বিশ্বৰ শ্ৰেষ্ঠ দহোটা শিশু কবিতা

অনুবাদ: ড প্ৰাণজিৎ বৰা

 

    ইংলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ
আফ্ৰিকা আদি বহু দেশতে ইংৰাজী ভাষাত সাহিত্য চৰ্চা কৰা লোক আছে। আমাৰ নতুন
পাঠকসকলৰ উদ্দেশ্যে ইংলেণ্ড আৰু আমেৰিকাৰ দহজন বিশ্বপ্ৰসিদ্ধ কবিৰ দহোটা কবিতাৰ
সৰল অনুবাদ আগ বঢ়োৱা হ
ল। 
(-সম্পাদনা কক্ষ, অন্যযুগ)


মেজ আৰু চকী
মূল ইংৰাজী
কবিতা
 : The Table and the Chair 
কবি : Edward Lear (12 May 1812, Holloway – 29 January 1888)
()
এদিন মেজে কলে চকীলৈ চাই
গম পাইছানে তুমি সখী
গম পাইছানে তুমি সখী
এই তাপত কেনেকৈ
গৈছোঁ দহি
ছালবাকলি এৰাই গাটোও গৈছে জহি
এপাক খোজ কাঢ়ি
আহিব পা
ৰিলোঁহেঁতেন যদি ফুৰি
মনৰ কথাবোৰ কৈ
খুলি
ভাঙি!
লা সখী, দিন যায় দিন যায়
মেজে কলে চকীলৈ চাই

চকীয়ে মেজক
উত্তৰ দিলে চকু ঘোপা কৰি
ইমান মূৰ্খৰ দৰে
কিবোৰ যে ভাবা তুমি
নাজানানে কি
কিমান অক্ষম আমি
খোজ দিয়াৰ কথাটো
ভাবিলানো কেনে কৰি
!
হুমুনিয়াহ এটা
এৰি এইবাৰ মেজে ক
লে
চকীক সম্বুধি
যত্ন কৰি চোৱাত
ক্ষতিডালনো কি
তোমাৰ দৰেই মোৰো
দেখোন অতবোৰ ভৰি
দুয়োৱে লগ লাগিলে
কিয়নো আহিম হুঁহকি

উলাহেৰে তাৰ
পাছত দুয়ো ওলাল এদিন মেজ আৰু চকী
জগতখন ভ্ৰমিলে
হাতত হাত ধৰি
উছাহৰ কিৰিলি
পাৰি সকলো চালে
গা সাতখন আঠখন
একোকে নেৰিলে
ৰাবুঢ়া যেয়ে দেখিলে
দুয়োকে
,
 দিলে বাট এৰি
চোৱা, চোৱা, সৌৱা মেজ আৰু চকী
বাহিৰৰ বতাহ
খাইছে উমলি
জামলি৷

পিছে প্ৰাসাদ
এটালৈ যোৱা সুৰুকীয়া বাটটোৰে যাওঁতে
দুয়ো এসময়ত
হেৰুৱাই পেলালে বাটৰ চিন
,
মেজ আৰু চকী, চিন্তাতে দুয়ো যেন দুয়োতে যাব লীন
কি কৰা, কি কৰা, এই মহা সংকট
বেলিও পৰি আহিছে, কি যে আপদ
তেনেতে ওলালহি
হাঁহ পেকপেকী
, লগে লগে এন্দুৰ আৰু গুবৰুৱা ভাই
পিছে টকা
নিদিয়াকৈ কোনেনো কাম কৰিবলৈ চায়
মেজ আৰু চকী, উলিওৱা দুয়োৰে সাঁচতীয়াখিনি
লৈ যাম বাট
চিনাই ঘৰলৈ বুলি৷

ঘৰলৈ আহি দুয়োয়ে
মেল জুৰিলে ফুচফুচাই
,
কি যে ভাল লাগিল
ভাই
!
ইমান মজাৰ ভ্ৰমণ
আৰু জগততে নাই
!
আহা, আমি লগেভাগে
নাচোঁ এ
সাঁজ দকচি খাই!
সেইমতেই ভোজত
বহিল হাঁহ পেকপেকী
, এন্দুৰ পোনা আৰু গুবৰুৱা ভাই
কি সেই আনন্দ কি
সেই মজা একোকে নুসুবিধা
তিনিওৰে নাচৰ
লহৰ কি চাবা
, কিমান চাবা
মেজ আৰু চকী
দুয়োৰে কি স্ফূৰ্তি
নাচি নাচি এসময়ত
আটায়ে টোপনিত পৰিল ঢলি৷
 
নামি আহিছে ৰাতি
মূল ইংৰাজী
কবিতা
 : Night
Comes
কবি : Beatrice Schenk de Regniers (August 16, 1914—March 1,
2000)
 
অকাশখনলৈ চাই
চাই
নামি আহিছে
ৰাতি
 
অহিছে তৰাবোৰো
জুমি জুমি
জোনটো আহিছে
হাতত সাৰে ভৰিত
সৰে
ৰূপালী ৰহণ সানি
 
কোন সেয়া
ভয়তে থৰ্‌ৰ্‌কৈ‍
কঁপিছে?
 
