বিমান সেৱিকা (Air Hostess)

° বুলজিৎ  বুঢ়াগোহাঁই


বৰ্তমান যুগত
বিমান সেৱিকা বা এয়াৰ হোষ্টেজ এটা আকৰ্ষণীয় চাকৰি৷ বিমান সেৱিকাসকলে উৰাজাহাজত
যাত্রীসকলৰ সুবিধাৰ বাবে সকলো ধৰণৰ চোৱা-চিতাৰ দায়িত্ব পালন কৰে৷ বিমান সেৱিকাৰ প্রশিক্ষণ
গ্রহণ কৰিব
বাবে ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ যিকোনো শাখাত উত্তীৰ্ণ
ব লাগে৷ হোটেল ব্যৱস্থাপনা বা পৰ্যটন ব্যৱস্থাপনাত
ডিপ্লমা/ডিগ্ৰী থকা প্ৰাৰ্থীসকলক বিমান সেৱিকা বা এয়াৰ হোষ্টেজ চাকৰিৰ বাবে অগ্ৰাধিকাৰ
দিয়ে। এটা কথা উল্লেখ কৰা লোৱা ভাল হ
ব যে বিমান সেৱিকা
হিচাবে নিযুক্তি পাবৰ বাবে কোনো শিক্ষানুষ্ঠানত প্রশিক্ষণ গ্রহণ কৰিবই লাগিব কোনো
ধৰা বন্ধা কথা নাই৷  বিমান সেৱিকাসকলক
নিযুক্তি লাভ কৰা পিছত বিমানসেৱাবোৰত 
প্রশিক্ষণ দিয়ে।

বিমান সেৱিকা প্রশিক্ষণ
গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ
ল – ফ্রেংকফিন ইনষ্টিটিউট
অৱ এয়াৰ হোষ্টেজ ট্ৰেইনিং (
http://www.frankfinn.com), এপটেক
এভিয়েশন একাডেমী (
https://aptechaviationahmedabad.in), জেটউইংছ
ইনষ্টিটিউট অৱ এভিয়েচন
, হস্পিটেলিটি এণ্ড টুৰিজিম
মেনেজমেণ্ট
, গুৱাহাটী (http://www.jettwings.com), এপটেক এভিয়েশ্যন এণ্ড হস্পিটেলিটি একাডেমি (https://www.aptechaviationacademy.com),
ৰাই বিশ্ববিদ্যালয়, আহমেদাবাদ (https://www.raiuniversity.edu),
জে টি এভিয়েশন কলেজ  (https://jtaviation.co.in),
ফ্লাইওৱে ইনষ্টিটিউট 
অৱ  এয়াৰ হোষ্টেজ ট্ৰেইনিং   (
https://www.flywayy.com), ইউনিভাৰ্চেল এভিয়েশন একাডেমী (https://www.uniaviation.com), আইকন এভিয়েশন একাডেমী (https://www.aikonaviation.com), কিংফিছাৰ  ট্ৰেইনিং  একাডেমি, মুম্বাই আদি৷
কোনো শিক্ষানুষ্ঠানত নামভর্তি কৰা পূর্বে 
শিক্ষানুষ্ঠানবোৰত প্রশিক্ষণ গ্রহণ কৰি ছাত্রীসকলে নিযুক্তি লাভ কৰিছেনে
নাই জানি ল
লে ভাল হয়৷

বিমান সেৱিকা
চাকৰিৰ বাবে প্রাৰ্থীৰ বয়স  সাধাৰণতে ১৮
বছৰৰ  পৰা ২৭ বছৰৰ ভিতৰত হ

লাগে
, কিন্তু বিমানসেৱা কোম্পানী লৈ প্রাৰ্থীৰ বয়সৰ সীমা
বেলেগ বেলেগ হ
ব পাৰে৷ প্রাৰ্থীৰ নূন্যতম উচ্চতা ১৫৭.৫ ছেণ্টিমিটাৰ হব লাগে৷ প্রাৰ্থীৰ উচ্চতাৰ অনুপাতে ওজন
ব লাগে৷ শৰীৰত কোনো ধৰণৰ দৃশ্যমান চিন, টেটু আদি থাকিব নালাগে। কোনো মানসিক ৰোগৰ ৰেকৰ্ড থাকিব নালাগিব৷
পৰীক্ষাৰ্থীজনে ডি অ
টি ফিংগাৰপ্ৰিণ্টিং আৰু ড্ৰাগছ
স্ক্ৰীনিং টেষ্টত উত্তীৰ্ণ হ
ব লাগিব। প্রাৰ্থীগৰাকী
অবিবাহিত হ
ব লাগিব, অৱশ্যে সকলো
বিমানসেৱাৰ ক্ষেত্রত এই চৰ্ত প্রযোজ্য নহয়৷ প্রাৰ্থীগৰাকী সুস্বাস্থ্য অধিকাৰী হ
ব লাগিব, দৃষ্টিশক্তি সঠিকভাৱে
থাকিব লাগে
, শ্ৰৱণ ক্ষমতা ঠিকে থাকিব লাগে, প্রাৰ্থীগৰাকী হিন্দী আৰু ইংৰাজী ভাষাত দক্ষতা থাকিব লাগিব, লগতে বিদেশী ভাষাৰ জ্ঞান থাকিলে ভাল হয়৷

বিমান সেৱিকাৰ
যোগেদি কেৰিয়াৰ গঢ়িব খোজা সকলৰ কিছুমান ব্যক্তিগত গুণাৱলী থকা দৰকাৰ
, যেনে সুন্দৰ ব্যক্তিত্ব, সুন্দৰ
চেহেৰা
, যোগাত্মক দৃষ্টিভঙ্গী, সাধাৰণ
জ্ঞান
, বন্ধুত্বসুলভ ব্যৱহাৰ, উপস্থিত
বুদ্ধি
, ভাল যোগাযোগ দক্ষতা, দীৰ্ঘসময়
কাম কৰাৰ দক্ষতা
, দক্ষতাৰে কাম কৰাৰ ক্ষমতা, দায়িত্বৰ প্রতি সংবেদশীল, সোনকালে সমস্যা সমাধান
কৰাৰ দক্ষতা আদি৷

বিমান সেৱিকাৰ
পাঠ্যক্রম আৰু প্রশিক্ষণ সমাপ্ত কৰা পিছত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমানসেৱাত
নিযুক্তি লাভ কৰিব পাৰে৷ যেনে – ইণ্ডিগো (
https://www.goindigo.in), এয়াৰ ইণ্ডিয়া (https://www.airindia.in), স্পাইচজেট
(
https://www.spicejet.com), ভিস্তাৰা (https://www.airvistara.com),
গো ফাৰ্ষ্ট (https://www.flygofirst.com),  এয়াৰ এছিয়া ইণ্ডিয়া (https://www.airasia.co.in),
এলায়েন্স এয়াৰ (https://www.allianceair.in), জেট এয়াৰৱেজ (https://www.jetairways.com), আদি৷

° বুলজিৎ
বুঢ়াগোহাঁই

কেৰিয়াৰ
পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্কবিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ : ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com