নীলমণি ফুকন : বৈভৱ-মৃত্যুঞ্জয়ী অকথন : নীল ধুতুৰা

  দীপশিখা ভাগৱতী





            অপাব় স্তব্ধতা দাও, নিশ্চিহ্ন কব়ো,

             আব় স্তব্ধতা দাও,

            ঋতু বিতানে থেমে যাক 

             ইমণ কল্যাণ”

                        – সৌমিত্ৰ চেটাৰ্জী

কবি, কবিতা আৰু সময়, এই তিনিওটা আন্তঃসম্পৰ্কিত বিষয় ৷ এগৰাকী সংবেদনশীল লেখক বা কবিৰ সৃষ্টিয়ে
তেঁওৰ সমকালীন সামাজিক ৰাজনৈতিক দেহতাপ আৰু মনস্তাত্ত্বিক তথা বৌদ্ধিক স্ৰোতৰ সমস্ত
প্ৰভাৱশালী ধাৰাক একেলগে প্ৰকাশ কৰে৷ প্ৰাক আধুনিক কবিতাত
, বিশেষকৈ
আমি যদি অসমীয়া কবিতাক উদাহৰণ হিচাপে লওঁ
, অধিকাংশই সৰল
ছন্দত বন্ধা আছিল
, বেছিভাগেই অমিতাক্ষৰ ছন্দত ৷ সেই
কবিতাসমুহে যুগৰ সৰলতাকো প্ৰতিফলিত কৰিছিল
, আৰু তাত ব্যৱহৃত
প্ৰতীক
, চিত্ৰকল্প, উপমা, ৰূপক – এই সকলো কাব্যিক অলংকাৰৰ প্ৰয়োগো আছিল সৰল; আণুবীক্ষণিক
অধ্যয়নৰ প্ৰয়োজন ৰহিত
প্ৰথম বিশ্বযুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধ আৰু য়ুৰোপীয় নৱজাগৰণে বিশ্বসাহিত্যলৈ অনা লিবাৰেলিজম,
জীৱন সম্বন্ধিত জটিলতা, জটিল সময়ৰ গৰল পান
কৰিও মানুহৰ জীয়াই থকাৰ অন্তহীন অনিবাৰ্য মনস্তাত্ত্বিক সংগ্ৰাম- সভ্যতাৰ এই সকলো
ভগ্নাংশ
, জটিল পৃথিৱীৰ অনুৰণিত সুৰ হৈ চিত্ৰকল্পৰ ৰূপত
আধুনিক কবিতাত প্ৰতিফলিত হৈছিল ৷ যাৰ চৰ্বিত-চৰ্বন দুৰ্বোধ্যতাৰ দোষৰ
উপশম ঘটোৱাত 
সংযোগী বিশ্লেষণ সহায়ক হ

নীলমণি ফুকন দেৱৰ তৃতীয়খন কাব্য
সংকলন আৰু কি নৈশব্দ প্ৰকাশ পাইছিল ১৯৬৮ চনত। নিৰ্জনতা আৰু
  নৈশব্দৰ বাৰ্তালাপৰ প্ৰতি পঞ্চাছৰ
দশকৰ বহু নতুন কবিৰ এক মোহ আছিল। কিন্তু ক
ৰবাত নহয় কৰবাত, এই মোহে, একোজন লেখকৰ
ব্যক্তিগত আৰু সমাজ জীৱনৰ মাজৰ যি এক নৈৰ্ব্যক্তিক সামঞ্জস্য থকা উচিত তাৰ প্ৰতি
যেন সম্পূৰ্ণ ন্যায় কৰিব পৰা নাছিল
, এনে অনুভৱ হয়।
  কিন্তু নীলমণি ফুকনৰ “নিৰ্জনতাৰ এই অন্বেষণ”
আছিল প্ৰায় লক্ষ্যভেদী।
 

