ভ্ৰম-বাস্তৱ

 কৰিশ্মা জে. কে. বৈষ্ণৱী




কোনে কাক কি বুজাব নিজতে যুঁজি মৰা

হয় ৰজা সি, যি
নিজকে জিকিব পৰা।

দুকোঠলীয়া ভাৰাঘৰটোৰ আমি বহি থকা প্ৰথমটো কোঠা ক্ৰমশঃ আন্ধাৰত বুৰ
গৈছে। পৰ্দাৰ ফাঁকেৰে কথমপি আনটো কোঠাৰ জ্বলি থকা লাইটৰ পোহৰ পৰিছে। কোঠাৰ এটা
কোণত টুইন চাইজৰ এখন বে
, পঢ়া মেজ,
মেজৰ কাষতে এটা ট্ৰ
লি বেগ। তাৰ কাষতে চকীত জাপ খাই থকা কাপোৰৰ দম। চিলিং
ফেনৰ শব্দৰ বাহিৰে ক
তো একো সাৰ-সুৰ নাই, তেনেই নিজান। দুখন টুলত ঠিক দুই গজ দূৰত্বত আমি ইজনে সিজনলৈ নোচোৱাকৈ
নিৰলে বহি আছো। কাঁচৰ বন্ধ খিৰিকীৰ সিপাৰে নাৰিকলৰ পাতবোৰ বতাহত কঁপিছে মোৰ
সৰ্বশৰীৰ কঁপাৰ দৰে…

দুপৰীয়া তিনিবজাতে অহা। তেখেতে মোৰ বাবে ভাত ৰান্ধিছিল। এলাহ নে
বিৰক্তি নাজানো, কালিৰ পৰাই মোৰ একোকে ৰান্ধিবলৈ মন যোৱা নাছিল। এনেকুৱা নহয় যে মই
ৰান্ধি বেয়া পাওঁ
, কিন্তু
ৰুটিনমাফিক ভাত-দাইল-ভাজি মোৰ দ্বাৰা সম্ভৱ নহয়। সেয়ে গুচি আহিলোঁ
নে গুচি অহাটো এটা অজুহাত! এই যে গুচি আহিলোঁ, অহাৰ পাছতহে চিন্তা কৰিছোঁ …এইদৰে এজন মানুহ যি
মোতকৈ সাতবছৰে অগ্ৰজ
, তেওঁৰ অকলশৰীয়া ভাড়াঘৰটোলৈ কেৱল ভাত
খাবৰ বাবেই অহাটো ভাল হ
ল নে ভুল

মোৰ বাবে তেওঁ ভাত-দাইল, আলু ভাজি, কণীৰ অমলেট, ভেন্দি আৰু পাপৰ ফ্ৰাই কৰিছিল। ধোঁৱা বলা ভাতৰ কাঁহি,
কাষতে নেমু এটুকুৰা, কেঁচা জলকীয়া এটা। সকলো ঠিকে আছিল, অকল আঞ্জাত মোতকৈ অলপমান নিমখ বেছিকৈ খোৱাৰ বাহিৰে…

বৰ বিশেষ চিন্তা কৰিবলগীয়া কি আছে? উশাহ থকালৈকেহে জীৱনটো। চাৰিওফালে জীৱনক লৈ কত টনা-আঁজোৰা, অতবোৰ অনিশ্চয়তা, মৃত্যুৰ বিভীষিকা..বাতৰিত নকৈ শ্মশান নিৰ্মাণৰ পৰিকল্পনা। এই সময় জানো
এঙাৰবুলীয়া সময়
? এয়াতো বসন্তৰ সময়, সেউজীয়াৰ
সময়। অথচ কি বিভ্ৰান্তিকৰ এই বাস্তৱ! মৃত্যু উপত্যকতাত মানুহৰ প্ৰাণৰ মায়া… আৰু…আৰু
ইমানবোৰৰ মাজতে মই এসাঁজ ভাতৰ বাবে এইদৰে গুচি অহাটো কিমান যুক্তিসঙ্গত
?

আমাৰ খাই আজৰি হোৱাতে সমস্যাটো হল। তেওঁ মোৰ ঠিক সমুখতে বহিল, মোৰ চকুলৈ চালে,
এষাৰ-দুষাৰকৈ বহু কথাই কলে, মোকো সুধিলে। তাৰ
সমান্তৰালকৈ মই ক্ৰমশঃ অস্বস্তিবোধ কৰিবলৈ ধৰিলোঁ। বোধহয় তেওঁৰ নজৰলৈও আহিল নেকি
, সেয়ে মোক সুধিলে,

   মোৰ
চকুলৈ কিয় চাব পৰা নাই
?

