সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী

অংকন: বৰ্ণিল মহন্ত


(যোৱা সংখ্যাৰ পাছৰ অংশ)

প্ৰায়
প্ৰতিদিনেই গধূলি হোৱাৰ লগে লগে গাহৰিসকলক দুই-তিনিটা দলত ভাগ হৈ অতিথিশালাৰ পিনে
যোৱা অনেকে দেখা পালে৷ প্ৰথমে মনে মনে গৈছিল যদিও লাহে লাহে গাহৰিসকল একেবাৰে
খোলাখুলিকৈয়ে যাবলৈ ধৰিলে৷ অতিথিশালাতো প্ৰথমে মনে মনে কিবাকিবি কথাৰ চৰ্চা
কৰিছিল৷ পিছে দিন বাগৰাৰ লগে লগে হাই-উৰুমি কৰিবলৈও কোনেও ভয় নকৰা হ
ল৷ 

আচলতে
তাত কি ঘটিছে গম ল
বলৈ
অনেকেই যত্ন কৰিলে কিন্তু কোনেও সবিশেষ জানিবলৈ সক্ষম নহ
ল৷
বহু প্ৰজাই আনকি ৰাজ্যখনত কিবা নঘটিবলগীয়া ঘটনা ঘটিছে নেকি নাইবা ঘটিব পাৰে নেকি
জানিবলৈ বুলি সভাসদসকলকো লগ ধৰিলেগৈ৷ অৱশ্যে মহাৰাজৰ নিৰ্দেশত সভাসদসকলে কথাবোৰ
স্পষ্টকৈ কোনো প্ৰজাকে জা
নিবলৈ নিদিলে৷

দেখনত
সৰু হ
লেও সভাসদসকলৰ
অন্যতম শ্ৰদ্ধেয় এজন হৈছে বাটলু৷ বাটলুক সেউজপুৰৰ সকলো প্ৰজাই সমীহো কৰে
,
 শ্ৰদ্ধাও কৰে৷ যিকোনো সমস্যাৰ সমাধান আশা কৰি
আজিকালি সৰহ সংখ্যক প্ৰজা বাটলুৰ ওচৰলৈহে আহে৷ বাটলুৱেও প্ৰথমে মনোযোগেৰে কথাবোৰ
শুনি
, ভালকৈ
চিন্তা কৰিহে ৰাইজক কথাবোৰ বুজাই দিয়ে৷ আটাইতকৈ ডাঙৰ কথা
, বাটলুৱে কথা কওঁতে শ্ৰদ্ধা আৰু মৰমেৰে
কয়
, যিটো
প্ৰজাসকলে তাক ভাল পোৱাৰ আন এটা কাৰণ৷
 

 আজিও তেনে এটা দিন৷ বহু প্ৰজাৰে মনত
কিবা এক উৎকণ্ঠা
, ৰাজ্যখনত যেন মনে মনে কিবা এটা ঘটি আছে৷ বিশেষকৈ
গাহৰিসকলৰ ক্ৰমে ক্ৰমে অস্বাভাৱিক হৈ উঠা গতি-বিধি বাকী সকলো প্ৰজাই লক্ষ্য কৰি
আছে৷ প্ৰকৃততেনো ক

পানী ক
লৈ গৈছে উৱাদিহ লবলৈ
বুলিয়ে আজি কেইবাজনো প্ৰজা বাটলুৰ ওচৰ পাইছেহি৷

আটাইকে
মান অনুসৰি সম্ভাষণ জনাই বাটলুৱে ক
বলৈ ধৰিলে— ‘‘ৰাজ্যখনত অস্বাভাৱিক পৰিস্থিতি
এটা হোৱা বুলি আপোনালোকে‍ই নহয়
,
 আটাইবোৰ
প্ৰজাই চিন্তিত হোৱাটো আমি মন কৰিছোঁ৷
’’ বাটলু ৰল৷ কাৰণ ইতিমধ্যে মলুৱা আৰু তেওঁৰ ডেকা পুত্ৰদ্বয় হলৌ আৰু ভলৌও আহি
ওলালহি৷ বাটলুৱে তিনিওকে সম্ভাষণ জনাই
  আটাইৰে
মুখবোৰ পলকতে লক্ষ্য কৰিলে৷ চেৰেলি
, কৃষ্ণা, গেৰেলা আদিকে ধৰি প্ৰায় দহ-বাৰজনমান লোক তাত গোট
খাইছে৷
 

