বিদ্যুৎ বিকাশ শর্মা



হৰিণাৰ চকুত হেনো মায়া সনা থাকেএনে
এষাৰ কথা বলোৰামে শুনিছিল
, কিন্তু অনুমান কৰিব পৰা
নাছিল সেই মায়াৰ ৰং
, ৰূপ। অনুমানেই বা কৰে কেনেকৈ? তাৰ কাৰবাৰ হাঁহ, পাৰ, ছাগলী, , কোমোৰা অথবা কুঁহিয়াৰৰ দৰে সামগ্ৰীৰ লগত। হৰিণাৰ ডিঙিৰ জোখ-মাখ লোৱাৰ সুবিধা
তাৰ নাই। কিন্তু এক কি
 ডেৰ বছৰীয়া ম’হপোৱালিটো দেখি সি আজি ঠিকেই বুজি পালে
হৰিণাৰ চকুৰ মায়া কেনে হ
ব পাৰে। লগতে বুজি পালে কিয় গাঁৱৰ তিৰোতা
ছোৱালীমখাই তাৰ ঊনৈছ বছৰীয়া জীয়েক লাৱ
ণ্যক কথাই কথাই ভেলেঙী পহু বুলি কয়।

আঠ-দহখন গাঁৱৰ বৃহৎ অঞ্চলটোত দাৱাল হিচাপে বলোৰামৰ
অলপ নাম ডাক আছে। কি দুর্গা পূজা
, কি মনসা পূজা, বলোৰামে বলি কাটিলে বলি আগবঢ়োৱাজনৰ মনত কোনো সংশয় নাথাকে বলি চুৱা হোৱাৰ ভয় নাই।
প্রকাণ্ড একোটা ম
হ বলোৰামৰ গধুৰ দাৰ ঘাপত মুহূৰ্ততে দুছেও হৈ
পৰে। ছাগলী একোটা বলি কটাৰ সময়ত বলোৰামক দেখিলে এনে ভাব হ

যেন মাখনৰ টুকুৰাৰ ভিতৰত গৰম ছুৰী এখনহে ভৰাই দিয়া হৈছে। হাঁহ-পাৰৰ ডিঙিবোৰ
পাৰিলে যেন সি সুদা হাতেৰেই ছিঙি দুটুকুৰা কৰিব!

নগদ সত্তৰ হাজাৰ দিব। আৰু
বিয়াৰ বাদ বাকী খৰচো মানুহটোৱেই দিব। তই মাত্র হা ক
লেই
ল। গা ধুৱাই কপালত সেন্দূৰৰ ফোঁট দি পঘাৰে বান্ধি
থোৱা ম
হপোৱালিটোলৈ চাই চাই বহি থাকোঁতে বলোৰামৰ মনলৈ হঠাৎ সোমাই
আহিল দুদিনমান আগতে গিৰিবালাই কোৱা কথাষাৰ। আজিকালি দিল্লী নে ক

থকা গিৰিবালাই কৈছিল
— “জীয়েৰক দে। হাৰিয়ানানো কিমান দূৰ? আজি পুৱা ৰেলত উঠিলে কালি সন্ধিয়া গৈ পায়। ৰাজৰাণী কৰি ৰাখিব জীয়েৰক। মানুহটোৰ বয়স অলপ বেছি। বেছি মানেনো কিমান আৰু—এই ধৰ পঞ্চাছ। আৰু চাবলৈ গলে
মতা মানুহৰ পঞ্চাছ বছৰ আজিকালি একো বয়সেই নহয়। তই নিজলৈকে নাচাৱ কিয়
? তোক দেখিলে কোনে কব জীয়েৰৰ বিয়াৰ বয়স হৈছে বুলি। মন কৰিলে আৰু
এজনী চপাব পৰা হৈ আছ।
 কথাখিনি কৈ খিক্‌খিকাই হাঁহি উঠিছিল গিৰিবালাই।
সেই সময়ত গিৰিবালাৰ হাঁহিটো বলোৰামৰ মুঠেই পছন্দ হোৱা নাছিল।

