দেৱতাৰ জন্ম

মূল (বাংলা) :  শিৱৰাম চক্রৱর্তী
অসমীয়া অনুবাদ :  বাসুদেব দাস

        ঘৰৰ পৰা ওলাওঁতে সদায় উজুটি খাব লগা হয়। প্রথম
খোজ দিওঁতে শিলছটাই তেওঁৰ অস্তিত্বৰ কথা প্রৱলভাৱে মনত পেলাই দিয়ে।
 কেইবাদিনৰ
পৰা ভাবি আছোঁ কি কৰিব পৰা যায়।
 সিদিনা ঘৰৰ পৰা ওলোৱাৰ সময়ত মোৰ তেনে কোনো লৰালৰি
নাছিল
, অন্ততঃ তেনেদৰে বেগাই যোৱাৰ
কোনো অভিপ্রায় নাছিল
, কিন্তু
শিলছটাৰ সৈতে হোৱা সংঘর্ষই মোৰ গতিবেগ ইমান বঢ়াই দিলে যে
,
আনফালৰ পৰা অহা গাড়ীমটৰ
দেখিও মই নিজক সামৰি ল

নোৱাৰিলোঁ।
ড্রাইভাৰজন
হুঁচিয়াৰ আছিল
, সেয়ে এই যাত্রাত কোনোপধ্যে
বাচি গলোঁ।

        সিদিনাখনৰ পৰাই ভাবি আছোঁ কিবা এটা ব্যৱস্থা কৰিব লাগিব। মোৰ
জীৱন বাটৰ মজিয়াত এনে এটা সৰু শিলৰ টুকুৰাও যে এনেদৰে প্রতিদ্বন্দ্বী ৰূপে থিয় হ
ব কোনোদিনেই তেনে কল্পনা কৰা নাছিলোঁ। ইয়াৰ
বাহিৰে
, সেয়া লাহে লাহে এক জীৱনমৰণৰ সমস্যা হৈ উঠিছে,
কিয়নো বেগাই অহা গাড়ীমটৰে
সদায়েই যে মোৰ ভৰি পিছলি যোৱাক মার্জনাৰ চকুৰে চাব সেয়া আশা কৰিব নোৱাৰোঁ।

        গতিকে কিবা এটা হেস্তনেস্ত
হৈ যোৱা ভাল
, হয় শিলগুটি থাকিব নহলে মই থাকিম। সি
থাকিলে মই বেছিদিন থাকিম নে নাই তাক লৈ মোৰ মনত সন্দেহ আছে।
 গতিকে, অন্ততঃ মোৰ ফালৰ পৰা যেতিয়া মোৰ থকাটোৱেই বাঞ্ছনীয়, সেইবাবে এদিন ৰাতিপুৱা অকলে কোৰ এখন যোগাৰ কৰি কামত
লাগি গ
লোঁ।

        এচটা ডাঙৰ শিল, তাৰ
সামান্য অংশ বাটৰ ওপৰত মূৰ দাঙি উঠিছিল।
 বহু পৰিশ্রমৰ পাছত যেতিয়া শিলচটাক সমূলে উভালি পেলালোঁ, তেতিয়া মূৰৰ ঘাম মচি দেখিলোঁ অজস্র জনতাই মোক চাৰিওফালৰ
পৰা আগুৰি ধৰিছে।
 গম
পালোঁ এতিয়ালৈকে তেওঁলোকেই মোক নীৰৱ আৰু সৰৱ সহানুভূতিৰে
  ৎসাহিত কৰি আছিল।

        তেওঁলোকৰফালে চাই জিজ্ঞাসু দৃষ্টিৰে সুধিলোঁ,
আপোনালোকৰ মাজৰ কোনোবাই এই শিলছটা পাব বিচাৰে নেকি?

        জনতাৰ মাজত এটা চাঞ্চল্য দেখা গ, কিন্তু কোনোবা সঁচাকৈ আগ্রহীনে
গম পোৱা নগ
ল। গতিকে
আকৌ ঘোষণা কৰিবলগীয়া হল
যদি
বিচাৰে ল
ব পাৰে। অনায়াসে
ব পাৰে। মোৰ
পৰিশ্রম তেনেহ
লে সার্থক হব আৰু মই আনন্দিত হম।

        ভিৰৰ মাজৰ পৰা আগবাঢ়ি আহি এজনে সুধিলে
ইয়াত কিয় খান্দিছিল?
কিবা সপোনতপোন
দেখিছিল নেকি
?

