সাঁথৰৰ খেলা

অত্ৰেয়ী গোস্বামী

আহা আহা মইনাহঁত
খেল এটা খেলোঁ, মই
সোধাটোক
আমি সাঁথৰ বোলোঁ৷
হাবিত কাহে ওলাই নাহে
কোৱাচান কি?
কুঠাৰ বুলি ক’ব
পাৰিলে
কোচত ল’ম তুলি৷
 
আৰু এটা সাঁথৰ আছ
জানানে তোমালোকে?
মাক জতুলি-পুতুলি
পুতেকক চোকাটেকলা
বোলে৷
কণমইনাই তপৰাই ক’লে
তোমালোকে কোৱা, মোৰ
কাম নাইকিয়া,
উত্তৰটো মইহে ক’ম
বুলি জলকীয়া৷
 
বাৰু বাৰু কোৱাচোন
মাত আছে, মানুহ
নাই
বস্তুটো কি?
ৰোডিঅ’ বুলি তুমি
বাৰু
পাহৰি গ’লা নেকি?
 
বাঃ বাঃ কি যে মজা
আৰু এটা কোৱা
মাত
নাই
, মানুহ আছে
নাম এটা দিয়া৷
ইস্  ৰাম, ভয় লাগে
ক’বলৈ মৰিশালি
থাকক আজি ইমানতে
সাঁথৰৰ মিতিৰালি৷
———————— 

 

ঠিকনা:
অত্ৰেয়ী গোস্বামী

তিতাবৰ,যাৰহাট

মাবাইলঃ ৯১০১৫৩৫৭৭৩