তলসৰা বকুলৰ সুৱাস

চয়নিকা ভূঞা

 

        বহু ৰাতি হল জানা, বহু গান হল গোৱা ৷
ৰাতিপুৱাবলৈ অলপ সময় তুমি জানানে নাজানা
…” কাদম্বৰীৰ
ফোনৰ ৰিংট
নত জিতুল সোণোনৱালৰ এই গানটো বাজি উঠিল ৷ ছয়-সাত
মিনিটলৈ বাৰে বাৰে কাদম্বৰীৰ মোবাইলৰ স্ক্ৰীনত গীতটো বাজি আছে ৷
  

             গানবোৰ বাজি থাকে ৷ অহৰহ বাজি
থাকে ৷ কেতিয়াবা জীৱনৰ গান ৷ কেতিয়াবা মনৰ গান ৷ কাদম্বৰীৰ মনৰ ভিতৰত নিৰ্জনতাৰ
গানো বাজি থাকে নিৰৱচ্ছিন্নভাৱে। ভাল লগা
, বেয়া লগা বহু ধৰণৰ গান উটি উটি জীৱন ঘাটলৈ আহি থাকে ;
ভাহি ভাহি ভটিয়াই গৈ থাকে ৷ তাৰ মাজতে জীৱন চক্ৰত কিছুমান গান
যুগমীয়া হৈ ৰয় ৷ কিছুমানে আকৌ জিৰণি লয় ৷ তথাপিও দূৰৈত ৰিণি ৰিণি বাজি থাকে এটা
মিঠা সুৰৰ
  ধ্বনি ৷

            বহু গান গাবলৈ থাকি যায় ৷ বহু কথা কবলৈ থাকি যায় ৷ গাই
যোৱা গানবোৰত প্ৰাণ নাথাকে ৷ সুৰৰ লহৰ বিচাৰি বহু সময়ত ঘুৰ্মুটিয়াই ফুৰিলেও ক
তো সুৰ বিচাৰি পোৱা নাযায় ৷ সুৰবোৰ বেসুৰীয়া হৈ পৰে ৷ জীৱনে বাট সলায় আৰু
বাটে ৰং ৷

         বহু সময় ফোনটো বাজি থকাৰ পাছত অনিচ্ছা সত্তেও কাদম্বৰীয়ে ফোনটো ৰিচিভ
কৰিবলৈ আগবাঢ়ি গ
   

    : কি খবৰ কাদম্বৰী ?? ভালে আছানে?
জীৱনৰ অংকবোৰ কৰি থাকোঁতে থাকোঁতে তোমাৰ খবৰ বহু
         দিন লোৱাই হোৱা নাই ৷ তোমাৰো
কোনো খবৰ নাই ৷ তোমাক এফ.বি.- টো বহু দিন একটিভ দেখা
             নাই  সকলো ঠিকেই আছেতো !!

    : আছোঁ দিয়া জীয়াই ৷ ভাল-বেয়া বুলি একো কথা নাই ৷
গতানুগতিক জীৱন ৷ পাৰ হৈ যোৱা সময়ক
             টানি-আজুৰি আনি সুৰৰ ৰাগীত
বহুৱাই দিছোঁ ৷ সুৰবোৰ বেসুৰীয়া হোৱাৰ ভয়ত জোৰা-টাপলি দি দি
         গান কৰিছোঁ ৷ সেয়াই বৰ্তমান
জীৱন ৷

    : কিয় তেনেকৈ কৈছা ? কিবা সমস্যা
?

    : নাই নাই, একো সমস্যা নাই ৷
মোৰনো কেতিয়াবা সমস্যা হোৱা শুনিছানে
? এটাৰ পাছত আন এটা
         সুৰ প্ৰতি মুহূৰ্ততে বাজিয়েই
থাকে ৷ লাগিলে সেইবোৰ সুৰত প্ৰাণ বা আত্মা নাথাককেই ৷ গানবোৰ কাষ
      চাপি চাপি আহে, আহিয়েই থাকে ৷ তাতকৈ ভাল কি হব আৰু !! কথাষাৰ কৈ
কাদম্বৰীয়ে জোখতকৈ
         অলপ বেছিকৈয়ে হাঁহি দিলে ৷

