জুখিব জানো পাৰি

  প্ৰিয়দেৱ গোস্বামী

 

কেতিয়াবা কোনো এখন
ঠাই বা কোনো এটা দৃশ্য দেখিলে আমি আৱেগ ভৰা ভাষাৰে কওঁ
 : ইমান ধুনীয়া! তেনে ধৰণৰ আৰু অনেক কথা আছে৷ আজি বৰ গৰম, ইমান ডাঙৰ নদী, ইমান লেতেৰা কাপোৰ, ইমান ওখ-চাপৰ আদি বিষয়ত সহজে সহমতত উপনীত হ’ব নোৱাৰি৷ আমি বৰ গৰম বা বৰ জাৰ
বুলি কওঁ ঠিকেই
, কিন্তু কিমান গৰম
বা কিমান ঠাণ্ডা জোখ-মাখ কেনেকৈ কৰিম
? সঁচাকৈয়ে এনে
বিষয়বোৰ জোখ-মাখ কৰি সিদ্ধান্তত উপনীত হ’ব পৰাহ’লে কিমান যে ভাল হ’লহেঁতেন
, কিমান যে সুবিধা হ’লহেঁতেন! ধৰি ল’লোঁ, গৰম উঠিছিল আৰু
ফেনখন পূৰাদমে ঘূৰিছিল৷ কিন্তু কিছু সময়ৰ পাছতে বতৰ ঠাণ্ডা হৈ গ’ল৷ তেনে পৰিস্থিতিত
ফেনখনে নিজে নিজে তাৰ গতি কমাই লাহে লাহে ঘূৰিবলৈ ধৰাহ’লে ভাল হ’লহেঁতেন৷ আমি সততে
এনে ধৰণৰ অনেক পৰিস্থিতিৰ সম্মুখীন হওঁ৷ পৰিস্থিতিবোৰৰ সমানেই আমাৰ মনে এনে ধৰণৰ
প্ৰশ্নবোৰৰ উত্তৰো বিচাৰে৷ চিন্তাবিদসকলেই এনে কথাবোৰৰ সমাধানৰ বাট বিচাৰিবলৈ যত্ন
কৰে৷ আকৌ গণিতজ্ঞসকলে পৰাপক্ষত সকলো কথাকে এক সাংখ্যিক মানৰদ্বাৰা প্ৰকাশ কৰিবলৈ
যত্ন কৰে৷ এনেবোৰ চেষ্টাৰ ফলতে গঢ় লৈ উঠিছে গণিতৰ এক বিশেষ শাখা– ফাজিতত্ত্ব৷

