দিলীপ কৌশিক
বেলিতো থাকে
নিয়ন লাইটৰ পোহৰতো
এন্ধাৰ থাকে
আঙুলিৰ লিহিৰি পাববোৰত
ডিঙিত কঁকালতো এন্ধাৰ ওলমি থাকে
পোহৰত পঢ়াশালি থাকে
এন্ধাৰত ডাইনী থাকে
কোকৰাঝাৰতে কোকৰাঝাৰ
নাথাকে
গোসাইগাঁৱতে গোসাইগাঁও
নাথাকে
তেজতো মগজুতো
বিৰুবালাই কৈছে—
বিহঢেঁকীয়াৰ পাতবোৰ
সেউজীয়া হৈ থাকিবলৈ দে
ডাইনী খেদাতকৈ তোৰ
পোণাটোক পঢ়াশালিলৈ খেদ
খালী হৈ থকা
হস্পিটেলখনলৈ
ডাক্তৰ এজন আহক …
এন্ধাৰ থাকে
ডিঙিত কঁকালতো এন্ধাৰ ওলমি থাকে
এন্ধাৰত ডাইনী থাকে
নাথাকে
গোসাইগাঁৱতে গোসাইগাঁও
নাথাকে
তেজতো মগজুতো
বিহঢেঁকীয়াৰ পাতবোৰ
সেউজীয়া হৈ থাকিবলৈ দে
ডাইনী খেদাতকৈ তোৰ
পোণাটোক পঢ়াশালিলৈ খেদ
খালী হৈ থকা
হস্পিটেলখনলৈ
ডাক্তৰ এজন আহক …
ঠিকনা:
প্ৰযত্নে: সুলক্ষণা
কৌশিক
কৌশিক
গ্ৰেহেম বজাৰ ল’ৰাৰ
উচ্চ মাধ্যমিক বিদ্যালয়
উচ্চ মাধ্যমিক বিদ্যালয়
ডিব্ৰুগড় (অসম)
পিন : ৭৮৬০০১
ভ্ৰাম্যভাষ : ৮৭২৪৯৪৮৫৫৯