বাটলু
মনে মনে থকা দেখি এইবাৰ চেৰেলিয়ে মাত লগালে

‘আচলতে বাটলু মহাশয়,
 ঘটনানো
কি ঘটিছে আমি ভালকৈ একো গমকে পোৱা নাই৷ আমাক ভাঙি-পাতি কওকচোন৷’’

‘‘হয়৷ মই তাকেই কবলৈ ওলাইছোঁ৷ আপোনালোকে মন দি
শুনিব৷’’
 এইবুলি বাটলুৱে আচলতে কি বুলি কলেনো ভাল হব চিন্তা কৰিলে৷

মনতে
বলগীয়াখিনি
জুকিয়াই লৈ এইবাৰ বাটলুৱে আকৌ মুখ মেলিব খুজিছিলহে
,
 তেনেতে গেৰেলা নামৰ গাহৰিজনে দুখমনেৰে কবলৈ ধৰিলে— ‘‘মই বৰ লাজ পাইছোঁ, মহাশয়৷
মোৰে দূৰ সম্পৰ্কীয় এই ভোলা বোলাটো৷ ইয়ে যতকূটৰ ঘাই৷ বিদেশীকেইটাৰ পেলনীয়া পোছাক
পিন্ধি চাহাব বোলাবলৈ মন তাৰ৷ যিদিনা মুখ থেকেচা খাব সেইদিনাহে সি গম পাব৷
স্বাৰ্থপৰ বিদেশীহঁতৰ মতলব সি বুৰ্বকে বুজিকে পোৱা নাই৷ মই বুঢ়াই কিন্তু ঠিক
বুজিছোঁ
, বিদেশীহঁতৰ কিবা গোপন ইচ্চা আছে৷ আমাৰ সেউজপুৰত
সিহঁতে…৷
 

— ‘‘বচোন ৰব৷ আপুনি
ইমান উত্তেজিত নহ
ব৷ ভোলাৰ বয়স কম৷ সি যদি বুজি পোৱা নাই
আমি তাক বুজাম নহয়৷
 

ছলেৰে
বাটলুৱে গেৰেলাৰ মুখখন বন্ধ কৰিলে৷ ক
ত কি কব লাগে কি ক
নালাগে গেৰেলাই নাজানে৷ বাটলুৱে মন কৰিলে
,
 গেৰেলাই
যেন ভোলাহঁতৰ গোপন কথাবোৰৰ বহুত জানে! কিন্তু গেৰেলাই জনা কথাবোৰ বাকী ৰাইজখনে
জানিলে ৰাজ্যখনৰ প্ৰজাৰ মাজত অহিতকৰ ঘটনা একোটাও হঠাতে ঘটি যাব পাৰে৷ বিশেষকৈ
গাহৰিসকলে যদিহে সেউজপুৰৰ অহিত হ
ব পৰা কিবা কৰিবলৈ ওলোৱা বুলি ৰাইজখনে প্ৰমাণ পায়, গাহৰিসকলৰে বিপদ হব৷ গোটেইখন ৰণাঙ্গন হৈ পৰিব৷ নাই নাই, তেনে হবলৈ দিব নোৱাৰি৷ তাৰ উপৰি বিদেশীহঁতৰ ষড়যন্ত্ৰৰ বিষয়ে মহাৰাজে গম পোৱা
বুলিও সিহঁতক বুজিবলৈ দিব নোৱাৰি৷ গতিকে এই মুহূৰ্তত বুদ্ধি কৰি এই লোককেইজনক
মনঃপূত হোৱাকৈ কিবা এষাৰ কৈ আঁতৰাই লৈ গেৰেলাৰ সৈতে অকলশৰে কথা পতাই উত্তম হ
ব৷

