একক, অনন্য অনুভৱ তুলসী

  বিন্দু
ভূষণ বৰা

 

 

শব্দ
হ’ল মানুহৰ বোধ আৰু বুদ্ধিৰ স্মাৰক৷ শব্দৰ সাধনা পৃথিৱীৰ কঠিনতম আৰু পৱিত্ৰতম সাধনাসমূহৰ
অন্যতম৷ আধুনিক অসমীয়া সাহিত্যত নিজস্ব ব্যক্তিশৈলীৰে জিলিকি থকা অনুভৱ তুলসীৰ কবিতাৰ
ৰসপান কৰিলেই এই কথা বাৰুকৈ উপলব্ধি কৰিব পাৰি৷ সাহিত্যৰ আনবোৰ শাখাৰ তুলনাত শব্দৰ
ক্ষেত্ৰত কবিতা সংযমী বা মিতব্যয়ী কলা৷ সেয়ে কবিতাত ভাষাৰ ৰূপ অতি বিচিত্ৰ আৰু বিবিধতাৰে
পূৰ্ণ৷ অনুভৱ তুলসীৰ কবিতাই এই সত্যক বাৰে বাৰে প্ৰমাণ কৰা আমি দেখিছোঁ৷

অনুভৱ
তুলসীৰ কবিতাৰ যিটো দিশে মোক আটাইতকৈ বেছি আকৰ্ষণ কৰে
, সেইটো
হ’ল- কবিতা সৃষ্টিৰ পৰত তেওঁৰ শব্দ নিৰ্বাচনৰ কছৰৎ৷ কলাত্মক নিৰ্মাণৰ প্ৰকৃতি সম্পৰ্কে
আলোচনা কৰোঁতে কলাত স্ৰষ্টাৰ সীমাৱদ্ধতা সংক্ৰান্তত ফৰাছী কবি
, দাৰ্শনিক
পল ভেলেৰীয়ে এক গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰিছিল৷ মতটোৰ ভাবটো আছিল এনে ধৰণৰ- কলাৰ উত্তমোত্তম
দৃষ্টান্ত বুলি কোনো কথা নাই
;  উৎকৃষ্টতাৰ
শেষ বিন্দুত উপনীত হোৱাৰ পৰিৱৰ্তে ই যেন সংশোধন বা পৰিশোধনৰ এক ধাৰাবাহিক প্ৰক্ৰিয়া৷
তুলসীৰ কবিতা পঢ়িলে অনুভৱ হয়
, উৎকৃষ্টতাৰ শেষ বিন্দুত
উপনীত হ’ব নে নহ’ব সেইটো পাছৰ কথা
, কিন্তু কাব্যনিৰ্মিতি
সুন্দৰ আৰু অৰ্থৱহ কৰিবৰ বাবে তেওঁৰ অবিৰত প্ৰয়াস থাকে
; বাৰ বাৰ
অনুশীলন-সংশোধনৰ অন্ততহে যেন ফলটো পাঠকৰ বাবে তেওঁ আগবঢ়াই দিছে- ঠিক কবি নীলমণি ফুকনে
যিটো কৰিছিল৷

