বিজ্ঞানমনস্কতা আৰু শংকৰদেৱ : প্ৰেক্ষিত নামঘৰ প্ৰসঙ্গ

 মঞ্জু
দাস

 

প্ৰস্তাৱনা :


বিজ্ঞানমনস্কতা হল বৈজ্ঞানিক মনোবৃত্তি, যুক্তিবাদী মননশীল চৰ্চা আৰু
বিচাৰাত্মক চিন্তাৰ পদ্ধতিগত কৌশল৷ কোনো এটা বিষয়ত এক কথাত সহমত প্ৰকাশ নকৰি সংশয় প্ৰকাশৰ
দ্বাৰা যুক্তিনিষ্ঠাভাৱে আৰু বিচাৰ-বিশ্লেষণ কৰাই হ

বিজ্ঞানমনস্কতা৷ নিৰন্তৰ প্ৰশ্নশীলতা আৰু অনুসন্ধিৎসা বিজ্ঞানমনস্কতাৰ বৈশিষ্ট্য৷ বিজ্ঞানমনস্কতাৰ
বাবে কোনো ব্যক্তি বিজ্ঞানৰ ছাত্ৰ বা গৱেষক হ
ব নালাগে৷
সাধাৰণ ব্যক্তি এগৰাকীও বিজ্ঞানমনস্ক হ
ব পাৰে৷
তেওঁ জীৱন-জগতৰ ঘটনা-পৰিঘটনাবোৰ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিব পাৰিব লাগিব৷


পঞ্চদশ শতিকাৰ
ভাৰতীয় নৱবৈষ্ণৱ আন্দোলনৰ এগৰাকী কাণ্ডাৰী পুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ৷ তেখেতৰ কৰ্মৰাজি
আৰু সৃষ্টি সমূহৰ অসাধাৰণত্বই আজিৰ সময়তো  আৰু ভৱিষ্যতলৈও 
প্ৰাসঙ্গিক হৈ থাকিব৷ তেখেতৰ
সৃষ্টি আৰু কৰ্মৰ লক্ষ্য ধৰ্ম প্ৰচাৰতে সীমাৱদ্ধ নকৰি সমাজৰ ঐক্য
, সংহতি, উন্নতি সাধন কৰি জনজীৱনৰ মঙ্গল কামনাৰ লগতে
প্ৰাকৃতিক পৰিৱেশ আদিৰ উন্নত বাতাৱৰণ সৃষ্টিৰ ওপৰতো গুৰুত্ব দিছিল৷ তেখেতৰ
সৃষ্টি-কৰ্মৰাজিৰ মাজেৰে প্ৰকৃতি সচেতনতা
, পৰিৱেশ সুৰক্ষা,
জনস্বাস্থ্য সচেতনতা আদি বিভিন্ন দিশৰ প্ৰতিফলন ঘটিছে৷ সংস্কাৰমুক্ত,
মুকলিমনা, সংশয়বাদী, জিজ্ঞাসু, বিজ্ঞানসন্মত যুক্তি আৰু প্ৰমাণৰ ওপৰত নিৰ্ভৰশীল
শংকৰদেৱ আছিল এ
ৰাকী বিজ্ঞানমনস্ক ব্যক্তি৷