বাটলুৱে
কৰ্তব্য স্থিৰ কৰি পেলালে৷
  সি হাঁহি এটা মাৰি কবলৈ ধৰিলে— ‘‘আপোনালোকে নো চিন্তাত পৰিবলগীয়া কি ঘটিছে মই নাইবা আমাৰ মহাৰাজে হলে একো গম পোৱা নাই৷ মহাৰাজৰ চোৰাংচোৱায়ো একো গম দিয়া নাই৷ এতেকে, মই আপোনালোক মিছাতে চিন্তিত হৈছে বুলিহে ভাবিছোঁ৷
কাৰণ এতিয়ালৈকে সেউজপুৰত একো অস্বাভাৱিক ঘটনা ঘটা নাই৷ গেৰেলা ডাঙৰীয়াই ভোলাক বেয়া
বুলিছে৷ মই কিন্তু বেয়া নোবোলোঁ৷ আমাৰ অতিথি বিদেশী মাষ্টৰকেইজন যিহেতু গাহৰি
, আমাৰ গাহৰি প্ৰজাসকল তেওঁলোকৰ প্ৰতি
বেছিকৈ আকৰ্ষিত হ
বই৷
এইটো স্বাভাৱিক৷ কাৰণ গিয়াতিৰ প্ৰতি টান এটা আটাইৰে মনত থাকেই৷ আৰু আমাৰ গাহৰি
প্ৰজাসকল বিদেশী মাষ্টৰকেইজনৰ ওচৰলৈ যোৱা কাৰণেই তেওঁলোকে বেলেগ কিবা শিক্ষা পোৱা
নাই৷ কাৰণ আমাৰ মাননীয় বগলী পণ্ডিত প্ৰায়ে অতিথিশালাতে থাকে দেখোন৷ আৰু এটা কথা
নহয় ৰাইজ৷ আমাৰ গাহৰিসকলে যদি বিদেশী মাষ্টৰদুজনৰ পৰা কিবা কথা বেছিকৈ শিকিব পাৰে
লাভ দেখোন আমাৰেই হ
ব৷ বিদেশী দুজন গুচি যোৱাৰ পাছত আমাৰ
গাহৰিসকলেই বাকী প্ৰজাক শিকাব-বুজাব পাৰিব৷ আৰু এটা কথা৷ বৰতলৰ পাঠশালাত দেখোন
আটায়ে একে শিক্ষাকে লাভ কৰিছে৷ আচলতে কি জানেনে ৰাইজ
?
 শিক্ষকে আগ্ৰহী ছাত্ৰক ভাল পায়৷ আমাৰ গাহৰিসকলে যদি
বিদেশী মাষ্টৰ দুজনক তেওঁলোকৰ বহাতে কিবা সুধিবলৈ গৈছে তেন্তে নিশ্চয় তেওঁলোকে
সোধাখিনি শিকাই দিছে৷ গতিকে মই ভাবিছোঁ
, এনে হোৱাৰ ফলত আমাৰ সেউজপুৰখনৰ উন্নতিহে হব৷ আৰু এটা কথা৷ আমি সকলো সহোদৰৰ
দৰে৷ ৰাজ্যখনত বিপজ্জনক কিবা ঘটিলে আমি
 নিশ্চয় আটায়ে একে সময়তে গম পাম৷ যি কৰিবলগীয়া হয় আমি একেলগেই কৰিম৷ 

কথাখিনি
কৈ বাটলুৱে আটাইৰে মুখবোৰ আকৌ এবাৰ লক্ষ্য কৰিলে৷ আটাইৰে মুখবোৰ ফৰকাল হৈ উঠিল৷
কিন্তু গেৰেলাৰ মুখতহে কোনো ধৰণৰ সন্তুষ্টি ফুটি নুঠিল৷ তেওঁ এক প্ৰকাৰ চিঞৰিয়েই
উঠিল
— ‘‘আপুনি ভবাৰ
দৰে কথাবোৰ ইমান সহজ হৈ থকা নাই বাটলু ডাঙৰীয়া৷
’’