যদিও
কাব্যকৰ্ম প্ৰকৃতাৰ্থত ‘সৃষ্টি’ নে নিৰ্মাণ’ তাক লৈ দীৰ্ঘদিনীয়া বিতৰ্কৰ শেষ নাই তথাপি
কোনেও নুই কৰিব নোৱাৰে যে এক উৎকৃষ্ট কাব্যকৃতি তৈয়াৰ কৰাৰ বাবে ভাষিক উপাদান
, আৱেগ
আৰু সৃজনশীলতাৰ এক জটিল আন্তঃক্ৰিয়াৰ প্ৰয়োজন৷ ইংৰাজী বিষয়ৰ অধ্যাপক
, সফল অনুবাদক
অনুভৱ তুলসীয়ে ৰচনা কৰা কবিতাসমূহ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি সূক্ষ্ম দৃষ্টি
, অধ্যয়ন-অনুশীলন
আৰু শব্দৰ সাধনালব্ধ প্ৰয়াসৰ ফল৷ বৰ্ণনাৰ মিতব্যয়িতা আৰু ভাবক বিচিত্ৰ আৰু অৰ্থঘন কৰিবৰ
বাবে কবিয়ে প্ৰায়ে শব্দক সমাসবদ্ধ কৰে
; বিশেষ্যত বিশেষণ
আৰোপ কৰে
; তুলনীয়
উপমানটোকে উপমেয়ৰ ৰূপত দেখুৱায়৷ কবিয়ে যি শব্দ প্ৰয়োগ কৰে সেই শব্দবোৰে শ্ৰোতা বা পাঠকৰ
হৃদয়ত সিহঁতৰ এক কাব্যিক ব্যঞ্জনাৰ সঞ্চাৰ কৰে৷ শব্দৰ ধবনিময় ৰূপেৰে পাঠকৰ কল্পনানুভূতিত
বাৰ বাৰ আঘাত কৰিবলৈ কবিয়ে সচেতনতাৰে নিৰ্মাণ কৰে ব্যঞ্জনাময় শব্দথূপ৷ কবিৰ কাব্যিক
শব্দথূপ নিৰ্মাণৰ এনে কছৰতে কবিতাক এক অনন্য মাত্ৰা দিয়ে৷ কবিৰ স্ব-কল্পিত
, স্ব-আৰোপিত
এনে প্ৰয়োগবোৰ কেতিয়াবা ব্যঞ্জনাৰ্থ প্ৰকাশক আৰু কেতিয়াবা নিজস্ব ব্যক্তিশৈলীৰো পৰিচায়ক৷
যেনে- অথাই সাঁথৰৰ কুঁৱলীফুল
, ঢৌৰ অথাউনি, নটুৱানচা
পাহাৰ
, মমৰ ব’ঠা, উদয়াস্ত
আঁচল
, চিঠিৰ
উজান
, কেঁচা
হালধি কঁকাল (‘চিহ্নযাত্ৰাৰ কেইটিমান জলমগ্ন দৃশ্য’)
,  শূলপাণি সমালোচক’ (‘অৱনী চক্ৰৱৰ্তী’) আদি৷ তেওঁৰ কবিতাৰ পৰা এনে শতাধিক
উদাহৰণ দিব পাৰি৷ কবিতাত ছন্দস্পন্দন বা গীতিময়তা আৰু উপলব্ধিৰ অভিঘাত- এটা বাহ্যিক
অনুশীলন
,
 আনটো আন্তৰিক অনুশীলন৷ এই দুয়োটাক
একে সময়তে সাৰ্থক সমান্তৰাল উপস্থাপন অতি কম সংখ্যক সফল কবিয়েহে কৰিব পাৰে৷ তুলসীৰ
কবিতাত এনে চমৎকাৰী উপস্থাপন মন কৰক- (ক) ‘‘আয়ে মোৰ দেহৰ তুলসীত টোপটোপকৈ ঢালে পৱিত্ৰতা’’
(‘চিহ্নযাত্ৰাৰ
 কেইটিমান জন্মলগ্ন দৃশ্য’), (খ)
‘‘বচনাতীত প্ৰেয়সীয়ে বসন্তৰ হাঁচতিত বান্ধি বুদ্ধক দিব’’(‘জানো জানো জানো’)
, (গ)
‘‘ভূঁই চঁপা ফুলৰ দৰে ৰঙা বেলি প্ৰগাঢ় বিশ্বাসত’’(‘অৱনী চক্ৰৱৰ্তী’)৷ ‘চৰাইৰ চকুত
ফুলৰ বিছনা’(২০০৩)
, ‘জুইচোৰ’(২০০৭), ‘দেওচেলেং’ (২০১০), ‘বৰষুণৰ খেতিয়ক’(২০১৫),
মাটিভাষা’(২০১৭), ‘বানান কৰি পঢ়া লুইতৰ
পানী’(২০১৯)- এই পুথিকেইখনৰ নামকেইটাতেই মন কৰক কবিৰ শব্দপ্ৰয়োগৰ কছৰৎ আৰু চাতুৰ্য৷
‘‘সবাতোকৈ সুন্দৰ চকুযুৰিৰ বাবে মই ৰুইছিলোঁ এটি নাহৰ পুলি… পিছে নাহৰৰ শিপাৰ পৰাই
নাচি থকা চকুহাল হেৰাল’’(‘চকু’) – গল্প কথনৰ শৈলীৰে বিবেকক ঢৌৱাই যোৱা তেওঁৰ এনে আৰু
কবিতা আছে৷ বহু কবিতা আন কবিয়েও লিখিছে৷ কিন্তু অনুভৱ তুলসীৰ কবিতাত তাৰ মাজতো এক নিজা
শৈলী আছে৷ কবি অৱনী চক্ৰৱৰ্তীক উদ্দেশ্যি কবিতাৰ ভাষাৰে অনুভৱ তুলসীয়ে এদিন কৈছিল
,
‘‘বেদনাক বৰনৈৰ ব্যঞ্জনা দিবলৈ তেওঁক কিহে উচটাইছিল’’(‘অৱনী চক্ৰৱৰ্তী’)৷
একেদৰে আমাৰো ঔৎসুক্য
,
 শব্দক সাগৰৰ ব্যঞ্জনা
দিবলৈ কবি অনুভৱ তুলসীক কিহে উচটাইছিল
? কবিতাৰ পঠনে পাঠকৰ
মনত ক্ষণিক আনন্দৰ মধুৰস এটোপাল দি যাব পৰাতেই কবিতাৰ চৰম সফলতা বুলি ভবা বহুজনৰ সমুখত
চেতনাত তীব্ৰ চিকুট একোটা মাৰিও যে মন-গহন জোকাৰি যাব পাৰি কবি অনুভৱ তুলসীয়ে তাৰো
এটি গভীৰ দিশ উন্মোচন কৰি গ’ল৷ কবিতাৰ বিষয়ৰ বিস্তৃতি আৰু ভাবৰ গভীৰতা-তীক্ষ্ণতা
, আবেগ-বুদ্ধিৰ
সমতুল উপস্থাপন
, নিজস্ব কাব্য-দৰ্শন আদি বহুকেইটা দিশত অসমীয়া কাব্যজগতত
অনুভৱ তুলসী একক আৰু অনন্য৷ এক কথাত তুলসী বহু উচ্চ স্তৰৰ কবি৷ কবিৰ আগতীয়া বিদায় অসমীয়া
কাব্য-জগতৰ বাবে এক অপূৰণীয় ক্ষতি৷ কবিলৈ শেষ শ্ৰদ্ধাঞ্জলি জনাইছোঁ৷ আশা কৰিছোঁ
,  তেওঁ
চিকুণাই যোৱা বাটটোৱে এদিন ৰাজ-আলিৰ ৰূপ ল’ব৷

