অচিনাকী নিৰ্জনতাৰ পৰা চিনাকী নীৰৱতালৈ কবি নীলমণিৰ অন্বেষণত

 সঞ্জীৱ সভাপণ্ডিত


মই এখন চিনেমা নিৰ্মাণ কৰিছিলোঁ৷ নাম
আছিল
 জাংফাই জোনাক৷
ইংৰাজীলৈ ভাবানুবাদ কৰি নাম দিছিলোঁ
 – From the Shadow of Silence

জাংফাই মণিৰ বৰণ খঙাল৷ জোনাকৰ স্পৰ্শ হল স্নিগ্ধশীতলকোমল৷ এটা সৰু ১০/১২
বছৰীয়া ল
ৰাৰ এবাৰ আই ওলাইছিল৷ চুলিবোৰ খহুৰ আঠাৰে লিপিট খাই
ধৰিছিল৷ গাঁৱলীয়া বিশ্বাস মতে চুলিবোৰ কাটি দিয়া নাছিল৷ দীঘল হৈ হৈ মূৰত চুলিয়ে
জঁটা বান্ধিছিল৷ গাঁৱৰ
  মানুহে উলিয়াই দিলে তাৰ গাত শিৱ লম্ভিছে
বুলি৷ বছ্
, আৰু কোনে পায়! জোৰ কৰি তাক মাকবাপেকৰ বুকুৰ পৰা ছিঙি, বিছনাৰ তলৰ পৰা টানিচোঁচৰাই, ভায়েকভনীয়েকৰ পৰা আঁজুৰি লৈ গ এখন নৈৰ পাৰত এটা মন্দিৰ সাজি, তাতে স্থাপন কৰিলেগৈ৷ দিনেৰাতিয়ে তাৰ চাৰিওফালে
ভাঙৰ চিলিম
ধোঁৱাৰ কুণ্ডলী নাচিবলৈ ধৰিলে৷ শ শ হাজাৰ হাজাৰ
ভক্তৰ হেঁচাত তাৰ শৈশৱ হেৰাই গ
ল৷ সমনীয়াৰ লগত খেলাধূলা,
 নৈত সাঁতোৰা, নাটক চোৱা সকলো তল পৰিল৷ সিও দিনেৰাতিয়ে ভাঙৰ নিচাত বিভোৰ হৈ থাকিবলৈ ধৰিলে৷ এইটো ধৰা টান হৈ
পৰিল
তাৰ চকু ভাঙৰ প্ৰকোপত ৰঙা পৰিছে নে সমাজৰ প্ৰতি খঙত
ৰঙা হৈ পৰিছে নে দুখৰ কান্দোনত কান্দিব নোৱাৰি ৰঙা হৈ পৰিছে৷ তাৰ চকুলৈ চাবলৈ আনকি
পুৰোহিতজনেও সাহস গোটাব নোৱাৰিলে৷ গভীৰ দুৰ্গম অৰণ্যৰ মাজত থকা ওখ গছত অকলে অকলে
গুজৰি
গুমৰি থকা জাংফাই মণিৰ দৰে সি এক দুঃসহ বেদনা হৈ থাকি
ল৷ তাৰ মুখৰ মাত হেৰাই গল৷ নতুনকৈ
গজি উঠা মন্দিৰটোৰ চাকিৰ তলৰ ছাঁত সি নিস্তব্ধে
নিৰৱে জুপুকা
মাৰি বহি ৰ
ল৷ ইংৰাজী নামটো সেয়ে তেনেকৈ দিছিলোঁ৷

নামটো আচলতে উটি আহিছিল বহুদিনৰ আগৰ
অতীতৰ বুকুৰ পৰা
 আমাৰ নাজিৰাৰ ঘৰৰ এটা বৰ্ষণবিঘ্নিত জেঁকা দেওবাৰৰ পৰা৷ মায়ে তাঁতশালত পুৰণা
ছুৱেটাৰৰ গোঁথনি খুলি ধুই
মেলি শুকুওৱা ঊলেৰে শ্বল বৈ আছিল৷ তেতিয়া গৰম কালি আছিল
যদিও মাৰ হিচাপটো ঠাণ্ডাকালিৰ কাৰণে আছিল৷

তেনেতে ওচৰৰ এঘৰৰ ডাংকাচি গৰু এজনীয়ে
পণিয়লৰ তলৰ বাঁহৰ জেওৰা ভাঙি বাৰীত সোমাই কেইবাটাও কলপুলি চোবাবলৈ ধৰিলে৷ মায়ে মোক
চিঞৰি চিঞৰি গৰুজনী খেদাবলৈ ক
লে৷ মই কত শুনো; কাৰণ মই তেতিয়া দস্যু
ভাস্কৰ চিৰিজৰ ১১ নং কিতাপ
 ‘জুলিবা পাৰত ভাস্কৰ’-ৰ ৰোমাঞ্চকৰ অভিযানৰ মাজত নিমজ্জিত হৈ আছোঁ! ইফালে গৰুজনীয়ে ভেণ্ডি, জিকা, তিয়ঁহৰ হেন্দালিবিলাক এফালৰ পৰা মহতিয়াই
নিছে৷

খঙত একো নাই হৈ মায়ে তাঁতশালৰ মাকোটোকে
নাতিদূৰত মূঢ়া এটাত বহি থকা মোলৈ মাৰি পঠালে৷

মাকোটো আহি লাগিল মোৰ কৰঙনত৷

ময়ো খঙৰ ভমকত তাঁতশালৰ টোলোঠাৰ
কানমাৰিডালকে আঁজুৰি আনি গৰুজনী খেদি গ
লোঁ৷ চতুৰ গৰুজনীয়ে চেঁকুৰ ধৰিলে৷ মই
তাইক উৰাই
ঘূৰাই মৰিয়াবলৈ ধৰিলোঁ৷ তাইৰ পিঠিত সেৰাসেৰ দাগ বহি গল৷ গৰুজনী গাভিনী আছিল৷ বাৰীখনত
চাৰিপাকমান মাৰি মাৰি এটা সময়ত তাই ৰৈ গ
ল ভাগৰত৷ মই তেতিয়া
গাভিনী
তাভিনী একো চোৱা নাই৷ কোবায়েই আছোঁ,
 কোবায়েই আছোঁ৷ মাৰিডাল
ভাগি তিনিটুকুৰা হ
ল৷ গৰুজনী মাটিত বহি পৰিল৷ মূৰটো মাটিত পেলাই দিলে৷