আমি ভাবৰ
আদান-প্ৰদান কৰিবলৈ বা আহৰিত জ্ঞান প্ৰকাশ কৰিবলৈ স্বাভাৱিক ভাষা ব্যৱহাৰ কৰোঁ৷ এই
কাম আমি দুই ধৰণে সমাপণ কৰোঁ– কথিতভাৱে আৰু লিখিতভাৱে৷ এনে কৰোঁতে আমি সাধাৰণতে
কিছুমান শব্দ
, বাক্যাংশ,বাক্য বা উক্তি
ব্যৱহাৰ কৰোঁ৷ সেই উক্তিৰপৰাই আমি বুজিবলগীয়াখিনি বুজিবলৈ যত্ন কৰোঁ আৰু একোটা
সিদ্ধান্তত উপনীত হওঁ৷ প্ৰতিটো ভাষাৰে ব্যৱহাৰৰ কিছুমান নিৰ্ধাৰিত ৰীতি থাকে যাক
ব্যাকৰণ বোলা হয়৷ সেই ব্যাকৰণৰ আধাৰতে শব্দ সাধন আৰু বাক্য গঠন কৰা হয়৷ তেনে শব্দ
আৰু বাক্যৰেই একোখন সমাজৰ আহৰিত জ্ঞান লিপিবদ্ধ কৰা হয়৷ জ্ঞানৰ বিবিধ শাখাৰ উপলব্ধ
তথ্য
, সেই তথ্যৰ বিশ্লেষণ, তেনে বিশ্লেষণৰ ফলাফল আদি কথিত বা লিখিত ৰূপত আমাৰ মাজত বহু হাজাৰ বছৰৰ আগৰ
পৰাই মানুহৰ সমাজত চলি আহিছে৷ কিন্তু এইখিনিতে আমাৰ মনত এটা প্ৰশ্নৰ উদয় হয়– আমি
বাৰু উক্তিবোৰৰ পৰা কেনেকৈ একোটা সিদ্ধান্তত উপনীত হওঁ বা উত্তৰ হিচাপে আমি কেনে
ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ
? এই কথা স্বীকৃত যে
আমাৰ চাৰিও ফালৰ প্ৰকৃতিৰ নিয়মবোৰ বিজ্ঞানৰ ভাষাত লিপিবদ্ধ৷ বহু ক্ষেত্ৰত এই
বিজ্ঞানৰ ভাষাক গাণিতিক ৰূপ দি প্ৰকাশ কৰিব পৰা যায়৷ গতিকে বিজ্ঞানীসকলে সদায়ে এটা
প্ৰয়াস চলাই থাকে য’ত তেওঁলোকৰ গৱেষণালব্ধ উক্তিসমূহক যুক্তিৰ মাধ্যমেৰে গণিতৰ
ভাষাৰে প্ৰকাশ কৰিব পাৰি৷ ছাৰ আইজাক নিউটনৰ পৰা আৰম্ভ কৰি আন আন বিজ্ঞানীসকলে
প্ৰকৃতিৰ এই সূত্ৰসমূহক গণিতৰ ভাষাৰেই প্ৰকাশ কৰি আহিছে৷ এনে সূত্ৰসমূহৰ প্ৰয়োগৰ
ফলত আমাৰ সমাজৰ সংঘটিত পৰিৱৰ্তনসমূহ আমি লক্ষ্য কৰিছোঁ
,সেইসমূহ বিশ্লেষণ
কৰিবও পাৰিছোঁ৷ ঔদ্যোগিক বিল্পৱ এনে পৰ্যবেক্ষণ তথা বিশ্লেষণৰে ফল৷ সেখাত অতি সহজ
যেন লগা এলবাৰ্ট আইনষ্টাইনৰ
 E = mc2  সমীকৰণৰ প্ৰভাৱ আজি সমগ্ৰ
পৃথিৱীয়ে লক্ষ্য কৰিছে৷ এই সমীকৰণৰ পৰাই উদ্ভৱ হোৱা প্ৰযুক্তিয়ে সাম্প্ৰতিক সময়ৰ
সমগ্ৰ পৃথিৱীৰে ৰাজনীতি গৰম কৰি ৰাখিছে৷ গতিকে
, প্ৰকৃতিৰ ভাষাক আমি
যুক্তিসহকাৰে বিশ্লেষণ কৰিব লাগিব
, লগতে গাণিতিক ৰূপো
দিব লাগিব যাতে বিজ্ঞানৰ ফলাফলসমূহক সমূহৰ ব্যৱহাৰৰ বাবে প্ৰয়োগ কৰিব পৰা যায়৷