‘‘ৰ’বচোন৷ মোৰ কথা এতিয়াও শেষ হোৱা নাই৷’’ — বাটলুৱেও যিমান পাৰি সিমান ডাঙৰকৈ কবলৈ যত্ন কৰিলে৷ তাৰ বুজিবলৈ
বাকী নাথাকিল যে গেৰেলাই নিশ্চয় গাহৰিসকলৰ চক্ৰান্তৰ সকলো কথাই জানিব পাৰিছে৷
নজনাৰ কোনো কাৰণ নাই৷ কাৰণ কিছু দিনৰ আগলৈকে ভোলা নামৰ শৰণাৰ্থী গাহৰিটো তেওঁৰ
লগতে আছিল৷ পাছতহে সি বিদেশী মাষ্টৰ দুজনৰ ভৰি চেলেকিবলৈ ধৰিলে৷ ভোলাৰ কথা ভাবি
টিঙিচকৈ খং এটা উঠি আহিল বাটলুৰ৷ সি নিজকে চম্ভালি কোনোমতে ক
লে
 ‘‘আপোনালোক এতিয়া যাওকগৈ ৰাইজ৷
কিবা জনাবলগীয়া থাকিলে আপোনালোকক নিশ্চয় জনাম৷ মুঠৰ ওপৰত আপোনালোক একেবাৰে
নিশ্চিন্ত হৈ থাকক৷ মহাৰাজৰ ওপৰত বিশ্বাস ৰাখক৷”

একে
উশাহতে কথাখিনি কৈ পেলালে বাটলুৱে৷
 

আটায়ে
হয় হয় বুলি শলাগি যাবলৈ ওলাল৷
 

‘‘গেৰেলা ডাঙৰীয়া, আপুনি অকণমান ৰবচোন৷”বাটলুৱে আনৰ কাণত নপৰাকৈ গেৰেলাক ইঙ্গিতেৰে কলে৷
আচলতে তেওঁনো কথাবোৰ কেনেদৰে গম পাইছে
,
 কিমানলৈকে
গম পাইছে জানিবলৈ মন গ
ল বাটলুৰ৷ আন প্ৰজাই যদি গেৰেলাৰ পৰা জানিব নলগীয়া কিবা কথা জানিবলৈ
পায় তেন্তে ঘটনাৰ গতি হঠাতে বেলেগ ফাললৈ ঢাল খাবও পাৰে৷ গতিকে গেৰেলাৰ সৈতে
কথাখিনি মুকলিকৈ পাতি পেলোৱা ভাল৷ বাটলুৱে ভাবিলে৷

বাকীসকল
এক নিৰাপদ দূৰত্বলৈ আঁতৰি যোৱালৈ বাটলু আৰু গেৰেলা মৌন হৈ ৰ
ল৷  

‘‘মহাশয়, মোক কিয়বা ৰবলৈ কলে? মই বাৰু নাজানি কিবা জগৰ লগালোঁ নেকি?’’ — গেৰেলাই
বিনয়েৰে সুধিলে৷ সন্মাননীয় সভাসদজনৰ মুখৰ ওপৰতে কথা ক
ব খোজাত তেখেতে বেয়াওতো পাব পাৰে, ভাবিলে গেৰেলাই৷ 

বাটলুৱে
উত্তৰ নিদি গছ এজোপাত উঠি ৰাইজ কিমান দূৰ পালেগৈ সাউৎকৈ চাই নামি আহিল৷ তাৰ পাছত
আৰম্ভ কৰিলে
— ‘‘ডাঙৰীয়া, কাষৰীয়া ৰাজ্যৰ পৰা আহিলেও আজিৰ তাৰিখত আপুনি
সেউজপুৰৰ এজন সন্মাননীয় নাগৰিক৷”
 

‘‘তেনেকৈ নকব বাটলু ডাঙৰীয়া৷ মই এতিয়া কাষৰীয়া
ৰাজ্যৰ হৈ থকা নাই৷ যিদিনাই মহাৰাজ কেশৰীৰ ই
চ্ছা
আপোনালোকে আমাক মহামাৰীৰৰ কবলৰপৰা উদ্ধাৰ কৰি আনিলে, সেই দিনাৰ পৰাই মনে-প্ৰাণে মই
সেউজপুৰীয়া হৈ পৰিলোঁ৷ কাষৰীয়া ৰাজ্যৰ বুলি কৈ আপুনি মোক পৰ কৰি নেপেলাব মহাশয়৷
সেউজপুৰৰ ধাৰ মই এই জীৱনত পৰিশোধ কৰিব নোৱাৰিম৷ মোৰ এই জীৱনটো আচলতে আপোনালোকৰে
দান৷ সেই কাৰণেই এই ৰাজ্যখনৰ কাৰণে মই মোৰ জীৱনটো উৎসৰ্গা কৰিছোঁ৷ সেউজপুৰৰ মঙ্গলৰ
কাৰণে দৰকাৰত মই মোৰ জীৱনটো দিবলৈও প্ৰস্তুত হৈ আছোঁ ডাঙৰীয়া৷ কিন্তু মই ৰাইজৰ আগত
মুখ উলিয়াবলৈকে লাজ পাইছোঁ মোৰে সম্পৰ্কীয় এই ভোলাটোৰ কাৰণে৷”

