কবিতা, কবিতাৰ ভাষা, আংগিক আৰু অন্যান্য

 o জ্যোতিৰেখা
হাজৰিকা

 

বাস্তৱিক জগতত মানৱ
মাত্ৰেই চকুৰে দেখা, কাণেৰে শুনা সকলো কথাই অনুভৱ আৰু উপলব্ধিৰ মাজেৰে বাংময় ৰূপ লাভ
কৰে৷ অভিজ্ঞতা হ’ল কবিতাৰ কঠীয়াতলী৷ ভাবনাৰ শইচ উত্তম হ’লে কবিতাও শব্দৰ প্রকাশিকা
শক্তিৰ মাধ্যমেদি হৈ পৰে বহুজনৰ বাবে সুখপাঠ্য, সুখশ্রাব্য৷ কবি অজিৎ বৰুৱাৰ ভাষাৰে
কবি মাত্ৰেই ‘মৌনতাৰ সংকল্প’ লৈ চকুৰে দেখা, কাণেৰে শুনা প্রতিটো বস্তুকে অনুভৱ কৰিব
পাৰিলে শব্দৰ বাংময়তাৰ মাজেৰে সি উত্তমৰো উত্তম ৰূপ লাভ কৰিব পাৰে৷ সেয়েহে হয়তো
ৰবীন্দ্ৰনাথে কৈছিল: কবিতা বস্তুটোৱেই হ’ল ভিতৰৰ এটা তাগিদা৷

ইতিহাসে কবিতাৰ বিৱৰ্তন-উত্তৰণৰ
বাট দেখুৱায়৷ আদিম যুগত হয়তো সেউজীয়া অৰণ্য, পখীৰ কাকলি, পখিলাৰ উৰণ, নদীৰ কলধ্বনিয়ে
আদিম পুৰুষ-নাৰী আদম-ইভৰ হৃদয়তো হয়তো আৱেগৰ ঝংকাৰ তুলিছিল৷ অৰণ্যৰ মাজত প্ৰতিধ্বনিত
হোৱা এটা দীঘলীয়া উকি, বুকু ভেদ কৰি মৰা চিঞৰ, অট্টহাস্য, ভয়, ক্ৰন্দন ধ্বনিও হয়তো
হ’ব পাৰে আদিম যুগৰ লোককবিতাৰ বাহ্যিক ৰূপ৷ কবিতা আচলতে সেই আদিমতাৰ অন্ধকাৰ জীৱন ভেদি
ওলাই অহা এছাটি নিৰ্মল পোহৰ৷ মাটিৰ পৰা মেঘলৈ বিয়পা এখন ৰামধেনু৷ লোকজীৱনৰ বাট কাটি
কাটি অনেক যুগ-যুগান্তৰ পাৰ হৈ বৈদিক যুগৰ শ্লোক-মন্ত্রাদি কবিতাৰ বাংময় ৰূপ৷

কবিতা আত্মাৰ অভিজ্ঞান৷
জীৱনৰ এটি নিৰ্মল বাট৷ প্রকৃতি, ইশ্বৰ, মানুহৰ ওপৰত গভীৰ আস্থা আৰু বিশ্বাসৰ ফলত কবিতাই
পূৰ্বতে পাইছিল ভিন্ন মাত্ৰা৷ সামাজিক স্থিতি, সামাজিক পৰিৱেশেও কবিতাত দিছিল ভিন্ন
সময়ত মাত্ৰা৷ প্রকৃতাৰ্থত মানুহৰ সূক্ষ্ম অন্তৰ্দৃষ্টিৰ সাৰ্থক শাব্দিক প্রকাশ কবিতাৰ
সঁচাৰ-কাঠীস্বৰূপ৷

কবিতাৰ নিৰ্মাণ সম্ভৱনে?
কবিতা যদি আত্মাৰ অভিব্যক্তি, তেনে সেই কবিতাৰ নিৰ্মাণ কিদৰে হ’ব পাৰে? হ’ব পাৰে৷ কিয়নো
কেৱল অভিব্যক্তিৰ বাহ্যিক প্রকাশত এটা সাৰ্থক কবিতাৰ সৃষ্টি নহয়৷ উপযুক্ত শব্দচয়ন,
আংগিকৰ বিচিত্ৰতা, প্রতীক-চিত্ৰকল্পৰ সঠিক প্রয়োগ অবিহনে মনৰ ভাবৰ পোনপটীয়া প্রকাশ
মানেই কবিতা নহয়৷
 