পুৰণি কালৰ পৰাই
দাৰ্শনিকসকলে ভাষাৰ ভাবৰ বিষয়ে অধ্যয়ন কৰি আহিছে৷ এৰিষ্ট’ট্‌লে কৈছিল যে
উক্তিসমূহক সঁচা আৰু মিছা হিচাপে ভাগ কৰিব পাৰি৷ কিন্তু একে সময়তে একেটা উক্তি
সঁচা বা মিছা হ’ব নোৱাৰে৷ তৰ্কবিদ্যাত উক্তি এটা সম্পূৰ্ণ সঁচা হ’লে এক (১) আৰু
মিছা হ’লে শূন্য
  (০)-ৰে বুজোৱা হয়৷
অধ্যয়নৰ ক্ষেত্ৰ হিচাপে তৰ্কবিদ্যা হ’ল শুদ্ধ চিন্তা
, যুক্তিৰ নীতি আৰু গঠন সম্পৰ্কীয় অধ্যয়ন৷ ইয়াত উক্তিৰ আগমনৰ নিশ্চিতিৰ বিষয়ে
আলোচনা কৰা হয়৷ বাস্তৱ পৃথিৱীত কৰ্তা আৰু ক্ৰিয়াৰ মাজৰ সম্পৰ্ক তাৰ্কিকভাৱে আলোচনা
কৰি সিদ্ধান্তত উপনীত হোৱা যায়৷ শুদ্ধ উক্তিৰ পৰা আমি ভুল সিদ্ধান্তত উপনীত হ’ব
নোৱাৰোঁ৷ কিন্তু বাস্তৱ পৃথিৱীৰ সকলো উক্তিকে জানো সঁচা আৰু মিছা বুলি ভাগ কৰিব
পাৰি
? কেতিয়াও নোৱাৰি৷ যেনে– বৰষুণ আহিব পাৰে, বৰ ধুনীয়া আদি৷ অৰ্থাৎ কিছুমান উক্তিৰ মাজত অনিশ্চয়তা থাকে, কিছুমান সঠিক নহয়, আকৌ কিছুমানৰ
ভাবধাৰা অস্পষ্ট বা ধূসৰ৷ এনে ধৰণৰ উক্তিক সম্পূৰ্ণ সঁচা বা মিছা বুলি ভগাই
দেখুৱাব নোৱাৰি৷ আন কিছুমান উক্তি আছে যিবোৰ কিছু পৰিমাণে সঁচা আৰু কিছু পৰিমাণে
মিছা৷ গতিকে এনে উক্তিবোৰ দাৰ্শনিকসকলৰ বাবে যথেষ্ট আকৰ্ষণীয় বিতৰ্কৰ বিষয়৷
পৰ্যবেক্ষণৰ পৰা দেখা যায় যে কোনো উক্তিয়ে সত্যতাৰ বহু মান লাভ কৰিব পাৰে৷ এনে মান
সত্যতাৰ পৰা অসত্যলৈকে৷ অৰ্থাৎ সত্যতা মানৰ অন্তৰাল হ’ল শূন্যৰ পৰা এক পৰ্যন্ত৷
সত্যতাৰ এনে বহু মানৰ বিষয়ে গ্ৰীক দাৰ্শনিক প্লেট’ৰ লেখাতে প্ৰথম উল্লেখ পোৱা যায়৷
আমাৰ ভাৰতবৰ্ষ আৰু চীন দেশতো পৌৰাণিক কালত এনে বিষয়ত অধ্যয়ন হোৱাৰ প্ৰমাণ আছে৷

