তোমাৰ বেশ-ভূষা; কিন্তু
হৃদয়ত গোপনে আশ্ৰিত হয় মোৰেই সত্তা

      ৰাধাই
আৰু একো ক
বলৈ
নিবিচাৰিলে৷ মূকপ্ৰায় হৈ পৰা সীতাৰ কাষৰপৰা এখোজ-দুখোজকৈ আগুৱাই আহিল স্ৰোতস্বিনী যমুনাৰ
ফালে৷ দিগন্তত বুৰ গ
ল দিনমণি৷ বিলীন হৈ পৰিল নীড়মুখী পখীৰ কলৰৱ চৌপাশৰ তমসাৰ বুকুত৷

        লাহে
লাহে যেন বাঢ়ি আহিল নিৰৱধি যমুনাৰ বুকুত অশান্ত উৰ্মিমালাৰ কোলাহল…৷

   
     
     

[একে শিৰোনামৰ
এটি কবিতাৰ গল্পৰূপ]

 

লেখকৰ ঠিকনা :

সহকাৰী অধ্যাপক, পদাৰ্থ
বিজ্ঞান বিভাগ
;
জগন্নাথ বৰুৱা মহাবিদ্যালয়

যোৰহাট – ১৷ ভ্ৰাম্যভাষ – ৯৭০৬২০৫০৭১, ৮৬৩৮১৬৭৬৩০