কবিতাৰ কোনো ভাষা
নাই৷ দেশ-স্থান-কাল অতিক্ৰমি হৃদয়ৰ ভাষাই স্বৰূপাৰ্থত কবিতাৰ ভাষা৷ কবিতাৰ ভাষা মানেই
প্রতিগৰাকী কবিৰ ব্যক্তিভাষা — যি দুৰ্বোধ্য হৈয়ো বোধ্য৷ চকুৰ ভাষা, ওঁঠৰ ভাষা য’ত
একাকাৰ হৈ যায়— তাত শব্দতকৈ ভাবেহে কথা কয়৷ আমি যি ভাষাত কথা পাতোঁ, ভাব বিনিময়
কৰোঁ— সেয়া কবিতাৰো ভাষা৷ গদ্যভাষাৰপৰা কাব্যভাষালৈ বৰ বেছি দূৰ নহয়৷ এজৰা পাউণ্ডে
এই সন্দৰ্ভত কৈছে ‘
Poetry ought to be written as well as prose.’ সেয়ে, এগৰাকী
ভাল গদ্যলেখক এগৰাকী ভাল কবি হ’ব পাৰে৷

কবিতাৰ ভাষা কেনে
হোৱা উচিত? এটা সাৰ্থক কবিতাৰ ভাষা মগজুনিঃসৃত নহৈ হ’ব লাগিব হৃদয়ৰপৰা নিঃসৃত৷ পিছে
ৱৰ্ডছৱৰ্থে কোৱাৰ দৰে কেৱল আৱেগৰ ঢলেই জানো কবিতা? আপোনাৰ মোৰ মনলৈ তাৎক্ষণিকভাৱে অহা
এমুঠি কেঁচা আৱেগৰ চিত্ৰণেই জানো কবিতা ? আমি যি ভাবোঁ, তাৎক্ষণিকভাৱে যি কলমৰ আগলৈ
আহে— সেয়া কেৱল শব্দৰ সমষ্টিহে মাথোন। প্ৰত্যেকগৰাকী কবিৰ ভাব প্রকাশৰ এক স্বতন্ত্ৰ
শৈলী থাকে৷ মনৰ ভিতৰত সততে ঘটি থকা বিদ্ৰোহ, কোনো এক নিৰুদিষ্ট যাত্ৰা, চকুৰে দেখা
কোনো ঘটনাৰ অৰ্থঘন বাহ্যিক প্রকাশ, কোনো এক অভিজ্ঞতাৰ ফলত সৃষ্টি হ’ব পাৰে এটা কবিতা৷
কবিতাৰ ভাষাও হ’ব পাৰে সেই বিষয়ৰ স’তে সদা ওতঃপ্ৰোতভাৱে সন্নিহিত৷ কালনিৰপেক্ষ হৈয়ো
যি কবিতাই মানুহৰ হৃদয়ত স্থান পাব পাৰে, সেয়ে শ্রেষ্ঠ কবিতা; সেই ভাষা সাৰ্বজনীন৷
সেই ভাষাৰ কোনো ভৌগোলিক সীমা নাই৷

কথোপকথনৰ ভাষা, প্রতিবাদৰ
ভাষাৰেও সৃষ্টি হ’ব পাৰে একোটি নিখুঁত কবিতা৷ ‘আমাৰ কবিতা হায় কোনেও নপঢ়ে’ বুলি হামৰাও
কঢ়াতকৈ আমি কি লিখিছোঁ, আমাৰ কবিতাৰ শাব্দিক অভিব্যঞ্জনাই কাৰোবাৰ হৃদয়ত কম্পনৰ সৃষ্টি
কৰিব পাৰিছেনে নাই সেইটোহে বিচাৰ্যৰ বিষয়৷

এটা কথা ঠিক যে পুৰণি
কবিতা মানেই বৰ্জনীয় নহয়৷ নতুন মানেই গ্ৰহণীয় নহয়৷ কৌশলী কবিয়ে কাব্যৰচনাত অতি
সচেতনভাৱে পুৰণি বিষয় সংযোজন কৰি কবিতাৰ ভাষা সমৃদ্ধ কৰে৷ প্রাচীন সাহিত্যৰ শব্দচয়ন
(ভ্ৰাতৃ অনল এহিসে ক্ষণত হৈবা কৰুণাময়
জেংৰাই ১৯৬৩), লোকভাষাৰ পুনঃসৃজনৰ ক্ষেত্ৰত হেম বৰুৱা, নৱকান্ত বৰুৱা, অজিৎ বৰুৱা (ভাবি
চালে লিলিমাই এই জীৱনত একো নাই), নীলমণি ফুকনৰ দৰে বহু কবি সিদ্ধহস্ত৷ ন পুৰণি ভাষা,
লোকভাষাৰ সমন্বয় (মহেন্দ্ৰ বৰাৰ ‘তেজীমলা’ — উভতি
আহিবা তুমি ফুল হৈ নালাগে ফুলিব আৰু চিৰকাল নেলাগে ফুলিব
) আদি কাব্যৰচনাৰ সঁচাৰ
কাঠী৷ লোকসমাজৰ পৰা তুলি অনা নামৰ অন্তৰ্ভুক্তিও মন কৰিবলগীয়া :