কোনে ভয় খাইছে
ৰাতিটোলৈ?
 
মই নহয় দেই৷
 
বৰষুণজাকৰ
ৰূপালী পাদুকাযোৰ
মূল ইংৰাজী
কবিতা
 : The Rain Has Silver Sandals
কবি : May
Justus
  (May 12, 1898 – November
7, 1989)
 
হাগত নাচিবলৈ, চোৱা
বৰষুণজাকৰ ভৰিত
সেইযোৰ ৰূপালী পাদুকা
!
আৰু সোণালী
ফিটাৰ সেইযোৰ জোতা দেখিছা
ছিটিকি ছিটিকি  নপৰিবনে বাৰু বাৰিষাৰ বোকা?
গোৰোহাৰ পৰা
আগটোলৈকে তলডোখৰত গজাল লগোৱা সেয়া
জাৰকালিলৈ বুলি
বুট এযোৰা
তাৰ লগতে সময়ে
সময়ে সলাই পিন্ধিবলৈ
পাতল চামৰাৰো
এযোৰা
যেন বৰফেৰেহে
মীনা কৰা
!
কি মজা!
 
ৰাতিটো আৰু কি, প্ৰকাণ্ড এটা কলা মেকুৰী
মূল কবিতা: ‘The Night is a Big Black Cat’ by G. Orr Clark
 
ৰাতিটো আৰু কি, প্ৰকাণ্ড এটা কলা
মেকুৰী
অৰু জোনটো তাইৰ
ট টকৈ জিলিকি থকা চকু দুটি
আকাশখননো আৰু কি, গুলুম মাৰি ধৰা এখন পথাৰ
তৰাবোৰ এন্দুৰ, ৰাতিটোত তাইৰ চিকাৰ!
 
বসন্তৰ যাদু
মূল ইংৰাজী
কবিতা
 : Maytime
Magic
 
কবি : Mabel Watts (May 20, 1906 )
 
সিঁচিবলৈ বীজ
দিয়া মোক এধানমানি
এধানমান মাটি
এধানমান  সুৰুঙা
এধানমান আদৰ
আৰু এধানমান
হেঁপাহ

এয়েতো সেই
 
এধানি ৰ
এধানি বৰষুণ
এধানি ক্ষণ
অৰু তাৰ পাছত এপাহি ফুল!
 
জহকালি
মূল ইংৰাজী
কবিতা
 :
‘Summer’
 
কবি : Frank
Asch
 ( August 6, 1946-)
 
ইমান গৰম!
এবাৰতে খুলি
পেলালোঁ
জোতামোজা
গেঞ্জীচোলা
তাৰ পাছত খুলি
পেলালোঁ
গোটেই গাটো!
কি আৰু কৰিম!
দলিয়াই দিলোঁ
নৈখনলৈ!
 
নিগনিবোৰ
মূল ইংৰাজী
কবিতা
 : Mice
কবি : Rose Fyleman (1877–1957) 
 
মই ভাবোঁ
নিগনিবোৰেই বৰং
ধুনীয়া
 
দীঘল দীঘল নেজ
সৰু সৰু মুখ
থুঁতৰি বুলিবলৈনো কি
নাই কতো খুঁত
কাণবোৰ গুলপীয়া
দাঁতবোৰ ঘূৰণীয়া
ঘৰৰ যিবোৰ বস্তু
আপুৰুগীয়া
তাকেই কুটি কুটি
শেষ কৰা
কাৰোবাৰ চকুত
পৰিলেই
তৰ্ধণি হেৰুৱাই
লৰ মৰা
তথাপি কিয় যে
সদায় ভাবোঁ
নিগনিবোৰেই বৰং
ধুনীয়া৷
 
 
মাখিবোৰে
মূল কবিতা : Wasps
কবি : Dorothy Aldis (March 13, 1896- July 4, 1966)
 