মাও দৌৰি আহি পালেহি৷ মই গৰুজনীলৈ
নোচোৱাকৈ গুচি আহিলোঁ
 তাৰ পৰা৷

মা কিজানি বহুপৰ তাতে তাইৰ লগত থাকিল৷

গধূলিলৈকে মা বাৰীৰ পৰা নাহিল৷ এটা সময়ত
মায়ে গৰুজনীৰ গাত পানী
দুনি ঢালি হালধি বটা সানি গৃহস্থৰ ঘৰত থৈ আহিলগৈ৷

সেইদিনা মায়ে মোক নামাতিলে৷ ভাত খাবলৈকো
নামাতিলে৷ পাছদিনাও নামাতিলে৷ তাৰ পাছদিনাও নামাতিলে৷ মই পিছে
পিছে লাগি ফুৰিলোঁ যদিও
মায়ে মোলৈ এবাৰো নাচালেই৷

মাৰ সেই নীৰৱতা আজিও মোৰ কাণত ঠহৰ ঠহৰকৈ
বাজি আছে৷ সেই মৌনতাৰ অৰ্থ বুজিবলৈ মই তেতিয়া একেবাৰেই সমৰ্থ নাছিলোঁ৷ কিজানি মোৰ
বোধশক্তিয়েই উদয় হোৱা নাছিল৷

মা গৰুজনী লৈ ওলাই যোৱাৰ পাছত মই বাহিৰৰ
চোতালতে তুলসীজোপাৰ ওচৰত ৰৈ সেইফালে চাই আছিলোঁ৷ গেজেপনি মৰা সেই হাবিময় ঠাইত
জিলিৰ মাত
 শিয়ালৰ মাতৰ বাহিৰে
একো শব্দই নাছিল৷

মা মানুহঘৰৰ পৰা গৰুজনী থৈ ৰাতি নমান
বজালৈকে ঘূৰি অহা নাছিল৷ তেতিয়া আমাৰ ঘৰলৈ বিজুলী সংযোগো হোৱাই নাছিল৷ আমাৰ ঘৰখনত
মাত্ৰ দুটা লেম আৰু দুটা টিপচাকি আছিল৷ সেই
  বজা মাজনিশাৰ সমতুল্য আছিল৷ জিলিৰ মাতে
নিশাটো অধিক গভীৰ কৰি তুলিছিল৷ আজিও মই ৰাতি জিলিৰ মাত শুনিলে
, সেই নিশাটোলৈ মনত পৰে ঠিক বীৰেন্দ্ৰ নাথ দত্তই নৱকান্ত বৰুৱাৰ ৰচনাৰে গোৱা গানটোৰ
দৰে
 

        জিলিৰ মাতে গভীৰ কৰে নিৰ্জনতা

        নিৰ্জনতাই মনত পেলায় আইৰ কথা

        আইৰ কথাই জ্বলায় মনত দীপৰ শিখা

        দীপৰ শিখা তুলসীতলৰ পৱিত্ৰতা৷

তেতিয়া গান দুটামান শুনিছিলোঁ যদিও গীতৰ
কথা বা কবিতা সুদূৰ পৰাহত আছিল৷ কেৱল পদ্যহে পঢ়িছিলোঁ
 

        মেলিলো প্ৰথম চকু     তোমাৰ কোলাতে আই

                জীৱনৰ প্ৰথম পুৱাত

        মুদিম আকৌ চকু     তোমাৰ কোলাতে শুই

                জীৱনৰ শেষ সন্ধিয়াত (নলিনীবালা দেৱী)

বা

        নিচিনো তোমাক         ত আছা প্ৰভু

                আমি অতি সৰু লৰা

        চিঞৰি চিঞৰি         মাতিলে তোমাক

                নামাতা দূৰৰ পৰা (ৰঘুনাথ চৌধাৰী)

বা

        তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ

                তুমি নাথ মই নাথৱন্ত … এনে ধৰণৰ কিবাকিবিবোৰ৷

জীৱন ইতিমধ্যে বহুধা বিভক্ত হৈ পৰিছিল৷
বিভিন্ন কামেই টানি নিছিল নে ময়ে বিভিন্ন কামৰ ওচৰ চাপি গৈছিলোঁ
  কোনোদিন ভবাৰ অৱকাশেই হোৱা নাছিল৷ হৰেকৃষ্ণ ডেকা, অনুভৱ তুলসী, হীৰেন ভট্টাচাৰ্য, প্ৰণয় ফুকন, নীলিম কুমাৰ, আনিছ্ উজ্ জামান, নীলমণি ফুকন  যাৰে কবিতা পাইছিলো পঢ়িছিলোঁ ৷ কিছু বুজিছিলোঁ কিছু বুজা নাছিলোঁ৷ কেতিয়াবা নিৰ্মলপ্ৰভা
বৰদলৈৰ কবিতাত যদি কিবা এটা পাইছিলোঁ
, কেতিয়াবা নৱকান্ত বৰুৱাৰ কবিতাত আন কিবা এটা
পাইছিলোঁ৷ কেতিয়াবা নিছিম ইজেকিয়েল বা সুনীল গাংগুলীও বাগৰি গৈছিল চকুৰ আগেদি৷

