ড° পুলক সভাপণ্ডিত
পৃথিৱীত এনে কিছুমান লোক আছে যি জীৱিত কালত একমাত্ৰ
মানৱকল্যাণৰ বাবে কাম কৰে৷ কিন্তু এইখন পৃথিৱীতে এনে কিছুমান ব্যতিক্ৰমী লোক আছে, যি জীৱিত
কালত মানুহৰ বাবে কাম কৰাৰ উপৰি মানুহৰ কল্যাণৰ বাবে নিজৰ জীৱন পৰ্যন্ত বিসৰ্জন
দিবলৈ কুন্ঠাবোধ নকৰে৷
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, প্রতি
বছৰ বিশ্বত ৫ দশমিক ৪ মিলিয়ন লোক সাপৰ কামোৰত আক্রান্ত হয়। ইয়াৰ অৰ্ধেকেই আক্রান্ত
হয় বিষাক্ত সাপৰ কামোৰত। আৰু বিষক্রিয়াত প্রতি বছৰ ৮১ হাজাৰৰ পৰা ১ লাখ ৩৮ হাজাৰ
লোক মৃত্যু মুখত পৰে। যদিও সৰ্প দংশনত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যাৰ তথ্যটো
সম্পূৰ্ণ সঠিকৰূপত দিয়াটো সম্ভৱ নহয় তথাপিও আনুমানিকভাৱে আমাৰ ভাৰতত ২০০০ চনৰ পৰা
২০১৯ চনলৈকে প্রতি বছৰে গড়ে ৫৮০০০ লোকৰ সাপৰ কামোৰত মৃত্যু হৈছে৷ ইয়াৰ ভিতৰত
বহুতৰেই সাপৰ বিষৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আগতেই আগন্তুক মৃত্যুৰ কথা কল্পনা কৰি
ভয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়৷
এই যে ইমান বৃহৎ সংখ্যক লোকৰ সাপৰ কামোৰত মৃত্যু হয়, তেওঁলোকৰ
কোনোবাই বাৰু নিজৰ মৃত্যুৰ পূৰ্বে নিজৰ শৰীৰ বা মনৰ অনুভূতিবিলাক নিজেই কোনো
ডায়েৰী, পত্ৰিকা কিম্বা যি কোনো ঠাইত লিখি গৈছে নেকি?
কথাটো শুনিবলৈকে কিবা আচহুৱা যেন লাগিছে নহয়নে? শুনি আপুনি হয়তো আচৰিত হ’ব এই লেখাটোত এনেকুৱা এজন
ব্যক্তিৰ কথা আলোচনা কৰিবলৈ ওলাইছো যি সাপে কামোৰাৰ পিছত বিষক্ৰিয়াত আক্ৰান্ত হৈ
মৃত্যুক সাৱটি লোৱালৈকে, এই গোটেই সময়খিনিত তেওঁৰ সৈতে ঘটা
সমস্ত ঘটনাৱলী লিপিৱদ্ধ কৰি গৈছিল৷ তেওঁ কৰা এনে এক ব্যতিক্ৰমী কামৰ উদ্দেশ্য আছিল
সাপে কামোৰা ৰোগীৰ শৰীৰত কেনে ধৰণৰ অনুভূতিৰ উদ্রেক হয় তাক প্ৰকাশ কৰা৷
ক’বলৈ ওলাইছো আমেৰিকাৰ বিখ্যাত সৰীসৃপ
প্রাণীবিদ বিশেষজ্ঞ কাৰ্ল পেটাৰছন স্মিটৰ কথা। স্মিটে উভচৰ আৰু সৰীসৃপ প্রাণীক লৈ
বিশদভাৱে গৱেষণা কৰিছিল। তেওঁ নিউইয়ৰ্কৰ ‘আমেৰিকান নেশ্বাৰেল হিষ্ট্ৰী যাদুঘৰত’ কৰ্মৰত আছিল। তাৰ পৰাই তেওঁ চিকাগোৰ যাদুঘৰৰ উন্নয়নৰ হকে কাম কৰিছিল। তেওঁ
যাদুঘৰৰ কাৰণে নমুনা সংগ্রহৰ উদ্দেশ্যে মধ্য আমেৰিকাৰ পৰা আৰম্ভ কৰি দক্ষিণ
আমেৰিকালৈকে বিভিন্ন স্থানত ঘূৰি ফুৰিছিল। তেওঁ আমেৰিকাৰ ইকথিঅ’লজিষ্ট আৰু হাৰ্পেট’লজিষ্ট ছ’চাইটিৰ
সভাপতিও আছিল৷
