অথবা প্ৰেম

কৌশিক জ্যোতি বৰা

 

একে নহয় যদিও ৰণ আৰু
ৰণাংগন
,
একেই ভাগৰ যুদ্ধ আৰু
প্ৰেমত।
এইবুলি কৈ মোৰ নিচেই
কাষতে বহিলহি নেপোলিয়ন…।
 
যুদ্ধত  শত্ৰুক কচুকটা দি
আত্মসমৰ্পণ কৰোঁ প্ৰেমৰ
বেলিকা।
যুদ্ধত জয়ী আৰু প্ৰেমত
পৰাজিতজনহে প্ৰকৃত যোদ্ধা।
এয়াই ইতিহাস যুদ্ধ আৰু
প্ৰেমৰ।
 
শূন্যত উদাস নেপোলিয়নৰ
চকু।
 
হৰুওৱাতকৈ হাৰিবলৈ সহজ,
যদিও ভাগৰ বেছি হৰুওৱাতকৈ
হৰাৰ।
আচলতে…
হাৰিবলৈকে প্ৰেমত পৰোঁ
আমি।
 
প্ৰতিখন যুদ্ধই মহাভাৰত
প্ৰতিখন যুদ্ধই তেজ আৰু
তেজৰ।
প্ৰতিখন যুদ্ধতেই
হেৰুৱাওঁ
ধন, জন, দেশ অথবা হৃদয়।
 
কোমল বুকুত কাঁইট ছটিয়াই
আমি যুদ্ধকে কৰোঁ,
প্ৰেম আৰু বিশ্বাসৰ।
য’ত পোৱাতকৈ হেৰুওৱা সহজ।
 
আচলতে
আমি হেৰুৱাবলৈকে যুদ্ধ
কৰোঁ
অথবা প্ৰেম।
 
কৈয়েই নেপোলিয়ন অদৃশ্য হল ধোঁৱাৰ মাজত।
 

ভ্ৰাভ্যভাষ: ৯৩৬৫৯৬০৫৮৫

শ্ৰব্য ৰূপ