বুকুৰ বুদ্ধ

প্ৰয়াগ শইকীয়া

কৈশোৰৰ কথা,
আমি নবম মানত, শ্ৰেণীকোঠাত আমাৰ নমস্য
শিক্ষাগুৰু ৰোহিত বেজবৰুৱাছাৰে এজন এজনকৈ ছাত্ৰবন্ধুসকলক থিয় কৰাই এটা প্ৰশ্ন
সুধিছে
, কবিতা কি ?

ছাৰৰ প্ৰশ্নৰ উত্তৰ কোনেও দিয়া নাই। সকলোৱে কবিতা
লিখিবলৈ আৰম্ভ কৰা এই অভাজনলৈ চাই আছে
 । …এই
অভাজনৰ পাল পৰিছে
  আৰু  অভাজনে উত্তৰ  দিছে,  জীৱন আৰু জগতৰ প্ৰতি হৃদয়ৰ প্ৰতিক্ৰিয়াই কবিতা!

শাৰীটো ভৱেন বৰুৱা সম্পাদিত সংলাপত পোৱা,
শাৰীটো সময়ত মোৰ বুকুৰ বুদ্ধ হৈ পৰা কবি নীলমণি ফুকনৰ ।

নীলমণি ফুকনছাৰক মই প্ৰথম লগ পাইছিলোঁ ফুলি থকা সূৰ্যমুখী  ফুলটোৰ ফালেৰ জৰিয়তে 

নগাওঁ ট্ৰেন্সপৰ্ট ষ্টেশ্যনত পেঙ্গুইননামৰ এখন সৰু কিতাপৰ দোকান আছিল । সেই দোকানখন আছিল আমাৰ বিশেষ আকৰ্ষণ ।
এই দোকানখনতে এদিন প্ৰত্যক্ষ কৰিছিলোঁ ছাৰৰ কিতাপখন । ত্ৰৈলোক্য দত্তৰ প্ৰচ্ছদৰে
সৰু কিতাপখনৰ পাত লুটিয়াই এখন নতুন জগতত সোমাই যোৱা যেন লাগিছিল
, কিতাপখন নিজৰ কৰি লোৱাৰ প্ৰচণ্ড হাবিয়াস জাগিছিল । কিতাপখনৰ মূল্য আছিল ২
টকা । মোৰ হাতত আছিল এটকা আৰু চাৰিঅনামান ।

কিতাপৰ দোকানৰ মালিক আমাৰ সকলোৰে আদৰৰ নীলুকাক
কৈছিলোঁ
, নীলুকা
কিতাপখন কাকো নেবেচিব । মই এই আহি আছোঁ!

পেঙ্গুইনত সেইটোৱেই আছিল ফুলি  থকা সূৰ্যমুখী ফুলটোৰ ফালেৰ শেষ কপি । বেগাবেগিকৈ ফৌজদাৰীপট্টিত থকা আমাৰ
গৃহলৈ আহি পকেটৰ পইচাকেইটা দুটকা কৰি পেঙ্গুইনলৈ ঢাপলি মেলিছিলোঁ ।

ছাৰৰ ভাব আৰু ভাষাই মোক মন্ত্ৰমুগ্ধ কৰিছিল, ইমান কোমল ইমান ধুনীয়া আমাৰ আইৰ
ভাষা।

কবিতা বোলে স্মৰণীয় বাক্য ..

            এই যেন শুনিলোঁ  সেই মাত

            ইমান নিজান 

           কৰে নাৱৰীয়া  তই

 

            থৰ হল মন মোৰ

            বনজুয়ে পোৰা থেৰেজু পাতত

 

            ভটিয়াই গলগৈ চৰা নাওখনি

            ভটিয়াই গল বেলি

            তোমাৰ হেৰোৱা দুখত

 

            এই যেন প্ৰথম শুনিলোঁ সেই মাত 

            ইমান নিজান!