বহুত কথাই স্থায়ীত্ব লাভ কৰিবলৈ চেষ্টা
কৰিছিল৷ কিন্তু কবিতাই সৃষ্টি কৰা
‘কিন্তু’বিলাকে মোক বৰ
দোমোজাত পেলাইছিল৷ সেয়ে বহুদিন মই কবিতাৰ লগত সহজ হ
ব পৰা
নাছিলোঁ৷ সমীৰ তাঁতী বা সনন্ত তাঁত
fয়ে কেতিয়াবা কেইদিনমান
জোক লগা দি লাগি থাকিছিল
;
 কিন্তু প্ৰণৱ কুমাৰ বৰ্মন বা গংগামোহন মিলিয়ে আঠাখিনি গুচাই দিছিল৷ তথাপি গদ্যৰ লগতেহে সম্পৰ্ক স্থাপন কৰিবলৈ মোৰ মন আলোড়িত হৈছিল৷ কিমান কবিতাক
যে মই এই জীৱন বাটত উপেক্ষা কৰি আহিলোঁ
 তাৰ সীমাসংখ্যা নাই৷ গল্প এটা
নপঢ়িলে হয়তো মনটো উচপিচাই থাকে
,
 কিন্তু কবিতা এটা নপঢ়ি পাত লুটিয়াই গুচি
লেও
মোৰ কোনোদি
নে কোনো অপৰাধবোধ জগা নাছিল৷ গীতিকবিতা বা
কথাকবিতা
 বা কাহিনীকবিতাবিলাক হয়তো কিবা ধৰণে পঢ়ি গৈছিলোঁ; কিন্তু আধুনিক কবিতাৰ ওচৰ চাপিবলৈ মোৰ
ইচ্ছাও হোৱা নাছিল বা সামৰ্থ্যও হোৱা নাছিল৷

এটা সময়ত, ঠিক কেতিয়াৰ পৰা কব নোৱাৰোঁ, মোক অসমীয়া গদ্যই
আমুৱাবলৈ ধৰিলে৷ সকলো যেন সেৰেকা দাইল
লেৰেলা পাচলি হৈ পৰিল৷ ভাষাৰ মাধুৰ্য
নাই
,
 কাহিনীত কথকতা নাই, শব্দত কালিকা নাই, প্ৰকাশৰ তীব্ৰতা নাই, অনুসন্ধানৰ বাস্তৱতা নাই সোঁফালে বা বাওঁফালে হালি যোৱা মেৰুদণ্ডহীন খোজ৷ মৌলিকতা নোহোৱা এই
লেখাবোৰে মোক আন কিহবাৰ প্ৰতি তৃষ্ণাতুৰ কৰি তুলিলে৷

আৰু চুচুকচামাককৈ মই এটা দুটা
কবিতা জেপত ভৰাবলৈ আৰম্ভ কৰিলোঁ৷ ঠিক সেই সময়তে মই ঋষিতুল্য মান্যবৰ কবি নীলমণি
ফুকনক লগ পালোঁ৷ বিংশ
একবিংশ শতিকাত চুৰিয়া পিন্ধা মানুহো
কেনেকৈ আধুনিক হ
ব পাৰে বুজি পালোঁ৷ প্ৰাসংগিক হৈ থকাটোৱেই
যে আধুনিকতাৰ প্ৰথম আৰু প্ৰধান লক্ষণ
,
 সেইটো মই ইতিমধ্যেই শ্বেইক্সপীয়েৰৰ পাঁচশ
বছৰীয়া নাটকবোৰ আজিও কিয় নিতে নৱৰূপত অভিনীত আৰু চৰ্চিত হৈ আছে
, তাৰ উত্তৰ বিচাৰোঁতেই পাই থৈছিলোঁ৷

শব্দ বিচাৰোঁতেই মোৰ বহুত
সময়
, মানে কেতিয়াবা সপ্তাহমাহ পৰ্যন্ত
লাগি যায় বুই
ছে৷ বৰ কষ্ট,
 এই শব্দ বিচাৰি ফুৰা
কামটো৷ লুকা
ভাকু খেলি থাকে নহয়! সাৰিপুচি আনি জাবৰজোঁথৰ গুচাই আকৌ পাতিবহি লাগে৷ মোৰ ভয়েই লাগে কেতিয়াবা এইজনা বা মই বিচাৰি
ফুৰাজন হয়নে নহয়
 !’

শব্দক গুৰুজনা বা দেৱতাৰ স্থান দিয়া
মানুহজনলৈ মই অবাক বিস্ময়ত বিমুগ্ধ হৈ চাই ৰৈছিলোঁ৷ আমিবোৰে যে
কিমান শব্দৰ আবোল-তাবোল বলকিলোঁ! শিক্ষা
বহুত পাইছিলোঁ! কিন্তু ক’তা এই মান্যতাতো কেতিয়াও কতো দি পোৱা নাই!
 আটলাণ্টিক মহাসাগৰৰ গভীৰতা আৰু প্ৰশান্ত মহাসাগৰৰ বিশালতা
কবিগৰাকীৰ ওঁঠত খেলাই যোৱা ঈষৎ হাঁহিৰ ভাঁজটোতে মই যেন দেখা পালোঁ৷

হঠাৎ কবিগৰাকীয়ে মোক সুধি দিছিল – ‘আপুনি বাৰু কেতিয়াবা
হাতীতকৈও ডাঙৰ
, প্ৰকাণ্ড শিং থকা কিবা জন্তুৱে
আপোনাক খেদি অহা সপোনত দেখিছেনে
?’

মই অবাক হৈ গৈছিলোঁ৷ এইটো কি ধৰণৰ প্ৰশ্ন ! কিন্তু মানুহজনৰ শান্তসৌম্য মুখমণ্ডলচকুদেহাৱয়বে মোক তেখেতৰ মানসিক সুস্থিৰতাৰ বিষয়ে
প্ৰশ্নৰ উ
দ্ৰেক কৰিবলৈ সুবিধা নিদিলে৷ কাৰণ তেখেতে কৈ গ
 