        মই মানুহজনৰ ফালে চালোঁ, পাছত
কান্ধ জোঁকাৰি জনালোঁ
নহয়, যি ভাবিছে সেয়া নহয়।

        শিলচটা বাটৰ এটা নিৰাপদ চুকত থৈ দিয়া হল। কিন্তু
মোৰ কথা তেওঁলোকৰ বিশ্বাস নহ
, বহুবাৰ মূৰ জোকাৰি প্রশ্ন কৰিলেসঁচাকৈ কৈছে নে?
কোনো আদেশ পোৱা নাই।

      
নহয় একো
নাই পোৱা।

        মানুহজনৰ কৌতূহল দমাই ওপৰলৈ আহি মোৰ বাবে দুকাপ চাহ কৰিবলৈ আইক কলোঁ। মোৰ বাবেই দুকাপ।শিলচটাৰ
সৈতে হোৱা খুন্দিয়া
খুন্দিত
অলপ কাতৰ হৈ পৰিছিলোঁ
, একদম
শিল হৈ গৈছিলোঁ বুলি ক

পাৰে।

        ইয়াৰ পাছত ঘৰৰ পৰা ওলাওঁতে নাইবা বাহিৰৰ পৰা ঘৰলৈ উভতি আহোঁতে শিলছটাৰ সৈতে
সদায়েই সাক্ষা
ৎ হয়। কেতিয়াবা
নহয়
, যেতিয়া
মই অন্যমনস্ক থাকোঁ।
 এতিয়া মই ইয়াক মার্জনা কৰিব পাৰিছোঁ,
কিয়নো মোক অপদস্থ কৰাৰ ক্ষমতা তাৰ আৰু নাই। ইয়াৰ সেই দৈৱশক্তি লোপ পাইছে।

        এতিয়া আমাৰ মাজত এটা ভালপোৱাৰ জন্ম হৈছে বুলি কব পৰা যায়। এনে
সময়
তে হঠাৎ এদিন দেখিলোঁ যে শিলচটালৈ
কান্তি উভতি আহিছে
, ধূলিমাকতি আঁতৰি গৈ চিকচাক হৈছে। যিসকলে
ৰাতিপুৱা আৰু আবেলি বাটত পানী
ছটিয়াই, গম পোৱা গতেওঁলোকৰ কোনোবা এজনৰ মৰমৰ চকু ইয়াৰ পৰত পৰিছিল। তাৰ চেহেৰাৰ শ্রীবৃ্দ্ধি
চাই সঁচাকৈ সুখী হ
লোঁ।

  ঘটনাটো কি বুজিছে?

        হঠাৎ পাছফালৰ পৰা অহা প্রশ্নত
আচৰিত হৈ উভতি চালোঁ।
 সিদিনাৰ অনিসন্ধিৎসু মানুহজন।

       
আপুনি সেই সিদিনাৰ পৰা ইয়াতে পহৰা দি আছে নেকি?
হয়, কিবা আদেশ
পাইছে
?

       
নহয়, নহয়
সেয়া কিয় হ
? এই বাটৰেই মোৰ অহাযোৱা। মানুহজন
অলপ অপ্রস্তুত হ
, কিন্তু অলপ সময়ৰ ভিতৰত নিজক আঁতৰাই ললে।

       
শিলচটা
দেখোন ঠিকেই আছে

কোনেও লৈ নাযায়কি কয়?

       
প্রশ্নটো এনেদৰে কৰিলে যেন যি ধৰৰ দামী বস্তু বাটত পৰি আছে তেনে ধৰৰ বস্তু আৰু ভূভাৰতৰ কতো পোৱা নাযায় আৰু গুপ্ত শত্ৰুৰ দল
আত্মসাৎ কৰাৰ বাবে ঘোৰতৰ চক্রান্তত লিপ্ত হৈ আছে।
 কাঢ়ি লোৱাৰ বাবে সকলোৱেই যেন সুযোগৰ অপেক্ষাত আছে। মই
তেওঁক সান্ত্বনা দি ক
লোঁ নহয়
নহয়
, যিসকল
আপোনাৰ প্রতিদ্বন্দ্বী হ
ব পাৰিলেহেঁতেন, তেওঁলোকক চৰকাৰ বাহাদুৰ নিমন্ত্রণ কৰি নি যতনেৰে ৰাঁচিৰ অতিথিশালাত ৰাখি থৈছে, তাতকৈ ডাঙৰ কথা, আপুনি নিজেই যেতিয়া এইক্ষেত্রত
দৃষ্টি
দিছে মই চিন্তিত হোৱাৰ
কোনো কাৰণ আছে বুলি নাভাবোঁ।

        মানুহজনে হাঁহি এটা মাৰি কলেআপোনাৰ
যেনে কথা।
 ইফালে চাই দেখোঁ কোনে জানো ইয়াৰ পূজাঅর্চনা কৰি গৈছে?

