অনুভৱ তুলসীৰ কবিতা : বিষয়ৰ নিৰ্ঘণ্টত অস্তিত্ববোধ আৰু মৃত্যুচেতনা

 অসীম কুমাৰ হাজৰিকা

         অনুভৱ তুলসীৰ কবিতাত সময়, স্মৃতি
আৰু অস্তিত্ব এক মৌন
,  গহীন
মানসিক যন্ত্রণা। এই অনুভৱে অস্তিত্বৰ দ্বন্দ্ব উন্মোচন কৰি পাঠকক আত্মমন্থনৰ দিশে
খোজ পেলাবলৈ বাধ্য কৰায়। তুলসীৰ
 অনেক কবিতাত দেখা যায় যে জীৱনক তেওঁ
কেৱল বাহ্যিক গতিময় অভিজ্ঞতাৰ জলঙাৰে জুমি চোৱা নাই
, বৰঞ্চ অন্তৰ্লীন
অস্থিৰতা
, সময়ৰ অচলতা আৰু আত্মসত্তাৰ গভীৰ সংকটৰ মাজেৰে উপলব্ধি কৰিবলৈ যত্ন
কৰে।
 তেওঁৰ কবিতাত সময় কেতিয়াও সজীৱ বা গতিশীল ৰূপত মূৰ্ত নহয়— ই এক
মৃতদেহৰ দৰে
, যাক চিনি পোৱা যায়, অনুভৱ কৰা যায়,
কিন্তু
স্পৰ্শ কৰিব বা জীৱন্ত কৰি তোলাটো অসম্ভৱ। এই ৰূপকাত্মক দৃষ্টিভংগীয়ে তুলসীৰ
কাব্যিক অন্তৰ্ধ্বনিত অস্তিত্ববাদী চিন্তাধাৰাৰ গভীৰতা আৰু মানসিক সংকটৰ সজীৱ
প্ৰতিচ্ছবি বহন কৰিছে।
 তেওঁৰ কাব্যিক ব্যঞ্জনাত মৃত্যু
কেৱল
শেষবিন্দু বা অন্তিম সত্য হিচাপে নহয়
 সেয়া যেন এক
নিত্যনৈমিত্তিক অনুভৱ
, যাৰ গন্ধ শৰীৰত লাগি থাকে,  মচি পেলাব নোৱাৰি; গা
ধুয়ো আঁতৰাব নোৱাৰা এক স্হায়ী স্মৃতি চিহ্ন। তুলসীৰ কবিতাত এই অস্তিত্ববোধ আৰু
মৃত্যুচেতনা এক সাৰ্বজনীন মানৱ অভিজ্ঞতাৰ দিশে অগ্ৰসৰ হয়। এই যাত্ৰা কেৱল
ব্যক্তিগত নহয়
, সময় আৰু সমাজৰ লগতো গভীৰভাৱে সংপৃক্ত। এই
পৰ্যালোচনাত তুলসীৰ নিৰ্বাচিত কবিতাত এই দৃষ্টিভংগীয়ে কেনেদৰে গা কৰি উঠিছে সেয়া
পোহৰলৈ আনিবলৈ এই নি:কিন প্ৰয়াস।

        আধুনিক
অসমীয়া কবিতাৰ জগতত অনুভৱ তুলসীৰ
মৃত্যু বৰ্ষ সূচনা  কবিতাটো এটি গভীৰ অস্তিত্ববাদী আৰু
চিত্ৰকল্পময় আখ্যান। এই কবিতাটোক আধুনিক মনন আৰু মৃত্যুৰ প্ৰতি কবিৰ
অন্তৰ্দৃষ্টিসম্পন্ন এক বেদনা-ভাস্কৰ কলা হিচাপে অভিহিত কৰিব পাৰি। মৃত্যু
,
 বিচ্ছেদ,  স্মৃতি,  প্রেম,  আত্মপৰিচয় আৰু অস্তিত্বৰ সংকট— এইবোৰ অনুষংগৰে
ভৰপূৰ কবিতাটোৱে
  পাঠকৰ হৃদয়ত এক প্ৰগাঢ় অভিঘাতৰ সৃষ্টি কৰে।
কবিৰ ভাষা
,  চিত্ৰকল্প আৰু
কাব্যিক ভংগী— সকলো মিলি এই কবিতাটোক আধুনিক অসমীয়া কবিতাৰ অন্যতম উচ্চ শিখৰত
আৰোহণ কৰায়।

        কবিতাটো
মূলতঃ এটি দীঘল আধুনিক কবিতা য’ত পৰম্পৰাগত কাব্যিক কাঠামো
  উপেক্ষা
কৰি কবিয়ে প্ৰাতিম্বিক অনুভৱৰ ভাৱপ্ৰৱাহটো এক বিশাল অনাত্মীয় সময়ৰ ভিতৰত বিৰিঙাই
তুলিছে। কবিতাটো আৰম্ভ হয় এক বিমূৰ্ত
, মৃত্যুৰ দৰে হিমশীতল আৰু বেদনাতুৰ
চিত্ৰৰে :
 তোমাৰ মুখনি ছিদ্রযুক্ত ভঙ্গিল
চূর্ণ-বিচূর্ণ পাত্র সদৃশ…”
এয়া কেৱল এগৰাকী প্ৰেমিকাৰ মুখৰ বিৱৰণ
নহয়
; ই যেন যুগোপযোগী সমাজৰ ভাগি পৰা মুখমণ্ডল,  চেতনাৰ বিকল ৰূপ। “কণ্টকদীৰ্ণ
সন্ধ্যাস্থবিৰ মৃত্যুকাতৰ নৈ”—এই পংক্তিৰে সময় আৰু মৃত্যুক একেলগে সংমিশ্ৰণ
কৰি
  এটা মেটাফৰিক পৰিসৰ সৃষ্টি কৰা হৈছে।

