সৌমিত্ৰ যোগী

  

আমাৰ যৌৱনৰ
আৰম্ভণিতে
, লেখা-মেলা কৰিবলৈ আৰম্ভ কৰাৰ সময়ত গুৱাহাটীত এদল তৰুণ প্ৰায়ে লগ লাগিছিলোঁ আৰু
ৰবাত লগ হৈ আড্ডা মাৰিছিলোঁ৷ আমি সকলোৱে আছিলোঁ নতুন৷ বেছিভাগেই তেতিয়াও
পঢ়া-শুনা সামৰা নাছিল৷ মোৰ বাহিৰে এই দলটোৰ সকলোৱেই আছিল কবি
কবিতা চৰ্চা কৰা
তৰুণ৷ ইয়াৰে কেইবাজনেও এতিয়া কবি আৰু সাংবাদিক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে৷ আমি
কথা পাতিছিলোঁ আমাৰ আগৰ প্ৰজন্মৰ কবিসকলৰ জীৱন
, প্ৰতিষ্ঠাৰ সংগ্ৰাম, সাধনা আৰু অধ্যয়নৰ
বিস্তৃতি সম্পৰ্কে৷ মই কবিতা চৰ্চা নকৰিলেও কবিতা পঢ়িছিলোঁ
, কবিতা বৰ আগ্ৰহৰ
বিষয় আছিল৷ আমি তেতিয়া আমাৰ পূৰ্বজ কবিসকলৰ মুখত তেওঁলোকৰো পূৰ্বজ কবিসকলৰ কথা
আগ্ৰহেৰে শুনিছিলোঁ
 সাহিত্যনো কি, কবিতানো কি জানিবলৈ-বুজিবলৈ
চেষ্টা কৰিছিলোঁ৷ তেনেকৈয়ে নীলমণি ফুকনৰ কথাও শুনিছিলোঁ৷ তেওঁৰ অধ্যয়নৰ বিস্তৃতি
, কবিতাক লৈ কৰা
পৰীক্ষা-নিৰীক্ষাৰ কথা অত্যন্ত আগ্ৰহ আৰু বিস্ময়েৰে শুনিছিলোঁ৷ আজিৰ দৰে তেতিয়া
আগ্ৰহ কৰিলেই কিতাপ এখন অতি কম সময়ৰ ভিতৰতে হাতত পৰাৰ অথবা গোটাই অনাৰ পৰিৱেশ
নাছিল৷ এনে সীমাৱদ্ধতাবোৰৰ পাছতো তেওঁলোকে বিশ্বৰ শ্ৰেষ্ঠ কিতাপ
, বিশেষকৈ কবিতাৰ
কিতাপবোৰ পঢ়ি অঁটাইছিল আৰু বিশ্বৰ সমকালীন শ্ৰেষ্ঠ কবিসকলৰ সৃষ্টিৰ সৈতে একাত্ম হৈ
আছিল৷ আমি এইটোৱেই বুজিছিলোঁ যে কবিতা এটা ছিৰিয়াছ বিষয়
; এবিধ অত্যন্ত
সংবেদনশীল কঠিন শিল্প৷
 

নীলমণি ফুকনৰ
কাব্যসাধনাৰ মাজত জনপ্ৰিয় হোৱাৰ বাসনা নাছিল৷ একেদৰে কবিতাক তেওঁ যিধৰণে বুজিছিল
সেইমতে এক নিজা ধ্যান-ধাৰণা আৰু শৈলীৰে লিখি গৈছিল৷ আমি জানি বিস্মিত হৈছিলোঁ যে
একো একোটা কবিতাক লৈ তেওঁ বাৰম্বাৰ পৰিমাৰ্জনা কৰিছিল৷ শাৰী একোটাত ইতিমধ্যে
ব্যৱহাৰ কৰা যতিচিহ্নটো বাহাল থাকিব নে আঁতৰাই পেলাব
, একোটা শাৰী অথবা
ইতিমধ্যে ব্যৱহৃত একোটা শব্দ আগৰ দৰেই থাকিব নে সলনি হ
 এই কছৰৎ
নিৰৱচ্ছিন্নভাৱে চলি আছিল৷ কিছুমান কবিতাত তেওঁ চিত্ৰকল্প পৰ্যন্ত সলনি কৰিছিল
, কিছুমান কবিতা
নতুনকৈও লিখি উলিয়াইছিল৷ সেই কাৰণে সংকলন অথবা সংস্কৰণ সলনি হোৱাৰ লগে লগে কিছুমান
কবিতাৰ ৰূপো সলনি হৈছিল৷

