গেণ’ডাৰ্মা লুচিডাম– প্ৰকৃতিৰ এক বিস্ময়

অৰবিন্দ ডেকা

 





















গেণডাৰ্মা লুচিডাম হৈছে
ৰঙা ৰঙৰ গেণ
ডাৰ্মা প্ৰজাতিৰ এবিধ কাঠফুলা ইয়াক সাধাৰণতে ইউৰোপ আৰু চীন দেশত পোৱা যায়
যদিও পুষ্টিগত গুণৰ উপৰি ইয়াৰ উৎকৃষ্ট ঔষধিযুক্ত গুণ আৰু বাণিজ্যিক চাহিদাৰ প্ৰতি
লক্ষ্য ৰাখি পৃথিৱীৰ প্ৰায় সকলো দেশতে ইয়াৰ খেতি কৰা আৰম্ভ হৈছে
৷ আমাৰ দেশতো ইয়াৰ চাহিদা ক্ৰমশঃ বৃদ্ধি পাইছে পৰম্পৰাগত ঔষধ ৰূপে গেণডাৰ্মা
লুচিডাম কাঠফুলাক চীনত
লিংঝী’, জাপানতৰেইচী’, ভিয়েটনামত
লিনচি’, কোৰিয়াতইয়ংজিটাইৱানতলিংচিহআৰু আমাৰ
দেশত
ৰেইচীনামে
জনা যায়
ইয়াৰ
অৰ্থ
আত্মাবাঐশ্বৰিক চীনাসকলে বহু বছৰৰ পূৰ্ৱেই বুজি পাইছিল যে
নিৰাময়তকৈ প্ৰতিৰোধ কৰাতো বেছি ভাল বিশ্বত প্ৰাকৃতিকভাৱে উপলব্ধ প্ৰায় ২০০০ গেণডাৰ্মা
শ্ৰেণীৰ ভিতৰত মাত্ৰ ৬ বিধ ৰঙা
, নীলা, বগা, লা, হালধীয়া
আৰু বেঙুনীয়া ৰঙৰ গেণ
ডাৰ্মাৰহে স্বাস্থ্যৰ উন্নতি সাধন কৰিব পৰা
কথাটো অনুসন্ধানত পোহৰলৈ আহিছে
ইয়াৰে
ভিতৰত ৰঙা আৰু ক
লা গেণডাৰ্মা
দুবিধ প্ৰধানতঃ স্বাস্থ্যৰ উন্নতি সাধনৰ ক্ষেত্ৰত উল্লেখযোগ্য
ৰঙা ৰঙৰ গেণডাৰ্মা
লুচিডাম কাঠফুলাবিধ বহু গুণযুক্ত
, সেয়েহে, বৰ্তমান
বিশ্বজুৰি বাৰ্ষিক প্ৰায় ২ বিলিয়ন ডলাৰৰ ব্যৱসায় হৈ আছে এইবিধ কাঠফুলাৰ
আমাৰ দেশেও মালয়েছিয়া আৰু চীন দেশৰ পৰা বাৰ্ষিক
প্ৰায় ১০০ কোটি ব্যয় কৰি গেণ
ডাৰ্মা লুচিডাম আমদানি
কৰি আহিছে

গেণডাৰ্মা লুচিডাম বা
লিংঝী বা ৰেইচি কিয় ভক্ষণ কৰা উচিত
?