গেৰেলাই
ভোলাৰ কথা উলিয়ালেও সেই বিষয়ত গুৰুত্ব নিদিয়া যেন দেখুৱাই বাটলুৱে ক
লে

‘‘সেউজপুৰত আপোনালোকৰ পদাৰ্পণৰ দিনাৰপৰাই আমিও অন্তৰেৰে আপোনালোকক নিজৰ
এজন বুলি গ্ৰহণ কৰিছোঁ৷ সেউজপুৰৰ আটায়েই আপোনালোকক নিজৰ বুলিয়ে ভাবে৷ কিন্তু
আপোনাৰ যদি ভোলাৰ সৈতে কিবা ব্যক্তিগত কথাত দ্বন্দ্ব হৈছে তেন্তে তাক ৰাজহুৱা কৰি
নেপেলাব৷”
 বাটলুৱে কৌশলেৰে কথাবোৰ উলিয়াবলৈ যত্ন
কৰিলে৷

— ‘‘ব্যক্তিগত কথা নহয় ডাঙৰীয়া৷ ব্যক্তিগত কথা নহয়৷ মইনো এই বুঢ়া বয়সত
ব্যক্তিগত কথা লৈ ডেকাৰ লগত কাজিয়া কৰিমনে
?’’
 

  ‘‘তেনেহলে? কথা কি?’’

— ‘‘কথা বিষম ডাঙৰীয়া৷ কেইবাদিনো আগৰে পৰা এই কথাবোৰকে কবলৈ মই অকলশৰে আপোনাৰ ওচৰলৈ অহাৰ কথা ভাবি আছিলোঁ৷ পিছে সাহসেহে কুলোৱা
নাছিল৷ আজি ৰাইজখনে লগ ধৰিলত তেওঁলোকৰ সাহসতে আহিলোঁ আৰু আহিয়েই বিপদত পৰিলোঁহি৷”

— ‘‘আপুনি কি বিপদত পৰিলে? আপুনি
দেখোন একো বিপদত পৰা নাই৷ এই সামান্য নিগনিটোৰ পৰা আপোনাৰ একো অপকাৰ নহয়৷ আপুনি
নিৰ্ভয়ে কওক৷”
 

গেৰেলাই
যেন বাটলুৰ কথাত হাতেৰে সৰগহে ঢুকি পালে৷ তেওঁ ক
বলৈ ধৰিলে— ‘‘মহাশয়, কোনোবা এদিনৰ পৰা মই মন কৰিলোঁ, ভোলাৰ আচৰণ যেন কিছু সলনি হবলৈ ধৰিছে৷ সি হঠাতে খুব সাহসী
হৈ উঠিছে
,
 সকলো কথা জনা লোকৰ দৰে আত্মবিশ্বাসী হৈ
উঠিছে৷ মই তেতিয়াই আপোনালোকক জনাব খুজিছিলোঁ৷ কিন্তু কি বুলিনো জনাম উৱাদিহেই পোৱা
নাছিলোঁ৷ কথা এষাৰ ক
বলৈতো নিৰ্দিষ্ট ধৰণ এটা লাগে৷ তাৰ চৰিত্ৰ সলনি হোৱা বুলি কোৱা মানে কি
কোৱা হ
ব মই নিজেই বুজি পোৱা নাছিলোঁ৷”
 