        অনুভৱ
তুলসীৰ
মৃত্যু বৰ্ষ সূচনা কবিতাটো  অস্তিত্ববাদ (existentialism)-
দৃষ্টিকোণৰ পৰা পাঠ কৰিবলৈ যথোপযুক্ত। কবিয়ে জীৱনৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ উপায়
হিচাপে মৃত্যুক প্ৰতিষ্ঠা কৰিছে যি শ্ৰেণীৱদ্ধ আধুনিক চিন্তাধাৰাৰে গভীৰভাৱে
সংপৃক্ত। মৃত্যুক ‘বৰ্ষ সূচনা’ হিচাপে অভিহিত কৰি কবি তুলসীয়ে পূৰ্বপাঠৰ ছেদ কৰি
এটি বিশ্লেষণাত্মক অভিজ্ঞতাৰ আৰম্ভণি সূচিত কৰিছে।
 তুলসীৰ এই
কবিতাটোত যেন চিত্ৰকল্পৰ প্ৰচণ্ড উজান উঠিছে। মৃত্যুক কেতিয়াবা “উতলা তৰলৰ গোট
মাৰি বৰফ হোৱা তৰঙ্গৰাশি” হিচাপে ব্যাখ্যা কৰা হৈছে
, কেতিয়াবা
“মৌচাকলৈ উৰি অহা অদৃশ্য বাটৰ ওঁঠৰ কেঁকুৰি” বুলি আবেগৰ অতল গহ্বৰত সোমাই পৰিছে।
কাব্যিক অনুষংগত মৃত্যুক স্থূলভাৱে শীতলতা
,  প্ৰেম-হীনতা বা শেষ হিচাপে নিৰূপণ নকৰি
 অনুভৱৰ পৰা উদ্ভূত  এক সজীৱ অভিজ্ঞতা হিচাপে চিত্ৰিত কৰা
হৈছে।

        কবিতাটোৱে
আকৰ্ষণ কৰাৰ প্ৰধান কাৰণ হ
ল ইয়াৰ ভাষা আৰু ব্যঞ্জনা। কবিৰ
ভাষা বিমূৰ্ত
,  গভীৰ
আৰু প্ৰতিটো পংক্তিয়ে গভীৰ অৰ্থৰ ইঙ্গিত বহন কৰিছে। কবিয়ে ব্যতিক্ৰমী আৰু নতুন
চিত্ৰৰ মাজেৰে আত্ম দুখ-বেদনা গভীৰ মৰ্মেৰে ব্যক্ত কৰিছে। এই কবিতাটোত
  আত্মবীক্ষণ
আৰু অভিজ্ঞতাৰ ছাঁ স্পষ্ট। অস্তিত্ববাদ
,  আত্মপৰিচয়, বিচ্ছেদ আৰু
মৃত্যুচেতনাৰ কাব্যিক দৰ্শনেৰে সমৃদ্ধ বাবে কবিতাটোৱে পাঠকৰ চিন্তন-মননক ৰেখাপাত
কৰিব। তথাপিও ক
ব খোজোঁ, এই কবিতাৰ কিছু
পংক্তিত পাঠকে শাব্দিক বিন্যাসৰ ঘনত্ব বা জটিল শব্দ-বিন্যাসৰ বাবে সহজে বুজি
নোপোৱাৰ আশংকা নুই কৰিব নোৱাৰি। ফলস্বৰূপে
  কোনো কোনো চিত্ৰ
বা ভাৱৰ গভীৰতা উপলব্ধি কৰাত পাঠকে ধৈৰ্য আৰু পুনৰ্পাঠৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে।
 দীক্ষিত
পাঠকে অনুভৱ কৰিব
 ‘মৃত্যু বৰ্ষ সূচনা’ সময়ৰ ওপৰত নিৰ্মিত
এটা
  শিলালিপিৰ দৰে;  মৰ্মান্তিক কিন্তু বুদ্ধিদীপ্ত। অনুভৱ তুলসীয়ে
মৃত্যু আৰু জীৱনৰ মাজত চলি থকা অন্তহীন যুঁজ
, আত্মমন্থন আৰু
বিচ্ছেদৰ কৰুণ স্বৰক কাব্যিকভাৱে শীতল অথচ উদ্দীপনাময় ভাষাৰে ব্যক্ত কৰিছে।

        কবি
তুলসীৰ ‘মৃত্যু বৰ্ষ সূচনা’ কবিতাৰ দৰে আন এটা উল্লেখযোগ্য কবিতা হ
  মৃত্যুৰ
কেইদিন পিছত মানুহ নক্ষত্র”। এই কবিতাটো মৃত্যুৰ অন্তৰালত থিয় হৈ থকা
পিতৃ-পুত্ৰৰ এক গভীৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত।
 এই কবিতাটোত
মানুহ মৃত্যুৰ কেইদিনৰ পিছত নক্ষত্র হৈ পৰে
, এই কথা স্বয়ং
কবিয়ে
  নিশ্চিতকৈ নাজানে বুলি স্বীকাৰ কৰিছে। বোধহয়
কবি এক প্ৰকাৰৰ
 অনিশ্চয়তাৰ দুনিয়াত ঘূৰ্মুটিয়াই ফুৰিছে। কবিতাটোৰ
গাঁথনি সম্পূর্ণভাৱে নেৰেটিভ-আধাৰিত
, প্ৰৱাহধর্মী আৰু ব্যক্তিগত অভিজ্ঞতাৰ
ওপৰত নিৰ্মিত। মূলভাৱত এটি স্বপ্নময়
, স্মৃতিকাতৰ অৱস্থা সৃষ্টি কৰা হৈছে য ভাৱঘন
কাব্যিক অভিব্যঞ্জনাৰে
 “দেউতা”ৰ মৃত্যুৰ সময়ত সন্তানৰ
দৃষ্টিৰে সেই অভিজ্ঞতা পৰিস্ফূত হৈছে।

        তাত্ত্বিকভাৱে,
কবিতাটো অস্তিত্ববাদ (existentialism)
আৰু স্মৃতি-সংলগ্ন
চেতনা
 (memory consciousness)-ৰ সংমিশ্ৰণে এটি সূক্ষ্ম অভিজ্ঞতা ৰূপে
নিৰ্মিতি দিছে। উদাহৰণস্বৰূপে- “মৃত্যুৰ কেইদিন পিছত মানুহ নক্ষত্র হয়”
— এই কথকতাই
 কবিতাটোৰ মূল তাত্ত্বিক কাঠামো দাঙি
ধৰিছে। ইয়াত
 অস্থায়ীত্ত্ব আৰু অবিনাশিতা
মাজৰ দ্বন্দ্ব
 স্পষ্ট। এই কবিতাটোত অনুভৱিক
চিত্ৰকল্প
 