এইখিনিতে
উল্লেখযোগ্য যে কম্পিউটাৰ বিজ্ঞানৰ মূল ভেঁটি ‘বুলিয়ান তৰ্কবিদ্যা’ৰ ওপৰত
প্ৰতিষ্ঠিত৷ ব্ৰিটিছ গণিতজ্ঞ জৰ্জ বুলে (১৮১৫– ১৮৬৪) মানুহে কেনেজৰে চিন্তা কৰি
সিদ্ধান্তত উপনীত হয়
, সেই সম্পৰ্কে বিশদভাৱে
অধ্যয়ন কৰিছিল৷ তেওঁৰ তত্ত্ব মতে উক্তিৰ দুটা মান আছে
, যি মান বস্তুৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ নকৰে৷ মান দুটা হৈছে সত্য আৰু অসত্য৷
ইতিপূৰ্বে কোৱা হৈছেই যে সত্যক একে (১)-এৰে আৰু অসত্যক শূন্য (০)ৰে বুজোৱা হয়৷
কিন্তু উক্তিৰ সত্যতাৰ বেলিকা এক আৰু শূন্যৰ মাজত আন মান বা মাত্ৰা দিয়াৰ বিষয়েও
বহু মনীষীয়ে অধ্যয়ন কৰিছিল৷ ডেভিড হিউম (১৭১১– ১৭৭৬) আৰু ইমানুৱেল কাণ্টে (১৭২৪–
১৮০৪) উক্তিৰ এনে মানৰ ধাৰণা আগ বঢ়াইছিল৷ তেওঁলোকে মন্তব্য কৰিছিল যে জীৱন জোৰা
অভিজ্ঞতাৰ দ্বাৰাহে কোনো বিষয়ে জ্ঞান অৰ্জন কৰিব পাৰি৷ গতিকে চিন্তাৰ সত্যতাও
পৰিৱৰ্তনশীল৷ ১৯২০ চনত প’লিশ্ব যুক্তিবিদ তথা দাৰ্শনিক জানলুকাছিৱিক্‌ছে (
Jan Lukasiewicz, ১৮৭৮ – ১৯৫৬) উক্তিয়ে লাভ কৰিব পৰা তিনিটা মানৰ ধাৰণা
আগ বঢ়াইছিল৷ এক আৰু শূন্যৰ বাহিৰে তেওঁ বাক্যৰ সত্যতা-মান ঙ্ম.প্ত হ’ব পাৰে বুলি
এটা ধাৰণা উত্থাপন কৰিছিল৷ ব্ৰিটিছ দাৰ্শনিক তথা গণিতজ্ঞ বাট্ৰৰ্াণ্ড ৰাছেলে (
Bertrand Russell, ১৮৭২–  ১৯৭০) ধ্ৰুপদী তৰ্কবিদ্যাৰ দ্বাৰা বাক্যৰ ধূসৰত্য সম্পৰ্কে আলোচনা কৰি অধ্যয়নৰ
এই ক্ষেত্ৰখনক সমৃদ্ধ কৰি গৈছে৷ জাৰ্মান পদাৰ্থবিদ তথা দাৰ্শনিক মেক্স ব্লেকে (
Max Black, ১৯০৯– ১৯৮৮) ধূসৰ সংহতিৰ ধাৰণা আগ বঢ়াইছিল৷ আধুনিক
গণিতৰ আধাৰ সংহতি গণিতৰ এক গুৰুত্বপূৰ্ণ শাখা৷ ইয়াৰ সহায়ত অনেক কথাৰ ব্যাখ্যা সহজে
আগ বঢ়াব পাৰি৷

ধূসৰতাক ইংৰাজী
প্ৰতিশব্দ ফাজি (
Fuzzy)ৰে বুজোৱা হয়৷ প্ৰকৃত ফাজি তৰ্কবিদ্যাৰ ইতিহাস আৰম্ভ
কৰে গণিতজ্ঞ লাৎফি এ জাডেহে (
Lotfi A Zadeh, ১৯২১– ২০১৭) ১৯৬৫ চনৰ জুন মাহত প্ৰকাশিত
তেওঁৰ গৱেষণা পত্ৰ ‘
Fuzzy sets’-অৰ (Information and Control. 8 (3). San Diego: 338-353) জৰিয়তে৷ উক্ত গৱেষণা পত্ৰত তেওঁ
উল্লেখ কৰিছিল যে সংহতিৰ মৌলসমূহ এক গ্ৰেডত অন্তৰ্ভুক্ত হৈ থাকে৷ সংহতি এক
অন্তৰ্ভুক্তি ফলনৰ দ্বাৰা সংজ্ঞাবদ্ধ হৈ থাকিব আৰু ইয়াৰ মান শূন্যৰ পৰা একলৈ
থাকিব৷ ফাজি সংহতিৰ ধাৰণাৰ আধাৰত বহু মানবিশিষ্ট তৰ্কবিদ্যা আৰু অনিশ্চিত
তৰ্কবিদ্যাৰ বিষয়ে বৰ্তমানলৈকে অনেক গৱেষণা কৰা হৈছে৷ কিন্তু জাডেহে গণনাকৃত আৰু
আভিযান্ত্ৰিক প্ৰয়োগৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি গৱেষণাত মনোনিৱেশ কৰিছিল৷