এনেকুৱা জন্তু আফ্ৰিকা
মহাদেশত আছিল বুইছেনে৷ আজিৰ পৰা হাজাৰ হাজাৰ বা হয়তো লাখ লাখ বছৰৰ আগতে৷ মানুহৰো
সৃষ্টি আফ্ৰিকাতে প্ৰথমে হৈছিল বুলি আজিৰ বিজ্ঞানে
  কৈছে৷ তাৰ পাছত
মানুহবোৰ বিভিন্ন দল হৈ যেনি
তেনি গুচি গল৷ পাছত জলবায়ু বা
অন্যান্য বিভিন্ন কাৰকৰ কাৰণে বেলেগ বেলেগ ঠাইৰ মানুহৰ বুদ্ধি
চুলিবৰণদেহবল্লৰী বেলেগ
বেলেগ ধৰণৰ হৈ পৰিল৷

সেই তেনেকুৱা জন্তুৱে চাগে আমাৰ
পূৰ্বপুৰুষৰ কাৰোবাক কোনোবা দিনা খেদিছিল৷ সেই ছবি তেওঁৰ মগজুত
জিনত (তেজত) স্মৃতি হিচাপে খোদিত হৈ থাকি গল৷ এতিয়া ভুটুংকৈ সেই
ছিগনেলটো সক্ৰিয় হৈছে
,
 যেনেকৈ আমাৰ ছালৰ বগা বেমাৰটো কাৰোবাৰ হৈছে ককাইভাই, বাইভনী কাৰো নাই, মাকদেউতাকৰো নাই, হয়তো আজোককাকৰ বংশৰ
কাৰোবাৰ আছিল
 ইমান দিনে সি সুপ্ত হৈ আছিল৷ এই সপোন আয়াৰলেণ্ডআমেৰিকাচীনভাৰত আদি বহু ঠাইৰ বহু মানুহে দেখিছে৷ তাৰ মানে কি? তাৰ অৰ্থ বিচাৰি মই নৃতত্ত্ব পঢ়িবলৈ বিচাৰিছিলোঁ বুইছে গুৱাহাটী বিশ্ববিদ্যালয়ত৷ পিছে পঢ়া নহল৷ হলেও মই নিজে নিজে নৃতত্ত্ব সম্পৰ্কীয় বহুত কিতাপ পঢ়িলোঁ৷ এতিয়াও পঢ়ো৷
এইবিলাক কথাৰ পৰা মই এটা কথাই বুজোঁ যে
গুৰিতে সকলো মানুহ
আচলতে একেই৷
– এইবোৰ কথা আমাৰ ইয়াত এনেধৰণেমানুহে
নাপাতেই৷ মই মনে মনে ভাবি থাকিলোঁ – এইজন কবিৰ কি বিচিত্ৰ বিজ্ঞান অন্বেষণ!

এই মোৰ ছেল্‌ফত থকা টেৰাকটাৰ মূৰ্তিটো কৰ কব পাৰিবনে?’

মই হতভম্ব হৈ গলোঁ৷ কিহৰ পৰা যে কি হৈ
আছে কথাবোৰ
!
 

ছেল্‌ফখনৰ ওচৰলৈ উঠি গৈ টেৰাকটাৰ মূৰ্তিটো লিৰিকি
বিদাৰি চাই মই মোৰ সীমিত
 জ্ঞানেৰে কলোঁ যে এইটো মাজুলীৰ হব পাৰে৷ এনেকুৱা মূৰ্তি মই মাজুলীত দেখিছোঁ৷ আমাৰ পূৰ্বপুৰুষৰ ঘৰো
মাজুলীতে৷

আপুনি ঠিকেই কৈছে৷ এইটো
সাইলাখ মাজুলীত পোৱা টেৰাক
টাৰ নিচিনা৷ কিন্তু এইটো মাজুলীৰ
নহয়৷ সেই লেটিন আমেৰিকাৰ পেৰু নামৰ যে দেশ এখন আছে
, তাৰ৷
দেখিছেনে আপুনি
 folk Culture –অৰ কিমান মিল থাকে! Folk Culture–folk art are created by the
people for them and most importantly they participate in it৷ যেনে
 আমাৰ বিহুটো, মানুহৰ মাজতে সৃষ্টি, নিজৰ কাৰণেই কৰিছে, নিজেই অংশ গ্ৰহণ কৰিছে৷ কাকো দেখুৱাবৰ
কাৰণে নহয়
, দূৰৰ পৰা চাবৰ কাৰণেও
নহয়
, কোনো ব্যাকৰণৰ
সীমাৱদ্ধতাৰ দ্বাৰা ই পৰিচালিত নহয়৷

মোৰ মনত পৰি গল মণিপুৰৰ ইম্ফলত ইস্কন
মন্দিৰৰ
 পদূলিমুখত এজন দেখাতেই বিদেশী মানে য়ুৰোপআমেৰিকাৰ যেন লগা মানুহ
লগ পাইছিলোঁ ।
 সুধিছিলোঁ– Which country you belong to?

মানুহজনে উত্তৰ দিছিল – ‘Please don’t ask me that question
again. I have given up all nationalities. I have redefined my life as a servant
of humanity’- মানুহজন কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ডক্টৰেট৷

গুণীজ্ঞানী মানুহবিলাক জীৱনৰ
প্ৰাত্যহিকতাৰ উৰ্ধ্বত বসবাস কৰে৷ জীৱনৰ বিশালতা আৰু গভীৰতাক হাতৰ মুঠিত ল
বলৈ এই উত্তৰণ হ’ল প্ৰাথমিক নঙলামুখ৷ এই কথা মোৰ
বুকুলৈকে শিপাই গ
ল যেতিয়া মোক আগবঢ়াই থবলৈ বুলি আহি জপনামুখত তেখেতে
  লে 

মই সেইখিনিলৈকে নাযাওঁ
দেই৷ তাত মাটিৰ তলত এটা নিজৰা পোত খাই আছে৷ সেই মৃতদেহৰ ওপৰত মই ভৰি থ
ব নোৱাৰোঁ
 অসম্ভৱ৷ মানুহবিলাক কেনেকৈ ইমান নিষ্ঠুৰ হব পাৰে, মই ভাবিবই নোৱাৰোঁ৷
মাটি কিনাৰ নামত
, ঘৰ সজাৰ নামত, গাড়ী কিনাৰ নামত মানুহবিলাকে পৃথিৱীখন তচ্‌নচ্‌ কৰি পেলাইছে৷ মোৰ উশাহ বন্ধ
হৈ যাব খোজে৷ মই যাওঁ দেই
; আপুনি যাব৷

