যাৰ সাতটি শব্দতকৈ ‘সাত সাগৰো সৰু’

 কৌস্তুভমণি শইকীয়া
দত্ত
 

 

 

‘নসৰোৱাকৈ ঘাম

সাঁচি থৈছোঁ 

যিটোপা তেজ

 

সেয়াই পাপ’

 

এই যাদুকৰী শব্দকেইটা
পঢ়াৰ পাছত অৱশ্যেই গলি যাব পাৰি কবিতাটিৰ কণমানি শৰীৰত। এয়াই কবিতাৰ যাদু। এই যাদু
সকলোৰে বশত নাই। এই যাদুতে মোহগ্ৰস্ত হৈ পঢ়ি পেলাইছিলো ‘গুপুতে’ শীৰ্ষক এই অকণমান
কবিতাটিৰ শেষৰ শব্দকেইটা –

 

‘এটোপ 

পাপতকৈ 

 

সেয়েহে

 

সাত সাগৰো 

সৰু ‘

 

কবিতাটিৰ যাদুকৰী
স্পৰ্শত মই নিমিষতে অনুভৱ তুলসীৰ শব্দৰ যাদুকৰী পৃথিৱীত বিচৰণ কৰিবলৈ আৰম্ভ কৰিলোঁ।
হয়, যাদু আছিল অনুভৱ তুলসীৰ কলমত। আমি কবিতাপ্ৰেমী। কাব্যৰস পান কৰিবলৈ পালে আৰু লাগিছেনো
কি! বিশেষকৈ যেতিয়া মাটিৰ সুবাস, তেজৰ গোন্ধ, অভিজ্ঞতা আৰু অনুভৱ একাকাৰ হোৱা তেওঁৰ
কবিতাৰ সুশোভন শিল্পত অৱগাহন কৰোঁ, অনুভূত হয় শব্দ সাধনাই কবিতাক কিদৰে অলংকৃত কৰে।

 

‘কেঁচা খনিজ’ নামৰ
কবিতাটিত তেওঁ কয়লাৰ কথা লিখিছে-
 

‘জীৰ্ণকায় হৈয়ো
যি শক্তিমান তাক সোধাত

জানিব সিয়েইহে তাইৰ
ওপজা ঠিকনা’।

একেটি কবিতাতে পুনৰ
লিখিছে কাপোৰৰ কথা –

‘শিলত আছাৰোতে উৱলি
যোৱা কাপোৰ নাছিলা

চিৰি লুইতলৈ চাই
নচচা শূলতহে দিছিলা নিজক।’

অনুভৱ তুলসীৰ কবিতা
যেন কেৱলমাত্ৰ পাঠ কৰিয়েই শিহৰিত হ’বলৈহে, যাৰ ব্যাখ্যা নিষ্প্ৰয়োজন। তাৰ মাজতে অনেক
অৰ্থৰে মহিমামণ্ডিত তেওঁৰ ‘অলপ বেছি’ শীৰ্ষক কবিতাটিৰ হৃদয়গ্ৰাহীতাৰ কথা নক’লোৱেইবা!
 

তেওঁৰ ‘আহিন ফুটুকী’
কবিতাটিত শব্দই প্ৰাণ পাই উঠিছে স্বভাৱসিদ্ধ কলমৰ আগত। যাদুকৰী কবিত্বত গলি গৈছে কোমল
আহিন।
 

‘তোমাৰ গঙাচিলনী
ডেউকাত

গলি গলি

মোক গধূলি হ’বলৈ
দিয়া

তৰা চানেকীয়া ছালত
বহি

জীৱন বীণা বজোৱা

অ মোৰ এন্ধাৰ নিশাৰ

কবিতা বুকুৰ কেতেকী.’(আহিন
ফুটুকী)

 

পুনৰ তেওঁ প্ৰেমক
কিদৰে সজাইছিল চাওক – প্ৰকৃতি আৰু প্ৰেম একাকাৰ হৈ মানুহৰ ইন্দ্ৰিয়ৰ অনুভূতি জগাই
তুলিছে আৰু কলিজাৰ লা গলিছে। পঠনৰ জড়িয়তে আমি অনুভৱ কৰিছোঁ শব্দ, গন্ধ, উত্তাপ আৰু
প্ৰেমৰ পীড়া । ইমান জীৱন্ত!

 

‘তোমাৰ নদীত এপাহ
ফুল শুঙিছিলো

      খহনীয়াৰ সেয়াই সূচনা

      শূন্যতে জুই উৰি ফুৰা হ’ল

      সোঁতত সুতুলি

      কলিজাৰ লা গলিবলৈ ল’লে

      মৈদাত বাছি আছিলোঁ সেইদিনা

      জীৱনৰ জীয়নীয়া মাছ

      প্ৰেমৰো সেয়েই পাতনি’ (প্ৰথম প্ৰেম অনা কোনোবা
যাদুকৰ।)

 

পৃথিৱীৰ প্ৰত্যেক
মানুহেই জীৱনত এবাৰ হ’লেও জোনটোলৈ চাই একাত্ম হৈছে। কিন্তু কবি অনুভৱ তুলসীয়ে ৰহস্যময়
প্ৰশ্ন কৰে জোনৰ জগত কাৰ দখলত? ব্যাখ্যা নিষ্প্ৰয়োজন। আমাৰ কাম মাথোঁ কবিৰ এই মায়াময়
জালত পৰি জোনক দখল কৰা-

‘জোনৰ বুকুত মৃগ
চৰে

প্ৰায়েই প্ৰশ্ন
উঠে

কোন পুৰুষ 

কোন নাৰী 

 

জোনৰ জগত 

কাৰ দখলত।’

(জোন)

 

অসমীয়া কবিতাৰ শব্দৰ
সাধক কবি অনুভৱ তুলসীৰ অকাল বিয়োগ অসমীয়া সাহিত্যৰ এক অপূৰণীয় ক্ষতি। এই মৃত্যুত
আমাক শব্দৰ চমক দি অনুভৱত ডুবাই থ’ব পৰা বহুত কাম বাকী ৰৈ গ’ল। সকলোকে আশ্চৰ্যচকিত
কৰি কাব্যপ্ৰেমীক কন্দুৱাই কবি হঠাতে নোহোৱা হ’ল।