সকলো অধ্যয়নৰ
আঁৰত একোটা উদ্দেশ্যই ক্ৰিয়া কৰি থাকে৷ আমাৰ এই অধ্যয়নৰ আঁৰতো এক উদ্দেশ্য আছে৷
শংকৰদেৱে নামঘৰ প্ৰতিষ্ঠাৰ দ্বাৰা গণতান্ত্ৰিক পৰম্পৰা প্ৰতিষ্ঠাৰ লগতে এক সুস্থ
জীৱন-জীৱিকাৰ বাতাবৱণৰ সৃষ্টি কৰিছে৷ আধ্যাত্মিক
, নৈতিক আৰু কলাবিদ্যা চৰ্চাৰ থলী নামঘৰৰ ৰীতি-নীতি, কৰ্ম-কাৰ্যৰ মাজেৰে
বিজ্ঞানমনস্কতাৰ পৰিচয় দাঙি ধৰিছে৷ শৰীৰ আৰু আত্মাৰ উৎকৰ্ষ সাধানৰ বাবে যোগাসনৰ
প্ৰয়োজন৷ তেখেতে সত্ৰীয়া নৃত্য
, মাটি আখৰাৰ চৰ্চা আৰু অনুশীলনৰ
দ্বাৰা যোগ চৰ্চাৰ গুৰুত্ব উপলদ্ধি কৰিছিল৷ তেখেতৰ কৰ্ম আৰু ৰচনাৰাজিৰ মাজত
প্ৰতিফলিত প্ৰকৃতি আৰু পৰিৱেশ বিষয়ক চিন্তা-চৰ্চা সম্প্ৰতি অতি গুৰুত্বপূৰ্ণ বিষয়
হিচাপে পৰিগণিত হৈ পৰিছে৷


আমাৰ এই আলোচনাত
শংকৰদেৱ সৃষ্ট নামঘৰৰ কাৰ্যপ্ৰণালী বিশ্লেষণ তথা ৰীতি-নীতি
, মাহ-প্ৰসাদ, সাজ-সজ্জা আদিৰ লগতে জনস্বাস্থ্য
সচেতনতা আৰু পৰিৱেশ সচেতনতাক পৰ্যবেক্ষণ আৰু বিশ্লেষণাত্মক পদ্ধতিৰে বিষয়টোৰ পৰিসৰ
সামৰি লোৱা হৈছে৷


নামঘৰ :


মহাপুৰুষজনাৰ
সৃষ্ট নামঘৰৰ অসমীয়া জাতীয় সংস্কৃতিৰ যাদুঘৰ
, জাতীয় ভাওনা ঘৰ৷ এই
ভাওনা ঘৰ ধনী
, দুখীয়া সকলোৰে নিমিত্তে কঠ-কুঁহিলাৰ আসন৷ সুকুমাৰ কলাৰে বেষ্টিত নৈতিক, আধ্যাত্মিক আৰু সামাজিক শিক্ষাৰ কৰ্ষণ থলী৷ গুৰুজনাৰ নৱবৈষ্ণৱ আন্দোলনৰ নিয়ন্ত্ৰণ কক্ষ নামঘৰ ব্যক্তি আৰু
সমাজ নিৰ্মাণৰ বিজ্ঞানসন্মত এক ক্ষেত্ৰ৷ কিছুমান নীতি-নিয়মৰ বেলিকাও কিছু বাধ্যবাধ্যকতা পালন কৰিবলৈ তেখেতে সকলোৰে বাবে আহ্বান জনাইছিল৷ নাম গোৱাৰ সময়ত যাতে পৱিত্ৰতা বৰ্তাই
ৰাখিব পাৰে
, তাৰ বাবে নাম গোৱা ভকতসকলৰ মাজত বাক্য প্ৰয়োগৰ (ভাষা)
সং
, বস্ত্ৰ পৰিধানত শালীনতা ৰক্ষা কৰা, কৰ্ত্তব্যবোধৰ দায়ৱদ্ধতা, শৰীৰ আৰু মনৰ মাজত সংযোগ স্থাপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ নৱভক্তিৰ
অনুশীলনৰ মূল ক্ষেত্ৰ নামঘৰৰ সমস্ত ৰীতি-নীতি
, কাৰ্যপ্ৰণালী
বিজ্ঞানসন্মত৷ ভকতে পৰিধান কৰা বস্ত্ৰ
, দেউৰী-বিলনীয়াই মুখত আৱৰণৰূপে ব্যৱহাৰ কৰা কাপোৰ, পদ্মাসন কৰি বহি নাম-লগোৱা, মাহপ্ৰসাদৰ সামগ্ৰী, কঠ, ঢাৰি বা কুঁহিলা পাৰি মাটিত বহি নাম কীৰ্তন কৰা, হাত
চাপৰি বজাই নাম প্ৰসঙ্গ কৰা আৰু নামঘৰৰ গঠন প্ৰণালী সকলো বিজ্ঞানসন্মত৷ গুৰুজনাই
অতি দূৰদৃষ্টিৰে বিজ্ঞানসন্মতভাৱে এই কৰ্ম-কাৰ্যসমূহৰ ব্যৱহাৰ দেখুৱাই বিজ্ঞানমনস্কতাৰ
পৰিচয় দি থৈ গৈছে৷


