কুমুদ ঘোষ, সত্যেন চৌধুৰী
ক্ষুধা
স্ত্ৰীলিঙ্গ ৰ বুভুক্ষা, ভোজনেচ্ছা৷ ‘ক্ষুধাকৰ, ক্ষুধাশান্তি৷ ক্ষুধয়া পীড্যমানঃ, মহাভাৰত৷ ২ (বাংলাত) বিষয়ভোগলালসা৷ ‘কৰ্ণপথে কৰ পান খণ্ডু ভবক্ষুধা’৷ – কাশীদাসী মহাভাৰত৷ ৩ তৃষ্ণা, আকাঙক্ষা৷ ‘কি মহৎ ক্ষুধাৰ আবেশ, পীড়ন কৰিছে তাৰে৷ কাহিনী, ৰবীন্দ্ৰনাথ ঠাকুৰ৷
– ক্ষুধা মানে ‘ভোক’৷ অৰ্থত কোনো খেলিমেলি নাই, তবে ভোকত ভাতবোৰ বেলেগ বেলেগ দেখা পাব৷ পাকত
পৰিলে আৰু খুলিব নোৱাৰিব৷
– নহয় নহয়, ভোকৰ শৰীৰত পাক
মাৰিবলৈ যাক কেলে’! সেয়া কৰিবলৈ গ’লে মূৰ ঘূৰাই পৰি যাব৷ বচ্, তাৰ পাছত চকু দুটা ধুঁৱলি-কুঁৱলি৷ তবে ভোকৰ
শৰীৰ এনেয়েই পকি যাব৷ এসপ্তাহ উপবাস কৰিলে গণেশ বাবাৰ কলহীয়া পেটো ফুউচ্ হ’ব৷
তেতিয়া বাঘবোৰৰ গণেশ হৈ যাব৷ পেটটো তেতিয়া একেবাৰে সমান৷
– বাঘ? আচল বাঘ নহয়হে,
সি থাকে বনত৷ এই বাঘ
হ’লগৈ মানুহ৷ মই কেওড়া, আপুনি মুখাৰ্জী
আৰু সিহঁত হ’ল বাঘ৷
– নহয় নহয়, বাঘ নহয়হে৷ সিহঁত
কুমাৰ৷ এয়া বেলেগ জাত৷ সিহঁত শিল্প-গাঁৱৰ মানুহ৷ ঢালাইৰ কাম কৰে৷ যি গঢ়িবলৈ ক’ব
সেয়াই গঢ়ি দিব৷ সিহঁতৰ গণেশৰ কলহীয়া পেট নাপাব৷ সিহঁতৰো চাউল নাই, দেৱতাৰো নাই৷
– সেয়া ঠিক, কিন্তু পেট
নাথাকিলে গণেশক চিনিব কেনেকৈ? চিনি পোৱাৰ
ব্যৱস্থা আছে৷ কলহীয়া পেট পেটৰ পৰা নামি আহি আঠুৰ ওপৰত শোৱে৷ দেখিলে ভাবিব,
ছমহীয়া কেঁচুৱা৷ আচলতে
পেট হৈছে ঢোল৷ গণেশ বাবাজীয়ে ঢোল বজাইছে৷ বজাইছে বজাওক, আহক হেৰি, হাড়িয়া খাওক৷ আপোনাৰ বাবে আজি গৰম পিয়াজী
বনাইছোঁ৷ হাড়িয়াৰ লগত ভাল জমিব৷
– হয় হয় ভোক৷ মানুহৰ ভোক লাগে কিয় কওকচোন? ভাত-আঞ্জা নিতে খৰচ হৈছে৷ তাৰবাবেই ইমান খাটনি,
ইমান দৌৰা-ঢপলা৷
দেৱদেৱীসকলে খাইছে কিন্তু দৌৰা-ঢপলা কৰা নাই৷ য’তেই বহুৱাই দিয়া হয় তাতেই বহি
থাকে৷ ভোগৰ গোন্ধ লৈ চব উভতাই দিয়ে৷ হেৰি, মানুহো যদি এনে হ’লহেঁতেন?