নাজিৰাৰ সেই সন্ধিয়াটোৰ
নিৰ্জনতাৰ পাছত মই চাগে ইমানদিনে কোনোদিনেই ইমান
তীব্ৰ
নিৰ্জনতাৰ শব্দ শুনা নাছিলোঁ৷
তাৰ পিছত শুনিছিলোঁ সেই শিশু শিৱৰ মৌনতাত৷ ৰসৰাজ বেজবৰুৱাৰ
 চম্পাৱতী নামৰ সাধুটোৰ কথা কিবা
প্ৰসংগত
সিদিনা
লিখোঁতে
চাগে মই এনে মৌনতাৰ কোলাহল শুনিছিলোঁ
 চম্পাৱতীক সাপটোৱে
এফালৰ পৰা গিলি আনিছে
 মাকৰ ভ্ৰূক্ষেপ নাই সমাজে কব নোৱাৰে দিনে কব নোৱাৰে ৰাতিয়ে কব নোৱাৰে শেষত এজনী জীৱন্ত
গাভৰু সাপটোৰ পেটলৈ সোমাই গ
ল৷

কথাবিলাকে স্তব্ধ কৰি দিয়ে ৰখাই দিয়ে  ভবাই তোলে এটাৰ পৰা অজস্ৰ ভাবৰ
বুৰবুৰণিৰ সৃষ্টি হয়
 মানুহ, শব্দৰ লগত মল্লযুঁজত অৱতীৰ্ণ হৈ পৰে কাপোৰকানি খুলি নাঙঠ কৰি অৰ্থৰ
আঁৰৰ অৰ্থ বিচাৰিবলৈ লাগি যায়
 ব্দৰ বোকোচাত উঠি দশক-শতিকাসীমাপৰিসীমাসমাজভিন্নতা অতিক্ৰমি গধুৰ ৰত্নৰ অমূল্য অমৃত মন্থনত লাগি যায়৷    

কবিতাই পোনপটীয়াকৈ কথা
নকয়
৷ স্পষ্টতা কবিতাৰ লক্ষণ নহয়৷ পোনপটীয়া – স্পষ্ট কথা কবৰ বাবে গদ্য আছে৷ কবিতা নিজেই নিজৰ সংজ্ঞা, ব্যাখ্যা
আৰু উত্তৰ৷ নহয়
; কবিতাক উত্তৰ নালাগে৷ শ্বেইক্সপীয়েৰে কোৱাৰ
দৰে
– Things won are done, joy’s soul lies in doing
 কবিতাৰ ব্যাপ্তি
ইমানেই প্ৰৱল যে এক ধূসৰতাৰ মাজেদি অন্তহীন অনুসন্ধানেই তাৰ একমাত্ৰ কাম্য৷ কোনো
কবিতা আৰম্ভও নহয়
, শেষো নহয়৷ অনাদি-অনন্তৰ মাজত ই এক ক্ষন্তেকীয়া ঝলক৷ যদি ই
জিলিকি থাকিব লাগে তেন্তে তাক সাৱধানে নিৰ্মাণ কৰিব লাগিব
বাখৰ
খটোৱা গলপতাৰ দৰে৷ যিকোনো মণি-মুকুতাৰে নহ
, যেনেকে তেনেকে থাপি-থুপি থলেও নহ’ব৷ একেডাল গলপতাকে মই বাৰেপতি সাজি থাকিব নোৱাৰোঁ৷ জাৰশ্লাভ ছিফাৰ্টৰ দৰে মই কওঁপৃথিৱীৰ কেইবা নিযুত
কবিতাৰ লগত মই মাত্ৰ কেইটামান কবিতাহে
 যোগ দিব পাৰিছোঁ৷ উঁইচিৰিঙাৰ মাততকৈ বেছি
জ্ঞানগৰ্ভ কথা মোৰ কবিতাত নাই৷ সেয়ে মোৰ কবিতাৰ সংখ্যা তাকৰ৷ এতিয়া আৰু মই কবিতা
লিখিব নোৱাৰোঁ
; মোৰ সেইবোৰ চব শেষ হৈ গৈছে৷

প্ৰথমতে মনলৈ অহা
ভাবটোৱেই কবিতা নহয়৷ তাক মই বহলাই লৈ কাটি-কুটি ঠিক-ঠাক কৰি আকৌ প্ৰথমৰ ভাবটো
পাবলৈ বহুত কষ্ট কৰিব লাগে
বহুত ধৈৰ্য লাগে৷ শ্বেইক্সপীয়েৰে
ৰোমিঅ
’-জুলিয়েট নাটকত লিখিছিল-
  Go wisely and go slowly. Those who
rush, stumble and fall. কবিতা এনেয়ে সৃষ্টি নহয় কবিতা নিৰ্মাণ কৰিব লাগে৷ এতিয়া আৰু মোৰ সিমান ধৈৰ্য নাই৷ তাতে মই
ফুৰা-চকাও কৰা নাই বহুদিন৷ পঢ়া-শুনাও কৰিব নোৱৰা হৈছোঁ৷ গতিকে মোৰ পৰা আৰু কবিতা
নোলায়৷ বহুত
ফুং-ফাংকবিতা লিখিলোঁ৷
আচল কবিতা বুলিবলৈ এমুঠিমানহে থাকিলগৈ৷
 আপুনি যে কলে গাভিনী গৰুজনী লৈ আপোনাৰ মা এন্ধাৰে-মুন্ধাৰে ওলাই গল আৰু আপুনি নিঃশব্দে ৰৈ থাকিলজিলিৰ মাতৰ মাজত থিয়
হৈ আজি ৫০ বছৰে আপুনি সেই নিৰ্জনতাত বুৰ গৈ আছে
সেইটোৱেই
এটা কবিতা বা কবিতা এটাৰ ধাৰক৷ কিন্তু কবিতাটো নিৰ্মাণ কৰিব লাগিব৷

