মূল : ° হুমায়ূন আহমেদ

অনুবাদ : ° জোনালী পাটোৱাৰী বৰা


আনদিনাৰ তুলনাত
ৰাতি পলমকৈয়ে খাবলৈ বহিছোঁ
, মায়ে চেপা মাত এটাৰে ওচৰতে ৰৈ সুধিলে,
‘‘খবৰটো শুনিছ?’’

‘‘কি খবৰ?’’

‘‘পৰী আহিছে।’’

বহুত সময় ধৰি মই
নিমাতে ৰ
লোঁ। মুখ ফুটাই একো কব নোৱাৰিলোঁ। অলপ ৰৈ মাই
কওঁ-নকওঁকৈ আকৌ ক
লে
‘‘পৰীৰ ছোৱালী এজনী হল।’’

এইবাৰ মাৰ চকুত
পানী দেখা গ
ল। মই আতুৰ হৈ উঠিলোঁ, ‘‘ছিঃ মা,
কান্দিছা কিয়?’’

মায়ে স্বাভাৱিক
মাতেৰে ক
লেনাই, কন্দা নাই তোক দুটামান ভাত দিওঁ?” দেখিলোঁমাৰ দুচকুৰে টোপ টোপকৈ পানী সৰিব লাগিছে।
পৃথিৱীৰ সকলো মাক একেই
সমস্ত দুখ অকল নিজৰ মাজতেই পুহি
ৰাখে।

ছয় বছৰৰ আগৰ
পৰীবাৰ কথা ভাবি আজি আৰু কান্দিবলৈ কিটো আছে
? হাত-মুখ ধুই ওলাই আহি
দেখিলোঁ বাহিৰত ফ
ট্‌ফটীয়া জোনাক। চাৰিওদিশে কি চমৎকাৰ পোহৰ!
চোতালৰ নেমুজোপাৰ দীঘল কোমল ছায়া সেই পোহৰত যেন ভাহিহে গৈছে। চিৰদিনৰ চিনাকি এই
ঘৰ-বাৰীও কেনেদৰে অচিন যেন লাগিছে আজি। বাৰান্দাৰ আৰামী চকীখনত আধাশোৱা অৱস্থাত
পৰি আছে মোৰ অন্ধ পিতা। তেওঁৰ কাষতে এখন খালী টুল। পাকঘৰৰ কাম-বনবোৰ সামৰি মা আহি
তাতে বহিল। এতিয়া দুয়োজনে ফু
চ্‌ফুচাই কথাবোৰ পাতিব। দুয়োজনেই
বাহিৰলৈ চাই ৰ
ব। এজনে দেখিব উত্তাল জোনাক, আৰু আনজনে অন্ধকাৰ।

‘‘ছোটন, ছোটন! পিতাই মিহি সুৰত মাত লগালে। মই তেওঁৰ
কাষ চাপি গলোঁ। তেওঁ অন্ধ চকু দুটাৰে মোলৈ চালে আৰু অস্পষ্ট মাতেৰে ক
লে ‘‘পৰী আহিছে, গম পাইছ? ’’

‘‘পাইছোঁ।’’

‘‘ঠিক আছে। যা৷’’

আজি সঁচাকৈ আমাৰ
বৰ দুখৰ দিন। আজি পৰীবা আহিছে। কাইলৈ দোকমোকালিতে সিহঁতৰ পদূলিমুখত ৰ
লেই
হয়তো দেখিম
পৰীবা  শিমলু গছডালৰ তলত হাঁহিমুখে ৰৈ আছে। শিমলুৰ
তুলাবোৰ উৰি আহি হয়তো তেওঁৰ গালে-মুখে পৰিছে। মোক দেখিলে হয়তো পৰীবা সুখী হ
ব।
বা নহ
বও পাৰে। ইচ্, পৰীবাক এবাৰ দেখা
পোৱা হ
লে!

আমিবোৰে আচলতে
বহুত দুখ লগতে লৈ ফুৰোঁ। হঠাৎ কোনোবা দিনা আমাৰ পুৰণি কথাবোৰ মনত পৰে
বুকুৰ ভিতৰখন কিহবাই যেন মুচৰিহে দিয়ে। চকুপানীৰে
বাট নেদেখা হওঁ। কিয় বাৰু আমি এনেকুৱা
?

থিয়ৈ থিয়ৈ
দেখিলোঁ
মা হাত ধুবলৈ দমকলৰ পাৰলৈ গৈছে।
মূৰৰ ওৰণিখন তললৈ নমাই লৈ তেওঁ এবাৰ আকাশলৈ চালে। তাৰ পাছত বহুত সময় ধৰি অজু
কৰিলে। এসময়ত আকৌ সেই খালী টুলখনলৈ উভতি আহিল। পিতাই সুধিলে—
’‘তুমি খালা জানো?’’

