অদৃশ্য হোৱাটো অসম্ভৱ নহয়!

অভিজিত শর্মা বৰুৱা

প্রখ্যাত লেখক এইছ জি ৱেলছৰ এখন কল্পবিজ্ঞান উপন্যাসৰ নাম আছিল দ্য ইনভিজিবল মেন, মানে অদৃশ্য মানুহজনকাহিনীৰ প্রটাগনিষ্টজনে এক বিশেষ প্রক্রিয়াৰে অদৃশ্য হোৱাৰ ক্ষমতা অর্জন কৰিছিল। তাৰ ফলত কিছুমান অদ্ভুত ঘটনা ঘটিছিল, কিন্তু শেষ পৰিণতি আছিল কৰুণ। পৌৰাণিক গ্রীক কাহিনীত উল্লেখ থকা এথেনা নামৰ দেৱীগৰাকীৰ এটা টুপী আছিল, যিটো পৰিধান কৰি তেওঁ অদৃশ্য হৈ যাব পাৰিছিল। পাছত সেই টুপীটো ব্যৱহাৰ কৰি অদৃশ্য হৈয়েই পার্ছিয়াছ নামৰ অর্ধদেৱতাজনে মেডুছা নামৰ ৰাক্ষসীজনীৰ পৰা ৰক্ষা পাব পাৰিছিল (মেডুছাৰ দৃষ্টিত যি পৰে, সিয়েই শিল হৈ গৈছিল)। অর্থাৎ আনৰ চকুৰ পৰা অদৃশ্য হৈ কিবা অদ্ভুত বা ডাঙৰ কাম কৰাৰ কল্পনাই মানুহক সেই পুৰণি কালৰপৰাই আকৃষ্ট কৰি আহিছিল। অকল পৌৰাণিক কাহিনী বা কিছু কালৰ আগৰ কল্পবিজ্ঞান কাহিনীক নো কি দোষ দি? আধুনিক যুগৰো প্রখ্যাত কাহিনী-চৰিত্র হেৰী পটাৰে বন্ধু ৰণৰ লগ হৈ আনে কি কৰি আছে মনে মনে জানিবলৈ অদৃশ্য হৈ যাব পৰা বস্ত্র পৰিধান কৰা নাছিল জানো? আমাৰ বলিউডৰ ‘মিঃ ইণ্ডিয়া’ ছবিখনত অনিল কাপুৰে মাজে মাজে অদৃশ্য হৈ মজাৰ কাম কিছুমান কৰি আছিল।

মানুহৰ বহুতো কল্পনাকে পাছত বিজ্ঞানীসকলে বাস্তৱত
পৰিণত কৰিছিল। পাছে এই
অদৃশ্য হৈ যোৱাৰ ক্ষেত্রত বা তেওঁলোকে কি কৰিছে? বিজ্ঞানৰ তত্ত্ব মানিয়েই অদৃশ্য হৈ যোৱা বাৰু সম্ভৱনে?

অদৃশ্য কি?

অদৃশ্য হল দৃশ্যৰ বিপৰীত। অর্থাৎ কোনো বস্তু যদি দৃশ্যমান নহয় বা আমাৰ
দৃষ্টিত ধৰা নপৰে, তেন্তে সেই বস্তুটোৰ বাস্তৱ অস্তিত্ব থাকিলেও সেইটো অদৃশ্য হ
ব। কিন্তু আমি এটা বস্তু দেখো
কেনেকৈ? কোনো বস্তুৱে আমাৰ চকুলৈ দৃশ্যমান পোহৰ প্রতিফলিত কৰিব পাৰিলে চকুৱে সেই
সংকেত মগজুলৈ প্রেৰণ কৰে, আৰু মগজুত সেই অনুভূতি বা
তথ্যপ্রচেছ হোৱাৰ ফলত আমি সেই বস্তুটো দেখা পাওঁ। অন্ধকাৰ কোঠাত আমি টেবুলৰ
ওপৰতে থকা এটা কলম দেখা নোপোৱাৰ কাৰণ হ
ল – সেই কলমটোৱে তেতিয়া আমাৰ চকুলৈ কোনো দৃশ্যমান পোহৰ ৰশ্মি
প্রতিফলিত কৰিব নোৱাৰে।
ঘোৰ আন্ধাৰত সকলো অদৃশ্য হৈ পৰে ঠিকেই, কিন্তু আমাৰ
এতিয়াৰ আলোচ্য সমস্যাটো হ’ল যে পোহৰো থাকিব লাগিব, আৰু তাৰ মাজতে কোনো মানুহ বা
দ্রব্য বিজ্ঞানসন্মত পদ্ধতিৰে অদৃশ্য হৈও পৰিব লাগিব।