তেওঁৰ দীৰ্ঘদিনৰ বৈজ্ঞানিক পেছাদাৰী জীৱনত তেওঁ
অসংখ্য বিষধৰ সাপৰ লগত সময় পাৰ কৰিছিল। কিন্তু ১৯৫৭ চনৰ ২৬ ছেপ্টেম্বৰত, দুর্ভাগ্যবশতঃ
সাপৰ কামোৰতেই তেওঁৰ মৃত্যু হয়। কিন্তু আশ্চৰ্যজনক কথাটো হ’ল
ড° স্মিটে নিজৰ জীৱন হয়তো বচাব পাৰিলেহেঁতেন৷
কিন্তু বিজ্ঞানৰ সুবিধাৰ্থে জীৱন উৎসর্গা কৰাৰ বাবে তেওঁ মন স্থিৰ কৰি পেলাইছিল
যাৰ বাবে তেওঁ বিষক্ৰিয়াত আক্ৰান্ত হৈয়ো চিকিৎসাৰ বাবে কোনো চিকিৎসকৰ ওচৰলৈ যোৱা
নাছিল। ইয়াৰ পৰিৱর্তে তেওঁ নিজৰ মৃত্যুৰ আগৰ সময়খিনিৰ
অনুভূতি তেওঁৰ ডায়েৰিত লিখি থৈ যায়। তেওঁ সৰ্প দংশনত আক্ৰান্ত ৰোগীৰ অৱস্থাৰ বিষয়ে
বিজ্ঞানক অৱগত কৰিব বিচাৰিছিল৷
স্মিটক যিটো সাপে কামুৰিছিল সেইটো আছিল আফ্রিকাৰ
বুমস্লাং সাপ। Dispholidus typus হৈছে এই বিষধৰ সাপটোৰ বৈজ্ঞানিক নাম। এই
সাপটোৰ বিষয়ে জানিবৰ বাবেই চিকাগোৰ লিংকন
পাৰ্ক চিৰিয়াখানাৰ পৰিচালক ৰবাৰ্ট ইনগাৰে সাপটো স্মিটৰ ওচৰলৈ পঠিয়াই দিছিল৷ নতুন
নতুন সাপক লৈ অদম্য কৌতূহল লোৱা স্মিটে তেওঁৰ সহকৰ্মীৰ লগত সাপটো লৈ ব্যস্ত হৈ
থাকোতেই দুৰ্ভাগ্যবশতঃ স্মিটৰ অসাৱধানতাৰ সুযোগ লৈ সাপটোৱে হঠাৎ তেওঁৰ বাওঁহাতৰ বুঢ়া আঙুলিটোত তীক্ষ্ণ বিষদাঁত বহুৱাই দিয়ে।
কার্ল স্মিটসহ সেই সময়ৰ বহুতো সৰীসৃপ প্রাণীবিদে
বুমস্লাং সাপক বিষাক্ত বুলি গণ্য নকৰিছিল। গতিকে সাপটোৱে কামোৰাৰ কিছু সময়ৰ পিছত কাৰ্ল স্মিটে ট্রেইনেৰে নিজৰ ঘৰলৈ গুচি যায়। তাৰপিছত ব্যস্ত হৈ পৰে তেওঁৰ লগত সেই সময়ত ঘটি
থকা ঘটনাপ্রৱাহ লিপিবদ্ধ কৰাত৷ তেওঁ লিখিছিল–
কামোৰাৰ পিছৰ প্রথম ঘণ্টাত তেওঁৰ বমি বমি ভাৱ হয়
কিন্তু বমি নহয়।
দ্বিতীয় ঘণ্টাৰ পৰা শৰীৰ লাহে লাহে শীতল হয় আৰু তেওঁৰ
কঁপনি আৰম্ভ হয়। কঁপনি যোৱাৰ পিছত শৰীৰত জ্বৰ অনুভৱ হয়৷ মুখেৰে মিউকাচ জাতীয়
পদাৰ্থ বাহিৰ হৈ থাকে আৰু বিশেষকৈ দাতৰ গুড়িৰ পৰা ৰক্তপাত হয়।
কামোৰাৰ প্ৰায় তিনি চাৰি ঘণ্টা পিছত তেওঁ গাখীৰৰ সৈতে
দুটুকুৰা ট’ষ্ট খায়।
ৰাতি নমান বজাত তেওঁ শুবলৈ যায় আৰ ১২ বাজি ২০ মিনিটত
টোপনিৰ পৰা উঠি প্রস্রাৱ কৰিবলৈ যায়। তেওঁৰ প্রস্রাৱৰ সৈতে
পাতলীয়া ৰক্ত বাহিৰ হয়। তাৰপিছত তেওঁ এক গিলাচ পানী খাই পুনৰ শুবলৈ যায় আৰু পুনৰ পুৱা চাৰে চাৰিটাত
উঠে। সেই সময়ত তেওঁৰ তীব্ৰ বমি বমি ভাৱ হয় আৰু বমি কৰে। তেওঁ লক্ষ্য কৰিলে ৰাতি
তেওঁ খোৱা খাদ্যখিনি হজম নোহোৱাকৈ থাকি বমিৰ লগত ওলাই আহিছিল। বমি কৰাৰ পিছত তেওঁ
