ৰমানন্দন বৰা

একৈছ

 

বান শুকালত
মানুহবোৰ বছা গাঁৱলৈ ঘূৰিল যদিও গৰু-গাইবোৰ বকুলতে ৰ
ল৷
নতুন ঘাঁহ নোলোৱালৈকে চাপৰিৰ মাজত থকাই মঙ্গল৷ সমস্যা বুলিবলৈ বিশেষ নাই৷ বেণু আৰু
সোণ জেঠাইৰ নিচিনা দুঘৰ পোতন থকা মানুহ থাকিলে বহুত কথাই সহজ হৈ পৰে৷ তদুপৰি নাচনী
দলনি আৰু কাম চৰাই দলনিৰ দল ঘাঁহ এইবাৰ বছা গাঁৱৰ গৰু-ম
হৰ
ভাগ্যত নহ
ব৷ আগলৈও কোনোবা দিনা হবগৈ
বুলিব নোৱাৰি৷ দুখন বৃহত্তৰ দলনি বালি-পলসে পুতি পেলাইছে৷

বছা গাঁৱৰ গৰিমা
হেৰাল৷ মাথাউৰি এটাই কাল মাতি আনিলে৷ কোনোবা দিনা মথাউৰি গুচাই দিব বুলি ভবাও
অবান্তৰ৷ গতিকে নদীৰ কি বিশ্বাস! কোন দিনা আকৌ পাৰ ভাঙি সোমাই আহে! গাঁওখনৰ ৰোৱতী
মাটিৰ আধাভাগ ধুপধুপীয়া বালিয়ে পুতিলে৷ বাৰীবিলাক উদং হ
ল৷
ভঁৰালবিলাক শূন্য হ
ল৷ এটা ভয়ংকৰ সমস্যাৰ দিশে মানুহখিনি
আগবাঢ়ি গৈ আছে৷

আনে যিমানকৈ
সমস্যাটো বুজিছে
, জন্মি মহাজন আৰু কলাই
মহাজনে তাতকৈ অলপ হ
লেও বেছিকৈ বুজিছে৷

                                                            *      *      * 

বেণুক প্ৰথমে
খবৰটো দিছিল ভোগায়ে৷ তাক জনাইছিল কিনাৰামে৷ সিহঁত দুয়োটাই নিজ চকুৰে দেখি অহা কথা৷
বকুল চাপৰিৰ গাতে লগি থকা নতুন চাপৰি৷ মাজত সৰু সুঁতি এটা৷ খৰালি হ
লে
পানী শুকাই আঁঠুৱনীয়া হয়৷ তাতে ঝাওবনৰ মাজে মাজে এশাৰী নতুন জুপুৰি৷ নতুনকৈ গজি
উঠিছে৷ বাঁহৰ বেৰ
, শণ খেৰৰ চাল৷

ৰাতিটোৰ ভিতৰতে
কেনেকৈ ক
ৰ পৰা আহিল মানুহখিনি? দুদিন আগতে কিনাৰাম সেইটো
চাপৰিৰ পৰা আহিছিল৷ তাৰ ম
হ এজনী হেৰাইছিল৷ তাইক বিচাৰি
চাপৰি চলাথ কৰিছিল৷ তেতিয়া সি তাত ঝাওবন
, বৰতা, বিৰিণা, শণ খেৰ, কঁহুৱাৰ বাদে
কোনো মানুহ দেখা নাছিল৷ সিটো চাপৰিৰ পৰা গাখীৰৰ বেপাৰ কৰা বদৰ আৰু চুলতানক বাটতে পাইছিল৷ সিহঁতে এঁৱা গাখীৰৰ ঢোঙোৰা ভাৰ বান্ধি কঢ়িয়াই আনিছিল৷ কিনাৰামৰ লগত যোৱা
মোলোকা
, বদৰ আৰু চুলতানে মিলি এখন্তেক ৰৈ বদৰৰ লুঙীৰ খোচনিৰ
পৰা উলিয়াই দিয়া বিড়ি একোটা হুপিছিল
, সিমানেই৷ আন কাকো
সিহঁতে লগ পোৱা নাছিল৷