        ভালদৰে চাইসঁচাই, চোৱা নাইতো। ইয়াৰ মাজতেই কোনোবা আহি শিলছটাত তেলসেন্দূৰ সানি থৈ গৈছে।

       মই আনন্দ প্রকাশ কৰিলোঁ ভাল হৈছে। ইমানদিনে
ইয়াৰ কান্তি উভতিল আৰু সঁচাকৈ এজন বিবেচক মানুহ পোৱা গ
ল।

        শিলছটাৰ সমাদৰত আনন্দিত হোৱাৰ কথা, কিন্তু মানুহজনক বেছ ঈর্ষান্বিত দেখা গল। কপাল কুঞ্চিত কৰি তেওঁ কলেসেয়াইতো
ভয়।
 সেই বিবেচক মানুহজনে ইয়াৰ মাজতে শিলছটা আঁতৰাই পেলালে।

        পাছদিনা ৰাতিপুৱা উঠি দেখোঁ পাথৰটোৰ কতো চিহ্নমাত্র নাই। ইয়াৰ আকস্মিক অন্তর্ধানত বেছ আচৰিত হল।কোনে
তাক লৈ গ
,
লৈ
নিলে এই ধৰৰ নানাবিধ প্রশ্ন মনৰ মাজত দেখা দিলে কিন্তু তা কোনো সদুত্তৰ বিচাৰি নাপালোঁ। শিলছটাৰ এই ধৰ
অনুপস্থিত এই বাটেৰে সদাই অহা
যোৱা কৰা সেই মানুহজন যে মনত দুখ পাব সেয়া অনুমান কৰা কঠিন নহয়। এই
কথা ভাবি মানুহজনৰ বাবে অলপ দুঃখিত হ
লোঁ, ইয়াক
সেই তত্ত্বজিজ্ঞাসুৰ কর্মযোগ বুলি ক
ব পাৰোঁনে?

        বহুদিনৰ পাছত গলিৰ ওচৰৰ আহঁত গছৰ তলেৰে আহি আছোঁআই দেহি ! কোনোবা শিলচটাক ইয়ালৈ লৈ আহিছে। শিলছটাক গছৰ গুৰিত
এনেদৰে পুতিছে যে
, ওপৰৰফালে
ওলাই থকা গোলাকাৰ নিমজ চকচকীয়া অংশটোক শি
লিঙ্গ বুলি সন্দেহ হব পাৰে। যাৰ প্রয়োগ কুশলতাত এনে নৈপুণ্য তা বাবে বাহ বাহ
দিব লাগে।
 শিলচটাৰ চাৰিওফালে ফুল, বেলপাত, ঢ়ৈ চাউল সিচঁৰতি হৈ আছে। ৰাতিপুৱাৰ
ফালে এই বাটেৰে যিসকল পুণ্যলোভী গঙ্গাত গা ধুবলৈ যায়
,
তেওঁলোক উভতি যোৱাৰ পথত সস্তাত পাৰলৌকিক পাথেয় সঞ্চয়
কৰাৰ এনে সুৱর্ণ সুযোগ গ্রহণ কৰিছে বুলি গম পালোঁ।
 যাক, মহাসমাৰোহে তেওঁ ইয়াত বিৰাজ কৰিছেইয়াৰ পাছত ইয়াৰ সমুজ্জ্বল ভৱিষ্যৎ সম্পর্কে কাৰো মনত কোনো ধৰৰ সন্দেহ থাকিব
নোৱাৰে।

         শিলচটাৰ এই পদোন্নতিত আন্তৰিকভাবে আনন্দিতলোঁ। মই
এদিন ইয়াক মুক্তি দিছিলোঁ
, এতিয়া সকলোকে সি মুক্তি দি থাকক
তাৰ গর্ব মোৰ গর্ব নহয় জানো। পৃথিৱীৰ বুকুত মই ইয়াৰ জন্মদাতা। সেইবাবে
পিতৃত্বৰ গৌৰৱ অনুভ

