সমাপ্তি পৰৰ মধুৰ আবৃত্তি

° ৰত্নোত্তমা দাস বিক্ৰম

 

ক/ নৱেম্বৰ
মাহৰ সোতৰ তাৰিখ, চন দুহেজাৰ ন

খাকী য়ুনিফৰ্মৰ চোলাৰ বাহুত তৰা থকা দিল্লী পুলিচৰ এজন বিষয়াই
মোৰ কঁপি থকা হাতত তুলি দিছিল বাংলাত লিখা এটা কবিতা৷ মুঠ আঠটা স্তৱকত বিভক্ত
কবিতাটো লিখিছিল ড
° অচ্যুৎ মণ্ডল নামৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকজনে,
যাৰ চিলিঙত ওলমি থকা মৃতদেহটো সেই মুহূৰ্তত কেইজনমান পুলিচে দাঙি নি ৰঙা আৰু গাঢ়
নীলা ৰঙা ৰঙৰ চিহ্ন থকা বগা গাড়ী এখনৰ পিছফালে উঠাই আছিল৷  

-আপুনি অসমীয়া ভাষা জানে? য়ুনিফৰ্মৰ
চোলাৰ বাহুত তৰা থকা আৰক্ষী বিষয়াজনে মোক সুধিছিল৷

-হয়৷  মই অসমীয়া৷

মোৰ মাতটো স্বাভাৱিক নিশ্চয় নাছিল৷ তাৰ ঠিক আগ মুহূৰ্তত মই
মণ্ডল ছাৰৰ মৃতদেহটো তেওঁৰেই বিশ্ববিদ্যালয়ৰ আৱাসৰ কোঠাটোত ওলমি থকা, তাৰ পৰা
নমোৱা- এই সকলোবোৰ দেখিছোঁ৷

-আপুনি তেখেতৰ সহকৰ্মী?

কিজানি মূৰ দুপিয়াইছিলোঁ৷ কিন্তু অচ্যুৎ মণ্ডল ছাৰক মোৰ
সহকৰ্মী বুলি কোৱাতকৈ ‘ছাৰ’ বুলিবলৈ ভাল পাওঁ৷ মই ছাত্ৰী হিচাপে দিল্লী
বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰে পৰা অত্যন্ত মেধাৱী আৰু খেয়ালী মানুহজন মোৰ বাবে
আছিল ‘মণ্ডল ছাৰ’৷  

-আপুনিতো বাংলা জানে চাগে’? এই কবিতাটো ইংৰাজী বা হিন্দীলৈ
অনুবাদ কৰি দিব পাৰিবনে? আমাৰ ইন্‌ভেষ্টিগেশ্বনত সহায় হ’ব৷ আৰক্ষী বিষয়াজনে
সুধিছিল৷ মই কবিতাটো পঢ়িছিলোঁ৷ মৃত্যুৰ(আত্মহননৰ) আগনিশা লিখা কবিতা আছিল সেইটো৷ মই
পঢ়ি গৈছিলোঁ শাৰীবোৰ…

একটা কথা বললে বেৰিয়ে যাব
এ্যকখুনি

অটো কৰে চাঁদে চলে যাবো৷

এতদিন চাঁদে যাইনি কেননা

বুড়িদেৰ চৰকা কাটা আমাৰ পছন্দ হয়না

দেশত্মবোধক জোচ্চুৰি বলে মনে হয়…

 

মোৰ চকু দুটা পুৰিছিল৷ হাত কঁপিছিল৷ সজোৰে সোঁৱে-বাৱে মূৰ
জোকাৰি আৰক্ষী বিষয়াজনক কৈছিলোঁ, নাই-নাই মই নোৱাৰিম৷ নহ’ব মোৰ দ্বাৰা৷ এই কবিতাটো
অনুবাদ কৰাটো মোৰ সাধ্যৰ বাহিৰত৷

কবিতাটো মোৰ হাতত এতিয়াও আছে৷  কষ্টকৰ দুঃসময় আছিল সেয়া৷  এতিয়াও আমাৰ বিভাগৰ (Department of Indian
Languages and Literary Studies) পুৰণি মানুহবোৰে ছাৰৰ সুঁৱৰি দুখ কৰে৷ তেওঁৰ
আত্মহননক গৰিহণা দিলেও, অতিশয় আফ্‌ছোছ কৰিলেও, মানুহজনক মানুহে মৰম আৰু শ্ৰদ্ধাৰে
সোঁৱৰে৷ এই কথাবোৰ বিশদভাৱে কেতিয়াবা অন্য স্থানত লিখিম৷

