অ’ জীৱনান্ত

মৃদুল শৰ্মা


(অনুভৱ তুলসীৰ সশ্ৰদ্ধ সোঁৱৰণত)

কেতিয়ানো তুমি মোক  স্পৰ্শ কৰিলা?

কৰমৰ্দন? আলিঙ্গন? চুম্বন?

নে তোমাৰ স্পৰ্শৰেই মই মই হৈছিলোঁ

আৰু কি তাৰ পাছতে মই মৰিলোঁ!

তোমাৰ আহ্নিক স্পৰ্শতো মই জী আছোঁ

তোমাৰ নিৰন্তৰ আলিঙ্গনৰ চেপা খায়ো

মই ৰৈ যোৱা নাই

মই গৈ আছোঁ

সময়ৰ মাজেদি অনবৰতে

তোমাৰ সৈতে যিকোনো মুহূৰ্ততে

অন্তিম সাক্ষাতৰ আশাৰে

আশা নে আশংকা

অ’ জীৱনান্ত! মৃত্যু মোৰ

মই লিখি থ’ব পৰাকৈ নিশ্চিত তোমাৰ সৈতে

মোৰ  মিলন

সেয়ে তোমাতকৈ আপোন মোৰ কোনো নাই

একো নাই তোমাৰ বাহিৰে মোৰ সম্পদ

আশা নে আশংকা তুমি

অ’ জীৱনান্ত! মৃত্যু মোৰ

***

ঠিকনা :

বাগেশ্ৰী

উপপথ  বি, জোনাকী পথ

খনীয়া গাঁও, িডব্ৰুগড়-৭৮৬০০৩