– হয় হয়, যত নষ্টৰ গুৰিত
সেই ভাতৰন্ধা চাউল৷ তিনিমূৰীয়া চৌকাটোৰ পেটৰ ভিতৰত দাউ দাউকৈ ভোক৷ আধা কেৰাহী শাক
তুলিলে, কমি কমি হয়গৈ
এবাটি৷ ইয়াৰ পাছত চৌকাটো হ’ল পেট৷ দিনে-ৰাতিয়ে চিপ্ পেলাই বহি আছে৷ পুঙা লৰিছে নে
নাই দিলে টানি৷ বাহু হ’লে বাহু, পুঠি হ’লে পুঠি৷
বাহু হ’লে বেছি দিলে, পুঠি হ’লে খালে৷
পুঠিৰ আঞ্জাও হ’ব, টেঙাও হ’ব৷
বাৰিষা পুঠিৰ পেটত কণী থাকে৷ পুঠিৰ কণী…
– হয় হয়, ভোক৷ ভোক আঁতৰিব
কিহেৰে? খুদ চাউলেৰে৷ খুদ
চাউলত বেচ বল৷ দামও সস্তা৷ আহিনত আহু ধান পকিল৷ কাতি মাহত ভাত খালে৷ আকৌ আঘোণ-পুহত
পথাৰৰ ধান পকিল৷ ভাতৰ অভাৱ নাই৷ ফাগুণ-চ’তলৈকে সুখেৰে গ’ল৷ ব’হাগৰ পৰা ভাদ মাহলৈকে
হ’ল টান মাহ৷ তেতিয়া খুদ খালে৷ খুদিৰামৰ নাম শুনিছেনে?
– সেই খুদিৰাম নহয়হে, আমাৰ গাঁৱৰ
খুদিৰাম৷ পূব-চুবুৰীত ঘৰ৷ কাঠৰ মিলত কাম কৰিছিল৷ তাৰ পিছত কাঠ মিলটো বন্ধ হৈ গ’ল৷
খুদিৰামে শণৰ পঘা পকাই বেচিছিল৷ কওকচোন, বাৰু, তাৰে সংসাৰ চলেনে?
এদিনাখন খুদ বিচাৰিবলৈ
ওলাই গৈ নিজে পকোৱা পঘাতে চিপ লৈ মৰিল৷
– ঠিক কৈছে, অপমৃত্যু ভাল কথা
নহয়৷ অপমৃত্যুৰ পৰাই অপদেৱতা হয়৷ সিহঁতে তেতিয়া নাচি-বাগি ঘূৰি ফুৰে৷ যদি এইজনৰ ঘৰত
টেঙা দিয়া মাছৰ আঞ্জা খাইছে তেন্তে সিজনৰ ঘৰত দৈৰ টেকেলি ভাঙিছে৷ মাছ-ভূত ৰাতিৰ
পৰত ল’ৰা-ছোৱালীৰ পাছে পাছে ঘূৰে৷ গছ-ভূতে গছৰ পৰা ঠেলি দিয়ে৷ বেল পাৰিবলৈ গৈ ভৰি
ভাঙি ঘৰলৈ উভতিলে গো-ভূতে লঠিয়াই দিয়ে৷ সি এনেকৈ লঠিয়াই যে আৰু কোনোদিন শোৱা পাটি
এৰি ঠিয় হ’ব নোৱাৰিব৷
– ঠিক কথা, অকল ভূতেই নহয়,
ভূতুনীও আছে৷ সিহঁতৰো খাও খাও ভাব৷ মাছ হ’লে মাছ, নহ’লে মানুহৰ হাড়-মাংস-তেজ৷ গোটেই মানুহটোক
যিহেতু মুখত সোমোৱাব নোৱাৰে, সেয়ে শুহি থাকিব৷
শুহি শুহি শেষ৷
– ভূতৰ শৰীৰৰ পৰা ভোকৰ শৰীৰ বেলেগ নেকি সুধিছে? বৰ ভাল কথা সুধিছে৷ একেই কথা, দুয়োটাতেই ক্ষয়৷ জোন-বেলিত যিদৰে গ্ৰহণ লাগে
এইটোতো তেনে৷ ভোকতো ক্ষয়, ভূত-ভূতনীতো
ক্ষয়৷ ক্ষয়ৰ পৰা সাৰিব নোৱাৰিব৷
– হয় হয়, ভূত-ভূতুনী আঁতৰেতোন৷ গয়াত পিণ্ড দিলেই আঁতৰি যায়৷ আকৌ নতুনকৈ জনম হ’ব৷ কিন্তু ভোকত
ক্ষয় হ’লে একোৱেই কৰিব নোৱাৰিব৷ জোৰে বতাহ বলিলে হালি পৰিব৷ নহয়হে, আপুনি নপৰে৷ আপোনাৰ শৰীৰত যিমান মাংস তিমান