সোণপাহি, বহাঁ৷ মোৰ
কাষৰতে বহাঁ৷

চুলিৰ তোমাৰ আঁউসী
এন্ধাৰে মোৰ

জীৱন জ্বলাওক৷ কামনাৰ
জুইকুৰা

ছাই হৈ যাওক৷ মোৰ
বন্ধ কোঠাৰ তুমি

জ্বলি থকা মম৷ বাহিৰত
জোনাকীৰ

ঢিমিক্‌ ঢামাক্‌৷

অস্পষ্ট এন্ধাৰ আৰু
এবুকু মৰম৷

সংগীতৰ ভাষাও প্রকাৰন্তৰে
কবিতাৰ ভাষা৷ বিশ্বৰ বহু শ্ৰেষ্ঠ কবিতা একো একোটা সাৰ্থক গীতো৷ অসমীয়া কাব্যসাহিত্য
আৰু গীতিসাহিত্যত এনে উদাহৰণ অসংখ্য৷ ভূপেন হাজৰিকা (এন্ধাৰ কাতিৰ নিশাতে, এখনি নৈৰ পাৰতে, এটি ভগা পঁজাতে, পানেইৰ কামিহাড় সাবটি
তাইৰ পোনাকণে ফেঁকুৰে…
), নৱকান্ত বৰুৱা (নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি…),
হীৰেন ভট্টাচাৰ্য (বকুল ফুলৰ দৰে, গানে কি
আনে, মোৰ তেজৰ সোপানে, হেৰ’ বাঁহী
…) আদি কবি-গীতিকাৰৰ কবিতা আৰু গীতৰ দূৰত্ব
বিন্দুমান৷

কবিতাৰ আংগিকগত কলাকৌশল
সম্পৰ্কে আলোচনা কৰিবলৈ গ’লে আমি কবিতাৰ দেহবিচাৰ কৰিব লাগিব৷ যুগ অনুসৰি কবিতাৰ আংগিক
ভিন ভিন৷ আংগিকৰ ধাৰণাও সময়সাপেক্ষ৷ কবিতা ৰচনাৰ কলা-কৌশল যুগ-কাল-সময় অনুসৰি আছিল
পৃথক৷ ভাষা, ছন্দ-শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ বিশেষত্ব, প্ৰতীক-চিত্ৰকল্পই কবিতাৰ শৰীৰ
কালানুসৰি ন ন ৰূপত সজাই আহিছে৷ ধৰ্ম আৰু আধ্যাত্মিকতাৰ পৰশ থকা কবিতাই ঊনবিংশ শতিকাত
ৰমন্যাসিক ধ্যান-ধাৰণা গ্ৰহণ কৰিলেও তাৰ মাজত আছিল এখন ওৰণি৷ হৃদয়ে ক’ব খোজা কথাষাৰ
যেন থমকি ৰৈছিল ওঁঠৰ শালীন পদূলিতে। বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত অসমীয়া কবিতাই ভাব-ভাষাত
আধুনিকত্ব লভি মুক্তক কিম্বা স্পন্দিত গদ্যৰ মাজেৰে মুক্ততাৰ সাজ পিন্ধিলেও প্রতীকী
উপস্থাপন আছিল মন কৰিবলগীয়া৷ পিছে সেই কাব্যসাহিত্য সেই সেই সময়ৰ বাবে আধুনিক হ’লেও
আজি একো একোটা কালানুক্ৰমিক যুগৰ আৱেষ্টনীৰ মাজত বন্দী৷ তাৰ একো একোটা নামকৰণো আমি
কৰি লৈছোঁ৷ সেই মতেই সেই সময়ৰ কবি আৰু কবিতাক কাব্যসাহিত্যৰ ইতিহাসতো থাপিছোঁ৷