   আপোনাৰ
বুলিয়েই নহয়
, মই কাৰো চকুলৈ চাব
নোৱাৰোঁ ৷

   তাৰমানে
তুমি কিবা লুকুৱাব খোজাঁ
 ? নে তুমি পলায়নবাদী ?

   মই
নাজানো৷

    নাজানিলে
কেনেকৈ হ
? আচ্ছা
মোলৈ লাজ কৰিছা 
?

  নাইতো, মই মানে কোনো মানুহৰ চকুলৈ নাচাওঁ। মোৰ
মা-দেউতা
, মোক পঢ়ুওৱা ছাৰ-মে, মোৰ বান্ধৱী মনীষা আনকি মোৰ ৰূমমেট সুজী মানে সুজাতালৈও৷

 তেন্তে
কথা দেখোন বিষম! আৰু তুমি চলাইছা প্ৰশাসনিক সেৱাৰ বাবে প্ৰস্তুতি
? ২৭৫ নম্বৰ ইণ্টাৰভিউতে নাথাকে জানো?

 ইণ্টাৰভিউত
বহিবলৈ পালে নিশ্চয়
Counselling এটাৰ প্ৰয়োজন হব। কি জানে, মই
কেতিয়াবা নাৰীৰ চকুলৈও চাব নোৱাৰি চিধা-চিধি চাই পোলাওঁ
, আৰু
মোৰ চকু ঠিক তেওঁৰ বুকুত … আপুনি বুজিছে চাগে। তাৰ পাছত মোৰ কি দশা হয়। তেনেকৈ মই
বহুতবাৰ লাজত পৰিছো।

   হুমম … তেন্তে
লা মজিয়াতে পাটী পাৰি চিনেমা নহলেবা Web series চাওঁ? ৱালত
পিঠিখন ভেজা দিবলৈও সুবিধা হ
ব। বেলেগ একো সুবিধা যিহেতু মোৰ
নাই

   মই
হোষ্টেললৈকে যাওঁ নেকি
?

    নাই
যোৱাৰ সময় হোৱা নাই। হ
লে মই থৈ
আহিমগৈ দিয়া৷

আমি
‘Aspirants’ খন চাই শেষ কৰিছিলোঁ। এইবাৰ
চুটি ছবি
‘Arranged’ খন আৰম্ভ হল। মাজে-মাজে
ফেনৰ বতাহত মোৰ দুই-এডাল অবাধ্য চুলি তেওঁৰ গালে-মুখে লাগিছিল। তাকে তেওঁ আলফুলে
সামৰি মোৰ কাণৰ কাষত গুজি দিছিল। তাৰ মাজতে তেওঁ কৈ উঠিছিল
, তুমি
লগোৱা পাৰফিউমটো কি
?

      
                   
   Studiowest
Goddess

                             অহ্..
গোন্ধটো যথেষ্ট ভাল।

নাজানো
ঘপহকৈ তেওঁৰ বা কি হ
? কি ভাবিলে? মোৰ বাওঁ গালৰ ঠিক তিলটোৰ ওপৰতে দিয়া
চুমাটোত 
মজিয়াৰ পাটীৰ পৰা উঠি আহি ঠিক দুই গজ দূৰত্বত আমি এয়া দুয়ো দুখন টুলত বহি
পৰিলো।

মই কি কম নে কৰিম একো নাভাৱি কেৱল মনে মনে বহি থাকিলো। বাহিৰত
সন্ধিয়া নামিছে। ফেৰফেৰীয়া বতাহছাটিত মামৈ তামোলৰ কলিবোৰ সামান্য দুলিছে। আৰু মই
বতাহত কঁপিব ধৰা নাৰিকলৰ পাতৰ দৰে ক্ৰমাৎ কঁপিছো আৰু কঁপিছো। এই মুহূৰ্তত মোৰ মনলৈ
আহিছে
, গুচি অহাটো ভাল হল নে ভুল?