নকৰি নোৱাৰিলোঁ আৰু কায়ম
নোবাক্যে
ইয়াক আশীর্বাদ কৰিলোঁ।

        সেই মানুহজনক তেওঁৰ দেৱতাৰ সন্ধান দিম নে নাই মই মাজে মাজে ভাবিছোঁ। বাটত
তেওঁৰ লগত দেখা হৈছে
, কিন্তু
তেওঁ
শিলচটাৰ কথা আৰু নকয়। মই
ভাবিছিলোঁ
শিলছটা পলাই যোৱাত
তেওঁ অসন্তুষ্ট হ
, কিন্তু সেয়া নহ,
লোটাই তেওঁক প্রফুল্ল দেখা গল। ইমান ডাঙৰ এটা বিচ্ছেদবেদনা যেতিয়া তেওঁ অতিক্রমি আহিব পাৰিছে তেতিয়া
তেওঁক আৰু উতলা কৰি তোলাত কিনো লাভ।

        মাজে মাজে আহঁত গছৰ ওচৰপাজৰেদি অহাযোৱা কৰোঁ, লক্ষ্য কৰোঁ, দিনকদিনে
শিলচটাৰ মর্যাদা বৃ্দ্ধি পাইছে। এদিন
দেখিলোঁ কেইজনমান সন্ন্যাসী আহি তাতে বসবাস আৰম্ভ কৰিছে
,
গাঞ্জাৰ গোন্ধ আৰু বম বম শব্দৰ প্ৰকোপত সিফালেদি নাক কাণ সামৰি মানুহ অহা যোৱা কৰা অসম্ভ হৈ পৰিছে। ঘ্রাণ আৰু কর্ণেন্দ্রিয়ৰ ওপৰত সেয়া দস্তুৰমত
অত্যাচাৰ।
 সন্ন্যাসী
যেতিয়া যোগাৰ হৈ গৈছে ভকত আহিবলৈ দেৰি নহ
ব আৰু ভক্তিৰ আতিশয্য অনতিবিলম্বে ইটাকাঠৰ মূর্তি ধৰি মন্দিৰ ৰূপত অভ্রভেদী হৈ দেখা দিব। দেৱতা
তেতিয়া বিশেষ প্রাধান্য লাভ কৰিব আৰু জনতাৰ পৰা তেওঁৰ নামত ৰাজহ আদায় কৰাৰ নিগা
জি ব্যস্থা এটা মজবুত হব।

        ইয়াৰ কিছুদিন পাছত এটা চেনিকলৰ বাবে কেইমাহমানৰ কাৰণে মই চম্পাৰণলৈ যাবলগীয়া ল। আঁহত গছজোপাৰ তলেৰে গলেও হৈ যায়, ভাবিলোঁ, যোৱাৰ আগত দেৱতাৰ অস্থা
কেনে এবাৰ চাই যোৱা ভাল।
 যি অনুমান কৰিছিলোঁ সেয়াই,
সন্ন্যাসীৰ সমাগমত ভকতৰ সমাৰোহ বাঢ়িছে। অলপ
সময় তাত থিয় হৈ
তেওঁলোকৰ আলোচনাবিলোচনা
পৰা
যি বুজি পালোঁ সেয়া হ,
তেখেত হল ত্রিলোকেশ্বৰ শিৱ, সাক্ষাৎ স্বয়ম্ভূ, পাতাল ভেদ কৰি উঠি আহিছে।গতিকে ইয়াক উপযুক্ত সন্মান দিবলৈ হলে মন্দিৰ এটা নাসাজিলেবই।

        এবাৰ ভাবিলোঁ ত্রিলোকেশ্বৰ শিৱৰ আবির্ভাৰ ইতিহাস সকলোকে মাতি কৈ দিওঁ,
কিন্তু জীৱন বীমা কৰা নাছিল আৰু ভক্তি কিমান ভয়াবহ হব পাৰে সেয়া মোৰ জনা আছিল, সিফালে ট্রেনৰ সময় হৈছিল,
গতিকে এইবোৰ কথা ভাবি নিজক নিৰস্ত কৰিছিলোঁ। সেই
মানুহজনক খবৰ নিদিয়াত ভালেই হ
ল দেখোন, কিয়নো যিমানদূৰ জানো, শিলচটাক নি প্রতিষ্ঠা কৰাই তেওঁৰ উদ্দেশ্য
আছিল।
 কিন্তু তেখেত যে ভক্তক পাত্তা নিদি নিজ প্রতিভাৰে স্বচেষ্টাত ইয়াৰ
মাজতে বিখ্যাত হৈ পঢ়িছে
,সেই খবৰ পালে মানুহজন পুলকিত নহৈ মর্মাহত হলহেতেঁন নে নাই সেয়া কোৱা বৰ টান।

