সৌমিত্ৰ চেটাৰ্জীৰ দুটা কবিতা

 শ্ৰদ্ধাঞ্জলি

সৌমিত্ৰ চেটাৰ্জী৷ বাংলা চিনেমাৰেই নহয়, বিশ্ব চলচ্চিত্ৰৰ এজন
কিংবদন্তীস্বৰূপ অসাধাৰণ প্ৰতিভাসম্পন্ন মহাশিল্পী
, গণশিল্পী,
প্ৰচ্ছন্ন ভদ্ৰলোক৷ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু সত্যজিত ৰয়ৰ পিছতেই বাংলা
কলাজগতৰ এজন
ওখ মানুহ৷ সত্যজিত ৰয়ৰ
সৈতে তেখেতৰ অতুল্য কলাৰ ৰসায়নেৰে সৃষ্টি হৈছিল চৈধ্যখনকৈ মাষ্টাৰপি
ৰ৷ অপু ত্ৰিলজী, জয়
বাবা ফেলুনাথ
, চাৰুলতা, অৰণ্যেৰ দিন
ৰাত্ৰি
, সোণাৰ কেল্লা, ঘৰে বাইৰে,
জলসাঘৰ
আদিৰ দৰে ফিল্ম ভাৰতীয় চিনেমাৰ
চিৰকালীন সম্পদ৷ তপন সিনহা
, মৃণাল সেন, তথা তুলনামূলকভাৱে নতুন, অতনু
ঘোষৰ দৰে স্বাক্ষৰ পৰিচালকৰ সৈতে তেখেতৰ যুটীয়ে চিনেমাৰ পৃথিৱীক ক্ষুধিত পাশান
,
জিন্দাৰ বন্দী, আকাশ কুসুম, য়ূৰাক্ষী আদিৰ দৰে ছবিৰে সমৃদ্ধ কৰিছে৷ বিশ্ব
চিনেমাৰ ইতিহাসৰ অবিস্মৰণীয়
ভাৱে‍ শক্তিশালী যুটি— যেনে মিফুন
আৰু আকিৰা কুৰোশ্বাৱা
, মেষ্ট্ৰোয়ানি আৰু ফেডেৰিকফেলিনি, মেক্স ভন চিডআৰু
ইংমাৰ বাৰ্গমেনৰ যুটীৰ দৰেই সত্যজি
-সৌমিত্ৰৰ যুটীও আছিল
ভাৰতীয় চিনেমাৰ বাবে এক আশীৰ্বাদ৷

এগৰাকী কিংবদন্তী অভিনেতা, নাট্যকাৰ তথা পৰিচালকৰ বাহিৰেও
সৌমিত্ৰ চেটাৰ্জী আছিল এগৰাকী সংবেদনশীল কবি তথা আবৃত্তিকাৰ৷ তেখেতৰ গহীন
, সুশ্ৰাব্য কণ্ঠ, পৰিশীলিত, মাৰ্জিত
আৰু সুসমন্বিত ভাৰসাম্যযুক্ত সুন্দৰতম
কণ্ঠ আৰু স্বৰ বন্ধন
তেখেতৰ আবৃত্তি তথা কথনকলাৰ হৃদয়শক্তি৷ কবিগুৰু ৰবীন্দ্ৰনাথৰ শেষেৰ কবিতা
,
গীতাঞ্জলি, শেষ বসন্ত
; জীনানন্দ দাশৰ বনলতা
সেন
, দৰ্প কবীৰৰ বসন্ত
নয় অৱহেলা
, শিশিৰ চন্দৰ মৃত্যু, তিনপাত্তি খেলি আয় (চৈতী
হাওৱা
কাব্যসংকলনৰ অন্তৰ্গত), পৃথ্বিৰাজ
চৌধুৰীৰ ইতি অপু
, সুকুমাৰ ৰয়ৰ আবোল তাবোল,
গোঁফচুৰি আদি সুশ্ৰাব্য কবিতাৰ লগতে
নিজে ৰচনা কৰা কবিতাস
মূহৰ আবৃত্তিতো সৌমিত্ৰ চেটাৰ্জীৰ কণ্ঠই যি কৰুণ, শক্তিশালী, কল্পনাতীত
কাব্যিকতাৰ আৱাহনী বা
গ্‌ধাৰাৰ সৃষ্টি কৰিছিল, সি হয়তো সতকাই পুনৰ সৃষ্টি নহব৷ তেখেতৰ এই বহুমুখী
প্ৰতিভা
আৰ্জিত’-তকৈ বহু গুণে বেছি অন্তর্নির্মিত আছিল৷ সময়, পৰিচালক
আৰু নিজৰ উৎসৰ্গিত অনুশীলনে
মাথোঁ ইসমূহক শাণ দি চোকা তৰোৱালৰ দৰে উজ্জ্বল কৰি তুলিছিল৷ বংগৰ বাহিৰৰ অতি কম
মানুহেহে সৌমিত্ৰ বাবুক এজন সুকবি বুলি জানে৷ নগৰকেন্দ্ৰিক স্বৰৰ প্ৰাধান্যৰে
তেখেতৰ কবিতাই সেই পৃথিৱীৰ ৰং উন্মোচিত কৰিছিল
, যাক তেঁও
ভালদৰে জানিছিল আৰু যাৰ মাজেৰে তেঁওৰ অবিৰত যাত্ৰা আছিল— সেই চিনাকি পৃথিৱীৰ ভৌতিক
বহিৰ্ভাগ আৰু তেঁওৰ
ভ্যন্তৰীণ পৃথিৱীৰ মনস্তাত্ত্বি‍ক যাত্ৰাৰ প্ৰকাশ আছিল তেঁওৰ কবিতাৰ বৈশিষ্ট্য৷ তেখেতে
লিখিছিল কৃষ্ণাংগ গায়ক
, মাৰ্কিন ফ্ৰিৱেৰ কথা, চোটানাগপুৰ মালভূমিত সূৰ্য্য ডুব যোৱাৰ কথা আৰু বৰফ হৈ পৰা ভূমিদৃশ্যৰ কথা,আত্মবিস্মৃত নদী সাগৰ হৈ
পৰিছিল
’, আৰু নিশ্চিতভাৱেই, প্ৰেমৰ কথা,
ভালপোৱাৰ কথা৷

