‘অন্যযুগ’ৰ তৃতীয় বৰ্ষপূৰ্তি আৰু অনাগত দিনৰ যাত্ৰা

ড° অজয় লাল দত্ত

সম্পাদক ড০ মৃদুল শৰ্মা

অসমৰ সংবাদ জগতত অৰুণোদই’-ৰ দিনৰে পৰা নতুন নতুন সংবাদ পত্ৰ-আলোচনীয়ে সময়ে সময়ে ভুমুকি মাৰি আহিছে।
কিছুমান ক্ষণস্থায়ী হৈছে
,
 কিছুমানে কেইবছৰ মানৰ আয়ুসতো গুণগত মানেৰে নিজৰ নাম
ৰাখি গৈছে
, আৰু অতি কম সংখ্যকেহে শতিকাজোৰাকৈ দীৰ্ঘজীৱি হৈছে। এই
ধাৰাবাহিকতাৰ মাজত অসমীয়া ভাষাত ৰুচি-সন্মত
, প্ৰগতিশীল
চিন্তা-চৰ্চাৰ ধ্বজাবহনকাৰী এখন আলোচনী হিচাপে
 অন্যযুগে অতি কম
সময়ৰ ভিতৰতে আমাৰ দৰে পাঠকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। উন্নত
মানৰ সমল
, সুন্দৰ কলা-সুলভ সজ্জা আৰু ছপা-বন্ধাও এক উল্লেখনীয়
সাফল্য। তিনিটা বৰ্ষৰ
  এই সফল যাত্ৰাৰ বাবে সম্পাদনা
তথা প্ৰকাশৰ সৈতে জড়িত সকলো ব্যক্তিলৈ আন্তৰিক অভিনন্দন। বৰ্ষপুতিৰ অনুষ্ঠানৰ
দুয়োটা দিনতে অংশ লোৱাৰ অনুভৱ বুলি ক
লে এটা শব্দই মনলৈ আহিছে- সেয়া হৈছে লাভ কৰা অনাবিল আনন্দ। এক বৌদ্ধিক
যাত্ৰাৰ মাইলৰ খুঁটি হিচাপে বৰ্ষপুঁতিৰ অনুষ্ঠানত সমবেত হোৱা বৌদ্ধিক ব্যক্তিসকলৰ
সংস্পৰ্শ আৰু মত-বিনিময় অনুষ্ঠানক
 অন্যযুগে বছৰেকীয়া বক্তৃতামালাৰ ৰূপ দিবলৈ লোৱাৰ
পদক্ষেপটো অতি সুচিন্তিত আৰু প্ৰশংসনীয় পদক্ষেপ বুলি অনুভৱ কৰিছো।
 
                                         


বাউল সন্ধ্যা ‘আত্মানুসন্ধান’-ৰ এটা মুহূৰ্ত

        মানুহৰ
জীৱনৰ মান নিৰ্ধাৰিত হয় প্ৰতিনিয়ত চিন্তা আৰু কৰ্মৰ অভ্যাসৰ দ্বাৰাই।
অন্যযুগআলোচনীৰ
এই বৰ্ষপুৰ্তি অনুষ্ঠানত মানুহৰ ভাব-গহনৰ জগতখনক এক অন্তৰ্দৃষ্টিৰে চাবলৈ প্ৰেৰণা
পোৱাকৈ আয়োজন কৰা
 আত্মানুসন্ধান  শীৰ্ষক বাউল সংগীতৰ অনুষ্ঠান অতি সুন্দৰ হৈছিল। মানুহৰ
জীৱনত প্ৰয়োজন সৃষ্টিৰ তাড়নাইহে মানুহৰ জীৱনক সুখ-দুখৰ তাৰতম্য ঘটায়। বাউল
সংস্কৃতিৰ সাধক সকলৰ সৈতে হোৱা কথা-বতৰাই মানুহে কেনেকৈ নিজৰ
প্ৰয়োজন সৃষ্টিৰ তাড়না নিয়ন্ত্ৰণকৰি এক সুন্দৰ
পৰিতৃপ্ত জীৱনৰ বাট বিচাৰি পাব পাৰে
, সেয়া আলোকিত হৈ উঠিছিল
আৰু মন-মগজুক আলোড়িত কৰিব পৰা জীৱনৰ শিক্ষাবোৰ বাউলৰ সংগীতৰ বোকোচাত শব্দৰ মালিতা
হৈ যি শিহৰণৰ সৃষ্টি কৰিছিল সেয়া এক অনিৰ্বচনীয় অভিজ্ঞতা। এই আয়োজনে আমাক আমাৰ
চুবুৰীয়া ৰাজ্যৰে দেশীয় এক সংগীতৰ আমাৰ বাবে অতদিনে অজানা হৈ ৰোৱা ধাৰাৰ প্ৰতি
জানিব লগীয়া এক নতুন জগতৰ সন্ধান দিলে।
অন্যযুগৰ এই আয়োজনে অনুষ্ঠানটোকো এক অনন্য মাত্ৰা প্ৰদান কৰিলে।
 

