কবিতাৰ আঁৰৰ কাহিনী : ‘আহক ওলাই যাওঁঁ’

 চাবিনা বেগম


অসমীয়া কবিতাৰ পাঠকক নীলমণি ফুকননো কোন
সেই কথা পুনৰাই
  নক’লেও হ’ব৷ ২০২১ চনৰ সাহিত্যৰ ওখ খাপৰ স্বীকৃতি জ্ঞানপীঠ বঁটা লাভ কৰা কবিজনে
অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ নতুন আংগিক আৰু বিষয়বস্তুৰে আগবঢ়োৱা অৱদানে আধুনিক
অসমীয়া কবিতাৰ ভেটি সুদৃঢ় কৰিলে৷ ১৯৩৩ চনত দেৰগাঁৱত জন্ম গ্ৰহণ কৰা কবিজনৰ কবিতাৰ
মাজত অসমৰ গ্ৰাম্য লোকজীৱনৰ ছবি আৰু জীৱনত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ পুনৰ ৰূপায়ণ
দেখা যায়৷ কবিৰ নিজৰ ভাষাত
 “দেশৰ সমাজ ভাষা
শিল্পকলা সাহিত্য সংস্কৃতিৰ ঐতিহ্য আৰু মোৰ সময়ৰ পৰিৱেশ আৰু পাৰিপাশ্বিৰ্কতাতে মই
পোত খাই আছোঁ৷
”
 জ্ঞানপীঠ বঁটা গ্ৰহণৰ সময়ত দিয়া ভাষণত (ভাষণ পাঠ কৰিছিল কবিৰ পুত্ৰ অমিতাভ
ফুকনে) নীলমণি ফুকনে কৈছে –
“চকিয়াল নামৰ অখ্যাত গাঁওখনৰ এমূৰত থকা হাবিখনৰ পৰা হাতৰ
মুঠিত জোনাকী এটা লৈ তাহানিতেই গুৱাহাটী ওলাইছিলোহি ৷ অন্তৰত বিষণ্ণ এক সেউজীয়া
স্তব্ধতা সোণাৰুৰ অকণমান সোণহালধীয়া লৈ গেজেপনি হাবি এখনৰ পৰা ওলাই
  আহিছিলোঁ নেঘেৰেটিঙৰ
শিৱদৌল
, দেওপাহাৰৰ শিলামূৰ্তিবোৰ আৰু আমাৰ গাঁৱৰ কাষেৰে বৈ যোৱা গেলাবিল নামৰ ৰূপহী
নৈখনে
  মোৰ মন-প্ৰাণ প্ৰবাহিত কৰি নৰখা হ’লে মই আজিৰ এই ঠাই ওলাব
নোৱাৰিলোহেঁতেন
,সি খাটাং৷
”

নীলমণি ফুকনৰ প্ৰথমখন কবিতাপুথি ‘সূৰ্য হেনো নামি আহে এই
নদীয়েদি
’
  প্ৰকাশ পায় ১৯৬৩ চনত৷ এই কবিতাপুথিখনৰ জৰিয়তে নীলমণি ফুকনে অসমীয়া কাব্য
জগতত প্ৰতীক আৰু চিত্ৰকল্পৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়৷ পৰৱৰ্তী সময়ত প্ৰকাশ পোৱা
কবিতা পুথিসমূহ
  ক্ৰমে- ‘নিৰ্জনতাৰ শব্দ’ (১৯৬৫), ‘আৰু কি নৈশব্দ’ (১৯৬৮), ‘ফুলি
থকা সূৰ্য্যমুখী ফুলটোৰ ফালে
’ (১৯৭২), ‘কাঁইট আৰু গোলাপ আৰু কাঁইট’ (১৯৭৫),‘
 কবিতা’(১৯৮০), ‘নৃত্যৰতা পৃথিৱী’ (১৯৮৫) আৰু ‘অলপ আগতে আমি কি কথা পাতি
আছিলোঁ
 ’(২০০৩)]৷ ব্যক্তিগত নিৰ্বাচিত কবিতাৰ সংকলন ক্ৰমে ‘গোলাপী জামুৰ লগ্ন’
(১৯৭৭) আৰু
 ‘সাগৰ তলিৰ শঙ্খ’ (১৯৯৪)৷ তেওঁৰ কবিতাৱলীৰ সামগ্ৰিক সংকলনৰ নাম ‘সম্পূৰ্ণ কবিতা’ (২০০৬)৷ কবি ফুকনৰ কবিতাসমূহৰ মাজত নাৰী, প্ৰকৃতি, প্ৰেম, মৃতু্য চেতনা, ইতিহাস চেতনা, লোক সংস্কৃতিৰ উপাদান, মানৱ প্ৰেম ইত্যাদি সততে দেখা পোৱা
বিষয়বস্তু ৷ নীলমণি ফুকনৰ কবিতা যিদৰে সবৰ্জনস্বীকৃত
; তেনেদৰে কিছু পাঠকে কবি ফুকনৰ কবিতাৰ
দুৰ্বোধ্যতাৰ কথাও উল্লেখ কৰে৷ দৰাচলতে আধুনিক কবিতাৰ ই এক বৈশিষ্ট্যও৷ পাঠকৰ
অধ্যয়নৰ সীমাৱদ্ধতাকে ইয়াৰ বাবে দোষাৰোপ কৰিব পাৰি৷

