দাদুল দেৱকৃষ্ণ




(যোৱা সংখ্যাৰ পাছৰ অংশ) 

— ‘‘পৃথিৱীৰ উপৰিভাগ আৰু খোলাটোৰ
ভিতৰত কি কি আছে সেইখিনি কথা বাৰু কালি জানিলোঁ। আজি নতুন কথা ক
ব লাগিব কিন্তু।পুৱাতেই দেউতাকক ধৰিলেহি
বনানিয়ে। মুঠতে তাইক প্ৰকৃতিৰ বিষয়ে সকলো কথা ক
বই
লাগিব দেউতাকে!
’’

‘‘পানীৰ কথাও কৈছিলোঁ নহয়।
অৱশ্যে পানী কিদৰে সৃষ্টি হয় সেই বিষয়েহে কোৱা নাছিলোঁ।
’’— দেউতাকে কলে।

‘‘আজি তেন্তে পানীৰ বিষয়েই কওক!’’
বনানি উদগ্ৰীৱ হৈ উঠিল।

‘‘তুমি কোৱাঁচোন বাৰু পানীৰ
বিষয়ে কি জানা
?’’ — দেউতাকে বনানিকহে ঘূৰাই সুধিলে।

— ‘‘মই বেছি নাজানো নহয়।’’

— ‘‘যি জানা তাকে কোৱাঁ। এটা
বাক্য হ
লেও কোৱাঁচোন।’’

‘‘পানীয়েই প্ৰাণীৰ প্ৰাণ।’’
বনানিয়ে পাল মাৰিলে।

‘‘বৰ টেঙৰ হৈছা দেই তুমি।’’
দেউতাকে হাঁহিলে।

‘‘এতিয়া আপুনি কওক।’’ — চকু টিপিয়াই হাঁহিলে বনানিয়ে। তাই জানে, দেউতাকে
বই।

‘‘পানীৰ আন এটা নাম জল। তদুপৰি
সলিল
, নীৰ, অম্বৰ, অনিল আদি শব্দৰেও পানীক বুজোৱা হয়। পানী হৈছে অজৈৱ, স্বচ্ছ, স্বাদহীন, গন্ধহীন
আৰু প্রায় বর্ণহীন এক ৰাসায়নিক পদার্থ।
’’ — দেউতাকে
আৰম্ভ কৰিলে।

‘‘আপুনি কৈছিল যে, পৃথিৱীৰ জলভাগতেই প্ৰথম জীৱ সৃষ্টি হৈছিল।’’ — বনানিৰ মনত পৰিল।

‘‘বাহ্, মনত
আছে তোমাৰ। বৰ ভাল কথা দেই। ঘাই কথা হ
পৃথিৱীৰ পানীভাগ বা জলমণ্ডল (hydrosphere) যিকোনো
জীৱকোষ বা উদ্ভিদ-কোষৰ প্রধান উপাদান। সেয়ে কোৱা হয়
পানীয়েই
প্ৰাণীৰ প্ৰাণ।

যদিও পানীয়ে কোনো প্রাণী বা উদ্ভিদক
কোনো ধৰণৰ শক্তি বা জৈৱ পৰিপোষক যোগান নধৰে
,
তথাপি এই কথা সকলোৱে জানে যে, সকলো ধৰণৰ
প্ৰাণ বাচি থাকিবৰ বাবে পানী নহ
লে নহয়েই। তাতেই লুকাই
আছে
পানীয়েই প্ৰাণীৰ প্ৰাণবোলা
কথাষাৰৰ প্ৰকৃত অৰ্থ। পৃথিৱীৰ উপৰি আন আন গ্ৰহ-উপগ্ৰহত জীৱ আছেনে নাই বা সেইবোৰত
মানুহৰ বসতি কেনেবাকৈ সম্ভৱ হ
ব নেকি আদি বিষয়
পৰীক্ষা-নিৰীক্ষা কৰাৰ আগেয়ে তেনেবোৰ ঠাইত পানীৰ অৱস্থিতি আছেনে নাই বিজ্ঞানীসকলে
তাৰহে গৱেষণা কৰে। মুঠতে এটা কথা সাধাৰণভাৱে ক
ব পাৰি যে,
তেই পানী ততেই
প্ৰাণ।

‘‘পানী নহলে সেয়ে গছ-বন শুকাই যায়, খেতি-বাতি নহয়।’’
বনানিয়ে কথাখিনি শুনাৰ পাছত কলে।

‘‘পানী নহলে প্ৰকৃতিয়েই নাথাকিলহেঁতেন।’’— দেউতাকে কলে।

‘‘ঠিকেইতোপানী নহলে নহয়েইচোন। সকলোকে জীয়াই থাকিবলৈ
পানী লাগেই। পানী নথকা ঠাই এখন কেনে হ
ব পাৰে সেয়া
চকুহাল মুদি অনুমান কৰিব বিচাৰিলে বনানিয়ে। নাই
, তেনে
এখন পৃথিৱীৰ কথা তাই ভাবিবই নোৱাৰে। কেৱল বনানিয়েই নহয়
, কোনেও পানীবিহীন পৃথিৱী এখনৰ কথা ভাবিব নোৱাৰে!