আৰু ধ্বনিময়তাই একেলগে
এক অভিজ্ঞতামূলক সংৰচনা গঢ়ি তুলিছে। উদাহৰণস্বৰূপে- “ছালৰ তলৰ চন্দনৰ ছন্দোময়
শৰীৰটোলৈ মই যে ৰ লাগি চাই আছিলোঁ। /মন্ত্রমুগ্ধৰ দৰে মই ক
লোঁ, ‘তোমাৰ
দেৱত্বৰ আধাভাগ মোক দিয়া
, দেউতা।‘ /মমতা নামৰ
প্ৰাৰ্থিৱ প্রিয় নদীৰ কলতান/ সেইদিনা দেউতাৰ কাণত নপৰিল
” — এই
কাব্যিক ভাৱত ‘চন্দন’ শব্দটোৱে সাধাৰণতে সুগন্ধি গছকেই প্ৰতিপন্ন কৰিছে। ‘ছন্দ’
মানে হৈছে লয়
, সংগীতৰ ধাৰা বা কাব্যিক গতি। এই ‘চন্দন’ আৰু
‘ছন্দ’ শব্দ দুটা একে ধ্বনিৰে অহাৰ ফলত এক সাংগীতিক মাধূৰ্যৰ সৃষ্টি হৈছে। উভয়ে
মিলি এনে এটা দৃশ্য অংকণ কৰিছে য’ত দেহ আৰু আত্মাৰ সৌন্দৰ্য অনুভূত হয়। এই
অভিজ্ঞতাক ‘ঔপনিষদীয় অনুভূতি’ বুলিব পাৰি—অর্থাৎ
 দেহ,  আত্মা আৰু প্রকৃতিৰ মাজত থকা গভীৰ
সংহতিৰ এক অন্তৰ্দৃষ্টি। ঠিক একেদৰে “মমতা নামৰ প্ৰাৰ্থিৱ প্রিয় নদীৰ
কলতান” — এই পংক্তিত ‘মমতা’ বুলিলে হৃদয়ৰ কোমলতা
,  মৰম বা মায়াক নিৰ্দেশ কৰা হৈছে আৰু ‘নদী’ হৈছে
প্ৰকৃতিৰ এক জীৱন্ত ৰূপ। ‘কলতান
 শব্দৰ অৰ্থ সুৰ বা কল্লোল,  এটা সাংগীতিক ধ্বনি। এই পংক্তিত মমতা (মায়া),
নদী
(প্ৰকৃতি) আৰু ধ্বনি
  (কলতান)—এই তিনি উপাদানক সংমিশ্ৰণ 
কৰি
কবিয়ে এটি বিমূর্ত অনুভৱৰ সৃষ্টি কৰিছে। এই সংলগ্নতাই কাব্যিকতা
 এটি
কোমল স্নিগ্ধ সাংগীতিক অনুভৱৰ দৰে
 অৰ্থৱহ কৰি তোলে।

        কবিতাটোৱে
পাঠক হিচাপে মোক পুলকিত কৰাৰ কাৰণ হ
ল ইয়াৰ গভীৰ অনুভৱ, প্ৰাঞ্জল
ভাষা আৰু প্ৰতীকৰ ব্যৱহাৰ লক্ষণীয়। দেউতাৰ শৰীৰক দেৱত্বৰ সৈতে তুলনা কৰি কবিয়ে
আত্মিক বেদনা আৰু গৌৰৱৰ এখন চিত্ৰ অংকন কৰিছে। শাব্দিক বৈভৱ
, যেনে
‘দেৱোৎপল’ সাংস্কৃতিক গভীৰতাৰে সমৃদ্ধ। মৃত্যু
, স্মৃতি আৰু
আত্ম-চেতনাৰ এই সংযোগে কবিতাটো দৰ্শন আৰু জীৱন অভিজ্ঞতাৰ এক সংবেদনশীল ৰূপত পৰিণত
হৈছে। এই কবিতাটো সমকালীন অসমীয়া কাব্যধাৰাত এটি অনন্য স্থান লাভ কৰিব পৰাকৈ বোধ
,
চিত্ৰকল্প
আৰু সাংস্কৃতিক আৰ্হিৰ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ।

        তুলসীৰ
কবিতা “মৃত্যুৰ কেইদিন পিছত মানুহ নক্ষত্র”-ৰ সমান্তৰালভাৱে
অস্তিত্ববোধৰ গভীৰতাৰে পৰিস্ফূত আন এটা কবিতা হ
 “নিঃসংগ
দশক বিগত
এই কবিতাটো
সুগভীৰ
, অস্তিত্ববাদী চিন্তাৰ সমষ্টি য’ত কবিয়ে নিজে এটা নিঃসঙ্গ দশক
অতিক্ৰমি অৰণ্যৰ মাজেদি মানসিক আৰু দাৰ্শনিক ভ্ৰমণৰ বৰ্ণনা দিছে। কবিতাটোৰ প্ৰথম
পংক্তিটো—
নীলা গছেৰে আৱৰা অৰণ্য এখন অতিক্ৰম কৰি আহিছোঁ
এইমাত্ৰ”
বোধহয় কবিৰ যাত্ৰা কেৱল ভৌগোলিক নহয়। স্মৃতি,
 সংবেদন আৰু সময়ৰ অভ্যন্তৰৰ দিশে এই যাত্ৰা। এই
কবিতাটো এখন “চিঠিৰ” আৰ্হিৰে লিখা যেন লাগিলেও
,  দৰাচলতে ই আত্মবিশ্লেষণাত্মক ঘোষণা বা
এক আত্মমগ্ন যাত্ৰাৰ দলিল।
 এই কবিতাটোৰ গাঁথনি পাৰম্পৰিক শৈলীৰ
নহয়। কবিতাটোত স্তবক বা ৰৈখিক সমাপ্তিৰ স্পষ্টতা নাই। ভাষা
, চেতনাৰ সৈতে
সংগতি ৰাখি একে ধৰণৰ
 churning flow-তে গঢ় লৈছে।
বাক্যবোৰ অধিক দীঘল আৰু আপাত-অসঙ্গত ভাৱৰ ছাঁ লৈ নিৰ্মিতিৰ ৰূপ লৈছে। কবিৰ ভাষ্য-
 হাউলি
আহি গাত পৰিব খোজা কাঠচিতীয়া সেই পাহাৰটোৰ বহু পশ্চিমে বহু বেদনাৰ দূৰত এই ঠাই
…”