কবি সমালোচক এম কামালুদ্দিন আহমেদে
নীলমণি ফুকনৰ কবিতা সম্পৰ্কে আলোচনা কৰি কৈছে –
 “সাধনালব্ধ এইগৰাকী কবিক
জাপানী কবিতা
,
 আমেৰিকান মানস চিত্ৰবাদ আৰু ইউৰোপ মহাদেশীয়
প্ৰতীকী কাব্যৰ আদৰ্শই গভীৰভাৱে প্ৰভাৱান্বিত কৰিছে৷
” নিজকে প্ৰত্যক্ষ  ৰাজনীতিৰ পৰা নিলগত
ৰাখিলেও দৰাচলতে কোনো মানুহেই
  ৰাজনীতিক নিজৰ পৰা আঁতৰাব নোৱাৰে৷ এৰিষ্ট’টলৰ ভাষাত –The
human being is a political animal
 ৷ অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি অতি
সংবেদনশীল কবিজনাই জ্ঞানপীঠ বঁটা গ্ৰহণ অনুষ্ঠানত দিয়া ভাষণত সুধিছে-
 চাৰিওপিনে হিংসা, নিবিৰ্চাৰ  নিৰ্মম নিযাৰ্তন৷
নিপীড়ন হত্যাৰ খবৰৰ লগত মিল নোখোৱা খবৰ এইটো৷ ধৰ্মান্ধৰ উন্মাদনা
, ৰাজনীতিৰ দুবিৰ্ত্তায়ন,দিনে দিনে বাঢ়ি অহা পৰিৱেশ
প্ৰদূষণ
,
 অনিশ্চয়তা, দৌৰাদৌৰি, ভয়ৰ মাজত মোলৈ অহা এই ভাল খবৰটিয়ে মুকলিকৈ উশাহ ল’ব পাৰিছেনে? ” প্ৰতীক আৰু চিত্ৰকল্পৰ কবি বুলি জনজাত
কবিজনে কবিতাৰ যোগেদিয়ে বিদ্ৰোহ কৰে৷
 নৃত্যৰতা পৃথিৱী কাব্যগ্ৰন্থৰ অন্তৰ্গত ‘দুয়োখন দুৱাৰ মেলি থ’বি গৌৰীনাথ আহিব’, ‘ৰৈ আছিলোঁ আন্ধাৰু বালিত গাত
গজিছিল বন
’, ‘আহক ওলাই যাওঁ সাংঘাতিক কথা’, ‘কোনো নাই
  ইয়াত- শিশু নাৰী বৃদ্ধ প্ৰত্যেকেই মৃত’  ইত্যাদি কবিতাৰ মাজেদি কবিৰ বিপ্লৱী মনৰ
উমান পোৱা যায়৷
 

        আহক ওলাই যাওঁ
কবিতাটোৰ পৰ্যালোচনা :