‘‘অঁ। চাওঁ, আপোনাৰ বুকুখন  মালিচ কৰি দিওঁ।’’

‘‘নালাগে’’

তাৰ পাছত দুয়োজন নিঃশব্দে বহি থাকিল। বহিয়েই থাকিল। নেমুগছৰ ছাঁটো ক্ৰমাৎ সৰু হৈ
আহিল। দূৰৰ পৰা ভালদৰে মনিব নোৱাৰি। তথাপি মোৰ মনটোৱে কৈছে
মায়ে কান্দিছে। পিতাই তেওঁৰ শীৰ্ণ
হাতখনেৰে মাৰ হাতখনত ধৰিলে আৰু কফে হেঁচা মাৰি ধৰা অস্পষ্ট মাতটোৰে বিৰবিৰালে
‘‘নাকান্দিবা,  নাকান্দিবা।’’

পিতাই তেওঁৰ
বৃদ্ধা পত্নীক সেই ডেৰ কুৰি বছৰৰ আগেয়ে পোৱাৰ দৰে আজি আকৌ এবাৰ ভাল পাওক। মৰম কৰক।
আমাৰ মাক আজি কোনোবাই বহুত ভাল পোৱা দৰকাৰ। মৰম কৰা দৰকাৰ। তেওঁলোকক  সেই সুবিধাটো দি মই বাটলৈ ওলাই আহিলোঁ
মা ধৰ্‌ফৰাই উঠিল— ‘‘ লৈ যাৱ ছোটন?’’

‘‘নাই, এনেয়ে, বাটে বাটে খোজ
কাঢ়ি আহোঁ অলপ।
’’

‘‘পলম নকৰিবি কিন্তু!’’

‘‘নকৰোঁ’’

অলপ সময়ৰ পাছত মায়ে ইতঃস্তত হৈ সুধিলে— ‘‘তই কি পৰীৰ তালৈ যাবি?’’

মই মনে মনে
থাকিলোঁ।

পিতাই কলে—
‘‘যায় যদি যাওক দিয়া
’’

বাটটো একেবাৰে
নিজান। চহৰতলীৰ মানুহবোৰ বৰ সোনকালে শোৱে।
কেয়োপিনে জিলিৰ মাত। বাটৰ
কাষৰ গছৰ ডালত নিশাচৰ চৰাই-চিৰিক
তি‍ৰ মৃদু কোলাহল। তথাপি এনে
লাগিছে যেন চৌপাশ চুপচাপ
, নিমাওমাও! বাটটোত চেনি‍ৰ দানাৰ দৰে শুদ্ধ বগা ধূলিবোৰ জল্‌মলাই উঠিছে। তাৰে
মাজে মাজে অকলে অকলে গৈ থাকিলোঁ মই। কিয় জানো হঠাৎ এনে ভাব হ
ল যেন বহু যুগৰ আগৰ  কোনোবা এটা
জনমতো এদিন ৰাতি ঠিক আজিৰ জোনাকখিনিয়েই মই দেখিছিলোঁ
  সিদিনা দাদাৰ লগত  পৰীবাহঁতৰ ঘৰলৈ গৈছিলোঁ। চিৰদিনৰ লাজুক দাদাই
শিমলু গছৰ তলত ৰৈ লাহেকৈ মাতিছিল—
‘‘পৰী, পৰী!’’

হাতত লেম্পটো লৈ
পৰীবাৰ মাক ওলাই আহিছিল। দাদাক দেখি হাঁহিমুখেৰে সুধিছিল—
‘‘আৰে, তই? কেতিয়া আহিলি?
কলেজ বন্ধ দিলে?’’

‘‘আপোনালোক ভালে আছে, খুড়ী? পৰী
আছেনে ভালে
?’’— আমি অহা বুলি শুনিয়েই বতাহৰ দৰে তড়িৎ গতিত
দৌৰি ওলাই আহিছিল পৰীবা। দাদালৈ এখন্তেক বিস্ময়বিমুগ্ধ নেত্ৰে চাই কৈছিল—
‘‘বাহ! কিমান দিনৰ মূৰত যে বন্ধ দিলে 
আপোনাৰ কলেজ!
’’

‘‘ভালে আছা পৰী?’’ — দাদাই লাহেকৈ সুধিছিল।

‘‘আছোঁ, আছোঁ। আপোনাৰ কেনে?’’