এনেধৰণৰ
ভাৱঘন ব্যঞ্জনাৰ অন্তৰ্লীন ধ্বনিত
  একাধিক দৃশ্য,  অনুভূতি আৰু দৰ্শন সংলগ্ন হৈছে। অলপ
জটিল
, কিন্তু কাব্যিক সুষমাৰে লালিত-পালিত। কবিতাৰ এই অসংহত গাঁথনি যেন
অসংহত সময়ৰ দলিলস্বৰূপ।

        এই
কবিতাটো অস্তিত্ববাদী চিন্তাৰে ভৰপূৰ। কবিৰ অনুভৱ
,  স্মৃতি আৰু অভিজ্ঞতাৰ সমাহাৰে সময়, স্থান
আৰু আত্ম-সত্তাৰ এটা বিপৰ্যস্ত আখ্যান নিৰ্মাণ কৰিছে –
 মোৰ
শেহতীয়া চিঠিখনত এই ঠাইৰ উল্লেখ আছিল শেঁতা মুক নির্মূল নিষ্পত্র তীর্থ বুলি
লেখিছিলোঁ “
পংক্তিটোত সন্নিবিষ্ট  তীৰ্থ’
শব্দটোৱে আধাত্মিকতা আৰু প্ৰত্যাশাৰ সন্ধিক্ষণক প্ৰতীয়মান কৰিছে। কিন্তু এই তীৰ্থ
শেঁতা
, মুকনির্মূল নিষ্পত্র এইখিনিতে কবিয়ে
পবিত্ৰতাৰ চিৰন্তন ধাৰণাকেই যেন ব্যঙ্গ কৰিছে। কবিতাটোত উল্লেখ থকা
  পুণ্যতীৰ্থৰ
পৱিত্ৰ অন্ধকাৰ ৰাতি”
 — যেন এটা পেৰাডক্স! এই কবিতাৰ মাজেদি postmodern
skepticism
 অনুভৱ কৰিব পাৰি। কবিয়ে ভাষাৰ অসাৰতা আৰু চিঠিৰ
মাধ্যমৰ ওপৰতো বীতশ্ৰদ্ধ—
এইখন চিঠি নে চিঠিৰ উৰ্ধৰ শাণিত
নিষ্ঠুৰ কামুক উন্মত্ত মাতাল আৱেগপ্ৰবণ অন্য কিবা”-
 
Jacques
Derrida-writing beyond presence ধাৰণাৰ দৃষ্টিৰে যদি আমি সূক্ষ্মভাৱে
টং কৰোঁ
, তেন্তে ই কেৱল এজন ব্যক্তিয়ে প্ৰেৰণ কৰা এখন “চিঠি” বা এক
নিদিৰ্ষ্ট পাঠ নহয়
; তাৰ পৰিৱৰ্তে স্বয়ং এনে এক স্থানিক পৰিপ্ৰেক্ষ
ত অৰ্থ স্থিৰ বুলি পতিয়ন যাব নোৱাৰি। অৰ্থাৎ অৰ্থ
কেতিয়াও পূৰ্ণ ৰূপত উদ্ধাৰ নহয়।
 Derrida-ৰ মতে, লিখন
প্ৰক্ৰিয়া কোনো লেখকৰ তাৎক্ষণিক অভিপ্ৰায়ৰ এক নিৰ্ভুল আৰু প্ৰত্যক্ষ প্ৰতিফলন নহয়।
অৰ্থ সদায় ভাষাৰ জটিল কাঠামোৰ ভিতৰত গঢ় লৈ উঠে য’ত লেখকৰ উদ্দেশ্য অথবা
 
পাঠকৰ
পঠন কাৰ্য উভয়েই বৈচিত্র্যময়। গতিকে
 লিখন কাৰ্য সদায় অপূৰ্ণতা আৰু différance-ৰে
চিহ্নিত।
 ভাষাৰ চিহ্নবোৰৰ মাজত সদায় এক সাময়িক অৰ্থগত
ফাঁক থাকে। শব্দ বা চিহ্নবোৰে যি অৰ্থ দিব খোজে
,  সেয়া তাৎক্ষণিকভাৱে উপলব্ধ নহয়।
অৰ্থোদ্ধাৰত অলপ পলম হয়। কবিতাটোত
  চিঠি’ শব্দটো
থাকিলেও কবিয়ে সেই চিঠিখনৰ সাধাৰণ অৰ্থ আৰু সীমাৰেখাক অতিক্ৰম কৰিছে। কবিতাটো
চিঠিৰ দৰে আৰম্ভ হৈছে ঠিকেই
, কিন্তু পিছলৈ গৈ ই কামুকতা,  মাতলামি,  আৱেগ আৰু আত্মপ্ৰকাশৰ উন্মাদ অভিব্যক্তিৰ ৰূপ লৈ
ধৰা দিয়ে। ফলশ্ৰুতিত
, কবিতাটো Derrida-ই কোৱা
‘উপস্থিতি’-ৰ অভাৱৰ ওপৰত কেন্দ্ৰীভূত এক পাঠলৈ পৰ্যবসিত হয় যি নিজৰেই সীমা আৰু
পঠনৰ একক অৰ্থক অতিক্ৰম কৰি বিবিধ ব্যাখ্যাৰ দিশে গতি কৰে।