জল বা পানীৰ ৰাসায়নিক সংকেত হH2O। অর্থাৎ পানীৰ এটা অণু এটা অক্সিজেন পৰমাণু আৰু দুটা হাইড্রজেন পৰমাণুৰ সমযোজী বন্ধনেৰে গঠিত। এই H2O যৌগটোৰ এটা প্রধান বৈশিষ্ট্য হঅপেক্ষাকৃত
অলপীয়া তাপমাত্রাৰ পৰিসৰৰ মাজত ইয়াৰ তিনিটা বিভিন্ন অৱস্থা পৰিলক্ষিত হয়

কঠিন, তৰল আৰু বায়ৱীয়। সমান
বায়ুমণ্ডলীয় চাপত ০
°‌–১০০°
চেলচিয়াছ তাপমাত্রাৰ ভিতৰত H2O
 তৰল অৱস্থাত থাকেএই তৰল H2O-কেই
পানী বা জল বোলা হয়।
’’

 

‘‘এটা কথা নহয় দেতা, আমিযে পানী পানী বুলি কথা পাতি আছোঁ; ‘পানী
শব্দটো বাৰু কোনে উলিয়াইছিল প্ৰথমে?’’— বনানিৰ জানিবলৈ মন গল।

‘‘তুমি দেখিছোঁ কম নহয় দেই! গুৰুতকৈ শিচ্ সিয়ান, খুছৰি খুছৰি লয় গিয়ান
কথাষাৰ দেখিছোঁ তুমি সঁচা বুলি প্ৰমাণ কৰি দিছা।’’

‘‘জানিবতো লাগিবই। সেয়ে সুধিছোঁ।
কওকচোন।
’’ — বনানিৰ সঁচাকৈয়ে কৌতূহল জাগিছিল।

পানী শব্দটোনো কেনেকৈ, কোনে প্ৰথম ব্যৱহাৰ কৰিছিল
বনানিৰ দেউতাকে সঠিককৈ নাজানে। তেওঁ এটা কথা জানে যে
, পানীয়
[সংস্কৃত ধাতু পা + অনীয়] শব্দটি সামান্য পৰিৱর্তিত হৈ
পানী
শব্দৰ উৎপত্তি হৈছে। এই শব্দটোৰ উৎপত্তি এনেধৰণৰসংস্কৃত ধাতু পানি্ + অ = পানী। অসমীয়াত পানী। ইংৰাজীত Water। এই water শব্দটো আহিছে পুৰণি ইংৰাজী শব্দ w
æter-ৰপৰা। বেলেগ বেলেগ ভাষাত বেলেগ বেলেগ শব্দৰে পানীক বুজোৱা হয়।

‘‘পানীৰ বিষয়ে চমুকৈ কবলৈ বৰ জটিল। মানে চমুকৈ কব নোৱাৰি বুলিবই
পাৰি। আমি আগলৈ কেতিয়াবা এই বিষয়ে বহলাই পাতিম। কাৰণ এইবোৰ কথা পাতি থাকিলে
তোমাক প্ৰকৃতিৰ বিষয়ে কওঁতে বহুত দিন লাগি যাব। তদুপৰি বায়ুমণ্ডলৰ কথা পাতিবলৈ
আছেই।
’’

‘‘
তেন্তে
; পানীৰ বিষয়ে আগলৈ বহলাই পঢ়িবলৈ পাম চাগে।’’
বনানিয়ে দেউতাকৰ কথাখিনি শুনি কলে।

‘‘কাইলৈ বায়ুমণ্ডলৰ বিষয়ে কম। হ?’’— দেউতাকে
সুধিলে।

‘‘ব।
বায়ু আৰু পানী নহ
লে প্ৰকৃতিৰ সৃষ্টিৰ কথা ভাবিবই নোৱাৰি
নহয়নে দেতা!
’’

‘‘নোৱাৰি। সেয়ে আমি বায়ুমণ্ডলৰ
কথা পাতি ল
ম আগতে। তাৰ পাছত
প্ৰকৃতিৰ কথা পাতিম।
’’

বায়ু মানে বতাহ!

বতাহত গছৰ পাত লৰে। উশাহত আমি বায়ু
লওঁ। নিশাহত আমি বায়ু এৰি দিওঁ। বায়ুৰোচোন অনেক কথা আছে! সঁচাকৈয়ে কম
ৰহস্যময়নে আমাৰ পৃথিৱীখন! পৃথিৱীৰ ৰহস্য
,
প্ৰকৃতিৰ ৰহস্য জানিবলৈ বনানি সদায় আগ্ৰহী।
 

(অহা সংখ্যালৈ বাট চোৱাঁ)