মণ্ডল ছাৰৰ মোৰ তেনেই চিনাকি পকোৱা হাতৰ আখৰেৰে ফুলস্কে’প
কাগজত আঢ়ৈ পৃষ্ঠাজোৰা আঠটা স্তৱকৰ কি কবিতা আছিল সেইটো? কবিতা নে সুদীৰ্ঘ এপিটাফ? অন্তিম
কবিতা নে মৃত্যু কবিতা? ক’ব পাৰোঁ, অন্তিম কবিতা, যি এটা মৃত্যু কবিতাও৷

চলিত মাহটোৰে পহিলা দিনটোত পঢ়া কবি অনুভৱ তুলসীৰ এটা কবিতাৰ
শেষৰ শাৰীটো ধাৰ কৰি ক’ম, সেইটো আছিল “সমাপ্তি পৰৰ মধুৰ আবৃত্তি”৷

নাই-নাই, মণ্ডল ছাৰৰ সেই মৃত্যু ‘নিৰ্লোভ ভাস্কৰ্য’ মুঠেও
নাছিল৷  কিন্তু সেই শাৰীবোৰ? সেই ‘শেষ
কবিতা’টোৰ, ‘মৃত্যু কবিতাটো’ৰ শাৰী বোৰ আছিল মৃত্যুজয়ী, গ্লানিজয়ী, যাতনাৰ উৰ্ধৰ
‘মধুৰ আবৃত্তি’৷ (পাছত মণ্ডল ছাৰক সুঁৱৰি পতা এক গোমা অনুষ্ঠানত আমাৰ বিভাগৰে বেংগলী
ছাত্ৰ-ছাত্ৰীয়ে অশ্ৰুসিক্ত কণ্ঠেৰে তেওঁৰ সেই সমাপ্তি পৰৰ শাৰীবোৰ আবৃত্তি কৰিছিল৷
) এইখিনিতে কৈ থওঁ, ড
° অচ্যুৎ মণ্ডলে কবিতা লিখিছিল যদিও তেওঁৰ প্ৰথম পৰিচয়
আছিল বৌদ্ধিকভাৱে সবল আৰু প্ৰতিষ্ঠিত এজন অধ্যাপক হিচাপেহে৷ অন্যহাতে, উল্লেখ
অপ্ৰয়োজনীয় যে অনুভৱ তুলসী মানেই যেন কবিতা৷ নিজে বাচি লৈ আলফুলে গাত লোৱা তেওঁৰ
কাব্যিক নামটোৰ দৰেই কবিতাই তেওঁৰ প্ৰথম আৰু শেষ পৰিচয়৷  

কবি অনুভৱ তুলসীয়ে কেতিয়া লিখিছিল মৃত্যু কবিতাটোৰ সেই অমৃত
শব্দ চাৰিটা, “সমাপ্তি পৰৰ মধুৰ আবৃত্তি”? তেওঁৰ মৃত্যুৰ কিমান দিনৰ আগতে?

সেয়া আছিল কবিৰ অন্তিম কবিতা৷  অৰ্থাৎ, তেওঁৰো আছিল সেয়া “সমাপ্তি পৰৰ মধুৰ
আবৃত্তি”৷  

 

খ/ যোৱা এক
জুলাই, দুহেজাৰ পঁচিশ

 কবি অনুভৱ তুলসীয়ে
ৰোগগ্ৰস্ত হৈ চিকিৎসালয়ত আছিল৷  একপ্ৰকাৰ
‘স্বাভাৱিকভাৱেই’ তেওঁ শেষৰ নিশাহটো এৰিছিল৷  স্মৃতিত যাতনা আৰু কষ্টৰ উঁহ হৈ ৰৈ যোৱা ড
° অচ্যুৎ
মণ্ডলৰ আত্মহননৰ দৰে নাছিল আমাৰ কবিৰ সেই এৰি যোৱা৷ তুলনাৰ কথা নাহে৷  কিন্তু অনুভৱ তুলসীৰ মৃত্যুৰ দিনা মই খপ্-জপ্‌কৈ
পুৰণি ফাইলত সাঁচি ৰখা ড
° অচ্যুৎ মণ্ডল ছাৰৰ সেই বিশেষ কবিতাটো পুনৰ উলিয়াই পুনৰ
এবাৰ পঢ়িছিলোঁ৷ অন্ততঃ এটা কথাটো সঁচা, দুয়োজন নোহোৱা হৈ যোৱা মানুহে এই ধৰা এৰি
যোৱাৰ আগতে স্পষ্টকৈ লিখি থৈ গৈছিল মৃত্যুৰ কথা৷ এজনে হয়তো লিখিছিল মৃত্যুৰ
দুদিনমানৰ আগতে, আৰু আনজনে আগদিনা! এজনে মৃত্যু শব্দটো এবাৰো ব্যৱহাৰ নকৰাকৈ
লিখিছিল আৰু আনজনৰ দুয়োটা কবিতাতে মৃত্যু, শ, বাহী শ, শ ৰখীয়া, শ নিয়া গাড়ী,
মৃতদেহ, মৃত্যুৰ ভাস্কৰ্য, মৃতদেহৰ গোন্ধ আদি শব্দৰ দলদোপ-হেন্দোলদোপ পয়োভৰ৷  কিন্তু সেইবুলি নিপুণ কবিৰ কবিতা দুটা মেদবহুল
বা তেনে শব্দেৰে ভাৰাক্ৰান্ত মুঠেও নহয়৷

