মূল গল্পকাৰ: হুমায়ুন কবিৰ ঢালী 
অনুবাদ: মিণ্টুল হাজৰিকা 

দুপৰ ৰাতি মা মোক টোপনিৰ পৰা জগালে অপু উঠ, পুতাই সোনকালে উঠ৷ তোৰ দেউতাৰ আহিছে৷

দেউতাক বহু দিন দেখা নাছিলোঁ, সেয়ে দেউতাৰ কথা শুনাৰ লগে
লগে একেজাঁপে বিছনাত উঠি বহিলোঁ৷ চকু নেমেলাকৈয়ে মাক সুধিলোঁ
— “মা, দেউতা আহিছে? ত দেউতা?”

মা তেতিয়ালৈকে চাকি জ্বলোৱা নাছিল৷ দেউতা ঢাকা
চহৰৰ পৰা আহিছে৷ চোতালৰ পৰা মোক মাতি আছে
— “অপু কত তুমি? দুৱাৰখন খোলা৷

দেউতাৰ মাত শুনাৰ লজে লগে মা মোক টোপনিৰ পৰা জগাইছে৷ আজি
সাত দিন হ
ল দেউতা ঢাকা চহৰলৈ যোৱা, দেউতাৰ
কিবা অসুখ হৈছে
, ডাক্তৰক দেখুৱাবলৈকে তালৈ গৈছিল ঢাকাত হেনো ভাল ডাক্তৰ আছে৷ দেউতাৰ যিমানেই ডাঙৰ অসুখ নহওক কিয় ডাঙৰ
ডাক্তৰক দেখুৱালে তৎক্ষণাত ভাল হৈ যায়৷ দেউতাই কোৱামতেতো এইবাৰৰ অসুখটো তেনেই সৰু
,
মাজে-সময়ে বুকুখন বিষায়৷ ঢাকা চহৰত আমাৰ এজন মোমাইদেউ ভাড়াঘৰ লৈ
থাকে
, তেওঁৰে কোঠাত থাকি দেউতাই ডাক্তৰক লগ ধৰি অসুখ দেখুৱাব৷
ঢাকা চহৰলৈ যাবলৈ ওলাওঁতে মই দেউতাক কৈ পঠিয়াইছিলোঁ
— “দেউতা
তুমি ডাক্তৰক ভাল ঔষধ দিবলৈ ক
বা দেই, যাতে
তুমি একেদিনাই ভাল হৈ যোৱা৷ দেউতাই কৈছিল
— “মোৰ তেনেকুৱা একো
হোৱা নাই অ
পুতাই৷ তথাপি তোমাৰ কথা মই তোমাৰ ডাক্তৰ খুৰাৰক
ম দিয়া, বোলোঁ আমাৰ অপুৱে কৈছে মোক
যেন ভাল ভাল ঔষধ দিয়া৷
মা চাকি
জ্বলাবলৈ দিয়াচলাই বিচাৰে আছে৷ মই আনন্দ মনেৰে চকু পিহি পিহি দেউতাক ক
লোঁ— “দেউতা অলপ ৰবা দেই,
দুৱাৰখন
 খুলিছোঁ৷
দেউতা তুমি কিয় ইমান পলম কৰিলা
? তুমি ঢাকালৈ যোৱাৰ ইমান দিন হল৷

সকলো গম পাবা ৰবা, আগেয়ে দুৱাৰখন খোলাঁ৷”— দেউতাই
চোতালত থিয় হৈ ক
লে৷ মা তেতিয়ালৈকে
চাকি জ্বলালে৷ মই আথে
বেথে গৈ দুৱাৰৰ খিলিটো খুলি দিলোঁ৷ দুৱাৰ
খোলাৰ লগে লগে চকুত পৰিল দেউতাই দুখন হাতত দুটা বেগ লৈ চোতালত থিয় হৈ আছে৷ মই
ভিতৰৰ পৰা একেকোবে দেউতাৰ ওচৰ পালোঁগৈ আৰু তেওঁৰ হাতৰ পৰা মোনা দুখন ল
বলৈ হাত মেলিলোঁ৷ দেউতাই কলে— “চোৱাচোন চোৱা মোৰ সোণটোৱে এয়া কি কৰিবলৈ ধৰিছে, তুমি
নোৱাৰা অ
সোণ, বেগটো বহুত গধুৰ৷

দেউতা বেগত তুমি বহুত বস্তু
আনিছা নহয়নে
? পিছে মোৰ বাবে কিবা আনিছা নে নাই?”

আনিছোঁ অমোৰ সোণ, আনিছোঁ৷

মাৰ বাবেও আনিছা নে দেউতা?”

সকলোৰে বাবে আনিছোঁ৷ 

তুমি বৰ ভাল দেউতা, মোৰ বাবে অত বস্তু আনিছা৷

মা মোক মৰমসনা ধমকি এটা দি কলে— “অপু, তই দেউতাৰক ভিতৰলৈতো
সোমাবলৈ দে
, নে চোতালতে থিয় কৰাই থবি?”