ফাজিতত্ত্বৰ
জন্মদাতা লাৎফি এ জাডেহৰ জন্ম হৈছিল অধুনালুপ্ত ছেভেয়েট ইউনিয়নৰ অঙ্গৰাজ্য আজাৰবাইজানত৷
তেওঁ প্ৰাথমিক শিক্ষা আহৰণ কৰিছিল ৰাছিয়ান ভাষাত আৰু পৰৱৰ্তী কালতো তেওঁ অনেক
ৰাছিয়ান কিতাপ-পত্ৰৰ অধ্যয়ন অব্যাহত ৰাখিছিল৷ আঢ্যৱন্ত পৰিয়ালৰ জাডেহ দহ বছৰ বয়সত
ইৰাণলৈ আহে৷ সৰুৰে পৰা অধ্যাপক হোৱাৰ সপোন দেখা জাডেহে ১৯৪২ঞ্জচনত তেহৰাণ
বিশ্ববিদ্যালয়ৰ পৰা বৈদ্যুতিক আভিযান্ত্ৰিক বিষয়ৰ স্নাতক ডিগ্ৰী লাভ কৰে৷
স্নাতকহোৱাৰ পাছত জাডেহে আমেৰিকান সৈন্যবাহিনীৰ পাৰস্য উপসাগৰীয় গোটৰ সৈতে এক
ব্যৱসায়িক সম্বন্ধ গঢ়ি তুলিছিল৷ সেই সম্পৰ্কই তেওঁক আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ
সুযোগ দিছিল আৰু একেটা কাৰণেই তেওঁক পাছত বিশ্ববিখ্যাত শিক্ষা প্ৰতিষ্ঠান
 MIT- (Massachusetts Institute of Technology) নাম ভৰ্তি কৰিবলৈ সুবিধা দিছিল৷ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰে বাৰ্কেলিৰ
কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক আভিযান্ত্ৰিক বিভাগৰ অধ্যক্ষ হৈ থকা সময়তে
, ১৯৬৫ চনত তেওঁ ফাজিতত্ত্ব বিষয়ক
প্ৰথমখন গৱেষণা পত্ৰ প্ৰকাশ কৰে৷ সেই সময়তে কম্পিউটাৰ বিজ্ঞান বিষয়টোও লাহে লাহে
গা কৰি উঠিছিল৷ কিন্তু তেওঁৰ বিশ্ববিদ্যালয়ৰ সহকৰ্মীসকলে কম্পিউটাৰ বিজ্ঞান
বিষয়টোৰ ভৱিষ্যৎ সম্পৰ্কে সন্দিহান আছিল৷ সেইসকলৰ বিপৰীতে জাডেহে ১৯৬৭
 চনত বিষয়টোৰ গুৰুত্ব উপলব্ধি
কৰি বিভাগটোৰ নাম বৈদ্যুতিক আভিযান্ত্ৰিক আৰু কম্পিউটাৰ বিভাগলৈ সলনি কৰিবলৈ সক্ষম
হৈছিল৷ ১৯৬৮
 চনত বিভাগীয় অধ্যক্ষ পদ এৰাৰ
পাছৰ পৰাহে তেওঁ ফাজিতত্ত্বৰ অধ্যয়নত অধিক মনোনিৱেশ কৰে৷ ফাজিতত্ত্বৰ গৱেষণা
যথেষ্ট প্ৰতিবন্ধকতাৰ মাজেদিহে আগ বাঢ়িছিল৷ ১৯৬০
 দশকৰ শেষৰ ফালে ফাজিতত্ত্বৰ গৱেষণাৰ বাবে আবণ্টন কৰা
ধন চৰকাৰে অপচয় কৰিছে বুলি আমেৰিকাৰ সদনত অভিযোগ উত্থাপন হোৱাৰ কথা এই ক্ষেত্ৰত
উল্লেখ কৰিব পাৰি৷ ঠিক সেইদৰেই কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু
গণিতৰ অধ্যাপক ৱিলিয়াম কাহানে
 (William Kahan,  ১৯৩৩) ১৯৭৫ চনত ফাজিতত্ত্ব সম্পূৰ্ণ ভুল বুলিয়েই মন্তব্য কৰিছিল৷ কাহানে মন্তব্য
কৰিছিল যে ফাজিতত্ত্বই গণিতৰ মূল দাৰ্শনিক আধাৰকে আঘাত কৰি অসঠিক চিন্তাক উৎসাহিত
কৰিব আৰু তেনে হ’লে যথেষ্ট আহুকাল সৃষ্টি হ’ব৷ তেনেদৰেই ১৯৭২ চনত ফ্ল’ৰিডাৰ ষ্টেট
য়ুনিভাৰ্ছিটিৰ ৰুডল্‌ফ ই কলমেনে
 (Rudolf E. Kálmán,  ১৯৩০– ২০১৬) কৈছিল যে ফাজিতত্ত্ব বৈজ্ঞানিক শাখাৰ কৰ্মই নহয়৷ এনেদৰেই ফাজিতত্ত্বই আৰম্ভণিৰ
কালছোৱাত গণিতজ্ঞসকলৰ পৰা সমাদৰ পোৱা নাছিল
, বৰং বাধাহে পাইছিল৷