জনস্বাস্থ্য :


ভক্তসকলে পৱিত্ৰ
অনুষ্ঠান নামঘৰত প্ৰৱেশ কৰোঁতে গা-পা ধুই পৰিষ্কাৰ
শুভ্ৰ বস্ত্ৰ
পৰিধান কৰাৰ নিয়ম অদ্যাপি প্ৰচলিত হৈ আছে৷ সাধাৰণতে ভকতসকলে ধূতি বা চুৰিয়া
, চেলেং
চাদৰ আৰু গামোচা পৰিধান কৰে৷ ধূতি শব্দৰ অৰ্থ ধোত অৰ্থাৎ সংস্কাৰ
, চাদৰ হৈছে দয়াৰ প্ৰতীক আৰু গামোচাখন প্ৰেমৰ প্ৰতীক হিচাপে ধৰা হয়৷ এই
তিনিওখন বস্ত্ৰ
শুভ্ৰ অৰ্থাৎ বগা৷ এই শুভ্ৰ বস্ত্ৰই সাত্বিক ভাব সৃষ্টি কৰি মনলৈ প্ৰশান্তি আনে৷ মনৰ প্ৰশান্তিয়ে
মানুহক স্থিৰ আৰু দৃঢ় কৰি তোলে৷ সুস্থিৰ মনে সাৰ্থকতা লাভ কৰে৷


নামঘৰলৈ গৈ
ভকতসকলে নাম-কীৰ্তন কৰোঁতে কঠ বা ঢাৰিত বহি লয়৷ এই আসনবোৰ
কুঁহিলা, কলঠৰুৱা অথবা বাঁহৰ কাঠি আদিৰ দ্বাৰা তৈয়াৰ কৰা
হয়৷ এইসমূহ আসনৰ দহিকা শক্তি অতি বেছি৷ ইয়ে খাদ্যৰ পাচন ক্ৰিয়া প্ৰখৰ কৰাত সহায়
কৰে৷ এনে আসনত বহিলে নাভিমণ্ডলৰ ওপৰ ভাগত থকা পাচক যন্ত্ৰক ৰক্ত সঞ্চালন
প্ৰক্ৰিয়াই সক্ৰিয় কৰি তোলে৷


নাম-কীৰ্তন কৰোঁতে জোৰেৰে হাত চাপৰি বজোৱা হয়৷ চাপৰি বজাওঁতে হাতৰ আঙুলিবিলাকত চাপ পৰি সিৰা
উপসিৰাৰ তেজৰ গতি বাঢ়ি যায়৷ তেতিয়া সিৰা উপসিৰাৰ মাজৰ বন্ধনবিলাক নাইকিয়া হৈ পৰে৷
আনহাতে শৰীৰৰ পৰা ঘাম বাহিৰ হৈ শৰীৰত থকা অতিৰিক্ত নিমখ আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থ উলিয়াই
দিয়ে৷ ইয়াৰ দ্বাৰা ভক্তসকলে বহু পৰিমাণে যোগ আৰু ধ্যানৰ ফল লাভ কৰে৷ লগতে শাৰীৰিক
সুস্থতা আৰু মানসিক শান্তি লাভ কৰে৷