ইতিমধ্যে উল্লেখ কৰিছোঁ, অনুভৱ
তুলসীৰ সেয়া আছিল অন্তিম প্ৰকাশিত কবিতা৷  কিন্তু
যিদিনা সেই কবিতা দুটা ‘অন্যযুগ’ত প্ৰকাশ হৈছিল, সেইদিনাই তেওঁ এই ধৰাৰ পাৰ্থিৱ
মায়া আৰু কায়া এৰি গুছি গৈছিল৷  

যোৱা এক জুলাই! মাহটো এতিয়াও
শেষ হোৱা নাই৷ সেইদিনা মংগলবাৰ৷ পুৱাতেই ম’বাইলৰ চিনাকি বাৰ্তা এটা: “নমস্কাৰ৷  আগবঢ়াই দিলোঁ জুলাই মাহৰ ‘অন্যযুগ’৷  পঢ়িবলৈ তলৰ লিংকত ক্লিক কৰক৷ ”

প্ৰদত্ত লিংকটোত সদায়েই কৰাৰ দৰে ক্লিক কৰিছিলোঁ আৰু
‘অন্যযুগ’ খুলি প্ৰথমেই পঢ়িছিলোঁ কবিতাৰ শিতানৰ একেবাৰে আৰম্ভণিতে থকা অনুভৱ
তুলসীৰ ‘দুটা কবিতা’ শিৰোনামাৰে দুটা কবিতা৷ কবিৰ অসুখৰ কথা সামজিক মাধ্যম আদিৰ
জৰিয়তে সকলোৱে জানিছিল৷ মোৰ দৰে বহুতেই হয়তো এক জুলাইৰ সেই পুৱাটোত পঢ়িছিল সেই
কবিতা দুটা৷  কিন্তু সেই মুহূৰ্তত কোনোৱেতো
ভবা নাছিল, সেই দুটাই আছিল কবিৰ জীৱনৰ শেষ কবিতা দুটা৷  পুৱা কবিৰ মৃত্যুৰ কবিতা পঢ়িছোঁ আৰু আবেলি
বেলালৈ খবৰ পাইছোঁ, ‘কবি অনুভৱ তুলসী আৰু নাই৷ (পাছত গম পাইছিলোঁ, সেই একেটা এক
জুলাইতে এগৰাকী কবি নহয়, কবি-মাতৃও কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গৈছিল৷ তেওঁ
আছিল কবি লুট্‌ফা হানুম চেলিমা বেগমৰ মাতৃ৷)