       ‘আহক ওলাই যাওঁ’ বুলি আৰম্ভ হোৱা
কবিতাটোত প্ৰতিফলিত হৈছে অসম আন্দোলনৰ ছবি ৷ অৱশ্যে ইয়াক কবিতাটোৰ পটভূমি বুলিব
নোৱাৰি৷ কবিতাটি ৰচনাকালৰ সমসাময়িক ছবিহে অৰ্থাৎ বাস্তৱৰ প্ৰতিফলন৷ কবিতাটোত এনে
কিছুমান ঘটনাৰ আভাস পোৱা যায় যাৰ সহায়ত সেই সমসাময়িক অসমৰ সমাজ-জীৱন কবি ফুকনৰ
কাব্যদৃষ্টিৰে পাঠকে উপলব্ধি কৰিব পাৰে৷ কবিৰ সৈতে হোৱা ব্যক্তিগত সাক্ষাৎকাৰত
নীলমণি ফুকনে জনায় যে- এই কবিতাটো তেখেতে অসম আন্দোলনৰ সময়ত লিখিছিল৷ সেই সময়ৰ
সামাজিক-সাংস্কৃতিক পৰিবেশটো ইয়াৰ নিমিত্তহে
; সেইবোৰৰ ব্যাখ্যা আগ বঢ়োৱাৰ উদ্দেশ্যে কবিয়ে
কবিতাটো লিখা নাই ৷ সেইবাবে কবিতাটোত থকা ইমে
’জবোৰ ইয়াত খণ্ড-খণ্ড, টুকুৰা-টুকুৰ৷”  কবিতাটোৰ প্ৰথম স্তৱকত আছে –

        ‘আহক ওলাই যাওঁ   সাংঘাতিক কথা   কোনেও বিশ্বাস 

        কৰা নাছিল যিকোনো
মুহূৰ্ততে উশাহ বন্ধ হৈ যাব পাৰে

       বৰষুণ পৰাদি তেজ  মৃত্যুৰ আগলৈকে কোনেও
ক
’ব নোৱাৰে

       কাৰ্তবীৰ্যৰ এহেজাৰ
হাত
    তেওঁ তেওঁৰ আইনাত দেখা

       মানুহটো এটা কন্ধ      মৃত দেউতাই মোক মাজে
মাজে বিচাৰে
 

        ননী আছ নে ”

‘যিকোনো মুহূৰ্ততে উশাহ
বন্ধ হৈ যাব পাৰে
’
 এই শাৰীটোৱে সেই সময়ছোৱাত জীৱনৰ অনিশ্চয়তাত ভুগি থকা অসমবাসীৰ মনৰ ভাব
দাঙি ধৰিছে ৷
 ‘কাৰ্তবীৰ্য’ হ’ল মহাভাৰতৰ এক পৌৰাণিক চৰিত্ৰ; যাৰ এহেজাৰখন হাত আছিল
বুলি বৰ্ণনা পোৱা যায়৷ একেটা চৰিত্ৰকে পুৰাণত সহস্ৰবাহু বিষ্ণুৰ সুদৰ্শন চক্ৰৰ
অৱতাৰ বুলিও কোৱা হৈছে৷ কবিতাটোত কাৰ্তবীৰ্যই যিকোনো দিশৰ পৰা আহিব পৰা সন্ত্ৰাসৰ
আশঙ্কা দাঙি ধৰিছে৷ কবিয়ে নিজৰ আইনাত দেখা মানুহটোক এটা কন্ধ বুলি উল্লেখ কৰিছে৷
 ‘কন্ধ’ হ’ল মুণ্ডহীন এটা ভূত বা
অপদেৱতা৷ কবিতাটোত মৃত দেউতাকৰ মুখত দিয়া কথাষাৰে প্ৰতীকী অৰ্থ বহন কৰিছে
,
‘ননী আছ নে’
  বাক্যশাৰীয়ে। পৰিস্থিতৰ ভয়াৱহতাৰ ইঙ্গিত
দি প্ৰশ্নটোৰ যোগেদি ঘৰৰ বাহিৰত থকাটো যে নিৰাপদ নহয় তাৰেই আভাস দিছে৷ এইখিনিতে
কবি নলিনীধৰ ভট্টাচাৰ্যৰ
 “ননী আছনে ঘৰত” কবিতাটোৰ কথাও মনলৈ আহে৷ 