মাখিবোৰে ভাল
পায় কি
কফি
ভাল পায়
ছিৰাপ
চাহ
ক’কাক’লা
বাটাৰ
আৰু মোক৷
 
 
মইতো এলেহুৱা
নহয়
মূল ইংৰাজী
কবিতা
 : I’m
Really not Lazy
 
কবি : Arnold
Spilka
 (November 14, 1917 – December 14, 2002)
 
মইতো এলেহুৱা
নহয়

নহয়!
নহয়!
কেৱল ভাবি থাকোঁ
যে
মই হয়!
মই হয়!
ইমান ভাবোঁ!!
সঁচা যে একোকে
নকৰোঁ

কিন্তু কৰিবও
নোৱাৰোঁ
!
নোৱৰাটোকে ভাবোঁ
আৰু ভাবোঁ
!
ভাবোঁ!
ইমান ভাবোঁ!!
 
 
 
মিছিজ মেলন
মূল ইংৰাজী
কবিতা
 : Mrs.
Malone
কবি : Eleanor Farjeon (13 February 1881 – 5 June 1965)  
 
মিছিজ মেলনে
হাবিৰ দাঁতিত
বাস কৰিছিল অকলে
তেনেকৈ আচলতে
কোনোৱেই
থাকিব নালাগে
অকলে৷
কাঁহী এখনত
এডোখৰ ৰুটী
জুহালত উতলিবলৈ
দিয়া পানী
কথা এষাৰ পাতিবলৈকো
কোনো নাই, বেচেৰী দুখুনী৷
মূৰলৈকে কাপোৰখন
টানি
উৰাখনেৰে গাটো
ঢাকি
পুৰণি বস্তা
এখনৰ ওপৰতে
বেচেৰী যায়
টোপনি

নোসোধে কোনোৱেই
কেনেকৈনো তেওঁ
দিন কটায়
,
হওঁতে বুঢ়ী
এজনীক লৈ
কোনেনো মিছাতে
মূৰ ঘমায়
?
 
সেয়া আছিল
শীতকালৰ কোনো এক সোমবাৰ৷
ইমান ডাঠকৈ বৰফ
পৰিছিল যে
খোজৰ শব্দটোত হৈ
গৈছিল নিৰাকাৰ

শুনা পালে
তেনেতে তেওঁ হঠাতে
,
খিৰিকীত কোনোবাই
যেন ঠোঁটেৰে
খুঁটিয়াইছে,
কাণ পাতি শব্দটো
তেওঁ আকৌ শুনিলে

বৰফত তিতিবুৰি একাকাৰ নিঃসহায় এটা ঘৰচিৰিকা সেয়া,
চকুৰ পাহিকেইটা
আধা মেলা
ঠোঁটত বৰফ লাগি
থকা৷
খিৰিকীখন মেলি
আলফুলে তেওঁ চৰাইটো আনিলে ভিতৰলৈ
সাটি লৈ তাক বুকুৰ মাজত আৱেগেৰে ধৰিলে কবলৈ
কেনেকৈ যে তোমাৰ
গোটেইবোৰ গৈছে তিতি
বা, তোমাৰ কাৰণে মোৰ ইয়াতে ঠাই হব দেহি
 
মঙলবাৰৰ পুৱাৰ
জলপানৰ সময়ত
ঘৰচিৰিকাটোৱেও
খুটিয়াই খাইছিল
তেওঁৰ কাঁহীৰ
পৰা
(কি
যে সেই সংগ মিঠা
!)-
তেনেতে দুৱাৰত
শুনা গ

আচহুৱা এক
হেঁচনি
আছিল সেয়া এটা
মেকুৰী
শলখাডালত নখেৰে
আঁকুহি
বাকুহি
ভোকেপিয়াহে কাতৰ যেন এচলা খৰি
মিউ মিউকৈ বাৰে
বাৰে পৰিছিল পি
লি
দুৱাৰখন মেলি
তেওঁ তাকো আনিলে সামৰি৷
গাখীৰ অকণ তপতাই
আতৌপিতৌকৈ খুৱালে
কোলাত বহুৱাই
কেনেকৈ যে হাড়েছালে লাগিছে তোৰ, পিতি
বি, তোৰ কাৰণেও মোৰ ইয়াতে ঠাই হ, দেহি
 
তাৰ পাছত আহক
বুধবাৰ
মজিয়াৰ ঢাৰিখনত
সকলোটি আছিল বহি
ঘৰচিৰিকাটোৱে
খাই আছিল ৰুটীৰ গুড়ি
মেকুৰীটোৱে
গাখীৰপানী
,
বাহিৰৰ হাবিৰ
পৰা কিন্তু আহিছিল ভাহি
কাণত বাজি থকা
অহৰহ কেঁকনি