হাড়৷ শৰীৰ হ’ল এক আজৱ মেছিন৷ ইচ্ছা কৰিলেই যে কাৰোবাক এক কেজি দি দিব তেনে কোনো
উপায় নাই৷ এটি শৰীৰত অমাৱস্যা আৰু আনটিত পূৰ্ণিমা৷ খৰাং হ’লে দেখিব মানুহজন
একেবাৰে ক’লা-ম’লা হৈ পৰিছে৷
– খৰাঙক কেনেকৈ বাধা দিব পাৰি সেয়া সুধিছে? ক’ব নোৱাৰিম বুইছে, তবে বিষয়টো বেজবোৰেহে ক’ব পাৰিব৷ সিহঁতে খৰাঙক
দমাব পাৰে৷ ধৰক, ফেঁটি সাপে ভৰিত
খুঁটিলে৷ তেন্তে ওপৰভাগত ৰচী বান্ধিব লাগিব৷ বচ্, খৰাং বান্ধ খাই গ’ল আৰু ওপৰলৈ উঠিব নোৱাৰিব৷
তবে সবে খৰাঙক বান্ধিব নাজানে৷ অমূল্য বাগ্দিয়ে জানিছিল, বেচেৰা মৰিল৷ ক’লা-মলা হৈ মৰিল৷ পথাৰত পানী নাই,
কোনে বাৰু সাপখেলা চাব
কওঁকচোন?
– উপায় আছে৷ গাখীৰ-ছানা-ক্ষীৰেৰে দেহা ঠিক হয়৷ মিঠাই দোকানৰ অৱনীৰ পেটটো কলহীয়া৷
গাখীৰ-ঘিউৰ গোন্ধত শৰীৰ ফুলি যায়৷
– খাদ্য? সকলোবোৰেই খাদ্য,
তবে পেটে সহিব পাৰিব
লাগিব৷ পেটে ‘না’ বুলিলে বদহজম হ’ব৷ তেতিয়া গাখীৰ-ছানা-ক্ষীৰৰ কোনোটোৱেই পেটত
ৰাখিব নোৱাৰিব৷ সকলো পানী হৈ যাব৷
– ভাত? ভাতৰ ওপৰত একো
বস্তু নাই৷ পাঁচদিন একেৰাহে গাখীৰ খাওকচোন, চাব আমুৱাইছে৷ একে কথাই খাটে সেই ছানা-ক্ষীৰ-ঘিঁউতো৷ কিন্তু ভাতত আমনি নাই৷ মাংস খাব দুদিন কিন্তু ভাত প্ৰতিদিন৷
পুৱা-গধূলি-দুপৰীয়া তিনি সাজতে খাব৷ কেৱল নিজে খালে নহ’ব, ঘৈণীকো খুৱাব লাগিব৷ ভাতৰ
পৰাই ভাতাৰ৷ ভাত যোগাৰ কৰিব নোৱাৰিলে ঘৈণী পলাই যাব৷
– তিনিসাঁজ ভাত খাবলৈ জোৰে নে নাই সুধিছে? নোজোৰে বুইছে৷ মিছা কথা ক’লে দেৱতাই শাও-পাত
দিব, তিনিসাঁজ ভাতৰ ভাগ্য লৈ আমিবোৰ অহা নাই৷ এবাৰ কেইজনমান কোনোবা অফিচৰ পৰা আহিছিল৷ ক’লে
দেশৰ মুৰব্বীয়ে বোলে ভাতৰ বেলেগ ব্যৱস্থা কৰিব৷ লিষ্ট বনাই আছে৷
– নাই নাই, তাৰ পাছত আৰু
একোৱেই নহ’ল৷ পাছত শুনিলোঁ লিষ্টত বোলে নাম বহুত বেছি হৈছে৷ নাম বেছি হ’লে ভাতৰ
দিহা কেনেকৈ কৰিব কওকচোন? এবাৰ দুৰ্গাপূজাত
ক’লে কাপোৰ বিলাব৷ ভৰিত চাৰিটাকৈ বিহফোঁহা, তথাপি গ’লোঁ৷ এৰা, কেইখনমান বিলায়েই ক’লে বোলে কাপোৰ আৰু নাই৷
পাছত শুনিলোঁ, বিষয়া-আমোলাবোৰৰ
লগুৱা-লিক্চৌৱে পালে৷ যিবোৰৰ কপালত আছিল সেইবোৰেই পালে৷ এতিয়া দুখে কেওড়াৰ নামৰ
ভাত কোনেনো খাইছে কেনেকৈ কওঁ কওকচোন? যাৰ চাউল তেওঁ নিদিলে কিনো কৰিব?