কিন্তু নগদ সত্তৰ হাজাৰৰ কথাত বলোৰামৰ মনটো কুমলি উঠিছিল।
গিৰিবালাৰ বিষয়ে
 গাঁৱৰ
বহুতে বহু কথা কয়। কোনোবাই কয় দালাল
, কোনোবাই কয় বেশ্যাখানাৰ
মালিক। কথা
বো বলোৰামৰ বিশ্বাস কৰিবলৈ মন যোৱা
নাই। ক
লেই হল নেকি? সি সত্তৰ হাজাৰ পাব বুলি গাঁৱৰ চকুচৰহামখাৰ টোপনি
নাইকিয়া হৈছে। সিহঁতৰ কোনো এটাই বাপ জনমত একেলগে সত্তৰ হাজাৰ টকা দেখা নাই।
সিহঁতেই কিজানি
, কিজানি নহয়, নিশ্চয় সিহঁতেই লাৱণ্যৰ কাণত বিষ ঢালিছে, নহলে তাই ইমান অমুৰি কৰা ছোৱালী নহয়। ভেলেঙী পহুৰ দৰে
ছোৱালীজনীয়ে যেনেকৈহে আটাহ পাৰি উঠে
— “মই হাৰিয়ানালৈ নাযাওঁ, বিহাৰীলৈ মই বিয়া নহওঁ। হুঃ, কি বুলি ভাবিছে তাই? বিয়া নহলে
সত্তৰ হাজাৰ কোনোবাই তাইৰ মুখখন চাই দিব নেকি
? আজিৰ বাদে কালিলৈ তাই
কাৰোবালৈ যাবই লগিব। গতিকে যেনিবা এতিয়াই গ
, কিনো মহাভাৰতখন নতুনকৈ লিখিব লাগিব? বলি কটাৰ বাহিৰে বেলেগ
কাম-বনো ভালদৰে শিকা নহ
ল। আৰু বলি কাটিলেনো কেইটকা ইনকম হয়? মানুহে দেখোন ভঙনীয়া পইচা কেইটামানহে দলিয়াই
থৈ যায়। সেইখিনিৰে এখন ঘৰ চলে কেনেকৈ
? ছটাকৈ পেটৰ জুই নুমুওৱাটো
সহজ কথা নেকি
?

     অকল পেটৰ ভাতমুঠি যোগাৰ কৰিলেই হব জানো? মেৰামতিৰ অভাৱত ঘৰটোলৈ চাব নোৱৰা অৱস্থা। খেৰৰ চালৰ মাজেৰে বৰষুণীয়া দিনবোৰত হৰ্‌হৰাই পানী সোমায়। বৰষুণ নথকা আন্ধাৰ ৰাতিবোৰত বাঁহৰ চাঙত দীঘল দিলেই আকাশৰ তৰাবোৰে চকু টিপিয়ায়। গা ধোৱা ঘৰটোৰ তামোলৰ ঢকুৱাৰ বেৰকেইখনৰ অৱস্থাও তথৈৱচ। ৰাস্তাৰে যোৱা উৰুলিপুঙা ভট বোৰৰ চকু সেই গা ধোৱা ঘৰটোলৈকে যায়। লাৱণ্যৰ তলৰটো বীৰেন। স্কুলৰ ডেওনা
পাৰ হ
বলৈ
তাৰ মাত্র এটা বছৰ বাকী। স্কুলৰ সৱ মাষ্টৰেই কয় বীৰেন পঢ়াত ভাল। অংকত সি হে
নো বাঘ। দুবাৰ মান বৃত্তিও পাইছে। হেডমাষ্টৰে
বীৰেনক কলেজত পঢ়ুৱাব লাগিব বুলি কৈয়েই আছে। তাক পঢ়ুৱাব পাৰিলে
তো ভালেই। কিন্তু পঢ়ুৱাম বুলি ভাবিলেইতো নহব। ঢ়ুৱাবলৈ
কিতাপ-কাগজ কিনিব কেনেকৈ
? কলেজৰ মাচুলেই বা দিব ক
পৰা
? বীৰেনৰ তলত আৰু দুজনী। সিহঁত দুজনীও কলগছৰ
নিচিনাকৈ বাঢ়ি আহিছে। এদিন নহয় এদিন সিহঁত দুজনীকো এঘৰলৈ উলিয়াই দিব লাগিব। লাৱ
ণ্যকেই
যদি ঘৰ বুঢ়ী কৰি ৰাখিব লাগে সিহঁত দুজনীলৈ কোন ওলাব
? নাঃ, বেছি ভাবি-চিন্তি লাভ নাই। লাৱণ্য
হিয়ালি-জিয়ালিখনক গুৰুত্ব দি থাকিলে তাৰ কাম নিসিজে।





তথাপি চকুপানীৰে সিক্ত উঠা লাৱণ্য
হৰিণাৰ দৰে চকুদুটাই বলোৰামৰ পিতৃত্বক আঘাত কৰিব খোজে। হাজাৰ হ
লেও
পেটৰ পোৱালি বুলি কথা। লাৱ
ণ্যৰ কুমলীয়া শৰীৰটো, তাতোকৈ কুমলীয়া মনটোৰ কথা ভাবিলে কিবা এটা অবুজ দুখবোধ ভিতৰৰ পৰা উজাই আহিব
খোজে। প্রথম সন্তান কাৰণেই কিজানি লাৱ
ণ্যজনী বেছি আলসুৱা। তাৰ দৰে
লাওলোৱা অৱস্থাৰ মানুহৰ ঘৰত এনে স্বভাৱ খাপ নাখায়। বলি-বিধানৰ ব্যৱস্থা থকা
পূজা-পার্বণৰ দিনবোৰত বলোৰামৰ ঘৰৰ মানুহে দুই এসাঁজ ভাত মঙহেৰে নোখোৱা নহয়। মঙহৰ
নামত পঠা ছাগলীৰ মূৰ এটা
, কেতিয়াবা একোযোৰ পাৰ, হাঁহ একোটাএইবোৰেই আৰু। ছাগলীৰ কটা মূৰ, মুণ্ডহীন হাঁহ-পাৰবোৰ দেখিলে লাৱণ্যই চিঞৰ-বাখৰ লগায়, মাংস খোৱাটো দূৰৰে কথা। সেইজনী লাৱণ্যৰ চকুত পানী দেখিলে বলোৰামৰ
মনটো কিবা লাগি আহে। একোবাৰ ভাবে
, নাঃ, গিৰিবালাক না বুলি কৈ দিয়া যাওক। নিদিয়ে সি লাৱণ্যক হাৰিয়ানালৈ। নালাগে তাই
ৰাজৰাণী হ
ব।