কবিতাক লৈ এগৰাকী
কবি কিমান ছিৰিয়াছ হ
ব পাৰে পূৰ্বে এই কথা কাহিনীৰ দৰে শুনিছিলোঁ, কিন্তু এজন প্ৰকাশক
হিচাপে যেতিয়া ওচৰৰ পৰা পালোঁ তেতিয়া স্বচক্ষে দেখিলোঁ৷

সম্পূৰ্ণ কবিতাৰ প্ৰথম সংস্কৰণটো ছপা কৰিছিল অৰ্থাৎ প্ৰকাশনে, ২০০৬ চনত৷ আঁক-বাক সংস্কৰণটো প্ৰকাশ পাইছিল ২০১৩ চনৰ
জানুৱাৰী মাহত৷ যি ঐতিহ্যৰ মাজেৰে মোৰ লেখক জীৱন আৰম্ভ হৈছিল
, সাহিত্য বুলিলে মই
যি বুজি পাওঁ
– ‘আঁক-বাক আৰম্ভ কৰাৰ পাছত প্ৰকাশক হিচাপে
সেই জ্ঞান আৰু ধাৰণাবোৰেই মোৰ সম্বল আছিল৷ আমাৰ প্ৰকাশনৰ পৰা প্ৰকাশ পোৱা কিতাপবোৰ
ছপাৰ বাবে সাজু কৰোঁতে চূড়ান্ত কামখিনি মই সততে চাওঁ
, প্ৰয়োজন সাপেক্ষে
সম্পাদনা কৰোঁ৷
 সম্পূৰ্ণ কবিতাখনৰ চূড়ান্ত ফাইলটো চাবলৈ লৈ দেখিলোঁ তাত ভালেখিনি ভুল আছিল৷ সেইবোৰ দাগ দি
দি ছাৰৰ ওচৰলৈ লৈ গ
লোঁ৷ তাৰ বাহিৰে মোৰ উপায় নাছিল কিয়নো আগৰ কিতাপবোৰত
তেনেকৈয়ে অৰ্থাৎ ভুলকৈয়ে ছপা হৈছিল৷ কবিতাৰ ভুল বানানবোৰ বৰ আমোদজনক
, সমানে বিপজ্জনকো৷
এটা শাৰীত ব্যৱহাৰ হৈ থকা
 জোনক শব্দটো শুদ্ধ নে
ভুল তৎক্ষণাৎ কৈ দিবলৈ দিগদাৰ৷ চাবলৈ গ
লে বানানটো শুদ্ধ, কিন্তু আৰ্হিকাকত
চাওঁতাসকলে কেতিয়াবা শাৰীটোৰ অথবা কবিতাটোৰ তাৎপৰ্য নুবুজাকৈয়ে বানানটো
 জোনাক কৰি দিয়ে৷ একমাত্ৰ আকাৰডালৰ কাৰণেই গোটেই কবিতাটোৰ
তাৎপৰ্য সলনি হৈ যাব পাৰে৷ এনেকুৱা ভুল হৈয়ে কেতিয়াবা
 জোনাক হৈ যায় জোনক’– ইয়াৰ পৰিণতি কি হব পাৰে এই কথাটোৰ
তাৎপৰ্য বুজাজনেহে বুজি পাব৷ মই ছাৰৰ সৈতে বহি বহি তেনেকুৱা ভালেখিনি বানান শুদ্ধ
কৰিলোঁ৷ তাৰ পাছতো মোৰ অলক্ষিতে তিনিটা বানানৰ ভুল থাকি গ
, পৰৱৰ্তী সংস্কৰণটোত
সেইকেইটাও শুদ্ধ কৰা হ
ল৷