কাঁচ – অদৃশ্যতাৰ বাবে উৎকৃষ্ট দ্রব্য

এখন অতি চাফা কাঁচ সমুখত থাকিলে, কেতিয়াবা মানুহে সেইখন
দেখা নাপাই তাত খুন্দা মাৰি দিয়ে। কাৰণ সেই কাঁচখনে হয়তো তাত পৰা সকলো পোহৰ ৰশ্মিয়েই
প্রতিসৰিত কৰিছে, কোনো পোহৰ ৰশ্মি প্রতিফলিত কৰা নাই, আৰু লগতে তাৰ পিছফালে থকা
বস্তুবোৰৰ পৰা অহা পোহৰ ৰশ্মিৰ পথতো কোনো বাধাৰ সৃষ্টি কৰা নাই। কোনো  বস্তু অদৃশ্য হোৱাৰ প্রাথমিক চর্ত হ
ল সি কোনো দৃশ্যমান পোহৰ ৰশ্মি
প্রতিফলিত কৰিব নোৱাৰিব আৰু তাৰ পিছফালৰ পৰা অহা আন পোহৰ ৰশ্মিৰ ক্ষেত্রতো কোনো
প্রতিবন্ধকতাৰ সৃষ্টি কৰিব নালাগিব।

কাঁচৰ প্রকৃতি অদৃশ্য হোৱাৰ বাবে বৰ উপযুক্ত। সমুখত থকা কাঁচ
এখন সাধাৰণতে আমি দেখা পোৱাৰ অন্যতম কাৰণ হ
ল কাঁচে অলপ নহয় অলপ পোহৰ ৰশ্মি প্রতিফলিত কৰেই,
আৰু তাত কিছুমান ধূলি বা আন দ্রব্যৰ কণিকা লাগি থাকিব পাৰে। সেইখিনি বাধা অতিক্রম
কৰিব পাৰিলে সমুখত থকা কাঁচখনো আমাৰ দৃষ্টিত অদৃশ্য হৈ যাব। কিন্তু আমি কাঁচৰ
অনুকৰণত আন বস্তুকো অদৃশ্য কৰি দিব খুজিলে আমি এই বস্তুবোৰক কাঁচৰ দৰে ধর্ম,
প্রতিসৰণাংক আদি প্রদান কৰিব লাগিব, যিটো প্রায় অসম্ভৱ।
বিজ্ঞানৰ পৰীক্ষাগাৰত আমি কাঁচৰ পানীভৰা পাত্রত কাঁচৰ সৰু পাত্র, টেষ্টটিউব
আদি ৰাখি, গ্লিচাৰিন বা আন দ্রব্য প্রয়োগ কৰি সেইবোৰক অদৃশ্য কৰি দিব পাৰোঁ। কিন্তু
সেই পৰিঘটনাবোৰৰ বিদ্যায়তনিক দিশৰ বাহিৰে
আন গুৰুত্ব নাই।
গতিকে আমি অদৃশ্য হ’ব পৰাৰ এক বেলেগ পদ্ধতিৰ কথাকে আলোচনা
কৰো।