        ‘নিঃসংগ
দশক বিগত
‘  কবিতাটোৰ উল্লেখযোগ্য দিশ হ
ইয়াৰ চিত্ৰকল্প। এক ধৰণৰ বাস্তবতা-অতিক্ৰমী
, কেতিয়াবা ডিস্টোপিয়ান
(
Dystopian)ধৰণৰ দৃশ্যাৱলী কবিতাটোত সজাই দিয়া হৈছে।
প্ৰসঙ্গক্ৰমে
নীলা গছেৰে আৱৰা অৰণ্য”, “মৰা
মাছৰ দুৰ্গন্ধ নদী”
, “
হাড় কঁপোৱা শীতল চেঁচুকীয়া কেঁচুমটাময়
অৰণ্য”
, “
মাটিৰ তলৰ এইখন আকাশ”- এইবোৰ
দৃশ্য কি বাস্তৱৰ প্ৰতিচ্ছবি
, নে কেৱল স্মৃতিৰ অলিন্দত গুজি থোৱা
ক্ষীণ ছাঁ
? এয়া জীৱনৰ চিহ্ন নে মৃত্যুৰ নিঃশব্দ
উপস্থিতি—সেয়া ঘন কুহেলিকাৰ দৰে অস্পষ্ট।
 “মাটিৰ তলৰ আকাশ”
যেন পুৰাতন স্মৃতিৰ দৰেই এখন অলৌকিক ঠাই—অব্যক্ত
, অস্পষ্ট অথচ
দীপ্ত। আৰু এজন পাঠকৰ বাবে এই চিত্ৰকল্পবোৰ অনুভৱৰ তীব্ৰ প্ৰবাহ।

        কবিতাটোৰ
পাঠান্তত ভাল লগা দিশটোৱেই হ
 চিত্ৰকল্পৰ
গভীৰতা।
 
কবিতাটোৰ উচ্চ আবেগিক ঘনত্বই পাঠকক স্ব-জীৱনৰ
অভ্যন্তৰলৈ টানি নিয়ে। কবিয়ে শব্দ আৰু বাক্যৰ পৰম্পৰাগত ভঙ্গীমাৰ বিৰোধিতা কৰি এক
নতুন স্বৰ নিৰ্মাণ কৰিছে। চমুকৈ যদি ক
ব খোজোঁ, এই কবিতাটো
আত্ম-জিজ্ঞাসাৰ এক কাব্যিক অভিযান বুলি ক
ব পৰা যায়। অৱশ্যে কবিতাটোৰ ইমানখিনি
গুণ বখনোৱাৰ স্বত্বেও দুই-এক সীমাবদ্ধতাও চকুত নপৰা নহয়। কবিতাটোৰ
 বহু
বাক্যত তীব্ৰ অলংকাৰিক ভাষা আৰু ধ্বনিসংকুলতাই পাঠকৰ মনোযোগ বিঘ্নিত কৰিব পাৰে।
উদাহৰণ : “তোমাক দংশন কৰিব খোজা দীঘল বাক্যৰ সালংকৃতা সৰীসৃপ”-
 এইধৰণৰ
কাব্যিক ভাৱৰ ৰসোদ্ধাৰ কৰিবলৈ যাওতে পাঠক ক্লান্ত হ’ব পাৰে। তদুপৰি একাধিক ভাবনাৰ
স্তৰ সংলগ্ন হোৱাৰ ফলত কবিতাটো ‘অত্যন্ত ব্যক্তিগত’ হৈ পৰা দেখা যায়। কবিতাটোত
 আৰম্ভণি
আৰু সমাপ্তিৰ সীমাৰেখা অপষ্ট যেন বোধ হ
ল। নিঃসংগ
দশক বিগত”
 কবিতাটোত সময়ৰ প্ৰৱাহ, স্মৃতিৰ উত্তাপ,
জীৱনৰ
অৱসান-বোধ প্ৰতিবিম্বিত হৈছে। যদিও ই সকলো পাঠকৰ বাবে সহজলভ্য নহ’বও পাৰে
, তথাপি
যিসকল পাঠক আত্মবিশ্লেষণত বিশ্বাসী
,  সেইসকলৰ বাবে এই কবিতা এক সন্ধান, এক
পুনঃআৱিষ্কাৰ।

        ‘অন্যযুগ
জুলাই সংখ্যাত (২০২৫) কবি তুলসীৰ দুটা কবিতা পঢ়িছিলোঁ-“দিনলিপি” আৰু
“আবৃত্তি”। এই দুয়োটা কবিতাই অস্তিত্ববোধ আৰু মৃত্যুচেতনাৰে পৰিপুষ্ট।
 তুলসীৰ
‘দিনলিপি’ত সময়
, অস্তিত্ব আৰু স্মৃতিৰ মাজত ওলমি থকা এক
মনোজাগতিক যন্ত্ৰণা কাব্যিক ৰূপত প্ৰস্ফূটিত হৈছে। কবিতাটোৰ প্ৰাৰম্ভত কবিয়ে
‘কালিৰ দিনটোৰ মৃতদেহ’ক কল্পনাৰ আওতালৈ লৈ গৈছে
,  যাৰ দেহটোৱে এখন কাগজৰ পাতত বিশ্ৰাম লৈ আছে। এই
ৰূপক
, সময়ৰ সজীৱতাক প্ৰত্যাখ্যান কৰি এটি অৱসানপ্ৰাপ্ত পৰিসৰৰ ৰূপত উন্মোচন
কৰা হৈছে। কলম
, কাগজ আৰু মৃত আকাশ— এইবোৰ কবিৰ অন্তৰ্দৃষ্টি
আৰু মানসিক অস্থিৰতাৰ পৰিপূৰক চিত্র। কবিয়ে বৰ্তমানৰ সৈতে সংযোগ বিচাৰি পায় নে
,
নে
সেই বতাহত পুন:উৎপন্ন হয় অতীতৰ স্মৃতি
? এই প্রশ্নৰ মাজেৰে কবিতাটোৱে
মানুহৰ অস্তিত্ব
, স্মৃতি আৰু সময়ৰ প্ৰতি এক সাৰ্বজনীন আৰু গভীৰ
দৃষ্টিভংগীৰ বিকাশ ঘটাইছে।