শংকৰী সংস্কৃতিৰ
নিয়ম অনুসৰি ভগৱন্তৰ ওচৰত নৈ
ৱেদ্য হিচাপে মাহপ্ৰসাদ আগ বঢ়োৱা হয়৷ মাহপ্ৰসাদৰ উপাদানৰ ভিতৰত বুট আৰু মগুমাহ, আৰৈ চাউল, আদা, নিমখ, কুঁহিয়াৰ, কল আদি প্ৰধান৷ এই উপকৰণবোৰৰ খাদ্যগুণ অতি
গুৰুত্বপূৰ্ণ৷ এইবোৰ বিভিন্ন ৰোগনাশক আৰু সৌন্দৰ্য
বৰ্ধকো
কেঁচা মগু সৰ্বাধিক প্ৰতিজাৰক (
High Antioxidant) আৰু ই
দীৰ্ঘদিনীয়া ৰোগ উপ
মত সহায় কৰে৷ ই কলেষ্টেৰেলৰ মাত্ৰাও হ্ৰাস
কৰে৷ মগুত পটাছিয়াম
, মেগনেছিয়াম আদি থাকে বাবে ৰক্তচাপ বহু
পৰিমা
ণে কমাই ৰাখিব পাৰে৷ ইয়াৰ বাহিৰে মগুত কেইবাবিধো
ভিটামিনো থাকে৷


কেঁচা আদাত জৈৱ
মিশ্ৰ জিনজাৰ
ল (Gingerol) থাকে৷ ইয়াৰ অসংখ্য
চিকিৎসা বিষয়ক ধৰ্ম আছে৷ আদাই শৰীৰৰ কোনো ঠাই ফুলি বা উখহি উঠা কাৰ্যক নিৰাময় কৰে৷
তাৰ উপৰি ই হজম ক্ৰিয়াত বহু পৰিমা
ণে সহায় কৰে৷ আদা খালে
পাকান্দ্ৰিয়ৰ কৰ্কটৰোগত বাধা প্ৰদান কৰে তথা চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হয়৷


কল, কুঁহিয়াৰ আদিও প্ৰসাদৰ উপকৰণ৷ কলে শক্তি বঢ়ায় আৰু কুঁহিয়াৰে দাঁতৰ গুৰি চাফা কৰে৷ প্ৰসাদ খোৱাৰ পাছত দাঁতৰ গুৰিত সোমাই থকা সৰু
সৰু প্ৰসাদৰ টুকুৰাই দাঁতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে৷ কুঁহিয়াৰ খোৱাৰ লগে লগে
সম্পূৰ্ণভাৱে মুখখন প্ৰক্ষালন কৰি পোলায়৷ কুঁহিয়াৰৰ ৰসত কেলছিয়াম
, মেগনিছিয়াম, পটাছিয়াম, আইৰন
আৰু মেংগানিজ থাকে৷ কুঁহিয়াৰৰ ৰসে কৰ্কট ৰোগ
, বিশেষকৈ
স্তনৰ কৰ্কট প্ৰতিৰোধ কৰিব পাৰে৷


নাম কীৰ্তনৰ অন্তত ভকতৰ মাজত প্ৰসাদ বিতৰণ কৰোঁতে দেউৰী-বিলনীয়াই মুখত কাপোৰ বান্ধি লোৱাৰ যি
নিয়ম গুৰুজনাই বান্ধি দিছিল
, সিও বিজ্ঞানসন্মত৷ প্ৰসাদত যাতে
বিলনীয়াৰ থু
, চুলি আদি নপৰে আৰু তাৰ দ্বাৰা বীজাণু ভকতৰ গালৈ
নাযায়
, তাৰেই ব্যৱস্থা৷


গুৰুজনাই নামঘৰক
ধৰ্মৰ গণ্ডীতে আৱদ্ধ কৰি নাৰাখি সংস্কৃতিৰ বিশাল জগতখনকো ইয়াৰ লগত সম্পৃক্ত কৰিছিল৷
তেওঁ যি সত্ৰীয়া নৃত্যৰ আদৰ্শ দেখুৱাই থৈ গৈছে
, তাৰ চৰ্চা হৈছিল সত্ৰৰ
নামঘৰত৷ সত্ৰীয়া নৃত্যৰ মূল অংগ হৈছে মাটি আখৰা৷ মাটি আখৰাৰ লগত যোগ চৰ্চাও জড়িত হৈ
আছে৷ শৰীৰ স্বাস্থ্যসন্মত কৰি তোলাত মাটি আখৰাই সহায় কৰে৷ ইয়াৰ চৰ্চা আৰু সাধনাই
শৰীৰ নিৰোগী আৰু শ্ৰীবৃদ্ধিত সহায়তা কৰে৷ গুৰুজনাই যোগৰ তত্ত্বসমূহ নৃত্যৰ আখৰাত
সন্নি
ৱিষ্ট কৰি ইয়াৰ চৰ্চা আৰু সাধনাৰ দ্বাৰা মানুহক
সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলাত অৰিহণা যোগাইছে৷