গেৰেলা
ল৷ দীঘল দীঘল উশাহ
দুটামান লওঁতে গেৰেলাৰ নাকেদি ঘোঁৎ ঘোঁৎ শব্দ দুটামান বাহিৰ হ
ল৷ বয়স হৈছে নহয়,
 কথা
কওঁতেও ভাগৰ লাগে৷ বাটলুৱে ভাবিলে আৰু ক
লে— ‘‘আপুনি যি জানিব পাৰিছে এফালৰ পৰা লাহে
লাহে কৈ যাওকচোন৷ আচলতে ৰাজ্যখনত কিবা এটা হৈছে বুলি আমিও গম পাইছোঁ৷ কিন্তু
সাধাৰণ প্ৰজাই এতিয়াই গম পোৱাটো মহাৰাজে বিচৰা নাই৷ ক
বতো
নোৱাৰি
,
 কোনে কাক আক্ৰমণ কৰি অশান্তি সৃষ্টি কৰি
দিয়ে৷ সেই কাৰণে আপোনাক মই এটা অনুৰোধ কৰিম
, ভোলাহঁতৰ বিষয়ে আপুনি যিবোৰ কথা জানিব পাৰিছে বা
এতিয়া আপুনি মোক যিবোৰ কথা ক
, সেইবোৰ যেন আন কোনো প্ৰজাৰ আগতে নকয়৷
এতিয়া আপুনি কৈ যাওক৷ লৰালৰি কৰিব নালাগে
, লাহে লাহে কওক৷”

‘‘মই বুজিছোঁ মহাশয়৷ আপোনাৰ কথা মই মনত ৰাখিম৷ ৰাজ্যখনৰ এজন বয়োজ্যেষ্ঠ
প্ৰজা হিচাপে ৰাইজক চিন্তামুক্ত কৰি ৰখাৰ ক্ষেত্ৰত মোৰো যে দায়িত্ব আছে আপোনাৰ
কথাই মোক বুজাই দিছে৷ আপোনাক মই কথা দিছোঁ যে এইবোৰ কথা মই আন কাৰো আগত নকওঁ৷
এতিয়া শুনক৷ আগতে ভোলা তেনেই অজলা আছিল৷ সেই কাৰণেই কিজানি খংটো তাৰ টিঙিচকৈ উঠে৷
এনেয়ে সি ল
ৰাটো বৰ ভাল লৰা
আছিল৷ পিছে বিদেশী মাষ্টৰ দুটাৰ ওচৰলৈ ঘনাই ঘনাই যাবলৈ লোৱাৰ পৰা সি দেখোন বেলেগ হ
বলৈ ধৰিলে৷ এদিন মই সুধিছিলোঁ,
 কি কথা, কি বতৰা? সি কলে বোলে সিহঁতে নতুন নতুন জ্ঞানৰ কথা পাতিছে৷ মই
বোলোঁ মোকে সেই জ্ঞানৰ ভাগ দে আক
৷ সি তেতিয়া আবোল-তাবোল
গাই মোৰপৰা আঁতৰিবলৈ যত্ন কৰিলে৷ মই তেতিয়াই বুজিলোঁ যে সি মোৰ পৰা কিবা কথা
লুকুৱাইছে৷ এদিন মই জোৰকৈ ধৰাত ক
লে সিহঁতে বোলে কিবা
বিপ্লৱৰ কথা শিকিছে৷ মই সুধিলোঁ বোলোঁ কি বিপ্লৱ
,
 কেনেকুৱা বিপ্লৱ, সেইটো খায়নে পিন্ধে? তেতিয়া সি যিষাৰ কথা কলে, শুনিয়েই মই থৰ হৈ গলোঁ বুজিছে? সিহঁতে
হেনো গোটেই পৃথিৱীতে গাহৰিৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব খুজিছে৷ জেক আৰু পুলিন নে কি সেই
দুটাই হেনো সেইবোৰকে শিকাই আছে৷ তাৰ পাছত ভোলাই সুবিধা পালেই মোকো বুজাবলৈ ধৰিলে
, ‘পৃথিৱীৰ সকলো জীৱৰ ভিতৰত হেনো
গাহৰিসকলেই শ্ৰেষ্ঠ৷ গাহৰিসকলৰ মগজুৰ শক্তি হেনো বেছি৷
’’
 মই কাহানিও বিশ্বাস কৰিব নোৱৰা কথাবোৰ প্ৰথমে
উৰুৱাই দিছিলোঁ৷ তাৰ পাছত ভাবিলোঁ
, মই অকণমান আগ্ৰহ দেখুৱালে সি মোক লাহে লাহে সকলো
কথা ক
ব৷ তেতিয়াই মই
মহাৰাজকে হওক বা আপোনাকে হওক
,
 মনে মনে
কথাবোৰ জনাব পাৰিম৷ ভাবিলোঁহে মহাশয়
, কিন্তু কিবা ভয়-সংকোচত আপোনালোকৰ কাষ চপাই নহল৷ সেই কাৰণেই কিজানি সিহঁত বহুত
দূৰ আগ বাঢ়ি গ
ল৷ এতিয়া সেউজপুৰখনৰ অমঙ্গল নহলেই হয় আৰু৷