        দ্বিতীয় স্তৱকত কবিয়ে
প্ৰশ্ন কৰিছে –

       ‘তেওঁলোকৰ চকুলৈ চাওক কি
দেখিছে আপুনি কাক

       ভাল পায় জীৱনৰ লগত
হেতালি সপোন দেখেনে

       আপুনি৷’

 কবিয়ে অসম আন্দোলনৰ
সময়ত সংঘটিত হোৱা হত্যাকাণ্ডৰ আঁৰত থকা কাৰণ বিচাৰিবলৈ প্ৰয়াস কৰিছে৷ পাঠকৰ
দৃষ্টিৰেও চাব খুজিছে
  হত্যাকাৰীৰ মনোবাঞ্ছা৷ কবিৰ ভাষাত, সপোন দেখা মানুহে বা এই পৃথিৱীক ভালপোৱা মানুহে আনৰ
জীৱনৰ সৈতে হেতালি খেলা মানুহৰ আদৰ্শক উৎসাহিত নকৰে বা সমৰ্থন কৰিব নোৱাৰে
৷জ্ঞানপীঠ বঁটা গ্ৰহণৰ সময়ত দিয়া অভিভাষণতো কবি ফুকনে উল্লেখ কৰিছে
 মানুহক মানুহ  কৰাই  সকলো কলাৰ লক্ষ্য৷
কবিতাৰো৷ পৃথিৱীৰ সকলো কবিয়েই বাঞ্ছা কৰে -সবৰ্ত্ৰ শোষণ-পীড়ণৰ অন্ত হওক
,ভাতৃঘাতী,আত্মঘাতী সংঘাত, সংঘৰ্ষ, যুদ্ধ-বিগ্ৰহ, ৰক্তপাতৰ অন্ত হওক, মানুহৰ মানুহলৈ ভয় নোহোৱা হওক৷

       ‘এইখিনিতে ৰাস্তাটো পূবলৈ
ঘূৰিছে
  ইয়াৰ পৰা 

       বেলিটো বলিকটা ছাগলীৰ
জিভাখনৰ দৰে দেখি
’

কবিয়ে অসম আন্দোলনৰ চিত্ৰপট অধিক স্পষ্ট
কৰি তুলিবলৈ ৰজাদিনীয়া বুঢ়ীগোসাঁনী দেৱালয়ত (দেৰগাঁৱৰ কবি ফুকনৰ পৈত্ৰিক গৃহৰ
কাষতো এখন বুঢ়ীগোসাঁনী থান আছে।) হোৱা বলিৰ দৃশ্যটো সংযোজন কৰিছে৷ যোৰহাট নগৰৰ
মাজমজিয়াত অৱস্থিত এই
  শাক্ত দেৱালয়খনৰ প্ৰসংগ আনি কবিয়ে কৈছে যে এফালে গাটো, আন ফালে মূৰটো, মুখেদি জিভাখন বাহিৰ হৈ থাকে৷ প্ৰায়
পাহাৰ আকৃতি ধাৰণ কৰা বলি দিয়া ছাগলীৰ দৃশ্যটো অতীতৰ সেই
  ঘটনাৰ দৰেই ভয়ানক৷ কবি
নীলমণি ফুকনে হীৰেন গোহাঁইৰ সৈতে হোৱা কথোপকথনত উল্লেখ কৰিছে এনেকৈ-
“ৰজাদিনীয়া
বুঢ়ীগোসাঁনী দেৱালয়খন আমাৰ ঘৰৰ গাতে লগা আছিল৷ …শ-শ বলি হৈছিল
,
 হাঁহ-পাৰ ছাগলী ম’হ কোমোৰা
কুঁহিয়াৰ৷…..হাতীখুজীয়া বাটিত চপ্‌চপীয়াকৈ দেৱীলৈ উৎসৰ্গা কৰা বলি কটা ছাগলীৰ
তেজ
,
 ফুলবছা তামৰ থালত সজাই থোৱা বলি কটা ছাগলীৰ মূৰ আৰু সেই বলিকটীয়া মোৰ
খুৰাদেউৰ সেন্দূৰীয়া মুখখন
, ৰঙা চকু দুটা মনত পৰিলে আজিও গাটো শিয়ৰি, জিকাৰ খাই উঠে৷ 