মই পাহৰিয়ে গৈছিলোঁ যে দেউতাই তেতিয়াও
বেগ দুটা হাতত লৈ চোতালতে থিয় হৈ আছে৷ দেউতায়ো তেনেকৈয়ে মোৰ প্ৰশ্নৰ উত্তৰ দি আছে৷
ভিতৰলৈ সোমোৱাৰ চেষ্টা কৰা নাই৷ মই দেউতাৰ সন্মুখৰ পৰা আঁতৰি দিলোঁ৷ দেউতা এইবাৰ
ভিতৰলৈ সোমাই আহিল৷ টেবুলৰ ওপৰত বেগ দুটা থ
লে৷ বেগৰ ভিতৰত
কি কি আছে চাবলৈ মই একেবাৰে উদগ্ৰীৱ হৈ পৰিলোঁ৷ দেউতাক ক
লোঁ,
দেউতা কি কি আনিছা, মোক নেদেখুওৱা নেকি?”

‘‘তোমাক কিয় নেদেখুৱাম মোৰ সোণ! মোৰ মৰমৰ পুতাইৰ বাবে আনিছোঁ নেদেখুৱালে হব নে?”
কিন্তু মা আন এটা কথাহে কলে— “এতিয়া উলিওৱাৰ প্ৰয়োজন কি? অত দূৰ বাটকুৰি বাই আহিছে আগতে, হাতমুখ ধুই ভাত খাই লওক, ৰাতি ভালেখিনি হল৷
 

মাৰ কথা শুনি দেউতাই হাতৰ ঘড়ীটোলৈ চাই কলে “আঢ়ৈ‍ বাজিছে৷ তোমাৰ পুতেৰাই যেতিয়া চাবলৈ ইমান হেঁপাহ কৰিছে, আগে উলিয়াই দেখুৱাওঁ ৰবা৷

আপুনি যেনে আপোনাৰ লৰাও তেনে৷ ঠিক আছে দেখুৱাব বাৰু; প্ৰথমে ভাতকেইটা খাই লওক৷”— মা দেউতাক ভাত বাঢ়ি দিবলৈ পাকঘৰলৈ গল৷ দেউতাই হাত-মুখ ধুবলৈ বাহিৰলৈ ওলাই গল৷ ময়ো
দেউতাৰ পিছে পিছে বাহিৰলৈ গ
লোঁ৷ দেউতাই হাতমুখ ধুবলৈ ধৰিলে৷ সেই সময়ত মই মনে মনে থাকিব নোৱাৰি দেউতাক সুধিলোঁ
দেউতা মোৰ কাৰণে কি কি আনিছা বাৰু?”
 

বহুত কিবাকিবি আনিছোঁ৷ বেগ
খুলি চালে সকলো দেখা পাবা৷

মই যি যি আনিবলৈ কৈছিলোঁ তুমি
সকলো আনিছানে
?”
 

দেউতাই মোৰ কথাত বিৰক্ত নহৈ মৰমেৰে কলে— “অনাততো
সকলো আনিছোঁ৷

তোমাৰ মনত আছিল মই কি কি
আনিবলৈ কৈছিলোঁ৷

কিয় মনত নাথাকিব; সকলো মনত আছে অপুতাই৷

মাৰ বাবে যি যি আনিবলৈ
কৈছিলোঁ
, সেইবোৰো তোমাৰ মনত আছিল নে দেউতা?”
 

সেয়াও মনত আছে৷

ঠিক আছে৷ 

ডাক্তৰক দেখুৱালা নে দেউতা?”

ওঁ৷

ঔষধ দিছে নে?”

ওঁ দিছে৷

ভাল ঔষধ দিছে নে?”

ওঁ ভাল ঔষধে দিছে৷

ডাক্তৰজন বৰ ভাল নহয়নে দেউতা?”

ভালেই যেন লাগিল৷

দেউতাই হাত-মুখ ধুই ঘৰৰ ভিতৰত সোমাল৷ ভাত
খাবলৈ বহিল৷ দেউতাই মাক মোৰ বাবেও ভাত বাঢ়িবলৈ ক
লে৷ মই কলোঁ মই ভাত খালোঁ দেউতা৷

মায়ো দেউতাৰ সুৰত সুৰ মিলাই কলে পুতাই
খাৱ যদি দুটামান খা৷

মই কলোঁ নাই নাই, মোৰ ভোগ লগা নাই নহয়৷

তথাপি দেউতাই দুগৰাহ ভাত মোক খুৱাই দিলে৷ ভোক
নাথাকিলেও দেউতাৰ হাতেৰে দুগৰাহ ভাত খোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ৷ যোৱা সাত দিন ভাত
খাই অকণো সোৱাদ পোৱা নাছিলোঁ৷ আজি দেউতাৰ হাতৰ ভাত দুগৰাহ খাই ইমান তৃপ্তি পালোঁ
যে আৰু খাওঁ খাওঁ লাগিল৷ কিন্তু পেট অকণো খা
লী নাছিল৷ ইচ্ছা থাকিলেও খাব পৰা অৱস্থাত
নাছিলোঁ৷ মই বিছনালৈ গৈ বাগৰ দিলোঁ৷ কিছু সময়ৰ পাছত মাই দেউতাক সুধিলে
ডাক্তৰে কি কলে?”