 


        মানৱ জীৱনলৈ বিজ্ঞানৰ অৱদান আৰু
প্ৰযুক্তিৰে জীৱনধাৰাক সহজতৰ কৰাৰ কথা আমি সকলোৱে জানো। কিন্তু
, প্ৰতিপল বিশ্বৰ কোনোবা প্ৰান্তত
নিৰৱে গৱেষণাৰ জৰিয়তে কি ধৰণৰ চৰ্চাৰ সুঁতিবোৰে এই মানৱ-জীৱনলৈ বিজ্ঞানৰ বৰ্ধিত
অৰিহণাবোৰক সুনিশ্চিত কৰি আছে
, সেয়া সতকাই পোহৰলৈ নাহে।
এতিয়াও বিজ্ঞান
, বিজ্ঞানী আৰু তেওঁলোকৰ যুগজয়ী অৰিহণাবোৰৰ
বিষয়ে
জনপ্ৰিয় গণ-মাধ্যমত অসমীয়াৰ
দৰে ভাষাত লেখাৰ অভাৱ। তাৰ মাজতে বিজ্ঞান জনপ্ৰিয়কৰণক এক ব্ৰত হিচাপে লোৱা তথা
 বক্তৃতাৰ সুনিপুণ
কলাৰ গৰাকী
, এগৰাকী
বিজ্ঞানী তথা শিল্পী ড
° প্ৰণৱজ্যোতি চেতিয়াৰ বক্তৃতাবিজ্ঞানৰ অবিৰত সাধনাৰ জগতখনৰো বহু ৰেঙনি আমাৰ
সমুখত তুলি ধৰিলে। নতুন চিন্তাৰ বীজো মনৰ ভিতৰত অংকুৰিত হ
,
সেয়াও এই আয়োজনৰ এক সফলতা। এইখিনিতে অন্যযুগৰ সম্পাদকমণ্ডলীয়ে বিজ্ঞান-প্ৰযুক্তিৰ নব্য-ধাৰাৰ ওপৰত এক শিতানেৰে এই জ্ঞান-অন্বেষণৰ সুঁতিটোকো অসমীয়া ভাষাত এক ন-গতি
দিবলৈ এই সুযোগতে আহ্বান জনালোঁ।
 