– যুঁজ? বৰ ভাল কথা কৈছে৷
যুঁজ নকৰিলে একোৱেই নাপাব৷ পুৰুলিয়াৰ ম’হযুঁজ পৰৱত যিখন যুঁজ হয় সেয়া নাচালে
আপোনাৰ বিশ্বাস নহ’ব৷ আৰু তাত কিযে বাজনা৷ দেখিলে আপোনাৰো তেজ টগবগ কৰি উঠিব৷ লওক,
পেটুৰ ভাজি আহিল৷ পেটুৰ
ভাজিৰে হাড়িয়া খাবলৈ বৰ মজা বুইছে৷
– দুখীয়াবোৰক কম দামত চাউল আৰু ঘেঁহু দিছে বুলি কৈছে? হয়, শুনিছোঁ৷ ৰেচন দোকানৰ যোগেনে হাড়িয়া খাবলৈ আহোঁতে কৈছিল৷ তবে সেইবোৰ আমাৰ
ঘৰলৈ অহা নাই৷ সেই মাল দোকানত বিক্ৰী হৈছে৷ টিভিত কৈছে কথাষাৰ বোলে মন্ত্ৰীৰ কাণত
পৰিছে৷ মন্ত্ৰী খঙত অগ্নিশৰ্মা৷ কৈছে, দলাদলিৰ কাৰণে হেনো অতদিন একো কৰিব পৰা নাই, এতিয়া আৰু চুপ নাথাকিব৷ হেষ্টনেষ্ট কৰিহে এৰিব৷
সেয়া টেঙৰালি নেকি ক’ব পৰা নাই৷
– চাউলৰ সমস্যা কিদৰে আঁতৰাব পৰা যায় সুধিছে? হেৰি গোটেই ঘটনাটো হৈছে এটা খেল৷ পাশা গুটিৰ
চাল এনেকৈ দিলে যে যুধিষ্ঠিৰৰ মাটি-বাৰী, ঘৰ-দুৱাৰ সকলো গ’ল৷ ঘৈণী পৰ্যন্ত গ’ল৷ খেলটো খেলিলে কোনে? শকুনিয়ে৷ সেই গুটি বাগৰি বাগৰি কুৰুক্ষেত্ৰ৷
যুদ্ধ লাগিল৷ কৌৰৱ বংশ ধ্বংস৷ তাৰ পাছত পাণ্ডৱহঁতৰ স্বৰ্গবাস৷ গৈ
থাকোঁতে বাটত এটাৰ পাছত এটাকৈ খহিছে৷ শেহত স্বৰ্গৰ দুৱাৰডলিত মাথোন যুধিষ্ঠিৰ আৰু
তেওঁৰ কুকুৰটো৷ কুকুৰটোনো কোন? ধৰ্ম৷ তাতো যমে
এটা চাল খেলিলে৷ ক’লে…
– হয়, ভাতৰ চাউল৷ সেই
একেই হ’ল৷ চাউলৰ পৰা ভাত, মুড়ি, চাউল ভজা৷ ঘৰত চাউল নাথাকিলে নবাবী চাল কোনোৱে
সহ্য নকৰে৷ গোবিন্দ চৌধুৰীৰ দৰে চালবাজ লোক এজনো নাই৷ সত্তৰৰ ওপৰত বয়স কিন্তু