 

ব্যক্তিগত
অনুভৱ
 : বহু কম
সাহিত্যিকৰ ক্ষেত্ৰত খেদ হয়
, যে ‘জ্ঞানপীঠ’ নহ’লেও
‘সাহিত্য অকাডেমি বঁটা’টো অন্ততঃ তেওঁৰ প্ৰাপ্য আছিল৷ দুবাৰকৈ ‘সাহিত্য অকাডেমি বঁটা’ৰ
পেনেলত দেখাৰ পাছত অনুভৱ তুলসীৰ নামটো চূড়ান্ত বিজয়ী হিচাপে নেদেখি মোৰো খেদ থাকি
গ’ল৷ ইয়াৰ বাবে কাকো মই দোষাৰোপ কৰিব খোজা নাই৷ মই ভাবোঁ
, অকাডেমিতকৈও
ডাঙৰ বঁটা
, সন্মানৰ যোগ্য তেওঁৰ প্ৰতিভা৷ অকণমান খেদ এই বাবেই
যে ১৯৫৫ চনৰ পৰা এতিয়ালৈকে গঢ়
  লৈ উঠা
সাহিত্য অকাডেমি বঁটা প্ৰাপকৰ তালিকাখনে অসমীয়া জাতীয় সাহিত্যৰ ইতিহাসৰ বহু দিশেই নতুন
প্ৰজন্মৰ আগত পোহৰাই তোলে৷ বাৰু
, সি যি হওক, আমি সকলোৱে
জানো- কবি অনুভৱ তুলসী নিজ গুণে মহীয়ান৷ তেওঁৰ সৃষ্টিৰাজিৰ বিস্তৃত চৰ্চা হওক৷
  

 

 

ঠিকনা :

সহকাৰী
অধ্যাপক
, অসমীয়া
বিভাগ

কমাৰ্চ
কলেজ কোকৰাঝাৰ
,

কোকৰাঝাৰ-৭৮৩৩৭০, বি. টি.
আৰ.
, অসম

ফোন-
৮৬৩৮৮০৯৫৪৯