সেয়া আছিল
শিয়ালী এজনী
লগত তাইৰ ছটিকৈ
পোৱালি৷
 
শিয়ালী আছিল
তেনেই ভাগৰুৱা
পোৱালিকেইটাও
আধাপেটীয়া

মিছিজ মেলনে
পিছে উঠিছিল চিঞৰি
:
‘‘আই ঔ, এনেনো শুৱনি!’’
সিহঁতক খাবলৈ দি
তেওঁ লাহেকৈ
মাত দিলে
শিয়ালীলৈ চাই

শিলচেঁচা হৈ
গৈছা তুমি
, আই
যোৱা, গাটো লোৱাগৈ তপতাই
তোমালোকৰ বাবেও
মোৰ ইয়াতে হ

ঠাই
!
 
বৃহস্পতিবাৰে
আকৌ এটা গাধ
ওলালহি আহি
বোজা বৈ বৈ
গৈছিল লেৰেলি
গোটেই পিঠিখনত
ঘাঁৰ বুলনি
 
শুকুৰবাৰে বৰফৰ
টুকুৰাবোৰ
বতাহত যেতিয়া
ৰৈছিল ওপঙি
পাহাৰৰ পৰা নামি
ভালুক এটা
ওলালহি আহি
 
প্ৰত্যেকৰে বাবে
মিছিজ মেলনৰ আছিল কিবাকিবি
তেনেই অলপীয়া হলেও তাকেই দি তেওঁ
গুণিছিল এইবুলি
গুণিছিল এইবুলি
‘‘এই হতভগীয়া জীৱকেইটিৰ কি হব একমাত্ৰ, প্ৰভু, জানা তুমি
আটাইকেইটি
কিন্তু থাকিবই লাগিব জী৷
’’
সকলোটিৰ মাজত
তেওঁ বিলাই দিছিল নিজৰ সকলো

নিজৰ বস্তা
আৰু উৰা
ৰুটী আৰু কেটলি
‘‘এনেকৈয়ে আটায়ে থাকিব লাগিব জী
গোটেই পৰিয়ালটো
একলা একলাকৈ আগবাঢ়ি
’’—
 
শনিবাৰৰ সন্ধিয়া
পাছে
ৰাতি খাবৰ পৰত
মিছিজ মেলন যেতিয়া
বিনাতে থাকিল পৰি,
কেয়োটি জীৱৰ মাজত লাগি গল হুৰাহুৰি৷
নিজৰ মাতটোৰে
মেকুৰীটোৱে তেওঁক বাৰে বাৰে জগালে
ঘৰচিৰিকাটোৱে, শিয়ালীয়ে, ভালুকে, আটায়ে
মিছিজ মেলন
নুঠিল৷
শেষত গাধৰ পিঠিত
তেওঁক তেনেকৈয়ে লৈ
হাবি কাটি পাহাৰ
ভাঙি
দিনৰাতি একাকাৰ কৰি
আকাশৰ শেষ চপৰা
ডাৱৰ অতিক্ৰমি
দেওবাৰৰ পুৱা
সিহঁত গৈ পালেগৈ
সৰগৰ দুৱাৰমুখ৷
‘‘কোন এওঁ?’’— সুধিলে দুৱাৰমুখতে থকা সন্ত পিটাৰে,
‘‘তোমালোকৰ লগতে থাকেনে এওঁ মৰতত?’’
গাধভালুকমেকুৰী আটায়ে
তবধ মানিলে

‘‘আপুনি কয় কি! এওঁক নিচিনে?
এয়া আমাৰ আই!
ধনবিত তেওঁৰ নাছিল একোকে
নিজৰে খাবলৈকে
নোজোৰে
পিছে তেওঁৰ
অন্তৰখন আছিল ইমানেই ডাঙৰ যে
আমাৰ সকলোকে
জুৰিলে৷
’’
 
তেনেতে হঠাৎ সাৰ
পাই
প্‌প্‌কৈ‍ উঠি বহিল
মিছিজ মেলন
দুচকু মোহাৰি লৈ
তেওঁ সুধিলে অবাক হৈ
,
‘‘মই এয়া আছোঁহি কত দেখিছোঁ কি
বাচাহঁত মোৰ, লাহঁক যাওঁ উলটি
এই ঠাই মোৰ ঠাই
নহয় দেহি
’’
সন্ত পিটাৰে
কিন্তু ক
লে তেওঁলৈ চাই
‘‘আপুনি ভিতৰলৈ বলক, আই
প্ৰভুৱে‍ আছে বাট চাই
আপোনাৰ বাবে এয়ে
সেই ঠাই
!’’