আজিৰ কবিতা স্বতন্ত্ৰ,
স্বাধীন৷ আজি ‘আৱেগ অংকন আৰু আৱেগ সঞ্চাৰ’ৰ ৰূপ পৃথক পৃথক৷ আজিৰপৰা হাজাৰ পাঁচশ বছৰৰ
আগৰ কাব্যৰচনাৰ ধৰ্মীয় বা ধৰ্মবহিৰ্ভূত নীতি-নিয়মৰ কলা-কৌশল আজিৰ কবিয়ে অনুকৰণ নকৰে৷
আজিৰ কবিতাত কাব্যৰচনাৰ স্থিৰীকৃত নিয়মো নাই৷ মানৱ মনত জাগ্ৰত হোৱা যিকোনো ঘটনাই আজি
কবিতাৰ বিষয় হ’ব পাৰে৷ নিঃসংগতা হ’ব পাৰে কবিতা একোটাৰ মূল উপপাদ্য৷ দ্বিধা, সংশয়,
একাকিত্ব, বাস্তৱ পৃথিৱীৰ প্রতি অনীহা, প্ৰেমৰ প্ৰতি ঘৃণা, পাশ্চাত্য দৰ্শনৰ পৰীক্ষা-নিৰীক্ষা
ইত্যাদি অলেখ কাৰণত বহু কবি আক্ৰান্ত৷ আজিৰ বহু ন কবিয়ে কি লিখে নিজেই নাজানে৷ নিজা
দৰ্শন এটা অধ্যয়ন আৰু জীৱন জিজ্ঞাসাৰ জৰিয়তে নিটোলকৈ নিৰ্মাণ কৰি ল’ব নোৱাৰিলে বাহিৰৰ
বতাহে সহজে বিচলিত কৰিব পাৰে৷ তেনে ক্ষেত্ৰত প্রশ্ন হয়তো এইখিনিতে আহিব পাৰে— আজিৰ
সময়ত এটা কবিতা কিহেৰে ধুনীয়া হয়? অংগসজ্জা কিহে সুন্দৰ কৰে? কেৱল শব্দাৰ্থই জানো
কবিতা? অভিধা, লক্ষণা, ব্যঞ্জনাৰ তেনে কাম কি? ধ্বনিবাদ, ৰসবাদ, অলংকাৰবাদ, ৰীতিবাদৰ
দৰে সংস্কৃত কাব্যতত্বৰ সূত্রবোৰৰ আজি ভূমিকা কি? এইধৰণৰ কবিতাবোৰ আজিৰ পাঠকৰপৰা কিমান
দূৰত ?? বক্ৰোক্তিবাদৰ বক্তা কুন্তকে ‘বক্ৰোক্তি জীৱিত’ত লিখি থৈ গৈছেঃ

শব্দাথৌ সহিতৌ ৱক্ৰু
কৱিৱ্যাপাৰশালিনি৷

বন্ধে ব্যৱস্থিতৌ
কাৱ্যং তদ্বিদাহ্লাদকাৰিণি৷৷

আমি ৰামায়ণৰ সীতাৰ
পাতাল প্রৱেশ অংশ অতি কৰুণ ৰসযুক্ত হ’লেও কিয় বাৰে বাৰে পঢ়ি চাওঁ ? এয়াই হ’ল ৰসাস্বাদন৷
এই ৰচনা এইবাবেই কাল অনুসৰি জনপ্ৰিয় যে ই নৈৰ্ব্যক্তিক৷ অৰ্থাৎ ই ব্যক্তিনিৰ্ভৰ নহয়৷
এয়া আমাৰ জীৱনৰপৰা উৰ্ধ্বত৷

চৰ্যাপদৰপৰা ছন্দৰ
অন্ত্যমিলযুক্ত কবিতা আৰু ছন্দমিলবিহীন মুক্তক কবিতা— এই দুয়ো ৰূপৰ মাজতেই অসমীয়া কবিতাৰ
উঠা-বহা৷ ছন্দোবদ্ধ কবিতাৰ নিয়মৰপৰা আঁতৰি আহি অনিয়মিত শাৰীত নিবদ্ধ মুক্তক ছন্দত
ৰচিত কবিতাৰো অভিনৱ ৰূপ৷ পাঠত সুন্দৰ হোৱা নৱকান্ত বৰুৱাৰ ‘পলস’ এনে এটি সাৰ্থক কবিতা
:

পলাশৰ জুই নুমাল
এতিয়া৷ শাল আৰু চতিয়ন বনত

মানৰ দিনৰ অতীত বহাগৰ
ধুমুহাৰ

কিমান সপোন সৰি গ’ল
তাৰ কোনে ৰাখে খতিয়ান

কলঙ কপিলী দিজুৰ
পাৰত ককাদেউতাৰ হাড়৷

চেতন-অৱচেতন মনৰ
সকলো কথাই ব্যক্ত হ’ব পাৰে আজিৰ কবিতাত— সংযুতি য’ত শিথিল৷ আজিৰ কবিতাই অনায়াসে ল’ব
পাৰে কথোপকথনৰো ৰূপ৷ নীলমণি ফুকনে ক’বৰ দৰে— ‘অলপ আগতে আমি কি কথা পাতি আছিলো… ৷
 আজিৰ কবিতাই শ্ৰোতা বা পাঠকক আনন্দ কিদৰে দিব পাৰে তাৰ বাবেহে সদা উৎসুক৷ অলপ ব্যতিক্ৰম
নাথাকিলে আজিৰ শ্ৰোতা-পাঠকে যে গ্রহণ নকৰে সেই একেআগি কবিতা— এই কথা আজিৰ কবিয়ে
বাৰুকৈয়ে জানে৷