তেখেতৰ কবিতাই মানৱ চৰিত্ৰ
সূক্ষ্মাতিসূক্ষ্ম দিশস
মূহো
উন্মোচন কৰিছিল, ঠিক তেখেতৰ ফিল্ম চৰিত্ৰৰ
দৰেই৷ মানুহৰ মান
ৱীয় দুৰ্বলতা, ভঙ্গুৰতা,
অপ্ৰত্যাশিত মানতাৰ পৰা আৰম্ভ কৰি মধ্যবিত্তৰ
ভেদ্য দুৰ্বলতালৈকে তেখেতৰ কবিতাৰ ব্যাপ্তি আছিল৷
ৱাকিং
থ্ৰো দ্য মিষ্ট
তেখেতৰ
  পঞ্চাটা কবিতাৰ এক অবিস্মৰণীয় সংকলন৷

‘‘মানুহ সাৰ পাই উঠে, স্বপ্নভংগৰ কথকতাত,
নিদ্ৰাহীনতা,
স্বপ্নহীন মানুহৰ বৈভৱী বিলাস৷’’
(‘কেপ্তিভ, আৰ য়ু এৱেক’, ‘ৱাকিং থ্ৰো দ্য মিষ্ট’-ৰ অন্তৰ্গত)
জাগতিক মহাপ্ৰয়াণত দাদাচাহেব বঁটাৰে সন্মানিত, পদ্মশ্ৰী, সৌমিত্ৰ চেটাৰ্জীলৈ আমাৰ প্ৰণাম৷

(সম্পাদনা কক্ষ, অন্যযুগ)


সৌমিত্ৰ চেটাৰ্জীৰ দুটি
কবিতা
অনুবাদ: ড° দীপশিখা ভাগৱতী 
১) কুঁৱলীৰ মাজেৰে খোজ লঁওতে (Walking
through the Mist)
কুঁৱলীৰ মাজে মাজে যদি পদব্ৰজে বাট লওঁ,
মই চাগৈ স্পৰ্শ কৰিব পাৰিম 
তোমাৰ নিঃসংগ কাৰুণ্যক,
বা হয়তো কাহানিও নোৱাৰিম৷
এই সেমেকা, উত্তৰ গ্ৰীষ্মৰ আবেলি
উদাস সোঁৱৰণিৰ খিৰিকী জুৰি,
সেই স্মৃতি৷
কামতেই বুৰ গৈ গৈ এদিন মোৰ দিন শেষ হৈ সন্ধ্যা
নামিছিল
,
এদিন, হয়তো বহু দিন,
আনকি মোৰ দীৰ্ঘতম প্ৰাত্যহিক যাত্ৰাৰো ৰ্ধ্বত
মই দেখিছিলোঁ তোমাৰ দুচকুৰ সন্তাপ দৃষ্টি,
কিন্তু কোনোদিনেই ভৰাই তুলিব নোৱাৰিলোঁ 
তোমাৰ নিৰ্জনতাৰ আন্ধাৰ চাকি৷
এতিয়া, কুঁৱলীৰ সুহুৰিত
মই খেপিয়াই ফুৰোঁ
তোমাৰ আৰু মোৰ মাজৰ 
কেতিয়াও ঘূৰি নহা সেই নিৰুদ্দিষ্ট সময়ৰ
প্ৰতীতি৷
 
২) কোনোবা এদিন 
(Someday)
কোনোবা এদিন
মোৰ দেহত সাৰ পাই উঠে
এখন নদীৰ কথা৷
পাৰাপাৰ ভঙা জলযাত্ৰাৰ সুতীব্ৰ পৰিধি ভাঙি
সকলো সুৰক্ষিত সত্তা উটি-ভাহি যোৱা
সেই মূষলধাৰ নদ্যবাহৰ গাথা৷
কেতিয়াবা
ভালপোৱাই জন্ম দিয়ে কি উত্তাল তৰংগ মাত্ৰা৷
জনাকীৰ্ণ দোকানবজাৰদপ্তৰখানা
বিলীন হৈ পৰা 
সেই প্ৰচণ্ড সমুদ্ৰ ধুমুহা৷
কোনোদিন,
সৌন্দৰ্যসন্ধানী শোকৰ শব্দই 
আকাশবতাহ ভৰাই তোলে বসন্তৰ গানেৰে—
কোনোবাদিনা,
তোমাক নিদ্ৰাৰ পৰা জগাবলৈ 
এখন নদীয়ে মৃদংগ বজায়,
বসন্ত সংগীতে তোমাক নিশ্চিতি দিয়ে,
যি অবৰ্তমান, সি হেৰাই যাব নালাগিছিল,
সোঁৱৰণি‍ ঘূৰি আহে পৰমৰ দৰে,
ঘূৰি আহে সত্য হৈ,
কেতিয়াবা৷ ______________________________________________________________________________________

সংলগ্ন কৰিব লগীয়া ফটো তিনিখন:

ক্ৰিকেটাৰৰ ৰূপত সৌমিত্ৰ চেটাৰ্জী , ইডেন গাৰ্ডেন, কলকাতা