        সময়ৰ
প্ৰবাহত কবিয়ে নিজকে
 স্থবিৰ অনুভৱ কৰে;
যেন
কোনো শূন্যতাত ওলমাই ৰখা শৰীৰ
, অস্তিত্বময় কিন্তু গতিহীন। কাব্যিক ভাৱ
মানসিক ক্লান্তিৰে ভৰুণ
; ‘অচল সময়’, ‘স্থবিৰতা’ আদি
শব্দবোৰে এই অনুভূতিক অধিক গাঢ় কৰি তুলিছে।
 কবিয়ে স্পষ্টকৈ
প্ৰকাশ কৰিছে যে তেওঁ নিজৰ শটো টানি নিজে অগ্ৰসৰ হ
বলৈ চেষ্টা
কৰিছে কিন্তু এই প্ৰয়াস ভ্ৰান্ত
, বৃথা। সময় যেন স্পৰ্শ
কৰিব নোৱাৰা বস্তু যাৰ গতিৰ নিশ্চয়তা অস্পষ্ট। এই অনিশ্চয়তা আৰু অভ্যন্তৰীণ
অস্থিৰতাই আধুনিক জীৱন-বোধৰ গভীৰ প্ৰতিচ্ছবি হিচাপে আত্মপ্ৰকাশ কৰিছে।

        কবিতাটোৰ
তৃতীয় ভাগত কাব্যিক ভাষা অধিক বাস্তৱমুখী হৈ পৰা দেখা যায়। প্ৰসঙ্গক্ৰমে ‘চাহকাপ’
,

নিয়া গাড়ী’
, ‘ঠিকনা’ আদিৰ উল্লেখে বাস্তৱৰ লগত সংযোগৰ সাঁকো
হিচাপে কাম কৰিছে। কিন্তু এই বাস্তবতাও বিশ্বাসযোগ্য নহয় কবিৰ বাবে। চাহকাপৰ দৰে
প্ৰাত্যহিক বস্তুতো অবিশ্বাস জাগে।
 ‘সতী জয়মতী নগৰ, পাতসিয়া-২৫’- 
যেন
বাস্তৱ ঠিকনাৰ উল্লেখে কবিতাটোৰ বিমূর্ত ভাৱবোৰৰ মাজত এটি বাস্তৱ স্পৰ্শ কৰিছে যি
কবিৰ অৱচেতন চিন্তাৰ
 সৈতে সংঘাতত লিপ্ত হৈছে। এই
ঠিকনাত ‘একাধিক মৃতদেহ’ বুলি হয়তো সেইসকল মানুহক নিৰ্দেশ কৰা হৈছে যি বাহ্যিকভাৱে
জীয়াই থাকিলেও আভ্যন্তৰীণভাৱে ভাঙি গৈছে। যেন মৰ্মাহত আত্মাবোৰে মৃত্যু যন্ত্রণাত
চটফটাই ফুৰিছে।

        কবিতাটোৰ
শেষাংশত কবিয়ে নিজৰ দেহ ধোৱা
,  চেম্পু কৰা আৰু শ্বাৱাৰ খোলাৰ কথা ব্যক্ত কৰিছে।
এই অভিব্যক্তি বাহ্যিক শুদ্ধতাৰ জৰিয়তে অন্তৰাত্মাৰ শুদ্ধ হোৱাৰ এটি ইঙ্গিত হিচাপে
বোধ হয়। কিন্তু এই সকলো প্ৰচেষ্টাৰ পিছতো তেওঁৰ পৰা ‘মৃতদেহৰ গোন্ধটো’ আঁতৰি নাযায়
,
 যেন গভীৰ মানসিক কষ্ট আৰু অজান শূন্যতাৰ অনুভূতি
তেওঁৰ অস্তিত্বত বিৰাজমান।
 এই গোন্ধ একেবাৰে ভৌতিক নহয়;  ই মানসিক, স্মৃতিকাতৰতাৰ
এক অন্তৰ্ভেদী চিহ্ন। মানসিক যন্ত্ৰণা
, জীৱনৰ অপূৰ্ণতাৰ বোধ আৰু আত্মসংশয়— এইবোৰ
যেন কবিৰ শৰীৰত ভেদি থকা এক অদৃশ্য ক্ষত। ইয়াক
  ধুই পেলাব
নোৱাৰি
,  ইয়াৰ গোন্ধো মচি
পেলাব নোৱাৰি। এই অৱস্থাৰ পৰিশ্ৰান্তত কবিয়ে অক্ষমতা
,  ক্লান্তি আৰু অস্তিত্বৰ কৰুণ ৰহস্য
প্ৰকাশ কৰিছে। অনুভৱ তুলসীৰ দৃষ্টিভংগী মানৱ মনৰ গভীৰ বীক্ষণৰ ফল য’ত মৃতদেহ মাথোঁ
দেহৰ অৱসান নহয়
,  সেয়া
আত্মিক বোধশূন্যতাৰ এক প্রতীক।
 কবিতাটোৱে আকাংক্ষা, অতৃপ্তি
আৰু নিৰ্বাকতাৰ গভীৰ অনুভূতি বহন কৰি পাঠকক নিজৰ অস্তিত্ব
, স্মৃতি আৰু
মানসিক অৱস্থাৰ প্ৰতি গম্ভীৰভাৱে মুখামুখি হ
বলৈ অনুপ্ৰেৰিত
কৰে।