কেৱল
দুমাহ আগৰ চিনাকী আনকি যাৰ সম্পূৰ্ণ নামটোও মোৰ মনত নাই… তেওঁক মই মানুহ বুলি গণ্য
কৰাটো ভাল হ
ল নে ভুল? এই ভাল নে ভুলৰ যি সিদ্ধান্ত, ইয়াৰ ভিত্তি কি?
সামাজিক প্ৰতিমান-প্ৰমূল্য-পৰম্পৰা নে সামাজিকীকৰণৰ জৰিয়তে লাভ কৰা
শিক্ষা-নৈতিকতা
? যদি সেয়া হয় মোৰ বোধেৰে তেওঁৰ স্পৰ্শত একো
ভুল নাই
, এই স্পৰ্শত একো পাপ নাই। Touching is the
most intimate non-verbal
 cue for communication! এই স্পৰ্শ অনুকম্পাৰ, আন্তৰিকতাৰ…। এই স্পৰ্শ
স্পৰ্শকাতৰতাৰ নহয়। মোৰ এই মুহূৰ্তত চুমিলা ৰংহাপীলৈ মনত পৰিছে। তাই হৈছিল নেকি
কোনোবা পাষাণৰ কামনাৰ স্পৰ্শৰ বলি। যদি হৈছিল
?? ন্যায় কোনে
দিব
?? আৰু সেইবোৰ পত্নী যাৰ চাদৰৰ আঁচল প্ৰত্যেক নিশা
অনিচ্ছা সত্বেও খহে! 

মই নাম নজনা দুনীয়াৰ গেজেটেৰে পূৰ্ণ কোঠাৰ মেজখনলৈ চাই
এইবোৰকে পাগুলি থাকোঁতেই তেওঁ আহি হুকহুকাই মোৰ দুভৰিত সাবটি ধৰি কান্দি পেলালে।
মই যদিও অপ্ৰস্তুত হ
লোX, বিশেষ একো নকলোX। মাথোঁ এটা সিদ্ধান্ত লৈ পেলালোX, আজি ৰাতিটো
তেওঁৰ সতে কটোৱাৰ। সেই সময়ত তিনিমহলীয়া বিল্ডিংটোৰ তলৰ মহলত থকা তেওঁৰ ভাড়াঘৰৰ
মালিক আৰু মোৰ হোষ্টেলৰ ৱাৰ্ডেনক দিব লগা কৈফিয়ৎ আনকি আহিবলগা অনিশ্চয়তা
, অসামাজিকতাৰ ভয়-শংকা একোৱেই মোৰ সিদ্ধান্তক ‘লাব নোৱাৰিলে। এজন প্ৰায়
অচিনাকী মানুহৰ সতে কটাব বিচৰা ৰাতিটোত মোৰ বাবে কিহে অপেক্ষা কৰি আছে তাকে ভাবি খন্তেকলৈ শিহৰিত হ
লোঁ। আদা দি দুকাপ ৰঙা চাহ কৰিলোঁ,
একেলগে খালোঁ। 
লুডু খেলিলোঁ, তিনিবাৰকৈ তেওঁ জিকাত মোৰ ফুলি অহা মুখখন দেখি
হয়তো চতুৰ্থবাৰৰ বাবে তেওঁ জানি-শুনিয়ে হাৰি পেলালে। মোক কাৰ্ড কেনেকৈ খেলে
শিকালে…৫২খন কাৰ্ডৰ ভিতৰত
Ace সবতকৈ ডাঙৰ, একাদিক্ৰমে King, Queen, Joker আদি। সকলোতকৈ সৰু 2
। টচ কৰিবলৈ শিকিলোঁ, তিনিপাট্টি
খেলিলোঁ।
 