কিন্তু সত্তৰ হাজাৰৰ কথা ভাবিলেই বলোৰামৰ মনটোত কিবা
খেলিমেলি লাগি যায়। তাৰ জোৰা-টাপলিৰ সংসাৰত সত্তৰ হাজাৰেৰে কি নহয়
, অনেক কিবাকিবি হয়। তাৰ অভাৱৰ শুকান কুঁৱাটোৰ সামান্য অংশ গিৰিবালাৰ জৰিয়তে
হাৰিয়ানা নে ক
ৰ কোনোবা এজন মানুহে ভৰাই তুলিব খুজিছে, বিনিময়ত লাৱণ্যক বিচাৰিছে, সেয়াও দস্তুমতে
বিয়া পাতিবলৈ। গতিকে অসুবিধা ক
? গিৰিবালাক সি সোনকালেই কব…

হঠাৎ বাজি উঠা শংখ, ঘণ্টা, ঢোলৰ শব্দত বলোৰাম চঁক খাই উঠিল। দেখিলে মহপোৱালিটো বলিৰ বাবে সাজু
কৰা হৈছে। এই সময়ত ম
হপোৱালিটোৰ চকুৰ ফালে চাবলৈ বলোৰামৰ মন নগল।
বলিশালৰ শলখাত মূৰটো সুমুৱাই দুজনে ঠেংকেইখন জপটিয়াই ধৰিছে। পুৰোহিতে উচ্চ
স্বৰেৰে মন্ত্র পাঠ কৰিছে। পোৱালিটোৰ ডিঙিত মন্ত্রপূত পানী ঢালি পৱিত্ৰ কৰা হৈছে।
মুগাবৰণৰ পোৱালিটোৰ কপালখন সেন্দূৰেৰে টিক্‌টিকীয়া ৰঙা হৈ পৰিছে। ব
লোৰা সাজু হৈ উঠিল। সাজু হ’বলৈ কিটো আছে? পোৱালি মহ।
বিশেষ কষ্ট নাই। তথাপি মনসা মাৰ বলি বুলি কথা। অলপ ইফাল-সিফাল হ
লে
নিজৰ গালৈকে বিপদ। পদুমবড়িৰ জীৱন দেখোন তেজ বঁতিয়াই মৰিল। লোভেই কাল হ

তাৰ। মণ্ডলৰ ঘৰৰ কালীপূজাত নোদোকা ক’লা পঠাটোৰ হেনো ডিঙিৰ ফালে বেছিকৈ ৰাখি ঘাপটো
মাৰিছিল। তাতেই কিজানি দোষ ধৰিলে মায়ে। বলোৰামৰ মনত তেনে লোভ নাই। সি তাৰ গধুৰ
দাখনৰ ধাৰটো পৰীক্ষা কৰি চালে। সি সন্তুষ্ট হ
ল। দুপৰীয়াৰ ৰদত
দাখন চিক্‌মিকাই উঠিছে।

শংখ, ঘণ্টা, ঢোলৰ মাত এতিয়া তুংগত উঠিছে। পুৰোহিতৰ মন্ত্রোচ্চাৰণৰ ধ্বনিও শীর্ষ পর্যায়
পাইছে। এক বৃহৎ অঞ্চলৰ নামী দাৱাল বলোৰাম লাহে লাহে বলিশালখনৰ ফালে আগ বাঢ়িল। তাৰ
দেহৰ প্ৰতিটো মাংসপেশী যেন সাজু হৈ উঠিছে। দেহৰ ৰক্ত সঞ্চালনৰ গতি দ্রুততৰ হৈ
পৰিছে।

বলোৰামৰ ৰঙচুৱা বৰণ লোৱা চকুৰ দৃষ্টি মহটোৰ
ডিঙিত নিবদ্ধ। মনোযোগ অখণ্ড। কাৰণ তাৰ মনত আৰু কোনো টনা-আঁজোৰা নাই। সি সিদ্ধান্ত
লৈ পেলাইছে। টকা কেইটা তাক লাগেই। লাগিলে লাৱ
ণ্যৰ বিনিময়তে নহওক কিয়।
গিৰিবালাক সি দুই এদিনতে উত্তৰ দিব। উত্তৰটো একেবাৰে সহজ
হা।

শ্ৰব্য ৰূপ