        কেইমাহমান পাছত মই যেতিয়া উভতি আহিলোঁ তেতিয়া আহঁত গছৰ তলত মেৰিয়াই
থোৱা
শিলচটাক চিনি পোৱাই
টান।
 সৰু এটা মন্দিৰ সজা হৈছে,
শঙ্খঘণ্টাৰ
আর্তনাদত কাণ
দিয়া টান হৈ পঢ়িছে আৰু
ভকতৰ ভিৰ ক্রমশঃ বাঢ়ি গৈ হেঁচি ধৰিছে।
 কিন্তু মই সেয়া কব বিচৰা নাই,
আটাতকৈ
আচৰিত হ
লোঁ তাত আৰু
এজন মানুহৰ আবির্ভাৱত
, অকলে
আবির্ভাৱই নহয়
, কলেৱৰৰ
পৰি
র্তনলৈ চাই। মন্দিৰ
প্রাঙ্গণত সেই মানুহজন
প্রথমতম, সেই আদি আৰু অকৃত্রিম উপাসক
গেৰুৱা,
তিলক আৰু ৰুদ্রাক্ষৰ হেঁচাত এতিয়া তেওঁক চিনিবলৈ কোনো উপায় নাই।

        এয়া কি?

        মই এদিন উপযাচক হৈ তেওঁক সুধিলোঁ।

        বাৰু, এই
দীন শিৱৰ সেৱাত।
 মানুহজন বিনীত কণ্ঠৰে
বাব দিলে।

        সেয়াতো দেখি
আছোঁ।
 বেছ বিনা পইচাৰে ব্যবসায় পাতি লৈছে। সেই
বাবেই কিজানি
শিলচটাৰ ওপৰত এনে তীব্র
দৃষ্টি আছিল। 

        শিলছটাৰ প্রতি তেওঁৰ প্রীতি যে অহেতুক আৰু নিঃস্বার্থ
নাছিল
, সেয়া
জনাৰ বাবে তেওঁৰ ওপৰত মোৰ ক্রোধ জন্মি
ছে
আৰু মই ৰূঢ় হৈ
পৰোঁ। 

        কাণত আঙুল সুমুৱাই তেওঁ কৈ উঠি
এনে কথা নকব। শিলছটা
বুলি কাক কৈছে ডাঙৰীয়া
? শ্রীবিষ্ণু। সাক্ষা দেৱতা। ত্রিলোকেশ্বৰ
শিৱ।
 মানুহজনে
সেৱা কৰিলে।

        মোৰ হাঁহি উঠিল। মই কঁও, ইয়াৰ তল নাই, নহয় জানো? এইবাৰ মানুহজন অলপ সঙ্কুচিত হৈ কয়সিহঁতেই কয়।

        তুমি নিজে কি কোৱা? সিহঁত কৈ আছে তলৰ পিনে যিমানেই নাখান্দা কিয়, টিউৱেলৰ নিচিনা
সেই শিৱলিঙ্গ তলৰ ফালে নামি গৈছে।
 কিন্তু তুমি কি ভাবা?

        কি জানো ? সেয়া হব হয়তো।

        কিমান দূৰ শিপাছে
খান্দি নাচায় কিয় এদিন
?

        মানুহজনে জিভা কামুৰি কলেসেয়া
কি কৈছে।
 অপৰাধ হব। বাবা খং কৰিবজাগ্রত দেৱতা।

        বাৰু? কেনে
ধৰ
ৰ জাগ্রত শুনোচোন ?

        এই ধৰক, এই বছৰতচোন
কলিকতাত
সাংঘাতিক বসন্ত, টিকা লোৱা সত্ত্বেও কোনো কাম দিয়া
নাই

        , কি
কৈছে
, মহামাৰী
নেকি
? জনা
নাছিলোঁ।

        বাতৰি কাকতত চাব কিমান মানুহ মৰি আছে। কর্পোৰেশ্বনৰ পৰা টীকা দিয়াৰ কোনো ত্রুটি
নাই অথচ প্রতি
টো চুবুৰীতেই –। কিন্তু বাবাৰ কৃপাত এতিয়াও কাৰো একো হোৱা নাই। আমাৰ
কোনেও টিকা লোৱা নাই
, অকলে
বাবাৰ চৰণামৃত খাইছোঁ।
 এয়া যদি জাগ্রত নহয় আপুনি কাক জাগ্রত ক?