গেণডাৰ্মা লুচিডামক
বহুতো অসুখৰ মহৌষধ হিচাপে গণ্য কৰা হৈছে
ই ক্ৰমান্বয়ে
অবিষাক্ত
, পাৰ্শ্বক্ৰিয়াবিহীন, দীৰ্ঘদিন
ধৰি ব্যৱহাৰ কৰাৰ ফলত মানৱ শৰীৰৰ যথেষ্ট উপকাৰ হয়
, মানুহ দীৰ্ঘায়ু
হয় আৰু যৌৱন ধৰি ৰখাত সহায় হয়
এইবিধ
কাঠফুলাত ট্ৰাইটাৰপিনইড
, পলিছেকাৰাইড, নিউক্লিয়টাইড, ষ্টেৰ, ষ্টেৰয়ড, ফেটি
এচিড আৰু প্ৰোটনিকে আদি কৰি প্ৰায় ৪০০-ৰো অধিক জৈৱসক্ৰিয় যৌগ উপলব্ধ আৰু এণ্টি
টিউমাৰ, এণ্টিমাইক্ৰবিয়েল, এণ্টিএথেৰস্কেলেৰটিক, এণ্টিইনফ্লেমেণ্টৰি, এণ্টিহাইপলিপিডিমিক, এণ্টিডায়েবেটিক, এণ্টিঅক্সিডেটিভ, এণ্টিএজিং, এণ্টিফাংগেল, এণ্টিভাইৰেল
(বিশেষকৈ হাৰ্পিছ আৰু এইচআইভিৰ
প্ৰতিষেধক
) একাধিক ঔষধী গুণেৰে ভৰপূৰ ইয়াৰ উপৰি ই মানুহৰ দেহৰ কলেষ্টৰেল
হ্ৰাস কৰি হৃৎপিণ্ডক সুৰক্ষিত কৰে;
 যকৃত আৰু বৃক্কজনিত
ৰোগ
, মধুমেহ ৰোগ আদিৰ প্ৰতিৰোধক তথা প্ৰতিজাৰক (এণ্টিঅক্সিডেণ্ট) হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়

পলিছেকাৰাইডে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, দেহ গঠন
প্ৰক্ৰিয়া উন্নত কৰে
ট্ৰাইটেৰাপেনইডে
যকৃতৰ ক্ৰিয়া উন্নত কৰে
, শৰীৰৰ এলাৰ্জী দূৰ
কৰে
, তেজৰ অণুচক্ৰিকা বৃদ্ধি হোৱাত সহায় কৰে এডেনচিনে
শৰীৰৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰে
প্ৰোটিনে
শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তথা কোষ বৃদ্ধিত সহায় কৰে
জাৰ্মেনিয়ামে শৰীৰত অক্সিজেনৰ সৰবৰাহ বৃদ্ধি কৰে

নৱপ্ৰজন্মৰ স্বাস্থ্যজনিত
সমস্যাসমূহৰ প্ৰধান কাৰণ হৈছে পুষ্টীয় ভাৰসাম্যহীনতা আৰু অনিয়মিত খাদ্যাভাস
আৱশ্যকীয় পুষ্টিৰ অভাৱৰ ফলত নানান শাৰীৰিক
উপসৰ্গই দেখা দিয়ে
তেনে বিবিধ উপসৰ্গ প্ৰতিৰোধ কৰিবলৈ গেণডাৰ্মা লুচিডাম বা লিংঝী বা ৰেইচি খাদ্য তালিকাত
অন্তৰ্ভুক্ত কৰিব পাৰে।





পাৰ্শ্বক্ৰিয়া :

গেণডাৰ্মা লুচিডাম ভক্ষণৰ
ফলত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া দেখা পোৱা নাযায়
৷ গেণডাৰ্মাই শৰীৰৰ বিষ
নিৰ্মূলকৰণ আৰু বিপাক পক্ৰিয়াৰ উন্নতিসাধন কৰাত সহায় কৰে
ইয়াক ভক্ষণ কৰাৰ ফলত প্ৰথমাৱস্থাত অস্বাভাৱিক যেন লগা কিছুমান উপসৰ্গই
দেখা দিয়ে
, যাক চিকিৎসা বিজ্ঞানতউপশমৰ
চৰম অৱস্থা
(Healing Crisis)” বুলি কোৱা হয় মানৱ দেহত সঞ্চিত হৈ থকা বিষ দ্ৰৱীভূত হৈ
শৰীৰৰ পৰা নিষ্কাশনৰ সময়ত এনে হয় বুলি অভিজ্ঞ লোকসকলে মত পোষণ কৰিছে
মানুহে ইয়াক পাৰ্শ্বক্ৰিয়া বুলি সাধাৰণতে
ভুল কৰে

গেণডাৰ্মা লুচিডাম ভক্ষণৰ
ফলত দেখা দিয়া কিছুমান উপসৰ্গ আৰু ইয়াৰ কাৰণ তলত উল্লেখ কৰা হ
:

