কি চৰাই? – সেই চৰাই

 জৰসিং ইংতি ক্লেংদুন

 

এটা নির্জন দুপৰীয়া

চাৰিওফালে বতাহৰ উপস্থিতি যেন শূন্য

 

আকাশত ওলমি আছে উদাস সূর্য

 

গছৰ হালধীয়া পাতবোৰ

বিষণ্ণ আৰু নিঃসংগ

 

কি চৰাই সেই চৰাই (?)

যি চৰায়ে কান্দে মোৰ

 

নির্জন দুপৰীয়াত।।

 —


ভ্ৰাম্যভাষ : ৮৬৩৮০-০৫২১৩