অজস্ৰ আধুনিক কোলাহলৰ মাজত – অজস্ৰ ঘৰচিৰিকাব্যস্ততা’-ৰ মাজত সঁচা কথা কবলৈ গলে
কোনোদিনে গা-পা ধুই
, চুৰিয়া-পাঞ্জাৱী পিন্ধি, পাটী পাৰি লেপেটা কাঢ়ি কোনো কবিতাৰে ওচৰত সময় লৈ বহি পোৱাই নাছিলোঁ৷ বাতৰি
কাকতৰ ৰাজনীতি
ধৰ্ষণ-হত্যা-কেলেংকাৰী-খেল-দেশ-বিদেশ-ৰ্থনীতিৰ মেটমৰা বোজাৰ দাঁতিত আমন-জিমনকৈ বহি থকা কবিতাকেইটাত কেতিয়াবা
খৰধৰকৈ চকু ফুৰালেও তাৰ একো শাহ-সাৰ মনৰ ভিতৰলৈ নগৈছিল৷ আজিও
সদায় নাযায়৷ কিন্তু যেতিয়াৰ পৰা কবিতাৰ খনিকৰজনৰ কথা মৰ্মস্থলীলৈ যাব পাৰিলে,
তেতিয়াৰ পৰাই মই সময় লৈহে কবিতা পঢ়িবলৈ ললোঁ৷ বুজি পালোঁ যে কবিতা খৰধৰকৈ পঢ়া বস্তু নহয়৷ কবিৰ বিচিত্ৰ মানসিক
জগতখনৰ সৈতে একেটা সোঁততে যাবলৈ হ
লে কবিতাটো বা কবি বা সময়
বা পৃ্ষ্ঠপট বা অতীত বা ইতিহাসৰ লগত আত্মীয়তা বা অন্তৰংগতা স্থাপন কৰিব লাগিবই৷
এনেয়ে ঘপকৈ বহি পাবলো নেৰুদা বা অমৃতা প্ৰীতম বা গাৰ্চিয়া লৰ্‌কা বা ৱাল্ট
হুইটমেনৰ কবিতা পঢ়িব নোৱাৰি৷ এটা চিত্ৰশিল্প বা ভাস্কৰ্য শিল্প বা
 এখন ভাল চিনেমা চাবলৈ
যেনেকৈ প্ৰস্তুতি আৰু অনুশীলন লাগে তেনেকৈ ভাল কবিতা পঢ়িবলৈকো প্ৰস্তুতি লাগিব৷
চিনেমা
শিল্প
বুজিবলৈ যেনেকৈ
appreciation course থাকে, কবিতাৰ ক্ষেত্ৰতো তেনে কিবা কথাৰ প্ৰয়োজন আছে৷

কবিতাৰ জন্ম বিষাদত৷ বিষাদদুখঅনুভৱৰ বস্তু৷ What is there for a poet without his sufferings!

কবিতা মুক্ত মানৱ মনৰ সৃষ্টি- সমাজ
কল্যাণৰ কাৰণে উৎসৰ্গীকৃত৷ গতিকে শক্তিশালী আৰু সৎ কবিক সকলো শোষক-শাসকে
, অত্যাচাৰী নেতাই,
দুষ্ট বিপ্লৱীয়ে ভয় কৰে৷ দুখে-শোকে-লাঞ্ছনাই জৰ্জৰিত সকলো মানুহৰ
বাবে কবিতা হ
ল নিশ্চিত আশ্ৰয়স্থল৷ নীলমণি ফুকনৰ কবিতাত ৰঙা
পতাকা
জুইচিঞৰদাবীঅদি বিপ্লৱৰ স্ফুলিংগ নাই৷ কোনো মতবাদৰ তেওঁ প্ৰবক্তাও নহয়৷ কিন্তু তেওঁ
নিজা ধৰণে মানুহক শক্তিশালী কৰিবলৈ বিচাৰে৷ মানুহৰ মনে মনে বগাই বগাই তেওঁ
সিবিলাকৰ ভিতৰত উদ্‌ঘাটন কৰিবলৈ বিচাৰে অসীম শক্তিৰ ফোৱাৰা৷ শব্দ সেইকেইটাই
;
কিন্তু তাকে এনে সাঁচত ঢালে যে সি বীৰ্য উদ্গীৰণৰ সফলতাৰে প্ৰতিভাত
হৈ উঠে৷ সেয়ে শাসক-শোষক ৰজা কাকো আতংকিত নকৰাকৈয়ে তেওঁ এক মুগ্ধকৰ বিতোপন জগতৰ
মাদকতাৰে মানুহক সবল কৰি তোলে৷

কিন্তু তেওঁৰ কবিতা এনেয়ে পঢ়িব নোৱাৰি৷
মৃদুল হালৈয়ে লিখিছে
নীলমণি ফুকনৰ কবিতাৰ নেপথ্য জনাৰ প্ৰয়োজন৷ ষ্ট্ৰগাৰ কবিতা পঢ়িবলৈ বেলগ্ৰেড (আগৰ যুগশ্লাভিয়া), য়ুৰোপৰ
ইতিহাস কিছু হ
লেও জানিব লাগিব৷ জাপানী কবিতাৰ অনুৰক্ত কবিয়ে
কৰা জাপানী কবিতাৰ অসমীয়া অনুবাদৰ পূৰ্ণ ৰসাস্বাদ
নো এনেয়ে
সম্ভৱ নহয়৷ এনেয়েও এই কবিৰ কবিতা বহু তৰপীয়া নহ
লেও বহু
খলপীয়াতো হয়েই৷ নৱকান্ত বৰুৱাৰ
তোমাৰ খোপাৰ আবেলি আবেলি
গোন্ধ
ৰ নিচিনা সহজ ৰূপককো কবিয়ে নিৰ্মাণস্থলীলৈ নানে৷
প্ৰয়াত চিত্ৰশিল্পী প্ৰসেনজিৎ দুৱৰাই কোৱাৰ দৰে
– ‘মোৰ ছবি মই
মোৰ ধৰণে আঁকিম
, কোনোবাই নুবুজিলে তাত মোৰ দোষ ক? মইতো মোৰ বিষয়বস্তুৰ প্ৰতি ন্যায় কৰসজতোহে
মোৰ প্ৰাথমিক কাম মানুহে যেতিয়া বুজিব পাৰে তেতিয়া চাব আৰু৷’