° অচ্যুৎ মণ্ডলৰ মৃত্যু (অপমৃত্যু)ৰ বেছ কিছুদিন পাছলৈকে
তেওঁৰ সেই ‘অটো চড়ে চাঁদে যাব’ (অটোত উঠি জোনলৈ যাম) কবিতাটো মোৰ ফাইলৰ ভিতৰত নহয়,
বৰঞ্চ মোৰ পঢ়া মেজৰ ওপৰতে আছিল৷ তাৰ পাছতে ‘মৃত্যু কবিতা’ৰ বিষয়ে অলপ পঢ়া-শুনা
কৰিবলৈ আৰম্ভ কৰিছিলোঁ৷  একেবাৰে সহজ ভাষাত
ক’বলৈ গ’লে মৃ্ত্যু কবিতা (Death poem) হৈছে মৃত্যু বিষয়ক কবিতা৷  এনে কবিতাৰ কেন্দ্ৰত থাকে মৃত্যু তথা মৃত্যুচেতনা৷
কোনো এজন কবিয়ে তেওঁৰ জীৱন কালত বহুতো মৃত্যু কবিতা লিখিব পাৰে৷ কিন্তু তেওঁৰ
জীৱনৰ অন্তিম কবিতাটো এটা মৃত্যু কবিতা হ’বও পাৰে, নহবও পাৰে৷ চৈনিক আৰু জাপানী
মৃত্যু কবিতাবোৰৰ চৰ্চাই কিজানি আটাইতকৈ বেছি হয়৷  ‘জিচেই’ বুলি কোৱা জাপানৰ এনে কবিতা কিছুমান জাপানী
মৃত্যু কবিতা
শিৰোনামাৰে বিপুলজ্যোতি শইকীয়াই অসমীয়ালৈও অনুবাদ কৰিছে৷ (পাঞ্চজন্য
প্ৰকাশ) আকৌ, মৃত্যুত শোক কৰি লিখা গীতিকবিতাবোৰ হৈছে শোকগাথা বা elegy, একে আষাৰে
ঠিক মৃত্যু কবিতা বুলিব নোৱাৰি৷ একেদৰে, Dirge বোৰো শোকগাথা যদিও সাধাৰণতে
eligyতকৈ চুটি আৰু মৃতকৰ শেষকৃত্যত পৰিৱেশন কৰা হয়৷ আমাৰ কবি অনুভৱ তুলসীৰ
ক্ষেত্ৰত, তেওঁৰ দুয়োটা অন্তিম কবিতা আছিল মৃত্যু কবিতা৷ কবিতা দুটাৰ শিৰোনাম,
‘দিনলিপি’ আৰু ‘আবৃত্তি’৷ এই দুটা কবিতাৰ ভিতৰত, আলোচনীখনৰ পৃষ্ঠাত থকা স্থানৰ
ভিত্তিত প্ৰথমটো হৈছে, ‘দিনলিপি’, য’ত কবি তুলসীয়ে ইমান স্পষ্টকৈ লিখিছে-

মোৰ সমুখত
কালিৰ দিনটোৰ স্মৃতি

বাহী শ ৰখীয়া
হৈ আছোঁ

সমুখৰ কলমডাল
মৃতদেহৰ অন্য এক সংস্কৰণ যেন

আৰু এই
কাগজখিলা মৃত আকাশৰ এটি পাত যেন…

… …

কোন ক’ত আছা
হয় নে, আহাচোন, শ নিয়া গাড়ীক খবৰ দিয়া

-এই শাৰীটো লিখাৰ পাছতে কবিয়ে
কবিতাটোৰ মাজতে পথৰ নম্বৰেৰে সৈতে সতী জয়মতী নগৰৰ এটা ঠিকনা দিছে৷ পাঠকে ঠিক
সেইখিনিতে ৰৈ এক মুহূৰ্তৰ কাৰণে ভাবিছে, কবিৰ ঘৰ সঁচাকৈয়ে সতী জয়মতী নগৰ,
পাৰসিয়া-২৫, ৬ নং উপপথতে নেকি? সেইটোৱেই নে তেওঁৰ সঠিক ঠিকনা? কবিৰ জানো কেতিয়াবা
নিজাকৈ এটা ঠিকনা থাকে? সেইদিনা, মোৰ দৰে হয়তো বহুতো পাঠকে এক জুলাইৰ দিনা পুৱা
এইখিনি পঢ়ি আছিল৷ কিন্তু পঢ়ি থাকোঁতে কোনোবাই ভাবিছিল নে এইটো আৰু এইটোৰ ঠিক তলতে
থকা ‘আবৃত্তি’ কবিতাটো, এই দুটাই কবিৰ জীৱনৰ শেষ কবিতা? কেতিয়া বা এই দুটা যুৰীয়া
মৃত্যু কবিতা তেওঁ ‘অন্যযুগ’লৈ পঠাইছিল? সম্পাদকে কবিতাৰ শিতানৰ আৰম্ভণিতে কবিতা
দুটা প্ৰকাশ কৰোঁতে ভাবিছিল নে, এই দুটাই তেওঁৰ শেষ কবিতা হ’ব? আৰু কেতিয়াও কোনো
সম্পাদকে তেওঁৰ আৰু কোনো নতুন কবিতা ছপাবলৈ নাপাব৷