অসমীয়া কবিতাই বহু
তৰংগ অতিক্ৰমি সাম্প্ৰতিক ৰূপ পাইছে৷ লিখিত ৰূপত চৰ্যাগীতৰ ‘কাআ তৰুবৰ পঞ্চবিডাল’ৰপৰা
আজি একবিংশ শতিকাৰ তৃতীয় দশকৰ মধ্যভাগলৈকে যিখিনি ভাব বহন কৰি কবিতা সমৃদ্ধ হৈছে তাৰ
নেপথ্যত প্রবাহিত হৈ আছে অসমীয়া কবিতাৰ ইতিহাস৷ শ্ৰীকৃষ্ণকীৰ্তন, শূন্যপুৰাণ; প্রাকশংকৰ
যুগৰ কাব্যসাহিত্য, শংকৰ যুগৰ সমৃদ্ধ কাব্যৰূপ, শংকৰোত্তৰ কালৰ কাব্যৰূপ, অৰুনোদই,
জোনাকী যুগৰ কাব্যপ্রবাহ অতিক্ৰমি জয়ন্তী,
ৰামধেনু, প্ৰকাশ, প্ৰান্তিক
, গৰীয়সী, সাতসৰী
আদি আলোচনীৰ মাজেৰে কবিতাই নতুন আংগিকেৰে নিজকে সজালে পৰালে৷ ইয়াৰ মাজতে আছে কবিতাৰ
সংঘাত-সংকট; বুজা-নুবুজাৰ খেল৷ কোনো কোনো কবিৰ ব্যক্তিগত অনুষংগৰ ব্যৱহাৰে কবিতাৰ দুৰূহ
কৰি তুলিলে৷ জোনাকী যুগৰ অসমীয়া কবিতাত ৰমন্যাসিক প্রভাৱৰ কথা আমি সকলোৱেই জানো৷ প্রথম
বিশ্বযুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধ, ‘জয়ন্তী’ৰ মাজেৰে অসমীয়া কবিতাই আধুনিক পোছাক পিন্ধাৰ
পাছত, পাশ্চাত্য কাব্যপ্রৱাহে ক’ব নোৱৰাকৈয়ে স্বাধীনতা- পৰৱৰ্তী কালৰ অসমীয়া কবিতাক
দিলে এক নতুন মাত্ৰা৷ পৰৱৰ্তী কবিতা বহু ব্যক্তিগত পৰীক্ষা-নিৰীক্ষাৰ ফল৷

প্ৰেম-ভালপোৱা, শৌষণ-ব্যৰ্থতা-হতাশাও
কবিতাৰ বিষয়; কিন্তু তাৰ মাজত থাকিব লাগিব নতুন আশা আৰু চিন্তাৰ বীজ৷ সি হ’ব লাগিব
কালোত্তীৰ্ণ, ৰসোত্তীৰ্ণ ৷ হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ প্ৰসংগ আমি ইয়াতে আনিব পাৰোঁ:
“ৰূপালী ৰং চুলিত লাগিছে, বেয়া নেদেখি, লাগক / সোণালীখিনি মচি নিদিবা, বুকুজুৰি বৈ
থাকক”৷ (এইগৰাকী কবিয়ে মৃত্যুকো শিল্প বুলি অভিহিত কৰিছে? “মৃত্যুওতো এটা শিল্প /জীৱনৰ
কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য”)৷ উল্লেখ্য যে পূৰ্বৰ ওৰণিৰ আৱেষ্টনীৰ তলত থকা ইন্দ্ৰিয়জ
প্ৰেমৰ পোনপটীয়া বাহ্যিক প্রকাশ এতিয়া কবিতাৰ প্রধান বিষয় হৈ পৰিছে৷ ভালপোৱা অমৰণ;
কিন্তু ভালপোৱা, যৌনতাৰ নামত চৰ্বিত-চৰ্বণ কবিতাৰ নামত অপমৃত্যু৷

এটা কবিতা গল্প হ’ব
পাৰে; হ’ব পাৰে নাটক, উপন্যাস৷ হেম বৰুৱাৰ ‘মমতাৰ চিঠি’ৰ ইতিমধ্যেই নাট্যৰূপ হৈছে৷
‘সাগৰ দেখিছা’ৰ দৃশ্যায়ন ৰূপ অতীব সুন্দৰ হ’ব৷ চিত্ৰকল্পিক সাংগীতিক আৰু সাংকেতিক
ভাষাৰ সুষমাই এনে কবিতাক দিব পাৰে অভিনৱ মাত্ৰা৷ নিৰ্মলপ্ৰভা বৰদলৈৰ ‘মৰ্মান্তিক’ কবিতাটি
যেন বিশ্বায়নৰ গ্ৰাসত সৰ্বস্ব হেৰুওৱা লোকজীৱনৰ এখন কৰুণ উপন্যাস :