কবিতা পৰিৱেশ্য কলা নহয়৷ গতিকে পাঠক আপাত
দৃষ্টিত গৌণ হৈ থকাটো নিতান্তই স্বাভাৱিক কথা৷ আমাৰ কবিও ঠিক তেনেকুৱাই
মানুহে
যেতিয়া পঢ়িব পাৰে পঢ়িব৷
সেয়ে ব্ৰহ্মপুত্ৰত
সূৰ্যাস্ত
কবিতাত সূৰ্য বা বেলি বা সমাৰ্থক কোনো শব্দ
ব্যৱহাৰ নকৰাকৈ কবিয়ে জীৱনৰ ছন্দপতন কিম্বা জীৱনৰ বিয়লি বেলাৰ অৱধাৰিত বিষাদৰ ৰং
উপস্থাপন কৰিছিল
ছবি আঁকিবলৈ নহয়; আন
এটা কবিতা জন্ম দিবলৈও নহয়
; হয়তো অনুভৱ কৰিবলৈকো নহয়৷ বোধকৰো
চকু মুদি উপলব্ধি কৰিবলৈহে৷

কবিৰ চিত্ৰশিল্প আৰু ভাস্কৰ্য শিল্পৰ
ওপৰত কৰা আলোকপাতসমূহ উপলব্ধিৰ জগতত অৱস্থান কৰিয়ে লিখা বুলি ভাব হয়৷
কবিৰ প্ৰত্যয় – যে অসমৰ
চিত্ৰ-ভাস্কৰ্য শিল্প ইয়াৰ
 লোক কল্পদৃষ্টিৰেহে বোধগম্য হব৷ আমাৰ ভৌগোলিক
অৱস্থানেই ইয়াৰ জীৱনক এক নিৰ্দিষ্ট ৰূপ দিছে৷ গতিকে আনৰ লগত তুলনাত্মক অৱস্থান এটা
লোৱাটো কিমানদূৰ সমীচিন কবিৰ সন্দেহ হয়৷ সেয়ে কবিয়ে নিজৰ জীৱনৰ কথাকো কৈছে
 পাতি সোণাৰুৰ ফুলপাহ হাতত লৈহে৷ বোকাত, গৰুৰ খুৰাৰ সাঁচত জমা
হোৱা পানীকণত সৰগৰ আকাশখন দেখাৰ দৰে কবিয়ে তন্ময় হৈ শুনে
নৈৰ
কাণলৈ পানী আনিবলৈ গৈ লগৰ সমনীয়া ছোৱালীৰ লগত জীৱন-যৌৱনৰ নিষিদ্ধ গোপন কথাৰ
খিকিন্দালিত মগ্ন
হৈ ঘৰমুৱা হবলৈ
পাহৰি যোৱা পাটগাভৰু জীয়েকৰ গামোচা লোৱা দেহাৰ নিৰাপত্তাৰ চিন্তা
বিতত মাকৰ চিঞৰটো
 আইজনী অ’, বেলি পাতত বহিলেহিয়েই; আৰুনো কিমান বেলি কৰ আৰু!

ৰসৰাজ বেজবৰুৱাই অসমৰ মাটি-পানী-বায়ুতে
কামোৰ মাৰি থকাৰ নিচিনাকৈ
, নিভাঁজ অসমীয়া ঐশ্বৰ্য সম্ভাৰেৰে ওৰেটো জীৱন সংপৃক্ত হৈ
থাকিও কবি নীলমণি ফুকন নিজৰ দৈহিক সীমা পাৰ হৈ গ
ল৷ লগতে
আমাকো লৈ গ
ল এখন প্ৰখৰ বুদ্ধিদীপ্ত শব্দৰে বাংময় আধিভৌতিক
জগতলৈ
, ত মানুহক উন্নত মানুহ কৰাৰ
বাসনাৰ বাহিৰে
পৃথিৱীখনক অধিক সুন্দৰ কৰাৰ বাহিৰেজীৱনক সৰলতাৰে মহীয়ান কৰাৰ বাহিৰে শব্দক অধিক
ব্যঞ্জনাময় আৰু ঐশ্বৰ্যশালী কৰি তোলাৰ বাহিৰে অন্য একো কথা নাই৷

আৰু এই একমাত্ৰ এইটো কথাৰ বাবেই আমাৰ কাব্যঋষিগৰাকী সন্ধিয়াৰ তেজে তুমৰলি দেওলগা গৰখীয়া লৰাটোৰ
দৰে ওৰেটো জীৱন কবিতাৰ অতন্দ্ৰ প্ৰহৰী হৈয়ে থাকি গল৷ কৈয়ে থাকিলকৈয়ে থাকিল, ‘কবিতা
মানৱতাৰ ভাষা
মানুহৰ ভাষা নহয়৷

হয়, কবিতাই মানৱ জগতৰ
একমাত্ৰ অক্ষয় ঐশ্বৰ্য
ঠিক তেজীমলাৰ দৰেহাত-ভৰি-মূৰ ভাঙি চূৰমাৰ কৰিলেও তেজীমলাৰ মৃত্যু নাই৷ পানীপোটাত লাও হৈ গজিল, বাৰীৰ চুকৰ মাটিত জৰাটেঙা হৈ উপজিল,
নৈৰ জুঁৱলিত ফুল হৈ ফুলিল৷ It is now clear that poetry
cannot be destroyed. It will always be reborn, even in the most hideous shape –