খেলৰ
মাজে মাজে তেওঁ মোলৈ চাই মোক অপ্ৰস্তুত নকৰাওঁ নহয়। অনামী অনুভৱ এটাই টুকুৰিয়াই গ
ল। তেওঁ কৈ গ, কিদৰে ছবছৰীয়া এটা সৰ্ম্পক শেষ কৰি বৰ্তমানৰ সৰ্ম্পকটোত টিকি থকাৰ কথা। তেওঁৰ
মতে এটা সৰ্ম্পকত এশ শতাংশ একোৱেই নাথাকে। সেয়া লাগিলে ভালপোৱাই হওক বা বিশ্বাস। আমি
কেৱল কম্প্ৰমাইজ কৰি চলাই গৈ থাকোঁ
, চলি গৈ থাকোঁ। তেওঁৰ মতে
প্ৰেম এক প্ৰকাৰৰ ভ্ৰম…আৰু মোৰ মতে প্ৰেম জীয়াই থকাৰ আন এক অজুহাত। আচলতে এই জগতৰ
কোনো এক বিষয়ৰ এটাই মাত্ৰ নিৰ্দ্দিষ্ট সংজ্ঞা নাথাকে… আমি কেৱল ধাৰণাহে কৰিব পাৰোঁ।
যিদৰে এই মুহূৰ্তত তেওঁ এজন ভাল মানুহ বুলিয়েই মই ধাৰণা কৰি লৈছোঁ। এয়া মোৰ মানসিক
বিকৃতি নে মানৱতাৰ ওপৰত বিশ্বাস
? তেওঁৰ প্ৰেয়সী থকাৰ
সত্বেও কিয়বা তেওঁৰ ব্যক্তিগত ঠাইকণত
, সময়খিনিত মোৰ এটা
ৰাতি কটাই যাবৰ মন গ
? অতিমাত্ৰা যৌন
আতুৰতাও মোৰ নাই…

একো
নভবাকৈ থাকি যোৱাৰ সিদ্ধান্ত লৈছিলোঁ।
 মন কৰিবলেই নহল যে
একমাত্ৰ বিছনাখনৰ বাহিৰে শুবলৈ বিশেষ একো ব্যৱস্থা নাই। আনকি আঁঠুৱাও এখনেই। তেওঁ
বিবুধিত পৰিল। শোৱাৰ আগতে দুজনে নিজৰ নিজৰ ভাগে জুখি-মাপি ঠিকে দেখাত একেখন
বিছনাতে শোৱাটো ঠিৰাং কৰিলোঁ।
 
তেওঁ কৈ গ,
তেওঁৰ গাঁওখনৰ কথা, নামঘৰৰ পৰা ভাহি অহা
প্ৰাৰ্থনা সংগীতৰ কথা
, ঘৰৰ পদূলিৰ বকুলজোপাৰ কথা, বিশ্ববিদ্যালয়ৰ কমোৱা তুলাৰ কথা, Semester-Sessional-Seminar-অত ওলমি ৰোৱা কেৰিয়াৰটোৰ কথা…যাৰ ভৰত সৰ্ম্পকবোৰৰ ওজন ক্ৰমশঃ কমি আহিছিল,
কণ কণ লৰা-ছোৱালীৰ সতে কৰা শৈক্ষিক শৈলীৰ গৰম
বন্ধৰ কেম্পবোৰৰ কথা
, বৰ্তমানে কৰি থকা চাকৰিটোত সুখী নহলেও কৰা সহাৱস্থানৰ কথা…৷ মই কেৱল শুনি গৈছিলোঁ

আন্ধাৰত
মই তেওঁৰ চকুলৈ চোৱাৰ সাহস কৰোঁতেই তেওঁ কৈ উঠিল
,

      
                    
তুমি মোক
একোৱেই নোকোঁৱা
, কেৱল শুনা আৰু ভাবুক
হৈ কি বা ভাবি থাকা…৷ এনেকৈ আন্ধাৰত মোলৈ চাই ৰ
লে তোমাৰ
প্ৰেম হৈ যাব।

   কাৰ মোৰ? আপোনাৰ সৈতেনাই নহয়।

   যদি মোৰ
হৈ যায়
?

   আপোনাৰ
মতেটো প্ৰেম মানে ভ্ৰম
?

   তোমাৰ
প্ৰেম হোৱা নাই
?

   হৈছে,বাৰে বাৰে হয়।

   লা আমি বিয়া পাতোঁ? পাতিবা
বিয়া মোৰ লগত… 
?

  মই কাৰো
লগতেই নাপাতোঁ।

   কিয় ?

   বিবাহৰ
ধাৰণাটো মোৰ স্পষ্ট নহয়।

  কেনেকুৱা?

  ধূসৰ

   মানে….বুজা
নাই

  থিয়ৰী মতে বিবাহ পৰিয়াল গঠনৰসম্ভোগৰ
তথা সতি-সন্ততি জন্ম দিয়াৰ সামাজিক স্বীকৃতি নহয়নে
? মই সৰুৰে
পৰা বৰ্ডিঙত থকা
, মাজে মাজে ঘৰলৈ আহোঁ। কোনোদিন মা-দেউতাক
একেলগে শোৱা
, খোৱা আনকি কাজিয়া কৰাও দেখা নাই। মোৰ কেতিয়াবা
সন্দেহ উপজে সঁচায়ে মই মা-দেউতাৰ সন্তান নে তুলি লোৱা
? কেতিয়াবা
মনলৈ আহে মই জহৰা নেকি
? নে কাৰোবাৰ পাপৰ ফল…

    হেহ্
তেনেকৈ ক
ব নাপায়।

   সমাজত
শান্তি-শৃংখলা নিৰ্মাণৰ অৰ্থে যি সংস্থা…তাতেই ইমান অশান্তি কিয়
?