       হেৰাই যোৱা গানৰ সুৰ বুটলি বুটলি ভাগৰি
পৰা কাদম্বৰীৰ বাবে জী থকাটোও বৰ সহজ কথা নহয় ৷ সপোন দেখে কাদম্বৰীয়ে ৷ ফুলবোৰ
ফুলি থকাৰ সপোন ৷ তাইৰ হেঁপাহৰ বাগিচাখনত বহুৰঙী ফুলবোৰ ফুলি থাকে ৷ চৌপাশে কেবল
ফুলৰ সুৱাস ৷ ফুলি থকা ফুলবোৰৰ মাজত কিন্তু তাই বিচাৰি থকা ফুলপাহ নাই ৷ তাই
বিচাৰি থকা সেই বিশেষ ফুলপাহ ৷ বৰষুণৰ ফুল ৷

             গানবোৰ বাজি থাকে ৷ জীৱনৰ বাটত ফুলবোৰো ফুলিবলৈ আৰম্ভ কৰে
৷ বহুৰঙী ফুল ৷

            কাদম্বৰীৰ কথাৰ আঁৰৰ কথাবোৰ বুজিবলৈ নিয়ৰক বৰ বেছি সময়ৰ প্ৰয়োজন নহল ৷ 

            কেতিয়াবা নিৰৱতাৰ মাজতো বহু কথা বুজিব পাৰি ৷ কেতিয়াবা নোকোৱাকৈয়ো
বহু ব্যক্তিৰ মনৰ গভীৰতাত প্ৰৱেশ কৰিব পাৰি ৷
   

         আজি চাৰি বছৰৰ আগত কাদম্বৰীৰ
সৈতে প্ৰথম চিনাকি হৈছিল নিয়ৰৰ ৷ কাদম্বৰীৰ লেখা এটা পঢ়িয়েই এদিন নিয়ৰে ফেইচবুকত
কাদম্বৰীলৈ বন্ধুত্বৰ প্ৰস্তাব এটা পঠিয়াই বাৰ্তা বাকচত এটা বাৰ্তা দিছিল ৷ সেয়াই
আছিল কাদম্বৰীৰ সৈতে নিয়ৰৰ প্ৰথম চিনাকী পৰ্ব আৰু সেই প্ৰস্তাৱৰ আঁত ধৰিয়েই নিয়ৰ আৰু
কাদম্বৰীৰ মাজত বন্ধুত্বৰ এটা গাঢ় সম্পৰ্ক গঢ় লৈ উঠিছে ৷
 

            সম্পৰ্ক এটা গঢ় লৈ উঠিবলৈ বৰ বেছি আয়োজনৰ প্ৰয়োজন নাই ৷ হঠাৎ কোন
কেতিয়া কাৰ কাষ চাপি আহে কোনেও নাজানে ৷ হঠাতে পথত লগ পোৱা ব্যক্তি এজনৰ সৈতেও গঢ়
লৈ উঠিব পাৰে এটা যুগমীয়া সম্পৰ্ক ৷
 

          জীৱনমুখী গানবোৰ বাজি আছে ৷
আশা বাঢ়ি যায় ৷ কাঁইটেৰে ভৰপূৰ ফুলনিখনত হেঁপাহৰ ফুলপাহ বিচাৰি বিচাৰি কাদম্বৰীয়ে
খোজ আগবঢ়ায় ৷ এখুজি-দুখুজিকৈ খোজৰ গতি বাঢ়ে ৷ তথাপি বিচাৰি নাপায় সপোনৰ ফুলপাহ ৷
বৰষুণৰ ফুল ৷৷
 

        :  সমস্যা !!

        : তোমাৰটো কোনোদিনে একোৱেই
সমস্যা নাথাকে নহয় জানো
, কাদম্বৰী ??
 

        : তুমি নকলেও মই বুজি পাওঁ তোমাৰ যে কিবা সমস্যা হৈছে ৷

       : জীৱন আৰু সমস্যা !! কি যে কথাবোৰ সোধাঁ ৷
গানবোৰ শুনি শুনি আজিকালি মই ভাগৰি পৰোঁঁ ৷
         প্ৰিয়বোৰ অপ্ৰিয় হৈ উঠে ৷ 

        : ইমান সহজে ভাগৰুৱা হলে কেনেকৈ হ  !

