জ্ঞান আৰু প্ৰজ্ঞাৰ কবি নীলমণি ফুকন

কল্যাণী চক্ৰবৰ্ত্তী গগৈ


জ্ঞান আৰু প্ৰজ্ঞাৰ মেটমৰা ভঁৰালৰ অধিকাৰী কবি নীলমণি
ফুকনৰ কবিতাত প্ৰতী
kবাদ আৰু চিত্ৰকল্পবদৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ বিদ্যমান৷
তেওঁৰ কবিতাৰ সৃষ্টিকৰ্মত উল্লেখযোগ্য কৰ্ম হিচাপে আমি
 কবিতা, গোলাপী জামুৰ লগ্ন, আৰু নৃত্যৰতা পৃথিৱীলৈ আঙুলিয়াব পাৰোঁ৷ ১৯৩৩
চনৰ ১০ ছেপ্তেম্বৰত জন্ম গ্ৰহণ কৰি শিক্ষা
, শিল্প কবিত্ব আদি দিশত নিজক
নিয়োজিত কৰি এই সমস্ত দিশতে জীৱন ডিঙা মেলি দিয়া মানুহজন কবিতা
, কলা সমালোচনা, অনুবাদ, লোককবিতাৰ
অধ্যয়ন
, সম্পাদনা, অধ্যাপনা ইত্যাদি
দিশত সকলো অসমীয়াৰে হিয়াৰ আমঠু। অজস্ৰ বঁটা-সন্মানৰ প্ৰাপক এই অতুলনীয় ব্যক্তিজনে
সৌ সিদিনা জ্ঞানপীঠ সন্মানেৰে অলংকৃত হৈ
  অসমীয়া জাতি তথা অসমীয়া কবিতাক মহীয়ান
কৰিলে৷
 

       কবি নীলমণি ফুকনৰ কবিতাৰ এক
গুৰুত্বপূৰ্ণ বৈশিষ্ট হৈছে বিষয়ৰ ব্যাপ্তি আৰু গভীৰতা৷ অত্যন্ত ইন্দ্ৰিয় সচেতন
সংবেদনশীলতাৰ পৰিচয় দাঙি ধৰা এইজনা কবিৰ কবিতাত থাকে ঐতিহ্য পৰম্পৰাৰ সংমিশ্ৰণ৷
নিজস্ব অভিজ্ঞতা
, প্ৰকাশৰ ভঙ্গী তথা বিষয়বস্তুৰ প্ৰতি সহজতেই
আকৃষ্ট হয় পাঠক৷ জাপানী হাইকু আৰু স্পেনিছ কবি ফেডাৰিক
গাচিয়া
লৰ্কা আৰু ফৰাচী প্ৰতীকবাদী আন্দোলনৰ প্ৰভাৱেৰে তেওঁ তেওঁৰ কবিতাসমূহক সমৃদ্ধ
কৰিছে৷ সৌন্দৰ্য বোধ
, ৰালীৰ ধূসৰ
স্মৃতি
, প্ৰেম, দুঃস্বপ্ন, মৃত্যুচেতনা, ইত্যাদিৰ প্ৰতীকী ব্যঞ্জনাই হৈছে তেওঁৰ
কবিতাৰ অন্যতম বৈশিষ্ট৷ তাকৰীয়া অসমীয়া শব্দৰ ব্যৱহাৰেৰেই তেওঁৰ কবিতাক ন-ৰূপ
দিছে। লোক সংস্কৃতিৰ বিভিন্ন উপকৰণেৰে সজাইছে কবিতাৰ চ
ৰাঘৰ।

       চিত্ৰকলাৰ প্ৰতি গভীৰ অনুৰাগ,
প্ৰকৃিতৰ প্ৰতি বিস্ময়-বিমুগ্ধ দৃষ্টি তথা ঐতিহ্য চেতনাৰে সমৃদ্ধ
তেওঁৰ কবিতা৷ তেওঁৰ কবিতাৰ আন এটা বৈশিষ্টপূৰ্ণ দিশ হৈছে গভীৰ পৰ্যবেক্ষণ
, যাৰ বাবে তেওঁৰ প্ৰায় সংখ্যক কবিতাতেই নৈসৰ্গিক প্ৰকৃতিৰ এখন সুন্দৰ ছবি
প্ৰতিফলিত হোৱা দেখা যায়৷ কবিতাৰ মাধ্যমেৰে জীৱন অনুসন্ধান য
ত নিহিত আছে প্ৰেম, যৌৱন, আনন্দ
বিশ্বৰ চৰাচৰ ৰহস্য প্ৰকৃতি আদি৷ তেখেতৰ কবিতা গুজৰাটী
, উৰিয়া,
বাংলা, ইংৰাজী আৰু জাৰ্মান ভাষালৈ অনুদিত
হৈছে৷
 