        কবি
তুলসীৰ মৃত্যুৰ পাছত এটা কবিতা অনুৰাগী পাঠকৰ মাজত বিশেষভাৱে চৰ্চিত হৈছিল।
কবিতাটোৰ শীৰ্ষক
  আবৃত্তি”। এই  কবিতাটো
তুলসীৰ কাব্যিক জীৱনৰ অন্তিমটো আত্মবীক্ষণমূলক কবিতা।
আবৃত্তি
কাব্যিক আলাপত কবিয়ে মৃত্যুক কেৱল অনিবার্য শেষবিন্দু হিচাপে চোৱা নাই
,  তাৰ বিপৰীতে অনুভৱী, সজীৱ আৰু
ভাষ্যকাৰ সত্ত্বাৰ ৰূপত প্ৰতিবিম্বিত কৰিছে। এক গভীৰ অস্তিত্ব-চিন্তা আৰু
মৃত্যু-চেতনাৰে মননশীল এই কবিতাত কবিয়ে মৃত্যুক কোনো ভয়ংকৰ
, দূৰৈৰ
বা অচিনাকি বস্তু হিচাপে নোচোৱাকৈ
,  মৃত্যুক ইমান ওচৰৰ পৰা পৰ্যবেক্ষণ কৰিছে যমৃত্যু  তেওঁৰ দৈনন্দিন জীৱনৰ এক নীৰৱ সংগীলৈ
পৰ্যবসিত হৈছে। এই অনুভৱৰ ভিতৰত কেতিয়াবা আছে বিষাদ
,  কেতিয়াবা আছে বিস্ময়। গেৰুকামুখত সোৱণশিৰি নদীৰ
অস্তিত্বহীনতাৰ দৃশ্যৰ জৰিয়তে কবিতাটোৰ আৰম্ভণি হৈছে আৰু এই সূচনাই যেন কবিৰ
অন্তৰ্জগতত এক তীব্ৰ আলোড়ন সৃষ্টি কৰিছে । নদীৰ মৃত্যুত কবিয়ে নিজ মৃত্যুৰ
প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰিছে । এই ভাৱনাত অলেখ প্ৰশ্ন আছে
, পৰ্যবেক্ষণ আছে,
আৰু
আছে অব্যক্ত মৰমেৰে মৃত্যুক আলিঙ্গন কৰাৰ স্পৰ্শ। কবিতাটোত মৃত্যুৰ প্ৰতি এই
সংবেদনশীল উপলব্ধি হৰ্ষ নে বিষণ্নতাৰ — এই প্রশ্নৰ মাজেৰে কবিয়ে জীৱনৰ অন্তিম
সত্যক লৈ গভীৰ চৰ্চাত নিমগ্ন। গছজোপা উভালি লৈ যোৱা যন্ত্ৰ
, খিৰিকীৰ কাষলৈ
অহা চৰাই
, ব্ৰোঞ্জৰ পুতলা অথবা পৰিৱেশৰ বৰশী—এই সকলোবোৰ যেন জীৱন আৰু মৃত্যুৰ
মাজৰ সূক্ষ্ম সম্পর্কৰ প্ৰতীক। মৃত্যুৰ লগত হোৱা কথকতা
, কৰমৰ্দন,
হঠাৎ
ওচৰ-চিনাকি ভাব—মৃত্যুৰ লগত কবিৰ এই অন্তৰংগতাই পাঠকক এক অপাৰ অনুভৱৰ পাৰলৈ ধাৱিত
কৰে য
ত জীৱন আৰু মৃত্যুৰ মাজৰ সীমাৰেখাডাল অস্পষ্ট হৈ পৰে।

        কবিৰ
ভাষ্য-
  “মই লিখা নাই মৃত্যুৱে লিখিছে।” এই কথকতাত কবিয়ে
মৃত্যুক কেৱল বিষয় হিচাপে নহয়
; ভাষা, চেতন আৰু
সৃজনাত্মক এক শক্তি হিচাপে উপস্থাপন কৰিছে। ৰোলাঁ বাৰ্থৰ “
Death of
the Author”-ত উল্লেখ থকাৰ দৰেই লেখকৰ অনুপস্থিতিত পাঠ আৰু অৰ্থোদ্ধাৰ প্ৰক্ৰিয়া
চলি থাকে। মৃত্যুৱে যেন ইয়াত কবিৰ কলমটো নিজহাতে আঁজুৰি লৈছে আৰু কবিয়ে নিজৰ
অস্তিত্বকেই তেওঁৰ কবিতাৰ বিষয় হিচাপে লৈ এক নতুন ভাষ্যৰ নিৰ্মাণ কৰিছে। কবিতাটোত
স্পষ্টকৈ প্ৰতিফলিত হয়
Jean-Paul Sartre আৰু Martin Heidegger আদিৰ
অস্তিত্ববাদী ধাৰণা। হাইডেগাৰৰ দৃষ্টিত
মৃত্যুচিন্তা বা “being-towards-death” অস্তিত্বৰ
নিৰ্মম ৰূপৰ উদ্ঘাটন। অনুভৱ তুলসীয়ে মৃত্যুৰ সান্নিধ্যতে স্ব-জীৱনৰ মূল্য আৰু
অভিজ্ঞতাৰ স্পন্দন উপলব্ধি কৰিছে। কবিৰ মতে – “নিজ হাতেৰে মই মৃত্যুক ধৰিম / নে
মৃত্যুৰ হাততহে মই ধৰা পৰিম
?”—এই দ্বন্দ্ব মৃত্যুৰ ওপৰত নিয়ন্ত্ৰণৰ,
অস্তিত্বৰ
ওপৰত আধিপত্যৰ এক গভীৰ প্ৰশ্ন।
Sartre-য়ে এষাৰ গুৰুত্বপূৰ্ণ কথা কৈছিল,
“Man is condemned to be free,”— পৃথিৱীলৈ অহাৰ পিছত মানুহ নিজৰ কৰ্মৰ
বাবে দায়বদ্ধ আৰু স্ব-জীৱন গঢ় দিয়াৰ নিমিত্তে পূৰ্ণভাৱে স্বাধীন। ইয়াত কোনো ধৰণৰ
পূৰ্বনিৰ্ধাৰিত ভাগ্য নাই যিয়ে মানুহক নিজৰ পথ বাছি ল’বলৈ বাধ্য কৰিব। এই
স্বাধীনতাও এক ধৰণৰ বোজাৰ দৰে কাৰণ ই মানুহৰ ওপৰত দায়িত্ব সঁপি দিয়ে। অনুভৱ
তুলসীৰ কবিতাটিত এই স্বাধীনতা মৃত্যুৰ সৈতে সংপৃক্ত
; জীৱনৰ ওপৰত
সিদ্ধান্ত লোৱাৰ সময়তে মৃত্যু এক সহচৰ।

        কবিতাটোক
উত্তৰ-আধুনিক পৰিপ্ৰেক্ষা(
Postmodern Condition)-ত পঠন কৰোঁতে
দেখা যায়
,  ই এক খণ্ডিত আত্মচেতনাৰ
সমষ্টি য’ত
  সত্যৰ কোনো একক ৰূপ নাই। কবিয়ে ভাষা, অভিজ্ঞতা
আৰু বাস্তৱতাৰ একক অৰ্থক সন্দেহৰ চকুৰে চাইছে। “গছজোপা উভালি এক যন্ত্ৰই ক
ʼৰবালৈ
লৈ যোৱা”— এই কথকতাই স্পষ্ট কৰে যে সভ্যতা যন্ত্ৰায়িত হৈছে আৰু প্ৰকৃতিৰ নিঃশব্দ
মৃত্যু এখন নদীৰে
, এজোপা গছেৰে, এটা যন্ত্ৰৰে
প্ৰবাহিত হৈ সমাজক আচ্ছন্ন কৰি পেলাইছে। সোৱণশিৰি নদীৰ মৃত্যু একাধিক-স্তৰীয়
;