গতিকে ৰাতিটোৰ
ভিতৰতে জুপুৰি সাজি এটা চুবুৰী ক
ৰ পৰা বহিলহি! ভোগাই, কিনাৰাম, মোলোকা আৰু বেণু – চাৰিওটাই মিলি এটা
অনুসন্ধান কৰিবলৈ থিৰাং কৰিলে৷ ক
ৰ মানুহ, কি কথা৷ উৰহী গছৰ ওৰ উলিয়াবই লাগিব৷ কথাটো বৰকৈ বিয়পিবলৈ নিদিয়াকৈ ৰখাই
ভাল৷

দিনটো সিহঁতে
উত্তেজনাটো নিজৰ মাজতে দমাই ৰাখিলে৷ বেলি ডুবাৰ পিছত জোনৰ পোহৰত সিহঁত নতুন
চাপৰিবলৈ ওলাল৷ হাতে হাতে নগা দা৷ মোলোকাৰ হাতত এটা জোৰ আৰু দিয়াশলাই আছে৷ কিবা
অঘটন ঘটোৱা সিহঁতৰ উদ্দেশ্য নহয়৷

ঝাউবনৰ মাজে
মাজে চাৰিজনীয়া দলটো আগবাঢ়িল৷ হাত নাৱেৰে সুঁতিটো পাৰ হৈ সিহঁতে চুপি চুপি
সন্তৰ্পণে আগবাঢ়িল৷ গোপনে ইমান ডাঙৰ কাম কৰা মানুহৰ কি বিশ্বাস আছে৷ ক
ৰবাত
লুকাই থাকিবও পাৰে৷ নিজকে যিমান পাৰে লুকুৱাই সিহঁতে দুটা খান্দা পাৰ হৈ লাহে লাহে
জুপুৰীৰ শাৰীটোৰ ফালে আগবাঢ়িল৷

জোনৰ পোহৰত
মায়াময় হৈ উঠা কঁহুৱা বিৰিণাৰ মাজে মাজে লুংলুঙীয়া বাটেৰে গৈ থাকোঁতে
, কেতিয়াবা বাট শেষ হয়৷ মানুহ ঢাকি ধৰা হাবিডৰাৰ মাজেদি সিহঁতে নতুন বাটেদি আগ বাঢ়ে৷ মনৰ ভিতৰত এটা শিহৰণ৷

লাহে লাহে
চাৰিজনীয়া দলটো জুপুৰী শাৰীটোৰ ওচৰ পালেগৈ৷ বাহিৰত এটা চৌকা জ্বলাই থৈছে৷ বাহিৰত
জোনৰ পোহৰতে ৰন্ধা-বঢ়া কৰিছে৷ আটাইবোৰে একেলগে খাব৷

বঢ়িয়া,
সিহঁতে বাহিৰতে একে লগে খাব৷ কেইটা মানুহ আছে গণ্টি কৰিবি৷
জুপ মাৰি লুকাই থকাৰ পৰা ফুচ্‌ফুচাই বেণুৱে ভোগাইক কলে৷

সিহঁতে সুযোগটোৰ
সদ্ব্যৱহাৰ কৰিলে৷ মানুহখিনিক সিহঁতে যিমান পাৰি পুংখানুপুংখকৈ লক্ষ্য কৰি থাকিল৷ সিহঁতে
জুপুৰীকেইটা বাঁহৰ জেওৰাৰে ভালকৈ ঘেৰি ৰাখিছে৷ মজবুত জেওৰা৷ সম্মুখৰ ঠাইডোখৰ
হাবি-বন কাটি মুকলি কৰি লৈছে৷ য
ত সিহঁতে ৰন্ধা-বঢ়া কৰিছে৷ কিমান
মানুহ হ
ব পাৰে?

