ডাফ’ডিলবোৰ

মূল: Daffodils (William Wordsworth)

ভাবান্তৰ : পাৰ্থপ্ৰতিম
ৰাজকোঁৱৰ

ডাৱৰৰ দৰে অকলশৰে মই
ফুৰিছিলোঁ ভ্ৰমি

সুউচ্চ পাহাৰ আৰু
উপত্যকাৰ ওপৰেৰে ওপঙি,

আৰু তেনেতেই হঠাৎ দেখা
পাইছিলোঁ এটা ভিৰ

জাকৰুৱা এজাক সোণালী
ডাফ’ডিলৰ;

হ্ৰদৰ দাঁতিত আৰু ছাঁ
দিয়া গছৰ ছায়াত,

কঁপি কঁপি নাচিছিল মৃদু
মলয়াত৷

 

একেৰাহে তিৰ্‌বিৰাই
আকাশ পোহৰ কৰি
 

হাতীপটিৰ লানি পতা তৰাৰ
দৰে জিলিকি,

সিহঁত বিয়পি আছিল এটা
অন্তহীন শাৰীত

সাগৰ তীৰৰ দাঁতিত;

চাঁত কৰে দেখিছিলোঁ দহ
সহস্ৰাধিক ফুলে মূৰ নচুৱাই

উদ্দাম নৃত্য কৰিছিল
উলাহ দেখুৱাই৷

 

ঢৌবোৰো আছিল কাষতে
নৃত্যৰতা হৈ : পিছে

নাচি থকা ঢৌবোৰকো চেৰ
পেলাইছিল সিহঁতে উলাহত গৈ

তেনেহ’লে কবি জানো
আনন্দিত নহৈ পাৰে

এনে সুখময় সুচল সহচৰ
পালে;

তধা লাগি মই মাথোঁ
চায়েই আছিলোঁ,

কিনো ঐশ্চৰ্য দৃশ্যটোৱে মোলৈ
আনিলে
 ক্ষণিক ভাবিছিলোঁ৷

 

কাৰণ আৰামী চকীত মই
যেতিয়াই বাগৰোঁ প্ৰায়ে

শূন্য চিন্তাৰে বা ভাব
ঘন মনেৰে,

গহন মনৰ চকুত সিহঁত উঠে
ভাহি

নিজান নিৰ্জনতাৰ
আশীৰ্বাদ হৈ জিলিকি;

আৰু তেতিয়াই অন্তৰ ভৰি
উঠে অময়া সুখত,

আৰু নাচি উঠে হিয়া মোৰ
ডাফ’ডিলবোৰৰ লগত৷
 

ঠিকনা :

লাকুৱা, শিৱসাগৰ ৭৮৫৬৯৮
ভ্ৰাম্যভাষ: ৭০০২১৭১৮১২