অদ্বিতীয় অনুভৱ

ডাঃ অপূৰ্ব কুমাৰ
শইকীয়া

 

    অনুভৱ
তুলসীৰ কবিতাই কেতিয়াবা ভূমিৰ কাব্য-প্ৰেমীয়ে মণিব নোৱৰা উচ্চতাত অৱস্থান কৰে৷
 এয়া কবিজনাৰ
প্ৰতি উচ্চমত বা অভিযোগ দুয়োটা ৷ইয়াৰ কাৰণ হয়তো কেইবাটাও: তুলসীৰ কবিতাত মুক্তপদৰ অন্তৰ্ভুক্তি
 ,প্ৰথাগত ৰূপৰ পৰা আঁতৰি পৰীক্ষামূলক বৰ্ণনা-কৌশল, বহল বিস্তৃতিৰ
বিষয়গত আৰু ভাষিক অন্বেষণ
, নিয়মমাফিক সংৰচনা আৰু পূৰ্বানুমেয়
ভাষাৰ পৰা আঁতৰি আহি কবিজনাই গ্ৰহণ কৰা
 ‘nuanced’ আৰু ব্যক্তিনিৰ্দিষ্ট
প্ৰকাশ——
 এই গোটেইখিনি৷ ভাষাটোক দক্ষতাৰে সানিপিটিকি
পোতনি বা সাৰভাগ
  উলিয়াব পৰা বিৰল প্ৰতিভাৰ কবি আছিল
অনুভৱ তুলসী৷ তেওঁৰ কবিতা পঢ়িলে বুজা যায় আমাৰ ভাষাটোৰ প্ৰচণ্ড
  প্ৰকাশিকা
শক্তিৰ স্থিতিস্থাপকতা৷ মই ভাবোঁ
 , ব্যক্তিগত ৰূপক আৰু
ৰূপকীয় ৰূপক (
metaphorizing the metaphors)ৰ ব্যৱহাৰ সীমিত কৰাহেঁতেন
তেওঁ পাঠক আৰু সমালোচকৰ বেছি ওচৰলৈ আহিব পাৰিলেহেঁতেন৷ ইচ্ছাকৃতভাৱেই তাক তেওঁ নকৰিলে
আৰু সমূহৰ মাজত থাকিও অদ্বিতীয় হৈ ৰ’ল৷

আহকচোন
আমি কবিৰ
 উৰুমি‘ (ঊৰুমি)কবিতাটোকে অকণমান আলোচনা কৰোঁ৷

 লাহে লাহে আবেলি হৈ অহাত ভাবিলোঁ-

আত্ৰাণিৰ
ইমানতে অন্ত
;

ইয়াৰ
পৰাই শান্তিৰ সুষমা৷

মন মেলি
দিলোঁ৷

অন্তৰাত্মা
আপোনপাহৰা হৈ থাকোঁতে

এবাৰ
আত্মাই

ধূসৰ
দিনৰ কদমৰ চনকা ডালত ভৰি দিলে৷

নিছিগা
ধাৰে তেজ বৈ গৈ নৈ হ’ল৷

আৰু এই
চেৰেঙা ৰান্ধনী ৰ’দ দেখা পাই

সন্ধ্যাৰ
আকাশত আকউ উৰুমি(ঊৰুমি) লাগিল৷

কবিয়ে
ধাৰণা কৰে যৌৱন কেৱল আত্ৰাণি আৰু
  ঊৰুমিৰ
সমাহাৰ৷ জীৱনৰ আবেলি কবিৰ অনুভৱ হৈছে এয়াই যেন পৰম শান্তিৰ সুষমা
 ,পিছে এই ধাৰণাও পৰম নহয়৷ আত্মাই কেতিয়াবা ধূসৰ দিনৰ কদমৰ চনকা ডালত ভৰি থ’ব’ পাৰে আৰু ই যৌৱনৰ কদম তলৰ স্মৃতিক জাগ্ৰত কৰি তুলিব পাৰে৷ তেজৰ
নৈত এচেৰেঙা ৰান্ধনী ৰ’দৰ অনুভৱে চিৰাচিৰ কৰি তুলিব পাৰে
  সন্ধিয়াৰ
আকাশৰ সৌম্য৷ এই ঊৰুমিয়ে আচলতে কেতিয়াও জীৱনৰ লগ নেৰে৷ হয়তো জীৱনটো
 ‘a harsh
discordant mixture of sounds’ !

  অনুভৱ তুলসীৰ কবিতাই
কেতিয়াবা ভূমিৰ কাব্য-প্ৰেমীয়ে মণিব নোৱৰা উচ্চতাত অৱস্থান কৰে ৷এয়া কবিজনাৰ প্ৰতি
উচ্চমত বা অভিযোগ দুয়োটা ৷ ইয়াৰ কাৰণ হয়তো কেইবাটাও : তুলসীৰ কবিতাত মুক্তপদৰ অন্তৰ্ভুক্তি,
 প্ৰথাগত ৰূপৰ পৰা
আঁতৰি পৰীক্ষামূলক বৰ্ণনা-কৌশল,
 বহল বিস্তৃতিৰ বিষয়গত আৰু ভাষিক অন্বেষণ, নিয়মমাফিক সংৰচনা
আৰু পূৰ্বানুমেয় ভাষাৰ পৰা আঁতৰি আহি কবিজনাই গ্ৰহণ কৰা
 ‘nuanced’ আৰু ব্যক্তিনিৰ্দিষ্ট
প্ৰকাশ—— এই গোটেইখিনি৷ ভাষাটোক দক্ষতাৰে সানি-পিটিকি পোতনি বা সাৰভাগ উলিয়াব পৰা বিৰল
প্ৰতিভাৰ কবি আছিল অনুভৱ তুলসী৷ তেওঁৰ কবিতা পঢ়িলে বুজা যায় আমাৰ ভাষাটোৰ প্ৰচণ্ড
  প্ৰকাশিকা শকতিৰ
স্থিতিস্থাপকতা৷ মই ভাবোঁ,
 ব্যক্তিগত ৰূপক আৰু ৰূপকীয় ৰূপক
(metaphorizing the metaphors)ৰ ব্যৱহাৰ সীমিত কৰাহ’লে তেওঁ পাঠক আৰু সমালোচকৰ বেছি
ওচৰলৈ আহিব পাৰিলেহেঁতেন৷ ইচ্ছাকৃতভাৱেই তাক তেওঁ নকৰিলে আৰু সমূহৰ মাজত থাকিও অদ্বিতীয়
হৈ ৰ’ল৷

মোৰ ব্যক্তিগত
অনুভৱ
 , অনুভৱ
তুলসীৰ কবিতাৰ সামগ্ৰিক আৰু প্ৰকৃত সমালোচনা এতিয়াও বাকী৷ সময়ে নিশ্চয় তেওঁৰ কবিতাৰ
প্ৰকৃত মূল্যায়ন কৰিব৷