চালাকিত তেওঁৰ স’তে নোৱাৰিব৷ হুবহু একেবাৰে গোপাল বহুৱা৷ সকলোৱে দেখিলে তেওঁ
পুখুৰী খন্দাইছে, কাণত পৰিল টকাটো
অফিচৰ৷ হেৰি, গভীৰ পানীৰ মাছ
বুইছেনে৷ দৈৰ টেকেলীত জোপ লৈ বহি থাকে৷ নুঠে জালত, নুঠে চিপত৷
– হয়, চাউল দৰকাৰ৷ তবে
শুদা চাউলেৰে নহ’ব৷ ভাতেৰে পেট ভৰিব, মন নভৰে৷ আঞ্জা দৰকাৰ৷ দুৰ্গা গোসাঁনীৰ পূজাত সেয়ে চাল-কোমোৰা বলি দিয়ে৷ লাউ
আৰু চাল-কোমোৰাৰ লগত মাছৰ মূৰ দিলে আঞ্জাখন তেহে পাগল উঠে৷ ছাগলীৰ নাড়ী-ভূড়ি
দিলে আৰু ভাল৷ সৰু সৰু মিছামাছ দিলেও আঞ্জাখনে আৰু ভালকৈ পাগ লয়৷ সেইয়া খুওৱাইছিল
খোকন কমাৰে তাৰ ঘৈণীয়েকৰ স্বাদভক্ষণত৷ সিহঁতৰ ডোবাত যিমান শামুক সিমানেই মিছামাছ৷
মিছামাছবোৰ একো একোটা খুদ জলকীয়াৰ নিচিনা৷ চাল-কোমোৰাৰ স’তে মিহলাই ৰান্ধিলে কি যে
তাৰ সোৱাদ৷ ভাবিলোঁ, খোকন কমাৰৰ
ঘৈণীয়েকৰ লগতে স্বাদভক্ষণ হ’ল৷
– অ’, স্বাদভক্ষণ নহয়,
সাদভক্ষণ৷
– ‘দ’ নহয়, ‘ধ’? সাধভক্ষণ*৷
– কোন, ৰামপ্ৰসাদ?
কি কৈছিল তেওঁ?
– ‘আমাৰ সাধ** না মিটিল?’
জানো হে, এয়া ৰামপ্ৰসাদী গীত৷
– সেইয়া সাধ? হেৰি, আপুনি আৰু নাটানিব, সকলো খেলিমেলি কৰি পেলালে৷ খোকন কমাৰৰ ঘৈণীয়েকৰ
স’তে ৰামপ্ৰসাদক মিলাই পেলাইছে৷ পুৱতিয়ে পাঁচবিধ আঞ্জা খাব, সেইয়া সাধ হ’ব কেনেকৈ? সাধ কোনোবাই খাব পাৰেনে? ইয়াৰ পাছত ক’ব, সাধ আৰু সাধনা একে মাল, সেইটিও ভক্ষণ কৰিব৷
– কিতাপত লিখা আছে বুলি কৈছে? কোনখন কিতাপত?