বহু ক্ষেত্ৰত দেখা
যায় যে কোনো এক যুগান্তকাৰী তত্ত্বই বিদ্বৎ সমাজৰ স্বীকৃতি লাভ কৰিবলৈ যথেষ্ট সময়
লাগে৷ ফাজিতত্ত্বই গ্ৰহণযোগ্যতা অৰ্জন কৰিবলৈও ভালেখিনি বছৰৰ দৰকাৰ হৈছিল৷ বিশেষকৈ
ইয়াৰ নামত থকা ফাজি শব্দটোৱেও বহুতকে অসুবিধাত পেলাইছিল৷ কিন্তু জাডেহে তেওঁৰ
তত্ত্বৰ অটল হৈ থাকিল আৰু প্ৰস্তাৱনাৰ প্ৰায় দুটা দশকৰ অন্তত বিশ্বজুৰি স্বীকৃতি
অৰ্জন কৰিবলৈ সক্ষম হ’ল৷ এই ক্ষেত্ৰত
 IEEE (Institute of Electrical and Electronics Engineers)-ৰ লাভ কৰাটো আছিল বিশেষভাৱে উল্লেখযোগ্য৷ ক’বলৈ গ’লে আৰম্ভণিৰ ফালে ফাজিতত্ত্ব
নিজেই ফাজি হৈ আছিল৷