পৰিৱেশৰ প্ৰতি সমাজৰ বিমুখতাৰ প্ৰতীক
, কবিৰ স্ব-অস্তিত্বৰ ক্ষয়ৰ ছাঁ আৰু
পৰিশেষত মৃত্যু আৰু অস্তিত্বৰ কাব্যিক অন্বেষণ।

        উল্লেখযোগ্য
যে
, কবিতাটোত আন্ত:পাঠ্যতা (intertextuality)-ৰ এক সুচিন্তিত
পয়োভৰ দৃশ্যমান।
Eliot ৰ “The Love Song of J. Alfred
Prufrock”-ৰ উদ্ধৃতি— “Let us go, you and I” এতিয়া
কবি তুলসীৰ প্ৰাতিম্বিক মৃত্যু-সংলাপলৈ ভাষান্তৰিত হৈ পৰিছে। এলিয়টে য’ত জীৱনৰ
ব্যৰ্থতা
,  সন্দেহ আৰু
আত্মসংশয়ৰ জাল গাঁঠিছিল
, তাতেই অনুভৱ তুলসীয়ে মৃত্যু সহিতে এই
পৃথিৱীৰে যাত্ৰা শেষ কৰাৰ এক মৌন সিদ্ধান্ত প্ৰকাশ কৰিছে। এই আন্ত:পাঠ্যতা মাথোঁ
শ্ৰদ্ধাৰ নিবেদন নহয়
;  ই অনুভৱ তুলসীৰ কবিতাৰ বৌদ্ধিক স্তৰ
আৰু সাহিত্যৰ ইতিহাসৰ সৈতে সংলাপ স্থাপন কৰা এক মাধ্যম।

        তুলসীৰ
এই কবিতাটোৰ পাঠান্তত কিছুমান দিশ পাঠকৰ চিন্তন আৰু অনুধ্যানৰ বাবে মুকলি কৰি
দিছোঁ। মৃত্যুক কবিয়ে এক জীৱন্ত সঙ্গী
,  জীৱিত সত্তা হিচাপে কিয় কল্পনা
কৰিলে—এই
anthropomorphic ৰূপ কি আত্ম-ভয়,  কামনা নে শূন্যতাৰ অভিজ্ঞান?  কংক্ৰিটৰ গ্ৰাসত সোৱণশিৰি নদীৰ মৃত্যু,  তাক কি কেৱল বাস্তৱিক পৰিৱেশ ধ্বংসৰ নিদৰ্শন
হিচাপে পঠনত লিপ্ত হোৱা উচিত
,  নে ই কবিৰ অস্তিত্বৰ গভীৰ প্রতীকী অৰ্থও বহন
কৰিছে
?  খিৰিকীৰ কাষৰ চৰাই আৰু “Let
us go, you and I” উদ্ধৃতিৰ যোগেদি T.S. Eliot-ৰ
কবিতাৰ লগত সম্পৰ্ক স্থাপন কৰা এই
intertextuality কি মৃত্যুক
সজাগতাৰে স্বীকাৰ কৰাৰ নিদৰ্শন
,  নে এক নিৰৱ আত্মসমৰ্পণ?  মই লিখা নাই মৃত্যুৱে লিখিছে”— এই
ঘোষণাই সাহিত্যত লেখকৰ উপস্থিতিৰ সংকট
, অৰ্থ নিৰ্মাণৰ অনিশ্চয়তা আৰু postmodernism-
মূল প্রশ্নবোৰক স্পৰ্শ কৰে সেয়া পাঠকে নিজেই বিচাৰি উলিয়াব লাগিব। লগতে মৃত্যুক
“প্ৰকৃতিৰ সন্তানৰ নিয়তি” বুলি স্বীকাৰ কৰাৰ মনোভাৱটো কি আত্মসমৰ্পণ
, বেদনা,
নে
অৱশ্যম্ভাৱিতা ভৰা শ্ৰান্তি
?  এই সকলোবোৰ প্ৰশ্ন— কবিতাটোৰ শূন্যতা, মৌনতা
আৰু গভীৰ আত্মসন্ধানৰ মাজত পাঠকৰ মনত বাজি থাকিব পাৰে। এই চিন্তনে পাঠকৰ সন্মুখত
এখন অন্তৰ্দৃষ্টিৰ খিৰিকী মেলি দিয়ে।

         অনুভৱ তুলসীৰ কবিতাৰ মূল স্পন্দন গঢ়ি
উঠে অস্তিত্ববোধৰ সংকট
, মৃত্যুচেতনা আৰু অন্তৰ্লীন মানসিক যাতনাৰ
অনুভূতিৰ পৰা। তেওঁৰ কাব্যিক ভাষা আৰু বিমূর্ত চিত্ৰসমূহে
  পাঠকক
বাহ্যিক জগতৰ পৰা অন্তৰ্জগতলৈ ধাৱিত কৰায় য’ত সময়
, স্মৃতি আৰু 
আত্মবোধ
এক অনিৰ্ধাৰিত স্থলত ওলমি থাকে। তুলসীৰ কবিতাত স্পষ্ট হয় যে মৃত্যু কেৱল দেহৰ অন্ত
নহয়
, আত্মিক শূণ্যতাৰো প্ৰতীক। এই কবিতাবোৰত জীৱনৰ আভ্যন্তৰীণ সত্য,
নিদাৰুণ
সময় আৰু আত্মসংশয়ৰ বহুমাত্রিক উপস্থিতিৰে আধুনিক মনোভাৱৰ প্ৰতিফলন ঘটিছে। সেয়েহে
 

খোজোঁ
, অনুভৱ তুলসীৰ কবিতা কেৱল সাহিত্যিক সৃষ্টি নহয়,
মানৱ অস্তিত্বৰ অন্তৰ্ভেদী স্বৰ।

***

ভ্ৰাম্যভাষ:
৬০০০০৬২১৩৯