– অভিধানত? ‘অভি’-ত গণ্ডগোল৷
অভিমন্যুক চাৰিওফালৰ পৰা ঘেৰি মাৰি পেলালে৷ বচ্, মাকৰ কোলা উদং কৰি গুচি গ’ল৷ কুৰুহঁতৰ বংশটো
বদ্ৰ বংশ৷
– কিতাপৰ কথাটো ঠিক বুলি কৈছে? সাক্ষৰতাৰ
মাষ্টৰণীজনীয়ে ‘কিতাপ’, ‘কিতাপ’ বুলি
চিঞৰি পগলা কৰিহে এৰিছিল৷ কিতাপ ভাল বস্তু কিন্তু কথাবোৰ বেঁকা৷ ‘মাটি’ক ‘ভূমি’
বোলে, ‘আবাদ’ক ‘কৃষি’৷
‘দান’ক বোলে অনুদান৷ পঞ্চায়তলৈ গৈ শুনিলোঁ ডাঙৰজনী ঘৈণীৰ নাম ‘অনুৰাধা’৷ তেওঁ ক’লে
মই বোলে অনুন্নত সম্প্ৰদায়ৰ৷ মনে মনে ভাবিলোঁ ‘ৰাধা’ যদি অনুৰাধা হয় তবে দুখে
কেওড়াও অনুন্নত৷ হেৰি, আজিকালি বৰকৈ
‘অনু’ চলিছে৷ পঞ্চায়তৰ মুৰব্বীৰ ঘৰত সোমাবলৈ অনুমতি লাগে৷ তাহানি চাউল-ঘেঁহু
নাপালে দুই-এষাৰ শুনাই আহিব পাৰিছিল, এতিয়া অবাইচ মাত মাতিবলৈ অনুমতি দৰকাৰ৷ ভিতৰলৈ সোমাবলৈ নিদিলেনো অনুৰাগৰ কথাটো
ক’ব কাক?
– বেচ, চাউলৰ কথা হওক৷
কওক কি কথা৷
– বাৰু, কথা হ’ল, কেনেকৈ কম দামত গোটেই বছৰ চাউল যোগান দিব পৰা
যায়৷ ‘যোগান’ বোলোতে যোগেনৰ কথা মনত পৰি গ’ল৷ তাৰ ঘৈণীয়েকে টকা পাব বুলিয়েই পেট
ফলাই বাঁজী হৈ আহিল৷ ফলা পেটেৰে চৌধুৰীহঁতৰ ধান মেলি দিছিল৷ পেট ফুলি মৰিল৷
– হয়, চাউল৷ ধানৰ পৰা
চাউল হয়৷ আমাৰ চুবুৰীৰ কাষৰ পৰাই ধাননি পথাৰখন এঢলীয়া হৈ সৌ খাললৈকে গৈছে৷ ধানৰ
কোনো অভাৱ নাই৷ তেনেহ’লে অভাৱ কিহৰ? চাউলৰ৷ ধানৰ পৰা চাউল হ’লেই গণ্ডগোল৷ যতক্ষণ পুৱতি, কেঁচুৱাটি নিজৰ৷ যি মাত্ৰকে ফুল খহিল, নিজৰ ৰূপ সেই মাত্ৰই দেখুৱালে৷ গৰু-পোৱালী যি
মুহূৰ্ততে চাৰি ভৰিত থিয় হ’ল, তাৰ দৌৰ দেখে
কোনে৷ তবে উপায় আছে৷ ডিঙিত ডাকু উলমাই দিলে আৰু দৌৰিব নোৱাৰিব৷
– এৰা, চাউলৰ সমস্যানো
কিদৰে আঁতৰাব? হেৰি, ধান খেতিৰ মাটি সকলোকে ভাগ কৰি দিয়ক৷ নিজৰ নিজৰ
মাটি নিজে নিজে চহাওক৷
– এৰা, যিসকলে চাকৰি
কৰে! চাকৰি কৰাৰ দৰকাৰ নাই৷ চাকৰি কৰিলেও গোলমাল৷ আমাৰ গাঁৱৰ পঞ্চুৰ পুতেকে চাউলৰ
গুদামত কাম কৰে, চৰকাৰী চাকৰি৷
পঞ্চুৰ ল’ৰাটোৱে চহৰত তিনিমহলীয়া দালান সাজিলে৷ মানুহে কয় বোলে খেতি কৰাতকৈ চাউলৰ
গুদামত কাম কৰাই বেছি লাভ৷ এতিয়া যদি সকলোৱে কয় খেতি নকৰি চাউলৰ গুদামতে কাম কৰোঁ
বুলি, তেনেহ’লে চাউল আহিব
ক’ৰপৰা?