        :সমস্যাৰ পৰা পলাব
বিচাৰোঁ আজিকালি মই ৷
 

       : ভাল নালাগে তুমি তেনেকৈ কলে ৷ বৰষুণৰ ফুল ফুলাব বিচৰা ছোৱালীজনীৰ মুখত এনে কথাই                 শোভা নাপায় ৷

         : সকলোৰে এটা সীমা থাকিব
লাগে
, সহ্যৰো ৷

        : সীমাৰ পৰিধি ভাঙিও
আঁকিব পাৰি জীৱন নাটৰ এখন সুন্দৰ ছবি ৷ বেসুৰীয়া সুৰত সুৰৰ ঝংকাৰ
             তুলিছা ৷ মৰহা সপোনত সুৱাস বিলাই তুুুমি বৰষুণৰ ফুল ফুলোৱাত আপ্ৰাণ
চেষ্টা অব্যাহত ৰাখিছা ৷
             এনেকৈও সুখী হব নোৱাৰি জানো কাদম্বৰী
?
 

        : নহলে যে উপায় নাই ৷ জীয়াই থাকিবলৈও কেতিয়াবা অভিনয়ৰ আশ্ৰয় লব লগা সময় আহি                     পৰে, অভিনয় কৰাৰো যে এক
সুকীয়া মাদকতা আছে
; নিয়ৰ ৷

           : বুজি পাওঁ ৷ 

           : বিশ্বাসঘাতক সময় ৷ 

           : ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখাঁ ৷ জীৱনমুখী গানতেই ফুলিব
এদিন বৰষুণৰ ফুল ৷

           : অসম্ভৱ ৷ ঈশ্বৰ মোৰ বাবে এটা বুজিব নোৱাৰা সাঁথৰ ৷
বিশ্বাসঘাতক সময় ৷ বিশ্বাসঘাতক ঈশ্বৰ ৷

          সময়ৰ লগে লগে জীৱনৰ প্ৰতি
কাদম্বৰীৰ ধাৰণা সলনি হৈছে ৷ সলনি হৈছে দৈনন্দিন ব্যৱহৃত বহু অংকৰ নিয়মাৱলী ৷ এয়া
সময়ৰ ওচৰত নিৰ্ভৰশীল সময়ৰ কথা ৷ জটিল সময়ৰ বুকুত জিলিকি থকা মুখৰ আঁৰৰ কুটিলতাত
অংকৰ সূত্ৰ হেৰুৱায় বাৰে বাৰে দিশহাৰা হয় কাদম্বৰী ৷ আজিকালি কাদম্বৰীৰ পুতৌ জন্মে
জীৱনৰ নিমিলা অংকবোৰলৈ ৷

          কাদম্বৰীৰ জীৱনত এপাহ-দুপাহকৈ
ভালপোৱাৰ ফুলবোৰে কলি পেলায় ৷ মনৰ গভীৰত প্ৰিয় সুৰে ঝংকাৰ তোলে ৷ সুৰৰ ধ্বনিত ফুলে
পাহি মেলে কিন্তু সেই সুৰত আত্মা নাথাকে ৷ আত্মাবিহীন সুৰ ৷ সময়ৰ লগে লগে সেই সুৰ
কাদম্বৰীৰ শৰীৰৰ পৰা ক্ৰমে মন-মগজুলৈ বিয়পি পৰে ৷ সুৰবোৰ আপোন হৈ পৰে ৷ সুৰৰ ৰাগীত
মতলীয়া হৈ কাদম্বৰীয়ে সপোন দেখে ৷ কিন্তু সকলো মিছা ৷ সকলো অৰ্থহীন ৷ আত্মা নোহোৱা
সুৰত জানো প্ৰিয় গীতৰ জন্ম হয়
? 

        ইমান পৰে শুনি থকা গানবোৰ
তেনেহ
লে
কি আছিল ! ভ্ৰম নে সপোন ৷ নাই নাই ই কেতিয়াও ভ্ৰম হ
ব নোৱাৰে
৷ ইতো বাস্তৱ ৷ ইতো কাদম্বৰীৰ দেহ-মন সকলোতে বিৰাজমান ৷
     

           মুখৰ আঁৰৰ মুখে কাদম্বৰীক খেদি ফুৰে ৷ অশৰীৰী আত্মাই তাইক বিচলিত কৰে
   

            অশুভ সময়তো কাদম্বৰীয়ে এটা সপোন দেখে ৷ এটা জীয়া সপোন ৷ 

           : কি হল কাদম্বৰী ?  মই যে তোমাক কিবা এটা সুধিছিলোঁ, তুুুুমি একো নজনালা
যে
, কিয় ?
 