উত্তৰ গুৱাহাটীত অৱস্থিত কানাই বৰশী বোৱা
শিলালিপিয়ে ঘোষণা কৰি থকা
 ‘অতীতৰ গৌৰৱ আহি ক্ষয় প্ৰাপ্ত হ’ল’ বুলি কবিয়ে শোক প্ৰকাশ
কৰিছে৷ নিজান ৰাতিৰ ভয়লগা চিত্ৰ দাঙি ধৰিছে যমডাকিনীৰ মাতে
, শিয়ালৰ হোৱা হোৱা শব্দই৷ যমডাকিনী হ’ল ফেঁচাৰ অন্য এটা নাম৷
প্ৰাকৃতিক ঘটনাৰ কাব্যিক ব্যঞ্জনাৰে কবিতাটোত ভয় আৰু নিৰৱতাৰ দৃশ্যপট অধিক ঘনীভূত
ৰূপত প্ৰকাশ পাইছে৷
 

       ‘কোনেও নেজানিলে টেক্সিখনত
কোন আছিল
    পৰিকল্পিত 

       হত্যা বহুত পৰলৈ
আকাশখন ধোঁৱাই আছিল৷
’

কবিতাটোৰ তৃতীয় স্তৱকত সেই সময়ত সংঘটিত
হোৱা হত্যা
, বোমা বিস্ফোৰণৰ চিত্ৰ অধিক স্পষ্ট হৈ পৰিছে৷ ‘জজ খেলপথাৰত যুধিষ্ঠিৰৰ
বক্তৃতা
’
 চিত্ৰকল্পটোৰ দ্বাৰা কবিয়ে নেতা হ’বলৈ কছৰৎ কৰা লোকসকলক নিৰ্দেশ কৰিছে৷
ইয়াত
 ‘যুধিষ্ঠিৰ’ নামে প্ৰতীকী অৰ্থ বহন কৰে কাৰণ
যুধিষ্ঠিৰ হ
’ল সত্যবাদী, জ্ঞানী আৰু ন্যায়ত বিশ্বাসী৷ ‘ল’ৰাহঁতৰ
মূৰত বেণ্ডেজ
’ –
 ই ৰাষ্ট্ৰৰ সন্ত্ৰাস, পুলিচৰ অত্যাচাৰক নিৰ্দেশ কৰিছে৷

শেষৰ স্তৱকত কবিয়ে পুনৰ ওলাই যাবলৈ লগ
ধৰিছে
  – ‘আহক গৈ থাকোঁ  সাংঘাতিক কথা    ঘাঁহ গজিছে   চাৰিওপিনে ঘাঁহ গজিছে৷’ এই স্তৱকটোত ভৱিষ্যতৰ প্ৰতি আশাবাদী
সুৰৰ ধ্বনি ব্যঞ্জিত হৈ আছে৷ কবিয়ে ইমান বিপৰ্যয়ৰ পাছতো সৃষ্টি দেখিছে৷
 ‘কালিয়নীয়েদি উটি আহে
পানীতোলা সবাহৰ চাকিৰ পোহৰ
’ –
 ইয়াত ব্যৱহাৰ হোৱা অনুষংগটো কবিয়ে বুটলি
আনিছে অসমীয়া লোক সংস্কৃতিৰ পৰা৷ লোক বিশ্বাস মতে পানীতোলা সবাহ পাতিলে বৰষুণ হয়৷
বৰষুণ হ
’ল
জীৱনৰ সম্ভাৱনাৰ প্ৰতীক৷ কবিয়ে চৌপাশৰ ইমানবোৰ অমঙ্গল-অনিশ্চয়তাৰ পাছতো সমাজখন
আকৌ নতুন সম্ভাৱনাৰে
,
 নতুন আলোকেৰে আলোকিত হোৱা দেখিবলৈ পাইছে৷ এইখিনিতে
সমাজখনক লৈ কবিৰ আশাবাদী দৃষ্টিভংগী প্ৰকট হৈ উঠিছে৷ কবিয়ে হীৰেন গোহাঁইৰ সৈতে
হোৱা কথোপকথনত কৈছে-
 গোলাঘাট অঞ্চলৰ পানীতোলা সবাহৰ চাকিৰ পোহৰে মন পোহৰাই থৈ যায়৷  এই সকলো কথাৰ পৰিণতি
কবিয়ে এখন চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিছে
 ‘ক্ৰুছ কাটি ভাঙি থিয় হ’ল দুৰন্ত যীশু৷ কবিৰ ভাষাত “যীচু হ’ল পৰম কৰুণা, পৰম প্ৰেমৰ প্ৰতীক৷ 