দীঘলীয়া সময়
তেনেদৰে পৰি থাকি দলটোৱে মানুহখিনিৰ ভাত খোৱা সময়ছোৱাত হিচাপ কৰিব পাৰিলে৷ মানুহৰ
মুঠ সংখ্যা ডেৰ কুৰি দুটা৷ আটাইবোৰ মানুহ ডেকা
, ডেকা-আদহীয়া৷ কাম কৰা
মানুহ
, বৰ হিংস্ৰ যেন নালাগিল৷ ছটা জুপুৰীত থাকিলেও
খোৱা-লোৱা একেলগে কৰে৷ উদ্দেশ্যও একে বুলি ধৰিব পাৰি৷ নতুন মাটি ভাঙি দখল কৰিব
লাগে৷ মানুহবোৰৰ মাতবোৰ বুজিব নোৱাৰি
, সৰু সৰুকৈ কৈছে কাৰণে৷
কিন্তু ডাঙৰকৈ ভাহি অহা শব্দকেইটাও বেণুহঁতৰ দলটোৰ বাবে অচিনাকি৷ লুঙী আৰু দাঢ়িলৈ
চাই মানুহখিনি বদৰ-চুলতানহঁতৰ লগৰ হ
ব৷

পাছদিনা বকুল
চাপৰিত খবৰটো প্ৰথমে গুণ গুণকৈ
, চেপা-চেপা মাতেৰে বতাহত উৰি ফুৰিল৷
আগবেলা
, পিছবেলা উজনি চুকৰ আৰু নামনি চুকৰ আটাইবোৰ ডেকা লৰা গোট খালেহি আঁহত জোপাৰ তলত৷

বিস্ময়, ক্ৰোধ, উত্তেজনা প্ৰত্যেকৰে মাতে মাতে উফৰি ফুৰিল৷ কৰ মানুহ? কেনেকৈ আহিল? কিবা
এটা কৰিবই লাগিব৷ নতুন চাপৰিত নতুনকৈ মানুহ বহিবহি৷ বকুল চাপৰিৰ মানুহে গম নাপাব৷
ডেকা তেজ গৰম হোৱাৰে কথা৷

এই
শনিপতীয়াসোপাক খেদিবই লাগিব৷ যি মন যায় সিয়েই আহি মাটি দখল কৰিব৷ আমি চাই থাকিব
নোৱাৰোঁ৷

সিহঁতৰ
জুপুৰিবোৰ জ্বলাই দিব লাগে৷

সিহঁতক
কচু কটা দিব লাগে
, বাপেকহঁতক চিনি পোৱা নাই৷

দাবোৰ
ধৰাই থ
৷ তেজৰ নৈ বোৱাম৷

চুলতানহঁতৰে
কাম৷ সিয়েই নিজৰ মানুহ আনিছে৷ তাকো খেদিব লাগিব৷ চোঁৱৰৰ বাচ্ছা৷ গাখীৰৰ বেপাৰ কৰে৷

ডেকাহঁতৰ আঙঠা
আঙঠা কথাবোৰ বুঢ়াসকলে অলপ শাম কটালে৷
সেইবোৰ কাম নকৰিবিহঁক৷
মানুহ মৰা
, ঘৰ জ্বালি কেচ সাংঘাতিক৷ কেবাপুৰুষলৈ উদ্ধাৰ
নেপাবি৷ পুলিছে আহি হালে হালে সাঙুৰিব৷ এতিয়া যি এসাজ খাইছোঁ
, শান্তিৰে খাইছোঁ৷ তাৰো মুদা মৰিব৷ প্ৰথমে তহঁত যা, মানুহকেইটাৰ
পৰা পোনপটীয়াকৈ জানি আহ৷ সিহঁত কেনেকৈ আহিল
? কিয় আহিল?
তাৰ পিছত পিছৰ কথা চিন্তা কৰা হব৷ ” –বোপাৰাম বিষয়াৰ কথাতে সিদ্ধান্তটো হল৷

এবাৰ গৈ অহা
বেণু-ভোগাইহঁতৰ দলটোৰ লগত আৰু চাৰিটা যোগ হ
ল৷ চাৰিটাই গৈ মানুহখিনিৰ
লগত কথা পাতিব
, চাৰিটা আলেখ-লেখ চাই লুকাই থাকিব৷ দা-লাঠি
লগত থাকিব৷ ব্যৱহাৰ নকৰে৷ যদি কিবা কথাত তথিবাদ হয়
, লুকাই
থকা চাৰিটাই গা দেখা দিব আৰু এনেকুৱা ইংগিত দিব যেন সিহঁতৰ লগত আৰু এশমান মানুহ
আছে৷