   ………

  মোৰ
পুথাওৰ দেউতাক মুক্তিসংগ্ৰামী আছিল। পুথাওৰ চাৰিমাহ বয়সতে তেখেত শ্বহীদ হয়। আইতায়ে
চৰকাৰী পেঞ্চন পায়…বত্ৰিশ টকা।

   তাৰ পাছত?

  পুথাও
মেধাবী আছিল। গাঁৱৰ প্ৰথমজন মেট্ৰিক পাছ ব॥ক্তি আছিল। পিছে তেওঁ
উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ নগৈ গাঁৱতে এখন প্ৰাথমিক বিদ্যালয়
, হাইস্কুল স্থাপনত আগ-ভাগ ললে। তেওঁলৈ প্ৰধান শিক্ষকৰ পদটিও আগবঢ়োৱা হৈছিল। প্ৰত্যাখ্যান কৰিলে। ইয়াৰ
পৰিৱৰ্তে ব্যৱসায় কৰিলে
; কাঠৰ কুণ্ডাৰ, কয়লাৰ। মাটি-বাৰীও যথেষ্ট আছিল। চাৰিআলিৰ পৰা প্ৰায় দহ কিলোমিটাৰ পৰ্যন্ত!
মোৰ দেউতা সাত বছৰ বয়সৰ পৰা পুথাৰ তাত হালোৱা খাটিছিল। বোধহয় পৰিয়ালৰ ধাৰ সুজিবৰ
বাবে! ডাল-দৰিদ্ৰ আছিল। দেউতাৰ পঢ়াৰ প্ৰতি থকা ধাউতি দেখি পুথাৱে স্কুলত নাম
লগাই দিলে। তাৰ পাছত দেউতা ৰ
ব লগা নহল।
NCC-
 কেডাৰ হ, মহাবিদ্যালয়ত
শ্ৰেষ্ঠ তাৰ্কিক হ
ল। এতিয়া তেওঁ চৰকাৰী বিষয়া।

    আৰু মা?

 ধনী
ব্যৱসায়ীৰ দুহিতা। জানো পায়
, কি
কালক্ৰমত পৰি দেউতাৰ জীৱনলৈ আহিল। সঁচাকৈয়ে আহিলনে
? নাই… তেওঁ
সদায় নিজতে ব্যস্ত আছিল। নিজকে সজাইছিল
, ঘৰখন সজাইছিল,
ৰুমালত ফুল তুলিছিল, মন গলে কেতিয়াবা কেক্ কৰিছিল, কেনভাছত ৰং বুলাইছিল।

   তোমাক
মা-দেউতাই খুউব মৰম কৰে নহয়
?

   ভাল
কথাটোৱে সুধিলে
, চূড়ান্ত অৱহেলা

  আজি
ৰাতিটো মোৰ সতে কটাম বুলি কিয় ভাৱিলা
?

   বিশেষ
একো নাভাৱিলোঁ

    কি পালা?

   কিবা পাম
বুলি মানুহ মানুহৰ ওচৰলৈ আহে নেকি
? যা কি নহওঁক মই পালোঁ৷

  কি?

  মুহূৰ্তৰ
শান্তি৷

  মুহূৰ্তৰ
শান্তি
?

   স্থায়ী
বুলি জানো কিবা আছে
? Nothing is Permanent!

