পল এলুৱাৰ্দৰ কবিতা

ইংৰাজী অনুবাদ : জন হেইজ

অসমীয়া অনুবাদ : প্ৰশান্ত মিশ্ৰ 

(কবি পৰিচয় : এগৰাকী প্ৰখ্যাত ফৰাচী কবি (১৮৯৫-১৯৫২)আৰু ফ্ৰান্সৰ অধিবাস্তৱবাদী (Surrealism) আন্দোলনৰ অন্যতম পৃষ্ঠপোষক। দ্বিতীয় মহাযুদ্ধৰ সময়ত নাজীবাদ বিৰোধী কবিতাৰ যোগেদি সমগ্ৰ বিশ্বত খ্যাতি লাভ কৰে।)

পাঁচটা হাইকু  

বতাহজাক

অমীমাংসিত 

বায়ুৰ চুৰটৰ কুণ্ডলী পকায়

নিমাত ছোৱালীজনীয়ে কথা কয় :

এয়া কলাৰ অপূৰ্ণতা

এয়া অবোধ্য বক্তব্য

বজাৰত নতুন গাড়ীৰ উদ্বোধন 

চাৰিজন ছহিদৰ মূৰ

চকাৰ পাকঘূৰণিৰ তলত

আঃ! সহস্ৰ ৰহ্নিশিখা,একুৰা জুই,

পোহৰ, এটি ছাঁ!

বেলিটোৱে মোক খেদি ফুৰিছে

শীৰৰ মুকুটত এটি পাখিয়ে দিলে

লঘিমাৰ পৰশ :

চিমনীটো ধোঁৱাইছিল।