কথা মতেই কাম৷
পিছদিনা আগবেলাতে বকুল চাপৰিৰ পৰা ডেকা ল
ৰাৰ দলটো নতুন চাপৰিৰ
নতুন মানুহখিনিৰ ওচৰলৈ গ
ল৷ বিদ্বেষৰ ভাব এটা সকলোৰে মনত
সোমাই আছে৷ ঘৰৰ মাটি কোনোবাই দখল কৰিবলৈ আহিলে সুদাই এৰিব নোৱাৰি৷ ইয়াত আন মানুহক
মাটি দিব নোৱাৰি৷ ব্যতিক্ৰম মাথোঁন বোপাৰাম বিষয়া৷ পানী ভগনীয়া মানুহ কিজানি
,
আশ্ৰয় বিচাৰি আহিছে৷

বেণুৰ মনটোত অলপ
কোমলতা আছে৷ সিনো কি
? সিয়ো ভগনীয়া হৈ বকুল চাপৰিলৈ আহিছে৷
কিন্তু গাঁৱৰ মানুহৰ সমূহীয়া মনটোৰ বিপৰীতে সি যাব নোৱাৰে
, নাযায়৷
বকুল চাপৰি তাৰ ধাত্ৰী নহয়
, তাৰ মাতৃ৷

সিহঁতৰ দলটো গৈ
মানুহখিনি থকা ঠাই পালেগৈ৷ জুপুৰি কেইটাৰ দুৱাৰত দাং দি মানুহবোৰ কামে কামে গৈছে৷
অৱশ্যে কামৰ পৰাই জুপুৰি কেইটালৈ সিহঁতৰ এটা নজৰ আছে৷ এটা এটাকৈ সিহঁতৰ আটাইকেইটা
চোতালত আহি গোট খালেহি৷ হাতত দীঘল দা আৰু কোৰ৷ নতুনকৈ মাটি ভাঙিছে৷

বেণুৱে আৰম্ভ
কৰিলে
,
গহীন অলপ হুটা মাতত৷

ৰ পৰা আহিছ? ”

নতুন মানুহ চামৰ
মাজত অলপ আঁহ-পাহ মুকলি মানুহ এটাই হেনাহুচাকৈ উত্তৰ দিলে৷ এটা শব্দৰ উত্তৰ ঃ
নগাঁও৷

কেলেই
আহিছ
? তাত মাটি নাই? ”

আমাকে
আনছে৷

কোনে?

নামটো
নাই জানমু৷ মহাজন মানু আছে৷

নাম
নাজান৷ মাটি দখল কৰিবলৈ আহিছ৷
” – মোলোকাই ধমকি দিলে৷

না
না আমি দখল কৰ্‌বো না৷ এইটা মহাজনেৰ মাটি আছে৷ আমাকে খেতি কৰবা জন্য আন্‌ছি৷

মানুহটোৰ নৰম মাত৷

বাপেৰৰ
মাটি
? কোন মহাজন? নাম কভোগায়ে টোকোনডালেৰে জেওৰাখনত কোব এটা শোধাই গৰজি
উঠিল৷

না
মহাজন
, আমি গৰীব মানু৷ কাম কৰিম৷ পইচা পাম, খাম৷

মানুহটোৱে
ভোগাইকে মহাজন বুলি মতাত কেউটাৰে মনে মনে হাঁহি উঠিল৷ লগতে খেলি মেলি বঢ়ালে৷ বছা
গাঁৱৰ মানুহে দুটা মানুহক মহাজন বোলে তেওঁলোক ধনী হোৱা কাৰণে৷ ক
লাই
মহাজন আৰু জন্মি মহাজন৷ এই মানুহকেইটাৰ কাৰণে মহাজনটো তেনেকুৱা নহয়৷ সন্মানেৰে
জনোৱা এটা সম্বোধনহে৷ অতএৱ ইহঁতক আমদানি কৰা মহাজন কোন অনুমান কৰিবলৈ জটিল হ
ল৷