           : মইমানে 

          : তুমি মোক চকু মুদি বিশ্বাস কৰিব পাৰাঁ কাদম্বৰী ৷ হাতখন আগবঢ়াই
দিয়াঁ।
  সময়ে বিশ্বাসৰ                     জৰীৰে  বান্ধ খুৱাই পেলাব ৷ 

          : কথাবোৰ ইমান সৰলৰৈখিক
নহয় ৷ বিশ্বাসেই যে বিশ্বাঘাতকতা কৰে
  ৷ বিশ্বাসঘাতকতাৰ বুকুতে               অজস্ৰ বিশ্বাসৰ জন্ম হয়।
কিন্তু সেই বিশ্বাসক জানো বিশ্বাস কৰিব পাৰি ৷ সকলোৱে সকলো
                     জানে ৷ সকলো বুজে ৷ কিন্তু জানি-বুজিও অৰ্থহীন ৷ সেইবোৰ মাথো
নিয়মমাফিক কথা ৷
 

            : মোকো তেনেকৈয়ে ভাবানে ?  সেই অবিশ্বাসৰ মাজতে
যদি বিশ্বাসৰ সূত্ৰ জন্মে !
 

           : নাজানো ৷ ভয় হয় আজিকালি মানুহক বিশ্বাস কৰিবলৈ ৷
বিশ্বাস-অবিশ্বাসৰ মাজত দোদুল্যমান সময় ৷ বিশ্বাস যেতিয়া এটা শব্দত সীমাবদ্ধ হয়
,
তেতিয়া জানো বিশ্বাসৰ ভৰ জুখিব পাৰি ! ভালপোৱাৰ গভীৰতাত যেতিয়া
অজুহাতে প্ৰাধান্য পায়
, তেতিয়া আৰু সেই ভালপোৱাৰ প্ৰতি মোৰ
কোনো আকৰ্ষণ নাথাকে ৷ মই কি ক
ব বিচাৰিছোঁ তুমি বুজিছানে
নিয়ৰ
?
 

          : বুজি পাওঁ তোমাক,
নতুনকৈ আৰু মোক কৈ বুজোৱাৰ প্ৰয়োজন নাই কাদম্বৰী ৷ তোমাৰ সেই
অবিশ্বাসৰ ছবিখনৰ ঠাইত মই এখন বিশ্বাসৰ ছবি নতুনকৈ আঁকিব বিচাৰিছোঁ ৷
 

            : আৱেগত কোৱা কথা স্থায়ী নহয়, নিয়ৰ
৷ বিবৰ্ণ সময়ে জানো সেই ৰঙৰ ভৰ সহিব পাৰিব
?
 

       : আৱেগক সামৰি-সুতৰি জীৱনৰ অংকত কেতিয়াবাই
ব্যস্ত হৈ পৰিলোঁ ৷ এতিয়া আকৌ তুমি আৱেগৰ কথা কোৱাঁ ৷
 

            : তুমি পাহৰি গৈছা, কথা কবলৈ যিমান সহজ সেই কথা বাস্তৱত পালন কৰা সিমানেই কঠিন ৷ 

            : মই জানো ৷ মই বুজি পাওঁ ৷

            : মই ভয় কৰোঁ তেনে প্ৰস্তাৱক ৷ মোৰ চৌপাশে বাজি থকা
গানবোৰে যেতিয়া হৃদয়ত টোকৰ মাৰে তেতিয়া সেই সুৰক মই আত্মাত থিতাপি ল
বলৈ দিবলৈ যোঁ-জাঁঁ কৰোঁ ৷ কিন্তুকিন্তু সেয়া
আত্মাবিহীন সুৰৰ ধ্বনি ৷ তেনে আত্মাবিহীন সুৰে মোক কোনো দিনেই টলাব নোৱাৰে ৷ তেনে
অজুহাতৰ গইনাত গঢ় লৈ উঠা খেল এখত মই কেতিয়াও আগ-ভাগ ল