তেনে বিশেষ একো কোৱা নাই৷
পৰীক্ষা নকৰিলে হেনো একো কৰিব নোৱাৰে৷ এক্স ৰে
আৰু তেজ
পৰীক্ষা কৰাব লাগিব৷

পৰীক্ষা কৰিবলৈ দিলে নে?”

নাই৷

কিয় নিদিলে?” 

যিখিনি পইছা লৈ গৈছিলোঁ,
এক্স ৰেআৰু তেজ পৰীক্ষা কৰা হলে অপুৰ কাৰণে একোৱেই আনিব নোৱাৰিলোঁহেঁতেন

এয়া আপুনি কি কলে? আপোনাৰ অসুখতকৈ অপুৰ বাবে বয়-বস্তু কিনাটো কিয়
বেছি জৰুৰী বুলি ভাবিলে
?”

পৰীক্ষা কৰালে আকৌ গৈ কৰাব
পাৰিম৷

আৰু বয়-বস্তুবোৰ পাছত কিনিব
নোৱাৰিলেহেঁতেন
?”

আহ মনে-মনে থাকিবা নে?
মোক শান্তিৰে খাবলৈতো দিয়া৷

 

মাৰ কথা বন্ধ কৰিবলৈ দেউতাই মাক মৃদু ধমকি দিলে৷
মা
একো
নামাতিলে
, আচলতে মা মনত অলপ বেজাৰ
পালে চাগে৷ মই যদি দেউতাক একো এটা আনিবলৈ ন
ক’লোঁহেঁতেন
দেউতাই এক্স ৰে
আৰু তেজ পৰীক্ষা কৰাব পাৰিলেহেঁতেন৷ দেউতাই
নিজেই কয় অসুখৰ লগত ধেমালি কৰিব নালাগে৷ কিন্তু নিজৰ বেলিকা এয়া কি কৰিলে
?
 

মই বিছনাৰ আকৌ নামি আহিলোঁ৷ আহি দেউতাৰ ওচৰত
বহিলোঁ৷ ক
লোঁ দেউতা মোৰ বাবে যি যি কিনি আনিছা, সেইবোৰ ঘূৰাই দিব পাৰিবা নে?”

কিয় ঘূৰাই দিম অসোণ?”

তুমি তেজ পৰীক্ষা নকৰাই মোৰ
বাবে এই বয়-বস্তুবোৰ কিয় আনিছা
? মোক ইয়াৰ এটাও নালাগে৷

ডাক্তৰে কৈছে কিছু দিন
পাছতো পৰীক্ষা কৰিব পৰা যাব, গতিকে চিন্তা
কৰাৰ কোনো কথা নাই৷

দেউতাৰ ভাত খোৱা শেষ হল৷ মোৰ নিজকে বৰ অপৰাধী
অপৰাধী যেন অনুভৱ হ
ল৷ দেউতাই তেওঁৰ অসুখৰ চিকিৎসা নকৰি মোৰ
ব্‌দাৰ পূৰণ কৰিছে৷ মই বিছনালৈ গৈ শুলোঁ৷
 

দেউতাই মাক কলে— “অপুৰ
বয়-বস্তুবোৰ উলিয়াম নে
?”

ৰাতিপুৱা উলিয়ালেও হব৷ এতিয়া সি শুইছে৷

ঠিক আছে৷ অপু ৰাতিপুৱা টোপনিৰ
পৰা উঠাৰ লগে লগে দেখুৱাবা কিন্তু দেই৷
”— দেউতাই ভাবিলে মই
টোপনি গৈছোঁ৷ দেউতা আৰু মা গৈ বিছনাত উঠিল৷
 

মই শুই আছোঁ ঠিকেই৷ টোপনি অহা নাই৷ মোৰ
দেউতাটো একেবাৰে বেঙা৷ নিজৰ চিকিৎসা নকৰি কোনে বাৰু এনেকৈ ল
ৰাৰ বাবে বয়-বস্তু কিনি আনে৷
দেউতাই কিনি আনিছে৷ দেউতাৰ বাবে মনটো বেয়া লাগিলেও ভগৱানক শ শ বাৰ ধন্যবাদ জনালোঁ
,
মোক এই মৰমিয়াল দেউতাজন দিয়া বাবে৷ ভগৱানৰ ওচৰত কাতৰে প্ৰাৰ্থনা
কৰিলোঁ
, দেউতা যেন সোনকালে সুস্থ হৈ উঠে৷