        এতিয়া কি জবাব দিম সেয়া ভবাৰ সময় নাছিল। বহুদিন
আগত এবাৰ এই ৰোগত যি কষ্ট পাইছিলোঁ সেয়া আজি লৈ মনত আছে।
 বাবা
ত্রিলোকনাথৰ মহিমা তেতিয়া মূৰ পাইছেগৈ।
 -‘মই এতিয়া গৈ আছোঁ। মই
এতিয়াই টিকা লব লাগিব। আৰু এদিন আহি কথা পাতিম। মুহূর্তমাত্র
বিলম্ব নকৰি মেডিকেল কলেজলৈ খোজ
দিলোঁ।

        বাটত এজন বন্ধুৰ লগত দেখা ল। তেওঁ মোক ৰখাই সুধিলেলৈ গৈ আছা। এনেকৈ বেগাই গৈ আছা যে?

        টিকা লবলৈ।

        টিকা লৈ কোনো কাম নহয়। তুমি এক ডোজ ভেৰিওলিনাম খাই লোৱা, কিং কোম্পানিৰ পৰাযদি জীয়াই থাকিব বিচৰা। অহা
সপ্তাহত আৰু এটা ডোজ
, তাৰ
পাছত আৰু এটা
বছ নিশ্চিন্ত। টিকা মাজে মাজেই ফেইল কৰে, কিন্তু ভেৰিওলিনামনেভাৰ।

        কি কৈছা? গম পোৱা নাছিলোঁ !

       
পৰা গম পা
বা ? লপ ঘূৰাফুৰা
কৰিলেহে জানিবা! আন কিবাৰ ওপৰত তোমালোকৰ বিশ্বাস
আছে নে
? মই
হোমিওপ্যাথি কৰি আছোঁ বাবে জানো।

       
বাৰু, সেয়াই
খাম তেনেহ
লে।

        কিং কোম্পানিলৈ
গৈ এটা ডোজ দুশ শক্তিৰ ভেৰিওনিলাম ডিঙিত বাকি দিলোঁ।
 এতিয়া
অলপ শান্তি পালোঁ।

       তাৰ পাছত এটাৰ পাছত এটা শৱ এই বাটেৰে লৈ যোৱা দেখিলোঁ
নিশ্চয় তেওঁলোকৰ
বসন্ত ৰোগত মৃত্যু হৈছে।
কি সর্বনাশ, ভাবি গা জিকাৰ খাই উঠিছে,
তেওঁলোকৰ পৰা এনেদৰে কিমান লক্ষ লক্ষ বীজাণু হয়তো
আকাশ আৰু বতাহত বিয়পি পৰিছে।
 ভেৰিওলিনাম তেজত মিহলি যোৱাৰ আগতেই ইমান সময়ত
এনে ধৰণৰ মা
ৰাত্মক বীজাণুৰ কাম নিশ্চয়
আৰম্ভ হৈ গৈছে।
 মোৰ গোটেই শৰীৰ লাহে লাহে অসন্ন হৈ আহেএনে বিপদসঙ্কুল বতাহত উশাহ লবলৈ কষ্ট হয়।

        এটুকুৰা কাগজৰ প্রাচীৰপত্রত বিখ্যাত বসন্ত চিকিৎসক কোনো এজন কবিৰাজৰ
নাম চালোঁ।
 হোমিওপেথি কৰিলোঁ, কবিৰাজি কিয় বাকী থাকিবসকলোৰে আগতে যি কোনো প্রকাৰে আত্মৰক্ষা কৰাটোৱেই ডাঙৰ কথা। কবিৰাজৰ
নির্দিষ্ট ঠিকনাত
গৈ দেখিলোঁ
কেইজন
মান মিলি মহা ধুমধামেৰে প্রকাণ্ড শিলছটাত কিবা পিহি আছে। কবিৰাজক
মোৰ সমস্যাৰ কথা কওঁতে তেখেত
আঙুলিৰে নির্দেশ দি
লেসেয়ে পিহা হৈছে। কণ্টিকাঢ়িৰ
শিপা
পিহি খাব লাগে। ইয়াৰ
নি
চিনা বসন্তৰ অব্যর্থ
প্রতিষেধক আৰু নাই ডাঙৰীয়া।