উপস্থিত সুধীবৃন্দৰ একাংশ

        বিগত দশকটোত, বিশেষকৈ বিশ্বৰ ছপা মাধ্যমক এতিয়া দ্ৰুত বেগী খবৰে আৰু ইণ্টাৰনেট-টিভিৰ জৰিয়তে ঘৰে ঘৰে সহজলভ্যতাই গভীৰ প্ৰত্যাহ্বান জনাইছে। মেডিয়া বেৰন
ৰূপাৰ্ট মাৰ্দোছে এযুগ আগতে তেওঁৰ প্ৰতিষ্ঠিত কাকতৰ পৰা হোৱা লভ্যাংশক
সোণৰ নদীবুলি আখ্যা দিছিল, কিন্তু
তেখেতেই সাম্প্ৰতিক সময়ত
নদীও এদিন শুকায়বুলি মত সলনি কৰিবলৈ বাধ্য হৈছিল। বাফেল্লনিউজৰ
স্বত্তাধিকাৰী ৱাৰেন বাফেটৰ মতেতো ছেটেলাইট ব্ৰ
ডকাষ্টিং আৰু
ইণ্টাৰনেট আগতীয়াকৈ ওলোৱা হ
লে ছপা মাধ্যমৰ বাতৰি কাকতবোৰৰ
সৃষ্টিয়েই নহ
লহেঁতেন! নতুন প্ৰজন্মৰ বাবে ছচিয়েল মেডিয়া এতিয়া টিভিতকৈ বেছি উপভোগ্য তথ্য-উতস হৈ পৰিছে। দ্য ইকমিষ্টৰ দৰে প্ৰকাশন সংস্থায়ো এতিয়া ছচিয়েল মেডিয়া
প্লেটফৰ্মৰ ব্যৱহাৰ কৰি পাঠক আকৰ্ষণ কৰিবলৈ বিশাল কৰ্মীদল ৰাখিব লগা হৈছে।
ফ্ৰাঞ্চৰ ইতিহাসপ্ৰসিদ্ধ দৈনিক কাকত
Le Monde –য়ে নিজৰ সমলৰ
প্ৰচাৰ আৰু পাঠক আকৰ্ষণৰ বাবে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সহায় লোৱাৰো খবৰো প্ৰকাশ
পাইছে। উল্লেখযোগ্য যে
, কাকতে সংবাদাদাতা-নিৰ্ভৰ বাতৰি
প্ৰকাশ কৰাৰ বিপৰীতে গুগল
, য়াহু আদিয়ে নিজা সাংবাদিক অবিহনেও
বিশ্বজোৰা জালপঞ্জীৰ পৰা কম্পিউটাৰ এলগ
ৰিথমৰ সহায়ত অবিৰত
বাতৰিৰ প্ৰৱাহ সৃষ্টি কৰি ৰাখিছে
, গতিকে নিউজ-ভেল্যু অতি
খন্তেকীয়া হৈ উঠিছে। এয়া হৈছে খবৰ বাতৰিৰ কাৰিকৰী প্ৰত্যাহ্বান। বিশ্বৰ ভিতৰতে
ক্ষুদ্ৰ আলোচনীৰ এক অনুপম নাম
Readers’ Digest –য়েও আনকি এই খৰছ আৰু গতিৰ তুলাচনীত উঠি ছপা-বনাম-ডিজিটেলৰ প্ৰত্যাহ্বান সহিব নোৱৰাৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰিছে। সেই
সংস্থায়ো ডিজিটেল মাধ্যমৰ জৰিয়তেই এই আলোচনীক জীয়াই ৰখাৰ প্ৰচেষ্টা হাতত লৈছে।
অসমৰ আলোচনীসমূহ বিশ্বৰ এনে ঘটনাৱলীৰ পৰা আঁতৰত থকাটো সম্ভৱ নহয়। অন্যযুগ
আলোচনীয়েও এক সময়োচিত সিদ্ধান্তৰে
বেৱছাইটৰ যোগেদিডিজিটেল ৰূপত আত্মপ্ৰকাশৰ বাট বুলি সমাদৰো লভিবলৈ সক্ষম হৈছে। অসমীয়া
ইউনিক
ড মাধ্যমত ইণ্টাৰনেটত সমল বৃদ্ধি কৰাটো অসমীয়া ভাষাক আন্তঃৰাষ্ট্ৰীয় ভাষাৰ মঞ্চত স্থান
দিয়াবৰ বাবে সাম্প্ৰতিক সময়ত অতি প্ৰয়োজনীয় হৈ উঠিছে। এই সময়তে
অন্যযুগৰ ডিজিটেল সংস্কৰণ, অসমীয়া
ভাষা-সাহিত্যৰ বাবে এক ভৱিষ্যতমুখী উত্তৰণৰ যাত্ৰাত
  সৱল ভূমিকা গ্ৰহণৰ এক প্ৰশংসনীয় পদক্ষেপ বুলি গণ্য
কৰিছোঁ।
 