            নিজৰে মাতত

 এই কবিতাটো একান্ত স্মৰণীয় অনুভৱ হিচাপে তাহানিৰ
স্কুলীয়া দিনৰ পৰা আজিও আওঁৰাই আছোঁ । কবিতাৰ সভাত এই কবিতাটো গাব পৰাটো মোৰ অনন্য
প্ৰাপ্তি যেন লাগে ।

শোকৰ পৰা শ্লোক হোৱাৰ কথাটো শুনিলে নিজেই নিজকে
ফুকনছাৰৰ ভাবেৰে কওঁ
 

            …’হাতত খোলা তৰোৱাল লৈ আহিবা

            বেদনা যি তৰোৱালৰ ধাৰ

স্কুল-কলেজত থকা সময়ত ছাৰক কায়িকভাৱে লগ পোৱা
নাছিলোঁ ।
 

কিন্তু ছাৰৰ কবিতাই
ছাৰক একান্ত কাষৰ মানুহ হিচাপে অনুভৱ হ
বলৈ দিছিল, ছাৰ যেন মোৰ বহুদিনৰ চিনাকী লোক এজন।
স্কুলীয়া দিনতে ছাৰে অনুবাদ কৰা জাপানী কবিতা
নামৰ কিতাপখন
হাতত পৰিল।

স্মৰণীয় অনুভৱ হৈ ৰল হিতোমাৰোৰ কবিতা ..

            ইগামি পাহাৰৰ ওপৰত

            ৰান্ধনি-বেলি মাৰ গল।

            ধূসৰ হৈ আহিল পোহৰ ।

            ভাবিছিলোঁ মই এটা টান মানুহ 

            চকুলোৰে তিতিল

            মোৰ পাতল চোলাৰ দুয়োখন হাত 

ডাক্তৰ হোৱাৰ পাছত ছাৰক গুৱাহাটীৰ এখন সভাত বক্তৃতা
দি থকা অৱস্থাত দূৰৰ পৰা দেখিছিলোঁ ।

ওচৰৰ পৰা প্ৰথম পাইছিলোঁ শিল্পী প্ৰণৱ বৰুৱাৰ গৃহত
। মোৰ কবিতাক বিশেষভাৱে ফুকনছাৰৰ কাষলৈ লৈ যোৱা মানুহজন আছিল প্ৰণৱদা ।

সৰুতে শুনিছিলোঁ  এটা
সেউজ পৰিৱেশত
, এটি নিজৰাৰ কাষত কবিতাৰ দৰে এটা ধুনীয়া গৃহত
মোৰ মনৰ কবিজন থাকে । মনৰ টান থাকিলেও
, প্ৰবল ইচ্ছা থাকিলেও
সকলো কথা বোলে দৈবইহে নিৰ্ধাৰণ কৰে ।

মই অলপ পলমকৈ এদিন ছাৰৰ গৃহ পালোঁগৈ। এনে লাগিল মই
যেন এখন আশ্ৰমত । ছাৰৰ সান্নিধ্যই মোক অপৰিমেয় শক্তি দিয়া যেন লগা হ
ল ।

এই মানুহজনেই মোৰ বুকুৰ বুদ্ধ ।

নব্বৈ গৰকা ছাৰৰ বাবে এদিন লিখিলোঁ অমিতাভৰ নীলমণি  নামৰ এটি কবিতা এনে ধৰণেৰে-

            এটি গছপুলি ৰোপণেৰে

            আজি অমিতাভৰ নীলমণি 

 

            সেউজৰ  মাজত
যেন
 

            অমিতাভ বুদ্ধৰ হাঁহি 

 

            সময়ে কয়

            আজি শুভ উনানব্বৈতম জন্মদিন 

            জেন (Zen) বৌদ্ধসকলে কয় এয়া

            শুভ প্ৰৱাহৰহে চিন

 

            এই প্ৰৱাহ অনন্ত প্ৰবাহ

            ইয়াৰ গতিতেই যেন মহাযানৰ সুবাস 

 

            পুলিটি বৃক্ষ হ

            বোধিতৰুৰ দৰে

            অমিতাভৰ অনুভৱে ক

 

            ফুলি থকা সূৰ্যমুখী ফুলৰ কথাৰে

            সূৰ্য নামি অহা নৈখনৰ

            অনুভৱ গভীৰৰ পৰা হব গভীৰ

 কবিতাক জীৱন আৰু জগতৰ প্ৰতিক্ৰিয়া বুলি অনুভৱ কৰা
কবিজনাৰ প্ৰভাৰে আমি ঋদ্ধ ।

তেওঁৰ হৃদয়-ভাষা থাপনাত থব পৰাকৈ অনন্য!