        বিৰাজৰ নির্দেশত এটা
ডোজ খাই ৰিক্সা মাতি তাতে উঠি বহিলোঁ।
 দেহাত বল পোৱা নাছিলোঁ, মূৰ ৰাইজাই কৰি আছিল,
জ্বৰজ্বৰ
লাগিছে
বসন্ত আক্রমণ কৰাৰ আগতে বোলে এনেবোৰ উপসর্গ দেখা দিয়ে ঘৰত উভতি আহি মাক কলোঁ
আজি মই একো নাখাওঁ, আই। গা ভাল লগা নাই।

        য়ে চিন্তিত সুৰত সুধিলেকিনো হৈছে তোমাৰ?

       
একো হোৱা নাই। হয়তো হ! বসন্ত।

       
কি কৈছা এইবোৰব নাপায় নহয়। কিয় হ? এয়া
শিলিখাটুকুৰা বা
ন্ধি
লোৱাঁচোন।
 মই
আজি ত্রিছ বছৰ ধৰি বান্ধি আছোঁ
, এই হাতেৰে কিমান বসন্ত ৰোগীক সেৱা কৰিলোঁ,
কিন্তু কব নাপায়, ইয়াৰ বাবে কেতিয়াও সৰু
আই পর্যন্ত হোৱা নাই
-। লোৱাঁ, এইটো লোৱাঁ।

        য়ে তেওঁৰ হাতৰ কেৰিয়াৰ খুলি দিলে।

        তিৰিছ বছৰ তোমাৰ একো হোৱা নাই?
কি কৈছা ? দিয়াঁ, দিয়াঁচোন। ইমান
সময়ে কোৱা নাই কে
লৈ? কিন্তু
এনে এটা টুকুৰাৰে কি হ
? ৰোগ গভীৰলৈ
শিপাইছে।
 মোক গোটেই শিলিখাটো দিয়া যাতে কিবা কাম হয়।

        শিলিখাটো
বান্ধি ল
লোঁ, কিন্তু আবেলিৰ পৰত গা ভাল নালাগিল,
কর্মবিমুখ যেন লাগিল। নিজক জ্বৰাক্রান্ত বুলি অনুভল। দাপোণৰ ওচৰত থিয় হৈ নিজক ভালদৰে চালোঁ,
মুখত কেইবাটাও ফোঁহা ওলাইছে,
নিশ্চয় বসন্ত। এতিয়া আৰু জীয়াই থকাৰ কোনো উপায় নাই। আইক মাতি আনি দেখুৱালোঁ।

        য়েলে
আইৰ অনুগ্রহ নহয়
ব্রণ।

        মই কলোঁউঃ ব্রণ নহয়, আইৰ অনুগ্রহ!

      য়েলে
এনে বেয়া কথা মুখলৈ নানিবি। এয়া
একো নহয়
, গোটেই
দিন ঘৰৰ পৰা ওলোৱা নাই
, অলপ বাহিৰৰ পৰা ফুৰি আগৈ।

        এনে মাৰাত্মক চিন্তা কঢ়িয়াই লৈ ফুৰিবলৈ ভাল লাগেনে? মানুহজনে কৈছিল, সিহঁতে চৰণামৃত খাই ভালেই আছে।য়ো খাই লম নেকি?
হয়তো চৰণামৃতৰ বীজাণু ধ্বংস কৰাৰ বিশেষ কোনো ক্ষমতা আছে, নাই যে, সেয়া কোনে জোৰ দি কব পাৰিব?
হয়, তেওঁৰ
যেনে কথা
! সেয়া
এটা অ্যাক্সিডেণ্ট্
কলিকতাৰ
সকলো ঘৰত অসুখ হোৱা নাই।
 আৰু এটা কথা মনৰ জোৰে ৰোগ প্রতিৰোধৰ শক্তি বৃ্দ্ধি কৰে, মহামাৰীৰ ক্ষেত্রত এনে মনৰ জোৰ
এটা
ডাঙৰ সহায়কিন্তু সেই সাধাৰণ শিলছটাক মই কেনেকৈ দেৱতাজ্ঞানত নাইবা শিৱ জ্ঞানত
পূজা কৰাৰ বিশ্বাস অর্জন কৰোঁ
?