সম্পূৰ্ণ কবিতাৰ শেষৰফালে ষ্ট্ৰুগা কবিতা গধূলিৰ পোহৰ শীৰ্ষক লেখা এটা
আছে৷ সেইটো পঢ়ি থাকোঁতে এঠাইত কিবা এটা আধৰুৱা যেন লাগিল
, যেন কিবা এটা ৰৈ
গৈছে৷ সেইখিনিও ছাৰৰ দৃষ্টিগোচৰ কৰিলোঁ৷ ছাৰে ক
লে– ‘ঠিকেইতো৷ তুমি এটা
কাম কৰাঁ
, ‘কথাই উলিওৱা মোৰ ৰচনাৱলীখন অকণমান চাই লোৱাঁচোন, তাত ঠিকে থাকিব
লাগে৷
 মই ইতিমধ্যেই সেই কামটো কৰিছিলোঁ, তাকে ছাৰক কলোঁ৷ ছাৰক
অস্বস্তিত পৰা যেন লাগিল৷ বহু সময় ধৰি মনে মনে থকাৰ পাছত বাক্য এটা ক
লে আৰু যথাস্থানত
সেই বাক্যটো দি লেখাটো শুধৰণি তথা সম্পূৰ্ণ কৰা গ
ল৷

ছাৰে মোক কিতাপখনৰ
পিছফালে
 এইখনেই শেষ পৰিমাৰ্জনা বুলি লিখি দিবলৈ
কৈছিল
, সেইমতে মই শেষ প্ৰচ্ছদত থকা টোকাটোত কবিকৃত শেষ
পৰিমাৰ্জনা
 বুলি লিখি দিছিলোঁকথাটো ছাৰে কিতাপখন
উন্মোচনৰ দিনা উপস্থিত সাংবাদিক আৰু অতিথিসকলৰ আগতো কৈছিল৷

নীলমণি ফুকন মানুহজনৰ বিষয়ে এটা কথা লিখাৰ লোভ সামৰিব নোৱাৰিলোঁ৷

দুবছৰৰ আগৰ কথা৷
এদিন সন্ধিয়া ছাৰে ফোন কৰিলে আৰু এবাৰ ঘৰলৈ মাতিলে
, লে কিবা কথা আছে৷
সেইমতে মই পাছদিনা গৈ ওলালোঁ৷ কি কথাৰ কাৰণে ছাৰে মাতিলে জানিবলৈ বৰ ব্যগ্ৰ হৈ
থাকিলোঁ৷ ছাৰৰ ওচৰলৈ গ
লে বিভিন্ন কথা ওলায় কবিতাৰ কথা, কিতাপৰ কথা, আমাৰ গ্ৰন্থ
উদ্যোগৰ কথা৷ কথা সামৰি এসময়ত ছাৰে কৈ উঠিল
– ‘মই আৰু কিমান দিন থাকোঁ নাজানো৷
দিনে দিনে গাটো বেয়া হৈ আহিছে৷ সেই কাৰণেই তোমাক মাতিলোঁ৷ তুমি যে
 সম্পূৰ্ণ কবিতাখন উলিয়াই মানুহৰ
মাজলৈ লৈ গ
লা, তিনিটাকৈ সংস্কৰণ কৰিলা, মই তোমাক কৃতজ্ঞতা
জনাইছোঁ৷
 মই আৱেগিক হৈ পৰিলোঁ, চকু দুটা সেমেকি আহিল। কৃতজ্ঞতা ? ফুকন ছাৰে কৃতজ্ঞতা জনাইছে ? এজন প্ৰকাশকৰ কাৰণে এয়া দুৰ্লভ প্ৰাপ্তি৷ মই সসন্মানে
ছাৰৰ কৃতজ্ঞতা অস্বীকাৰ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু ক
লোঁ যে এই
কৃতজ্ঞতাৰ ভাগ মই ল
ব নোৱাৰোঁ, এয়া পঢ়ুৱৈয়ে আপোনাৰ প্ৰতি দিয়া
সন্মান আৰু ভালপোৱাৰ বাবেহে সম্ভৱ হৈছে৷

মই আজিও বিশ্বাস
কৰোঁ
, এনে কথা নীলমণি ফুকনৰ দৰে এজন কবিৰ বাবেহে সম্ভৱ হব পাৰে৷ এজন মহান
কবিৰ বাবেহে সম্ভৱ হ
ব পাৰে৷ আৰু এই কথাও সমানে বিশ্বাস কৰোঁ যে চিন্তা
আৰু ব্যক্তিত্বৰ বিশালতা অবিহনে কোনো মহান লেখক বা কবি হ
ব নোৱাৰে৷