“তেওঁক মই যোৱাগৈ দেখিছিলোঁ

বেলি লহিওৱাৰ পৰত

পথাৰৰ বঁকিয়াইদি৷

মূৰত জাপি,

কান্ধত মেটমৰা দুটা
ডাঙৰিৰ

জিৰিক্‌ জিৰিক্‌
মাত৷

তেওঁৰ পাছে পাছেই
গ’লগৈ—

আঘোণৰ সোণবৰণীয়া
ৰ’দ,

খেৰৰ চুবুৰিটো, বাঁহ
বননিৰ

কেঁচা আলিটো

আৰু গান গোৱা চৰাইজাক৷

গৈ আছিল আৰু গ’লগৈ৷

কোনে জানে

তেওঁ আৰু

এই জন্মত

উভটি আহিব নে নাহে৷”

এখন চিঠিও হ’ব পাৰে
এটি সুখপাঠ্য কবিতা৷ মহেন্দ্ৰ বৰাৰ ‘কেৰেণী শ্যেলীৰ চিঠি’ কবিতাটিৰ অন্তৰ্নিহিত কাৰুণ্য,

প্ৰেমৰ ব্যৰ্থতা
কেৱল অনুভৱৰহে বিষয়৷ শব্দৰ কি অভিনৱ চিত্ৰায়ণ:

“সি বিচৰা চিঠিখন
আজিও নাহিল৷

বাহিৰত পাতল বৰষুণ…

শনিবাৰৰ এই মৰম লগা
বিয়লিটো

কিমান ধুনীয়া হ’লহেঁতেন
এখন চিঠিৰে ৷…”

হেমচন্দ্ৰ গোস্বামীৰ
ছনেট ‘প্ৰিয়তমাৰ চিঠি’ৰ কোমলকান্ত ৰমন্যাসিক আৱেগ অপ্ৰকাশ্য; ভালপোৱাৰ ফল্গুধাৰা কেৱল
অনুভৱৰহে বিষয়৷ হেম বৰুৱাৰ ‘এখন চিঠি’, ‘মমতাৰ চিঠি’ এনে ধৰণৰ উৎকৃষ্ট কবিতা৷

ন্যায়-সমতা-সহমৰ্মিতা
বিচাৰি প্রত্যেক মানুহৰ ভিতৰে-বাহিৰে একোখন যুদ্ধ চলি থাকে৷ যুদ্ধ চলি থাকে দেশ-কালৰ
সীমাত৷ সেয়ে এটা কবিতা হ’ব পাৰে বিপ্লৱ৷ হ’ব পাৰে স্বাধীনতাকামী মানুহৰ বৃত্তান্ত৷
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ ‘বিষ্ণুৰাভা এতিয়া কিমান ৰাতি’ এছোৱা বিশেষ সময়ৰ ইতিহাস৷
প্ৰগতিশীল কবিৰ কবিতাত উন্মেষ ঘটা বাস্তৱবাদী বিদ্ৰোহী চেতনাৰ জুইকুৰা আজিও জ্বলি আছে
কবিৰ হৃদয়ত৷ স্পেইনৰ গাৰ্চিয়া লৰকা, চিলিৰ পাবলো নেৰুডাৰ কথা নিলগাই ৰাখিও আমি ক’ব পাৰোঁ
অম্বিকাগিৰী ৰায়চৌধুৰী, ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত, অমূল্য বৰুৱা, নচিকেতা ওৰফে ভবানন্দ দত্তৰ
কথা৷ কবিতাৰে জুই একুৰা সকলোৰে বুকুত জ্বলাই ৰাখিব পৰা জ্যোতিপ্ৰসাদ-বিষ্ণুৰাভা আমাৰ
নবীন কণ্ঠত আজিও সাৰে আছে৷

কবিতাৰ মাজত সমাহিত
হৈ থাকে সংস্কৃতিৰ শিপা কবিতা কোনোকালে জীৱনবিমুখ হ’ব নালাগে৷ নাৰ্চিছাছৰ দৰে আত্মমগন
নহৈ কবিতাই জনজীৱনক সামৰি ল’ব পাৰিলেহে কবিসকলে প্রকৃত সাৰ্থকতা লভিব৷ কবিতা কোনোকালে
জনপ্ৰিয়তাৰ মাধ্যম নাছিল৷ বিলাসিতাৰো ই মাধ্যম নহয়৷ সমাজত এক আড়ম্বৰপূৰ্ণ স্বচ্ছন্দতা
লাভৰ বাবেই ‘কবি’ অভিধা গ্ৰহণ কৰাটোও আমাৰ উচিত নহয়৷ লিখিব লাগে বাবেই সময়ে অসময়ে
অৰ্থহীন কবিতা লিখাটোও এক ভণ্ডামি ৷ সেয়ে মাজে মাজে অকবি হোৱাতকৈ কবিতাৰ সতৰ্ক পাঠক
হোৱা ভাল৷ নিৰপেক্ষ সমালোচনাৰে কবিতাৰ পথ মসৃণ কৰাটোও আমাৰ কৰ্তব্য হোৱা উচিত৷