নোৱাৰোঁ ৷ সেয়া মোৰ বাবে অসম্ভৱ ৷ তেনে অসম্ভৱক মই সম্ভৱ কৰিব নিবিচাৰোঁ
, নিয়ৰ ৷
 

       ভাল লগাবোৰ তেতিয়ালৈ প্ৰিয় হৈ নাথাকে ৷
হঠাৎ বাজি থকা গানত অন্তৰা হেৰায়
, বাটে অবাটে বাট লয় ৷ 

         অক্ষমতাই প্ৰধান অজুহাত ৷ অজুহাত ক্ৰমাৎ খেললৈ পৰিৱৰ্তিত হয় ৷ অজুহাতৰ গইনা লৈ
খেলখন আৰম্ভ হয় ৷ চলি থাকে ৷ চলিয়েই থাকে ৷
 

          : সেই অসম্ভৱক মই সম্ভৱ
কৰিব বিচাৰোঁ কাদম্বৰী ৷ য
ত অজুহাত আঁতৰি আত্মা আহিব ৷

        : তুমিতো জানাই পৃথিৱীৰ
সকলোতকৈ
  পৱিত্ৰ শব্দটোৱেই হৈছে
বন্ধুত্ব ৷ সেই পৱিত্ৰ সম্পৰ্কত দুটি আত্মা বান্ধ খাই থাকে ৷ সেই বান্ধোনৰ পৰা
মুক্তি বিচাৰা নেকি
? অনুগ্ৰহ কৰি তেনে এটা পৱিত্ৰ শব্দক
কলুষিত নকৰিবা নিয়ৰ৷

          এটি সুন্দৰ গান সৃষ্টি
বলৈ যিদৰে এটি সুন্দৰ সুৰৰ প্ৰয়োজন ঠিক সেইদৰে ভালপোৱা
অথবা প্ৰেমৰ বাবেও এটা সুস্থ শৰীৰৰ প্ৰয়োজন ৷ আৱেগৰ যুক্তিবোৰ ক
ৰবাত উফৰি পৰে ৷ আধিপত্য চলে সৰ্বত্ৰ বাস্তৱৰহে, সপোনৰ
নচলে ৷
 

           ফুলবোৰ ফুলি আছে ৷ বহুৰঙী ফুল
৷ অজুহাতৰ গইনাত গঢ়ি উঠা খেলখনো চলি থাকে ৷ কাদম্বৰীৰ সাহস নহয় ৷ সাহস নহয় তাই
খোজৰ গতি বঢ়াবলৈ ৷
  

           মুখৰ আঁৰৰ বহু মুখত ওলমি থাকে একোটা মিছলীয়া সত্তা ৷ 

          সময়ৰ ওচৰত আজি কাদম্বৰী
নিৰুপায় ৷ সন্দেহৰ পোক এটাই আজিকালি কাদম্বৰীক শান্তিৰে জী থাকিবলৈ নিদিয়ে ৷ অহৰহ
খেদি ফুৰে সেই পোকটোৱে ৷ সকলোতে সন্দেহ আৰু সন্দেহ ৷ যিটো সন্দেহৰ পোকে এতিয়া গতি
কৰিছে নিয়ৰলৈ ৷

          আত্মাবিহীন সম্বন্ধত
বিশ্বাসৰ জোৰা-টাপলিও চলি থাকে ৷
 

          হেঁপাহৰ বাগিচাখনত
তেতিয়াও ফুলবোৰ ফুলি আছিল ৷ বহুৰঙী ফুল ৷ জীৱনমুখী ফুল ৷

          আত্মাবিহীন সুৰবোৰ বাজি
আছে ৷ বাজিয়েই থাকিব দূৰ-দিগন্তলৈ আৰু কাদম্বৰী
কাদম্বৰী
ওলমি থাকিল এটা পেন্দুলাম হৈ ৷

         তেতিয়াও দূৰৈত নিয়ৰে এপাহ ফুল
লৈ ৰৈয়ে আছে ৷ বৰষুণৰ ফুল ৷
  

  —— 

ঠিকনা :

বাৰভূঞা গাওঁঁ

চতিয়া -৭৮৪১৭৫

বাইল-৯৭০৭০৫৯৬১২