   … 

   মই নিজকে
নিজে বিচাৰি ফুৰোঁ
একো কাৰণ
নোহোৱাকৈ আপোনাৰ দুবাহুত নিজকে খেপিয়াই ফুৰাৰ দৰে। নিজৰ প্ৰশ্নবোৰৰ উত্তৰ দিওঁ
, ধাৰণাবোৰ-বিশ্বাসবোৰ ভুল নে শুদ্ধ প্ৰমাণ কৰোঁ।
মই জানো চৰম সত্য বুলি একোৱেই নাই। আপুনিয়েই কওকচোন চৰম সত্য কি
? আত্মাপ্ৰকৃতি নে প্ৰেম? মোৰ
বাবে ময়ে সত্য… মোৰ সত্বা
, মোৰ স্থিতি সত্য। যি খহি খহিও
থিয় হৈছে
, ভাগি ভাগি গঢ় লৈছে। মোৰ বাবে এই সময় সত্য
ত পোৱাৰ আকাংক্ষা নাই, হেৰুওৱাৰ শংকা নাই, প্ৰাণলৈ মায়া নাই, জীৱনক লৈ বৰ বিশেষ আয়োজনো নাই। আছে যদি দয়া! সংগপ্ৰিয়তা মানুহৰ চৰিত্ৰ অথচ
নিসংগতা মোৰ বাবে প্ৰশান্তি। জীৱনমুখী যাত্ৰা কি যদি সোধে
, মই
ম নিজৰ পৰা নিজলৈ কৰা এক অন্তহীন যাত্ৰা... প্ৰেমৰ যাত্ৰা। সেয়ে বাৰে বাৰে নিজৰ প্ৰেমত পৰোঁ, আত্মমগন
হৈ নিজকে নিজে চাই ৰওঁ।

   তেন্তে
মোৰ বুকুলৈ কুৰুকি কুৰুকি সোমাই অহাৰ অৰ্থ
?

  এয়াও
নিজক লৈয়ে অন্য এক পৰীক্ষা
... চাব
খুজিছো বিছনা এখন
, বিপৰীত লিংগ মোৰ বাবে sex object ব পাৰে নে নোৱাৰে? কাৰোবাৰ
বুকুত শুবলৈ
, অকণমান আদৰ-মৰম পাবলৈ ভাল পোৱাটো, বিয়া পতাটো জৰুৰী নেকি?

  যি
কাৰণতেই নহওক কিয়
, প্ৰথম আৰু
শেষবাৰৰ বাবেই যি এনেকৈ মোৰ কাষলে আহিলা। প্লিজ
, পৰাপক্ষত
বেলেগ ল
ৰা মানুহৰ ৰূমলৈ মানে কাষলৈ এনেকৈ নাযাবা। এইখন তুমি
ভাৱি থকাৰ দৰে সৰল পৃথিৱীখন নহয়..
.

   জটিল আমি
নিজে কৰি লওঁ।

   তুমি কিয়
আনৰ চকুলৈ চাব নোৱাৰা জানানে
?

   ?

  তুমি
নিজকে নিজে মিছা মাতা
, নিজৰ পৰা
পলাই ফুৰা… 

    …

   কেতিয়াবা
এই জীৱনক লৈ
, জগতক লৈ মোৰ ধাৰণাবোৰ,
সিদ্ধান্তবোৰ
  ভুল হব পাৰে… কিন্তু মই ভণ্ড নহওঁ

। নিজৰ ওচৰত মই সৎ
আৰু এই কথা সূৰ্য্যৰ দৰেই সত্য!

ভেণ্টিলেটৰৰ ফাঁকেৰে এচেৰেঙা ৰদ বাগৰি আহিছিল। ভাটি বিহুৰ নাম নজনা এটা
সুবাস নাকে-মুখে লাগিছিলহি। সৌৱা বিছনাৰ সিমূৰত এটা শিশু কুচি-মুচি শুই আছে। কি
নিৰ্মল
, পৱিত্ৰ! তেওঁ সাৰ পোৱাৰ আগেয়ে মই তেওঁৰ নম্বৰলৈ টাইপ
কৰিলোঁ
– ‘আপুনি ভালে থাকক৷তেওঁৰ
যোগাযোগ নম্বৰ সকলোতে বিচ্ছিন্ন কৰি মই যাবলৈ ওলালোঁ।
 তেওঁ দুৱাৰৰ ফাঁকেৰে ভাৱলেশহীনভাৱে নে অসহায় হৈ
মই যোৱা চাই ৰ
ল…৷

ওভতনি বাটত মোৰ প্ৰিয় কবিতাৰ পংক্তি আওৰালোঁ:

কোন
কাৰ জগতৰ

কোন
কাৰ মৰমৰ
 

চকুৰ
চিনাকী দুদিনৰ

তথাপি, জী থাকিবৰ বাবেই মাজে-সময়ে মোৰ বাবে কাৰোবাৰ বুকুৰ উত্তাপ
জৰুৰী..ভীষণ জৰুৰী।