. পানী পায়খানা কৰিব
পাৰে 
(পাকস্থলীৰ পৰিস্কাৰকৰণৰ ইঙ্গিত)।

. প্ৰায় এসপ্তাহ বায়ু নিগৰ্মণ হৈ থাকিব পাৰে (পাকস্থলীত
জমা হৈ থকা অশুদ্ধ বায়ু ওলাই যোৱাৰ ইঙ্গিত
)।

. ঠাণ্ডা বতৰতো ঘামিব
পাৰে
(ছালৰ পৰিস্কাৰকৰণৰ ইঙ্গিত বহন কৰে)

. মহিলাৰ ক্ষেত্ৰত
কেইবাদিন ধৰি ৰক্তস্ৰাৱ বা শ্বেতস্ৰাৱ হ
ব পাৰে (জননাঙ্গৰ
পৰিস্কাৰকৰণৰ ইঙ্গিত
)।

. হাপানি বা ব্ৰঙ্কাইটিছ
ৰোগীৰ থু
খেকাৰ ওলাব পাৰে (হাওঁফাওঁৰ
পৰিস্কাৰকৰণৰ 
ইঙ্গিত)।

. অতিমাত্ৰা হাৰত প্ৰস্ৰাৱ
ব পাৰে (বৃক্ক পৰিস্কাৰকৰণৰ ইঙ্গিত)।

. লসিকাবাহী নলী বেক্টেৰিয়া
বা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ ফলত ছালৰ খজুৱতি বা ৰঙা হ
ব পাৰে (লসিকাবাহী
নলীৰ পৰিস্কাৰকৰণৰ 
ইঙ্গিত)।

. পায়খানা কেইবাদিন
ধৰি ঈষৎ ক
লা বৰণৰ বা তেজমিহলি হব পাৰে (যকৃতৰ
পৰিস্কাৰকৰণৰ ইঙ্গিত)। 

. কোনো লোকৰ
টোপনি ধৰিব বা সামান্য জ্বৰ উঠিব পাৰে

 

উল্লেখ্য যে এনে বিকাৰসমূহ একেবাৰে অস্থায়ী, ৭ দিনত
মানুহ সুস্থ হৈ উঠে
অৱশ্যে
বহুদিন ধৰি এই বিক্ৰিয়াসমূহ হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত

গেণডাৰ্মা লুচিডাম বা
লিংঝী বা ৰেইচিৰ বাণিজ্যিকীকৰণ
:

শেহতীয়াকৈ বিশ্বৰ বজাৰত গেণডাৰ্মাই
এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে
৷ নানান
উদ্যোগ গঢ় লৈ উঠিছে ইয়াক কেন্দ্ৰ কৰি
গেণডাৰ্মাৰ
পৰা উৎপাদিত নানান ধৰণৰ খাদ্যপ্ৰাণযুক্ত তথা শক্তিবৰ্ধক ঔষধ
, চাহ, কফি, প্ৰসাধন
সামগ্ৰী যেনেঃ চাবোন
, চেম্পু, টুথপেষ্ট, তেল আদিৰ
চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে
এই সামগ্ৰীসমূহ
এমাজন
, ফ্লিপকাৰ্ট আদি অনলাইন শ্বপিং পৰ্টেলত
সহজে উপলদ্ধ


 



গেণডাৰ্মা লুচিডামৰ
কৃত্ৰিম খেতি
 :

গেণডাৰ্মা লুচিডামৰ
কৃত্ৰিম খেতি অতি সহজে ঘৰতে কৰিব পৰা যায়। ইয়াৰ বাবে আমাক প্ৰয়োজন হয়

() উন্নত
সঁচৰ গেণ
ডাৰ্মা লুচিডামৰ বীজ।

() পপলাৰ
গছৰ প্ৰায় ৬ ইঞ্চি দীঘল আৰু ২
.৫ চেঃ মিঃ
ব্যাসাৰ্ধৰ জোখৰ ১০
১২ টামান ডাল নাইবা ৯০% তিঁতাচঁপা, চেগুন, গমাৰি
আদি কাঠৰ গুৰি
, % ধান বা
ঘেঁহুৰ তুঁহ আৰু ২
% কেলছিয়াম কাৰ্বনেটৰ মিশ্ৰণ
(C
aCO3)।