        কিন্তু, ছপা-আখৰৰ পঠনৰ অনুভূতি সদায়েই বেলেগ আৰু অন্যযুগৰ দৰে ৰুচিশীল আৰু স্থায়িত্ব থকা লেখা
প্ৰকাশ কৰা আলোচনী এখন ডিজিটেল সংস্কৰণৰ বাদেও
ছপা-মাধ্যমতো প্ৰকাশ হৈ থকাটো দৰকাৰী। তাৰ বাবে প্ৰয়োজনীয় পাঠক-গ্ৰাহকৰ নেটৱৰ্ক এটা
গঢ় দি লোৱাৰ প্ৰত্যাহ্বান নিশ্চয়কৈ গ্ৰহণ কৰিব পৰা অৱকাশ আছে। অসমৰ নৱ-প্ৰজন্মৰ
মাজত ৰুচিশীল পঠনেৰে অধ্যয়নৰ ভিত্তিত গঢ় লোৱা সচেতন নাগৰিক গঢ়ি তোলাৰ বৃহত্তৰ
স্বাৰ্থতে অসমৰ প্ৰতিখন বিদ্যালয়
, কলেজ আৰু বিশ্ববিদ্যালয়ত
একোটা
অন্যযুগঅধ্যয়ন চক্ৰ গঢ়ি
তোলাটো অতি প্ৰয়োজন।
অন্যযুগৰ উচ্চ
গুণগত মানৰ বাবেই এই প্ৰচেষ্টাত অভিভাৱক সমাজৰ লগতে ছাত্ৰ-একতা সভাসমূহ
, শিক্ষক সংস্থা, নাৰী লেখিকা সংস্থা, সাহিত্য সভাৰ আদি সংগঠনো অসমীয়া জাতি আৰু ভাষাৰ
ভৱিষ্যত সুদৃঢ় কৰাৰ স্বাৰ্থত, সহযোগ কৰিবলৈ
আগবাঢ়ি আহিব
, তাত আমাৰ এক দৃঢ় বিশ্বাস আছে। নেলচন
মেণ্ডেলাই এনেয়ে কৈ যোৱা নাই
, ‘সকলোবোৰেইতো অসম্ভৱ যেন লাগে,
যেতিয়ালৈকে কামটো সম্পন্ন কৰা নহয়আৰু ইয়াৰ
ভিত্তিতে
অন্যযুগেও গঢ়িব লাগিব
অনাগত দিনৰ পৰিকল্পনাবোৰ।
 

        একবিংশ শতিকাৰ বুকুত অসমীয়া ভাষা-সাহিত্যলৈ
নিজৰ একক আৰু অনন্য অৰিহণাৰ বাবে
অন্যযুগএক সৱল বৌদ্ধিক আন্দোলনৰ আকৰলৈ ৰূপান্তৰিত
হওক। সময়ৰ সতে সমুচিত ৰূপান্তৰ আৰু কাৰ্যকুশল পৰিকল্পনাৰে সামাজিক সংগঠনবোৰৰ সৈতে
সামুহিক কল্যাণৰ একক উদ্দেশ্যতসহযোগিতাৰ শৃংখলাইহে
যে
অন্যযুগৰ লগতে অসমীয়া জাতি আৰু
ভাষাৰ ভৱিষ্যত সুনিশ্চিত কৰিব পাৰিব
, সেই কথাও কিন্তু
নিশ্চিত।

(লেখক  অসমীয়াৰ সুখ-দুখঃ xukhdukh.com, 2012 বৰ্ষৰ পৰা প্ৰকাশিত অনলাইন দৈনিক তথা অসমীয়া ভাষা অধ্যয়নৰ বাবে UGCৰ দ্বাৰা স্বীকৃত সমল-বেৱচাইটটোৰ প্ৰতিষ্ঠাপক সম্পাদক)