 তলৰ ছবিখন অংকন কৰিছে ১৯৪৩
চনত সমাজ বাস্তৱবাদী মেক্সিকান শিল্পী
 Jose Clemente Orozco –ৱে৷
ব্যক্তিগত সাক্ষাৎকাৰত কবিয়ে কৈছিল যে
 Christ Destroys his Cross নামৰ বিখ্যাত  ছবিখনত যীচুৱে তেওঁ যি
ক্ৰুছত ওলমি ৰক্তাক্ত বিদায় লৈছিল আমাৰ পৰা
; সেই ক্ৰুছডালকে কুঠাৰেৰে কাটি পেলাইছে৷ যি সপোনৰো
অগোচৰ৷ কবিতাটোত এই চিত্ৰখনক মই প্ৰতীকৰূপে ব্যৱহাৰ কৰাৰ বাবে মোৰ আৰু দহটা শাৰী
লিখাৰ প্ৰয়োজন হোৱা নাই৷
” 

নীলমণি ফুকন এজন সমাজ সচেতন কবি ৷ ‘আহক ওলাই যাওঁ’ কবিতাটোত সমসাময়িক
সমাজৰ জটিল পৰিস্থিতি
, অতীত গৌৰৱৰ অৱক্ষয়, মানৱতাৰ অৱক্ষয় দেখি কবি চিন্তান্বিত হৈছে৷ ইতিহাস চেতনা, বাস্তৱৱাদী দৃষ্টিভংগী, আশাবাদ, প্ৰতীক-চিত্ৰকল্পৰ সফল প্ৰয়োগ,মানৱতাৰ অপমৃত্যু, লোক-কৃষ্টিৰ সমলৰ
সাৰ্থক প্ৰয়োগ আদি বিশেষত্বৰে সমৃদ্ধ নীলমণি ফুকনৰ
 ‘আহক ওলাই যাওঁ’ কবিতাটো এক চিন্তা
উদ্ৰেককাৰী কবিতা৷
 

সহায়ক গ্ৰন্থপঞ্জী : 

ক) আহমেদ, এম. কামালুদ্দিন : আধুনিক অসমীয়া কবিতা, বনলতা, গুৱাহাটী, ২০০৫

খ) ডেকা, নমিতা : কবি আৰু কবিতা : মধ্যযুগৰ পৰা
সাম্প্ৰতিকলৈ
, বাণী মন্দিৰ, গুৱাহাটী, ২০০৭

গ) তালুকদাৰ, নন্দ : কবি আৰু কবিতা, বনলতা,গুৱাহাটী, ২০০৬

ঘ) ফুকন, নীলমণি : নীলমণি ফুকনৰ ৰচনাৱলী, কথা প্ৰকাশন, গুৱাহাটী, ২০১২

ঙ) শইকীয়া, নগেন : অসমীয়া কবিতা আৰু অন্যান্য বিষয়, চন্দ্ৰ প্ৰকাশ, গুৱাহাটী, ১৯৯৬

চ) হাজৰিকা, কৰবী ডেকা : অসমীয়া কবিতা, বনলতা, গুৱাহাটী, ২০০৬

ছ) ৰাজখোৱা, অৰবিন্দ [সম্পাদনা) : অসমীয়া কাব্য
পৰিক্ৰমা
, দত্ত পািব্লকেশ্যন, লক্ষিমপুৰ, ২০০৮৷

ব্যক্তিগত সাক্ষাৎকাৰৰ সবিশেষ –

১৩ মাৰ্চ ২০২০, সময় – ০৩ঃ০০ অপৰাহ্ন, স্থান – কবিৰ নিজা বাসগৃহ [গুৱাহাটী)

 

লেখিকাৰ ঠিকনা : 

গৱেষক ছাত্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ: ৭০৩৫৭৩৪৮৭১