সাম্প্ৰতিক সময়ত
উদীয়মান কবিসকলৰ দায়িত্ব অসীম৷ অধ্যয়ন আৰু কৰ্ষণ— এই দুয়োটাৰ লগতে জীৱন-জিজ্ঞাসা
সমন্বিত অনুভৱৰ সমাহাৰত তেওঁলোকৰ কলমত নিশ্চিতভাৱে সৃষ্টি হ’ব সাৰ্থক কবিতা৷ একান্ত
নিজা কথাবোৰকে পাগুলিয়াই নাৰাখি, পুৰণি সাঁচত নাঢালি সামাজিক প্ৰেক্ষাপটত সতৰ্ক নিৰীক্ষণৰ
জৰিয়তে সময় আৰু জীৱনক স্থান দিয়ক কবিতাক৷ নিজে চকুৰে দেখা ঘটনাতেই নিহিত হৈ থাকে
একো একোটা সাৰ্থক কবিতা৷ সমাজৰ অন্যায়-অনিয়মতো সাৰ পাই উঠিব পাৰে কবিতা৷ পৃথিৱীৰ
সকলো মানুহৰে হৃদয়ত, মগজুত একেবোৰ ভাবেই খুন্দিয়ায়৷ মাথোঁ ভাষাৰ প্রকাশিকা শক্তি
আৰু ভাবনাৰ ৰূপান্তৰ ঘটিব পাৰে; অৰ্থ একেই থাকে যুগ-যুগান্তৰ৷ তেওঁলোকে পাহৰিব নালাগিব—
সহজ-সৰল বাক্‌ভংগী, লোকজীৱনৰ সুৰ এটিও কবিতাৰ উপকৰণ হ’ব পাৰে৷ কেৱল যুক্তি কিম্বা ৰাজনৈতিক
উদ্ধৃতি কবিতাৰ ৰাজহাড় নহয়৷ বুদ্ধিৰ কছৰৎ নকৰি আৱেগক নিয়ন্তণ কৰি সঠিকভাৱে ভাবনাৰ
আত্মপ্রকাশ কৰাব পাৰিলে উদীয়মান কবিসকলে অসমীয়া কাব্যসাহিত্যত নিশ্চয়কৈ নিজা স্থান
বিচাৰি ল’ব৷ নতুন কবিসকলে কাব্যচৰ্চাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাক নিলগত ৰাখক৷

হীৰেন ভট্টাচাৰ্য,
নিৰ্মলপ্ৰভা বৰদলৈৰ দৰে উপমাৰে ব্যঞ্জিত চিত্ৰধৰ্মী কবিতা আজি বৰকৈ পাবলৈ নাই৷ এটা
সময়ত প্রেমৰ কবিতা বুলিলেই সকলোৱে উচ্চাৰণ কৰিছিল হীৰুদাৰ এই কাব্যপংক্তি :

“তুমিতো জানাই

এই কবিৰ আৰু একো
নাই

এটাই মাথোঁ কামিজ

তাৰো ছিগো ছিগো চিলাই

প্রেম চাগৈ এনেকুৱাই

আৱৰণ খুলি হৃদয়
জুৰায়৷”

দুখত ককবকাই কোনো
প্ৰেমিকে হয়তো ওঁঠত তুলি লয় :

“ভঙা কলিজাত কোনে
বিনায়?

কবিতা মোৰ দুখৰ ঋতুৰ
এপাহ খৰিকাজাই ৷”

প্রাচ্যৰ আলংকাৰিক
বিশ্বনাথৰ ‘বাক্যং ৰসাত্মকং কাব্যম্‌’ অথবা ‘ভামহৰ ‘শব্দাথৌ সহিতৌ কাব্যম্‌’ আজি হয়তো
নবীন কবিয়ে মানি নচলে৷ লোককবিতা ‘কেলৈ ফুলিলি ৰূপহী মদাৰ ঐ কেলৈ পেলালি কলি, গুৰুতো
নালাগ ভকততো নালাগ থাক তলে ভৰি সৰি’ৰ মাজত থকা বক্ৰেক্তিৰ অপ্ৰস্তুত প্ৰশংসা আজিৰ কবিতাত
পাবলৈ নাই৷ এক প্রকাৰে আজিৰ কবিতা অলংকাৰবিহীন৷ শব্দৰ মাধ্যমেৰে কল্পনাৰ ছবি অংকন কৰা
চিত্ৰকল্পই হ’ল আধুনিক কবিতাৰ পোনপটীয়া অলংকাৰ৷ আজিৰ কবিৰ চিত্ৰকল্পিক ভাব-ভাষাৰ বলিষ্ঠ
প্রকাশভংগীয়ে পাঠকক আকৰ্ষণ কৰিব পাৰে চুম্বকৰ দৰে৷ স্থিৰ জীৱনো হৈ পৰিব পাৰে হঠাৎ
চলন্ত ৷ পূৰ্ব কবি অজিৎ বৰুৱাৰ কবিতাৰ চিত্ৰস্তনিত ভাষাৰ চমৎকাৰিতা এইখিনিতে উল্লেখনীয় 
 :