প্ৰকৃতি আৰু
পৰিৱেশ :


গুৰুজনাই অসমৰ অশিক্ষিত
জনতাৰ মাজত প্ৰকৃতি সম্বন্ধে জ্ঞান আৰু পৰিৱেশ সম্পৰ্কত এক সজাগতা আনিবলৈ চেষ্টা
কৰিছিল৷ তেওঁ প্ৰকৃতিৰ ৰম্যভূমিতে শৈশৱৰ অধিক কাল অতিবাহিত কৰি নদ-নদী
; পাহাৰ-পৰ্বত, গছ-গছনি, জীৱ-জন্তু
আদিৰ সৈতে সহবাস কৰি প্ৰাকৃতিক পৰিৱেশৰ মাজত অসমবাসীক বসবাস কৰিবলৈ অনুপ্ৰেৰণাৰ
লগতে আদৰ্শ দেখুৱাই গৈছে৷ সেয়েহে তেওঁ সত্ৰ-নামঘৰ প্ৰতিষ্ঠা কৰিছিল মুক্ত প্ৰকৃতিৰ মাজত৷
সত্ৰ-নামঘৰৰ চাৰিওফালে শিলিখা
, নিম, আমলখি,
তাল, বেল, কল, নাৰিকল, আম, কঁঠাল, জামু, পনিয়ল, তুলসী, বকুল আদি বিভিন্ন ফল-ফুলৰ গছ ৰোপণ কৰি এক অনুকূল পাৰিপাশ্বিৰ্ক পৰিৱেশৰ
বাতাবৰণ সৃষ্টি কৰিছিল৷ উল্লেখ্য যে এনে ধৰণৰ ফলদায়ী আৰু ঔষধি গুণ সম্পন্ন
পৰিৱেশ কল্যা
কাৰী গছ ৰোপণ কৰি প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই
ৰখা হৈছিল৷ গুৰুজনাই পঞ্চদশ শতিকাতে এগৰাকী পৰিৱেশ বিজ্ঞানীৰ দৰেই মানুহক সচেতন কৰি
তুলিছিল৷


সম্প্ৰতি বিশ্বত
Global
Warming অৰ্থাৎ গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ হিচাপে প্ৰকৃতিৰ
বিনন্দীয়া পৰিৱেশ বিনষ্টকৰণ বুলি সকলোৱে স্বীকাৰ কৰিছে৷ সম্ভৱতঃ শংকৰদেৱে সেই কথা তেতিয়াই
চিন্তা কৰিছিল৷ তেখেতৰ মন মগজুত তেতিয়াই ক্ৰিয়া কৰিছিল৷ সেয়ে তেখেতে এক প্ৰাকৃতিক
সেউজ বাতাবৰণৰ পৰিৱেশ গঢ়ি তুলিবলৈ গছ-গছনি ৰোপণ কৰাৰ লগতে তেখেতৰ সাহিত্যৰাজিৰ
মাজেৰেও ইয়াৰ সুমধুৰ বৰ্ণনা কৰি পাঠকক উদ্ধুদ্ধ কৰিছিল৷ তেওঁৰ
দশমপুথিৰ অন্তৰ্গত বৰ্ষা
বৰ্ণন
’, ‘শৰৎ বৰ্ণন’ ‘শ্ৰীকৃষ্ণৰ জন্ম’,
শ্ৰীকৃষ্ণৰ বনভোজলৈ গমনআদি অধ্যায়বোৰত অসমৰ
প্ৰাকৃতিক পৰিৱেশৰ জীৱন্ত আৰু সজীৱ চিত্ৰই পৰিৱেশ সচেতনতাৰ স্বাক্ষৰ বহন কৰিছে৷
তেখেতে ভৱিষ্যতৰ এক সেউজীয়া ধৰণীৰ প্ৰতি মানুহক সজাগ কৰি তুলিছে৷