সামান্য আৰামবোধ কৰে আৰু পুনৰ শুই পৰে৷ স্মিটে চাৰে ছটাত বিছনা ত্যাগ কৰে৷
পুৱা তেওঁ নিয়মিত কৰাৰ নিচিনাকৈ অলপ খোজকাঢ়ে। ইয়াৰ
পিছত পুনৰ লেখা আৰম্ভ কৰে। তেওঁ লিখে, ৰাতিপুৱা চাৰে ছটাত তেওঁৰ শৰীৰৰ
তাপমাত্রা হয়গৈ ৯৮ দশমিক ২ ডিগ্রি ফাৰেনহাইট। ইয়াৰ পিছত ডিম, ব্ৰেড, আপেল, কফি ইত্যাদিৰ
দ্বাৰা ব্ৰেকফাষ্ট কৰে৷ সেই সময়ত ৰক্তযুক্ত প্রস্রাৱ বন্ধ
হয়। কিন্তু মুখৰ পৰা তেতিয়াও পাতলীয়াকৈ তেজ ওলাই থাকে। দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ
পিছৰ পৰা ক্ৰমান্বয়ে স্মিটৰ অৱস্থাৰ অৱনতি হয়। স্মিটে তেওঁৰ পত্নীক মাতি আনে৷
স্মিটৰ অৱস্থা দেখি তেওঁৰ পত্নীয়ে জোৰকৰি খৰধৰকৈ তেওঁক চিকিৎসালয়লৈ লৈ যায়। সেই
সময়ত তেওঁ প্ৰচণ্ড শ্বাসকষ্টত ভোগে আৰু হঠাৎ অচেতন হৈ পৰে৷ এটা সময়ত তেওঁৰ শৰীৰ
সম্পূৰ্ণ অকামিলা হৈ পৰে। এনেকৈয়ে আবেলি তিনি মান বজাত স্মিটে মৃত্যুক সাৱটি লয়।
তেওঁৰ পষ্টমৰ্টেম ৰিপৰ্টত তেওঁৰ শৰীৰৰ ভয়াবহ অৱস্থা দেখা যায়। ৰিপৰ্টত উল্লেখ কৰা
মতে তেওঁৰ শৰীৰৰ অভ্যন্তৰত প্রচুৰ পৰিমাণে ৰক্তক্ষৰণ হৈছিল।
কাৰ্ল পেটাৰচন স্মিট বিংশ শতিকাৰ অন্যতম এজন সৰীসৃপ
প্রাণীবিদ বিশেষজ্ঞ আছিল। তেওঁ ২০০–ৰো অধিক প্রজাতিৰ সাপৰ নামাকৰণ কৰিছিল। তাৰোপৰি সৰীসৃপ প্রাণীবিদ্যাৰ ওপৰত তেওঁ ১৫ হাজাৰৰো অধিক
শিৰোনাম যুক্ত কৰি গঠন কৰিছিল ‘কাৰ্ল পেটাৰছন স্মিট স্মৃতি
সৰীসৃপ প্রাণীবিদ্যা লাইব্রেৰী’। কিন্তু তেওঁৰ দুর্ভাগ্যজনক এই মৃত্যুৰ প্ৰসংগত বহুতো
সমালোচকে মন্তব্য প্ৰকাশ কৰে যে স্মিটে হয়তো আগতেই জানিছিল যে তেওঁ তেওঁৰ জীৱন বচাব
নোৱাৰিব। কাৰণ সেই সময়ত বুমস্লাং সাপৰ বিষৰ বাবে নির্দিষ্ট কোনো এন্টি-ভেনম আছিল
বুলি জনা নগৈছিল।
সমালোচকে যিয়েই নকওক কিয় স্মিটৰ নিচিনা এজন বিখ্যাত
সৰীসৃপ প্রাণীবিদ বিশেষজ্ঞৰ মানৱ কল্যাণৰ অৰ্থে এনেদৰে জীৱন উৎসর্গা কৰা কথাটোক
কেতিয়াও হেয় কৰি চোৱা উচিত নহয়, বৰঞ্চ তেওঁৰ এই বলিদানক সমগ্ৰ বিশ্বই
সন্মান দিয়া উচিত৷ তেওঁ অনুভৱ কৰিছিল তেওঁ আগবঢ়োৱা এই তথ্য সম্বলিত লেখাই চিকিৎসাবিজ্ঞানক
এই বিষয়ত অধিক গৱেষণা কৰাত সমল যোগাব যি সৰ্প দংশনত আক্ৰান্ত লোকৰ চিকিৎসা কৰাৰ
ক্ষেত্ৰত সহায়ক হ’ব৷ নিজৰ জীৱন বচাবলৈ চেষ্টা কৰাৰ বিপৰীতে
যি মহান উদ্দেশ্যক সৰোগত কৰি কাৰ্ল স্মিটে জীৱন বিসৰ্জন দিলে তাৰ বাবে কাৰ্ল স্মিট
চিৰ স্মৰণীয় হৈ ৰ’ব৷