– সকলোৱে খেতি কৰিলে কেনেকৈ হ’ব বুলি সুধিছে? কিয় নহ’ব? যি ৰান্ধে তেওঁ খোপাও বান্ধে৷ অ’ বিপিন মাষ্টৰে
ল’ৰাও পঢ়ুৱাইছে, খেতিয়ো কৰিছে৷
কৰিম বুলিলে সকলো কৰিব পাৰি৷ তবে ক’ব পাৰে বামুনবোৰে কৰিব কি, তেওঁলোকেতো নাঙলৰ মুঠি ধৰিলে নচলিব৷ পাৱাৰ
টিলাৰ চলাব৷
– ডাক্টৰ, পুলিচ, পঞ্চায়তৰ মুৰব্বীসকল ব্যস্ত মানুহ বুলি কৈছে?
তাতেনো কি? ডাক্টৰসকল পুৱা খেতিলৈ ওলাই গ’ল, দুপৰীয়া গা-পাই ধুই খোৱা-বোৱা কৰি উঠি ৰোগী
চালে৷ হাল-কোৰ বাই উঠি পুলিচ গ’ল চোৰ ধৰিবলৈ, মুৰব্বীসকল পঞ্চায়তৰ চকীত বহিল৷
– নহয় নহয়, সময়ৰ কোনো অভাৱ
নহ’ব৷ সময় বেছি হ’লেই গণ্ডগোল৷ ইজনৰ পাছত সিজন লাগিব৷ কাম নাই বুলিয়েই ডাক্টৰে
পিলৰ পাছত পিল দিছে, অথচ ৰোগ আঁতৰা
নাই৷ পুলিচে তেতিয়া হাড়িয়াৰ বিচাৰ-খোঁচাৰ কৰিবলৈ দুখেক কেৱল দৌৰায়েই নেৰিব৷
পঞ্চায়তৰ মুৰব্বীসকলো অনুমতি দিবলৈ আৰু বহি নাথাকিব৷ চহালোক কম বাবেই ধান ঘেঁহু
কমকৈ হৈছে৷ তাৰ বাবেইতো ইমান নাটনি৷ চাউল বেচা-কিনাত দাম চৰি গৈয়েই আছে৷ কিয়নো
দালালৰ খৰচ আছে, বাট-খৰচ আছে.
এইবোৰ সাত-পাঁচ মিলি মাখিয়েই হাতী হৈ পৰিছে৷ পঞ্চুৰ পুতেক ধন ঘটি ঘটি ফুলি গ’ল৷
কাঠিৰ নিচিনা সেই ল’ৰাটো এতিয়া ফুলোঁতে ফুলোঁতে দুই কুইণ্টল৷
– নহয়, পঞ্চুৰ পুতেক
ৰুগীয়া হওক বুলি ক’মনো কিয় বাৰু? লোকৰ ল’ৰা সুখত
থাকক৷ তবে আপোনাৰ-মোৰ ল’ৰাবোৰোতো ল’ৰাই৷ সিহঁতবোৰ ৰুগীয়া হৈ পৰিলে দুঃখ নহ’বনে?
– মই খাদ্য মন্ত্ৰী হোৱা হ’লে কি কৰিলোহেঁতেন সুধিছে? হেৰি, কথাষাৰ কিন্তু ধেমালিহে হ’ল৷ ইমানবোৰ মানুহ থাকোঁতে মোকনো খাদ্যমন্ত্ৰী পাতিব
কিয়? এবাৰেই পঞ্চায়ত নিৰ্বাচনত
প্ৰাৰ্থী হ’বলৈ কৈছিল, আৰু দুনাই অহা
নাই৷
– খাদ্যমন্ত্ৰীৰ ওচৰলৈ গ’লে কি ক’ম সুধিছে? ক’ম বিষ্ণু দেৱতাৰ দৰে আমাৰো নিত্য সেৱাৰ
ব্যৱস্থা কৰক৷ আপোনালোক দেশৰ মা-বাপ, ল’ৰাহঁতক তাজ্যপুত্ৰ কৰিলে হ’বনে?
—–
*গৰ্ভৱতীৰ
ইচ্চানুযায়ী খাদ্য খুওৱাৰ অনুষ্ঠানবিশেষ৷
**কামনা, অভিলাষ৷ ‘আমাৰ সাধ না মিটিল?’- এটি ৰামপ্ৰসাদী গীত৷