যোৱাটো জুন মাহৰ শেষৰ সপ্তাহ৷ ৱাটছ্এপৰ
কবি-লেখকৰ গোট এটাত বাৰ্তাবোৰ আহি আছে৷ -তেখেতৰ cerebral hemorrhage হৈছে৷ হয়তো
উচ্চ ৰক্তচাপৰ বাবে৷ সঞ্জীৱনী হস্পিতেলৰ পৰা তেওঁক দিছপুৰৰ GNRC হস্পতেললৈ লৈ অনা
হৈছে৷  অৱস্থা সংকটজনক৷  কবি ৰোগশয্যাগত৷ এতিয়া ভাবিছোঁ, হস্পিতেলৰ কোঠাত
আছিল নেকি ক’ৰবাত কেনেবাকৈ খিৰিকী এখন? য’ত ৰোগী হৈ পৰি ৰোৱা কবিক চাবলৈ ক’ৰবাৰ
পৰা কণমানি চৰাই এটি আহিছিল, আৰু তালৈকে চাই কবিয়ে লিখিছিল,

মোৰ খিৰিকীৰ
কাষলৈ নিতৌ অহা

কণমানি
চৰাইটোৱেও হয়তো দেখা পাইছে

মোৰ আৰু
মৃত্যুৰ কৰমৰ্দন

হয়তো শুনিছে
দুয়োৰে মাজত হোৱা কথা-বতৰা…

আস্‌, কি লিখে, কি লিখে কবিয়ে
এয়া? জানিছিল তেওঁ, কিজানি জানিছিল তেওঁ, সেই দুটা তেওঁৰ শেষ কবিতা আছিল৷  কেনেকৈ জানিছিল তেওঁ?

মৃত্যুৱে
হয়তো জুখি চাইছে মই কিমান পানীৰ মাছ

মাছ নে
ব্ৰঞ্জৰ পুতলা পানীত খলবলাই থকা…

…. …

যিমান দূৰ
মনত পৰে মৃত্যুক মই ভাল পাওঁ বুলি কোৱা নাই

মোৰ আৰু
মৃত্যুৰ মাজত বিনিময় হোৱা নাই কোনো প্ৰেম বাৰ্তা

তাৰ পাছতো
পৰস্পৰ পৰস্পৰৰ এই ওচৰা-ওচৰি

এজাৰ ফুলা
বতৰত আমাৰ মিলন অৱধাৰিত নেকি

নে তলসৰা
বকুলৰ লগত দুয়ো উমলি থাকোঁতে

অনিবাৰ্যভাৱে
ইটোৱে সিটোক গবা মাৰি ধৰিম

জীৱনক বিদায়
বুলি ক’বলৈ মোক মৃত্যুৱে কোনো সুযোগেই নিদিব…

 

ওঠৰ বাৰকৈ মৃত্যু শব্দটো
ব্যৱহাৰ কৰা ‘আবৃত্তি’ কবিতাটো পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাৰ দৃষ্টিকোণৰ পৰা
আলোচনা কৰাৰো দেখ দেখ সুযোগ আছে৷ সেই আলোচনা বাৰু পাছলৈ থ’লোঁ৷  

শতিকাৰ পাছত শতিকা ধৰি ভিন ভিন সাজত কিমানে যে সজাই আহিছে
মৃত্যু কবিতাৰ কৰুণ হৈয়ো মধুৰ শাৰীবোৰ৷ আমাৰ কবিয়ে ঠিকেই লিখিছে, সেইবোৰতো
“সমাপ্তি পৰৰ মধুৰ আবৃত্তি”হে! তেওঁ নিজেও যোৱাৰ আগতে যেন নিজৰেই সাঙীখন তোৰাই
তোৰাই কবিতা-ফুলৰ সুগন্ধি পাহিৰে সজাইহে লৈছিল! য়ুকিঅ’ মিশ্চিমাৰ  মৃত্যু কবিতাৰ বিনা উল্লেখে আধুনিক জাপানী
মৃত্যু কবিতা সম্পূৰ্ণ নোহোৱাৰ দৰে, এমিলি ডিকিনচন, ছিলৱিয়া প্লাথৰ উল্লেখ
নোহোৱাকৈ আধুনিক মাৰ্কিন Death Poemৰ আলোচনা অসম্পূৰ্ণ হৈ ৰোৱাৰ দৰে, আধুনিক অসমীয়া
মৃত্যু কবিতা অথবা অন্তিম কবিতাৰ আলোচনাও কবি অনুভৱ তুলসীৰ ‘দিনলিপি’ আৰু
‘আবৃত্তি’ এই দুয়োটা কবিতাৰ উল্লেখ নোহোৱাকৈ অসম্পূৰ্ণ হৈ ৰ’ব৷  

* * *

Prof. Ratnottama Das

Department of IL&LS

Faculty of Arts

University of Delhi

Delhi-110007

Phone: 98680-23484

Email: ratnottama@yahoo.com

rdas@mil.ac.du.in