() ১৫ ২৫ চেঃ মিঃ
আৰু ৩০ 
৫০ চেঃ মিঃ জোখৰ পলিপ্ৰপলিন বেগ কেইটামান।

() কপাহ
আৰু

() ৰাবাৰ
বেণ্ড
 ।

প্ৰথমে উন্নত সঁচৰ বীজ (Spawn) স্বীকৃতিপ্ৰাপ্ত
প্ৰ্তিষ্ঠান বা বিক্ৰেতাৰ পৰা ক্ৰয় কৰিব পাৰি নতুবা বিজ্ঞানসন্মত পদ্ধতিৰে বিশুদ্ধ
বীজ পৰীক্ষাগাৰত প্ৰস্তুত কৰি ল
ব পাৰি কাঠৰ টুকুৰা বা কাঠৰ গুৰি ব্যৱহাৰ কৰি এই
খেতি কৰিব পাৰি
আমি দুই
ধৰণৰ খেতিৰ এক চমু আভাস দাঙি ধৰিবলৈ চেষ্টা কৰিম

পদ্ধতি ১ : গেণডাৰ্মা
লুচিডামৰ বীজ ৩০ 
৫০ চেঃ মিঃ জোখৰ পলিপ্ৰপলিন বেগ ভৰ্তি কাঠৰ
গুৰি
, ধান বা ঘেঁহুৰ তুঁহ আৰু কেলছিয়াম কাৰ্বনেটৰ
মিশ্ৰণটোত সংৰোপণ কৰি কপাহৰ ঠিলাৰে মুখখন বন্ধ কৰি ৰাবাৰ বেণ্ডেৰে বান্ধি দিব লাগে
বেগটোৰ মাজে মাজে সৰু সৰু ফুটা কৰি দিব লাগে এইদৰে নিজৰ হিচাপত কেইটামান বেগ সম্পূৰ্ণ
কৰি বেগবোৰ ২৫০
৩২০ উষ্ণতাত প্ৰায় অন্ধকাৰ এটা বায়ু সুচল
কোঠাত প্ৰায় ২০ দিন মান থ
ব লাগে মাজে মাজে পানী ছটিয়াই থাকিব লাগে ২০ দিন মানৰ পাছত বেগবোৰত গেণডাৰ্মা
লুচিডাম কাঠফুলা গজি উঠা দেখা যায়

পদ্ধতি ২ : গেণডাৰ্মা
লুচিডামৰ বীজ পপলাৰ গছৰ ডালবোৰত সংৰোপণ কৰা হয়
৭ দিনৰ পাছত ডালবোৰ
সম্পূৰ্ণকৈ আৱৰি ধৰিব
১০১২ ইঞ্চিৰ
ডাঠ বালিৰ বেদী প্ৰস্তুত কৰি এক নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰে অন্তৰে এই ডালসমূহ পুতি
দি ২
৩ চেঃ মিঃ ডাঠ বালিৰ প্ৰলেপেৰে ঢাকি দিব লাগে বেদীসমূহৰ ওপৰত সৰু সৰু পলিথিনৰ ঘৰ সাজি দিব
লাগে যাতে নিৰ্দিষ্ট উষ্ণতা অব্যাহত থাকে
প্ৰায়
১৫
২০ দিনৰ ভিতৰত কাঠফুলা গজি উঠা দেখা যায়

তথ্যসূত্ৰ  :

Darija Cör 1, Željko
Knez 1,2 and Ma
ša Knez Hrnčič
1,*, Antitumour, Antimicrobial, Antioxidant and Antiacetylcholinesterase Effect
of Ganoderma Lucidum Terpenoids and Polysaccharides: A Review, 2018, Molecule

Cultivation of Reishi Mushroom (Ganoderma lucidum), National
Research Centre for Mushroom (Indian Council of Agricultural Research), Chambaghat,
Solan – 173213 (HP)

Dr. N. S. K. Harsh, Retd. Senior Scientist, ICFRE, Mushroom
cultivation: Prospects & Value Addition