আৰু কি
নৈশব্দ
প্ৰকাশ
পোৱাৰ ঠিক আগৰ কালছোৱা ভাৰতৰ সমাজ-ৰাজনৈতিক জীৱনৰ এছোৱা গুৰুত্ত্বপূৰ্ণ সময় আছিল
নাথুলা আৰু চেলা সংঘৰ্ষ, যাক ১৯৬৭ চনৰ চীন-ভাৰতৰ যুদ্ধ বুলি
জনা যায়
, ই ভাৰত আৰু চীনৰ মাজৰ সংঘৰ্ষৰ এক ধাৰাবাহিক
প্ৰক্ৰিয়াক সামৰি লৈছিল
, ত ভাৰতৰ
আশ্ৰিত দেশ হিচাপে হিমালয়ৰ পাদদেশৰ ছিকিম ৰাজ্যৰ সীমাও অন্তৰ্ভুক্ত হৈ আছিল
পূৰ্বৰ পৰাজয়ৰ ইতিহাস মষিমূৰ কৰি এইবাৰ ভাৰতে বিজয়
ডংকা বজাইছিল

কিন্তু ৰাজনৈতিক লাভালাভৰ উৰ্ধ্বত, বহু জোৱানৰ মৃত্যু, যুদ্ধই সাধাৰণ প্ৰজালৈ আনি দিয়া মানসিক সংকট, মূল্যবৃদ্ধি,
সামাজিক পৰিৱৰ্তন- এই সকলোৰে সৈতে সহ অৱস্থান কৰিবলৈ মানুহক অজানিতেই
এক বিশেষ প্ৰস্তুতিৰ প্ৰয়োজন হৈছিল। এই সংঘাতকথা কাজেই বহু গীত আৰু কবিতাৰ বাবে
উপজীব্য বা উপ-উপজীব্য হৈ উঠিছিল
স্পষ্টভাৱে যুদ্ধ-সন্ত্ৰাসৰ কাহিনী নকলেও, এখন যুদ্ধোত্তৰ সমাজৰ কায়াকল্পক
সামৰি লৈছিল বহু লেখাই
, আৰু ফুকনদেৱৰ আৰু কি নৈশব্দ,
যুদ্ধই হতচকিত কৰা এই মানসিক নিৰ্জনতাৰ কথা যে প্ৰতিফলিত হৈছে,
তাক অস্বীকাৰ কৰিব নোৱাৰি, ঠিক যেনেকৈ মহাকবি
টি এছ ইলিয়টৰ দ্য ৱেষ্টলেণ্ডত
তো পোনপটীয়াকৈ বিশ্বযুদ্ধৰ
কথা নাই
, কিন্তু ই সৰ্বজনস্বীকৃতভাৱেই যুদ্ধোত্তৰ ইউৰোপৰ এক
জীৱন্ত দলিল
, মৃত্যুযাত্ৰা আৰু জন্মযন্ত্ৰণাক সমান মৰ্যাদাৰে
উদযাপন কৰা এই মহাকাব্য মাত্ৰ ইউৰোপৰেই নহয়
, সমস্ত পৃথিৱীৰে
চিৰ সমকালীন মানসিক যাত্ৰাৰ অতুলনীয় গাঁথা।

তেনেদৰে, মানুহৰ খন্ডিত আৱেগ আৰু ভগ্ন মানসিক
অৱস্হাৰ উন্নাসিক উলাহক এক ভদ্ৰ অথচ নিচাসক্ত সমকালীন পাৰিপাৰ্শ্চিকতাত সহ অৱস্হান
কৰোৱাটো হৈছে অতিশয় জটিল কাম ৷ ফুকনদেৱৰ
সেই ৰহস্য নীল ধঁতুৰা”
এনে এক কাব্যকৃতি
, যিয়ে “ৰক্তাক্ত শব্দৰ শংখ” আৰু “শংখৰ
ভিতৰত চিৰন্তন মানুহৰ হৃদয়ৰ নিৰ্জন আৰ্তি”ৰে এটা যুগৰ ধামখুমিয়া আৰু বিভ্ৰাটক
লিপিৱদ্ধ কৰিলে। বিজয়ৰ শংখ বাজিছিল ঠিকেই
, কিন্তু তাত সহস্ৰ
হুমুনিয়াহ আৰু হতাশাৰ আৰ্তিয়েও গোপন আন্ধাৰৰ বৰণ ধাৰণ কৰিছিল
 