ফাজিতত্ত্বৰ মূল
ধাৰণা হৈছে এয়ে যে যিকোনো উক্তি বা তত্ত্বৰ এক সত্যতা-মান থাকে৷ সত্যতা-মানৰ ওপৰত
নিৰ্ভৰ কৰি সেই বক্তব্যৰ গাণিতিক মান নিৰ্ণয় কৰা হয়৷ উদাহৰণ স্বৰূপে ফাজিতত্ত্বৰ
দ্বাৰা ‘সৰু-ডাঙৰ’
, ‘গৰম-ঠাণ্ডা’ আদি ধাৰণাবোৰৰ মান নিৰূপণ কৰি বিশ্লেষণ
কৰিব পৰা যায়৷ জাডেহে নিজেও ভাবিছিল যে এই তত্ত্ব বিশেষভাৱে দৰ্শন
, মনোবিজ্ঞান, ভাষাতত্ত্ব, জীৱবিজ্ঞান আদি বিষয়ৰ অধ্যয়নতহে ব্যৱহাৰ কৰিব পৰা যাব৷ তেওঁ ভবা নাছিল যে
বৈদ্যুতিক উপকৰণ আদিৰ নিৰ্মাণতো এদিন তেওঁৰ ফাজিতত্ত্বৰ ব্যৱহাৰ হ’ব বা ঔদ্যোগিক
ক্ষেত্ৰতো ব্যৱহাৰ হ’ব৷ কিন্তু বৰ্তমান সময়ত এই তত্ত্বৰ সৰ্বাধিক সফল
, প্ৰয়োগ বৈদ্যুতিক সামগ্ৰী নিৰ্মাণতে হোৱা দেখা গৈছে৷ ১৯৮৭ চনত জাপানৰ Matsushita Electronic Industrial Company-য়ে গা ধুবলৈ ব্যৱহাৰ কৰা পানীৰ নলত তাপমাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ ফাজিতত্ত্ব
প্ৰয়োগ কৰি সফল হৈছিল৷ বৰ্তমান বাচন ধোৱা যন্ত্ৰ
, কাপোৰ ধোৱা যন্ত্ৰ, শীতাতপ নিয়ন্ত্ৰণ
যন্ত্ৰ
, মাইক্ৰ’ৱে’ভ অ’ভেন, কেমেৰা, টেলিভিশ্যন, যান-বাহন আদি অনেক ঔদ্যোগিক উপকৰণত ফাজিতত্ত্ব ব্যৱহাৰ কৰা হয়৷ জাডেহৰ তত্ত্বৰ
গুৰুত্ব উপলব্ধি কৰি প্ৰথমে জাপানে আৰু তাৰ পাছত দক্ষিণ কোৰিয়া
, চীন, ভাৰত, ইউৰোপ, আমেৰিকা আদিত ক্ৰমে ক্ৰমে ব্যাপক চৰ্চা হ’বলৈ আৰম্ভ কৰে৷ যান্ত্ৰিক তথা
ঔদ্যোগিক ক্ষেত্ৰত সক্ষমতা বৃদ্ধিৰ বাবে ১৯৭৩ চনতে প্ৰথম ফাজিতত্ত্বৰ সফল ব্যৱহাৰৰ
প্ৰয়াস চলোৱা হয়৷ তাৰ পাছত ব্ৰিটেইনৰ অধ্যাপক ইব্ৰাহিম মামদানি
 (Ebrahim Mamdani, ১৯৪২– ২০১০) য়ে ১৯৮০ চনত চিমেণ্ট উদ্যোগত এই
তত্ত্ব ব্যৱহাৰ কৰে৷ ১৯৮৭ চনত
 Omron নামৰ কোম্পানীয়ে প্ৰথম ব্যৱসায়িক ‘ফাজি কণ্ট্ৰ’লাৰ’ তৈয়াৰ কৰি উলিয়ায়৷ তাৰ
পাছত ক্ৰমে ক্ৰমে
 Hitachi, Fuji, Nippon আদি কোম্পানীবোৰেও তেওঁলোকৰ উৎপাদিত সামগ্ৰীত ফাজিতত্ত্বৰ সফল ব্যৱসায়িক
প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে৷ বৰ্তমান সময়ৰ গাড়ীৰ
 ABত্ৰ ব্ৰে’ক পদ্ধতি, কেমেৰাৰ স্ব-নিবন্ধী, ভিডিঅ’ গে’ম আদি
অনেক ক্ষেত্ৰত ফাজিতত্ত্ব ব্যৱহাৰ কৰা হয়৷ জাডেহে নিজেও আমেৰিকান মহাকাশ সংস্থা
‘নাছা’ৰ বাবে ফাজি লজিকবিশিষ্ট প্ৰথম ৰবট
 Alter নিৰ্মাণত সহায় কৰি দিছিল৷

