জ্যোতিনীলিমা
গগৈ
গগৈ
কি
উৎসৱ হৈছিল ২০২০–ত? দেশে দেশে
সকলোৰে
বাবে এখনেই নিমন্ত্ৰণী পত্ৰ
বসন্তৰ
এপাহি কপৌ বা বৰ্ষাৰ এপাহি খৰিকাজাঁই
কাৰো
হাতত নাছিল স্বাগতৰ বাবে
সুদীৰ্ঘ
দিন টুলুঙা নাৱত চিপ্চিপাই পানী খেলি
আহি
আছিল শোকযাত্ৰী
আজন্ম
প্ৰীতিও কি যে এক পানীধেমালি ….
মানুহবোৰে
হাতে হাতে কঢ়িয়াইছিল নিৰ্জনতাৰ পদ্য
কোলাহল
সামৰি শূন্যতাৰ পুৰণি পোছাক বিচাৰি
হামখুৰি
খাই পৰিছিল কাতৰ নদীত
সপোনৰ
তীৰখেলত সকলো ধৰাশায়ী
সকলোৱে
গাইছিল নিদ্ৰাহীনতাৰ গান
তৰাবোৰক
সুহুৰিয়াই জগাবলৈ কেও নাছিল ক’তো
কি
উৎসৱ হৈছিল২০২০–ত…!
জীৰ্ণ
ডাৱৰ ঠেলি বিজুলীৰ শিপাবোৰে
চুই
গৈছিল প্ৰতিটো কফিনৰ ঢাকনি
পানীৰ
দাপোণত নিজৰ খহি পৰা মুখ চাই
মানুহবোৰ
দৌৰিছিল পিছলৈ
ৰৈ
আছিল বতাহৰ
সহস্ৰ
তৰোৱাল
অঙ্গক্ষত
হৈছিল সকলো ...
উৎসৱৰ
ৰাতি হেৰাইছিল
আওপুৰণি
জোন
অনিশ্চিত
এক নতুন সূৰ্যোদয়লৈ নিৰ্বাসিত হৈছিল যত সপোনৰ গ্লানি
কি
উৎসৱে মানুহক কৰিছিল
পূৰ্ণজন্মৰ
বাবে আতুৰ…!
উৎসৱ হৈছিল ২০২০–ত? দেশে দেশে
সকলোৰে
বাবে এখনেই নিমন্ত্ৰণী পত্ৰ
এপাহি কপৌ বা বৰ্ষাৰ এপাহি খৰিকাজাঁই
কাৰো
হাতত নাছিল স্বাগতৰ বাবে
সুদীৰ্ঘ
দিন টুলুঙা নাৱত চিপ্চিপাই পানী খেলি
আহি
আছিল শোকযাত্ৰী
প্ৰীতিও কি যে এক পানীধেমালি ….
হাতে হাতে কঢ়িয়াইছিল নিৰ্জনতাৰ পদ্য
কোলাহল
সামৰি শূন্যতাৰ পুৰণি পোছাক বিচাৰি
হামখুৰি
খাই পৰিছিল কাতৰ নদীত
সপোনৰ
তীৰখেলত সকলো ধৰাশায়ী
গাইছিল নিদ্ৰাহীনতাৰ গান
তৰাবোৰক
সুহুৰিয়াই জগাবলৈ কেও নাছিল ক’তো
উৎসৱ হৈছিল২০২০–ত…!
ডাৱৰ ঠেলি বিজুলীৰ শিপাবোৰে
চুই
গৈছিল প্ৰতিটো কফিনৰ ঢাকনি
পানীৰ
দাপোণত নিজৰ খহি পৰা মুখ চাই
মানুহবোৰ
দৌৰিছিল পিছলৈ
আছিল বতাহৰ
সহস্ৰ
তৰোৱাল
অঙ্গক্ষত
হৈছিল সকলো ...
ৰাতি হেৰাইছিল
আওপুৰণি
জোন
এক নতুন সূৰ্যোদয়লৈ নিৰ্বাসিত হৈছিল যত সপোনৰ গ্লানি
উৎসৱে মানুহক কৰিছিল
পূৰ্ণজন্মৰ
বাবে আতুৰ…!
ভ্ৰাম্যভাষ:
৯৯৫৪৯৪৬৯১৮
৯৯৫৪৯৪৬৯১৮
শ্ৰব্য ৰূপ