সেই নীল ধুতুৰা। হলাহল পান কৰি
নীলকণ্ঠ হোৱা দেৱাদিদেৱৰ চৰণত যাক শক্তিৰ প্ৰতীকৰূপে সমৰ্পণ কৰা হয়
:

মৃত্যুৰ্মোক্ষীয় মামৃতাৎ”
মৃত্যুৰ পৰা মুক্তি, অমৰত্বৰ পৰা নহয়,
কিয়নো আত্মা অবিনশ্বৰ।

কবি হৰেকৃষ্ণ ডেকাৰ ভাষাত, “আৰু কি নৈশব্দত বিষয়ীৰ ভাবৰ জগতখনে নাটমঞ্চ বিচাৰি সমাজ জীৱনলৈ যোৱা নাছিল, এই নাটমঞ্চ আছিল অন্তৰ্জগতত… ৰোমান্টিক কবিতাৰ শব্দচয়নৰ দৰে ধ্বনিমাধুৰ্যৰ
প্ৰতি দুৰ্বলতা এইবোৰ কবিতাত কবিয়ে এৰিব পৰা নাছিল
, কিন্তু প্ৰায়বোৰ
কবিতাতে আৱেগক সংহত কৰাৰ প্ৰয়াসো আছিল। কিছুমান কবিতাত ভাষাৰ এটা স্বকীয় ৰূপ ফুটি
ওলাইছে।

নীল ধুতুৰা ইয়াত এক উদ্দীপ্ত
মেটাফ
মানুহৰ মৰণশীল দেহসজ্জাৰ উৰ্ধ্বত, আত্মাৰ ৰহস্যময় অবিনাশী স্থিতিৰ সন্ধানত
কবিয়ে নিৰ্জনতাৰ ষ্টেশ্যনেৰে যাত্ৰা কৰিছে মানুহৰ চেতন অৱচেতন মনৰ
, কোনেও নেদেখা অন্ধকাৰ গৰ্ভগৃহলৈ, ত সহস্ৰ যাতনাৰ অগনিক মষিমূৰ কৰিও জীয়াই থকাৰ শকতি সঞ্চিত হৈ থাকে। নীল
ধঁতুৰাৰ দৰে
, ঈশ্বৰৰ ৰঙৰ দৰে, দেহজ
গ্লানিক পৰাভূত কৰি যি ৰহস্যময় পৰাণ শৌৰ্যই মানুহক জীয়াই ৰাখিছে
, সেই প্ৰদত্ত, অন্তৰ্লীন ৰহস্যক ভেদ কৰাৰ শক্তি হয়তো
কৰোৰেই নাই
, কিন্তু অন্বেষণৰ ইচ্ছাও এটা সহজাত প্ৰবৃত্তি। ধঁতুৰাৰ
ফুুল কবিতাটোত মাথোঁ এপাহ ফুল নহয়
, ই জীৱন সম্বন্ধীয় এক
প্ৰহেলিকাময় অস্তিত্ব
এই কুৱেষ্ট্’, জীৱনৰ
এই
  শক্তি অন্বেষণৰ আকাংক্ষা ফুটি উঠিছে বহু প্ৰাজ্ঞ কবিৰ
কবিতাত :

    মোৰ ব্ৰহ্মাণ্ড
হোৱা

      ফুলি উঠিবলৈ দিয়া তোমাৰ উপত্যকাত

      প্ৰথম পাহ নীলা ফুল হৈ। 

                                   (মূল কবিতা: ইন ইউ, কে সচ্চিদানন্দন, ১৯৯৪) 

নিৰ্জন আৰ্তিৰ বাটেৰে, শক্তি-উৎসৰ এই কৰুণাময় আকূতি লিপিবদ্ধ
হৈ আছে এনেদৰেও
:

         এটা বৰ্ষৰ আগতেই
তুমি মোক দিছিলা এপাহ নীল মেটেকাৰ ফুল
;

        

        তথাপি যেতিয়া
আমি উভতি আহিছিলোঁ
, পলমকৈ, সেই মেটেকাৰ
বাগিচাৰ পৰা
,

        তোমাৰ ভৰি
থকা দুবাহু
, তিতি থকা চুলি, মই কিন্তু

        একোৱেই কব নোৱাৰিলোঁ, আৰু
মোৰ ব্যৰ্থ দুচকু
, মই জীৱিত বা মৃত

        একোৱেই
নাছিলোঁ
, একোৱেই নাজানিছিলোঁ, 

        পোহৰৰ
উজ্জ্বল অন্তৰ্নাদত নিৱদ্ধ নীৰৱ দৃষ্টি
 

        শূন্য আৰু
সমুদ্ৰ নিৰ্জন৷
 

                    (ৱেষ্ট লেণ্ড, টি
এছ এলিয়ট
, প্ৰথম পক্ষ: মৃতকৰ সমাধি। অনুবাদ :
নিজৰ)

প্ৰকৃতিক অন্তৰ্ভুক্ত নকৰাকৈ কোনো
পবিত্ৰ প্ৰথা সম্পূৰ্ণ কৰিব নোৱাৰি
, তেহেলৈ সেয়া ঈশ্বৰ উপাসনাই হওক বা সাহিত্য সাধনাই।
বিভিন্ন দেৱ-দেৱীক ফুল আৰু উদ্ভিদৰ অন্যান্য অংশ আগ বঢ়োৱাৰ ইও এক কাৰণ। হিন্দু
শাস্ত্ৰ অনুসৰি
, সমুদ্ৰ মন্থনৰ সময়ত নিৰ্গত হোৱা হলাহল বিষ
পান কৰিছিল শিৱই
, এই পৃথিৱীক বিনাশৰ পৰা ৰক্ষা কৰিবলৈ
আৰু সেই সময়তে তেওঁৰ বুকুৰ পৰা
উৎপন্ন হৈছিল নীল ধুতুৰাৰ ফুল
লোহাই
লোহাক কটাৰ দৰে
, বিষাক্ত নীল ধুতুৰাৰো অপয়া-অসুতি দুৰতে বিদূৰ কৰাৰ শক্তি আছে বুলি বিশ্বাস
কৰা হয়। সেইবাবেই শিৱৰ আৰাধনাত উছৰ্গা হয় নীল ধুতুৰা। কবি নীলমণি ফুকনদেৱে
যেতিয়া
নীল ধুতুৰা সেই ৰহস্য” বুলি লিখে, ইয়াক প্ৰকৃতিৰ চিৰকালীন শক্তিৰ মাজেৰে, জীৱনৰ ৰক্তাক্ত শব্দৰ শংখৰধ্বনিৰে জীবনযাত্ৰাৰ ৰহস্যৰ
সন্ধান কৰা বুলিও ধাৰণা কৰিব পাৰি
:

                চিৰকালৰ এটা বিৰাট নীল ধুতুৰাৰ মই
অনুসন্ধান কৰোঁ
;

                তাৰ গৰ্ভলৈ মই সোমাই যাবলৈ বিচাৰোঁ,

               ত অন্তৰ্হিত
হৈ আছে অসংখ্য ৰ ৰক্তাক্ত শব্দৰ শংখ
,

                 শংখৰ ভিতৰত চিৰন্তন মানুহৰ হৃদয়ৰ
নিৰ্জন আৰ্তি…”