সাম্প্ৰতিক সময়ত
গৱেষণা আৰু উন্নয়নৰ সৈতে জড়িত বহু ব্যক্তি তথা প্ৰতিষ্ঠানৰ বাবে ফাজিতত্ত্ব
অত্যন্ত উপযোগী বুলি গৃহীত হৈছে৷ অভিযন্তা
, গণিতজ্ঞ, কম্পিউটাৰ বিজ্ঞানী, প্ৰাকৃতিক বিষয়ৰ
বিজ্ঞানী
, চিকিৎসাবিদ, অৰ্থনীতিবিদসকলৰ
লগতে সমাজ বিজ্ঞানৰ বিভিন্ন শাখাৰ অধ্যয়নত ইয়াৰ বহুমুখী প্ৰয়োগ সফল হৈছে৷ এক কথাত
ক’বলৈ গ’লে বিজ্ঞানৰ সকলো শাখাতে সাম্প্ৰতিক পৃথিৱীক ফাজিতত্ত্বই সমৃদ্ধ কৰিছে৷ এই
ক্ষেত্ৰত ফাজিতত্ত্ব বিষয়ক গৱেষণা সম্পৰ্কীয় সমীক্ষাৰ তথ্যই প্ৰমাণ দিয়ে৷ ২০০৩ চনৰ
এটা সমীক্ষা মতে সেই সময়ত ফাজিতত্ত্ব বিষয়ক বৈজ্ঞানিক পত্ৰিকা আছিল ছাব্বিছখন (২৬)
যিবোৰত এক লাখতকৈও (১০০০০০) অধিক মানসম্পন্ন গৱেষণা পত্ৰ প্ৰকাশ পাইছিল৷ লগতে
পেটেণ্ট পঞ্জীয়ন হৈছিল চৌবিছ হাজাৰতকৈও (২৪০০০) অধিক৷ এই সংখ্যাটো বৰ্তমান নিশ্চয়
দুগুণতকৈও বেছি হ’ব৷ যিহেতু অধ্যয়নৰ প্ৰতিটো শাখাতে ফাজিতত্ত্ব ব্যৱহাৰ কৰিব পাৰি
, গতিকে দেখা গৈছে যে আগন্তুক দিনবোৰত এই তত্ত্বই অনেক পৰিৱৰ্তন সাধন কৰিব৷

গণিতৰ এটা তত্ত্বই
আমাৰ সমাজ
, বিজ্ঞান, অৰ্থনীতি, উদ্যোগ আদি সৰ্বত্ৰ প্ৰভাৱ বিস্তাৰ কৰি কেনেদৰে গোটেই পৃথিৱীতে এক পৰিৱৰ্তনৰ
জোৱাৰ সৃষ্টি কৰিবলৈ সক্ষম হয় ফাজিতত্ত্ব তাৰে এক উজ্জ্বল প্ৰমাণ৷ যুগে যুগে গণিতৰ
একোটা তত্ত্ব মানৱ সভ্যতাৰ পৰিৱৰ্তনৰ কাৰকৰূপে গৃহীত হৈ আহিছে৷ ফাজিতত্ত্বৰ
উদ্ভাৱক লাৎফি জাডেহে জীৱনকালত অনেক আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল৷ এইজন মহান
গণিতজ্ঞই ২০১৭ চনৰ ৬ ছেপ্তেম্বৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰত মৃত্যু বৰণ কৰে৷

 

 

ঠিকনা :

খনীয়া গাঁও, ডিব্ৰুগড়

ফ’ন : ৯৪৩৫৪৭৩৭৮২