ইয়াৰ
মাটি তহঁতে পাবি৷

না
না৷ দুচ্‌ৰাৰ মাটি আছে৷ মহাজনৰ মাটি৷ আমি কেন্‌কে পাম
, আমি
কম্‌লা৷

সেইবোৰ
নাজানো৷ তহঁত ইয়াৰ পৰা যাবিনে
? ” কিনাৰামে অধিক কথা পাতিব
নিবিচাৰি চিধাই টোকোন দাঙিলে৷ মানুহকেইটা থিৰ হৈ তলমূৰকৈ ৰ
ল৷

আমি
কৈছোঁ৷ তহঁতে ভালে ভালে ইয়াৰ পৰা গুচি যা৷ কোন মহাজন কৈ দে৷ টকা ল
আৰু যা৷ ” – বেণুৱে সিদ্ধান্ত দিলে৷

নহলে এইখন দেখিছ (শ্লী)৷ ব্ৰহ্মপুত্ৰত উটাই দিম৷ কেইটা আছ? আমি হেজাৰটা৷
মোলোকাই দীঘল দাখন কথা পতা মানুহটোৰ ফালে টোঁৱাই চকু ৰঙা কৰিলে৷ তাকে দেখি লুকাই
থকা ডেকাকেইটাই হাবিৰ পৰা গৰ্জন কৰি উঠিল৷

নেবাচ৷
এটাও নেবাচ
(শ্লী)৷ কৈ থলো৷

সিহঁতক আৰু বহুত
মানুহে ঘেৰি আছে বুলি জানি মানুহকেইটাই ভয় খালে৷ সিহঁতে থূপ বান্ধিলে৷

তাকে দেখি
কিনাৰামৰ মাতত আৰু জোৰ আহিল৷

যাবিনে
নেযাৱ ক৷

যাম৷

কেতিয়া
যাবি
? ”

আজিয়েই
যাব লাগিব৷

মহাজন,
টকা পাবলৈ আছে৷

বাপেৰৰ
পৰা টকা ল আৰু যা৷ নহ
লে টুকুৰা-টুকুৰ কৰিম৷

অধিক দীঘলীয়া হলে
গৰমাগৰমি
, উখুনা-উখুনি আৰু বঢ়িব৷ বেণুৱে আটাইকে উভতিবলৈ কলে৷ যেই যেনেকৈ পাৰে ধমকি দি মানুহকেইটাক ভয় খুওৱাৰ সবল প্ৰচেষ্টা সাৰ্থক
কৰি উভতি আহিল৷

সন্ধিয়া
বুঢ়াসকলৰ সৈতে মেলত কথাবোৰ সবিশেষ আলোচনা হ
ল৷ ভোগাই মহাজনেই কওকচোন৷ ভোগাইৰ নামৰ লগত মহাজন যোগ
হোৱা কাহিনী শুনি আটাইৰে হাঁহি উঠিল৷ পিছলৈও তাৰ নামৰ সৈতে মহাজন উপাধিটো কঁঠাল
এটা লগা দি লাগিল৷

সিদ্ধান্ত
তহঁতে দিয়েই আহিছ৷ ঠিকেই আছে৷ কিন্তু এই মহাজনটো বিচাৰ ক
?
কোন চুৱা খোৱাৰ মাটিৰ খক লাগিছে৷

ৰাতি শুবলৈ লৈ
বেণুৱে চিন্তা কৰিলে মাটিৰ লোভ বৰ বেয়া৷ মাটিত কলি থাকে৷ কলি মানেই
দ্বন্দ্ব্ব-খৰিয়াল
, অপায়-অমঙ্গল, কটা-মৰা৷
কোনোবা এটা মানুহে এটা চাপৰি গ্ৰাস কৰিব৷ কাম্‌লা লগাই মাটি ভাঙিব৷ আনে হাড় ভাঙি
খেতি কৰিব
, মুনাফা তেওঁৰ হব৷ এই কথা হব নোৱাৰে৷ বকুল চাপৰি, নতুন চাপৰি যতেই নহওক নিজে খেতি কৰিব নোৱাৰাকৈ বেছি মাটি ৰখাটো এটা পাপ৷ নতুন চাপৰিক
মাটি খকুৱাৰ শেন চকুৰ পৰা ৰক্ষা কৰিবই লাগিব৷

কিন্তু এই মহাজন
কোন
?