‘‘ভাল। তোমালৈ গল্পৰ কিতাপ আনিছোঁ’’

ছেঃ, মই বাৰু এইবোৰ কোন জনমৰ কথা ভাবি আছোঁ? খোজ
কাঢ়ি  গৈ থাকোঁতে মনলৈ আহিল— এইবোৰ ঘটনা কি
সঁচাকৈয়ে কেতিয়াবা ঘটিছিল
? এগৰাকী বৃদ্ধা মাতৃ আৰু এজন অন্ধ
পিতৃৰ বাহিৰেও কোনোবা জানো মোৰ কাষত আছিল কাহানিবা
? গৈ গৈ
পৰীবাৰ ঘৰৰ সন্মুখ পালোঁগৈ। মুকলি চোতালত চকী এখনত পৰীবা মনে মনে বহি আছে। কাষত
এখন খালী চকী। পৰীবাৰ ভিনদেউ ছাগে অলপ আগেয়ে উঠি গৈছে। মোক দেখি পৰীবাই
স্বাভাৱিকভাৱে মাত লগালে—
‘‘ছোটন নহয়নে সেয়া?’’

‘‘হয়।’’

‘‘ইচ্, কিমান দিনৰ মূৰত দেখিলোঁ তোক! আহ, বহহি ইয়াতে।’’

‘‘পৰীবা, আপুনি ভালে আছে?’’

‘‘এৰা! তই মোৰ ছোৱালীজনী চাবি? বহচোন তই, মই তাইক লৈ আহোঁ।’’ ৰঙা কাপোৰ এযোৰেৰে পুতলাটোৰ দৰে
শুই থকা ছোৱালীজনী কোলাত তুলি মোৰ একেবাৰে ওচৰলৈ আনি পৰীবাই সুধিলে—
‘‘চা, একদম মোৰ নিচিনা হৈছে— হয়নে নহয়?’’

‘‘হয়, হয়। কি নাম ৰাখিছে তাইৰ?’’

‘‘নীৰা ভাল লাগিছেনে
নামটো
?’’

‘‘লাগিছে। বৰ ধুনীয়া নাম’’ বহুত পৰলৈ আমি দুয়ো বহি থাকিলোঁ।

এসময়ত পৰীবাই কলে—
‘‘তই ঘৰলৈ যা, ছোটন
ৰাতি বহুত হল।’’ মা আৰু পিতা আগৰ দৰেই বহি আছিল। পিতাৰ মূৰটো অলপ সন্মুখলৈ হাউলি পৰিছে।
গোটেই মূৰটোত গাখীৰৰ দৰে বগা চুলি। মায়ে ঘৰৰ বেৰত আঁউজি বাহিৰলৈ চাই আছিল। ভৰিৰ
শব্দ শুনি পিতা উ
চাপ খাই উঠিল— ‘‘ছোটন,
আহিলি?’’

‘‘আহিলোঁ।’’

‘‘পৰীহঁতৰ তালৈ গৈছিলি?’’

‘‘হয়’’। তাৰ পাছত বহুত সময় পাৰ
হৈ গ
ল— আমি তিনিওজনে মনে মনে বহি থাকিলোঁ
‘‘পৰীয়ে কিবা কৈছে?’’ — গভীৰ নীৰৱতা ভাঙি পিতাই সুধিলে।

‘‘নাই কোৱা’’

এপাকত
দেখিলোঁ-মাৰ গোটেই গাটো কঁপাই
, চেপি-খুন্দি তীক্ষ্ণ আৰ্তনাদ এটা
ওলাই আহিছে—
‘‘মোৰ ডাঙৰ লৰাটো,
মোৰ ডাঙৰ লৰাটো!’’

এনড্ৰিন খাই মৰি
যোৱা মোৰ অভিমানী দাদাই যি প্ৰগাঢ় ভাল পোৱা পৰীবালৈ সাঁচি ৰাখিছিল
, সেই সমস্ত ভালপোৱাৰে পিতাই মাক তেওঁৰ কাষলৈ চপাই ললে
আৰু মাৰ কুঞ্চিত কপালত চুমা এটা খাই মৃদু-মিহি সুৰত মাক  নিচুকাই থাকিল—
‘‘নাকান্দিবা,
নাকান্দিবা— নাকান্দিবা
’’
ভালপোৱাৰ সেই অপূৰ্ব দৃশ্য দেখি মোৰ চকুৱেদি আকৌ এবাৰ সৰসৰকৈ পানী
বৈ আহিল।  আকাশভৰা ৰাশি-ৰাশি জোনাকলৈ চাই
মই মনৰ মাজতে কলোঁ-
‘‘পৰীবা, চোৱা,
তোমাক আজি মই ক্ষমা কৰি দিলোঁ
’’