“সেই নীৰৱ গধূলি
পথাৰৰ মাজত অকলে থিয় হোৱা

চাৰিওফালে পথাৰ পথাৰ

বুকুত খামোচ

দূৰৰ গাঁৱৰপৰা গুণগুণকৈ

ধোঁৱা উৰিছিল৷”

ঠিক সেইদৰে নৱকান্ত
বৰুৱাৰ এটি কবিতাৰ চিত্ৰকল্পৰ অৰ্থ বুলিলে হয়তো বহু অৰ্থ ব্যঞ্জিত হ’ব পাৰে—

সেমেকা পোহৰে পাহৰাই
দিয়া

তোমাৰ খোপাৰ আবেলি
আবেলি গোন্ধ

মনত পৰেনে অৰুন্ধতী?

‘চুলিৰ মেঘত লাহি
আঙুলিৰ বহুতো জোন’ৰ অৰ্থ বিচাৰিও হয়তো পাঠক হ’ব পাৰে ব্যাকুল নীলমণি ফুকনৰ কবিতাৰ
প্রেম আৰু চিৰ বিচ্ছেদৰ এটি সকৰুণ চিত্ৰকল্প ?

“ভুলতে তোমাক বিছনাখনত

খেপিয়াই ফুৰিছিলোঁ

তুমি যে পৰ্বতটোৰ
নামনিত

তিলফুল হৈ

হালিজালি ফুলি আছা৷”

কেশৱ মহন্তৰ ‘আঘোণৰ
কুঁৱলী’ৰ মাজতো আছে চিত্ৰকল্পৰ লুকাভাকু : “আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি একোকে
নমনি৷” এই কুঁৱলীখিনি কি? তাৰ প্ৰতীকী ৰূপৰ অৰ্থই বা কি?

প্রপিতামহৰ মুখৰ
কথাৰ মাজতো আজিৰ কবিয়ে পাব পাৰে নতুনত্ব ৷ লোককথাৰ সোণচেঁকুৰা নিহিত কবিতা সেয়ে প্রাচীন
হৈয়ো হ’ব পাৰে অৰ্বাচীন ৷ নীলমণি ফুকনৰ কাব্যভাষাৰে :

“হয়নে বোপাই আজি
যি বলি কালি সি ঘাতক

আজি ঘাতক কাইলৈ
বলি৷”

কবি অজিৎ বৰুৱাই
কাব্যালংকাৰ অভিনৱগুপ্তৰ “কৰোতি কীৰ্তিং প্ৰীতিংচ সাধু কাব্য নিষেৱণম্‌৷ ইতি৷ তথাপি
প্ৰীতিৰেব প্রধানম্‌৷৷” মন্তব্যৰ আধাৰত ঠিকেই কৈ গৈছে : “প্ৰীতি হৈছে কাব্যৰ প্রধান
উদ্দেশ্য৷ …কাব্যই প্রাথমিকভাৱে লেখকক আনন্দ দিয়ে তাৰ পাছত সি হয়তো পাঠকক আনন্দ
দিব পাৰে আৰু প্রসাদময় সেই বিৰল মুহূৰ্তত লেখক আৰু পাঠক দুয়োকো আনন্দ দিয়ে৷” তেওঁৰ
কথাৰেই এই চুটি মানৱ জীৱনত যিকণ আনন্দ এতিয়াও বাকী আছে তাৰ প্রশংসাতে ৰচিত হোৱা উচিত
আমাৰ কবিতা৷ অসুস্থ মানসিকতা ত্যাগ কৰি শালীনতা আৰু শিপাৰ বান্ধোন মানি চলিলে আমাৰ
কবিতাই দিব ব্যাপ্তি, গৰিমাময় স্থিতি৷ জনপ্ৰিয়তা, সস্তীয়া প্ৰশংসা আৰু তোষামোদৰ
পিছে পিছে লৰ নামাৰি সংযত কাব্যসৃষ্টিৰে অধ্যয়নপুষ্ট মনেৰে অসমীয়া কবিতাক ঐশ্বৰ্যময়
কৰি তুলিবলৈ নতুন প্রজন্মক সাজু কৰাটোৱেই হ’ব সকলোৰে নৈতিক দায়িত্ব৷