 উপসংহাৰ :


গুৰুজনাই প্ৰতিষ্ঠা কৰা সত্ৰ-নামঘৰকে ধৰি নাম গোৱাৰ পৰা আৰম্ভ কৰি ভকত-বৈষ্ণৱসকলে পৰিধান কৰা পোছাক, মাহ-প্ৰসাদ বিতৰণ, বহা আসনলৈকে সকলোতে তেওঁৰ বিজ্ঞানমনস্কতা
সাঙোৰ খাই আছে৷ ওপৰে ওপৰে চালে চকুত নপৰে যদিও সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলে
এইবোৰৰ মাজত ইমান উ
চ্চ পৰ্যায়ৰ বিজ্ঞানমনস্কতা সোমাই আছে,
ভাৱিলে আচৰিত লাগে৷


শংকৰদেৱৰ ধৰ্ম, আদৰ্শ পুৰামাত্ৰাই বিজ্ঞানভিত্তিক আৰু যুক্তিৰ ভিত্তিত প্ৰতিষ্ঠিত৷ ধৰ্ম
প্ৰচাৰৰ উদ্দেশ্যে তেখেতে ৰচনা কৰা সাহিত্য কৰ্মৰাজিত বিজ্ঞান মানসিকতাৰ প্ৰতিফলন ঘটিছে৷
জনস্বাস্থ্য সচেতনতা
, প্ৰকৃতি আৰু পৰিৱেশ সচেতনতা সৃষ্টি কৰি
আধ্যাত্মিক চিন্তা-চেতনাৰে জনসাধাৰণক উদ্বুদ্ধ কৰি তুলিছিল৷ পঞ্চদশ শতিকাতে
গুৰুজনাই অশিক্ষিত জনসমাজত বোধগম্য হোৱাকৈ যি বিজ্ঞানমনস্কতা সৃষ্টিৰ বাবে
সাহিত্য ৰচনা কৰিছিল
, নামঘৰ প্ৰতিষ্ঠা কৰি যি আদৰ্শ
দেখুৱাইছিল তাৰ প্ৰাসঙ্গিকতা আজিৰ সমাজৰ বাবে অনস্বীকাৰ্য৷

 

***

 

প্ৰসঙ্গটোকা :

       ১. বিৰিঞ্চি কুমাৰ বৰুৱা :  অসমীয়া ভাষা আৰু সংস্কৃতি, ১৯৮৮, পৃ. ৭৯৷

       .
জগদীন্দ্ৰ ৰায়চৌধুৰী :  বাৰেক কৰোহে প্ৰণাম
,
২০২১, পৃ. ৭৪৷

       .
উক্ত গ্ৰন্থ
, পৃ. ৭৫৷

       ৪. উক্ত গ্ৰন্থ, পৃ. ৭৬৷

 

গ্ৰন্থপঞ্জী :

দেৱগোস্বামী, পীতাম্বৰ :  প্ৰতিভা ভাস্কৰ শ্ৰীমন্ত শংকৰদেৱ, এ. কে. প্ৰকাশন, ২০০৩৷

বৰুৱা, বিৰিঞ্চি কুমাৰ :  অসমীয়া ভাষা আৰু সংস্কৃতি, জাৰ্ণাল এম্পৰিয়াম, নলবাৰী, ১৯৮৮৷

ৰায়চৌধুৰী, জগদীন্দ্ৰ   :  বাৰেক কৰোহো প্ৰণাম, চন্দ্ৰ
প্ৰকাশ
, গুৱাহাটী, ২০২১৷

শইকীয়া, সংগীতা (সম্পা.):  শ্ৰীমন্ত
শংকৰদেৱ আৰু তেওঁৰ সময়
, মিতালী অফছেট প্ৰিণ্টাৰ্ছ,  
গুৱাহাটী,
২০২১৷

 

***

ঠিকনা :

সহকাৰী অধ্যাপক

দমদমা
মহাবিদ্যালয়