কথাখিনি
কৈ থাকোঁতে গেৰেলাৰ মুখত তেনেই অসহায় ভাব এটা ফুটি উঠিছিল৷ বাটলুৱে তেওঁৰ বুদ্ধিৰ
প্ৰশংসা নকৰি নোৱাৰিলে যদিও তেওঁৰ ভয়ৰ কাৰণটোহে নুবুজিলে৷ কিন্তু এই মুহূৰ্তত
বাটলুৰ মগজুত এটা নতুন পৰিকল্পনা সৃষ্টি হ
ল৷ ঠিক, ঠিক৷ গেৰেলাকে দেখোন আমি চোৰাংচোৱা
হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ৷ সি ক
লে

আপুনি
বৰ বুদ্ধিয়ক আৰু চিন্তাশীল ব্যক্তি ডাঙৰীয়া৷ আপুনি যি কৰিছে সেয়া সেউজপুৰৰ উপকাৰৰ
অৰ্থেই কৰিছে৷ সেইখিনিৰে
 নিশ্চয় সেউজপুৰৰ
মঙ্গল হ
ব৷ এতিয়া মই
আপোনাক মাননীয় মহাৰাজৰ হৈ এটা দায়িত্ব দিব খুজিছোঁ৷ আচলতে মই আপোনাৰ ওচৰলৈ যোৱাৰ
কথাই আছিল৷
 

একেবাৰে
শেষৰ কথাষাৰ বাটলুৱে মিছাকৈয়ে ক
লে৷ সি জানে, ৰাজ্যখনৰ মঙ্গলৰ কাৰণে কেতিয়াবা মিছা
কথা একোষাৰ কোৱাটো জৰুৰী হৈ পৰে৷ গেৰেলাই সুধিলে
— ‘‘কি দায়িত্ব মহাশয়?’’

আপুনি
ভোলাহঁতৰ ষড়যন্ত্ৰৰ সবিশেষ জানিবলৈ যত্ন কৰকচোন৷ লগতে আপুনি দিনটোত অন্ততঃ এবাৰ
মোৰ ওচৰলৈ আহিবই৷ যিমান পাৰে গোপনে আহিব৷ মানে আপোনাৰ জ্ঞাতি গাহৰিসকলে নেদেখাকৈ
বা নজনাকৈ আহি মোক কথাবোৰ ক
বহি৷

গেৰেলাৰ
মুখখন পোহৰ হৈ উঠিল৷

মোক
সেউজপুৰৰ কাৰণে কিবা এফেৰি কৰিবলৈ দিয়াত মই নথৈ সুখী মহাশয়৷ আপোনাৰ আদেশ মই আখৰে
আখৰে পালন কৰিম৷

‘‘এ…
আদেশ নহয়
, ডাঙৰীয়া, অনুৰোধহে৷ আপুনি মোৰ পিতৃতুল্য৷ আপোনাকনো মই আদেশ
দিব পাৰোঁনে
?’’ —  সবিনয়ে কলে বাটলুৱে৷ গেৰেলাই ইতস্ততঃ বোধ কৰিলে৷

‘‘তেনেহলে মহাশয়, মই এতিয়া বিদায় লওঁ৷’’

গেৰেলা
প্ৰফুল্লিত মনেৰে যাবলৈ ওলাল৷

বাটলুও
মহাৰাজৰ ওচৰলৈ যাবলৈ ওলাল৷ তাৰো মনটো আনন্দৰে ভৰি উঠিল৷

(অহা সংখ্যালৈ বাট চোৱাঁ৷)

শ্ৰব্য ৰূপ