        এইবিলাক আজেবাজে কথা চিন্তা নকৰি ৰাতিপুৱা টিকা লোৱাই ভাল আছিল দেখোন, হয়তো তাৰে কিছু কাম দিলেহেঁতেন। এতিয়া গৈ
টিকা লম নেকি? শুনিছোঁ টিকা ললে বসন্ত ৰোগ মাৰাত্মক ৰূপ নলয়,
খুব বেছি
লে সৰু আই হলহেঁতেন। আৰু তাক ভয় কৰিবলৈ একো নাই
সৰু লৰাছোৱালীৰ মাজে মাজে হৈ থাকে। না,
বৰ অশান্ত যেন লাগিছে, মেডিকেল কলেজৰফালৰ
পৰা এবাৰ ফুৰি আহোঁ।

        টিকা লৈ আহঁত গছৰ ওচৰৰ ৰাস্তাদি উভতি অহাৰ সময়ত ৰাতিপুৱাৰ মানুহজনৰ কথা মনত পঢ়ি গল। হয়তো ঠিক কথাই কৈছে। সঁচাকৈ
এটা ঠাইত উপস্থিত হোৱাৰ পাছত আৰু কোনো জবাব নাথাকে
,
তাত সাঁথৰৰ ওচৰত মূৰ দোৱাব লগা হয়। এয়া আজি
জীয়াই আছোঁ
, কিন্তু
কালি যদি মোৰ বসন্তত মৃত্যু হয় তেতিয়া ক
ত যাম? শেক্সপীয়ৰৰ সেই কথাটোসেই স্বর্গমর্ত্যহোৰাছিওএকাকাৰ কৰা বাণীনা, আমি
ইমান সহজে আঁতৰাই দিব নোৱাৰো
ঁ। এই
পৃথি
ৱী, এই জীৱনৰ, সুদূ নক্ষত্রলোক আৰু তা
বাহিৰত বহুদূৰ বিস্তৃত অনন্ত জগতৰ কিমানখিনি আমি জানো
?
সকলো ঘটনাৰ আমি বৈজ্ঞানিক ব্যখ্যা দিব পাৰোনে? যিমানই বিজ্ঞানৰ কথা নকওঁ কিয়, শেষত
সেই অজ্ঞেয়ৰ সীমান্তত আহি গোটেইখিনিক নতমস্তক হৈ মানি ল
ব লগা হয়।

        মন্দিৰৰ ওচৰৰ বাটেৰে অহাৰ সময়ত ত্রিলোকনাথলৈ মনে মনে সেৱা এটা জনালোঁ। প্রার্থনা
কৰিলোঁ
, বাবা, মোৰ অজ্ঞানতা মার্জনা কৰিবা, মহামাৰীৰ কলৰ পৰা এইবাৰ আমাক ৰক্ষা কৰা।

          অলপ দূৰ গৈ আকো উভতি
আহিলোঁ।
 না, দেৱতাক
ফাঁকি দিয়া ঠিক নহ
ব। মুখৰ ফোঁহাবিলাক হাতেৰে এবাৰ চাই লোঁ। এই বিলাক ব্রণ নে বসন্ত?

        এবাৰ মাটিত উবুৰি খাই প্রণাম কৰিলোঁ। কলোজয় বাবা ত্রিলোকনাথ! ৰক্ষা কৰা বাবা। বম
বম
!

        থিয় হৈ চাৰিওফালে চালোঁ। কোনোৱেই মোক দেখা নাইতো?

————

      লেখক পৰিচিতি :  শিৱৰাম চক্রৱর্তী বাংলা সাহিত্যৰ এজন বিখ্যাত লেখক। তেখেতৰ জন্ম ১৯০৩ চনৰ ১৩ ডিচেম্বৰত ‘হাঁহিৰ
ৰজা
নামে পৰিচিত লেখকৰ এখন বিখ্যাত
কিতাপ
বাড়ি থেকে পালিয়েক ঋত্বিক ঘটক চলচ্চিত্র ৰূপ দিছিল। হর্ষৱর্ধন
আৰু গোৱর্ধন লেখকৰ সৃষ্ট দুটা অমৰ চৰিত্র।
 লেখকৰ আনকেইখনমান গ্রন্থ হলযত হাসি ততই মজা’,
ইতু থেকে ইত্যাদি’, ‘ঈশ্বৰ
পৃথিবী ভালোবাসা
’, ‘মস্কো
বনাম পণ্ডিচেৰী
ইত্যাদি। ১৯৮০ চনৰ ২৮  আগষ্টত তেখেতৰ মৃত্যু হয়।