 অদৃশ্য কৰি দিব পৰা চোলা

২০০৬ চনৰ মে মাহত এজন ব্রিটিছ পদার্থবিজ্ঞানী জন পেণ্ড্রিয়ে দেখুৱালে অদৃশ্য কৰি দিব পৰা চোলা এক অসম্ভৱ কল্পনা নহয়। একে
সময়তে এজন স্কটিছ পদার্থবিজ্ঞানী উলফ লিয়নহার্টেও সেই সম্পর্কত এখন গৱেষণাপত্র
প্রকাশ কৰিলে। তেওঁলোক দুয়োজনৰ কামৰ দ্বাৰা অনুপ্রাণিত হৈ ২০০৬ চনৰে অক্টোবৰ মাহত
ষ্টিভেন কিউমাৰ, ডেভিড স্মিথ আৰু ডেভিড স্কুৰিগৰ নেতৃত্বত এটা গৱেষক দলে এটা ডাঙৰ
কাম কৰি দেখুৱালে। সেয়া হ
ল তেওঁলোকে এক পদ্ধতিৰ সহায়ত এটা চিলিণ্ডাৰৰ মাজেদি পাৰ হৈ যাবলগীয়া
মাইক্র
ৱেভ তৰংগক (অতি কম কম্পনাংকৰ তৰংগ) তাৰ মাজেদি পাৰ হৈ যাবলৈ নিদি তাৰ
দুয়োফালেদি পাৰ কৰি দিলে আৰু তাৰ পাছত আকৌ
সেই তৰংগক লগ হৈ আগৰ দৰে যাবলৈ দিলে। তৰংগটোও এনে দৰে গুচি গ
ল যেন তাৰ বাটত সি একো পোৱাই
নাছিল! জুৰিৰ পানীয়ে মাজতে থকা শিল এটা অতিক্রম কৰি আকৌ যেনেকৈ একেটা সুঁতি হৈ গুচি যায়,
কথাটো ঠিক তেনেকুৱাই হ
ল।

তেওঁলোকৰ পদ্ধতিটো পিছে কোনো পধ্যেই অদৃশ্য চোলাৰ দৰে নাছিল। সেই পৰীক্ষাটোত
তেওঁলোকে বিশেষ ধৰণৰে তৈয়াৰী কিছুমান গোলাকাৰ বেৰ ব্যৱহাৰ কৰিছিল। দেখাত চি ডিৰ দৰে
সেই বেৰবোৰ এখনৰ মাজত ইখন সোমাই থাকে। তাত কিছুমান ধাতুৰ বৃত্ত আৰু দণ্ডও থাকে।
সেই ক্ষুদ্র গঠনবোৰেই আচলতে মূল কামটো কৰে আৰু মাইক্র
ৱেভ তৰংগক চিলিণ্ডাৰৰ মাজেৰে যাবলৈ নিদি বিশেষ
দিশ প্রদান কৰে। সেয়াতো
অদৃশ্য চোলাৰ দৰে নাছিলেই, তদুপৰি সি কাকো অদৃশ্য কৰিব পৰাবিধৰো নাছিল।
কাৰণ সি যি কৰিছিল, সেয়া মাইক্র
ৱেভ তৰংগক কৰিছিল, তেনে তৰংগতকৈ বহু বেছি কম্পনাংকৰ দৃশ্যমান
পোহৰৰ লগত এই পদ্ধতিটোৰ কোনো সম্পর্ক নাছিল।

অদৃশ্যতা সৃষ্টি কৰাত পদ্ধতিটোৰ গুৰুত্ব

এই পদ্ধতিটোৱে ইমানেই যদি একো কৰিব নোৱাৰে, তেন্তে আমি নো
সেই পদ্ধতিটোৰ কথা উল্লেখ কৰিলোঁ কিয়? তাৰ মূল কাৰণ হ
ল অদৃশ্যতা সৃষ্টিৰ ক্ষেত্রত ই এক তাত্পর্যপূৰ্ণ পদক্ষেপ আছিল। প্রতিটো গুৰুত্বপূর্ণ বৈজ্ঞানিক আৱিষ্কাৰে আচলতে এনে ধৰণৰ কিছু সৰু কিন্তু তাত্পর্যপূৰ্ণ পৰীক্ষাৰ দ্বাৰাই শেষ পর্যন্ত
সাকাৰ ৰূপ পাইছিল। এই ক্ষেত্রত যদি চিলিণ্ডাৰটোৱে দৃশ্যমান পোহৰ তৰংগৰ ক্ষেত্রতো
একো কাট
কুট নকৰে, মানে সি একো পোহৰ প্রতিফলিত নকৰে আৰু পোহৰেও তাক আওকাণ কৰি তাৰ মাজেদি,
মানে আচলতে কাষেদি, পাৰ হৈ যায়
; তদুপৰি সি ঢাকি ৰাখিবলগীয়া বস্তুৰ পৰা অহা পোহৰ বিকিৰণো
যদি কোনো বাধা নোপোৱাৰ দৰে তাৰ মাজেদি (আকৌ কৈছো, আচলতে কাষেদি) আহি আমাৰ চকুত পৰে
আৰু আমি সেই বস্তুটো দেখা পাওঁ, তেন্তে সেইটো, মানে চিলিণ্ডাৰটো দেখোন অদৃশ্য হৈ
যোৱাৰ দৰেই হ
ল। নহয়নে বাৰু?