আৰু আমাৰ কবিয়ে নিৰীক্ষণ কৰি থাকিব
সকলোৰে
সকলোবোৰ চাল-চলন যুগোশ্লাভ কবি
ভাস্ক
পপাৰ কবিতাটোৰ মাজত সোমাই লৈ তাৰ্কীবিলাকে
যুগ
শ্লাভবিলাকক হত্যা কৰি লাওখোলাবিলাকেৰে সজা গম্বুজটোত
উঠি
পৃথিৱীৰ অন্তিম কোণটোলৈকে কোটৰগত
চকুৰে হ
লেও – From the eye sockets to the end of
the world

এই কামৰ বাবেই পপাৰ হাত এখন তেওঁ লগত লৈ
ফুৰিলে সেই ১৯৮২ চনৰ প্ৰথম ছেপ্টেম্বৰৰ বেলগ্ৰে
ডৰ (বিয়গাৰ্ড) হাতীপটিৰ তিৰবিৰণি নে
জ্বলন্ত দুপৰীয়া এটা
ৰ পৰাই৷ তেওঁকে লগ পাবলৈ তেওঁ গৈছিল এই
লুইত প্ৰান্তৰ পৰা৷ তেওঁক এটা নিজৰ কবিতা শুনাবলৈ বৰ মন গৈছিল কাৰণ তেওঁৰ
ধ্যান-ধাৰণাত সন্নিৱিষ্ট আছিল
– Poetry needs a living body

কবি হীৰেন ভট্টাচাৰ্যই একোটা একোটা শব্দ
জিভাত লৈ চাকি চাইছিল আৰু সঠিক নিমখ-জ্বলা-টেঙা
জোখৰ হলে তাক এৰি দিছিল শইচৰ পথাৰ মানুহসোণোৱালী খেতিডৰালৈ৷
কিন্তু আমাৰ কবিয়ে হাজাৰ বছৰৰ অভিজ্ঞতাৰ ব্যঞ্জনেৰে ৰান্ধে শব্দৰ মৌ-জোল
আৰু আমাক দ্বিতীয় এজন লক্ষ্মীনাথৰ দৰে সজোৰে কৈ দিয়ে অসমীয়া ভাষাটো নেৰিবা ঐ
পাবা এনে মৌসুৰীয়া ঐশ্বৰ্য৷

কবিতা ধেমালি নহয় দেই
তেওঁৰ কেতিয়াবা খং উঠি যায়৷ সেয়ে তেওঁ অহৰ্নিশে তাক পহৰা দি ৰাখে৷
নিৰ্জনতা সৃষ্টি কৰিব নোৱাৰিলে কিহৰ কবিতা ! গতিকে যধে-মধে
কবিতা নিলিখিবা৷ মই বেয়া পাওঁ নহয়৷ একো নোৱাৰিলেও ধ্বনিময় কৰাঁ অথবা সুৰময় কৰাঁ
অথবা চিত্ৰময় কৰাঁ৷ আমাৰ ভাষাটোৰে
আৰু ঞ এইবিলাকতে দেখোন চিত্ৰলিপিৰ প্ৰাচীনত্ব আৰু সৌন্দৰ্য বিদ্যমান৷

জীৱনৰ সেউজীয়া গছজোপাৰ
তলত বহি সেই দেৰগাঁৱৰ গেলাবিল নৈৰ বতাহকণকে সাবটি জীৱনৰ নৱম দশকতো মানুহজন তজবজীয়া
হৈ আছে
; কাৰণ তেওঁৰ দায়িত্ব আছে৷ কবিতাক নিৰাপদ কৰি ৰাখিব
লাগিব দুৰ্যোধন
দুঃশাসন-শকুনিৰ পৰা৷ কবিতাৰ এই স্বয়ম্ভূ চকীদাৰজনে দায়িত্ব লোৱাৰ দিন ধৰি ভৰিত
কৃত্ৰিমতাৰ জোতা পিন্ধা নাই
ভৰিৰ বোকা গুচোৱা নাইমাটিৰ স্পৰ্শ এৰা নাই৷

পৃথিৱীৰ সকলো মাটিকে মই
চুই আছোঁ৷ কোনো মানুহ দ্বীপ নহয় সকলো মাটিকে সকলো মাটিয়ে চুই আছে৷
সেয়ে তেওঁ সৰু হাত দুখনেৰেসৰু ভৰি দুখনেৰে
 দক্ষিণ আমেৰিকাৰ পৰা
জাপানলৈকে
, চীনদেশৰ
পৰা গ্ৰীচলৈকে
, ইটালিৰ পৰা স্পেইনলৈকে, ভাৰতৰ পৰা
 ৰাছিয়ালৈকে সকলোকে এক পৰিব্যাপ্ত মানসিক ভ্ৰমণেৰে সাবটি লৈছে৷ সকলো যুগ-
সকলো সময় তেওঁৰ নিজৰ৷ তেওঁৰ দায়ৱদ্ধতা নীলাচলপুৰতে সীমাৱদ্ধ নহয়
বৰ্তমানতে লিপিবদ্ধ নহয়
তেওঁক বিচাৰিলে আমি ২১০০ ২২০০ ২৩০০ -৫০০১ ৭০৫২ সকলো ভৱিষ্যততে পামএকেই ঈষৎ হাঁহিটিৰেএকেই প্ৰগল্‌ভতাৰেএকেই প্ৰশান্তিৰে কৈ আছে দেৱতাওতো মানুহমানুহৰ বাহিৰে আৰু কোন আছে হয়নে!

কি আশ্বৰ্যৰ কথাএই এজন মানুহৰ হাততে যে
আমি আমাৰ ভৱিষ্যৎ সঁপি দিব পাৰিছোঁ নিঃচিন্তে
! এইজন কম
মানুহ নহয় ! অবিচলিতভাৱে তেওঁ
মানৱতাৰ ভাষা কবিতাক ৰক্ষা কৰাৰ কাম কৰি গৈছে৷ বিশ্বাসআস্থাপ্ৰত্যয়ৰ তেওঁ মহাকুম্ভ মহাসাগৰ মহাকাশ মোৰ পঞ্চাশোৰ্ধৰ নিৰ্জনতাৰ বুকুতো –
মহাবিশ্বৰ পাৰাপাৰহীন নীৰৱতাৰ বুকুতো