সনাতন হিন্দু ধৰ্মই প্ৰতীকবাদত
বিশ্বাস কৰে আৰু নীলা ৰং অসীম আৰু অপৰিমেয়ৰ প্ৰতীক। বিষ্ণু
, শিৱ, কৃষ্ণ,
ৰাম, দেৱী কালীসকলোৰে দেহৰ
বৰণ নীলা বুলি ধৰ্মশাস্ত্ৰই কয়
হয়তো এই অসীম, নীৰৱধি বিশালতাৰ কায়াক, মৃত্যুঞ্জয়ী নীল ধুতুৰাৰ দেহকল্পৰ
মাজেৰেও কবিয়ে নিৰলস ৰূপত সন্ধান কৰিছিল। সদ্যমাত্ৰ অন্ত পৰা যুদ্ধ এখনৰ
উত্তৰকালক নিজৰ জীৱনৰ সৈতে খাপ খুৱাই ল
বলৈ মানুহৰ যি
প্ৰচেষ্টা
, নতুন পুৰণিৰ ধামখুমিয়াত যি এক দোমোজাৰ সৃষ্টি হয়,
তাক মুখামুখি হোৱাজনেহে অনুভৱ কৰিবলৈ সমৰ্থ। কোনো লেখক বা কবিয়েই,
নিজৰ সমকালীন সময়বাৰ্তাক উপেক্ষা কৰিব নোৱাৰে, অজানিতে হলেও সেই ঢৌৱে, তেওঁলোকৰ
সৃষ্টিক সামান্য হ
লেও স্পৰ্শ কৰি যাব। এপাহ নীল ধঁতুৰাৰ
কায়িক জড়তাক কবিয়ে মানৱীয় অনুভূতিৰ শক্তিৰে সজাই তুলিছে। সাহিত্যৰ ভাষাত যাক
personification
(মূৰ্তকৰণ) আখ্যা দিয়া হয়। কবি ৱিলিয়াম ৱাৰ্ডছৱাৰ্থৰ
Pantheistic philosophy (সৰ্বব্ৰহ্মবাদ)ৰ প্ৰসংগও এই আপাহতে
উল্লেখ কৰিব পাৰি। ৱিল ডুৰাণ্টৰ মতে
, সৰ্বব্ৰহ্মবাদে বিশ্বাস
কৰে যে ঈশ্বৰ প্ৰকৃতিৰ সকলো বস্তুৰ মাজেৰে ভাস্বৰ হৈ উঠে আৰু সেই প্ৰত্যেকটো বস্তুকে
এক মহাকাশীয় পোহৰেৰে উদ্ভাসিত কৰি তোলে। কবি ফুকনদেৱৰ এই প্ৰতীকী নীল ধুতুৰাক এই দৰ্শনৰ
পোহৰতো বিশ্লেষণ কৰিব পাৰি
, ত প্ৰকৃতিৰ
এক সাধাৰণ উপাদানে
, ৰূপকধৰ্মী কাব্যিক পোছাক পৰিধান কৰি
 মানৱ জীৱনৰ বহু ৰহস্যময় স্তৰক
প্ৰতিনিধিত্ব আৰু উদ্ভাসিত কৰি তুলিছে
সুখৰ সন্ধানৰ যেনেকৈ কোনো শেষ নাই, এই‌ অন্বেষী যাত্ৰাও এক পৰিধিবিহীন খোজ :

        অহৰহ মই সেই আৱহমান
ৰহস্যৰ অনুসন্ধান কৰোঁ

যুগসন্ধিৰ জংশ্যনত থিয় হৈও, চিৰ আধুনিক কবি নীলমণি ফুকনৰ কবিতা
থৰক-বৰক হোৱা নাই
, বৰঞ্চ নিজৰ শান্ত-সৌম্য ৰূপৰ দৰেই,
পৰিষ্কাৰ ইন্দ্ৰিয়সংযোগেৰে, প্ৰকৃতিৰ চিত্ৰকল্পৰ
মাজেৰে এক বৌদ্ধিক স্তৰলৈ উত্তৰণ ঘটি
, সেই কবিতাই কঢ়িয়াই
আনিছে জীৱন উদযাপনৰ শতেক কাৰণ।
 

        নীল ধুতুৰা

           সেই ৰহস্য

        শব্দৰ শংখ

           সেই ৰহস্য

        নিৰ্জন আৰ্তি

        সেই ৰহস্য”

                                            

ভ্ৰাম্যভাষ :
৯৪৩৫৫৬৯৩৪৪