       নীলমণি ফুকনদেৱে এটা কবিতাত
এনেদৰে কৈছে

       ইমান দিনেও উভতি নহা

       শ্যাম বৰণীয়া নাবিকবোৰৰ
কথাকে

       পাতি আছিলো

       ন-কৈ মেলা কলপাতখনৰ পৰা 

       নিয়ৰৰ দৰে টোপাটোপে

       এন্ধাৰবোৰ পৰিছিল৷ 

       বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য,
মামণি ৰয়ছম গোস্বামীৰ পাছতে জীৱনজোৰা সাধনাৰ বাবে কবি ফুকনলৈ আহিল
জ্ঞানপীঠ বঁটা৷ মামণি ৰয়ছম গোস্বামীৰ মুখৰ ভৱিষ্যদ্বাণী দীৰ্ঘদিনৰ পৰিক্ৰমাৰ পাছত
সঁচা হৈ ধৰা দিলে৷ তেখেতে কৈছিল-
‘‘মই আজিয়েই কৈ থলো, অসমে পৰবৰ্তী জ্ঞানপীঠ বঁটাটো কবিতাৰ বাবে পাব৷’’

       সূৰ্য হেনো নামি আহে এই
নদীয়েদি কবিতাত কবিয়ে এনেদৰে কৈছে-

       ভয় খালে চাবা, মিছা হৈ যাব

       এতিয়াও নিশা আছে

       সূৰ্যই কথা ক

       ইয়াত এক গভীৰ আশাবাদে ৰৈ ৰৈ
ক্ৰিয়া কৰিছে৷ এতিয়াও নিশা আছেৰ মাধ্যমেৰে কবিয়ে যেন ক

বিচাৰিছে দুঃসময় এতিয়াও আছে কিন্তু ই ক্ষণস্থায়ী৷ সূৰ্য উদয় হ
ব আৰু সমগ্ৰ অমংগলবোৰ দূৰ হব৷ নতুন নতুন প্ৰকাশিকা
শক্তি উন্মোচনত তেওঁ ওৰেটো জীৱন পাত কৰিলে৷ দুখবোধ তেওঁৰ কবিতাৰ আন এক উপজীব্য৷
মৃত্যুও বিভিন্ন আয়তনলৈ উদ্ভাৱিত হৈছে তেওঁৰ কবিতাত এনেদৰে-

       ভুলতে তোমাক বিছনাখনত
খেপিয়াই ফুৰিছিলো

        তুমি যে
পবৰ্তটোৰ নামনিত

       তিলফুল হৈ

       হালি-জালি ফুলি আছা (তুমি যে
তিলফুল হৈ)

       আহোম বুৰঞ্জীৰ চৰিত্ৰ
স্বৰ্গদেউ গৌৰীনাথ সিংহৰ চৰিত্ৰৰ আলমত ৰচিত গৌৰীনাথ আহিব কবিতাত তেওঁ প্ৰতীকী
ভাষাৰে নিবিৰ্শেষে এটি চৰিত্ৰলৈ ৰূপান্তৰিত কৰিছে আৰু বুৰঞ্জীৰ পৰিধি অতিক্ৰমি
গৌৰীনাথৰ প্ৰতীকী ৰূপ তুলি ধৰিছে৷ ইয়াত ৰাজতন্ত্ৰ ৰূপান্তৰিত হৈছে শোষণতন্ত্ৰত৷
প্ৰজাই জীৱনত শোষণৰ হেঁচা সহিব নোৱাৰি হেৰুৱাই পেলাইছে দিক্‌-বিদিক৷ এই অত্যাচাৰ
লাঞ্চনা কবিয়ে ভিন্ন অনুষংগৰে হৃদয়স্পশ
¹ৰূপত ফুটাই তুলিছে৷ 

       দুয়োটা বাটিত সজাই থবি

       দুবাটি মঙহ হালধি সানি

       দুয়োটা চকুত জ্বলাই থবি

       সাতপুৰুষীয়া চকুপানী৷

       মুঠৰ ওপৰত নীলমণি ফুকনৰ জীৱন
যাত্ৰা নিৰ্জনতাৰ পৰা কোলাহললৈকে এটা আত্মমগ্ন কাব্যযাত্ৰা৷ যি যাত্ৰাৰ সৈতে চামিল
হৈ আজি অসমবাসী গৌৰৱান্বিত৷

ঠিকনা
:

লখিমপুৰ,

ভ্ৰাম্যভাষ
: ৮৪৭৩০১৪৩৮৮