বাস্তৱত সেই সফল পৰীক্ষাটোৰ পাছত ইতিমধ্যে বিশ্বৰ বিভিন্ন গৱেষণাগাৰত
আন কিছুমান পৰীক্ষা আৰম্ভ হৈছেই। কিছু দিনৰ আগতে এই ক্ষেত্রত আন এক গুৰুত্বপূর্ণ
সংযোজন ঘটাই, বিজ্ঞানীৰ এটা দলে, দৃশ্যমান পোহৰৰ ক্ষেত্রতো এনে এক পৰীক্ষা সম্পন্ন
কৰিছে। তেওঁলোকে ব্যৱহাৰ কৰা সেই
তৰংগ বেৰ আছিল অশ্যে তেনেই ক্ষুদ্র আৰু সেই তৰংগ বেৰৰ যোগেদি যাক অদৃশ্য কৰা গল, সি তো আগৰ পৰাই সাধাৰণভাৱে অদৃশ্য! মানে খালী
চকুৰে তাক দেখা পোৱা নাযায়েই। কিন্তু মাইক্র
স্কপৰ পৰাও অদৃশ্য কৰিব পৰাটোও তো সৰু কথা নহয়!

মেটাদ্রব্যৰ সহায়

এটা কথা ঠিক যে অদূৰ ভবিষ্যতে যদি এই অদৃশ্য চোলাতৈয়াৰ কৰিব পৰা
যায়, তেন্তে তাত মেটাদ্রব্যৰ (
Meta materials) যথেষ্ট গুৰুত্ব থাকিব। মেটাদ্রব্য হল প্রকৃতিত স্বাভাৱিকতে নথকা
এনে কিছু পদার্থ, যি কিছুমান অপ্রাকৃতিক বা নোহোৱা
নোপজা ধর্ম প্রদর্শন কৰিব পাৰে। মেটাদ্রব্যৰ
ডিজাইন আৰু সৃষ্টিৰ ক্ষেত্রত লগত জড়িত এজন বিজ্ঞানী, লুছিয়ানা টেকনিকেল বিশ্ববিদ্যালয়ৰ অভিযন্তা ডেণ্টকো জেনভে এই
প্রসংগত উ
চ্ছ্বসিত হৈ কৈছে যে অদ্ভুত ধর্মসম্পন্ন মেটাদ্রব্য ডিজাইন কৰাটো সঁচাকৈয়ে এক শিহৰণকাৰী
কাম। মেটাদ্রব্যই পোহৰ তৰংগক খেলিমেলি কৰি দিব পাৰে, আৰু তাৰ পাছত তাক আকৌ
সুশৃংখলিতও কৰিব পাৰে
(যি কাম এতিয়ালৈকে অসম্ভৱ!)। আনহাতে অদৃশ্যতা সৃষ্টিৰ ক্ষেত্রতো এনে ধর্মই বিশেষ বৰঙণি
যোগাব পাৰে। কাৰণ বিকিৰিত পোহৰক খেলিমেলি দিশত পঠিয়াই, যথাস্থানত (
অর্থাৎ চকুত) নেপেলালেই সি
অদৃশ্য! তদুপৰি আন কিছুমান চমকপ্রদ কামতো – যেনে শব্দ ত
ৰংগক ইচ্ছামতে ব্যৱহাৰ কৰাত, কোনো বুলেটৰ গতিপথত
বাধা দি বুলেটটোক চুর্ণ-বিচূর্ণ কৰি দি তাক বেলেগ দিশেৰে পঠিয়াই (মানে এক অভিনৱ
বুলেটপ্রুফ জেকেট!) পাছত তাক পুনৰ লগ লগাই নির্দিষ্ট দিশলৈ যাবলৈ দিয়া আদি কামতো মেটাদ্রব্য ব্যৱহাৰ কৰিব পৰা যাব। এয়া আচলতে কথাৰ লাচতে কৈ থলোঁ। পাছত বাৰু কেতিয়াবা
ভালকৈ কোৱা যাব।

মানে আমি যি বুজিলোঁ, বিজ্ঞানৰ সহায়ত অদৃশ্যতা সৃষ্টি কৰাটো
প্রায় খাটাঙেই। পাছে কেতিয়া সেই কাম হৈ উঠিব, সেইটোহে খাটাং নহয়!

*****